মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / নতুন শ্ৰেণীকৰণ ডায়েবেটিছ ৫ প্ৰকাৰৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নতুন শ্ৰেণীকৰণ ডায়েবেটিছ ৫ প্ৰকাৰৰ

নতুন শ্ৰেণীকৰণ ডায়েবেটিছ ৫ প্ৰকাৰৰৰ বিষয়ে লিখা হৈছে ।

 

অলপতে বিজ্ঞানীৰ এটা দলে ডায়েবেটিছৰ সংশোধিত শ্ৰেণীকৰণ ঘোষণা কৰিছে । তেওঁলোকৰ মতে ইয়াৰ দ্বাৰা ডায়েবেটিছৰ চিকিৎসা সহজ হ’ব আৰু চিকিৎসকসকলে ডায়েবেটিছ জীৱনঘাতী জটিলতাসমূহৰ শুদ্ধভাৱে আগজাননী দিব পাৰিব । আগতে মাথোন দুই প্ৰকাৰৰ ডায়েবেটিছৰ কথা কোৱা হৈছিল ।

কিন্তু এতিয়া পাঁচ প্ৰকাৰৰ ডায়েবেটিছ চিনাক্তকৰন কৰা হৈছে । এই ঘোষণা কৰা হৈছে ‘দ্য লেংষ্ট ডায়েবেটিছ এণ্ড’ক্ৰাইন’লজী জাৰ্নেলত । এই নতুন শ্ৰেণীকৰণৰ পৰা নিৰ্ভুল চিকিৎসা ব্যৱস্থাৰ প্ৰৱনতাৰ সৈতে সংগতিপূৰ্ণ ।

ইয়াৰ দ্বাৰা প্ৰতিজন আক্ৰান্ত ব্যক্তিৰ ৰোগ নিয়ন্ত্ৰণ কৰাত সহজ হ’ব । যেনেদৰে ৰক্তসংস্কৰণৰ বাবে শুদ্ধ প্ৰকাৰৰ তেজহে ব্যৱহাৰ কৰা হয়, সেইদৰে বিভিন্ন প্ৰকাৰৰ ডায়েবেটিছ বিভিন্ন ধৰণে চিৎকিসা কৰিব পৰা যাব ।

একেদৰে বিজ্ঞানীসকলে সুনিৰ্দিষ্ট মাইক্ৰ’বিয়মো চিনাক্ত কৰিছে । মাইক্ৰ’বিয়ম হ’ল আমাৰ পাচনতন্ত্ৰত থকা বেক্টেৰিয়া পাৰিপাৰ্শ্বিক পদ্ধতি, যিয়ে বিভিন্ন ঔষধৰ প্ৰতি বিভন্নজনে প্ৰতিক্ৰিয়া কৰে । ইয়াৰ ফলত ঔষধৰ ক্ৰিয়া কম বা বেছি হয় ।

এই নতুন শ্ৰেণীকৰণে ডায়েবেটিছত ব্যক্তিগতকৃত (Personalized) চিকিৎসাৰ প্ৰথম পদক্ষেপ আৰু আৰ্হিস্বৰুপ পৰিৱৰ্তন সূচনা কৰিব ।

ডায়েবেটিছ ৰোগত ভোগা ব্যক্তিসকলৰ তেজত অত্যধিক মাত্ৰাত গ্লুক’জ বা চেনি থাকে, যাৰ উৎস আমাৰ খাদ্য । বিশ্বত প্ৰায় ৪২০ নিযুত ডায়েবেটিছ ৰোগী আছে ।

২০৪৫ চনলৈ এই সংখ্যা ৬২৯ নিযুত হ’বগৈ পাৰে । আগতে ডায়েবেটিছ দুভাগত শ্ৰেণীভুক্ত কৰা হৈছিল- টাইপ- ৱান আৰু টাইপ-টু ।

টাইপ- ৱান ডায়েবেটিছ সাধাৰণতে শৈশৱতে চিনাক্ত হয় । মুঠ ডায়েবেটিছ ৰোগীৰ ১০ শতাংশ টাইপ-ৱান শ্ৰেণীৰ ।

এই ৰোগৰ ক্ষেত্ৰত শৰীৰত ইনছুলিন উৎপাদন নহয় । ইনছুলিনে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে । টাইপ- টু ডায়েবেটিছ ৰোগীৰ শৰীৰত কম মাত্ৰাৰ ইনছুলিন উৎপাদন হয় ।

সেয়া পৰ্যাপ্ত নহয় বাবে তেজত চেনিৰ মাত্ৰা সম্পূৰ্ণৰুপে নিয়ন্ত্ৰিত নহয় । এইবিধ ডায়েবেটিছ মেদবহুলতাৰ সৈতে সম্পৰ্কিত ।

এই ৰোগত ভোগা লোকসকলৰ অন্ধতা, বৃক্কৰ বিকাৰ, হৃদৰোগ, ষ্ট্ৰেছ আদি জটিলতা হ’ব পাৰে । দীৰ্ঘদিন ধৰি চিকিৎসকসকলে জানি আহিছে যে টাইপ- টু ডায়েবেটিছ অতি পৰিৱৰ্তনশীল ।

তৎসত্ত্বেও শ্ৰেণীকৰণ পৰিৱৰ্তন কৰা হোৱা নাছিল । ইনছুলিন প্ৰতিৰোধতা, ইনছুলিন নি:সৰনৰ মাত্ৰা, তেজত চেনিৰ মাত্ৰা, বয়স আৰু ৰোগ আৰম্ভ হোৱা সময়ৰ ওপৰত ভিত্তি কৰি বিজ্ঞানীসকলে বৰ্তমান পাঁচ প্ৰকাৰৰ সুনিৰ্দিষ্ট ডায়েবেটিছ চিনাক্ত কৰিছে ।

তাৰে তিনি প্ৰকাৰৰ হৈছে গভীৰ আৰু দুই প্ৰকাৰৰ মধ্যমীয়া ধৰণৰ । গভীৰ শ্ৰেণীৰ ডায়েবেটিছৰ ভিতৰত এটা শ্ৰেণীৰ ক্ষেত্ৰত ৰোগীৰ শৰীৰত ইনছুলিন প্ৰতিৰোধ্যতা থাকে । এই ক্ষেত্ৰত কোষসমূহে কাৰ্যক্ষমভাৱে ইনছুলিনৰ ব্যৱহাৰ কৰিব নোৱাৰে ।

এনে ৰোগীৰ বৃক্ক বিকল হোৱাৰ সম্ভাৱনা অধিক । বৰ্তমানে এই শ্ৰেনীৰ ৰোগীয়ে নিৰ্ভুল চিকিৎসা লাভ কৰিবলৈ সক্ষম হৈছে । তীব্ৰ জটিলতা হোৱা আন এভাগ ৰোগী হ’ল ইনছুলিনৰ স্বল্পতাত ভোগা কম বয়সীয়া ৰোগী ।

তৃতীয় গভীৰ ডায়েবেটিছৰ কাৰক হ’ল স্বয়ংক্ৰিয় প্ৰতিৰোধী ক্ষমতা (Auto immunity) । এইবিধ দৰাচলতে টাইপ-ৱান ডায়েবেটিছৰ সৈতে একেই । আন দুটা শ্ৰেণীৰ ডায়েবেটিছ মধ্যমীয়া ধৰণৰ ।

তাৰে এটা বেছি বয়সীয়া ব্যক্তিৰ ৪০ শতাংশত দেখা যায় । এই নতুন শ্ৰেণীকৰণে সময়মতে সুনিৰ্দিষ্ট চিকিৎসা ব্যৱস্থা ল’বলৈ সুবিধা দিয়ে, যাতে জটিলতাৰ সৃষ্টি নহয় ।

বিজ্ঞানীসকএল শ্ৰেণীকৰণৰ বাবে ১৩,২৭০ গৰাকী নতুনকৈ চিনাক্ত কৰা ডায়েবেটিছ ৰোগী নিৰ্বাচন কৰিছিল ।

তেওঁলোকৰ বয়স আছিল ১৮ বছৰৰ পৰা ৯৭ বছৰৰ ভিতৰত । এই অধ্যয়নৰ ফলাফল ছুইডেন আৰু ফিনলেণ্ডত কৰা অধ্যয়নৰ ফলাফলৰ সতে ৰিজাই চোৱা হৈছিল । তেওঁলোকে চীন আৰু ভাৰততো এনে অধ্যয়ন কৰাৰ পৰিকল্পনা হাতত লৈছে ।

লেখক :- ডা: জীৱন দত্ত বৰুৱা

উৎস:- জি এনআৰচি স্বাস্থ্য

4.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top