অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পাৰকিনছন ৰোগ

এই ৰোগৰ বিষয়ে প্ৰশ্নসমূহৰ উত্তৰ আগবঢ়াইছে জিএনআৰচি মেডিকেলৰ স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ অমিত ৰঞ্জন বৰুৱাই।

পাৰকিনছন ৰোগটো কি ?

ডপামিন নামৰ এবিধ জৈৱ ৰসায়ন আমাৰ মগজুৰ ছাবষ্টেনচিয়া নাইগ্ৰা আৰু ল’কাছ ছেৰুলিয়াছ নামৰ স্নায়ুকোষত উত্পত্তি আৰু ক্ষৰণ হয়। উল্লেখ্য যে এই জৈৱ ৰসায়নবিধৰ কম উত্পাদন বা ক্ষৰণৰ ওপৰতে বিভিন্ন ধৰণৰ স্নায়ুকোষৰ কাৰ্যদক্ষতা নিৰ্ভৰ কৰে।

পাৰকিনছনছ ৰোগত এই স্নায়ুকোষৰ ক্ষয় হয় আৰু ফলস্বৰূপে ডপামিন নামৰ জৈৱ ৰসায়নবিধৰ উত্পাদন তথা ক্ষৰণ কমকৈ হোৱাৰ বাবেই এই ৰোগৰ লক্ষণসমূহে দেখা দিয়ে।

পাৰকিনছনছ ৰোগটো হোৱাৰ কাৰণ কি কি ?

বহল অৰ্থত এই ৰোগৰ কাৰণসমূহক তিনি ভাগত ভগাব পাৰিঃ

(ক) প্ৰাকৃতিক কাৰণঃ এম পি টি পি নামৰ এবিধ প্ৰাকৃতিক জৈৱ ৰসায়ন।

(খ) বংশগত কাৰণ।

(গ) অন্যান্য কাৰণসমূহঃ

মগজুত গুৰুতৰ আঘাত।

পেছাগতভাৱে মৃদু কম্পনযুক্ত সা-সৰঞ্জামৰ ব্যৱহাৰ।

অত্যধিক পৰিমাণে কীটনাশক ঔষধৰ লগত সম্পৰ্ক থকা।

অতিমাত্ৰা মগজুৰ জ্বৰ বা এমছেফেলাইটিছ ৰোগৰ দ্বাৰা আক্ৰান্ত কোনো ব্যক্তি ইত্যাদি।

পাৰকিনছনছ ৰোগৰ চিকিৎসা কেনেধৰণৰ ? ইয়াক সম্পূৰ্ণৰূপে নিৰাময় কৰিব পাৰিনে ?

পাৰকিনছন ৰোগৰ চিকিত্সা পদ্ধতি দুই প্ৰকাৰৰ। ঔষধৰ ব্যৱহাৰ আৰু শল্য চিকিত্সা।

যিসকল ৰোগীয়ে সচৰাচৰ ঔষধ প্ৰয়োগৰ স্বত্ত্বেও সুফল নাপায়, তেনে ৰোগীক সাধাৰণতে শল্য চিকিত্সাৰ বাবে বাছনি কৰা হয়। ইয়াৰ ভিতৰত ডিপ ব্ৰেইন ষ্টিমুলেচন অন্যতম। ইয়াত পেছমেকাৰসদৃশ যন্ত্ৰ শৰীৰত সংস্থাপন কৰি তাৰ দ্বাৰা মগজুৰ এই ৰোগত আক্ৰান্ত স্নায়ুকোষসমূহক নিয়ন্ত্ৰণ কৰা হয়। এই ব্যৱস্থাপনাবিধৰ সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে। যদিওবা বৰ্তমানলৈ এই ৰোগৰ বিভিন্ন চিকিত্সা পদ্ধতিৰ ব্যৱস্থা আছে, তথাপি এই ৰোগ সম্পূৰ্ণৰূপে নিৰ্মূল বা নিৰাময় আজিলৈকে সম্ভৱ হৈ উঠা নাই।

পাৰিকনছনছ ৰোগৰ চিকিৎসা ব্যয় কিমান মান  ?

এই ৰোগৰ ঔষধৰ ব্যৱহাৰত তথাকথিতভাৱে ব্যয়বহুল নহ’লেও শল্য চিকিত্সা ব্যৱস্থা কিছু পৰিমাণে ব্যয়বহুল।

এই ৰোগ কেনেদৰে চিনাক্ত কৰিব পাৰি ?

এই ৰোগৰ সাধাৰণ চিনাক্তকৰণৰ লক্ষণসমূহ হ’লঃ

(ক) শৰীৰৰ কোনো এফালে হাত-ভৰিৰ কম্পন।

(খ) দৈনিক কাম-কাজৰ গতি আগতকৈ লেহেম হোৱা।

(গ) হাত-ভৰি জঠৰ হোৱা।

(ঘ) ৰোগীৰ ভৰি খোজৰ মাজত দূৰত্ব বা ব্যৱধান হ্ৰাস পোৱা তথা খোজ কঢ়াৰ আৰম্ভণিতে অসুবিধা হোৱা ইত্যাদি।

ডাঃ অমিত ৰঞ্জন বৰুৱাৰ পৰা সংগ্ৰিহিত|

উৎসঃ অসমীয়া খবৰ

3.12
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top