মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / পলিচিষ্টিক অভেৰিয়ান ছিনড্ৰম
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পলিচিষ্টিক অভেৰিয়ান ছিনড্ৰম

পলিচিষ্টিক অভেৰিয়ান ছিনড্ৰমৰ বিষয়ে লিখা হৈছে

পলিচিষ্টিক অভেৰিয়ান ছিনড্ৰম কি-

 

এই উপসৰ্গবিধক স্ত্ৰীৰোগৰ বিষয় মুলত: ই হৰমন বিষয়ক খেলিমেলিৰ ফলত হোৱা এবিধ জটিল ৰোগ।এই ৰোগৰ ফলত অভেৰিৰৰ কাৰ্যক্ষমতাত বিকলতই দেখা দিয়ে।হৰমনৰ খেলিমেলিবোৰ হ’ল ক্ৰমে-(ক)তেজত লুটিয়েনাইজিং হৰমনৰ মাত্ৰা বেছি হয় আৰু ফলিকুমাৰ ষ্টিমুলেটিং হৰমনৰ মাত্ৰা তুলনামুলকভাৱে কম হয়;(খ)পুৰুষ যৌন হৰমনৰ (এণ্ড্ৰোজেন )মাত্ৰা বৃদ্ধি হয়;(গ)ইনচুলিন হৰমনৰ প্ৰতি শৰীৰৰ সঁহাৰি কমি যায়।ফলত তেজতে ইনচুলিন হৰমনৰ মাত্ৰা বৃদ্ধি হয়;(ঘ)প্ৰকৃততে অভেৰি বা ডিম্বকোষৰ ভিতৰত GnRH হৰমনৰ উত্তেজনা বৃদ্ধি পায় আৰু পিটুটিয়ৰি নামৰ গ্ৰন্থটো  GnRH প্ৰতি স্পৰ্শকতাৰ হৈ উঠে।এই দুবিধ ক্ৰিয়া হঠাতেনো কিয় ইমান সক্ৰিয় হৈ পৰে তাৰ ব্যাখ্যা দেহতত্ত্ব বিজ্ঞানে আজিও দিব পৰা নাই।এই প্ৰক্ৰিয়া অৱশ্যে এটা দুৰাচাৰে  বা বিকাৰগ্ৰস্ত চক্ৰৰ মাজেৰে চলি থাকে;(ঙ)ৰোগৰ সঠিক  কাৰণ জনা নগ’লেও বংশগত বুৰঞ্জী (Genetic History) এটা বিদ্যামান।তদুপৰি জীৱনশৈলী আৰু আহাৰৰ প্ৰকৃতিয়েও কিছু পৰিমাণে প্ৰভাৱ পেলায়।যেনে-অতিমাত্ৰা তেলজাতীয় আহাৰ,ফাষ্টফুড ভক্ষণ,ব্যায়াম কচৰতৰ অভাৱ আদিকো এই ৰোগৰ কাৰণ বুলি ধৰা হৈছে।

লক্ষণসমুহ

 

(১)পলিচিষ্টিক ওভেৰিয়ান ছিনড্ৰম মানে ওভেৰি বা ডিম্বকোষৰ গাত বহু পৰিমাণে ৰসাল সৰু সৰু চিষ্ট উদ্ভৱ হোৱা বুজায়।

(২)ছিনড্ৰম মানে ‘বহু লক্ষণ বিশিষ্ট’হয়-(ক) লক্ষণসমুহ সাধাৰণতে যুৱতীৰ গাত বয়:সন্ধি পোৱাৰ লগে লগে অৰ্থাৎ পুষ্পিষা হোৱাৰ পিছতেই স্পষ্ট হৈ উঠে।

(খ)ঋতু হঠাতে বন্ধ হোৱা ,কমি যোৱা  বা অনিয়মিতভাৱে হোৱা ইত্যাদি।

(গ) মাহেকীয়া ঋতু হোৱাৰ সময়ত তলপেটত বা মলদ্বাৰৰ আশে-পাশে অসহা যন্ত্ৰণা বা বিষ হ’ব পাৰে।

(ঘ)কিছুমান পুৰুষ প্ৰধান শাৰীৰিক লক্ষণ যুৱতীগৰাকীৰ গাত দেখা দিব পাৰে।যেনে-মুখত শালমইনা ওলোৱাৰ প্ৰাৰ্দুভাৱ ,ওঠত ,মুখত আৰু বুকুত মিহি মিহি নোৰ আধিক্য হোৱা ইত্যাদি।

(ঙ)দেহৰ স্বাভাৱিক ওজনত বাঢ়ি যোৱা বা মেদ প্ৰৱণতাই দেখা দিব পাৰে(এইসমুহ লক্ষণ তেজত এণ্ড্ৰোজেন নামৰ যৌনহৰমন বৃদ্ধি হোৱাৰ ফলত হয়।

(চ)অবাধ এণ্ড্ৰোমেট্ৰিয়েল ষ্টিমুলেচনৰ বাবে জৰায়ুৰ ভিতৰত মিউকাচ আৱৰণখন ফুলি গৈ সোপোকা হৈ ‘হাইপাৰ প্লোচিয়া’ হ’ব পাৰে যাৰ ফলত কেতিয়াবা কম ঋতুস্ৰাৱৰ পৰিৱৰ্তে প্ৰচুৰ পৰিমাণৰ ঋতুস্ৰাৱে মহিলাগৰাকীক কাবু কৰি পেলোৱ দেখা যায়।

(ছ)তেজত লুটিয়েনাইজিং হৰমনৰ মাত্ৰ বেছি হোৱাৰ বাবেই আৰু এটা মাৰাত্মক লক্ষণে দেখা দিব পাৰে ।সেইটো হ’ল অভেৰিৰ পৰা ডিম্ব স্ফুটন হোৱাত বিঘিনি হোৱা বা একেবাৰে নোহোৱাকৈ থকা ।

পলিচিষ্টিক অভেৰি থকা মহিলাৰ ক্ষেত্ৰত ২৫-৩০ শতাংশ মহিলাই যে বন্ধ্যাত্বত ভোগে তাৰ কাৰণ হ’ল এইটোৱেই।

ৰোগ নিৰ্ণয়

 

PCOS নামৰ অভেৰিৰ এই উপসৰ্গবিধৰ অস্তিত্ব স্ত্ৰীৰোগ বিজ্ঞান শাস্ত্ৰত অন্তৰ্ভক্ত হোৱা বৰ বেছি বছৰ হোৱা নাই।১৯৩৫ চনত Stein আৰু Leventhal নামৰ দুজন চিকিৎসা বিজ্ঞানীয়ে ইয়াক ধৰা পেলায় যদিও আজি পৰ্যন্ত ইয়াক লৈ চৰ্চা আৰু গৱেষণাৰ অন্ত পৰা নাই।মহিলাগৰাকী ‘পলিচিষ্টিক অভেৰিয়ান ডিজিজ’ত (PCOD)ভোগা বুলি নিশ্চিত ভাৱে ক’বলৈ হ’লে তলৰ বৈশিষ্ট্যমুলক লক্ষণসমুহ থকা দৰকাৰ।

(১)ডিম্বস্ফুটন নোহোৱা (Anovulation)বা কম হাৰত হোৱা।

(২)কিছুমান পুৰুষ প্ৰধান বৈশিষ্ট্যৰ (masculin characters) অৰ্বিভাৱ হোৱা যেনে শকত হৈ অহা মুখত শালমইনা হোৱা ,নোমগজা ইত্যাদি।লগতে তেজত পুৰুষ হৰমন (এণ্ড্ৰোজেনৰ )মাত্ৰা বৃদ্ধি হোৱা।

(৩)আলট্ৰাছাউণ্ড পৰীক্ষাৰ যোগে অভেৰিৰ ভিতৰত ৰসাল সৰু সৰু চিষ্টৰ উপস্থিতি দেখিবলৈ পোৱা।

আঁৰৰ কাৰণ

তেজত আনুপাতিকভাৱে ফলিকুলাৰ ষ্টিমুলেটিং হৰমনৰ মাত্ৰা (FSH Level)কমি যোৱাৰ বাবে ডিম্বকোষৰ ভিতৰত ডিম্বকোষৰ স্ফুটন প্ৰক্ৰিয়া বিঘিনিগ্ৰস্ত হয়।ডিম্ব সঞ্চাৰ হয় যদিও পৰিপক্কতাৰ অভাৱে দেখা দিয়ে ফলত সৰু সৰু ডিম্বানুবোৰৰ ভিতৰত পানীৰ দৰে জুলীয়া পদাৰ্থ অস্বাভাৱিক প্ৰক্ৰিয়াত জমা হয় আৰু ডিম্বকোষৰ ভিতৰখন বহু চিষ্টযুক্তভাৱে সজ্জিত হৈ উঠে।অভেৰি বা ডিম্বকোষত poly cystic হৈ পৰাৰ আঁৰৰ ঘটনা এয়ে।ওপৰত কৈ অহাৰ দৰে PCO কেৱল কেইটামান লক্ষণৰ ওপৰত নিৰ্ভৰ কৰি সঠিকভাৱে মন্তব্য কৰিব পৰা নাযায়। পৰীক্ষা-নিৰাক্ষাবোৰৰ ভিতৰত কেইটিমান উল্লেখযোগ্য লেবৰেটৰী পৰীশক্ষা আৰু USG (ছোন’গ্ৰাফী )খুব মুল্যৱান পৰীক্ষা।

লেবৰেটৰীত তেজ পৰীক্ষা কৰি তেজত –(ক) লুটিয়েনাইজিং হৰমনৰ মাত্ৰা (LHLevel)আৰু (খ)ফলিকুল ষ্টিমুলেটিং হৰমনৰ মাত্ৰা (FHS) পৰীক্ষা কৰি চাব লাগিব ।সাধাৰণতে এই দুবিধ হৰমনৰ অনুপাত ৩:১ হোৱা দৰকাৰ।(গ) তেজত টেষ্টোটেৰোণ আৰু ডিহাইড্ৰএপিএণ্ড্ৰোষ্টেৰণ (DHEAS)এই দুবিধ হৰমনৰ মাত্ৰা সাধাৰণতে স্বাভাৱিক থাকে বা মৃদুভাৱে বৃদ্ধি হ’বও পাৰে।

আলট্ৰাছাউণ্ড ছ’ন’গ্ৰাফি পৰীক্ষাত সাধাৰণতে এটি বা দুয়োদি ওভেৰি কম-বেছি পৰিমাণে ডাঙৰ হ’ব পাৰে আৰু ওভেৰিৰ ওপৰৰ আৱৰণখনতে ক্ষুদ্ৰ ক্ষুদ্ৰ বহুবোৰ সৰু সৰু চিষ্ট (২-৫ মি:মি:) খুব বেছি ডাঙৰ হ’লে ২-১ টা ১-২ ছেণ্টিমিটাৰ আকৃতিৰো দেখা যাব পাৰে।USG পৰীক্ষাৰ একোটা বা দুয়োটা অভেৰিৰ কমেও ১০-১২ টাৰ ভিতৰত সৰু চিষ্ট দেখা পোৱা যায়।

চিকিৎসা

 

(১)প্ৰতিৰোধ ব্যৱস্থা: PCO উপসৰ্গসমুহৰপৰা আঁতৰি থাকিবলৈ হ’লে –(ক)শৰীৰ ওজন কমাব লাগিব।(খ)চৰ্বিজাতীয় আহাৰ সমুলি বৰ্জন কৰিব লাগিব।(গ)নিয়মিতভাৱে ব্যায়াম আৰু যৌগিক কছৰত কৰিব লাগিব।(ঘ)ডায়েবেটিছ বা তেজত গ্লকোজৰমাত্ৰা অধিক থাকিলে metformin দৰখাবলৈ দিয়া হয় ।

(২)PCOS ৰ বাবে যিসকল মহিলাই বন্ধ্যাত্বত ভুগিছে আৰু গৰ্ভধাৰণৰ কথা চিন্তা কৰিছে তেওঁলোকে অভিজ্ঞ  স্ত্ৰীৰোগ চিকিৎসকৰ লগত পৰামৰ্শ লৈন ডিম্ব -স্ফুটনৰ বাবে হৰমন জাতীয় দৰব উচিত হিচাপত সেৱন কৰিব আৰু আলট্ৰাছাউণ্ড স্কেনিং মাধ্যমেৰে সময়ে সময়ে মণিটৰিং কৰি থাকিব।জধে-মধে নিজাববীয়াকৈ দৰব ব্যৱহাৰ কৰিবলৈ ল’লে সি দেহাৰ মাৰাত্মকভাৱে ক্ষতি কৰিব পাৰে।

(৩)দৰবৰ চিকিৎসাৰ সুফল নাপালে শল্য চিকিৎসাৰ মাধ্যমেৰেও ইয়াৰ চিকিৎসাৰ ব্যৱস্থা আছে।এণ্ডস্কপিক কটৰাইজেচন ,লেজাৰৰ প্ৰয়োগ ইত্যাদিৰেও পলি-চিষ্টবোৰ ধ্বংস কৰি পেলাব পাৰি।

(৪)PCO ত ভোগা যিসকল মহিলাই গৰ্ভধাৰণৰ কথাটো গুৰুত্ব সহকাৰে চিন্তা নকৰে তেওঁলোকে OCPill অৰ্থাৎ মুখেৰে সেৱন কৰা উন্নতমানৰ গৰ্ভনিৰোধক বড়ি,নতুবা প্ৰজেষ্ট’জেন হৰমন (Medoxy Progestoger acetate)সেৱন কৰিব পাৰে।এই চিকিৎসাৰ উদ্দেশ্য হ’ল তেজত বৰ্দ্ধিত ইষ্ট্ৰোজেন কমোৱা (ফলত এণ্ড্ৰোজেনৰ মাত্ৰা কম) ।

PCO ৰ বাবে যদিহে কোনো মহিলাই নোম গজাৰ আধিক্যত ভুগিছে তেনেহ’লে OC Pil ব্যৱহাৰ কৰিব পাৰে।যিসকলে  OC Pil সেৱন কৰিব নিবিচাৰে তেওঁলোকে  দৰব হিচাপে প্ৰজেষ্টজেন হৰমন ব্যৱহাৰ কৰি চাব পাৰে।যদিহে কোনো যুৱতী বা মহিলাই  PCO হোৱাৰ বাবে মুখত তীব্ৰ শালমইনাৰ cyproterone acetate নামৰ ঔষধ ব্যৱহাৰ কৰিলে উপশম পাব পাৰে।

গুৰুত্ব সহকাৰে মানি চলিবলগীয়া কথাষাৰ হ’ল PCO উপসৰ্গত ভোগা যিকোনো যুৱতে মহিলাই যি লক্ষণ নিৰাময়ৰ বাবে দৰব সেৱন কৰিব বিচাৰে তেওঁলোকে সদায়ই স্ত্ৰীৰোগ আৰু এণ্ডক্ৰাইনল’জী বিষয়ৰ বিশিষ্ট আৰু অভিজ্ঞ চিকিৎসক নতুবা উন্নতমানৰ চিকিৎসা প্ৰতিষ্ঠানৰ প্ৰাসংগিক বিশেষজ্ঞৰ লগত পৰামৰ্শ কৰিহে দৰব সেৱন কৰা উচিত।

লেখক:ডা: দীনেশ শৰ্মা (দৈনিক অসম)

 

 

 

2.93548387097
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top