মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / নপুংসকতা কি আৰু ইয়াৰ কাৰণসমূহ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নপুংসকতা কি আৰু ইয়াৰ কাৰণসমূহ :

নপুংসকতা কি আৰু ইয়াৰ কাৰণসমূহৰ বিষয়ে লিখা হৈছে ।

 

সাধাৰণতে যিসকল পুৰুষে নাৰী সংগীৰ সৈতে সহবাস কৰাত অসমৰ্থ বা অক্ষম, তেনে ব্যক্তিকেই নপুংসক বুলি কোৱা হয়। যদি কোনো পুৰুষৰ জননাংগ উত্থান নহয় অথবা কোনো পুৰুষে স্ত্ৰী সহবাসত পূৰ্ণৰূপত প্ৰবৃত্ত হ’ব নোৱাৰে, তেওঁকেই নপুংসক বুলি ক’ব পাৰি। নপুংসক পুৰুষে যেনেকৈ যৌনতাৰ পৰা পূৰ্ণ আনন্দ ল’ব নোৱাৰে, তেনেকৈ স্ত্ৰী সংগীক আনন্দ দিবও নোৱাৰে। পোনভাষাত ক’বলৈ হ’লে এনে ব্যক্তি পুৰুষত্বহীন হয়।

নপুসংকতা দুই ধৰণৰ হ’ব পাৰে- প্ৰাথমিক নপুংসকতা আৰু পূৰ্ণ পৰ্যায়ৰ নপুংসকতা। যেতিয়া কোনো পুৰুষৰ জননাংগ কেতিয়াও উত্থান নহয়, তেতিয়া তাক প্ৰাথমিক নপুংসকতা বোলা হয়। এনে ব্যক্তিয়ে জীৱনত স্ত্ৰীৰ সৈতে শাৰীৰিক সম্বন্ধ গঢ়িব নোৱাৰে। আনহাতে আৰম্ভণিতে লিংগৰ উত্থান, সম্ভোগ আৰু ইয়াৰ আনন্দ ল’বলৈ সক্ষম হোৱা কোনো ব্যক্তিৰ পিছলৈ কোনো কাৰণত লিংগৰ উত্থান নহ’লে তাকে দ্বিতীয় পৰ্যায়ৰ নপুংসকতা বোলা হয়।

প্ৰাথমিক নপুংসকতাৰ বাবে বহুতো কাৰণ দায়ী হ’ব পাৰে। শৰীৰ বৃত্তীয় সংৰচনা আৰু কাৰ্যবিধিৰ অসফলতাক বাদ দি শিশু কালৰ পৰা কৈশোৰলৈও, কৈশোৰৰ পৰা যুবাৱস্থাত উপনীত হওঁতে কিছুমান কাৰকে ব্যক্তিৰ যৌন জীৱন প্ৰভাৱিত কৰিব পাৰে।

    ধাৰ্মিক কাৰণ -

ধৰ্মীয় সংকীৰ্ণতা আৰু গোড়ামীয়ে যুবাৱস্থালৈকে ব্যক্তিৰ যৌন বিকাশ আৰু যৌন ব্যৱহাৰক প্ৰভাৱিত কৰে। পাৰিবাৰিক বাতাবৰণ, ধৰ্মীয় অন্ধবিশ্বাস আদিয়ে ব্যক্তিক নপুংসক হিচাপে গঢ়ি তুলিব পাৰে। শিশুকালত এইটো শিকোৱা হয় যে, জননেন্দ্ৰিয়ক স্পৰ্শ কৰিব নেপায়, যৌন সম্বন্ধীয় কথোপকথন ঘৃণনীয়। ঠিক তেনেদৰে হস্তমৈথুন সম্বন্ধে যি ধৰণৰ মন্তব্য আগবঢ়োৱা হয়, তাৰ জৰিয়তে যৌনতাৰ বিষয়ে এটা ঋণাত্মক শিক্ষা দিয়া হয়। যাৰ ফলত ব্যক্তি পিছলৈ নপুংসক হ’ব পাৰে।

    পতিতাগমনৰ পিছত সৃষ্টি হোৱা নপুংসকতা -

এনে বহু উদাহৰণ পোৱা যায় যে, স্ত্ৰী সুখৰ বাবে পতিতাৰ ওচৰলৈ যোৱা পুৰুষ নপুংসকতা লৈ উভতি আহে। ইয়াৰ কাৰণ পতিতাৰ নিৰ্লজ ব্যৱহাৰ, কোঠাৰ পৰিৱেশ আদিয়ে ব্যক্তিক উত্তেজনাহীন কৰি তোলে। এই শীতলতাৰ বাবে অক্ষম হৈ পৰা ব্যক্তিয়ে নিজকে কোনো স্ত্ৰীৰ সহবাসৰ বাবে উপযুক্ত নহয় বুলি ভাবিবলৈ আৰম্ভ কৰে। স্ত্ৰীৰ পৰা আঁতৰত থাকি নিজকে নপুংসক বুলি ভবা এই ভয়ে ব্যক্তিজনক প্ৰকৃততে নপুংসকলৈ ৰূপান্তৰিত কৰে।

    মাতৃৰ অধিকাৰপূৰ্ণ ব্যৱহাৰ -

নপুংসকতাৰ কেতিয়াবা কিছুমান আশ্চৰ্যজনক কাৰণ দেখিবলৈ পোৱা যায়। ইয়াৰ ভিতৰত পুত্ৰৰ প্ৰতি মাতৃৰ অধিকাৰপূৰ্ণ ব্যৱহাৰ অন্যতম। কোনো কাৰণত যদি মাতৃ এগৰাকী বহুতো কঠিন পৰিস্থিতি পাৰ হৈ একমাত্ৰ পুত্ৰসন্তানৰ জন্ম দিয়ে, তেন্তে সেই সন্তানৰ প্ৰতি মাতৃগৰাকীৰ বিশেষ মোহৰ জন্ম হয়। যাৰ বাবে সন্তান ডাঙৰ হোৱাৰ পিছতো নিজৰ অধিকাৰেৰে আৱৰি ৰাখিব খোজে। সন্তানেও মাকৰ ওচৰতে সদায় নিৰাপদ অনুভৱ কৰে। যৌনতাৰ ক্ষেত্ৰখনত নিজক সংকুচিত কৰি ৰখা এনে ব্যক্তি বিবাহৰ পিছত নপুংসকতাৰ বলি হয়।

    সমলিংগকতাবাদ -

একে লিংগৰ মাজত হোৱা যৌন ব্যৱহাৰকে সমলিংগকতাবাদ বোলা হয়। পশ্চিমীয়া দেশত একে ধৰণৰ যৌন আচৰণ কৰা ব্যক্তিসকলে স্বীকৃতি পাইছে যদিও ইয়াক সাধাৰণ লোকে স্বাভাৱিক বুলি গণ্য নকৰে। কাৰণ ই অপ্ৰাকৃতিক। যৌন সম্বন্ধৰ বাবে পুৰুষৰ বাবে স্ত্ৰী আৰু স্ত্ৰীৰ বাবে পুৰুষৰ জন্ম। এই ব্যৱহাৰ বিৰুদ্ধে যোৱাটো প্ৰকৃতি বিৰুদ্ধ কাৰ্য।

সমলিংগৰ মাজত যৌন সম্বন্ধ গঢ়া পুৰুষ বিবাহৰ পিছত নপুংসক হ’ব পাৰে। আমেৰিকাত চলোৱা এটি অধ্যয়নৰ পৰা জনা গৈছে যে, ২১৩ জন ব্যক্তিৰ ভিতৰত ২৫ জন এনে পুৰুষ পোৱা গৈছে যিসকল নিপুংসকতাৰ বলি হৈছে। এইসকল ব্যক্তিয়ে বিবাহৰ পূৰ্বে সমলিংগৰ সৈতে যৌন সম্পৰ্ক গঢ়িছিল। কোনো কোনোৰ মতে সমলিংগৰ সৈতে যৌন সম্পৰ্ক গঢ়া ব্যক্তিয়ে বিপৰীত লিংগৰ সৈতে সমানে যৌন সম্পৰ্ক স্থাপন কৰিব পাৰে। কিন্তু দেখা গৈছে প্ৰতি দহজন ব্যক্তিৰ ভিতৰত মাত্ৰ দুজনেহে বিপৰীত লিংগৰ সংগীৰ সৈতে স্বাভাৱিক যৌন সম্পৰ্ক চলাই নিবলৈ সক্ষম হয়।

দ্বিতীয় পৰ্যায়ৰ নপুংসকতা -

প্ৰাথমিক নপুংসকতাৰ দৰে দ্বিতীয় পৰ্যায়ৰ নপুংসকতাৰো কিছুমান কাৰণ আছে। ইয়াৰে কিছুমান মানসিক আৰু কিছুমান শাৰীৰিক।

  • শাৰীৰিক ভাগৰ:

সাধাৰণ যৌন সম্বন্ধৰ বাবে ব্যক্তিজন শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থ হ’ব লাগে। বৰ্তমআন সময়ত দৈনন্দিন জীৱনত বাঢ়ি অহা ব্যস্ততা, উৎকন্ঠা আৰু কামৰ চাপৰ মাজত মানুহ কেৱল মানসিকভাৱেই নহয়, শাৰীৰিকভাৱেও ভাগৰুৱা হৈ পৰে। যৌনসম্বন্ধৰ বাবে প্ৰয়োজনীয় শাৰীৰিক শক্তি আৰু ইচ্ছাশক্তি দুয়োটাই লগ এৰা দিয়ে। প্ৰয়োজনীয় কামৰ তালিকাত যৌন সম্পৰ্কই একেবাৰে শেষতহে স্থান পায়। ফলত ব্যক্তিজন নপুংসক হৈ পৰাৰ সম্ভাৱনা বাঢ়ে।

  • মানসিক চাপ:

দ্বিতীয় পৰ্যায়ৰ নপুংসকতাৰ ই আটাইতকৈ ডাঙৰ কাৰণ। দুঃখ, শোক, চিন্তাই ব্যক্তিৰ জীৱনত বেয়াধৰণে প্ৰভাৱ পেলায়। যদি কোনো কাৰণত মন পীড়িত হৈ থাকে, তেন্তে স্বাভাৱিক যৌন সম্পৰ্ক চলাই নিয়াটো অত্যন্ত কঠিন হৈ পৰে। মানসিক চাপক সেইকাৰণে যৌনসম্পৰ্কৰ আটাইতকৈ ডাঙৰ শত্ৰু বুলি কোৱা হয়। কিন্তু ইচ্ছা শক্তিৰে ইয়াক নিৰাময় কৰিব পাৰি। যিকোনো দুঃখ, শোকৰ ঘটনাক জীৱনৰ পৰা আঁতৰাব নোৱাৰিলেও কিছুসময়ৰ বাবে মনৰ পৰা আঁতৰাব পাৰি।

প্ৰায়ে দেখা যায়, নৱবিবাহিত ব্যক্তি আৰু বহু দিন বিচ্ছেদৰ পিছত যৌন সম্পৰ্ক গঢ়িবলৈ ওলোৱা ব্যক্তিয়ে নিজৰ সক্ষমতাক লৈ প্ৰচণ্ড মানসিক চাপত থাকে। সেইবাবে সম্পূৰ্ণ সক্ষম ব্যক্তিও কেতিয়াবা অসফল হয়। প্ৰাথমিক অসফলতা স্বাভাৱিক যদিও এনে ঘটনাই ব্যক্তিৰ মন আচ্ছন্ন কৰি পেলায়। এনে সময়ত পত্নীৰ অসহযোগিতাই পুৰুষক দিশহাৰা কৰি তোলে আৰু লাহে লাহে নপুংসকতাৰ বলি হৈ পৰে।

  • অজ্ঞানতা:

বিবাহৰ কিছুদিন পিছতে সৃষ্টি হোৱা নপুংসকতাৰ মুখ্য কাৰণ হ’ল অজ্ঞানতা। স্ত্ৰী শৰীৰবৃত্তীয় জ্ঞান, স্ত্ৰী-পুৰুষৰ জননাংগৰ কাৰ্যবিধি, প্ৰথম সহবাস সম্পৰ্কে ধাৰণা, সম্ভাৱনীয় সমস্যা আদিৰ বিষয়ে সম্যক জ্ঞান নাথাকিলে বিবাহৰ পিছতে নপুংসকতাৰ লক্ষণে মূৰ দাঙি উঠিব পাৰে। ইয়াৰ বাবে বিবাহৰ পূৰ্বে কাউন্সেলিং(বিশেষজ্ঞৰ দিহা-পৰামৰ্শ) অতি প্ৰয়োজনীয়।

  • অন্য কাৰণ:

যৌনতা সম্পৰ্কে থকা ভ্ৰমাত্মক বিচাৰধাৰা নপুংসকতাৰ কাৰণ হ’ব পাৰে। যুৱকসকলৰ মাজত লিংগৰ আকাৰ, হস্তমৈথুন, স্বপ্নদোষ, শীঘ্ৰপতন আদি সমস্যাই গুৰুতৰ ৰূপত দেখা দিয়ে। যুৱাবস্থাত বহুতে লিংগৰ আকাৰ লৈ দুশ্চিন্তাত থাকে। শিথিল অৱস্থাত লিংগৰ আকাৰ দুই বা তিনি ইঞ্চি আৰু উত্থিত অৱস্থাত পাঁচ বা ছয় ইঞ্চি অতি স্বাভাৱিক। শাৰীৰিকভাৱে সুস্থ ব্যক্তিয়ে লিংগৰ আকাৰ লৈ হীনমন্যতাত ভোগাৰ কোনো অৰ্থ নাই। বয়ঃসন্ধিকালৰ পৰা হস্তমৈথুন ক্ৰিয়াত ৰতসকলে দুশ্চিন্তাত ভোগে যে তেওঁলোক নিশ্চয় বিবাহৰ পিছত স্বাভাৱিক যৌন ক্ৰিয়াৰ বাবে সক্ষম নহ’ব। কিন্তু এটা কথা মনত ৰখা ভাল যে শতকৰা নিৰানব্বৈজন পুৰুষে কোনো নহয় কোনো প্ৰক্ৰিয়াৰ দ্বাৰা হস্তমৈথুনত ৰত হয়। মাহত তিনি চাৰিবাৰ হস্তমৈথুন স্বাভাৱিক ক্ৰিয়া হিচাবে গণ্য কৰা হয়। ধাতুৰোগ সম্পৰ্কেও বহুতৰ মনত ভূল ধাৰণা থাকে। প্ৰস্ৰাৱৰ জৰিয়তে বীৰ্য ওলোৱাটোকে ধাতুৰোগ বোলে। কিন্তু প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰ হোৱা সকলো বগা বস্তুৱে বীৰ্য নহয়। ইয়াৰ বাবে পৰীক্ষা কৰি চোৱাটো প্ৰয়োজন। এনে পৰীক্ষাত প্ৰস্ৰাৱৰ লগত যোৱা বগা দ্ৰব্যত শুক্ৰাণুৰ উপস্থিতি ধৰা পৰিলেহে সেয়া ধাতুৰোগ বুলি ক’ব পৰা যায়। তাৰ সুচিকিৎসাও আছে।

যৌন ৰোগ সম্পৰ্কে এনেধৰণৰ ভুল ধাৰণা লৈ বহুলোকে উপযুক্ত চিকিৎসকৰ ওচৰলৈ নগৈ সাধাৰণ বেজ-জ্ঞানীৰ ওচৰলৈ যায় অথবা বিজ্ঞাপনৰ দ্বাৰা প্ৰভাৱিত হৈ নিজেই ঔষধ কিনি খাবলৈ লয়। বিভ্ৰান্তিকৰ চিকিৎসা আৰু মানসিক দুৰ্বলতাৰ বাবে তেনে ব্যক্তি কেতিয়াবা নপুংসকতাৰ বলি হৈ পৰে।

নপুংসকতাৰ শাৰীৰিক কাৰণ -

প্ৰাৰম্ভিক অৱস্থাত নপুংসকতাৰ কাৰণ শতকৰা নব্বৈ শতাংশ মানসিক হিচাপে গণ্য কৰা হৈছিল। কিন্তু আধুনিক প্ৰযুক্তিৰ উন্নতিৰ লগে লগে এইটো জানিব পৰা গৈছে যে- নপুংসকতাৰ কাৰণ ৬৫ৰ পৰা ৭০ শতাংশ মানসিক আৰু ৩০ৰ পৰা ৩৫ শতাংশ শাৰীৰিক। নপুংসকতাৰ বাবে যিবোৰ শাৰীৰিক কাৰণ দায়ী হিচাপে গণ্য কৰা হয়, সেইবোৰ এনেধৰণৰ-

হৰমোন সম্বন্ধীয় অসমতা:

বেছিভাগ নপুংসকতাৰ কাৰণ শৰীৰত কিছুমান হৰমোন বেছি বা কম পৰিমাণে থকাটো। উপযুক্ত পৰীক্ষাৰ দ্বাৰা ইয়াক নিশ্চিত কৰিব পৰা যায়। কিন্তু বেছিভাগ লোকৰে এটা ধাৰণা আছে যে নপুংসকতাৰ কাৰণ শৰীৰত টেষ্টোষ্টেৰণ হৰমোন কম থকাটো। এনে ৰোগীৰ প্ৰতিজনৰে শৰীৰত এই হৰমোন কম থকাটো মুখ্য কাৰণ নহয়ু। যদি এই হৰমোন কম থাকে তেন্তে আন কিছুমান লক্ষণো দেখা দিব। যেনে- দাঢ়ি, মোচ, যৌনাংগৰ কেশ কম হোৱা, পুৰুষোচিত স্বৰ নোহোৱা ইত্যাদি। এতিয়া প্ৰশ্ন হয় বাহিৰৰ পৰা প্ৰয়োগ কৰা টেষ্টোষ্টেৰণ কোনবোৰ ৰোগীৰ ক্ষেত্ৰত লাভদায়ক?

শৰীৰত থকা এই হৰমোন পৰীক্ষাৰ জৰিয়তে কম থকা বুলি সুনিশ্চিত হ’লে আৰু কোনো ৰোগৰ কাৰণে এই হৰমোনৰ পৰিমাণ কমি গ’লেহে ৰোগীক বাহিৰৰ পৰা টেষ্টোষ্টেৰণ হৰমোণৰ যোগান ধৰা হয়। পিটুইটেৰি গ্ৰন্থিৰ পৰা নিঃসৰণ হোৱা প্ৰলেক্টিন হৰমোনৰ আধিক্যইও যৌন সমস্যাৰ সৃষ্টি কৰে। অপ্ৰত্যক্ষ ৰূপত এই হৰমোনে টেষ্টোষ্টেৰণ হৰমোনৰ নিঃসৰণ প্ৰভাৱিত কৰে। হৰমোনৰ অসমতাৰ কাৰণ নিৰ্ণয় কৰি উপযুক্ত চিকিৎসাৰ নপুংসকতা বহু পৰিমাণে দূৰ কৰিব পাৰি।

মধুমেহ:

মধুমেহ ৰোগী প্ৰায় সকলোৰে যৌন সমস্যা হয়। এই ৰোগ নিয়ন্ত্ৰণলৈ আহিলে যৌনসমস্যাও নিয়ন্ত্ৰণলৈ আহে। এই ৰোগত তেজত শৰ্কৰাৰ পৰিমাণ বাঢ়ে। চয়াপচয় সম্বন্ধীয় কাৰণত কলেষ্টেৰলৰ মাত্ৰাও বাঢ়ি যায়। এনেবোৰ কাৰণত তেজৰ প্ৰবাহ কম খৈ লিংগৰ উত্থান নোহোৱা হয়। ঔষধ তথা আহাৰৰ জৰিয়তে এই ৰোগ নিয়ন্ত্ৰণ নকৰিলে নপুংসকতা অৱশ্যম্ভাবী হৈ পৰে।

থাইৰয়ড গ্ৰন্থিৰ ৰোগ -

যিসকল পুৰুষৰ থাইৰয়ড গ্ৰন্থিৰ সক্ৰিয়তা কম অৰ্থাৎ হাইপোথাইৰয়ড হয়, তেনেলোকৰ তেজত হৰমোনৰ মাত্ৰা কমি যায়। ইয়াৰ বাবে দ্বিতীয় স্তৰৰ নপুংসকতা হ’ব পাৰে। থাইৰয়ড গ্ৰন্থিয়ে মানৱ শৰীৰৰ চয়াপচয় ক্ৰিয়াৰ ওপৰত নিয়ন্ত্ৰণ ৰাখে। শৰীৰত এই হৰমোন কমি গ’লে সমস্ত ক্ৰিয়াবিধি শিথিল হৈ পৰে।

পিটুইটেৰি আৰু অন্য গ্ৰন্থি:

মস্তিষ্কৰ পিছফালে মটৰৰ গুটিৰ আকাৰত থকা গ্ৰন্থিটো হ’ল পিটুইটেৰি। ইয়াক মাষ্টাৰ গ্লেণ্ড বুলিও কোৱা হয়। এই গ্ৰন্থিয়ে শৰীৰত নিঃসৃত বেছিভাগ হৰমোনৰ নিঃসৰণ আৰু কাৰ্যবিধিৰ ওপৰত পূৰ্ণ নিয়ন্ত্ৰণ ৰাখে। কোনো ৰোগৰ বাবে এই গ্ৰন্থি নিঃসৃত হৰমোন কম বা বেছি হ’লে ব্যক্তিজন নপুংসক হ’ব পাৰে। চমুকৈ ক’বলৈ হ’লে- এক্ৰোমেগেলা, ক্লাইন’ফেলটাৰ চিণ্ড্ৰম, এষ্ট্ৰোজেন হৰমোনৰ আধিক্য, এডিচন্স ডিজিজ, অণ্ডকোষৰ টিউমাৰ, থাইৰক্সিকোচিচ আদি ৰোগৰ বাবেও ব্যক্তি নপুংসক হ’ব পাৰে।

নিৰাময়ৰ উপায় -

নপুংসকতা নিৰাময়ৰ প্ৰাথমিক পৰ্যায়ত ইয়াৰ কাৰণ শাৰীৰিক, মানসিক নে মিশ্ৰিত সেইটো নিৰ্ণয় কৰা হয়। ইয়াৰ বাবে দম্পতী অথবা ব্যক্তিৰ পাৰিবাৰিক ইতিহাস জনা আৱশ্যক। ব্যক্তিৰ বয়স, শিক্ষা, সন্তানৰ সংখ্যা, গৰ্ভপাত আদিৰ বিষয়ে জনাৰ পিছত যৌন সম্বন্ধীয় কেইটামান প্ৰশ্নৰ উত্তৰ চিকিৎসকে জানিবলৈ বিচাৰে। এই প্ৰশ্নবোৰ হৈছে-

ক)ইচ্ছা,

খ)উত্তেজনা,

গ)সম্ভোগৰ সময় আৰু

ঘ)আনন্দৰ অভিজ্ঞতা।

ইচ্ছা কাম বা বেছি হোৱাৰ কাৰণ শাৰীৰিক অথবা মানসিক হ’ব পাৰে। ইচ্ছা হঠাৎ কমিছে নে লাহে লাহে কমিছে, কোনো শাৰীৰিক আঘাত, মানসিক পীড়ন অথবা শল্য চিকিৎসাৰ পিছত হৈছে নেকি, সেইটোও জানিবলৈ বিচৰা হয়। উত্তেজনা সম্পৰ্কে জানিবলৈ বিচৰা দিশবোৰ হ’ল-

১)উত্তেজনা থকাৰ সময়,

২)লিংগ উত্থানৰ কোণ,

৩)লিংগৰ আকৃতি,

৪)দৃঢ়তা আদি।

সম্ভোগৰ সময় জনাটো এইবাবেই আৱশ্যক যে, শীঘ্ৰপতনৰ সৈতে ই জড়িত হ’ব পাৰে। বহুতো নপুংসকতাৰ কাৰণ শীঘ্ৰপতন হয়। আনন্দৰ অভিজ্ঞতাৰ সৈতেও এই ৰোগ জড়িত। কাৰণ বহুত সময়ত বীৰ্যস্খলনৰ পিছত আনন্দ পোৱা নেযায় অথবা স্খলনেই নহয়। ইয়াৰ বাহিৰে আন কিছুমান প্ৰয়োজনীয় দিশ চালি জাৰি চোৱা হয়। যেনে- প্ৰস্ৰাৱৰ সমস্যা, ৰাগিয়াল দ্ৰব্য সেৱন, সমলিংগকতাবাদ অথবা অস্বাভাৱিক আচৰণ, পত্নীৰ বাহিৰে আন নাৰীৰ সৈতে সম্বন্ধ, বিভিন্ন ৰোগ যেনে- মধুমেহ, উচ্চ ৰক্তচাপ, হৃদৰোগ আদিৰ পাৰিবাৰিক পৃষ্ঠভূমি, শ্বসনতন্ত্ৰ, ৰক্তবাহিনী আৰু জনন অংগৰ ক্লিনিকেল পৰীক্ষা আদি।

নপুংসকতাৰ কাৰণ নিৰ্ণয়ৰ বাবে জননাংগৰ নিম্নল্লিখিত পৰীক্ষাসমূহ কৰা হয় -

  • এ.ভি. ৰেচপন্স টেষ্ট:

দৃশ্য-শ্ৰব্য উপকৰণৰ সহায় লৈ লিংগত হোৱা উত্তেজনা অধ্যয়ন কৰা হয়।

  • এন.পি.টি. মনিটৰিং:

এই পৰীক্ষাৰ দ্বাৰা নিদ্ৰাৰ সময়ত লিংগৰ উত্তেজনা ডাটা ৰেকৰ্ডাৰৰ জৰিয়তে উত্তেজনাৰ গ্ৰাফ ৰেকৰ্ড কৰা ঝয়। নিশাৰ ভাগত লিংগত উত্তেজনা কিমানবাৰ আহিছিল আৰু কিমানসময়লৈ আছিল তাক পৰীক্ষা কৰি চোৱা হয়। লগতে লিংগৰ দৃঢ়তা নিৰীক্ষণ কৰা হয়।

  • ডপলাৰ আলট্ৰাচাউণ্ড:

ইয়াৰ জৰিয়তে লিংগৰ ৰক্তবাহিনীলৈ বোৱা তেজৰ প্ৰবাহৰ গতি আৰু অবৰোধ অধ্যয়ন কৰা হয়। মধুমেহ, উচ্চৰক্তচাপ আদি ৰোগৰ বাবে ৰক্তবাহিনীলৈ বোৱা তেজৰ গতি অৱৰুদ্ধ হ’ব পাৰে।

ইয়াৰ বাহিৰেও লিংগৰ তন্তুকোষৰ কাৰ্যক্ষমতা সম্পৰ্কে জানিবলৈ নিউৰোলজিকেল চিষ্টেমৰ দ্বাৰা ই.এম.জি. আৰু ৰিফ্লেক্সৰ পৰীক্ষা কৰা হয়। ভেকুৱাম ইৰেকচন চিষ্টেম, ভাইব্ৰেটৰ টেষ্টৰ জৰিয়তে লিংগৰ উত্তেজনা বিচাৰ কৰি চোৱা হয়। ৰোগৰ শাৰীৰিক কাৰণ নিৰ্ণয় কৰিবলৈ মল, মূত্ৰ, তেজৰ পৰীক্ষা, বীৰ্য কালচাৰ কৰা আৰু হৰমোন সম্বন্ধীয় পৰীক্ষাও আৱশ্যকীয়।

এনেবোৰ পৰীক্ষাৰ জৰিয়তে যদি নপুংসকতাৰ কাৰণ শাৰীৰিক বুলি ধৰা পৰে তেন্তে তাৰ ঔষধীয় চিকিৎসা কৰা হয় আৰু মানসিক হ’লে কাৰণ অনুযায়ী বিভিন্ন থেৰাপি প্ৰয়োগ কৰা হয়। যদি নপুংসকতাৰ কাৰণ মিশ্ৰিত হয়, তেন্তে প্ৰথমতে শাৰীৰিক কাৰণৰ চিকিৎসা আগবঢ়াই পিছত মানসিক কাৰণক প্ৰতিৰোধ কৰা হয়।

১৯৭০ চনৰ আগলৈকে নপুংসকতা সম্বন্ধীয় মানসিক ৰোগৰ যি চিকিৎসা আগবঢ়োৱা হৈছিল, সেই চিকিৎসা দীঘলীয়া সময় জুৰি চলাইছিল আৰু ইয়াৰ সফলতাৰ হাৰ বেছি হৈছিল। এজন চিকিৎসকে একে ইসময়তে মাত্ৰ এজন ৰোগীকহে চিকিৎসা কৰিছিল। বৰ্তমান পৰিৱৰ্তিত ধাৰা অনুযায়ী ইয়াত বিভিন্ন থেৰাপি প্ৰয়োগ কৰাৰ লগতে সংঘবদ্ধভাৱে দলীয় সেৱা আগবঢ়োৱা হয়। এনে দলত যৌনৰোগ বিশেষজ্ঞ, ফিজিঅ’থেৰাপিষ্ট, মনোৰোগ বিশেষজ্ঞ, সমাজসেৱী, ধাত্ৰী আদি সকলোকে অন্তৰ্ভুক্ত কৰা হয়।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন(ডাঃ প্ৰতুল শৰ্মা)

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top