মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / নতুন শ্ৰেণীকৰণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নতুন শ্ৰেণীকৰণ :

নতুন শ্ৰেণীকৰণৰ বিষয়ে লিখা হৈছে ।

ডায়েবেটিছ পাঁচ প্ৰকাৰ -

অলপতে বিজ্ঞানীৰ এটা দলে ডায়েবেটিছৰ সংশোধিত শ্ৰেণীকৰণ ঘোষণা কৰিছে । তেওঁলোকৰ মতে ইয়াৰ দ্বাৰা ডায়েবেটিছৰ চিকিৎসা সহজ হ’ব আৰু চিকিৎসকসকলে ডায়েবেটিছৰ জীৱনঘাতী জটিলতাসমূহৰ শুদ্ধভাৱে আগজাননী দিব পাৰিব । আগতে মাথোন দুই প্ৰকাৰৰ ডায়েবেটিছৰ কথা কোৱা হৈছিল , কিন্তু এতিয়া পাঁচ প্ৰকাৰৰ ডায়েবেটিছ চিনাক্ত কৰা হৈছে । এই ঘোষণা কৰা হৈছে ‘দ্য লেংছেট’ ডায়েবেটিছ এণ্ড এণ্ড’ক্ৰাইন’লজী জাৰ্ণেলত । এই নতুন শ্ৰেণীকৰণৰ দ্বাৰা নিৰ্ভুল চিকিৎসা ব্যৱস্থাৰ প্ৰৱণতাৰ সৈতে সংগতিপূৰৰ্ণ । ইয়াৰ দ্বাৰা প্ৰতিজন আক্ৰান্ত ব্যক্তিৰ ৰোগ নিয়ন্ত্ৰণ কৰাত সহজ হ’ব । যেনেদৰে ৰক্তক্ষৰণৰ বাবে শুদ্ধ প্ৰকাৰৰ তেজহে ব্যৱহাৰ কৰা হয় । সেইদৰে বিভিন্ন প্ৰকাৰৰ ডায়েবেটিছৰ বিভিন্ন ধৰণে চিকিৎসা কৰিব পৰা যাব । একেদৰে বিজ্ঞানীসকলে সুনিৰ্দিষ্ট মাইক্ৰ’বিয়মো চিনাক্ত কৰিছে । মাইক্ৰ’বিয়মো হ’ল আমাৰ পাচনতন্ত্ৰৰ কথা বেক্টেৰিয়া পাৰিপাৰ্শ্বিক পদ্ধতি । যিয়ে বিভিন্ন ঔষধৰ প্ৰতি বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া কৰে । ইয়াৰ ফলত ঔষধৰ ক্ৰিয়া কম বা বেছি হয় । এই নতুন শ্ৰেণীকৰণে ডায়েবেটিছত ব্যক্তিগত চিকিৎসাৰ প্ৰথম পদক্ষেপ আৰু আৰ্হিস্বৰুপ পৰিৱৰ্তন সুচল কৰিব । ডায়েবেটিছ ৰোগত ভোগা ব্যক্তিসকলৰ তেজত অত্যধিকমানৰ গ্লুকজ বা চেনি থাকে- যাৰ উৎস আমাৰ খাদ্য । বিশ্বত প্ৰায় ৪২০ নিযুত ডায়েবেটিছ ৰোগী আছে । ২০৪৫ চনলৈ এই সংখ্যা ৬২৯ নিযুত হ’বগৈ পাৰে । আগতে ডায়েবেটিছ দুভাগত শ্ৰেণীভুক্ত কৰা হৈছিল- টাইপ ৱান আৰু টাইপ টু । টাইপ ৱান ডায়েবেটিছ সাধাৰণতে শৈশৱতে চিনাক্ত হয় । মুঠ ডায়েবেটিছ ৰোগীৰ ১০ শতাংশ হ’ল টাইপ ৱান শ্ৰেণীৰ । এই ৰোগৰ ক্ষেত্ৰত শৰীৰত ইনচুলিন উৎপাদন নহয় । ইনচুলিনে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰন কৰে । টাইপ টু ডায়েবেটিছত ৰোগীৰ শৰীৰত কম মাত্ৰাত ইনচুলিন উৎপাদন হয় । সেয়া পৰ্যাপ্ত নহয় বাবে তেজত চেনিৰ মাত্ৰা সম্পূৰ্ণৰুপে নিয়ন্ত্ৰিত নহয় । এইবিধ ডায়েবেটিছ মেদবহুলতাৰ সৈতে সম্পৰ্কিত । এই ৰোগত ভোগা লোকসকলৰ অন্ধতা, বৃক্কৰ বিকাৰ, হৃদৰোগ, ষ্ট্ৰোক আদি জটিল হ’ব পাৰে । দীৰ্ঘদিন ধৰি চিকিৎসকসকলে জানি আহিছে যে টাইপ টু ডায়েবেটিছ আজি পৰিৱৰ্তনশীল । তৎসত্ত্বেও শ্ৰেণীকৰণ পৰিৱৰ্তন কৰা হোৱা নাছিল । ইনচুলিন প্ৰতিৰোধ্যতা, ইনচুলিন নি:সৰণৰ মাত্ৰা, তেজৰ চেনিৰে মাত্ৰা, বয়স আৰু ৰোগ আৰম্ভ হোৱা সময়ৰ  ওপৰত ভিত্তি কৰি বিজ্ঞানীসকলে বৰ্তমান পাঁচ প্ৰকাৰ সুনিৰ্দিষ্ট ডায়েবেটিছ চিনাক্ত কৰিছে । তাৰে তিনি প্ৰকাৰ হৈছে গভীৰ আৰু দুই প্ৰকাৰ মধ্যমীয়া ধৰণৰ । গভীৰ শ্ৰেণীৰ ডায়েবেটিছৰ ভিতৰত এটা শ্ৰেণীৰ ক্ষেত্ৰত ৰোগীৰ শৰীৰত ইনচুলিন প্ৰতিৰোধ্যতা থাকে । এইক্ষেত্ৰত কোষসমূহে কাৰ্যক্ষমভাৱে ইনচুলিনৰ ব্যৱহাৰ কৰিব নোৱাৰে । এনে ৰোগীৰ বৃক্ক বিকল হোৱাৰ সম্ভাৱনা অধিক । বৰ্তমান এই শ্ৰেণীৰ ৰোগীয়ে নিৰ্ভুল চিকিৎসা লাভ কৰিবলৈ সক্ষম হৈছে । তীব্ৰ জটিলতা হোৱা আন এভাগ ৰোগী হ’ল ইনচুলিনৰ স্বল্পতাত ভোগা কম বয়সীয়া ৰোগী । তৃতীয় গভীৰ ডায়েবেটিছৰ কাৰক হ’ল স্বয়ংক্ৰিয় প্ৰতিৰোধী ক্ষমতা । এইবিধ দৰাচলতে টাইপ ৱান ডায়েবেটিছৰ মধ্যমীয়া ধৰণৰ । তাৰে এট বেছি বয়সীয়া ব্যক্তিৰ ৪০ শতাংশত দেখা যায় । এই নতুন শ্ৰেণীকৰণে সময়মতে সুনিৰ্দিষ্ট চিকিৎসা ব্যৱস্থা ল’বলৈ সুবিধা দিয়ে- যাতে জটিলতাৰ সৃষ্টি নহয় ।

বিজ্ঞানীসকলে শ্ৰেণীকৰণৰ বাবে ১৩,২৭০ গৰাকী নতুনকৈ চিনাক্ত কৰা ডায়েবেটিছ ৰোগী নিৰ্বাচন কৰিছিল । তেওঁলোকৰ বয়স আছিল ১৮ বছৰৰ পৰা ৯৭ বছৰৰ ভিতৰত । এই অধ্যয়নৰ ফলাফল ছুইডেন আৰু ফনলেণ্ডত কৰা অধ্যয়নৰ ফলাফলৰ সৈতে ৰিজাই চোবা হৈছিল । তেওঁলোকে চীন আৰু ভাৰততো এনে অধ্যয়ন কৰাৰ পৰিকল্পনা হাতত লৈছে ।

লেখক :- ডা: জীৱন দত্ত বৰুৱা

উৎস :- অসমীয়া খবৰ

4.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top