মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / পাৰ্কিনছনছ ডিছঅৰ্ডাৰ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পাৰ্কিনছনছ ডিছঅৰ্ডাৰ :

পাৰ্কিনছনছ ডিছঅৰ্ডাৰৰ বিষয়ে লিখা হৈছে ।

 

পাৰ্কিনছনছ ডিছঅৰ্ডাৰ হৈছে এক স্নায়ুৰোগ । এই ৰোগত আক্ৰান্ত ৰোগীৰ মগজুৰ কোষ ক্ষতিগ্ৰস্ত হোৱাৰ ফলত অংগসমূহৰ সঞ্চালনত নিউৰ’ট্ৰান্সমিটাৰ হিচাপে কাম কৰা ড’পামিন নামৰ ৰাসায়নিক পদাৰ্থৰ সৃষ্টি, সঞ্চয় তথা কাৰ্যপ্ৰণালীত বাধাৰ সৃষ্টি হয় । ৰোগ যিমানেই বৃদ্ধি হ’ব মগজুত ড’পামিন নিউৰন সিমানেই ক্ষতিগ্ৰস্ত হ’ব । পাৰ্কিনছনছ ৰোগীৰ ক্ষেত্ৰত দেখা দিয়া অসুবিধাসমূহ এনেধৰণৰ-

১) শৰীৰৰ অংগৰ অস্বাভাৱিক কঁপনি ৰোগৰ প্ৰধান লক্ষণ । সাধাৰণতে ব্যৱহাৰ নকৰাকৈ থকা অৱস্থাত হাত-ভৰি আদিৰ কঁপনি বেছি হোৱা দেখা যায় ।

২) অংগসমূহৰ স্বয়ংক্ৰিয় সঞ্চালন, খোজ-কাটল আদিত মন্থৰতা ।

৩) হাত-ভৰি আৰু শৰীৰৰ অন্য অংশত জড়তা ।

৪) শৰীৰৰ ভাৰসাম্য ৰক্ষাত অসুবিধা । বহু সময়ত ৰোগীয়ে ভাৰসাম্য ৰাখিব নোৱাৰি পৰি যাব পাৰে ।

৫) মাংসপেশীৰ অস্বাভাৱিক সংকোচন বা জঠৰতা ।

৬) মুখৰ অভিব্যক্তি প্ৰকাশত অসুবিধা । ইয়াৰ উপৰি বহুতৰে কথা কোৱা আৰু খাদ্য গিলাতো সমস্যাই দেখা দিয়ে ।

অংগ সঞ্চালনৰ লগত জড়িত এই লক্ষণসমূহৰ উপৰি ৰোগীৰ আন কিছুমান সমস্যাই দেখা দিব পাৰে, যেনে- এংজাইটী, ডিপ্ৰেছন, মুডৰ সমস্যা, মনোযোগৰ সমস্যা, বৌদ্ধিক কাৰ্যকলাপত লক্ষণীয় অৱনতি, জটিল মানসিক ৰোগৰ উপসৰ্গৰ আৰম্ভণি, টোপনিৰ সমস্যা ইত্যাদি । তদুপৰি বহুতৰে ক্ষেত্ৰত কোষ্ঠকাঠিন্য, ভাগৰুৱা অনুভৱ, ব্লাডাৰৰ সমস্যা (যেতিয়াই- তেতিয়াই প্ৰস্ৰাৱ লগা, হাঁহিলে বা হাঁচিয়ালে প্ৰস্ৰাৱ ওলাই যোৱা), ঘ্ৰাণশক্তি কমি যোৱা, থিয় হৈ থাকিলে ৰক্তচাপ কমি যোৱা, সমগ্ৰ শৰীৰত বিষৰ অনুভৱ আদি সমস্যা দেখা যায় ।

বহু ৰোগীৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি ঔষধ সেৱনৰ পাৰ্শ্বক্ৰিয়াৰ ফলত আন কিছুমান সমস্যাৰ উদ্ভৱ হয় । যেনে- মাংসপেশীৰ অনিয়ন্ত্ৰিত স্বয়ংক্ৰিয় সঞ্চালন, অংগ ভাঁজ লগা, জোকাৰণিৰ দৰে সঞ্চালন, আকস্মিক উত্তেজনাৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ ফলত বহু সময়ত নিজক বা আনক আঘাত কৰা আদি । এই সমস্যাসমূহ সকলোৰে ক্ষেত্ৰত বেলেগ বেলেগ হ’ব পাৰে । বয়সজনিত কাৰক বা বংশগত কাৰকৰ প্ৰভাৱত সাধাৰণতে এনে ৰোগ হ’ব পাৰে ।

পাৰ্কিনছনছ ৰোগ তাৎক্ষণিকভাৱে আৰোগ্য হোৱা ৰোগ নহয় । ইয়াৰ বাবে ৰোগী তথা ৰোগীৰ আত্মীয়ৰ ধৈৰ্য, সাহস, সচেতনতা আৰু উপযুক্ত চিকিৎসাৰ প্ৰয়োজন ।

পাৰ্কিনছনছ ৰোগৰ পৰা আৰোগ্য লাভৰ বাবে ৰোগীৰ নিজৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । ৰোগীয়ে ফলপ্ৰসূ চিকিৎসাৰ বাবে কিছুমান কথাত গুৰুত্ব দিয়া উচিত । যেনে-

১) ঔষধৰ সময়ৰ লগত সংগতি ৰাখি নিয়মিত সুষম আহাৰ গ্ৰহণ কৰিব লাগে, যাতে ঔষধে সময়মতে শৰীৰত কাম কৰাত বাধাৰ সৃষ্টি নহয় ।

২) পৰ্যাপ্ত পৰিমাণে পানী আৰু আঁহজাতীয় খাদ্য গ্ৰহণ ।

৩) ৰোগৰ চিকিৎসাত শাৰীৰিক ব্যায়ামৰ প্ৰত্যক্ষ ভূমিকা নাই যদিও নিয়মিত ব্যায়ামে ৰোগীৰ শাৰীৰিক শক্তি, সক্ষমতা বৃদ্ধি কৰে, জঠৰতা কমায় আৰু ভাৰসাম্য ৰক্ষাত সহায় কৰে । চিকিৎসকৰ অনুমতি সাপেক্ষে লাভদায়ক আৰু নিৰাপদ ব্যায়ামৰ বাবে ফিজিঅ’থেৰাপিষ্টৰ সহায় ল’ব পাৰে ।

৪) বহু সময়ত দেখা দিয়া মানসিক অসুবিধাসমূহৰ বাবে ছাইকিয়াট্ৰিষ্ট বা ছাইক’লজিষ্টৰ কাষ চপা উচিত ।

৫) প্ৰাণোচ্ছুল জীৱন সকলো ৰোগৰে মহৌষধ । চিকিৎসকৰ অনুমতি সাপেক্ষে ভাল লগা কাম-কাজ কৰা, সামাজিক সম্পৰ্ক ৰক্ষা কৰা আদি কৰিব পাৰে ।

৬) মানসিক চাপৰ পৰা মুক্ত হ’বলৈ প্ৰাৰ্থনা , ধ্যান আদিৰ সহায় ল’ব পাৰে । সম্ভৱপৰ হ’লে ছাইক’লজিষ্ট বা প্ৰশিক্ষণপ্ৰাপ্ত কাউন্সেলৰৰ দ্বাৰা ৰিলেক্সেচন টেকনিকৰ সহায় ল’ব পাৰে ।

৭) ৰোগীয়ে এটা কথা অনুভৱ কৰা উচিত যে ৰোগটোৰ বাবে তেওঁৰ লগতে পৰিয়ালৰ লোক সকলো চাপত থাকে । তদুপৰি ৰোগৰ লক্ষণবোৰৰ লগত খাপ খুৱাবলৈ আৰু পৰিচৰ্যাৰ কৌশলসমূহ আয়ত্ত কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন । অধৈৰ্য নহৈ পাৰস্পৰিক বুজাবুজিৰে কাম কৰিলে সম্পৰ্কত বেয়া প্ৰভাৱ নপৰে ।

৮) যিমান পাৰে নিজৰ ৰোগটোৰ বিষয়ে জনাৰ চেষ্টা কৰা উচিত । ৰোগৰ জ্ঞান তথা সচেতনতাই ইয়াৰ লগত যুদ্ধ কৰাত সহায় কৰিব । তদুপৰি ৰোগীৰ মানসিক শক্তি আৰু উদ্যমে সমগ্ৰ চিকিৎসা প্ৰক্ৰিয়াটোক সহজ কৰি তোলে ।

পাৰ্কিনছনছ ৰোগীৰ পৰিচৰ্যা কৰাত সুবিধাৰ বাবে পৰিয়ালৰ লোকে প্ৰয়োগ কৰিব পৰা কিছুমান কৌশল এনেধৰণৰ –

১) ৰোগীৰ ঔষধ, ৰিপৰ্ট, চিকিৎসা সম্পৰ্কীয় নথি-পত্ৰ আদি হাতত পোৱাকৈ ৰাখক ।

২) ৰোগীৰ বিষয়ে যিমান পাৰে জানিবলৈ চেষ্টা কৰা উচিত, যাতে পৰিচৰ্যাৰ বাবে সুবিধা হয় ।

৩) ৰোগীৰ লক্ষণসমূহ মনোযোগেৰে লক্ষ্য কৰক । বহু সময়ত কিছুমান ৰোগীৰ চকুত নপৰা কিছুমান লক্ষণ পৰিয়ালৰ লোকৰ চকুত পৰিব পাৰে । এই সম্পৰ্কে চিকিৎসকক অৱগত কৰা দৰকাৰ ।

৪) এক সুপৰিকল্পিত চিকিৎসাৰ ব্যৱস্থা কৰক । স্নায়ুৰোগ বিশেষজ্ঞ, জৰুৰীকালীন অৱস্থাৰ বাবে, স্থানীয় চিকিৎসক, মানসিক স্বাস্থ্য বিষয়ক অসুবিধাৰ বাবে ছাইকিয়াট্ৰিষ্ট আৰু ছাইক’লজিষ্ট, প্ৰয়োজনসাপেক্ষে ফিজিঅ’থেৰাপিষ্ট, স্পীচ্ছ থেৰাপিষ্ট, ডায়েবেটিচিয়ানৰ তথ্য আৰু যোগাযোগৰ বাবে আগতীয়াকৈ ব্যৱস্থা কৰি ৰাখক ।

৫) বহু সময়ত ৰোগীৰ আত্মীয়ই চিকিৎসাৰ বাবে তেওঁলোকে কৰিব পৰাখিনি পৰ্যাপ্ত নহয় বুলি অসহায় অনুভৱ কৰে । নিজৰ ব্যয় কৰিব পৰা ক্ষমতাৰ ওপৰত ভিত্তি কৰি চিকিৎসাৰ পৰিকল্পনা কৰা আৰু সেই অনুযায়ী চিকিৎসা আৰম্ভ কৰা উচিত । ইয়াৰ উপৰি চিকিৎসা ব্যয়ৰ ক্ষেত্ৰত সহায় হোৱাকৈ সামৰ্থ্য অনুসৰি স্বাস্থ্য বীমা কৰাব পাৰে । এই কথা মনত ৰখা উচিত যে আন্তৰিকতাৰে সাধ্যানুসৰি কৰা সুপৰিকল্পিত চিকিৎসাৰ লগতে আদৰ-যত্ন আৰু সহমৰ্মিতাও অতি গুৰুত্বপূৰ্ণ ।

৬) ৰোগীৰ শাৰীৰিক, আৱেগিক প্ৰয়োজন, ৰোগৰ লক্ষণ আৰু অসুবিধাসমূহৰ বিষয়ে পৰিষ্কাৰকৈ কথা পতা দৰকাৰ, যাতে প্ৰয়োজনীয় পৰিচৰ্যাৰ ক্ষেত্ৰত সুবিধা হয় ।

৭) ৰোগীৰ লগত কথা পাতোতে চকুত চকু ৰাখি কথা কোৱা দৰকাৰ । তেওঁৰ কথা গুৰুত্ব সহকাৰে শুনক ।

৮) ৰোগ বেছি হ’লে বহু সময়ত স্পষ্টকৈ শব্দ উচ্চাৰণ কৰিব নোৱাৰে । তেনে পৰিস্থিতিত ৰোগীয়ে ‘হয়’ বা ‘নহয়’ বুলি উত্তৰ দিব পৰাকৈ কথা সুধিব লাগে । তেওঁ কোৱা কথা সম্পূৰ্ণকৈ বুজি নাপালে যিখিনি বুজিব পাৰিছে তাক পুনৰাবৃত্তি কৰি আকৌ সুধিব লাগে । ইয়াৰ উপৰি ৰোগীৰ লাহে লাহে কথাখিনি ক’বলৈ ক’ব লাগে, যাতে বাকী লোকসকলৰ বুজাত সহজ হয় ।

৯) পৰিয়ালৰ সিদ্ধান্তসমূহ লওঁতে বা ভৱিষ্যতে পৰিকল্পনা কৰোতে বা বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ ৰসাল কথা-বতৰাত তেওঁকো অন্তৰ্ভুক্ত কৰা দৰকাৰ । আপোনজনৰ পৰা পোৱা মৰম আৰু মনোযোগে ৰোগীৰ বাবে সঞ্জীৱনীৰ দৰে কাম কৰে ।

১০) পাৰ্কিনছনছ ৰোগত আক্ৰান্ত হোৱা মানেই জীৱনৰ সুখবোৰৰ পৰিসমাপ্তি নহয় । ৰোগীৰ মানসিক শক্তি, আপোনজনৰ আদৰ- যত্ন, সচেতনতা আৰু প্ৰয়োজনীয় চিকিৎসাৰ সহায়ত এই ৰোগত আক্ৰান্ত ৰোগীৰ কষ্ট বহুলাংশে লাঘৱ কৰিব পৰা যায় ।

লেখিকা :- আৰাধনা বৰুৱা

উৎস :- জি এনআৰচি স্বাস্থ্য

 

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top