মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / পাকস্থলীৰ কৰ্কট
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পাকস্থলীৰ কৰ্কট

পাকস্থলীৰ কৰ্কট ৰোগৰ বিষয়ে লিখা হৈছে

সাম্প্ৰতিক কালত মানুহৰ মাজত আন বহুতো অসংক্ৰামক ৰোগৰ লগতে কৰ্কট ৰোগৰ প্ৰাৰ্দুভাৱো অভাৱনীয়ভাৱে বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে।কৰ্কটক এবিধ ৰোগ নুবুলি ,এক শ্ৰেণীৰ ৰোগক সাধাৰণভাৱে বুজাবলৈ ব্যৱহাৰ কৰা এটা নাম বুলিব পাৰি;কাৰণ শৰীৰৰ ভিন ভিন অংগত উদ্ভৱ হোৱা কৰ্কট ৰোগৰ প্ৰকৃতিও ভিন্ন হয়।ভাৰতত আপেক্ষিকভাৱে অধিক প্ৰাদুৰ্ভাৱ থকা এবিধ কৰ্কট ৰোগ হ’ল পাকস্থলীৰ কৰ্কট ৰোগ।বিশেষকৈ উত্তৰ-পুৰ্বাঞ্চল আৰু দক্ষিণ ভাৰতত এইবিধ ৰোগৰ প্ৰাদুৰ্ভাৱ অতি বেছি।মহিলাতকৈ দুগুণ বেছি পুৰুষ এই ৰোগত আক্ৰান্ত হয়।

পাকস্থলীৰ ভিতৰৰ স্তৰ বা মিউকাছ মেমব্ৰনত হোৱা কৰ্কট ৰোগক এডেনোকাৰ্চিনোমা বোলাৰ বিপৰীতে পাকস্থলীৰ বেৰৰ পেশীত হোৱা কৰ্কট ৰোগক ‘গেষ্ট্ৰোইণ্টেষ্টাইনেল ষ্ট্ৰোমাল টিউমাৰ ,সংক্ষেপে জি আই এছ টি বা জিষ্ট বোলা হয়।আনহাতে ,হেলিক’বেক্টাৰ পাইলোৰি (Helicobacter pylori)নামৰ বেক্টেৰিয়াবিধৰ সংক্ৰমণৰ ফলত হোৱা টেমুনাক গেষ্ট্ৰিক লিম্ফোমা (gastric lymphoma)বোলে।হেলিক’বেক্টাৰ পাইলোৰি ডুঅ’ডেনেল আলচাৰ (duodenal ulcer)ৰ বাবেও দায়ী।উল্লেখযোগ্য যে কৰ্কট ৰোগৰ সৈতে বেক্টেৰিয়াৰ সম্পৰ্ক প্ৰথমবাৰৰ বাবে আৱিষ্কাৰ হয় পাকস্থলীৰ কৰ্কট ৰোগতেই।

অতিশয় সংৰক্ষিত খাদ্য,বেছি নিমখত ৰখা খাদ্য অথবা মচলাযুক্ত খাদ্য অধিক মাত্ৰাত বা নিয়মিতভাৱে খালে পাকস্থলীৰ কৰ্কট ৰোগ হোৱাৰ আশংকা থাকে।মদ্যপান আৰু ধুমপান কৰিলেও পাকস্থলীৰ কৰ্কট হ’ব পাৰে।পাৰ্নিচিয়াছ এনিমিয়া নামৰ ভিটামিন ‘বি-১২’ৰ অভাৱৰ বাবে হোৱা একধৰণৰ ৰক্তাল্পতাও এই ধৰণৰ কৰ্কটৰ কাৰক হ’ব পাৰে।বংশগত কাৰণতো এই কৰ্কট হ’ব পাৰে।যিসকল লোকৰ তেজৰ গ্ৰুপ ‘এ’তেনে লোক এই ৰোগত বেছিকৈ আক্ৰান্ত হয়।বহুদিন ধৰি পেণ্টোপ্ৰাজন প্ৰভুতি কেতবোৰ ঔষধ খাই থাকিলেও পাকস্থলীৰ কৰ্কট ৰোগ হ’ব পাৰে।পাকস্থলীৰ কৰ্কটত আক্ৰান্ত হোৱাসকলৰ অধিকাংশই বয়সীয়াল লোক।৪০ বছৰ বয়সৰ পিছৰপৰাই এই ৰোগত আক্ৰান্ত হোৱাৰ আশ্ংকা বৃদ্ধি পায়।অৱশ্যে কিছুসংখ্যক কম বয়সীয়া লোকো এই ৰোগত আক্ৰান্ত হয়।

উপসৰ্গ

 

*পাকস্থলীৰ কৰ্কট হ’লে হঠাৎ ভোক কমি যায়।অৱশ্যে যিসকল এনোৰিক্সিক (Anorexic)তেওঁলোকৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য নহয়,তেনে লোকে অলপ খাদ্য খোৱাৰ পিছতেই পেট ভৰি খোৱা যেন অনুভৱ কৰে।

*ৰোগী ৰক্তাল্পতা বা এনিমিয়াত ভোগে।

*শৰীৰ ক্ৰমাৎ দুৰ্বল হ’বলৈ ধৰে আৰু ওজন কমিবলৈ ধৰে।

*কৰ্কট বৃদ্ধি পালে পাকস্থলীৰ পথ বন্ধ হৈ যায়,ফলত বমি হ’বলৈ ধৰে।তদুপৰি খাদ্য হজম কৰাৰ ক্ষেত্ৰত সমস্যা হয়।

*এটা গুৰুত্বপুৰ্ণ কথা হ’ল পাকস্থলীৰ কৰ্কটৰ প্ৰথম অৱস্থাত পেটৰ বিষ নহয়।ৰোগবিধৰ প্ৰকোপ যথেষ্ট বৃদ্ধি পোৱাৰ পিছতহে বিষ আৰম্ভ হয়।

এই কৰ্কট পাকস্থলীৰ ওপৰৰ অংশতো হ’ব পাৰে অথবা তলৰ অংশতো হ’ব পাৰে।পাকস্থলীৰ ওপৰৰ অংশত কেন্সাৰ হ’লে যিহেতু খাদ্যনলীৰ কাষতে হয়,সেয়েহে এইক্ষেত্ৰত উল্লিখিত উপসৰ্গবোৰৰ বাহিৰে আন কেতবোৰ উপসৰ্গই দেখা দিখা দিয়ে;সেইবোৰ হ’ল-

*খাদ্য গিলিব নোৱৰা হোৱা।

*খাদ্য গিলিলে বুকুত লাগি ধৰে।

*এই কৰ্কটত পেটত ঘাঁ হয় বাবে বমিৰ সৈতে তেজো ওলাব পাৰে।

চিকিৎসা

 

ৰোগৰ লক্ষণৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসকে এণ্ডোস্কোপী (Endoscopy)কৰাবলৈ দিলে ততালিকে এণ্ডোস্কোপী কৰোৱাই মংগল।এইক্ষেত্ৰত হোঁহকা পিছলা কৰি থাকিলে বিপদ যথেষ্ট বৃদ্ধি পাব পাৰে।তদুপৰি পাকস্থলীৰ কৰ্কট চিনাক্তকৰণৰ প্ৰধান উপায় হ’ল গেষ্ট্ৰোস্কোপী (gastroscopy)।ইয়াৰ লগতে যাৱতীয় ৰক্তপৰীক্ষা আৰু চিটি স্কেন কৰাব লাগে।

প্ৰাথমিক স্তৰতে ধৰা পৰিলে অস্ত্ৰোপচাৰেই সৰ্বোত্তম চিকিৎসাৰুপে গণ্য কৰা হয়।কিন্তু কেন্সাৰৰ প্ৰকোপ বৃদ্ধি পালে,অস্ত্ৰোপচাৰৰ লগতে কেমোথেৰাপী আৰু ৰেডিঅ’থেৰাপীৰেও ৰোগীক চিকিৎসা প্ৰদান কৰা হয়।অৱশ্যে কেমো আৰু ৰেডিঅ’থেৰাপীৰে চিকিৎসা কৰিলেও অস্ত্ৰোপচাৰ কৰাটো প্ৰয়োজনীয়।পাকস্থলীৰ তলৰ অংশত কেন্সাৰ হ’লে সেই অংশটো অস্ত্ৰোপচাৰ কৰি উলিয়াই অনা হয়-ইয়াক পাৰ্চিয়েল গেষ্ট্ৰেক্ট’মী বোলা হয়।আনহাতে,যদি পাকস্থলীৰ ওপৰৰ অংশত বা খাদ্যনলী আৰু পাকস্থলীৰ সন্ধিস্থলত কেন্সাৰ হয় তেন্তে অস্ত্ৰোপচাৰ কৰি সম্পুৰ্ণ পাকস্থলীটোৱেই আঁতৰাই পেলাবলগীয়া হয়।ইয়াক টোটেল গেষ্ট্ৰেক্ট’মী (total gastreotomy)বোলা হয়।অস্ত্ৰোপচাৰৰ পিছতো ৰোগী সতৰ্ক হৈ থকাটো নিতান্তই প্ৰয়োজনীয়।

পাকস্থলীৰ কেন্সাৰৰ চিকিৎসা গ্ৰহণ কৰি সুফল লাভ কৰিবলৈ হ’লে ৰোগবিধে গুৰুতৰ পৰ্যায় পোৱাৰ পুৰ্বেই ইয়াৰ চিনাক্তকৰণ হোৱাটো জৰুৰী।সেয়েহে পেটৰ কোনো সমস্যা আওকাণ নকৰি চিকিৎসকৰ ওচৰ চপাই মংগল।চিকিৎসকৰ পৰামৰ্শ অবিহনে ফাৰ্মাচীৰ পৰা ঔষধ আনি খোৱাটো বুদ্ধিমানৰ কাম নহয়।তদুপৰি যিবোৰ খাদ্য খালে পাকস্থলীৰ কেন্সাৰ হোৱাৰ আশংকা থাকে,তেনে খাদ্য খোৱাৰ পৰা আমি যিমান দুৰ সম্ভৱ বিৰত থকা উচিত;তাৰ পৰিৱৰ্তে আমি সতেজ শাক-পাচলি,ফল-মুল,মাহজাতীয় আৰু আঁহজাতীয় খাদ্য খোৱাত গুৰুত্ব দিব লাগে।মদ,চিগাৰেট,বিড়ি প্ৰভৃতি নিচাজাতীয় দ্ৰব্য বৰ্জন কৰিব লাগে।

 

লেখক:অমল ভাগৱতী (দৈনিক অসম)

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top