অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নিপা ভাইৰাছ :

নিপা ভাইৰাছৰ বিষয়ে লিখা হৈছে ।

 

নিপা ভাইৰাছ কি?

নিপা ভাইৰাছ জীৱ-জন্তুৰ পৰা বিয়পা এক নতুন ভাইৰাছ। ১৯৯৮ চনত মালয়েছিয়ামৰ কাম্পূং চাংগাই নিপা নামৰ ঠাইডোখৰত গাহৰিৰ শৰীৰত ই পোন প্ৰথমবাৰৰ বাবে চিনাক্ত হৈছিল। তেতিয়া এই ভাইৰাছৰ দ্বাৰা ২৬৫ জন ব্যক্তি সংক্ৰমিত হৈছিল। ইয়াৰ ১০৬ জন ৰোগীৰে মৃত্যু হৈছিল। অৱশ্যে গাহৰি Intermediate host   হে।   Natural Host হ’ল Pteropodidae family, Pteropus genus ৰ এবিধ ফল খোৱা বাদুলীহে। মালয়েছিয়াত হোৱা সংক্ৰমণৰ পিচত, এই ভাইৰাছৰ দ্বাৰা সংক্ৰমণ  হোৱা ঘটনা ২০০১ চনলৈ পুনৰ ঘটা নাছিল। ২০০১ চনত শিলিগুৰিত ৬৫ জন লোক এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ, তাৰে ৪৫ জন মৃত্যুমুখত পৰিছিল। ২০০১ চনৰ পৰা ২০১১ চনলৈ মুঠ এঘাৰবাৰ এনে ভাইৰাছৰ দ্বাৰা আতংকৰ সৃষ্টি হৈছিল। ২০০৪ চনত বাংলাদেশত এই ভাইৰাছ লাগি থকা ফল খাই কিছু লোক নিপা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পিচত ৬০০ জন ব্যক্তি এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছিল। ২০০৭ চনত কলকাতাত এনে ভাইৰাছৰ দ্বাৰা আতংকৰ সৃষ্টি হৈছিল। বিশ্ব স্বাস্থ্য সংস্থাই ভৱিষ্যতে মহামাৰী সৃষ্টি কৰিব পৰা সম্ভাৱ্য ১০ বিধ ভাইৰাছৰ নাম সন্নিৱিষ্ট কৰা তালিকাত নিপা ভাইৰাছ প্ৰথম আছে। এই ভাইৰাছবিধৰ বাবে আটাইতকৈ চিন্তনীয় কথা এই যে Mutanat  হৈ থাকে।

লক্ষণ আৰু উপসৰ্গ -

নিপা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ব্যক্তিয়ে কোনো ৰোগৰ লক্ষণ নেদেখাবও পাৰে। সাধাৰণতে মানুহৰ শৰীৰত প্ৰৱেশ কৰাৰ পিচত ৰোগৰ লক্ষণ দেখাবলৈ প্ৰায় ৪ ৰ পৰা ১৪ দিন লাগে। নিপা ভাইৰাছৰ দ্বাৰা হোৱা ৰোগে সাধাৰণতে ইনফ্লুৱেঞ্জাৰ দৰে জ্বৰ, ডিঙিৰ সুৰসুৰণি, মূৰৰ বিষ, পেশীৰ বিষ, বমিভাৱ আৰু বমি আদি উপসৰ্গ দেখায়। কেতিয়াবা শ্বাস-প্ৰশ্বাসৰ সংক্ৰমণ বাঢ়ি গৈ প্ৰথমে উশাহ-নিশাহ লোৱাত কষ্ট পোৱা, নিউ’মনিয়া হোৱা আৰু শেহলৈ মৃত্যুপৰ্যন্ত হ’ব পাৰে। আনহাতে নিপা ভাইৰাছে মস্তিষ্কৰ সংক্ৰমণ ঘটাই এনকেফেলাইটিছ সদৃশ ৰোগ সৃষ্টি মানুহৰ মৃত্যু ঘটাব পাৰে। এনে হ’বৰ বাবে প্ৰথমে ৰোগীৰ অতিমাত্ৰা মূৰৰ বিষ হৈ পিচলৈ মূৰটো ইকাটি-সিকাটি কৰিব নোৱাৰা হয়। গাঁঠিবোৰ কোঁচাব নোৱৰা হৈ পৰে আৰু লাহে লাহে শৰীৰ অসাৰ হৈ পৰে। এই অৱস্থাক একুইট এনকেফালাইটিছ অৱস্থা বুলি কোৱা হয়। শেষলৈ ৰোগী অজ্ঞান হৈ পৰে। এনে অৱস্থাত মৃত্যুৰ হাৰ বেছি। শিশুসকলৰ ক্ষেত্ৰত মৃত্যুৰ হাৰ অধিক হোৱা দেখা যায়। কিবা প্ৰকাৰে এনে ৰোগী বাচি গ’লেও স্নায়ৱিক দুৰ্বলতা , কাণেৰে কম শুনা, শৰীৰৰ বিকলতা আদি ৰৈ যাব পাৰে। সাধাৰণতে নিপা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ৪০ ৰ পৰা ১০০ শতাংশ ৰোগীৰে মৃত্যু হোৱা দেখা যায়।

কিদৰে বিয়পে -

নিপা ভাইৰাছ মানুহ আৰু জীৱ-জন্তু দুয়োবিধতে সংক্ৰমিত হয়। নিপা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ব্যক্তিৰ শৰীৰৰ পৰা নিৰ্গত পদাৰ্থৰ সৈতে সংস্পৰ্শ হৈ এজন সুস্থ মানুহৰ শৰীৰলৈ নিপা ভাইৰাছ বিয়পিব পাৰে। এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত গাহৰিৰ সংস্পৰ্শত থাকিলে অথবা আক্ৰান্ত গাহৰিৰ ভালকৈ নৰন্ধা মাংস খালেও এজন সুস্থ মানুহৰ শৰীৰলৈ নিপা ভাইৰাছ বিয়পিব পাৰে। আনহাতে এই ভাইৰাছ থকা বাদুলীয়ে আধা খাই লেলাউটি অথবা প্ৰস্ৰাৱ লগাই থোৱা ফল বা এই ফলৰ ৰস খালেও এজন সুস্থ মানুহৰ শৰীৰলৈ নিপা ভাইৰাছ বিয়পিব পাৰে। মানুহলৈ বিয়পা নিপা ভাইৰাছৰ প্ৰায় ৬০ শতাংশ জীৱ-জন্তুৰ পৰাই আহে।

চিকিৎসা: -

নিপা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ হোৱা ৰোগৰ কোনো সু নিৰ্দিষ্ট ঔষধ নাই। তথাপি ওপৰত উল্লেখ কৰা ৰোগৰ লক্ষণবোৰ দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে আৰু চিকিৎসালয়ত ভৰ্তি কৰিব লাগে। ৰোগীক লক্ষণৰ Supportive চিকিৎসা দিব পাৰি। হাস্পতালত ৰোগীক আছুতীয়া কক্ষত ৰাখি জ্বৰ কমোৱা দৰৱ, উপৰুৱা বেক্টেৰিয়েল সংক্ৰমণ কমাবৰ বাবে এণ্টিবায়’টিক দিয়াৰ উপৰি শৰীৰৰ পানী আৰু ইলেক্ট্ৰ’লাইট সঠিককৈ ৰাখিবলৈ ছেলাইন দিয়া, পনীয়া পুষ্টিকৰ আহাৰ আদি খাবলৈ দিব লাগে। জটিল অৱস্থাৰ সৃষ্টি হ’লে ৰোগীক আই চি ইউত ভৰ্তি কৰি ভেণ্টিলেচনত ৰাখিব লগাও হ’ব পাৰে।

প্ৰতিৰোধ -

১) অসুৰিক্ষতভাৱে নিপা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ আহিব নালাগে।

২) NH-95-Grade মাস্ক ব্যৱহাৰ কৰিব লাগে।

৩) সঘনাই হাত চাবোনেৰে পৰিষ্কাৰকৈ ধুই থাকিব লাগে।

৪) আধা খোৱা ফল অথবা পেষ্টুৰাইজ (কম সময়ত৫ ১০০ ডিগ্ৰী চেণ্টিগ্ৰেডত উতলাই হঠাৎ ৪ ডিগ্ৰী চেণ্টিগ্ৰেডলৈ আনি কৰা পেকেজিং) নকৰা ফলৰ ৰস খাব নালাগে।

৫) জীৱ-জন্তুৰ অতি সংস্পৰ্শত থাকিব নালাগে।

৬) ফল খোৱাৰ আগতে বাকলি ভালকৈ ধুই ব আকলি গুচাই খাব লাগে।

৭) সৰু ল’ৰা-ছোৱালীৰ হাইজিন ৰক্ষা কৰি ৰাখিব লাগে।

৮) ঘৰৰ বস্তু-বাহনি , আচবাব ঢাকি ৰাখিব লাগে।

লেখক: ডা: ধৰ্মকান্ত কুম্ভকাৰ (দেওবৰীয়া সম্ভাৰ )

 

 

 

 

 

 

 

 

 

 

 

 

 

2.66666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top