মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / নাকৰ শব্দত দুৰ্বিষহ জীৱন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নাকৰ শব্দত দুৰ্বিষহ জীৱন

নাকৰ শব্দত দুৰ্বিষহ জীৱনৰ বিষয়ে লিখা হৈছে

নাকৰ শব্দ মানে ৰাতি শোৱাৰ সময়ত আনৰ টোপনিত ব্যাঘাত জন্মোৱা নাকৰ শব্দটোৰ কথা কোৱা হৈছে।শোৱনী কোঠাৰ নাকৰ শব্দই বহুতৰে জীৱন বিপন্ন কৰিব পাৰে।আনকি নিজৰ জীৱনৰ প্ৰতিও সংশয়ৰ সৃষ্টি কৰিব পাৰে।ভাৰতবৰ্ষত বিষয়টোক সাধাৰণভাৱে লোৱা হয় যদিও,বিদেশত এনেকুৱা সমস্যাৰ ওপৰত অধ্যয়ন বা গৱেষণা কৰা হয়।এই অধ্যয়ন অনুযায়ী ৩০ শতাংশ প্ৰাপ্তবয়স্ক লোক আৰু সমুদায় ৫০ শতাংশ লোকৰে শোৱাৰ সময়ত নাকৰ শব্দ ওলায়।পৃথিৱীত  নাকৰ শব্দৰ কাৰণে সংসাৰ ভাগি যোৱাৰো উদাহৰণ বিৰল নহয়।আমাৰ দেশত শোৱনী কোঠাৰ পৰা নাকৰ শব্দ ওলোৱাটো সাধাৰণ কথা বুলি ভবা হয় যদিও স্বাস্থ্যৰ পক্ষে ই অতি ক্ষতিকাৰক আৰু ইয়াক প্ৰতিৰোধ কৰাটোও এক গুৰুত্বপুৰ্ণ বিষয়।নাকৰ শব্দৰ দ্বাৰা নিজৰ লগতে কোঠাটোত বা ঘৰটোত থকা আন সদস্যবোৰৰ টোপনিত ব্যাঘাত জন্মে।ফলত পাছদিনা গোটেই দিনটো টোপনিৰ ভাব লাগি থকাৰ উপৰিও অমনোযোগী আৰু খিংখিঙীয়া স্বভাৱৰ হৈ থাকে।বহুতো গৱেষণাৰ পৰা বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে ডাঙৰ ডাঙৰকৈ নাকৰ শব্দ কৰি শোৱা মানুহৰ প্ৰায় ৩৪ শতাংশৰে হাৰ্ট এটাক আৰু প্ৰায় ৬৭ শতাংশৰ ষ্ট্ৰোক হোৱাৰ আংশকা থাকে।যদিও নাকৰ শব্দ এটা সআধাৰণ সমস্যা ,তথাপি শল্য চিকিৎসাৰ দ্বাৰা এই শব্দ বন্ধ কৰাৰ পাছত নিজৰ পৰিয়ালৰ লগত সম্পৰ্কৰো উন্নতি হোৱা দেখা যায়।

শোৱাৰ পাছত হোৱা নাকৰ শব্দৰ আঁৰৰ কাৰণবোৰ হ’ল-নাকৰ বায়ু সংবহনকাৰী নলীকাত বাধা,ডিঙি আৰু জিভাৰ মাংসপেশী ঢিলা হৈ পৰে,ডিঙিৰ মাসপেশী উখহা,দীঘল কোমল পেলেট আৰু আলজিভা,বৰ্ধিত শৰীৰৰ ওজন ইত্যাদি।কাৰণবোৰৰ বিশদ বিৱৰণ হ’ল-

নাকৰ বায়ু সংবহনকাৰী:

 

নলীকাত বাধা:ডিঙিৰ ইনফেকচন ,চাইনাচাইটিচ অথবা কাহ আদি বা নাকৰ ভিতৰত জন্মৰ পৰাই কিবা বিসংগতি থকাৰ বাবে নাকৰ বায়ু সংবহনকাৰী নলীকাত বাধাৰ সৃষ্টি হয়।ফলত শোৱাৰ পাছতেই নাকৰ শব্দই নিজৰ লগতে ওচৰে-পাঁজৰে শোৱা মানুহৰো টোপনিত ব্যাঘাত জন্মায়।

 

ডিঙি আৰু জিভাৰ মাংসপেশী ঢিলা হৈ পৰা:শৰীৰচৰ্চাৰ অভাৱত অথবা বিভিন্ন দৰবৰ ব্যৱহাৰৰ ফলত নাইবা অন্যান্য ব্যতিক্ৰমী জীৱনশৈলীৰ বাবে ডিঙিৰ ভিতৰত থকা মাংসপেশী ঢিলা হৈ পৰে।তাৰোপৰি কিছুমানৰ বয়স বৃদ্ধিৰ বাবেও নাকৰ শব্দ হৈ টোপনিত ব্যাঘাত জন্মায়।

 

উখহা ডিঙিৰ মাংসপেশী:ডিঙি বা মুখৰ অন্ত:গহ্বৰ বিভিন্ন কাৰণত ফুলি উঠাৰ ফলতো নাকৰ পৰা শব্দ ওলাব পাৰে।ডিঙিৰ টনছিলাইটিছ,এডেনোয়ড আদিৰ বাবেও নাকৰ শব্দ ওলাব পআৰে।বিভিন্ন ধৰণৰ ইনফেকচন তথা চিগাৰেট,মদ অথবা ড্ৰাগছ খোৱাৰ ফলত ডিঙিৰ মাংসপেশী উখহি নাকৰ শব্দৰ সৃষ্টি কৰে।

কোমল পেলেট আৰু আলজিভা:মুখগহ্বৰৰ ওপৰফালে থকা কোমল পেলেট আৰু আলজিভাৰ আকাৰ আৰু প্ৰ্কাৰৰ ব্যতিক্ৰমৰ ফলতো শোৱাৰ সময়ত নাকৰ শব্দ ওলাব পাৰে।

বৰ্ধিত শৰীৰৰ ওজন:শৰীৰৰ ওজন বৃদ্ধিৰ ফলত মাংসপেশী ঢিলা হৈ পৰাৰ উপৰিও হাওঁফাওঁলৈ বায়ু সংবহনকাৰী নলীকাত চৰ্বি জমা হোৱাৰ ফলতো শোৱাৰ সময়ত অধিক নাকৰ শব্দৰ সৃষ্টি হ’ব পাৰে।

ইয়াৰ দ্বাৰা হ’ব পৰা স্বাস্থ্যজনিত সমস্যাবোৰ হ’ল-কেৰোটিড এথেৰোচিক্লেৰোচিছ,এপনিয়া,সঘনাই টোপনি ভগা,পাতল টোপনি ,হৃদপিণ্ডত চাপ ইত্যাদি।

  • কেৰোটিড এথেৰোচক্লেৰোচিছ:ইয়াৰ অৰ্থ হ’ল কেৰোটিড নামৰ ৰক্ত সংবহনকাৰী নলীকাডালত তেজৰ চৰ্বি,অনুচক্ৰিকা ইত্যাদি জমা হৈ তেজৰ সংবহন ৰোধ হ’ব পাৰে।এনেধৰণৰ বাধাৰ ফলত ষ্ট্ৰোক আদি হোৱাৰ সম্ভাৱনা অধিক হৈ পৰে।
  • এপনিয়া:টোপনিৰ সময়ত উশাহ নিশাহত বাধাগ্ৰস্ত হোৱাকে এপনিয়া বোলা হয়।বিভিন্ন কাৰণত নাকৰ শব্দৰ বাবে উশাহ নিশাহ বাধাগ্ৰস্ত হৈ শৰীৰত অক্সিজেনৰ পৰিমাণ কমি গৈ আন ৰোগক আমন্ত্ৰণ কৰে।
  • সঘনাই টোপনি ভগা:নিজৰ নাকৰ শব্দত নিজৰ তথ্য আনৰো সঘনাই টোপনি ভাগে।সঘনাই টোপনি ভগা ব্যক্তিৰ উৎসেচক আৰু হৰমোনৰ পৰিৱৰ্তনৰ ফলত বেছিকৈ ভোক লাগে।ফলত শৰীৰৰ ওজন বৃদ্ধি হৈ শৰীৰক বিভিন্ন ৰোগৰ বাসস্থান কৰি তোলে।
  • পাতল টোপনি:পাতল টোপনি মানুহৰ মানসিক ভাৰসাম্য ঠিক হৈ নাথাকে।খং বাঢ়ে তথা যিকোনো প্ৰকাৰে জীৱনশৈলী বিঘ্নিত হ’ব পাৰে।পাতল টোপনিৰ কাৰকো এই নাকৰ শব্দ হ’ব পাৰে।
  • হৃদপিণ্ড চাপ:নাকৰ শব্দৰ ফলত হোৱা টোপনিৰ ব্যাঘাতে হৃদপিণ্ডত চাপ বৃদ্ধি কৰাৰ উপৰিও ৰক্তচাপো বৃদ্ধি কৰে।
  • শৰীৰৰ ওজনৰ আধিক্যৰ ফলত হোৱা ৰোগবোৰ:শৰীৰৰ বৰ্ধিত ওজনৰ ফলত হ’ব পৰা ৰোগবিলাকৰ বিষয়ে প্ৰায়ভাগ লোকে জানে।শৰীৰৰ অধিক ওজন জীৱনৰ এক এৰাব নোৱাৰা বোজা স্বৰুপ।আঁঠুৰ বিষৰ পৰা উচ্চ ৰক্তচাপলৈ বহুসংখ্যক ৰোগ শৰীৰৰ ওজন বৃদ্ধিৰ ফলত হ’ব পাৰে।এই ধৰণৰ ওজন বৃদ্ধিৰ কাৰক আংশিকভাৱে হ’লেও টোপনিৰ সময়ত সৃষ্টি হোৱা নাকৰ শব্দ বুলিব পাৰি।
  • মানসিকতাৰ পৰিৱৰ্তন:নাকৰ শব্দ ওলোৱা মানুহৰ মানসিকতাৰ পৰিৱৰ্তন হ’ব পাৰে।নিজৰ নাকৰ শব্দৰ বাবে আনে বা নিজেও ভালদৰে শুব নোৱাৰিলে হীনমন্যতাত ভুগিব পাৰে।টোপনি ভাল নহ’লে মানুহ স্বভাৱগতভাৱে খিংখিঙীয়া হৈ পৰে।

নাকৰ শব্দক আওকাণ কৰি সাধাৰণভাৱেই লোৱা এই উপসৰ্গটোক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা উচিত।সাধাৰণতে নাকৰ শব্দক মানুহে ধেমালিতে গুৰুত্ব নিদিয়াকৈ থাকে যদিও ই গুৰুতৰ ৰোগৰ আগজাননী বুলি ভাবি সকলোৱে সজাগ হোৱা উচিত।আৰু ইয়াৰ নিৰাময়ৰ বিধানবোৰ মানি চলা উচিত।

নাকৰ শব্দ ৰোধ কৰিবলৈ কৰণীয়াসমুহ হ’ল-

 

  • শৰীৰচৰ্চা:টোপনিত হোৱা নাকৰ শব্দ কম কৰিবলৈ বা নিৰ্মুল কৰিবলৈ শৰীৰচৰ্চা কৰাটো অতি প্ৰয়োজনীয়।শৰীৰত অক্সিজেনৰ পৰিমাণ কম নহ’বলৈ তথা নাকৰ ভিতৰত থকা নলীবোৰ পৰিষ্কাৰ কৰি ৰাখিবলৈ শৰীৰচৰ্চা অতি প্ৰয়োজনীয়।উশাহ-নিশাহ লোৱাত বাধাৰ সৃষ্টি কৰা কাৰকবোৰ শৰীৰচৰ্চা,যোগ-প্ৰাণায়াম আদিৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰি।লক্ষ্যণীয় যে সকলোৱে শৰীৰ চৰ্চা আৰম্ভ ঠিকেই কৰে যদিও ইয়াক নিৰন্তৰভাৱে ৰাখিব নোৱাৰে।তাৰ কাৰণে লাগে ইচ্চা শক্তি আৰু মনোবল।নিজক উৎসাহিত কৰি ৰাখিবলৈ নিতৌ এইধৰণৰ কথা নিজৰ সংগীৰ লগত পাতিব পাৰে আৰু যোগ তথা শৰীৰ চৰ্চা আদিৰ টিভি প্ৰোগাম চাব পাৰে,নতুবা ইণ্টাৰনেটত উদগণিমুলক ভিডিঅ’ চাই নিজৰ উৎসাহ অটুট ৰাখিব পাৰে।
  • অধিক পানী খোৱা:শৰীৰত পানীৰ পৰিমাণ কম হ’লে শুই থকা সময়ত শ্বাস-প্ৰশ্বাস নলীবোৰ শুকান হৈ পৰে।ইয়াৰ ফলতো নাকৰ শব্দৰ সৃষ্টি হব পাৰে।যিহেতু পানীয়ে প্ৰাণীৰ প্ৰাণ বুলি সকলোৱে জানে,গতিকে সঠিক পৰিমাণে পানী খাই শৰীৰটো সুস্থ কৰি ৰখাটো আটাইৰে দায়িত্ব।আমি সাধাৰণতে পিয়াহ লাগিলেহে পানী খাওঁ যদিও শৰীৰৰ বিভিন্ন ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ বাবে পানী পানী পৰ্যাপ্ত মাত্ৰাত প্ৰয়োজন হয় বাবে নিৰ্দিষ্ট মাত্ৰাত পানী সেৱন নকৰিলে শৰীৰ অনেক প্ৰকাৰে অসুস্থ হৈ পৰে।নিৰ্দিষ্ট মাত্ৰাত,মানে শৰীৰৰ প্ৰতি ২০ কিলো ওজনৰ বিপৰীতে দৈনিক এক লিটাৰ পানী খোৱা প্ৰয়োজন।অৰ্থাৎ ৬০ কিলো ওজনৰ লোক এজনে দৈনিক তিনি লিটাৰ পানী খালে শৰীৰ নিৰোগী হৈ থকাৰ আশা সৰ্বাধিক হয়।
  • চিগাৰেট ,মদ আদি মাদক দ্ৰব্যৰ সেৱন বন্ধ কৰা:চিগাৰেট,মদ আদি মাদক দ্ৰব্য সেৱনৰ ফলত ডিঙিৰ মাংসপেশীবোৰ শিথিল হৈ পৰে আৰু ফলত নাকৰ শব্দ বাঢ়ি যায়।গতিকে নাকৰ শব্দ হৃদৰোগলৈ ৰুপান্তৰ হোৱাৰ আগতেই মাদক দ্ৰব্য সেৱনৰ অভ্যাস ত্যাগ কৰা উচিত।
  • শৰীৰৰ ওজন কম কৰা:শৰীৰৰ ওজন বৃদ্ধিৰ প্ৰধান কাৰণ মেদবহুলতা।ডিঙিৰ ভিতৰফালে চৰ্বি বৃদ্ধিৰ ফলতো নাকৰ সুৰুঙা  বাধাগ্ৰস্থ হয়।ফলত শুই থকাৰ সময়ত নাকৰ শব্দ হ’বলৈ আৰম্ভ কৰে।মনোযোগ নিদিয়া নাকৰ শব্দ দিনে দিনে বাঢ়ি গৈ থাকে।শৰীৰৰ ওজন সঠিকভাৱে নিয়ন্ত্ৰণ কৰাটো নাকৰ শব্দ বন্ধ কৰাৰ এক জৰুৰী অৱস্থা।
  • অতি প্ৰয়োজন নহ’লে টোপনি অনাৰ বাবে দৰব ব্যৱহাৰ নকৰিব:বহুলোকে অপ্ৰয়োজনীয়ভাৱে টোপনি অহা দৰবো ব্যৱহাৰ কৰা দেখা যায়।এনে ক্ষেত্ৰত নাকৰ ভিতৰত মাংসপেশী ঢিলা হৈ পৰাৰ আশংকা অধিক হয়।ফলত নাকৰ শব্দ দিনে দিনে বাঢ়ি যায়।টোপনি যোৱা অৱস্থাত নাকৰ শব্দ কম কৰিবলৈ হলে অপ্ৰয়োজনীয়ভাৱে টোপনি অহাৰ দৰব বা নাৰকোটিক দৰবৰ প্ৰয়োগ এৰাই চলা উচিত।
  • প্ৰয়োজনত সঠিক চিকিৎসা লোৱা অৰ্থাৎ চিকিৎসাত অৱহেলা নকৰা:নাকৰ শব্দক তুচ্ছ বুলি ভাবি অৱহেলা কৰিলে পাছলৈ শৰীৰত বিভিন্ন হানিকাৰক পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে।নাকৰ শব্দ প্ৰতিৰোধৰ বাবে প্ৰয়োজনত সঠিক চিকিৎসাৰ উপদেশ পালন কৰা আৰু চিকিৎসাত অৱহেলা নকৰাটোৱে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ অন্তিম উপায়।

চিকিৎসা শাস্ত্ৰত বিভিন্ন বিধান থাকিলেও নাকৰ শব্দৰ দ্বাৰা দুৰ্বিষহ হোৱা জীৱনলৈ শান্তি ঘুৰাই অনাৰ চেষ্টা নিজে কৰিব লাগিব।বহুতে নাকৰ শব্দৰ বাবে অকলশৰীয়া হৈ পৰে।আলহীৰ ঘৰতো ৰাতি থকাকৈ যাব নোৱাৰে।আনৰ টোপনিত ব্যাঘাত জন্মাই নিজেও হীনমন্যতাত ভোগে।গতিকে সময় থাকোতে বা ৰোগ অতিমাত্ৰা নৌহওঁতেই নিজৰ জীৱনশৈলী শুধৰাই লগতে চিকিৎসকৰ পৰামৰ্শ মানি চলি সুখী জীৱন তথা নিৰোগী হৈ আনন্দৰে পাৰ কৰক।

লেখক:মুনিন হুজুৰী

2.875
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top