মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / দেশত বৰ্ধিত হাৰত ভেঁজাল ঔষধৰ পয়োভৰ- বিপন্ন জনস্বাস্থ্যঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দেশত বৰ্ধিত হাৰত ভেঁজাল ঔষধৰ পয়োভৰ- বিপন্ন জনস্বাস্থ্যঃ

দেশত বৰ্ধিত হাৰত ভেঁজাল ঔষধৰ পয়োভৰ- বিপন্ন জনস্বাস্থ্য ৰ বিষয়ে লিখা হৈছে

 

এ চি জি ৰিপ’ৰ্ট ২০০৩ অনুসৰি ভাৰতৰ দৰে এখন বিশাল দেশৰ ফাৰ্মাচিউটিকেল উদ্যোগটো এক বৃহৎ ভুৱা উদ্যোগ। আৰু সেই ৰিপ’ৰ্টতে উল্লেখ কৰা হৈছে যে, দুশ বিলিয়ন ডলাৰ মূল্যৰ এই ভেঁজাল ঔষধৰ শিল্পক ‘The crime of the 21st century’ অৰ্থাৎ একবিংশ শতিকাৰ অপৰাধ বুলি অভিহিত কৰা হৈছে। শতকৰা ৭৫ শতাংশ ভেঁজাল ঔষধৰ মূল ভূমি ভাৰতবৰ্ষৰ পৰাই বিশ্বৰ বিভিন্ন প্ৰান্তলৈ এই ঔষধ চালান দিয়া হয়।

ভেঁজাল বা নকল ঔষধৰ সংজ্ঞা কি-


ভেঁজাল বা নকল ঔষধৰ সংজ্ঞা ১৯৪০ চনত ‘ড্ৰাগ এণ্ড কছমেটিক এক্ট’ৰ আধাৰত চেকচন ১৭ (বি)ৰ ধাৰাত ইয়াৰ সংজ্ঞা দাঙি ধৰি কৈছে যে, অন্য এক ঔষধৰ নকল অথবা অন্য এক ঔষধৰ নামত প্ৰস্তুত কৰা বা মূল ঔষধক আংশিক বা সম্পূৰ্ণৰূপে অপসাৰিত কৰি অন্য কোনো প্ৰস্তুতকাৰীয়ে ভুলকৈ প্ৰস্তুত কৰা ঔষধকে ভেঁজাল ঔষধ বুলি কোৱা হয়।

জেনেৰিক ড্ৰাগ যিবিলাক ঔষধ ৰাসায়নিক মূল চৰকাৰৰ মুকলিকৈ স্বত্ত্বপ্ৰাপ্ত বা বজাৰত সেই ৰাসায়নিক মূলৰ নামেৰে প্ৰচাৰ বা বিজ্ঞপ্তিবিহীনভাৱে জনা যায় তাকে জেনেৰিক ঔষধ বুলি কোৱা হয়। এই ঔষধসমূহত প্ৰস্তুত কৰোঁতা বা কৰ্পৰেটৰ চিহ্ন নাথাকে। জেনেৰিক ঔষধসমূহ ব্ৰেণ্ডেড বা কৰ্পৰেটৰ চিহ্ন থকা ঔষধতকৈ বহু সস্তা। নকল ঔষধ কিন্তু কৰ্পৰেটৰ চিহ্ন থকা হ’ব পাৰে অথবা জেনেৰিক ঔষধো হ’ব পাৰে। নকল ঔষধ হ’ল মূল ঔষধৰ ঠাইত ভুল উপাদান বা সক্ৰিয় উপাদান নিদিয়াকৈ বা অপৰ্যাপ্ত পৰিমাণৰ সক্ৰিয় উপাদান থকা অশুদ্ধকৈ লেবেল লগোৱা নকল পেকিং কৰা আদি কাৰ্যও ভেঁজালকৰণৰ ভিতৰত ধৰা হয়। উল্লেখ কৰিব পাৰি যে- কেন্দ্ৰীয় ৰসায়ন আৰু সাৰমন্ত্ৰী অনন্ত কুমাৰে যোৱা বছৰত এশখন চৰকাৰী হাস্পতালত ৫০ শতাংশ কম মূল্যত যোগান ধৰিব পৰাকৈ স্থাপন কৰাৰ কথা ঘোষণা কৰি গৈছে।

উদ্বেগৰ বিষয়- নকল বা ভেঁজাল ঔষধৰ বেহা সমগ্ৰ এছিয়ান খণ্ডতে আটাইতকৈ বেছি ভেকচিনৰ ভিতৰত ইনফ্লুয়েঞ্জা ভেকচিন, ৰেবিচ আৰু টিটেনাছ ভেকচিনেই প্ৰধান। তদুপৰি নকল এণ্টিবায়’টিক্স, গৰ্ভনিৰোধক পিল, বিষনাশক পিল আদি প্ৰধান। সম্প্ৰতি উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ আৰু তেজত কলেষ্টেৰল কমোৱা ঔষধকে ধৰি কেঞ্চাৰ ৰোগৰ চিকিৎসাৰ ঔষধ আদিৰ নকল ঔষধৰ পয়োভৰ বৃদ্ধি পাইছে আৰু সমাজ আৰু অৰ্থনীতিত ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিলক্ষিত হৈছে। ফাৰ্মাচিউটিকে ছিকিউৰিটি ইনষ্টিটিউটৰ মতে- ২০১২ৰ পৰা ২০১৩ৰ ভিতৰত এই নকল ঔষধৰ বৰ্ধিত হাৰ শতকৰা ৮.৭।

ভাৰতবৰ্ষত ভ্ৰষ্টাচাৰী ৰাজনীতিক আৰু ভেঁজাল ঔষধৰ মাজৰ ওতঃপ্ৰোত সম্পৰ্ক।  ভাৰত চৰকাৰে নকল ঔষধৰ বিৰুদ্ধে মাচেলকাৰ কমিটি গঠন কৰিছিল যদিও ‘The Spurious Drug Mennac & Remedy’ শীৰ্ষক প্ৰৱন্ধত চিচিৰকান্ত জৈনে লিখিছে, মাচেলকাৰ কমিটিৰ শাস্তি বিধানৰ পৰামৰ্শসমূহ যথেষ্ট নৰম। সেয়েহে ইয়াৰ পুনৰ্গঠন কৰা প্ৰয়োজন। কেমিষ্ট, ষ্টকিষ্ট, প্ৰস্তুতকাৰক আৰু ব্যৱসায়ীৰ মাজত থকা ধাৰাবাহিক যোগসূত্ৰৰ নথিসমূহ নিয়মমাফিক হোৱা প্ৰয়োজন। তেখেতে আৰু লিখি কৈছে- চৰকাৰী প্ৰতিষ্ঠান বিশেষকৈ প্ৰতিৰক্ষা বিভাগৰ লগতে অন্যান্য চৰকাৰী চিকিৎসালয়সমূহত গোট ক্ৰয় প্ৰতিষ্ঠানসমূহত নকল বা ভেঁজাল ঔষধৰ আৱৰ্জনাস্থলীলৈ পৰিণত কৰা হৈছে। সেয়েহে ইয়াৰ তদাৰক আৰু তত্ত্বাৱধানৰ বাবে এক ভিন্ন চোৰাংচোৱা কোষ সৃষ্টিৰ প্ৰয়োজন বুলি পৰামৰ্শ দিছে। ভ্ৰষ্টাচাৰী চৰকাৰী বিষয়া, ৰাজনীতিক আৰু ভেঁজাল ঔষধৰ প্ৰস্তুতকাৰীৰ মাজত গঢ়ি উঠা জোঁটেৰ (নেক্সাছ) সহায়ত সংসদ দখল অভিযানে এক গুৰুত্বপূৰ্ণ মাত্ৰা পাইছেগৈ।

ভেঁজাল ঔষধৰ ব্যৱসায়ৰ কেন্দ্ৰীয় স্থল-

 

দিল্লীৰ ভাগীৰথ পেলেচ, আগ্ৰা, লক্ষ্ণৌ আৰু বাৰানসী। ভেঁজাল ঔষধ প্ৰধানকৈ প্ৰস্তুত কৰা স্থানসমূহ হ’ল- আলিগড়, আগ্ৰা, গুৰগাঁও, শনিপত আৰু পঞ্জাৱৰ ভাতিন্দা চহৰ। এই ভেঁজাল ঔষধৰ ব্যৱসায়ৰ পয়োভৰ বিশেষকৈ অৰ্থনৈতিকভাৱে অনগ্ৰসৰ অঞ্চলসমূহ আৰু অশিক্ষিত বৃহৎ জনবসতি অঞ্চলত সৰ্বাধিকভাৱে প্ৰসাৰিত।

নকল ঔষধ প্ৰস্তুতকাৰী, ভ্ৰষ্টাচাৰী ৰাজনৈতিক ব্যক্তি আৰু আমোলাৰ মাজৰ অশুভ সম্পৰ্ক উদ্বেগজনক। ২০০২-০৩ চনত মুম্বাইত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিমতে জনৈক লাখ পটৰাজ মেহতাই আবেদন কৰা অভিযোগৰ ভিত্তিত মুম্বাই হাইক’ৰ্টে নকল ঔষধ প্ৰস্তুতকাৰীৰ বিৰুদ্ধে কেছ ৰুজু কৰিছিল। তাৰ ভিত্তিত ব্যৱসায়ীৰ লাইচেন্সো বাতিল হৈছিল যদিও পৰৱৰ্তী কালত এজন মন্ত্ৰীয়ে এই বাতিলকৰণ নিৰ্দেশ স্থগিত কৰিছিল।

দিল্লীৰ বিধানসভাত বিধায়িকা কিৰণ চৌধাৰীয়ে অভিযোগ কৰিছিল যে, ভেঁজাল ঔষধৰ বিৰুদ্ধে হঠাৎ ভাগীৰথ পেলেচত চলোৱা অভিযানত ৫৪টা নমুনাৰ ভিতৰত পঞ্চাশটাই নকল বুলি প্ৰমাণ হোৱা স্বত্ত্বেও অপৰাধীৰ বিৰুদ্ধে চৰকাৰে কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে। কেইবাটাও প্ৰতিষ্ঠিত দামী-দামী দৰবৰ কোম্পানীও সেই অভিযোগত অভিযুক্ত হৈছিল।

চক পাউডাৰ, কাঠৰ গুড়া, নিমখ, গুড় ইত্যাদি কম অপৰাধযুক্ত ভেঁজালকৰণ সততে দেখা যায়। অলপতে আমেৰিকাত মৃত্যু হোৱা গায়ক প্ৰিন্সৰ তদন্ত পোহৰলৈ আহিছিল। ইণ্টাৰনেটযোগে ক্ৰয় কৰা এই নকল ঔষধৰ সম্পৰ্কত উল্লেখ কৰা হৈছে যে- ‘It appears to have been victim of fentanyl laced counterfeit pain-pill epidemics in the United State.’

সেইদৰে ভাৰতবৰ্ষতো জম্মু আৰু কাশ্মীৰৰ শিশু চিকিৎসালয়ত গৰ্ভৱতী মহিলাই চিজাৰিয়ান অপাৰেচনৰ সময়ত গ্ৰহণ কৰা এণ্টিবায়’টিকসমূহ তদন্তত ভুৱা এণ্টিবায়’টিক আছিল বুলি প্ৰমাণিত হৈছিল আৰু ইয়াৰ ফলত কেইবাগৰাকী মহিলাই ইনফেকচনত ভুগি মৃত্যুবৰণ কৰিছিল।

উল্লেখযোগ্য যে, ভাৰতবৰ্ষত ভেঁজাল ঔষধ প্ৰস্তুতকাৰীৰ সফলতাৰ কাৰণসমূহৰ ভিতৰত- নিৰ্ভেজাল ঔষধ নিৰ্ণয়ৰ ক্ষেত্ৰত ভাৰতে চুবুৰীয়া দেশ পাকিস্তানৰ দৰে আন্তৰ্জাতিক সমাধানসূত্ৰ গ্ৰহণ কৰা নাই। তদুপৰি, ভেজাল ঔষধৰ ব্যৱসায়ী কম লাভজনক ব্যৱসায়লৈ পৰিণত কৰাত কোনো ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰা নাই।

ভাৰতৰ চেণ্টাৰ ফ’ৰ চেফ্ ইণ্টাৰনেট ফাৰ্মাচীত প্ৰকাশিত প্ৰৱন্ধত উল্লেখ কৰিছে যে, প্ৰতিবছৰে প্ৰায় ১ লক্ষ মানুহৰ মৃত্যু হয় নিষিদ্ধ বিষাক্ত দ্ৰব্য সংযুক্ত ঔষধ সেৱনৰ ফলত। কাৰণ এনে ঔষধে ৰোগীৰ প্ৰকৃত ৰোগৰ চিকিৎসা নকৰাৰ লগতে ফলপ্ৰসূ চিকিৎসাও নকৰে। চিকিৎসকৰ পৰামৰ্শ অবিহনে ফাৰ্মাচীৰ পৰা ঔষধ ক্ৰয় কৰাৰ ফলত এনে নিষিদ্ধ ঔষধৰ পয়োভৰ বৃদ্ধি পাইছে।

ভাৰতৰ ড্ৰাগ কণ্ট্ৰ’লাৰ জেনেৰেল জি এন সিঙে দাবী কৰিছে যে, ৰপ্তানিৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা কেৱল আন্তৰ্জাতিক একমাত্ৰ ঔষধৰ নিৰ্ভেজাল নিৰ্ণয়কৰণ বাৰক’ড সামগ্ৰিকভাৱে প্ৰয়োগ কৰিলে নকল ঔষধ বিক্ৰী অথবা অধিক মূল্যত ঔষধ বিক্ৰী নিয়ন্ত্ৰণ কৰা সম্ভৱ। এই নৱ প্ৰযুক্তিৰ দ্বাৰা সাৱধানহীনতা, পৰীক্ষা-নিৰীক্ষা, প্ৰযুক্তিৰ সহায়ত অনুসৰণ, অনুচিত্ৰকৰণ কৰ্ম পৰিশীলন আদিৰ প্ৰয়োজন।

সঠিক নিশ্চয়তাৰ  নিৰ্ণয়ৰ মাধ্যমেৰে সমাধান নিৰূপণ কাৰ্য অত্যন্ত জৰুৰী। জি এন সিঙে সহজ ভাষাত এই নৱ প্ৰযুক্তিৰ ব্যৱহাৰৰ উপযোগিতা উল্লেখ কৰি কৈছে যে, ক্ৰেতায়ো বা কোম্পানীৰ ৱেবছাইট, বাৰক’ড বা অন্যান্য এছ এম এছ পৰীক্ষণ ক’ডৰ জৰিয়তে সামগ্ৰীৰ ডিজিটেল প্ৰমাণেৰে শুদ্ধাশুদ্ধি বিচাৰ কৰিব পাৰে।

আশা কৰো ভাৰতৰ সংসদত জনপ্ৰতিনিধিসকলে প্ৰধানমন্ত্ৰী মোডীৰ ডিজিটেল ইণ্ডিয়াক জনস্বাস্থ্যৰ প্ৰয়োজনত দ্ৰুতভাৱে প্ৰয়োগ কৰাৰ ক্ষেত্ৰত সফলতাৰে আগুৱাই যাওক।

 

(উৎসঃ সাদিন, ডাঃ অনিল ভৰালী, নৰ্থ-ইষ্ট কেঞ্চাৰ হাস্পতাল এণ্ড ৰিচাৰ্ছ চেণ্টাৰ, যোৰাবাট, গুৱাহাটী)।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top