মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / পাইলচ’ৰ বিষয়ে লবলগীয়া সতৰ্কতা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পাইলচ’ৰ বিষয়ে লবলগীয়া সতৰ্কতা :

পাইলচ’ৰ বিষয়ে লবলগীয়া সতৰ্কতাৰ বিষয়ে লিখা হৈছে ।

 

‘পাইলচ’ বুলিলে নজনা মানুহ বৰ কমহে ওলাব৷ হাটে বাটে, বাতৰি কাকতত নানাধৰণৰ অনেক বিজ্ঞাপন অনায়াসে চকুত পৰে৷

পশ্চিমৰ উন্নত দেশ যেনে আমেৰিকা আৰু ইংলেণ্ডত পঞ্চাচোৰ্ধৰ বয়সৰ ৫০শতাংশৰো অধিক লোক পাইচৰ ভূক্তভোগী বুলি জনা যায়৷

ভাৰতৰ বিষয়ে সঠিক তথ্য পোৱা নাযায়৷ ইয়াৰ প্ৰমুখ কাৰণ হ’ল লজ্জাবশত: বহুতে চিকিৎসকৰ ওচৰলৈ নগৈ স্ব-চিকিৎসা কৰে নাইবা বেজ – কবিৰাজ আৰু ভুৱা ডাক্তৰৰ কাষ চাপে৷

গুৰুতৰ নহলে বহু সময়ত ৰোগৰ নিজেও উপশম ঘটে৷ পাইলচ অসুখত ৰোগীৰ মৃত্যু নহয়৷

কিন্তু পাইলচৰ বাহিৰে আন অসুখটো শৌচদ্বাৰৰ পৰা ৰক্তক্ষৰণ হব পাৰে৷

বিশেষকৈ ক’লনৰ বা শৌচদ্বাৰৰ কেঞ্চাৰ, ক্ৰঞ্চ ডিজিজ, ইৰিটেবল বাৱেল চিনড্ৰম আদিত৷

সেয়ে লজ্জাত্যাগ কৰি হলেও মলদ্বাৰেদি কম বা বেচি পৰিমাণে ৰক্তক্ষৰণ হোৱা লোকসকলে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷

পাইলচ অসুখত মলাশয় আৰু শৌচদ্বাৰৰ ৰক্তপ্ৰবাহী নলীৰ পৰা কম বেচি পৰিমাণে ৰক্তক্ষৰণ হয়৷ পাইলচ দুই ধৰণৰ হব পাৰে৷

বাহিৰত দেখা যোৱা External piles আৰু মলাশয়ৰ ওপৰৰ অংশত থকা Internal piles৷

আকৌ ইণ্টাৰনেল পাইলচক গুৰুত্ব অনুসৰি চাৰিটা পৰ্য্যায়ত ভগোৱা হয়৷

৩য় আৰু ৪ৰ্থ পৰ্য্যায়ৰ ইণ্টাৰনেল পাইলচত সাধাৰণতে অপাৰেচনৰ প্ৰয়োজন হয়৷

পাইলচ হোৱাৰ সম্ভাব্য কাৰণসমূহ:

*শৌচ কচা (ক্ৰনিক কন্সটিপেচন)

*অতিমাত্ৰা শৌচ পনীয়া হোৱা (ক্ৰনিক ডায়েৰিয়া)

*মল বাহিৰ কৰোতে ৫মিনিটৰ বেচি সময় বল প্ৰয়োগ কৰিবলগীয়া হোৱা

*প্ৰষ্টেটৰ বিকাৰ হেতু প্ৰসাব কৰোতে বেচি বল প্ৰয়োগ কৰিবলগীয়া হোৱা

*গৰ্ভাৱস্থা আৰু সন্তান প্ৰসৱ

*মেদবহুলতা

*গধুৰ ওজন দাঙিবলগীয়া হোৱা

*বয়সৰ আধিক্য

*কম ফাইবাৰযুক্ত খাদ্য সেৱন

*পৰিয়ালৰ আন সদস্যৰ পাইলচ থকা

পাইলচৰ লক্ষণসমূহ: (পাইলচ অস্বস্তিকৰ আৰু অসুবিধাদায়ক হলেও জটিলতা সৃষ্টি নোহোৱালৈকে সিমান বিপদজনক নহয়৷)

*শৌচৰ প্ৰক্ৰিয়াৰ সৈতে জড়িতহৈ শৌচদ্বাৰেদি কেঁচা তেজ আৰু মিউকাচ নিৰ্গত হোৱা৷ তেজৰ পৰিমাণ সামান্য বা কিছু বেচিও হব পাৰে৷

*শৌচদ্বাৰত টেমুনা বা ঘা হোৱা

*শৌচদ্বাৰৰ খজুৱতি

*মলত্যাগ কৰোতে বিষ অনুভৱ হোৱা

পাইলচৰ জটিলতাসমূহ:

পাইলচৰ ৰোগীৰ কাচিৎ ৰক্তক্ষৰণৰ ফলত ৰক্তহীনতা (এনিমিয়া) হব পাৰে৷ এক্সটাৰ্নেল পাইলচৰ ৰক্তপ্ৰবাহ বন্ধহৈ কষ্টদায়ক থ্ৰমবচিচ হব পাৰে৷

পাইলচ অংশৰ বীজানুৰ সংক্ৰমণ হব পাৰে৷ ইণ্টাৰনেল পাইলচ মলদ্বাৰৰ ভিতৰলৈ ঘূৰি নগলে গেংগ্ৰিন আৰু ষ্ট্ৰেংগুলেচন হব পাৰে৷

ৰোগৰ চিনাক্তকৰণ:

অভিজ্ঞ চিকিৎসকে মলদ্বাৰ ভালদৰে নিৰীক্ষণ কৰি ৰোগ চিনাক্ত কৰিব পাৰে৷ চিকিৎসকে ইয়াৰ বাবে প্ৰক্টস্ক’প, কল’নোস্ক’পৰ সহায় লবলগীয়া হব পাৰে৷

কেতিয়াবা বেৰিয়াম এনেমা এক্সৰে কৰিবলৈ চিকিৎসকে পৰামৰ্শ দিব পাৰে৷ ইয়াৰ দ্বাৰা ৰক্তক্ষয়ৰ আন কাৰণ বিশেষকৈ টিউমাৰ চিনাক্ত কৰাত সহায় হয়৷

পাইলচৰ চিকিৎসা:

দহ শতাংশ ৰোগীৰ অপাৰেচনৰ প্ৰয়োজন হব পাৰে৷ বাকী অধিকাংশ ৰোগীৰে আন ব্যৱস্থাৱলীৰ দ্বাৰা ৰোগৰ উপশম ঘটে৷

ৰোগ সামান্য হলে খোৱা লোৱাত সতৰ্ক হলে নিজে নিজেও ভাল হব পাৰে৷

হিপ বাথ:

দৈনিক ১০ৰ পৰা ১৫মিনিট সময় দিনে ৩/৪বাৰ শৌচদ্বাৰ কুহুমীয়া গৰম পানীৰ গামলাত সুমুৱাই সেক দিয়াটো উপযোগী

*লোকেল এনাচথেটিক, হাইড্ৰকৰ্টিচন আদিযুক্ত মলম বা চাপজিটৰিৰ ব্যৱহাৰ

*বিষৰ বাবে পেৰাচিটামল বা আইব্ৰুপ্ৰফেন দৰবৰ প্ৰয়োগ

*সতৰ্কতাপূৰ্ণভাবে শৌচ ঢিলা হোৱা (Laxative) ঔষধৰ প্ৰযোগ

*পাইলচ হোৱা ঠাইত শুকাই যোৱা ঔষধৰ বেজী দিয়া

*ৰাবাৰ বেণ্ডৰ দ্বাৰা গাঠিবন্ধন

*ইনফ্ৰাৰেড চিকিৎসা

*ক্ৰায়’চাৰ্জাৰী

*অস্ত্ৰোপচাৰ(Hemorrhoidectomy)।

কিছুমান অতি লাগতিয়াল ব্যৱস্থাৱলী:

*আঁহ থকা অৰ্থাৎ বেচি ফাইবাৰযুক্ত খাদ্য নিয়মীয়াকৈ গ্ৰহণ কৰা

*জাংক ফুড, তেলমছলাযুক্ত খাদ্য পৰিহাৰ কৰা

*পানী সদায় বেচিকৈ খোৱা-দিনটোত কমেও ১০গিলাচ

*শৌচৰ অনভূতি হলেই লগে লগে মলত্যাগ কৰা

*নিয়মীয়া ব্যায়াম বা কচৰৎ কৰি পাক প্ৰণালীৰ নাড়ীসমূহ সবল ৰখা।

ঘৰুৱা উপচাৰ:

*এলোভেৰাৰ পাত পিচি লগালে পাইলচৰ উপশম ঘটে

*বিষ আৰু ফুলা কমাবলৈ বৰফ সেই অঞ্চলত লগাব পাৰে

*অলিভ অইল আৰু এলমণ্ড অইলৰ প্ৰয়োগ

*কল-গাখীৰ মিশ্ৰণ

*তিতা কেৰেলাৰ পিতিকা

*মূলাৰ ৰস

* ১)মানিমুনি,

২)ভেদাইলতা,

৩)মাটি কান্দুৰী আদি অতি উপযোগী শাকক নিয়মীয়া খাদ্যৰ তালিকাভুক্ত কৰা।

লেখক: ডাঃ ভূপেন শইকীয়া

3.0
Rayhan Ali sikder Aug 02, 2018 05:04 PM

Pilce

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top