মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / পিঁয়াজৰ ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পিঁয়াজৰ ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ :

পিঁয়াজৰ ৰোগ আৰু ইয়াৰ প্ৰতিকাৰৰ বিষয়ে লিখা হৈছে ।

 

গৃহিণীৰ ৰন্ধনৰ প্ৰধান উপকৰণ হ’ল পিঁয়াজ। পুষ্টিকৰ গুণলৈ যদি অলপ চোৱা হয়, তেনেহ’লে পিঁয়াজত আছে ছালফাৰ, পটাচিয়াম, আইৰণ, কেলচিয়াম, ভিটামিন বি আৰু চি যথেষ্ট পৰিমাণে পোৱা যায়। ঔষধি গুণৰ বাবেও সমানে সমাদৃত পিঁয়াজ। পিঁয়াজত আছে এন্টি-অক্সিডেন্ট আৰু ফ্লেভোনইড তথা ফেনোলিক নামৰ উপাদান, যিয়ে লিভাৰ কেন্সাৰ প্ৰতিৰোধ কৰে। কিন্তু এনে এবিধ উপকাৰী পাচলিৰ উল্লেখযোগ্য এটা ৰোগ হ’ল পাৰ্পল ব্লাছ। এই ৰোগত আক্ৰান্ত হ’লে পিঁয়াজৰ গা-গছ, কাণ্ড আৰু বীজৰ গুণগত মান হ্ৰাস পায়। বৰ্তমান পিঁয়াজৰ বীজ উৎপাদনৰ ক্ষেত্ৰত এই ৰোগ হ’ল প্ৰধান অন্তৰায়। পাৰ্পল ব্লাছত আক্ৰান্ত পিঁয়াজত ৪১-৪২ শতাংশপৰ্যন্ত উৎপাদন হ্ৰাস পায়। সেয়েহে বাণিজ্যিকভাৱে পিঁয়াজ উৎপাদনকাৰী কৃষকে পাৰ্পল ব্লাছ ৰোগ সন্দৰ্ভত সচেতন থকা উচিত।

ৰোগৰ কাৰণ -

অল্টাৰনেৰিয়া প’ৰি নামৰ একপ্ৰকাৰ ঘূৰণীয়া বীজাণুৰ আক্ৰমণত পাৰ্পছ ব্লাছ ৰোগ হয়। ৰোগাক্ৰান্ত বীজৰ মাধ্যমেৰে এই ৰোগ এজোপা গছৰ পৰা আনজোপা গছলৈ বিয়পে।

ৰোগৰ লক্ষণ -

পিঁয়াজৰ পাতত প্ৰথমে সৰু সৰু পানীৰ দৰে দাগ পৰে। গা-গছৰ তলৰ পৰা বয়স্ক পাতৰ জৰিয়তে গা-গছলৈ ৰোগ বিয়পে। সৰু সৰু দাগবোৰে সময়ত বৃহৎ আৰু দীঘলীয়া আকৃতি লয়। এটা এটা দাগ ১-২ ইঞ্চিপৰ্যন্ত দীঘল হ’ব পাৰে। এনে দাগৰ মাজ অংশ বেঙুনীয়া ৰং হ’বলৈ আৰম্ভ কৰে। তাৰ পাছত সেই পাতবোৰ হালধীয়া হৈ ভাগি পৰিবলৈ আৰম্ভ কৰে। এনে অৱস্থাৰ গা-গছজোপা সালোকসংশ্লেষণ বন্ধ হৈ পৰে।তেতিয়া গছজোপা মৰহিবলৈ আৰম্ভ কৰে।পাতৰ দৰে পাৰ্পল ব্লাছৰ বীজাণুৱে গা-গছজোপাও আক্ৰান্ত কৰে।

ৰোগৰ অনুকূল পৰিৱেশ -

২৮ৰ পৰা ৩০০ ডিগ্ৰী চেন্টিগ্ৰেট এই ৰোগ বিয়পাৰ বাবে অনুকুল। তদুপৰি আৰ্দ্ৰতাও এই ৰোগ বিয়পাৰ বাবে সহায়ক হ’ব। যদি কিনকিনীয়া বৰষুন হৈ থাকে, তেনেহ’লে ৰোগে দ্ৰূতগতিত বিস্তাৰ লাভ কৰে।

ৰোগ নিৰাময়ৰ ব্যৱস্থা-

(১) সুস্থ আৰু ৰোগমুক্ত বীজ ৰোপন কৰিব লাগে। ৰোপনৰ আগতে বীজ ৰোপন কৰা মাটিডৰাত কীটনাশক প্ৰভেক্স ২০০ ডব্লিউ পি অথবা ৰোভ্ৰাল ৫০ ডব্লিউ পিৰ ২ গ্ৰাম প্ৰতি কেজি পিঁয়াজৰ বীজত ব্যৱহাৰ কৰি বীজ ৰোপণ কৰিব লাগে।

(২)বীজ ৰোপণৰ এমাহ পাছত কীটনাশক ৰোভ্ৰাম ৫০ ডব্লিউ পি ১০০০ মিলিলিটাৰত বিশুদ্ধ পানীৰ স’তে মিলাই ১৫-২০ দিনৰ মূৰে মূৰে স্প্ৰে কৰিব লাগে।

(৩)পিঁয়াজ দুই বছৰৰ বেছি একে ডোখৰ ঠাইতে ৰোপণ কৰা উচিত নহয়।

উৎস: নিয়মীয়া বাৰ্তা

3.28571428571
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top