অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পিঠাখোৱা আই :

পিঠাখোৱা আইৰ বিষয়ে লিখা হৈছে ।

 

অসমীয়া সমাজত প্ৰচলিত এবিধ অসুধ হৈছে পিঠাখোৱা আই বা Mumps। বৰ আই, মাজু আই আৰু সৰু আইৰ লগতে এই ইংৰাজীৰ Mumps নামৰ বেমাৰবিধকো অসমীয়া জনবিশ্বাসত পিঠাখোৱা আই বুলি কোৱা হয়। এই ৰোগ হ’লে মুখৰ এফাল বা দুয়োফালে উখহি বিষ হয় বাবেই প্ৰায় মানুহে ৰোগীক প্ৰচলিত বিশ্বাসমতে পিঠাগুড়ি খাবলৈ দিয়ে আৰু পিঠাগুড়িৰ লেউ বনাই উখহা অংশত লগাই থয়। সাধাৰনতে ৩-৫ দিনত এই ৰোগৰ মাননি সকাম পাতে। মাননি সকামৰ বিশেষত্ব এই যে, এইৰোগৰ মাননি  দিওঁতে প্ৰসাদৰ লগত কেঁচা পিঠাগুড়ি(চাউলৰ গুড়ি) খাবলৈ দিয়া হয় আৰু কোনোৱে ৰোগীৰ দুয়ো গালত(উখহা অংশত) কেঁচা পিঠাগুড়ি পানী বা গাখীৰৰ লগত সানি লেউ বনাই লগাই দিয়ে। অৰ্থাৎ মানুহৰ বিশ্বাস যে, এইধৰণৰ আয়ে পিঠা খাই সন্তুষ্ট হয়। সেয়ে সকলোৱে ইয়াক পিঠাখোৱা আই বা পিঠাখোৱা বুলিয়েই জানে।

পিঠাখোৱা বা Mumps আচলতে এবিধ ভাইৰাছৰ দ্বাৰা হোৱা অত্যন্ত সোঁচৰা ৰোগ। এই ৰোগ হ’লে ৰোগীৰ গালৰ দুয়োকাষে অৰ্থাৎ কাণৰ সমুখ ভাগত থকা লালটি গ্ৰন্থি(Paratid  gland) দুটা ফুলি উঠে আৰু অত্যন্ত বিষ হয়। কোনো কোনো ৰোগীৰ ক্ষেত্ৰত এফাল আৰু কোনো কোনো ৰোগীৰ ক্ষেত্ৰত দুয়োফালে উখহা দেখা যায়। এই ৰোগ পৃথিৱীৰ প্ৰায় সকলো দেশতেই হয় আৰু বছৰি বহুসংখ্যক লোক আক্ৰান্ত হয়। অৱশ্যে ইয়াৰ ফলত মৃত্যু খুব কমেইহে হয়। কিছুমান ৰোগীৰ ক্ষেত্ৰত গালৰ দুয়োকাষ ফুলাৰ উপৰি মুখৰ তল অংশতো দুয়োকাষ উখহা দেখা যায় অৰ্থাৎ গালৰ দুয়োফালে থকা লালটি গ্ৰন্থি( Paratid  gland)ৰ উপৰি তলৰ হনুৰ দুয়োকাষে নিম্নভাগত থকা(Sub-mendibular) আৰু জিভাৰ তলতে থকা(Sub-lingual) গ্ৰন্থিতো প্ৰভাৱ পৰে।

লক্ষণ -

যিহেতু ই এবিধ ভাইৰাচৰ দ্বাৰা হোৱা ৰোগ। গতিকে এই ৰোগ হ’লে ৰোগীৰ জ্বৰ হোৱাৰ লগতে মূৰ আদিৰ বিষ হয় আৰু দুৰ্বল অনুভৱ কৰে। অৱশ্যে মানুহে নজনাকৈ বহুতো ৰোগীৰ এই সকলোবোৰ লক্ষণ দেখা পোৱা নাযায়।

এই ৰোগৰ দ্বাৰা আক্ৰান্ত বহুতো লোকে কেৱল সামান্য জ্জ্বৰ, মূৰৰ বিষ আদি হৈয়েই ভাললৈ আহে। সেয়েহে তেওঁৰ পিঠাখোৱা হৈছে বুলি অনুভৱ কৰা দেখা নাযায়। কোনো কোনো ৰোগীৰ ক্ষেত্ৰত প্ৰথম লক্ষণ হিচাপে কোনো এখন কাণৰ বিষ হয় বা মুখুৰে খাবলৈ বা গিলিবলৈ টান পায়। এনেকৈ কাণৰ বিষ বা খোৱা সময়ত হোৱা বিষৰ দুদিনমানৰ পিচতহে পিঠাখোৱাৰ লক্ষণে দেখা দিয়ে। কিছুমান ৰোগীৰ ক্ষেত্ৰত মুখত প্ৰচণ্ড বিষ হয় আৰু মুখখন মেলিবলৈ অসুবিধা হয়।

এইসমূহৰ উপৰি এই পিঠাখোৱা বা ৰ বীজাণুৱে শৰীৰৰ অন্যান্য অংশতো প্ৰভাৱ পেলাব পাৰে। এই বীজাণুৱে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ, অগ্নাশয়, অণ্ডকোষ, মহিলাৰ ডিম্বাষয় আৰু পুৰুষৰ প্ৰষ্টেট(Prostate) গ্ৰন্থিতো পেলাই অনিষ্ট কৰে। ৰোগীৰ গাত থকা জ্বৰ, গাৰ বিষ, মূৰৰ বিষ আদিবোৰ সাধাৰণতে ৭-১৪ দিনমানত জামৰি আগৰ অৱস্থাপ্ৰাপ্ত হয়।

জটিলতা -

এই ৰোগ সাধাৰণতে মাৰাত্মক নহয় আৰু প্ৰায়ভাগেই দুসপ্তাহৰ ভিতৰত ভাললৈ আহে। তথাপি কিছুমান ৰোগীৰ ক্ষেত্ৰত ই জটিলতাৰ সৃষ্টি কৰে আৰু ৰোগীক ভৱিষ্যতৰ বাবে হানি কৰে। আগতেই উল্লেখ কৰা হৈছে যে, এই ৰোগৰ ভাইৰাচে লালটি গ্ৰন্থিৰ উপৰি মানুহৰ অন্যান্য অংশত প্ৰভাৱ পেলায়। এনেদৰে অন্য অংশত প্ৰভাৱ পেলাই সৃষ্টি কৰা জটিলতাবোৰ হ’ল-

*কেন্দ্ৰীয় স্নায়ুতন্ত্ৰত আঘাত কৰি মগজু আৰু তাৰ আৱৰণত প্ৰভাৱ পেলাই মেনিংগ’- এনকেফেলাইটিচ(Memingo-Encephalities) অৰ্থাৎ মগজু আৰু আৱৰণ ফুলি উঠে আৰু মূৰৰ প্ৰচণ্ড বিষ হয়। ৰোগী অচেতন হয় আৰু কেতিয়াবা মৃত্যুমুখত পৰে বা জীৱনৰ বাবে স্নায়ৱিক অসুখত ভোগে। কোনো কোনো ক্ষেত্ৰত কাণেৰে নুশুনা হয়। অণ্ডকোষত পৰা প্ৰভাৱৰ বাবে পুৰুষ ৰোগীৰ অণ্ডকোষ ফুলি বিষ হয়। সাধাৰণতে এফালেই হোৱা দেখা যায় যদিও কিছুমান ৰোগীৰ ক্ষেত্ৰত দুয়োফালে হোৱা দেখা যায়। এনেদৰে অণ্ডকোষত হোৱা আক্ৰমণৰ বাবে কিছুমান ৰোগীৰ অণ্ডকোষ অকামিলা হৈ পৰে আৰু ভৱিষ্যতে শুক্ৰাণু উৎপাদন কৰিবলৈ অক্ষম হয় অৰ্থাৎ প্ৰজনন ক্ষমতা সম্পূৰ্ণ বা আংশিকভাৱে লোপ পায়।

*কোনো কোনো ৰোগীৰ ক্ষেত্ৰত অগ্নাশয়ত প্ৰভাৱ পৰি অগ্নাশয়ৰ হৰমন উৎপদনকাৰী কোষবোৰ ধ্বংস হৈ পৰে। ফলত ইনচুলিনৰ অভাৱৰ বাবে পিচলৈ ৰোগীয়ে মধুমেহ(Diabetis) ৰোগত ভোগে।

*মহিলাৰ ক্ষেত্ৰত ডিম্বাশয়ৰ কোষবোৰ অকামিলা বা ধ্বংস হৈ ৰোগীয়ে ভৱিষ্যতে সন্তান জন্ম দিব পৰা ক্ষমতা হেৰুৱাব লগাত পৰে।

*অতি নগণ্য সংখ্যক ৰোগীৰ ক্ষেত্ৰত হৃৎপিণ্ডৰ মাংসপেশী আক্ৰান্ত হৈ মায়কৰ্ডাইটিচ(Myocardities) অৰ্থাৎ হৃৎপিণ্ডৰ প্ৰচণ্ড বিষ হয় আৰু ৰক্ত সঞ্চালনত অসুবিধা হয়।

*অতি নগণ্য সংখ্যকৰ আকৌ পিচত গাঁঠিৰ বিষ হয়। এনে বিষ সাধাৰণতে বহুকেইটা গাঁঠিতে হয় আৰু কিছুমান গাঁঠিৰ যোৰাৰ ভিতৰত কোমল অংশ ধ্বংস হৈ বিকৃত হয়।

এইবোৰৰ উপৰি একেবাৰে নগণ্য সংখ্যকৰ প্ৰষ্টেট(Prostate) গ্ৰন্থিৰ সমস্যা হয় আৰু কোনো কোনোৱে মগজুৰ ক্ষতিসাধন হৈ দীৰ্ঘদিনৰ বাবে স্নায়ৱিক সমস্যা বা মগজুৰ বিকৃতিত ভুগিবলগা হ’ব পাৰে।

চিকিৎসা:

এই ৰোগ যিহেতু ভাইৰাচৰ দ্বাৰা হোৱা ৰোগ। গতিকে ইয়াৰ পোনপতীয়া চিকিৎসাৰ বাবে ঔষধ নাই। এইধৰণৰ ৰোগবোৰ সাধাৰণতে নিজে নিজে ভাললৈ আহে। যিহেতু ইয়াৰ কোনো প্ৰত্যক্ষ ঔষধ নাই। সেয়েহে ৰোগৰ আনুষংগিক লক্ষণসমূহৰ পৰা পৰিত্ৰাণ পাবলৈ চিকিৎসাৰ প্ৰয়োজন হ’লেও এই ৰোগৰ বাবে কোনো এন্টিবায়টিকৰ প্ৰয়োজন নহয়। কিন্তু ৰোগৰ সময়ত হ’ব পৰা বেক্টেৰিয়াৰ চেকেণ্ডাৰী সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাবৰ বাবে কেতিয়াবা এন্টিবায়টিকৰ প্ৰয়োজন হয়। তদুপৰি জ্বৰ, গা আৰু মূৰৰ বিষ বা গালৰ দুয়োপাৰে হোৱা উখহা আৰু বিষ উপশমৰ বাবে পেৰাচিতামল(Paracitamol) বা তেনেধৰণৰ ঔষধৰ প্ৰয়োজন হয়। ৰোগীয়ে খাব নোৱাৰাকৈ থাকি দুৰ্বল হ’লে চেলাইনৰ প্ৰয়োজন আহি পৰে। উখহি বিষ হৈ থকা লালতি গ্ৰন্থিত প্ৰাথমিকভাৱে গৰম পানীৰ সেক দিব পাৰি।

এইবোৰৰ উপৰি এই ৰোগৰ সময়ত আটাইতকৈ প্ৰয়োজনীয় কথ হ’ল- ৰোগীৰ জিৰণি আৰু সুষম আহাৰ। আক্ৰান্ত হৈ থকাৰ সময়ত ৰোগীক যথেষ্ট পৰিমাণে জিৰণি ল’বলৈ দিব লাগে, যাতে ৰোগ আনলৈ নিবিয়পে। ৰোগীক পৰাপক্ষত ঘৰতে থাকিবলৈ দিব লাগে, যাতে ৰোগ আনলৈ নিবিয়পে। ৰোগীক পৰাপক্ষত তেল-মছলা আদি খাবলৈ দিব নালাগে আৰু যথেষ্ট পৰিমাণে পানী খাবলৈ দিব লাগে। ৰোগীয়ে যিহেতু চোবাওঁতে মুখত বিষ অনুভৱ কৰে, সেয়েহে কোমল আহাৰ দিব লাগে। হয়তো পিঠাগুড়ি খাবলৈ দিয়া পৰম্পৰাটো সেইবাবেই প্ৰচলন হ’ল। কাৰণ আগৰ দিনত ঘৰতে পোৰা কোমল খাদ্য বুলিবলৈ পিঠাগুড়িয়ে আছিল। ৰোগীক পানী খাবলৈ দিয়াৰ লগতে গৰম পানীত নিমখ মিহলাই কুলকুলি কৰিবলৈ দিব লাগে। পৰাপক্ষত ফলৰ ৰস বা তেনে মিঠা বৰকৈ দিব নালাগে, কাৰণ এনেবোৰে লালটিৰ নিঃসৰণ বৃদ্ধি কৰি বিষ বঢ়ায়।

প্ৰতিষেধক -

পিঠাখোৱা বা Mumps যদিও অতি সংক্ৰামক ৰোগ, তথাপিও ইয়াক প্ৰতিৰোধ কৰিব পৰা ব্যৱস্থা আছে। এই ৰোগ প্ৰতিৰোধৰ বাবে চিটা দিয়াৰ ব্যৱস্থা আছে। বৰ্তমান চৰকাৰে শিশুক MR Vaccine(Mumps & Rebella)নিয়মীয়াকৈ দিয়াৰ ব্যৱস্থা কৰিছে। আগতেও MMR(Measles Mumps & Rebella)নামেৰে চিটা উপলব্ধ আছিল। এতিয়া MR Vaccine নিয়মিতভাৱে অতি সোনকালে শিশুক দিয়াৰ ব্যৱস্থা কৰা হৈছে, যাতে সকলো শিশুকে এই ৰোগৰ পৰা ৰক্ষা কৰিব পৰা যায়। মাত্ৰ দুটা চিটা- প্ৰথমটো ৯ মাহৰ পৰা ১ বছৰৰ ভিতৰত আৰু দ্বিতীয়টো ১৮ৰ পৰা ২৪ মাহৰ ভিতৰত দিয়ালে শিশুটিক পিঠাখোৱা আৰু Rebella ৰোগৰ পৰা ৰক্ষা কৰিব পৰা যায়।

মনত ৰখা দৰকাৰ যে, এই ৰোগৰ বীজাণু চিটিকনিৰ দ্বাৰা অৰ্থাৎ ৰোগীৰ মুখৰ পৰা নিৰ্গত হোৱা নিশ্বাস, কাহ, হাঁচি আদিৰ দ্বাৰ বায়ুমণ্ডলত বিয়পি পৰে আৰু ওচৰত থকা সুস্থ মানুহৰ শৰীৰলৈ উশাহৰ যোগেদি প্ৰৱেশ কৰে। সেয়েহে এনে ৰোগক মানুহৰ সংস্পৰ্শৰ পৰা আঁতৰত ৰখা প্ৰয়োজন।

লেখক: ডাঃ অতুল খাউণ্ড(সাদিন)

2.94117647059
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top