অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পানীলগাঃ

পানীলগাৰ বিষয়ে লিখা হৈছে

পানীলগা ৰোগ আৰু ইয়াৰ লগত জড়িত শ্বাস-প্ৰশ্বাসতন্ত্ৰৰ অন্যান্য বেমাৰত নোভোগা মানুহ হয়তো আমাৰ মাজত নাই। ই এবিধ সাৰ্বজনীন ৰোগ হ’লেও এই ৰোগৰ ক্ষেত্ৰত বৈজ্ঞানিক গৱেষণাগাৰবোৰৰ পৰা অহা ফলাফলৰ বাতৰি তেনেই সন্তোষজনক নহয়। আমি সকলোৱে এই ৰোগত কম-বেছি পৰিমাণে জীৱনৰ কোনো সময়ত ভুগিবই লাগে। কিন্তু এই ৰোগৰ বিষয়ে আমাৰ জ্ঞানৰ পৰিসৰ অতি সীমাবদ্ধ।

আজি মাত্ৰ কেইটামান দশকৰ আগলৈকে এই ৰোগৰ বিষয়ে চিকিৎসা বিজ্ঞানীসকলৰ তেনে কোনো সুস্পষ্ট ধাৰণা নাছিল। কিছুমানে ভাবিছিল যে পিটনিত পোৱা মিয়াচমাটা নামৰ এবিধ উদ্ভিদ হ’ল এই ৰোগটোৰ কাৰক আৰু সেয়েহে যিসকল লোক পিটনিৰ ওচৰত থাকে বা তেনে অঞ্চললৈ ভ্ৰমণ কৰিবলৈ যায় তেওঁলোক এই ৰোগত আক্ৰান্ত হয়। কিন্তু এনে ভ্ৰান্ত ধাৰণা দূৰ হ’বলৈ সৰহ সময় নালাগিল, মূলতঃ চিকিৎসা বিজ্ঞানীসকলৰ অক্লান্ত শ্ৰম আৰু গৱেষণাৰ ফলত।

ৰোগৰ কাৰণঃ

সমাজৰ প্ৰভাৱঃ বিশ্বৰ বিভিন্ন ঠাইত এতিয়াও এনে কিছুমান সমাজ আছে য’ত মানুহে উন্নতিৰ জখলাত তুলনামূলকভাৱে তলত আছে আৰু সমাজৰ লোকে আনৰ সৈতে তেনেদৰে মিলামিছা নকৰে। এনেবোৰ বন্ধ সমাজত পানীলগা ৰোগৰ প্ৰভাৱ কম। এজন চিকিৎসা বিজ্ঞানীয়ে লক্ষ্য কৰিছিল যে স্কটলেণ্ডৰ পশ্চিম উপকূলৰ পৰা নাতিদূৰত থকা চেণ্ট কিল্ডা নামৰ দ্বীপটোৰ অধিবাসীসকলৰ আৰু দক্ষিণ আমেৰিকাৰ চিলি নামৰ দেশখনৰ উপকূল অঞ্চলত থকা ইষ্টাৰ নামৰ দ্বীপটোৰ জনগণৰ মাজত পানীলগা ৰোগৰ সংখ্যা বৃদ্ধি পায়, যেতিয়া কোনো জাহাজ সেই দ্বীপবোৰলৈ তিনি বা ছমাহৰ মূৰত বহিঃজগতৰ পৰা খাদ্য বা অন্যান্য বস্তু যোগানৰ বাবে আহি উপস্থিত হয়। তেনেদৰে সুমেৰু আৰু কুমেৰু অঞ্চলৰো প্ৰাচীন অধিবাসী এস্কিম’সকলৰ মাজত পানীলগা ৰোগীৰ সংখ্যা তুলনামূলকভাৱে কম হ’লেও বহিঃজগতৰ কোনো লোক বা জাহাজ তাত উপস্থিত হোৱাৰ পাছত তেনে ৰোগীৰ সংখ্যা বৃদ্ধি পায়।

মজাৰ কথাটো হ’ল এনেবোৰ অঞ্চলত জাৰকালি অতিপাত শীত পৰিলেও মানুহবোৰৰ তেনেকৈ পানীলগা ৰোগ নহয়। কিন্তু গ্ৰীষ্মকালত বিশেষকৈ মে’ৰ পৰা আগষ্ট মাহলৈকে সেই অঞ্চলত বৰফ গলাৰ লগে লগে বহিঃজগতৰ সংযোগকাৰী জাহাজবোৰ আহি উপস্থিত হয়। ঠিক তেনে সময়তে পানীলগা ৰোগ এই অঞ্চলবোৰত বিয়পি পৰে। আনহাতে ওপৰত উল্লেখ কৰা দ্বীপসমূহৰ অধিবাসীসকল কিবা কাৰণত মূল ভূখণ্ডলৈ যাবলগীয়া হ’লে তাৰ পাছত পানীলগা বেমাৰৰ ঘটনা বৃদ্ধি পায়।

বতৰৰ প্ৰভাৱঃ

পানীলগা ৰোগীৰ সংখ্যা ঋতু সলনিৰ সময়ত অৰ্থাৎ গ্ৰীষ্মৰ পৰা শীতকাল অথবা শীতকালৰ পৰা গ্ৰীষ্মকাল পোৱাৰ সময়ত বৃদ্ধি হয়। কিন্তু ইংলেণ্ডকে ধৰি পশ্চিমীয়া দেশসমূহত এই ৰোগীৰ সংখ্যা বিশেষকৈ শৰৎকালতহে বৃদ্ধি পায় বুলি ১৯৭৩ চনত ছাত্তানে উল্লেখ কৰিছিল। কিন্তু এটা কথা মন কৰিবলগীয়া যে বতৰ বস্তুটোৱেই অতি জটিল আৰু ই বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰশীল। তাৰ ভিতৰত পানীলগা ৰোগ তাপমাত্ৰা হ্ৰাস পোৱাৰ ওপৰত ঘাইকৈ নিৰ্ভৰশীল। আনহাতে ক্ষিপ্ৰমান ঊৰ্ধ্বগামী কেতবোৰ বিজ্ঞানীয়ে প্ৰকৃতিৰ জয়যাত্ৰাত ৰণশিঙা বজাই এটি এটিকৈ প্ৰকৃতিৰ বুকুত নিহিত হৈ থকা সত্যক উদ্ঘাটন কৰিবলৈ ধৰিলে। তেনেকুৱা এজন চিকিৎসা বিজ্ঞানী হাট্টনে পানীলগা ৰোগটো ঘাইকৈ দৈনিক তাপমাত্ৰাৰ সাল-সলনি, বৰষুণৰ পৰিমাণ, আৰ্দ্ৰতা, ৰ’দৰ পৰিমাণ, পৰিৱেশ প্ৰদূষিতকৰণ আৰু বায়ুমণ্ডলৰ চাপৰ ওপৰত নিৰ্ভৰশীল বুলি সিদ্ধান্ত কৰিলে।

অন্যান্য কাৰকঃ

বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ পৰা সিদ্ধান্ত কৰা হৈছে যে যিবোৰ ৰোগী নাক, কাণ বা ডিঙিৰ কিছুমান বেমাৰ, যেনে- নাকৰ পলিপ্, টনছিল ফুলি উঠা বা মেক্সিলাৰী ছাইন’চাইটিছ থাকে তেনে ৰোগী পানীলগা বেমাৰত কমকৈ ভোগে।

কিন্তু এইবোৰ ভাল হোৱাৰ পাছত পানীলগা ৰোগৰ আক্ৰমণ বৃদ্ধি হয়। আনহাতে ক্ৰনিক ছাইন’চাইটিছ থাকিলে নাকৰ মাজৰ পৰ্দা বা চেপেটাখন ভাঁজ লগা হ’লেও পানীলগা ৰোগ হ’ব পাৰে। পানীলগা সঘনে হোৱাৰ এটি কাৰক হিচাপে আঙুলিয়াই দিব পাৰি এলাৰ্জী নামৰ সংবেদনশীল প্ৰক্ৰিয়াবিধলৈ। কিছুমান নিৰ্দিষ্ট বস্তুৰ সংস্পৰ্শলৈ আহিলে কেতবোৰ মানুহৰ দেহত প্ৰতিক্ৰিয়াৰ উদ্ভৱ হয়। ইয়াকে এলাৰ্জী বোলা হয়। এই এলাৰ্জী মৃদু বা প্ৰবল হ’ব পাৰে। এলাৰ্জীৰ বাবে অৱশ্যে মানৱ দেহত পানীলগাৰ উপৰি উখহি উঠা, খজুৱতি, হাঁপানী, শ্বাস-প্ৰশ্বাসৰ কষ্ট আদি হ’ব পাৰে। বায়ু প্ৰদূষণৰ ফলত ধূলিময় বায়ু সেৱনৰ ফলতো বহুতো মানুহৰ পানীলগা ৰোগ হয়। তদুপৰি পুৰণা কিতাপ চুলে, ঘৰৰ ভিতৰৰ অপৰিষ্কাৰ পদাৰ্থৰ সংস্পৰ্শলৈ আহিলে, পুৰণি কাপোৰ পিন্ধিলে বা নোমাল জন্তুৰ সংস্পৰ্শলৈ আহিলেও পানীলগা ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে।

শেষত পানীলগা ৰোগৰ সৰ্বপ্ৰধান কাৰক হিচাপে ভাইৰাছৰ সংক্ৰমণকে ধৰিব পাৰি। প্ৰকৃতিৰ বুকুত সিঁচৰিত হৈ থকা নানাবিধ ভাইৰাছৰ কেতবোৰ নিৰ্দিষ্ট ভাইৰাছ এই ৰোগৰ কাৰক ৰূপে চিহ্নিত হৈছে।

ৰোগ প্ৰশমনৰ উপায়ঃ

পানী লাগিলে বন্ধ হোৱা নাক খুলিবলৈ ন’জেল ড্ৰপ ব্যৱহাৰ কৰা হয়। কিন্তু এই ন’জেল ড্ৰপসমূহে বহু সময়ত জটিলতাৰহে সৃষ্টি কৰে। এই ড্ৰপবোৰৰ দ্বাৰা সাময়িকভাৱেহে বন্ধ নাক খুলিব পাৰি। কিছু সময়ৰ পাছত নাক পুনৰ বন্ধ হৈ যায়। কিন্তু বাৰে বাৰে এনে ড্ৰপ ব্যৱহাৰ কৰা ভাল নহয়। সঘনাই ন’জেল ড্ৰপ ব্যৱহাৰ কৰিলে নাকৰ কোমল আৱৰণখনত থকা সিৰাসমূহ সংকুচিত হৈ পৰে আৰু ফলত তেজ চলাচলত ব্যাঘাত জন্মে। বন্ধ নাক খুলিবলৈ দিনত কমেও ৪-৫ বাৰমানকৈ তপত পানীৰ ভাপ শুঙিব লাগে। এনে পানীত অলপ নিমখ মিহলাই ল’ব পাৰিলে ভাল হয়। বন্ধ নাক খুলিবলৈ নানা ধৰণৰ প্ৰাণায়াম আৰু যোগাসন আছে। প্ৰাণায়ামসমূহ প্ৰকৃততে উশাহ-নিশাহ নিয়ন্ত্ৰণ কৰা ব্যায়াম। ইয়াৰ উপৰি তলত দিয়া উপায়সমূহ অৱলম্বন কৰিলে পানীলগা ৰোগত কিছু সকাহ পোৱা যায়।

(১) প্ৰচুৰ পানী খাব লাগে।

(২) নেমু-কমলা টেঙাৰ ৰস, আমলখি আদি ভিটামিন ‘চি’যুক্ত ফল খাব লাগে।

(৩) জিৰণি ল’ব লাগে।

(৪) পানীলগাত আক্ৰান্ত হোৱা ৰোগী আন মানুহৰ পৰা আঁতৰত থাকিব লাগে।

(৫)হাঁচি বা কাহ মাৰিবৰ সময়ত ৰোগীয়ে নাক, মুখ ঢাকি ধৰিব লাগে।

এইখিনি অৱলম্বন কৰাৰ উপৰি দৰব হিচাপে এণ্টিবায়’টিকসমূহৰ ভূমিকা বিতৰ্কৰ ঊৰ্ধ্বত বুলি আখ্যা দিব নোৱাৰি। সাধাৰণতে পানীলগা ৰোগৰ বাবে জগৰীয়াসকলে এইকেইবিধ ভাইৰাছক চিনাক্ত কৰা হৈছে- (১) ৰাইনো ভাইৰাছ (২) আৰ এছ ভাইৰাছ (৩) পেৰা ইনফ্লুয়েঞ্জা ভাইৰাছ (৪) কক্সচাকি ভাইৰাছ। কিন্তু কেতিয়াবা ভাইৰাছৰ বাহিৰেও বেক্টেৰিয়াৰ আক্ৰমণৰ ফলত পানীলগা ৰোগীৰ অৱস্থাৰ দ্ৰুত অৱনতি ঘটিব পাৰে।

চিকিৎসা বিজ্ঞানীসকলে এনে ক্ষেত্ৰত এণ্টিবায়’টিক ব্যৱহাৰ কৰাৰ পোষকতা কৰে। ইয়াৰ বাহিৰেও এচাম চিকিৎসকে এই ৰোগত ভাইৰাছ ধ্বংসকাৰী দৰব কেতবোৰ ব্যৱহাৰ কৰাৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰে। এই ৰোগত হ’ব পৰা আন এটা ঘাই উপসৰ্গ হ’ল মূৰ বা গাৰ বিষ। ইয়াৰ বাবে চিকিৎসকৰ পৰামৰ্শ লৈ এনালজেছিক জাতীয় দৰব ব্যৱহাৰ কৰা যুগুত। শেষান্তৰত ক’ব পাৰি যে এনে এটা সাৰ্বজনীন ৰোগ সম্পূৰ্ণৰূপে প্ৰতিৰোধ কৰিব পৰা দৰব এতিয়াও উদ্ভৱ হোৱা নাই। ইয়াৰ পৰা হাত সাৰি থকাৰ একমাত্ৰ উপায় হ’ল সৰ্বতোপ্ৰকাৰে শৰীৰৰ প্ৰতিৰোধ ক্ষমতা অটুট ৰখা।

(উৎসঃ খবৰ, ডাঃ মিহিৰ কুমাৰ গোস্বামী)।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top