মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / পিত্ত পাথৰী ৰোগ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পিত্ত পাথৰী ৰোগ :

পিত্ত পাথৰী ৰোগৰ বিষয়ে লিখা হৈছে ।

 

আমাৰ পেটত লিভাৰৰ তলতে পিত্তাশয়(Gall Bladder) থাকে। যেতিয়া ‘পিত্ত পাথৰী’ হয়, তেতিয়া অস্ত্ৰোপচাৰৰ জৰিয়তে পাথৰৰ মোনাটোও উঠাই পেলোৱা হয়।

আজিকালি এই অস্ত্ৰোপচাৰটো ওপৰ পেটত এটি বা দুটি ক্ষুদ্ৰ ফুটা কৰি, সেই ফুটাৰে পিত্তস্থলী বা পিত্তাশয়টো উঠাই পেলোৱা হয়।

এই অস্ত্ৰোপচাৰটোক লেপাৰোস্কোপিক কলিচিষ্টেক্ট’মি(Cholecystectomy) বুলি কোৱা হয়।

অৱশ্যে আয়ুৰ্বেদিক চিকিৎসা আৰম্ভণিতে কৰিলে এনেধৰণৰ অস্ত্ৰোপচাৰৰ পৰা হাত সাৰি থাকিব পাৰি।

পিত্ত পাথৰীৰ পৰা কেনেকৈ হাত সাৰি থাকিব:

১)পিত্ত পাথৰী হোৱা বুলি গম পোৱাৰ লগে লগে পাণ তামোলৰ লগত চূণ খোৱাটো বন্ধ কৰক।

চুপাৰি পাণ বা জৰ্দা পাণৰ লগতো চূণ খোৱাটো বাদ দিয়ক।

আপুনি জানি থোৱা উচিত যে পিত্ত পাথৰী হোৱাৰ প্ৰধান কাৰণ ‘কেলচিয়াম’ সঞ্চিত হোৱাটো। শৰীৰত কেলচিয়াম শোষণ নহ’লেও পিছ বয়সত বৰ বিশেষ অপকাৰ নহয়।

২)তেলত ভজা মছলযুক্ত খাদ্য বেছিকৈ নেখাব। নিৰামিষ আহাৰ খাওক।

যেতিয়ালৈকে পাথৰী সমস্যা শেষ নহয়গৈ, তেতিয়ালৈকে আমিষ খাদ্য নেখাব।

মাংস, মাছ, কণী আদি পাৰ্যমানে পৰিহাৰ কৰক।

পিত্ত পাথৰী বাহিৰ কৰাৰ ঘৰুৱা উপায়:

*পিত্তস্থলীৰ পৰা পাথৰ বাহিৰ কৰাটো বৰ সহজ নহয়। কিন্তু দৈনিক অতি কমেও ৫ লিটাৰ পানী খাই ইয়াৰ চিকিৎসা আৰম্ভ কৰিব পাৰে।

*মূলাপাত এমুঠি ভালদৰে ধুই বটি লৈ ১০০ মিঃ লিটাৰ ৰস উলিয়াই লৈ খাওক। দিনে অতি কমেও তিনিবাৰ খাওক। এই ব্যৱস্থাৰে পিত্ত পাথৰীৰ পৰা হোৱা বিষ উপশম হ’ব।

৩)পাতেগজা বা দুপৰটেঙাৰ পাত পাঁচখিলামান পানীত উতলাই চেকি লৈ সেই ৰস প্ৰতিদিনে এবাৰকৈ একেৰাহে সাত দিনৰ পৰা ১৫ দিনলৈ খাই থাকিলে পিত্ত পাথৰী ৰোগৰ পৰা উপশম পাব পাৰি।

৪)দুপৰটেঙাৰ এখিলা পূৰঠ পাত আৰু সৰু সৰু চাৰিডোখৰ মিচিৰি একেলগে বটি লওক।

এই মিশ্ৰণ এগিলাচ পানীত মিহলাই চেকি লওক।

দিনে এবাৰকৈ ২০ দিনলৈকে ৰোগীক এই মিশ্ৰণ খুৱাই থাকক।

এই মিশ্ৰণে ৰোগীৰ পিত্ত পাথৰী গলাই বাহিৰলৈ উলিয়াই পঠিয়াব।

৫)২০ গ্ৰাম মাটিমাহ ২৫০ গ্ৰাম পানীত সিজাই লওক।

পানী যেতিয়া চাৰি ভাগৰ এভাগ ৰৈ যাব, তেতিয়া জুইৰ পৰা নমাই চেকি লওক।

এই ৰস কুহুমীয়া গৰম অৱস্থাতে খাব লাগে। দিনে দুবাৰকৈ এই ৰস খাই থাকিলে পিত্তস্থলীৰ পাথৰ গলি নাইকিয়া হৈ যাব। এই ৰস একেৰাহে ২০-২১ দিন খাব লাগে।

৬)এক গ্ৰাম হালধি আৰু ২ গ্ৰাম গুড় গাজৰৰ ৰসৰ সৈতে খাই থাকিলে পাথৰ গলি নাইকিয়া হ’ব।

কেৱল এচামুচ হালধিয়ে পিত্ত বা বৃক্কৰ পাথৰ ৮০ শতাংশ পৰ্যন্ত গলাব পাৰে।

৭)পদিনাৰ পাত এমুঠি এগিলাচ জোখৰ পানীত উতলাই চেকি লৈ সেই ৰস খাওক।

পাথৰ হোৱাৰ বাবে হোৱা বিষ এই ৰসে নিৰাময় কৰে।

৮)পাথৰী ৰোগত জামু খালেও উপশম পাব পাৰি।

৯)অমিতাৰ শিপা ছাঁত শুকুৱাই মিহিকৈ বটি গুড়ি কৰি লওক।

এই গুড়ি এচামুচ জোখত লৈ আধা কাপ পানীত গুলি চেকি লওক।

২১ দিনলৈ প্ৰতিদিনে এবাৰকৈ এই মিশ্ৰণ খাই থাকিলে পিত্ত পাথৰ গলি যাব।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top