বিভিন্ন কাৰণত নাক বন্ধ হ’ব পাৰে । সাধাৰণ চৰ্দি ৰোগ অথবা এলাৰ্জি ৰোগত নাক বন্ধ হোৱা দেখা যায় । নাকৰ ভিতৰত হাড় বেঁকা হোৱা বা পলিপ ৰোগতো নাক বন্ধ হ’ব পাৰে ।
১) নাক বন্ধ হোৱা
২) নাকৰ পৰা পানীৰ দৰে অথবা শ্লেষ্মাজাতীয় ৰস নিৰ্গত হোৱা ।
৩) অত্যধিক হাঁচি মাৰি থকা ।
৪) মাত সলনি হোৱা ।
৫) নাকৰ পৰা দুৰ্গন্ধ ওলোৱা ।
৬) জ্বৰ হোৱা (কেতিয়াবা)
৭) ৰক্তক্ষৰণ হোৱা (কেতিয়াবা) ।
১) তপত পানীৰ ভাপ নাকেৰে টানিব ।
২) জোৰকৈ নাক চাফা নকৰিব ।
৩) প্ৰচুৰ পানী খাব লাগে ।
৪) পৰিষ্কাৰ ভিজাই লোৱা কোমল কপাহ বা কাপোৰেৰে নাক বাহিৰৰ পৰা চাফা কৰিব ।
৫) নাকৰ ভিতৰত কাপোৰ সুমুৱাই চাফা নকৰিব ।
৬) পৰিষ্কাৰ নিমখ পানী অলপ তপত কৰি নাকেৰে টানি নাকৰ শ্লেষ্মা আঁতৰ কৰিব পাৰি । বায়ুত থকা ধূলি- বালি নাকৰ ভিতৰত লাগি ধৰে আৰু পৰিষ্কাৰ বায়ু হাওঁফাওঁলৈ প্ৰেৰণ কৰে ।
৭) নিমখ পানীৰ নাকৰ ড্ৰপ ব্যৱহাৰ কৰিব পাৰে ।
৮) দুদিনমানৰ বাবে চৰ্দিৰ বড়ি খাব পাৰে ।
৯) জ্বৰ উঠিলে দুদিনলৈ পেৰাচিটামল বড়ি বা ছিৰাপ খাব পাৰে ।
১০) তিনি দিনতকৈ অধিক নিজাববীয়া চিকিৎসা কৰা উচিত নহয় ।
১১) কিছুমান নাকৰ ড্ৰপ সাত দিনতকৈ অধিক ব্যৱহাৰ কৰা অনুচিত ।
১২) তিনি দিনৰ পিচত ৰোগী ভাল নহ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব ।
১৩) নাকৰ তেজ বা দুৰ্গন্ধ ওলালে চিকিৎসকৰ পৰামৰ্শ ল’ব ।
১৪) হাঁচি মাৰোতে মুখত, নাকত ৰুমাল ল’ব ।
নাকৰ ভিতৰত আঘাত লাগিলে তেজ পাৰে । নাকৰ ভিতৰত নখেৰে চিকুটা বা জোৰেৰে নাক চাফা কৰিলেও তেজ ওলাব পাৰে । নাকৰ ভিতৰখন গৰম দিনত শুকাই গ’লেও ৰক্তক্ষৰণ হ’ব পাৰে । নাকৰ ভিতৰত এডিনইড অথবা ছাইনাছ কুঠৰীৰ ভিতৰত বীজাণুৰ দ্বাৰা ৰোগ সংক্ৰমণ হ’লেও নাকৰ তেজ ওলাব পাৰে । উচ্চ ৰক্তচাপ, তেজৰ ৰোগ অথবা যকৃতৰ ৰোগতো নাকৰ পৰা তেজ ওলোৱা দেখা যায় ।
১) ৰোগীক বহিবলৈ দিব লাগে । শুবলৈ দিলে লক্ষ্য কৰিব লাগে যেন মূৰটো শৰীৰতকৈ কিছু ওখ অৱস্থাত থাকে । কাতি হৈ শুব লাগে । ওপৰমুৱাকৈ শুলে নাকৰ তেজ পেটলৈ যাব পাৰে ।
২) নাকৰ ওপৰখন শীতল পানী বা বৰফ দি চেঁচা কৰক ।
৩) নাকটো দুই আঙুলিৰ টিপি ধৰি থাকক , প্ৰায় দহ মিনিট ধৰি থাকিলেও ৰক্ত বন্ধ নহ’লে নাকৰ টিপি থকা অংশ সলনি কৰি পুনৰ টিপি ধৰক ।
৪) যদি নাকৰ তেজ ওলাই থাকে, তেন্তে পৰিষ্কাৰ কপাহ বা কোমল কাপোৰ নাকৰ ফুটাইদি সুমুৱাই দিব লাগে । সম্ভৱ হ’লে কপাহত নাকৰ ড্ৰপ আৰু ভেছেলিনজাতীয় জেলি লগাই ল’ব পাৰিলে ভাল । কেইঘণ্টামান ৰখাৰ পিচত এনে কপাহ সলনি কৰি দিব লাগে ।
৫) উচ্চ ৰক্তচাপ থাকিলে ৰক্তচাপৰ বড়ি খাব লাগে ।
১) নাকৰ ভিতৰত নখেৰে খজুৱাই থকা অনুচিত ।
২) জোৰকৈ নাক চাফা কৰি শ্লেষ্মা পেলাব নালাগে ।
৩) নাকৰ ভিতৰখন গামোচা আদি কাপোৰেৰে চাফা নকৰিব ।
৪) শুকান আৰু গৰম বতৰত নাকৰ ভিতৰৰ আৰ্দ্ৰতা বজাই ৰাখিবলৈ ভেছেলিন লগাই থ’ব লাগে ।
৫) ধূলি, ধোঁৱাৰে পৰিপূৰ্ণ পৰিবেশলৈ গ’লে কাপোৰেৰে নাক-ঢাকি ল’ব লাগে ।
৬) শীতল শুকান পৰিবেশলৈ গ’লে নাকৰ ড্ৰপ আৰু ভেছেলিন লৈ যাব লাগে ।
৭) অত্যধিক হাঁচি লৈ থাকিলে চৰ্দিৰ ঔষধ খাব পাৰে বা এণ্টি-হিষ্টামিন বঢ়ি খাব পাৰে ।
৮) শুকান বতৰত গৰম পানীৰ ভাপ শুঙিলে নাকৰ ভিতৰৰ ছাল কোমল হৈ থাকে ।
৯) উচ্চ ৰক্তচাপ ৰোগ থাকিলে নিমখ, মাংস, কণী কমাই খাব লাগে ।
নাকৰ দুই পিনে মুখৰ হাড়ৰ ভিতৰত ছাইনাছ নামৰ কুঠৰী থাকে । নাকৰ ভিতৰলৈ এই কুঠৰীবোৰ সংলগ্ন হৈ থাকে । নাকৰ পৰা এই ছাইনাছ কুঠৰীসমূহলৈ বায়ু চলাচল কৰি থাকে । নাকৰ এলাৰ্জি অথবা বীজাণুৰ সংক্ৰমণৰ ফলত ছাইনাচাইটিছ ৰোগ হ’ব পাৰে ।
লক্ষণ:-
১) নাক বন্ধ হোৱা ।
২) মূৰৰ বিষ হোৱা ।
৩) নাকৰ পৰা শ্লেষ্মাজাতীয় ৰস বা পূঁজ ওলাব পাৰে ।
৪) নাকৰ পৰা দুৰ্গন্ধ ওলাব পাৰে ।
৫) জ্বৰ হ’ব পাৰে ।
৬) মুখত বা কপালত বিষ হ’ব পাৰে ।
ঘৰুৱা চিকিৎসা –
১) নাকেদি সাধাৰণ কুহুমীয়া নিমখ-পানী টানিব পাৰে ।
২) নাকত লুণীয়া ড্ৰপ দিব পাৰে ।
৩) তপত পানীৰ ভাপ ল’ব পাৰে ।
৪) বন্ধ নাক খুলিবৰ বাবে ডিকনজেষ্টেণ্ট নামৰ ড্ৰপ ব্যৱহাৰ কৰিব পাৰে । (তিনি দিনতকৈ অধিক অনুচিত )।
৫) জ্বৰ বা মূৰৰ বিষৰ বাবে পেৰাচিটামল খাব পাৰে ।(দৈনিক তিনিবাৰতকৈ অধিক অনুচিত ।)
৬) নাকৰ দুৰ্গন্ধ ওলালে এণ্টিবায়’টিক খাবলগীয়া হ’ব পাৰে , ডাক্তৰৰ পৰামৰ্শ লওক ।
৭) ধূমপান ত্যাগ কৰক ।
৮) পুষ্টিকৰ খাদ্য খাই শৰীৰৰ প্ৰতিৰোধ শক্তি বৃদ্ধি কৰিবলৈ চেষ্টা কৰক ।
৯) ভিটামিন –চি যুক্ত আৰু কডলিভাৰ অইলজাতীয় খাদ্য ব্যৱহাৰ কৰক ।
ঘৰুৱা চিকিৎসা :-
১) অলপ ডাঙৰ শিশু হ’লে নাকেৰে সজোৰে বায়ু উলিয়াই দি নাক চাফা কৰিবলৈ ক’ব লাগে ।
২) সৰু কাপোৰ বা সূতাৰে নাক সুৰসুৰাই দিলে শিশুৰ হাঁচি আহে । তেতিয়াও বাহিৰা বস্তু নিৰ্গত হয় ।
৩) নাকৰ ফুটাৰ মুখত গুটি সোমাই থাকিলে এডাল জোং নোহোৱা তাঁৰ বীজাণুমুক্ত কৰি সাৱধানেৰে গুটিৰ পিচলৈ নি লাহেকৈ টানি দিলে এই গুটি বাহিৰ হ’ব পাৰে।
৪) বাহিৰা বস্তু নাকৰ বেছি ভিতৰলৈ সোমাই গ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে ।
৫) সদায় মনত ৰাখিব লাগে যে নাকত বাহিৰা বস্তু সোমাই গ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে ।
৬) সদায় মনত ৰাখিব লাগে যে নাকত বাহিৰা বস্তু সোমাই গ’লে তৎক্ষণাৎ উলিয়াই দিবই লাগিব বুলি কোনো কথা নাই । সাৱধানে নাকৰ ভিতৰত আঘাত নোপোৱাকৈ উলিয়াই দিয়াটোহে অধিক প্ৰয়োজনীয় । সেয়েহে আতংকিত নহৈ ধীৰে- সুস্থিৰে চিকিৎসকৰ ওচৰলৈ নিলেও হব ।
কণ কণ শিশুৱে খেলি থকা সময়ত গছৰ গুটি, কাগজ, প্লাষ্টিকৰ গুটি, স্প’ঞ্জ আদি নাকত সুমুৱাই দিয়া দেখা যায় । কেতিয়াবা খাবলৈ দিয়া বস্তুও নাকৰ ভিতৰলৈ সুমুৱাই দিয়ে ।
লক্ষণ :-
১) বহুদিনলৈ কোনেও একো নজনাকৈ নাকত বাহিৰা বস্তু সোমাই থাকিব পাৰে ।
২) প্ৰায়ে অভিভাৱকে শিশুক নিজেই নাকত বাহিৰা বস্তু সুমুৱাই থাকোতে দেখে । নাকৰ এটা ফুটাৰে শ্লেষ্মাজাতীয় ৰস ওলাই থাকিব পাৰে । প্ৰথমে এই শ্লেষ্মা বগা ৰঙৰ আৰু পিচলৈ হালধীয়া বা ৰঙচুৱা হ’ব পাৰে ।
৩) নাকৰ পৰা দুৰ্গন্ধ ওলাব পাৰে ।
৪) শিশুৰ হাঁচি বাঢ়ি যাব পাৰে ।
লেখক : ডা: বিশ্বনাথ শৰ্মা
উৎস :- দেওবৰীয়া সম্ভাৰ
মোৰ নাকৰ পৰা পোজাৰ নিচিনা ওলাই আৰু গোন্ধ উলাই কি কৰিব লাগিব জনাবচোন