অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নিউমোনিয়া :

নিউমোনিয়াৰ বিষয়ে লিখা হৈছে ।

 

সাধাৰণতে আমাৰ কিছুসংখ্যক ব্যক্তিয়ে ভাবে যে নিউমোনিয়া ঠাণ্ডা লাগি হোৱা ৰোগ। কিন্তু পৰিৱৰ্তনীয় বাতাৱৰণৰ হেতু যিকোনো সময়ত ইয়াৰ সংক্ৰমণৰ সম্ভাৱনা থাকে।

এই ৰোগ কিয় হয় আৰু কেনেদৰে ইয়াৰ পৰা পৰিত্ৰাণ পাব পৰা যায়, সেই বিষয়ে জানো আহক।

আজিকালি পৰিৱেশ প্ৰদূষণৰ সমস্যা বাঢ়ি অহাৰ ফলত বেছিভাগ ব্যক্তি শ্বাসতন্ত্ৰ সম্বন্ধীয় বিভিন্ন ৰোগৰ চিকাৰ হ’ব ধৰিছে।

নিউমোনিয়াও এনে এক গম্ভীৰ ৰোগ, যি হাঁওফাঁওৰ সংক্ৰমণৰ ফলত উদ্ভৱ হয়।

আমি যেতিয়া উশাহ লওঁ, তেতিয়া হাঁওফাৱে বায়ু পৰিশোধন কৰাৰ কাম কৰে আৰু শুদ্ধ অক্সিজেন ৰক্ত প্ৰৱাহৰ জৰিয়তে সমগ্ৰ শৰীৰলৈ প্ৰেৰণ কৰে আৰু উশাহ এৰা প্ৰক্ৰিয়াৰ দ্বাৰা কাৰ্বনডাই অক্সাইডযুক্ত দূষিত বায়ু শৰীৰৰ পৰা বাহিৰ উলিয়াই দিয়াৰ কাম কৰে।

এনে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰা অংগটো যেতিয়া বেমৰী হৈ যায়, তেতিয়া নিশ্চিতভাৱে শৰীৰটোৱে ইয়াৰ দুষ্পৰিণাম ভুঞ্জিবলগীয়া হয়।

স্বাভাৱিকতে সৰু ল’ৰা-ছোৱালীৰ দেহত এই সংক্ৰমণ ভাইৰাছৰ যোগেদি হয়। কিন্তু জ্যেষ্ঠসকলৰ মাজত এই সমস্যা বেক্টেৰিয়া কাৰণে হয়।

বহু সময়ত কোনো ৰোগীক হাস্পতালত লগ পাবলৈ যোৱা ব্যক্তিৰো নিউমোনিয়াৰ সমস্যা হ’ব পাৰে।

সেয়ে এনে সংক্ৰমণৰ পৰা ৰেহাই পাবলৈয়ে আই চি ইউত থকা ৰোগীক লগ কৰিবলৈ গ’লে হাস্পতাল কৰ্তৃপক্ষই গাউন, শ্বু-কভাৰ আৰু মাস্ক নিপিন্ধাকৈ ভিতৰলৈ সোমোৱাৰ অনুমতি নিদিয়ে, কিয়নো ৰোগী আৰু আগন্তুক দুয়োৰে দেহলৈ পৰস্পৰৰ পৰা ৰোগ সংক্ৰমিত হোৱাৰ আশংকা থাকে।

কাৰণ কি:

উশাহৰ যোগেদি হাঁওফাঁওলৈ প্ৰৱেশ কৰা বেক্টেৰিয়া, ফাংগাছ আৰু ভাইৰাছ মুখ্যতঃ ইয়াৰ বাবে দায়ী।

বিশেষকৈ বৰ্তমান সময়ত প্ৰদূষণৰ প্ৰাদুৰ্ভাৱ বাঢ়ি অহাৰ ফলত নিউমোনিয়াৰ সমস্যা দ্ৰুতগতিত বাঢ়িব ধৰিছে।

*পৰিৱৰ্তনীয় বাতাৱৰণত ভাইৰাছসমূহৰ বাঢ়ি অহা সক্ৰিয়তা,

*দীৰ্ঘদিন ধৰি হৈ থকা পানী লগা,

*বসন্ত ৰোগ আদিৰ পিছত শৰীৰৰ অন্তৰ্ভাগ দুৰ্বল হৈ পৰে আৰু ইয়াৰ ফলতো ব্যক্তিৰ নিউমোনিয়াৰ সমস্যা হ’বগৈ পাৰে।

তদুপৰি-

*ডায়েবেটিছ,

*এজমা,

*টিবি,

*কেঞ্চাৰ আৰু

*হৃদৰোগীৰ দেহতো এই ধৰণৰ সংক্ৰমণ হয়।

মূখ্য লক্ষণ:

*ভীষণ জ্বৰ-কাহৰ লগতে অতিমাত্ৰাত কফ ওলোৱা আৰু মাজে-সময়ে কফৰ সৈতে তেজ ওলোৱা,

*উশাহ লোৱাত কষ্ট পোৱা,

*হৃদস্পন্দন বাঢ়ি অহা,

*ডায়েৰীয়া,

*খাদ্যৰ প্ৰতি অনীহা,

*ওঁঠ দুটা ক’লা পৰি যোৱা আৰু দুৰ্বল অনুভৱ কৰা ইত্যাদিয়েই মুখ্য লক্ষণ।

স্থিতি গম্ভীৰ হৈ পৰিলে ৰোগী সংজ্ঞাহীন হ’বও পাৰে। অৱশ্যে ইয়াৰে কিছু লক্ষণ সাধাৰণ জ্বৰ-পানী লগাৰ ক্ষেত্ৰতো হ’ব পাৰে। কিন্তু নিউমোনিয়াৰ প্ৰথম লক্ষণ হৈছে জ্বৰৰ লগতে সঘনে কাহি থকা আৰু ডিঙিত পাতলীয়া বিষ অনুভৱ কৰা।

ডায়েবেটিছত আক্ৰান্ত ৰোগী আৰু বৃদ্ধ ব্যক্তিসকলৰ শৰীৰ যন্ত্ৰই ঠিকমতে কাম কৰিব নোৱাৰে বাবে এনে ব্যক্তিৰ জ্বৰ বা কাহ অবিহনেও নিউমোনিয়া হ’ব পাৰে। এনে স্থিতি হ’লে খাদ্যৰ প্ৰতি অৰুচি আৰু মূৰ্ছা যোৱা আদি লক্ষণে দেখা দিয়ে।

পৰীক্ষা আৰু নিৰাময়ৰ উপায়:

এই ৰোগৰ বুজ ল’বলৈ সৰ্বপ্ৰথমে তেজ আৰু কফ পৰীক্ষা কৰাব লাগে। ইয়াৰ পিছত লক্ষণ আৰু সংক্ৰমণৰ কাৰণসমূহৰ প্ৰতি ধ্যান দি নিৰাময়ৰ ব্যৱস্থা কৰা হয়। বেক্টেৰিয়াৰ যোগেদি উদ্ভৱ হোৱা নিউমোনিয়াৰ কাৰণে এন্টিবায়’টিক দৰব দিয়া হয়।

এনেস্থলত ইয়াক নিয়মিত সেৱনৰ আৱশ্যক। অন্যথা দ্বিতীয়বাৰ পুনৰ সংক্ৰমণৰ আশংকা বাঢ়ে।

সাধাৰণতে বেক্টেৰিয়াৰ দ্বাৰা হোৱা সংক্ৰমণ পোন্ধৰ দিনমানৰ ভিতৰত ঠিক হৈ যায়। কিন্তু ভাইৰাছৰ দ্বাৰা সংক্ৰমণ হ’ল যথেষ্ট সময় লাগে।

ৰোগীৰ অৱস্থা শোচনীয় হৈ পৰিলে হাস্পতালত ভৰ্তি কৰোৱা প্ৰয়োজনো আহি পৰে। উশাহ-নিশাহৰ গতি নিয়মীয়া কৰাৰ কাৰণে তেওঁক অক্সিহেনো দিয়া হয়।

তদুপৰি চাকচনৰ জৰিয়তে বুকুত জমা হোৱা কফ বাহিৰ কৰা হয়। এনে কৰিলে ৰোগীয়ে খুব সোনকালে আৰোগ্য লাভ কৰে।

সুৰক্ষাৰ উপায়:

*কাহ উঠিলে মুখত ৰুমাল ল’বলৈ নাপাহৰিব আৰু ওচৰে-পাঁজৰে থকা কোনোজনৰ কাহ হৈছে যদি তেওঁৰ সৈতে খোৱাবস্তু ভগাই নাখাব।

*যদি এসপ্তাহৰ পিছত কফৰ দৰব খোৱাৰ পিছতো কাহ নকমে, তেন্তে চিকিৎসকৰ পৰামৰ্শ অৱশ্যেই ল’ব।

*প্ৰদূষণৰ পৰা ৰেহাই পাবলৈ ঘৰৰ পৰা বাহিৰ ওলোৱাৰ সময়ত মাস্ক পিন্ধিবলৈ নাপাহৰিব।

*নিজৰ ওচৰে-পাঁজৰে কোনো ব্যক্তিকে ধূম্ৰপাণ কৰাৰ অনুমতি নিদিব।

*নিজৰ ঘৰখনকো সম্পূৰ্ণৰূপে প্ৰদূষনমুক্ত কৰি ৰখাৰ চেষ্টা কৰিব। চোফা, মেট্ৰেছ আৰু কাৰ্পেটত ধূলি জমা হ’বলৈ নিদিব।

*পৰিৱৰ্তনীয় বাতাৱৰণত পানী লগা বা চৰ্দি হোৱাৰ পৰা নিজক বচোৱাৰ চেষ্টা কৰা দৰকাৰ। বাহিৰত ওলালে পাতল উলৰ কাপোৰ পিন্ধিবলৈ নাপাহৰিব।

*শ্বাসতন্ত্ৰক সুস্থ কৰি ৰখাৰ বাবে কোনো অভিজ্ঞ ব্যায়াস বিশেষজ্ঞৰ পৰা শিকি-বুজি অনুলোম-বিলোমৰ নিয়মিত অভ্যাস কৰিব।

*শৰীৰৰ অন্তৰ্ভাগ দুৰ্বল হোৱাটোৱেই নিউমোনিয়াৰ মুখ্য কাৰণ। গতিকে ইয়াক শক্তিশালী কৰি ৰখাৰ বাবে নিয়মীয়াকৈ মৌচম্বী ফল, সেউজীয়া শাক-পাচলি আদি খাব।

*ই এক ভ্ৰান্ত ধাৰণা যে ফল আৰু দৈ খালে চৰ্দি-জ্বৰ আদি হয়। অৱশ্যে ফ্ৰিজৰ পৰা উলিয়ায়েই খাদ্য খালে অথবা ঠাণ্ডা পানী সেৱন কৰিলে সমস্যা বাঢ়ি আহে।

*যদি এসপ্তাহমানৰ ভিতৰতো চৰ্দি, কাহ তথা জ্বৰ নকমে, তেন্তে চিকিৎসকৰ পৰামৰ্শ অৱশ্যেই লওক।

কেৱল ঘৰুৱা প্ৰতিবিধানৰ ওপৰত নিৰ্ভৰ নকৰিব, কিয়নো এই সংক্ৰমণ দূৰ কৰাৰ বাবে নিশ্চিত ৰূপত ঔষধ খোৱাৰ আৱশ্যক হয়।

*চিকিৎসকে নিৰ্দেশ দিয়া মতে সেৱন কৰা এণ্ডিবায়’টিকছৰ ক’ৰ্ছ মাজতে এৰি নিদিব। এনে কৰিলে পুনৰাই চৰ্দি, জ্বৰ, কাহ আদিৰ দৰে সমস্যা হ’ব পাৰে।

শিশুটিক বচাওক এনেদৰে:

আজি সমগ্ৰ বিশ্বতে প্ৰতিবছৰে প্ৰায় ওঁঠৰ শতাংশ শিশুৰ এই ৰোগত মৃত্যু হ’ব ধৰিছে।

সিহঁতৰ ক্ষেত্ৰত এই সংক্ৰমন ভাইৰাছৰ যোগেদি হয়, যাক নিৰাময় কৰা যথেষ্ট কঠিন হয়। নৱজাত শিশুৰ যদি চৰ্দি-কাহ হয়, তেতিয়া বিশেষভাৱে সচেতন হোৱা উচিত।

*উশাহ-নিশাহৰ গতি ক্ষিপ্ৰ হোৱা,

*ওঁঠ-হাত-ভৰিৰ আঙুলিৰ বৰণ শেঁতা পৰা,

*গাখীৰ নোখোৱা,

*শৌচ-প্ৰস্ৰাৱৰ সৈতে তেজ ওলোৱা ইত্যাদি লক্ষণ নিউমোনিয়াৰ ইংগিত দিয়ে।

সেয়েহে শিশুৰ কাহ-পানী লগা বা জ্বৰ হ’লে সাধাৰণভাৱে নল’ব আৰু কিবা অসুবিধা হ’লেই তৎক্ষণাৎ চিকিৎসকৰ কাষ চাপিব। কণমানি শিশুক নিউমোনিয়াৰ পৰা বচাবলৈ নিম্নোক্ত কথাখিনিৰ প্ৰতি ধ্যান দিয়ক।

*ঘৰত যদি কণমানি শিশু আছে, তেন্তে চাফ-চিকুণতাৰ প্ৰতি বিশেষভাৱে লক্ষ্য ৰাখিব আৰু তাক কোলাত তুলি লোৱাৰ পূৰ্বে হাত ধুবলৈ নাপাহৰিব। শিশুৰ কোঠালৈ জোতা-চেণ্ডেল পিন্ধি নাযাব।

*যদি পৰিয়ালত কাৰোবাৰ পানী লগা, কাহ আদি হৈছে তেন্তে শিশুটিক তেওঁৰ পৰা নিলগত ৰখা উচিত।

*ঠাণ্ডা বতৰত শিশুক সিমানখিনিহে কাপোৰ-কানি পিন্ধাব, যিমানখিনিৰ প্ৰয়োজন হয়।

বহু সময়ত প্ৰয়োজনতকৈ বেছি উলৰ কাপোৰ পিন্ধোৱাৰ ফলতো শৰীৰৰ পৰা ঘাম নিৰ্গত হ’ব ধৰে আৰু পিছত শৰীৰটো ঠাণ্ডা পৰি যোৱাৰ ফলতো নিউমোনিয়া হ’বগৈ পাৰে।

যদি এনেবোৰ সাধাৰণ অথচ মহত্ত্বপূৰ্ণ কথালৈ ধ্যান ৰাখিব পৰা যায়, তেতিয়াহ’লে শ্বাসতন্ত্ৰ সম্বন্ধীয় এই ৰোগৰ পৰা পৰিত্ৰাণ পোৱাটো সম্ভৱ হ’ব।

লেখিকা: ডাঃ ৰীণা দেৱী(নিয়মীয়া বাৰ্তা)

2.25
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top