মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / পলি আৰাথ্ৰাইটিছ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পলি আৰাথ্ৰাইটিছ :

পলি আৰাথ্ৰাইটিছৰ বিষয়ে লিখা হৈছে ।

 

গাঁঠিৰ বিষ হোৱাক আৰাথ্ৰাইটিছ বোলা হয় । যেতিয়া দুটা বা অধিক গাঁঠিৰ বিষ হয়, তেতিয়া তাক পলি আৰাথ্ৰাইটিছ (Polyarthritis) বোলা হয় । আজিকালি গাঁঠিৰ বিষ নোহোৱা লোক প্ৰায় নাইকিয়া হৈছে । এই ৰোগত আক্ৰান্ত হোৱা কাৰণসমূহ এনেদৰে বিশ্লেষণ কৰিব পাৰি-

মেদবহুলতা -

আজিকালি চৰ্বিযুক্ত আহাৰ খোৱাৰ বাবে কম বয়সতে মেদবহুলতা হোৱা দেখা যায় । বহু পিতৃ-মাতৃয়ে বেছি শকত সন্তানক ভাল স্বাস্থ্যৱান বুলি অনুভৱ কৰে । এইধৰণৰ মেদবহুলতা হৃদৰোগ আৰু বহুমূত্ৰৰ কাৰণ হ’ব পাৰে ।

*বয়সৰ লগে লগে গাঁঠিৰ বিষ হয় । গতিকে দেহৰ চৰ্বি কম কৰিবলৈ চাব লাগে । চৰ্বিহীন খাদ্য আৰু সাধাৰণ ব্যায়াম, খোজকঢ়া আদিৰে চৰ্বি কমাব পাৰি । দিনৰ দিনতো অকণো শাৰীৰিক পৰিশ্ৰম নকৰিলে চৰ্বি জমা হ’বই ।

*যিসকলৰ অৱস্থা অধিক ভাল  তেখেতসকলে তলৰ মহলাৰ পৰা ওপৰলৈ অহা-যোৱা কৰোঁতে গাঁঠিৰ বিষ অনুভৱ কৰে ।

পলি আৰাথ্ৰাইটিছৰ ভাগসমূহ -

*ৰিউমেটইড আৰাথ্ৰাইটিছ (Rheumatoid Arthritis) – মহিলাৰ ক্ষেত্ৰত বেছি হোৱা দেখা যায়। দুৰ্বল, ভাগৰুৱা লাগে, এলাহ লাগে । পুৱা গাঁঠিবোৰ লৰচৰ কৰাত অসুবিধা হয় । প্ৰথমে হাত আৰু ভৰিৰ সৰু গাঁঠিবোৰ, পাছত লাহে লাহে ডাঙৰ গাঁঠিবোৰ বিষ হয় । মাজে মাজে ভাল, মাজে মাজে বিষ অনুভৱ হয় ।

*ৰিউমেটিক ফিভাৰ (Rheumatic fever) :-কম বয়সত হয় । গাঁঠিৰ বিষ এটা গাঁঠিৰ পৰা অন্য গাঁঠিলৈ যায় । জ্বৰ জ্বৰ ভাব । ছালত ৰঙা ৰঙা পৰা । গুটি গুটি হোৱা দেখা যায় ।

*একিউট পায়জেনিক আৰাথ্ৰাইটিছ (Acute pyogenic Arthritis ):- এটা গাঁঠিত হয় । বিষ হয়, ওখহি যায় । বেছি জ্বৰ হয় । তেজ পৰীক্ষা কৰিলে বীজাণু পোৱা যায় । তেজত স্বতৰক্তকণিকা (WBC) বৃদ্ধি হয় ।

*গাউট (Gout)- মধ্যম বয়স বা বৃদ্ধ অৱস্থাত হয় । পৰিয়ালত কাৰোবাৰ থাকে । মেদবহুলতা থাকে । হঠাৎ আৰম্ভ হয় । Metacarpophalangeal Joint of Big Toe   যথেষ্ট বিষ হয় । ওখহি যায় । ঔষধ খালে উপশম পায়, ভৰিৰ বুঢ়া আঙুলিৰ প্ৰথম গাঁঠি ফুলি উঠে।

*অষ্টিঅ’আৰথ্ৰাইটিছ ( Osteoarthritis) :- ৪০ বছৰ পাছৰ, শকত আৰু দেহৰ ভৰ লোৱা গাঁঠিত বেছি হয় । এক্স-ৰে, ইউ এছ কৰিলে গম পোৱা যায় ।

*টিউবাৰকুলাৰ আৰথ্ৰাইটিছ :- (Tubercular Arthritis) যক্ষ্মা বা টিবি হোৱাৰ লক্ষণ থাকে । হঠাৎ হয় । এটা গাঁঠিত আৰম্ভ হয় । পৰিয়ালৰ কাৰোবাৰ থাকে । গাঁঠিৰ ভিতৰ পানীত (Synovial Fluid) টিবিৰ বীজাণু পোৱা যায় ।

*গন’কক্কেল আৰথ্ৰাইটিছ (Gonococcal Arthritis)- জ্বৰ, গাঁঠিৰ বিষ, প্ৰস্ৰাৱৰ অসুখ ।   হোৱাৰ লক্ষণ পোৱা যায় ।

*এজকাইল’জিং স্পণ্ডিলাইটিছ (Ankylosing Spondylitis)- কম বয়সৰ পুৰুষ, কঁকালৰ বিষ, তেজত ই এছ আৰ বেছি । এক্স-ৰে, ইউ এছৰ পৰা গম পোৱা যায় ।

আন আন কিছুমান কাৰণতো গাঁঠিৰ বিষ হ’ব পাৰে ।

১) Psoriatic Arthritis - ছালৰ অসুখৰ পৰা হয় । psoriasis নামৰ ছালৰ অসুখৰ পৰা হয় ।

২)  Osteomyelitis হাড়ৰ ৰোগ ।

৩)  Ulcerative colitis পেটৰ অসুখ ।

৪) পিঠাখোৱা (Mumps)এবিধ ভাইৰাছৰ পৰা হোৱা ৰোগ ।

৫) সৰু আই (Measles) এবিধ ভাইৰাছৰ পৰা হোৱা ৰোগ ।

চিকিৎসা- ৰোগ নিৰ্ণয় কৰিবলৈ সেইমতে চিকিৎসা কৰিলে উপশম পাব।

লেখক :- ডা: দুৰ্লভ বৰুৱা

উৎস :- দৈনিক জনমভূমি

 

2.85714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top