মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / ধঁপাত সেৱন আৰু হৃদৰোগ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ধঁপাত সেৱন আৰু হৃদৰোগ :

ধঁপাত সেৱন আৰু হৃদৰোগৰ বিষয়ে লিখা হৈছে ।

 

আমি সকলোৱে ধঁপাত সেৱন আৰু কৰ্কট ৰোগৰ সম্পৰ্কৰ কথাহে অধিক জানো। চৰকাৰী আৰু বেচৰকাৰীভাৱেও ধঁপাত সেৱন আৰু কৰ্কট ৰোগৰ সম্পৰ্কৰ কথাহে বহুলভাৱে প্ৰচাৰ কৰা দেখা যায়।

ধঁপাত সেৱন যে হৃদৰোগ হোৱা আৰু হৃদৰোগজনিত ৰোগত হোৱা মৃত্যুৰ প্ৰধান কাৰণ, সেই কথা জনসাধাৰণে কমকৈ জানে।

হৃদৰোগজনিত ৰোগত হোৱা মৃত্যুৰ প্ৰধান কাৰণ -

চৰকাৰী আৰু বেচৰকাৰীভাৱেও ধঁপাত সেৱন আৰু হৃদৰোগৰ সম্পৰ্কৰ কথা কমকৈ প্ৰচাৰ কৰা দেখা যায়।

সেয়েহে সমাজৰ অধিক লোকে ধঁপাত সেৱন আৰু হৃদৰোগৰ সম্পৰ্কৰ কথা কমকৈ জানে।

জনসাধাৰণে কমকৈ জানিলেও এইটো সত্য যে ধঁপাত সেৱনে হৃদৰোগ হোৱাৰ আশংকা বঢ়ায়। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য মতে, মানুহৰ অকাল মৃত্যুৰ প্ৰধান কাৰণ হ’ল হৃদৰোগ।

উচ্চ ৰক্তচাপজনিত ৰোগত হোৱা মৃত্যুৰ প্ৰধান কাৰণ। হৃদৰোগ প্ৰতিৰোধৰ বাবে কোনো পৰিমাণৰ ধূমপান বা ধঁপাতেই নিৰাপদজনক নহয়।

*পৰোক্ষ ধূমপান,

*ধোঁৱাবিহীন ধূমপান,

*নিম্ন মাত্ৰাৰ টাৰ আৰু

*নিক’টিন থকা সকলোবিধ ধঁপাতেই বিপজ্জনক।

ধোঁৱাযুক্ত ধঁপাত সেৱনৰ তুলনাত ধোঁৱাবিহীন ধঁপাত সেৱনৰ ফলত কমকৈ হৃদৰোগ হ’লেও বহুদিন ধোঁৱাহীন ধঁপাত সেৱন কৰি থাকিলে ভয়ানক হৃদৰোগ হোৱাৰ আশংকা থাকে।

আনহাতে, ধোঁৱাযুক্ত ধঁপাত চিগাৰেট, বিড়ি অথবা হোকা হিচাপে কৰা ধূমপান সমগ্ৰ বিশ্বতে হোৱা হৃদৰোগৰ প্ৰায় ৩০ শতাংশৰে কাৰণ।

পৰোক্ষ ধূমপানৰ ফলত ধূমপান নকৰা ব্যক্তিতকৈ ৩০ শতাংশ হৃদৰোগৰ অধিক আশংকা থাকে।

ধূমপান -

ধূমপান আৰু গৰ্ভনিৰোধক টেবলেট দুয়োবিধ গ্ৰহণ কৰা মহিলাৰ হৃদৰোগ হোৱাৰ আশংকা এই দুয়োবিধ গ্ৰহণ নকৰা মহিলাতকৈ অধিক।

এই আশংকা ৩৫ বছৰতকৈ অধিক বয়সৰ মহিলাৰ ক্ষেত্ৰত বৃদ্ধি পায়। মেদবহুলতা আৰু উচ্চ ৰক্তচাপ থকা ব্যক্তিয়ে ধূমপান কৰিলে হৃদৰোগ হোৱাৰ আশংকা অধিক হয়।

যেতিয়া আমি ধূমপান কৰাৰপৰা একেবাৰে বিৰত হওঁ, আমাৰ হৃদৰোগবোৰো এটা বছৰৰ ভিতৰতেই নাটকীয়ভাৱে কমি আহে।

আমি আগেয়ে কিমান পৰিমাণৰ বা কিমান দিন ধৰি ধূমপান কৰিছিলোঁ, সেইটোৰ লগত কথা নাই। যেতিয়াই আমি ধূমপান এৰোঁ, তেতিয়াই হৃদৰোগৰপৰা আমি আৰোগ্যৰ ফালে গতি কৰোঁ।

ধূমপানত সেৱন কৰা ধঁপাতত থকা ৰাসায়নিক পদাৰ্থবোৰে আমাৰ হৃদযন্ত্ৰ আৰু ৰক্তপৰিবাহী নলীবোৰৰ ক্ষতি কৰি-

*কৰ’নাৰী হাৰ্ট ডিজিজ,

*হাৰ্ট ফেইলাৰ,

*কাৰ্ডিয়াক এৰেষ্ট আদি হৃদৰোগ সৃষ্টি কৰি মানুহৰ অকাল মৃত্যু ঘটায়।

ধঁপাতৰ ধোঁৱাত থকা কাৰ্বন মন’অক্সাইডে তেজত থকা অক্সিজেনৰ কিছু অংশ ধ্বংস কৰে।

ফলত হৃদযন্ত্ৰই অধিক অক্সিজেন যোগান ধৰিবলৈ অতিৰিক্তভাৱে কাম কৰিবলগা হোৱাত ৰক্তচাপ বৃদ্ধি পায়।

আনহাতে, ধঁপাতৰ ধোঁৱাত থকা নিক’টিনে উচ্চ ৰক্তচাপ কৰাৰ উপৰি হৃদযন্ত্ৰৰ স্পন্দন বৃদ্ধি কৰে।

ধূমপানে হৃদযন্ত্ৰৰ ৰক্তপৰিবাহী নলীবোৰত(কৰ’নাৰী আৰ্টাৰী) এথেৰোস্কেৰোছিছ সৃষ্টি কৰি ৰক্ত পৰিবাহী নলীৰ পথ ঠেক কৰি হৃদযন্ত্ৰলৈ কম ৰক্ত আৰু অক্সিজেন যোগান ধৰি কৰ’নাৰী হাৰ্ট ডিজিছ সৃষ্টি কৰি মানুহক অকাল মৃত্যুলৈ ঠেলি দিয়ে।

ইয়াৰ বাবে হৃদযন্ত্ৰই কাম কৰাত বাধা পায়। শেষত গৈ হাৰ্ট এটেক হোৱা দেখা যায়। তদুপৰি ধূমপানে ষ্ট্ৰোক আৰু পেৰিফিৰেল আৰ্টেৰিয়েল ৰোগো কৰে। ষ্ট্ৰোকৰ বাবে অলেখ লোকে অকালতে প্ৰাণ হেৰুৱাবলগা হয়।

ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ প্ৰায় এক-তৃতীয়াংশই(৫৭ শতাংশ পুৰুষ আৰু ১১ শতাংশ মহিলা) এবিধ অথবা একাধিক ধঁপাত সেৱন কৰে।

যদিও ভাৰতবৰ্ষত ধঁপাত সেৱনকাৰীৰ মাজত বিড়ি যথেষ্ট জনপ্ৰিয়, তথাপি নতুন চামৰ মাজত

*চিগাৰেট,

*গুটখা,

*পাণমচলা,

*জৰ্দা আদিৰ ব্যৱহাৰ অধিক।

২০০৪ চনত চলোৱা এক সমীক্ষামতে, সমগ্ৰ ভাৰতবৰ্ষতে প্ৰায়-

*২০ শতাংশই চিগাৰেট,

*৪০ শতাংশই বিড়ি আৰু

*৪০ শতাংশই চাধা, জৰ্দা, গুটখা, পাণমচলা আদি ধোঁৱাহীন ধঁপাত সেৱন কৰে।

কিছুমানে আকৌ ধঁপাতক দন্তমঞ্জন হিচাপেও ব্যৱহাৰ কৰে। সমগ্ৰ ভাৰতবৰ্ষত প্ৰায় ১১০ নিযুত লোকে ধোঁৱাযুক্ত ধঁপাত সেৱন কৰে।

লক্ষণীয়ভাৱে মহিলা ধঁপাত সেৱনকাৰীৰ সংখ্যা দিনে দিনে বাঢ়ি আহিছে। অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যবোৰত ধঁপাতক চিগাৰেট, বিড়ি, গুটখা, জৰ্দা আদি হিচাপে সেৱন কৰাৰ উপৰি পাণ বা তামোলৰ সৈতে চূণৰ লগত মিহলাই তাৰ ৰস গিলি খোৱাও দেখা যায়।

অসমৰ প্ৰায় ৪০ শতাংশ লোকে ধঁপাত সেৱন কৰে। ১৫ বছৰৰ ওপৰৰ ল’ৰা-ছোৱালীবোৰৰ মাজত ধঁপাত সেৱন এটা নিচা হৈ পৰিছে।

সমীক্ষা মতে, অসমৰ ৩৪.৯ শতাংশ পুৰুষে ধোঁৱাযুক্ত ধঁপাত আৰু ৪৮.৮ শতাংশ পুৰুষে ধোঁৱাহীন ধঁপাত সেৱন কৰে।

বহুতে আকৌ দুয়োবিধকে সেৱন কৰা দেখা যায়।

ওপৰত উল্লেখ কৰা ধৰণে ভাৰতবৰ্ষৰ অধিক লোকেই ধঁপাত সেৱন কৰাৰ বাবে ধঁপাত সেৱনৰ বাবে হোৱা হৃদৰোগ আৰু মৃত্যু ভাৰতবৰ্ষৰ বাবেও ভয়ানক সমস্যা হৈ পৰিছে।

সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো ধূমপানৰ বাবে বহু কাৰ্যক্ষম ডেকা মানুহ হৃদৰোগত আক্ৰান্ত হৈ অকাল মৃত্যুবৰণ কৰিছে।

এইমছ, নতুন দিল্লীৰ এক অধ্যয়ন মতে, ভাৰতবৰ্ষত কম বয়সৰ ব্যক্তিৰ মাজত হোৱা হাৰ্ট এটেকৰ প্ৰায় ৭৬ শতাংশই ধূমপান কৰে।

ধঁপাত সেৱনৰ বাবে হোৱা হৃদৰোগ আৰু অকাল মৃত্যু ব্যক্তি, পৰিয়াল, সমাজ আৰু দেশৰ উন্নতিত এক অন্তৰায় হৈ পৰিছে।

ধঁপাত সেৱনৰ বাবে হোৱা হৃদজনিত স্বাস্থ্য সমস্যা, অকাল মৃত্যু, চিকিৎসাজনিত খৰচ আৰু ধঁপাত ক্ৰয়ৰ বাবে হোৱা খৰচৰ বাবে ব্যক্তি, পৰিয়াল, সমাজ তথা দেশৰ উন্নতিত ব্যাঘাত জন্মিছে।

যিহেতু ধঁপাত সেৱনৰ বাবে হোৱা হৃদৰোগ ধঁপাত সেৱন বন্ধ কৰিলে প্ৰতিৰোধ কৰিব পাৰি, সেয়েহে চৰকাৰ আৰু বেচৰকাৰী সংস্থাবোৰে সামাজিক আৰু মেডিকেলভাৱে এনে ধূমপান কৰা ব্যক্তিসকলক ধূমপান এৰাবলৈ চেষ্ট কৰিব লাগে।

এনে ব্যক্তিসকলে নিজেও ধূমপান সেৱন কৰা বন্ধ কৰিবলৈ চেষ্টা কৰিব লাগে।

প্ৰতিগৰাকী ব্যক্তিকে ধূমপান সেৱনৰপৰা বচাবলৈ চৰকাৰে ৰাজহুৱা স্থান, কৰ্মস্থান আৰু ৰাজহুৱা পৰিবহনত ধূমপান নিষেধ কৰাৰ উপৰি কঠোৰ ধঁপাতবিৰোধী আইন প্ৰণয়ন কৰি ধঁপাতৰ উৎপাদন, প্ৰচলন আৰু ব্যৱসায় বন্ধ কৰিব লাগিব।

লেখক: ডাঃ ধৰ্মকান্ত কুম্ভকাৰ(দৈনিক অসম)

4.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top