মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / পাটীমূতুৰা সমস্যাৰ বিষয়ে লিখা হৈছে ।
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পাটীমূতুৰা সমস্যাৰ বিষয়ে লিখা হৈছে ।

পাটীমূতুৰা সমস্যাৰ বিষয়ে লিখা হৈছে ।

 

শিশুৰ বৃদ্ধি আৰু বিঅকশৰ লগে লগে যিবোৰ পৰিৱৰ্তন চকুত পৰে সেইবোৰ পিতৃ-মাতৃৰ বাবে স্মৰণীয় হৈ থাকি যায় । শিশুৰ লালন-পালনৰ দিশটো সদায়েই আমোদজনক, পিছে শিশুৰ বিকাশৰ ক্ষেত্ৰত কেতিয়াবা কিছু অপ্ৰত্যাশিত পৰিঘটনাই নিজকে বিবুদ্ধি কৰি পেলায় । তাৰে এটি উল্লেখযোগ্য দিশ হ’ল শিশুৱে ৰাতি বিছনাত প্ৰস্ৰাৱ কৰাটো । এয়া এটি শিশুৰ অনিচ্ছাকৃত স্বভাৱ, যাক চিকিৎসা-বিজ্ঞানত Nocturnal Eneuresis  বুলি কোৱা হয় । এটি শিশুৰ প্ৰস্ৰাৱ কৰাৰ ধৰণবোৰ লক্ষ্য কৰিলে দেখা যায় যে জন্মৰ পিছৰ ভালেকেইমাহ বয়সলৈ প্ৰস্ৰাৱ কৰাৰ কোনো ধৰণ-কৰণ নাথাকে । এক-ডেৰ বছৰ পিছতহে লাহে লাহেকৈ প্ৰস্ৰাৱ কৰিব লগাটো গম পোৱা হয় । তথাপি প্ৰক্ৰিয়াটো সন্তোষজনক নহয় । সময় আগবঢ়াৰ লগে লগে প্ৰক্ৰিয়াটো আৰু বেছি ভালকৈ গঢ় লৈ উঠে যদিও ৰাতিৰ ভাগত পাঁচ বছৰ বয়সলৈকে প্ৰস্ৰাৱ ধাৰণ কৰি ৰাখিব পৰা ক্ষমতাটো সম্পূৰ্ণ হৈ নুঠে । সেয়ে পাঁচ বছৰ বয়সলৈকে ৰাতি বিছনাত প্ৰস্ৰাৱ কৰাটো আমি স্বাভাৱিক বুলি গণ্য কৰি আহিছো । কিন্তু পাঁচ বছৰ বয়সৰ পিছতো যদি কোনো শিশুৱে এই অভ্যাসৰ বশৱৰ্তী হৈ থাকে, তেন্তে ই কেতিয়াও স্বাভাৱিক বুলি গণ্য কৰা নহয় । এই অস্বাভাৱিক পৰিঘটনাই শিশুৰ মানসিক বিঅকশত বাৰুকৈয়ে প্ৰভাৱ পেলায় ।

এনে বয়সত শিশুৰ সামাজিক বিকাশ আৰম্ভ হয় । শিশু এটা পঢ়াশালিলৈ যোৱা আৰু নিজৰ বন্ধু-বান্ধৱ, সহপাঠীৰ লগত ভাব বিনিময়ৰ আৰম্ভ হয় । শিশুৰ শাৰীৰিক সুস্থতা এনে বয়সৰ শিশুৰ সম্পূৰ্ণ বিকাশত যথেষ্ট গুৰুত্ব থাকে । এনে পৰ্যায়ত ৰাতি বিছনাত প্ৰস্ৰাৱ হোৱা ঘটনাটোৱে শিশুমনত এটা বিপৰীত ক্ৰিয়া চলাই থাকে । নিজে নিজকে হেয়জ্ঞান কৰে । নিজৰ আত্মসন্মানবোধ কমি যায় । সদায় এটা অসহায় যেন বোধত ভুগি থাকে । মুক্তভাৱে পিতৃ-মাতৃৰ লগত ফুৰিবলৈ যোৱা বা প্ৰশিক্ষণেই হওক বা অন্য কোনো কাৰণতেই নিজৰ ঘৰৰ পৰা বাহিৰত থাকিবৰ বাবে কেতিয়াও আগ্ৰহী নহয় । বেছি বয়সৰ শিশুসকলৰ এই সমস্যা বেছি গাঢ় হৈ উঠে । ই শিশুৰ বিকাশৰ বাবে কেতিয়াও সমীচীন নহয় । এই সমস্যাটো পিতৃ-মাতৃৰ বাবেও এটা মানসিক বোজা হৈ পৰে । বহুতৰ ক্ষেত্ৰত নহ’লেও কোনো কোনোৱে এনে শিশুৰ ওপৰত শাৰীৰিক অত্যাচাৰো চলায় ।

দেখা যায় যে পৃথিৱীৰ ৪-১৪ শতাংশ শিশু এই সমস্যাৰ ভুক্তভোগী । পৃথিৱীৰ সকলো কোনতেই এই সমস্যা বিৰাজমান যদিও এই সমস্যা সমাধানৰ বাবে মাত্ৰা ৫০ শতাংশতকৈ কমসংখ্যক পিতৃ-মাতৃহে আগ্ৰহী । বহুতেই ভাবে যে সময়ৰ লগে লগে (বয়স বঢ়াৰ লগে লগে ) এই সমস্যাটো নাইকিয়া হৈ যাব । পিছে তেনে নহয় । চিকিৎসা-বিজ্ঞানত উল্লেখ আছে যে এই সমস্যাৰ সঠিক সমাধানৰ ব্যৱস্থা সোনকালৰ পৰা আৰম্ভ কৰিলে ফলাফল ভাল পোৱা যায় ।

বৰ আমোদজনক কথা এইটোৱেই যে আজি পৰ্যন্ত এইবোৰৰ কাৰকসমূহ সঠিককৈ ক’ব পৰাটো টান । বহুতৰ ক্ষেত্ৰত ই মগজুৰ বিকাশৰ লগত জড়িত । কোনো কোনোৰ ৰাতি প্ৰস্ৰাৱ উৎপন্ন হোৱা হৰম’নৰ সম্পৰ্ক থাকে । কোনো শিশুৰ জন্মগতভাৱে প্ৰস্ৰাৱৰ স্থলী বা জনন অংগৰ আসোঁৱাহ থাকিব পাৰে । তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে পিতৃ-মাতৃৰ কোনো এজনৰ শিশু অৱস্থাত ৰাতি বিছনাত প্ৰস্ৰাৱ কৰাৰ অভ্যাস থাকিলে তেওঁলোকৰ শিশুৰ এনে সমস্যা হোৱাৰ ৪৫ শতাংশ সম্ভাৱনা থাকে । যদিহে দুয়োজনৰে এনে সমস্যা শিশু অৱস্থাত আছিল, তেন্তে এই সম্ভাৱনা ৭৫ শতাংশতকৈও বেছি হয় । ইয়াৰ অৰ্থ এয়ে যে বহু ক্ষেত্ৰত এই বিছনাত প্ৰস্ৰাৱ কৰা সমস্যাটো বংশগত বুলিব পাৰি । অৱহেলা, অনাদৃত আৰু শাৰীৰিক অত্যাচাৰৰ বশৱৰ্তী হোৱা শিশুৰ ক্ষেত্ৰতো এই সমস্যা নিতান্তই দেখা যায় ।

এনে ৰোগত ভোগা শিশুৰ চিকিৎসাৰ ক্ষেত্ৰত শিশুটিৰ লগতে অভিভাৱক বা পিতৃ-মাতৃৰ আগ্ৰহ যথেষ্ট গুৰুত্বপূৰ্ণ । অন্যথাই ইয়াৰ ফলাফল সুন্দৰ নহ’বও পাৰে । এই ৰোগৰ চিকিৎসাৰ পৰামৰ্শ দানৰ সময়ত চিকিৎসা পদ্ধতিৰ সবিশেষ আলোচনা কৰা হয় । শিশু এটিৰ পানী খোৱাৰ পৰিমাণ আৰু ধৰণ- কৰণৰ লগতে তাৰ প্ৰস্ৰাৱৰ পৰিমাণৰ এখন তালিকা প্ৰস্তুত কৰিব লাগে । এই তালিকাখনক Voiding diary  বোলা হয় । প্ৰথমে শিশুৰ পনীয়া বস্তু  খোৱাৰ ক্ষেত্ৰত (যেনে-পানী, গাখীৰ, দাইল, ফলৰ ৰস, চাহ ইত্যাদি) এখন অনুসূচী দিয়া হয় । বিশেষকৈ সন্ধ্যা ছয় বজাৰ পিছত পনীয়া বস্তু খোৱাৰ ক্ষেত্ৰত যথেষ্ট বাধা দিয়া হয় । যদিহে শিশুৰ কোষ্ঠকাঠিন্য থাকে তাৰ বাবেও চিকিৎসা দিয়া হয় । খাদ্য অভ্যাসৰ ক্ষেত্ৰত বহু গুৰুত্ব দিয়া হয় । এয়া বিশেষকৈ শিশুটিয়ে যাতে শৌচ খোলোচাকৈ আৰু নিয়মিতভাৱে কৰে ।

বৰ্তমান সময়ত বৰ বিশেষ ব্যৱহাৰ নহ’লেও এবিধ বৈদ্যুতিক (বেটাৰীচালিত) সংকেত ঘণ্টা ব্যৱহাৰ কৰিও শিশু এটিৰ প্ৰস্ৰাৱ লগাৰ কথাটো বুজিব পাৰি আৰু শিশুটিক টোপনিৰ পৰা উঠাই প্ৰস্ৰাৱগাৰলৈ লৈ যাব পাৰি । বহু ক্ষেত্ৰত এই ব্যৱস্থা ফলপ্ৰসূ হোৱা দেখা নাযায় । বিশেষকৈ মন কৰিবলগীয়া যে এই ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত শিশুটিৰ লগত বিষয়টি আলোচনা কৰাটো গুৰুত্বপূৰ্ণ । শিশুটিৰ মনটো তেওঁৰ চলি থকা সমস্যাৰ পৰা মুকলি হ’বৰ নিমিত্তে এটা অনুকূল চিন্তাৰ উদ্ৰেক কৰাৰ বাবে চেষ্টা কৰিব লাগে । ইয়াৰ বাবে আমি এনে কৰিব পাৰো । ধৰি লওক শিশুটিয়ে যিদিনা টোপনিত প্ৰস্ৰাৱ নকৰিব তাৰ ঠিক পিছদিনা পুৱাই ঘৰৰ ডাঙৰ কেলেণ্ডাৰখনত এটা তাৰকা চিহ্ন দি ৰাখিব । শিশুটিক এই তাৰকা চিহ্নটি দেখুৱাই প্ৰশংসা কৰি পিছৰ ৰাতিৰ বাবে প্ৰস্তুত কৰিব লাগে । এনেদৰে তেওঁ যদি পিছৰ ৰাতি এনে উৎসাহজনক কাৰ্য কৰে, তেন্তে তেওঁক এটি ভাল উপহাৰ দিয়াটো অতিকৈ দৰকাৰী । আৰু এই বিষয়ে শিশুটিক আগতীয়াকৈ জনাই-বুজাই ল’ব লাগে । এই ব্যৱস্থাই শিশুটিৰ ইচ্ছাশক্তি বঢ়াব আৰু মনৰ দৃঢ়তা বঢ়োৱাত সহায়ক হ’ব । এই ব্যৱস্থাটোও এই ৰোগৰ চিকিৎসা পদ্ধতিৰে এটা অংশ ।

ওপৰত উল্লেখ কৰা পদ্ধতিকেইটা প্ৰয়োগ কৰি যথোচিত সমাধান নাপালে আমি শেষৰ পৰ্যায়ত দৰবৰ আশ্ৰয় লওঁ । এই ৰোগত ব্যৱহাৰ কৰা দৰবে যেন যাদুৰ দৰে কাম কৰে । দৰব দিয়াৰ পদ্ধতি আৰু তাৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে সঠিককৈ বুজি লোৱা উচিত । কোনো কোনো ৰোগীক তিনি মাহৰ পৰা ছমাহ পৰ্যন্ত এই চিকিৎসা চলাই থাকিবলগীয়া হয় । দৰবৰ ব্যৱহাৰ চলি থাকিলেও পানী খোৱাৰ ওপৰত ৰখা নিয়ম আৰু অন্য নিয়মবোৰ ভালদৰেব পালন কৰাটো নিতান্ত প্ৰয়োজনীয় ।

ৰোগৰ চিকিৎসা সফল হ’লে শিশুৰ বিকাশৰ ধনাত্মক দিশটো বৰ উৎসাহজনকভাৱে দেখা পোৱা যায় । কথা- বতৰাৰ ধৰণ-কৰণৰ পৰা আৰম্ভ কৰি নিজৰ মনোবল আৰু জীৱনশৈলীৰ পৰিবৰ্তন প্ৰশংসনীয়ভাৱে লক্ষ্য কৰা যায় ।

সঁচা অৰ্থত অৱহেলিত এই শিশুটিৰ দিশটো পিতৃ-মাতৃয়ে গুৰুত্ব সহকাৰে চিকিৎসকৰ লগত আলোচনা কৰিলে তাৰ সুফল সূদূৰপ্ৰসাৰী হয় । পৰিয়ালৰ সকলোটিৰ বাবেই এই সমস্যাৰ পৰা মুক্তি পোৱা মানে পৰিয়ালটোৰ সৰ্বাংগীণ উন্নতিৰ অন্য এক দিশ মুকলি হোৱা বুলি ক’লেও বাহুল্যকৈ কোৱা নহয় ।

জনাজনে, বুজাজনে এনেধৰণৰ আচৰণৰ ভুক্তভোগী শিশু আৰু পিতৃ মাতৃক চিকিৎসকৰ লগত আলোচনা কৰি সমস্যা সমাধানৰ পথ পাবলৈ আগ্ৰহী কৰিবৰ বাবে যত্ন কৰিব লাগে । শিশুৰ ব্যক্তিত্ব বিকাশৰ ই এক আদৰণীয় পদক্ষেপ ।

লেখক :- ডা: মৃদুপ্লাৱন বৰা

উৎস :- জি এনআৰচি স্বাস্থ্য

শীতকালত চালকুঁৱৰী মৌ আৰু ঘিউৰ চমৎকাৰী গুণ -

নিজকে সজাই-পৰাই ৰাখি সকলোৱে ভাল পায় । বিশেষকৈ নিজৰ মুখমণ্ডল জিলিকি থাকিলে মহিলা বা পুৰুষসকলে খুব সন্তুষ্টি লভে । কোনোবাই যদি মুখমণ্ডলৰ সুন্দৰতাৰ ওপৰত প্ৰশ্ংসা কৰে, তেনেহ’লে কথাই বেলেগ হৈ পৰে । বৰ্তমান সকলো লোক নিজৰ স্বাস্থ্যৰ প্ৰতি খুব সচেতন, বিশেষকৈ সকলো পুৰুষ-মহিলাই নিজৰ ছালখনৰ প্ৰতি বিশেষ ধৰণৰ যত্ন লয় আৰু সেইবাবে নানান ধৰনৰ বিধি অৱলম্বন কৰে । আমি সকলোৱে জানো যে কেৱল ছালৰ বাহ্যিক যত্ন বা পৰিচৰ্যা কৰিব লাগে তেনে নহয়, আমি ছালৰ আভ্যন্তৰীণ , অৰ্থাৎ সুস্থ খাদ্য সেৱন কৰিব লাগে, যাতে মুখমণ্ডল আৰু দেহৰ ছালখনৰ স্থায়ী উজ্জ্বলতা আৰু সতেজতা ৰক্ষা হয় । আমি জানো শৰীৰৰ আটাইতকৈ ডাঙৰ অংশ হৈছে আমাৰ ছালখন । আৰু আমাৰ ছালখনে আমাক বীজাণুৰ পৰা ৰক্ষা কৰে, শৰীৰৰ চাপ নিয়ন্ত্ৰণ কৰে আৰু শীতল-উষ্ণতা আদি ছালৰ দ্বাৰা অনুভৱ হয় । সেই গতিকে ছালখন বা মুখমণ্ডলৰ ছালখনৰ যত্ন লোৱাটো আমাৰ বাবে অত্যন্ত আৱশ্যক । বিশেষকৈ শীতকালত ইয়াৰ বিশেষ যত্ন ল’ব লাগে । প্ৰতিজন ব্যক্তিৰ ছাল বেলেগ বেলেগ হয়, যেনে- কিছুসংখ্যকৰ শুকান ছাল, কিছুসংখ্যকৰ তেলেতীয়া ছাল আৰু কিছুসংখ্যকৰ মিশ্ৰণ ছাল । খুব কমসংখ্যক স্পৰ্শকাতৰ ছালৰ গৰাকী হয় । গতিকে এজন ব্যক্তিৰ ছাল অনুসৰি বিশেষভাৱে যত্ন লোৱাটো আৱশ্যক । যিহেতু এতিয়া শীতকাল, গতিকে ব্যক্তিজনৰ ছাল অনুসৰি ইয়াৰ পৰিচৰ্যা লোৱাটো খুব আৱশ্যক । শীতকালত শুকান ছালৰ বিশেষ যত্ন ল’ব লাগে ।

শুকান ছালৰ যত্ন শীতকালত -

যিহেতু ছালখন শুঅকন গতিকে শীতকালত এই ছালখন খুব শুকান হয় আৰু বিভিন্ন ছালৰ সমস্যাই দেখা দিয়ে, যেনে- উজ্জ্বলতা আৰু ৰঙৰ পৰিবৰ্তন, ছালখন মিহি নোহোৱাৰ ফলত সৰু সৰু গুটি ওলাব পাৰে । গতিকে নিম্নলিখিত বিধি সমূহ শুকান ছালৰ গৰাকীয়ে অৱলম্বন কৰাটো খুব প্ৰয়োজন ।

১) ছালৰ সতেজতা আৰু উজ্জ্বলতা বৃদ্ধিৰ বাবে দিনটোত কমেও ২.৫ ৰ পৰা ৩ লিটাৰ পানী নিতৌ খোৱাটো খুব প্ৰয়োজন । শীতকালত আমাৰ পানী খোৱাৰ পৰিমাণ কমি যায় । কিন্তু আমি গৰম হওক বা ঠাণ্ডা হওক ওপৰত উল্লেখ কৰা পৰিমাণৰ পানী খাব লাগে ।

২) ৰাতিপুৱা সদায় যোগাসন কৰিব লাগে ।

৩) প্ৰচুৰ পৰিমানৰ ফলৰ ৰস, গাজৰৰ ৰস, বীটৰ ৰস, তিঁয়হৰ ৰস খাব লাগে ।

৪) ডাবৰ পানী নিয়মিত খাব লাগে, যাতে ছালৰ উজ্জ্বলতা বৃদ্ধি পায় ।

৫) নিতৌ এটাকৈ আমলখি খালে ছালৰ উজ্জ্বলতা আৰু সতেজতা বৃদ্ধি পায় ।

৬) যিহেতু শীতকালত বজাৰ শাক-পাচলিৰে ভৰি পৰে, গতিকে সেউজীয়া শাক-পাচলি খোৱাটো খুব আৱশ্যক । সেউজীয়া শাক্ৰ চুপ, ষ্টও বনাই খাব লাগে, যাতে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰাব পাৰে ।

৭) নিতৌ ৰাতি ২-৩ চামুচ ত্ৰিফলা গুড়ি এক গিলাচ কুহুমীয়া পানীত মিহলাই খাব লাগে, যাতে পিছদিনা শৌচ খোলোচা হয় ।

শীতকালত তেলেতীয়া ছালৰ যত্ন -

১) শীতকালত তেলেতীয়া ছালৰ ৰঙৰ পৰিৱৰ্তন হয়, গতিকে দৈ, চন্দন, কমলাৰ ৰস মিহলাই নিতৌ এবাৰকৈ লগালে ছালৰ ৰং আৰু উজ্জ্বলতা বৃদ্ধি হয় ।

২) কেঁচা হালধিৰ লগত ক’লা তুলসীৰ পাত, বেছন আৰু মৌৰ মিশ্ৰণ বনাই মুখত ১৫ মিনিট লগাই পানীৰে ধুই দিলে ক’লা দাগ আৰু ছালৰ ৰঙৰ বৃদ্ধি হয় ।

৩) নেমুৰ ৰসৰ লগত তিয়ঁহৰ ৰস মিহলাই ছালখন ভালকৈ পৰিষ্কাৰ কৰি হালধি, মচুৰ দাইল, গাখীৰ আৰু চালকুঁৱৰীৰ জেলী অংশৰে বনোৱা লেপন নিতৌ এবাৰকৈ লগালে তেলেতীয়া ছালত হোৱা শালমইনাৰ পৰা উপশম পোৱা যায় ।

৪) বিলাহী ৰসৰ লগত মৌ নিতৌ এবাৰকৈ লগালে মুখৰ তেলেতীয়া ভাব দূৰ হয় ।

লেখিকা :- কৰবী হাজৰিকা চৌধুৰী

উৎস :- জি এনআৰচি স্বাস্থ্য

 

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top