মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / পাহৰি যোৱা ৰোগ নিয়ন্ত্ৰণত ৰাখক :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পাহৰি যোৱা ৰোগ নিয়ন্ত্ৰণত ৰাখক :

পাহৰি যোৱা ৰোগৰ বিষয়ে লিখা হৈছে ।

 

সমগ্ৰ বিশ্বতে বিশ্ব আলজিমাৰ্ছ দিৱস প্ৰতিবছৰে ২১ ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয়। এই ৰোগটোক সাধাৰণ ভাষাত সৰ্বসাধাৰণ লোকে ‘কথা পাহৰি যোৱা ৰোগ’ বুলি কয়। সৰ্বসাধাৰণ লোকৰ ধাৰণা যে এই ৰোগ যুৱাৱস্থাৰ নহয়, বৰং ৭০ বছৰ বয়স পাৰ হোৱাৰ পিছতহে হয়। কিন্তু প্ৰকৃততে সেয়া নহয়। এই ৰোগ কম বয়সতো হ’ব পাৰে। বয়স বঢ়াৰ লগে লগে এই ৰোগৰ আশংকা ক্ৰমে বাঢ়িহে যায়।

বিশ্ব আলজিমাৰ্ছ দিৱসত ভাৰতৰ অন্যতম বিখ্যাত নিউৰোলজি বিভাগৰ বিশেষজ্ঞ চিকিৎসক ডাঃ মনিষা গুপ্তাই কৈছে যে, মস্তিষ্কৰ যিটো অংশই স্মৃতিশক্তি ধৰি ৰাখে, সেই অংশটোক ‘টেম্প’ৰেল লোব’ বুলি কোৱা হয়। আলজিমাৰ্ছ ৰোগীৰ ক্ষেত্ৰত মস্তিষ্কৰ এই অংশটো লাহে লাহে সংকুচিত হৈ যাবলৈ ধৰে। এনে অৱস্থাত ৰোগীয়ে কথাবিলাক পাহৰিবলৈ ধৰে। বয়স বৃদ্ধিৰ লগে লগে সেই অংশটোত অস্বস্তিদায়ক সৃষ্টি হয় আৰু হঠাতে মুড সলনি হৈ পৰে।

ৰোগীৰ এনে এটা অবাঞ্চিত বা অনিচ্ছাকৃত মূডৰ কাৰণে নিজেই আচৰিত হৈ পৰে। কিন্তু এনে  অৱস্থা কিয় হৈছে, ৰোগীয়ে নিজে একো ক’ব নোৱাৰে। বিশেষজ্ঞ চিকিৎসকজনে কৈছে যে মানুহৰ মস্তিষ্কত ১০০ কোটিৰো অধিক কোষ আছে।

প্ৰত্যেকটো কোষেই অন্য কোষৰ লগত নেটৱৰ্ক গঢ়ি লয়। এই নেটৱৰ্কে চিন্তা কৰা, শিকা, মনত ৰখা, চোৱা, শুনা, গোন্ধ লোৱা, মাংসপেশীবিলাকক কৰিবলৈ নিৰ্দেশ দিয়া আদি কামবোৰ নিয়াৰিকৈ কৰি থাকে।

আলজিমাৰ্ছ ৰোগ হ’লে কিছুমান কোষে কাম কৰিবলৈ বন্ধ কৰি দিয়ে। ফলত অন্য কোষবিলাকৰ কামতো প্ৰভাৱ পৰে। যিমানে মস্তিষ্কৰ এই অংশৰ ক্ষতি বৃদ্ধি হৈ গৈ থাকে, কোষবিলাকৰ কাম কৰাৰ শক্তি কম হৈ গৈ থাকে আৰু অৱশেষত ৰোগীৰ মৃত্যু হয়।

ডাঃ মনীষা গুপ্তাৰ মতে, প্ৰথম অৱস্থাত এই ৰোগটো চিনাক্ত কৰাটো বৰ সহজ নহয়। ৰোগীয়ে নিজেও গম নেপায়, ৰোগটোৱে মস্তিষ্কৰ সেই অংশটোৰ ক্ষতি কৰি তেওঁৰ স্মৃতিশক্তি আৰু চিন্তা কৰাৰ আৰু কথা বুজি পোৱাৰ ক্ষমতা কিমান দূৰলৈ অৱৰোধ কৰি আনিছে।

ৰোগটোৰ কবলত পৰাৰ পিছত ৰোগীয়ে ভালদৰে চিন্তা কৰাৰ, বুজি পোৱাৰ, কথা কোৱাৰ, কাম কৰাৰ ক্ষমতা হেৰুৱাই পেলায় আৰু এনে ধৰণৰ অবাঞ্চিত পৰিস্থিতিৰ মাজত পৰি ৰোগীয়ে নিজেই বিপাঙত পৰিবলৈ ধৰে।

ৰোগীৰ সামাজিক সম্পৰ্কও সংকুচিত হৈ আহে আৰু তেওঁ নিজে সকলোৰে পৰা আঁতৰি থাকিবলৈ লয়। কিন্তু ৰোগটোত আক্ৰান্ত হোৱাৰ আৰম্ভণিতে নিয়মীয়াকৈ চিকিৎসকৰ পৰামৰ্শ কৰাই থাকিলে এই অস্বস্তিকৰ অৱস্থাৰ পৰা মুক্ত হৈ থাকিব পৰা যায়।

আলজিমাৰ্ছ ৰোগটো কেইবাটাও কাৰণত হ’ব পাৰে। এইবিলাক কাৰণৰ ভিতৰত হাই ব্লাড প্ৰেছাৰ, ডায়েবেটিচ, বৰ্ধিত কলেষ্টেৰল আদিয়েই প্ৰধান। এই ৰোগৰ পৰা হাত সাৰি থাকিবৰ কাৰণে ৰোগীয়ে বৌদ্ধিক কাম-কাজৰ লগত জড়িত হৈ থাকিব লাগে। পঢ়া-শুনা, খেল-ধেমালি, ক্ৰছৱৰ্ড আৰু অন্য মগজুৰ শক্তি খটুৱাব লগা কামৰ লগত ব্যস্ত হৈ থকাৰ লগতে সামাজিক কাম-কাজতো সক্ৰিয় হৈ থকা দৰকাৰ।

ৰোগীৰ পৰিয়ালৰ অন্য সদস্যসকলেও এই ক্ষেত্ৰত ৰোগীক এনে ধৰণৰ কাম-কাজৰ প্ৰতি উৎসাহিত কৰি থাকিব লাগে। তেতিয়াহে ৰোগীৰ মস্তিষ্ক সক্ৰিয় হৈ থাকিব আৰু কথাবোৰ নেপাহৰিব।

আলজিমাৰ্ছ ৰোগৰ লক্ষণ -

*স্মৃতিশক্তি দুৰ্বল হৈ পৰা।

*নিজৰ চিনাকি ঠাইখনৰ বিষয়েও পাহৰি যোৱা।

*কোনো বিশেষ আপোন বা পৰিচিত ব্যক্তিক দেখাৰ পিছতো তেওঁৰ বিষয়ে কোনো কথাই মনত নপৰে।

*ভাষাও পাহৰি যায়। প্ৰয়োজনত শব্দবোৰো পাহৰি যায়।

*একেটা শব্দকে বাৰে বাৰে দোহাৰি থাকে।

*চিন্তা কৰাৰ ক্ষমতাও কমি যায়।

*প্ৰতিমুহূৰ্ততে মুড সলনি হৈ থাকে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

3.1
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top