মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / পিত্ত স্থলীৰ ৰোগ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পিত্ত স্থলীৰ ৰোগ :

পিত্ত স্থলীৰ ৰোগৰ বিষয়ে লিখা হৈছে ।

 

পৰিচয় -

পিত্তস্থলী(Gall bladder) মানুহৰ যকৃতৰ তলৰ ফালে থকা নাচপতিৰ আকৃতিৰ এটি অংগ। লিভাৰত উ্ৎপাদিত পিত্তৰস(bile) এই অংগটিত সঞ্চিত আৰু গাঢ় হয়। পিত্তৰসে চৰ্বি হজম কৰাত সহায় কৰে আৰু এই ৰস পিত্তস্থলীৰ পৰা ওলাই ক্ষুদ্ৰান্তৰ ওপৰ অংশত(ডিওডেনাম) খাদ্যৰ প্ৰয়োজন মতে, বিশেষভাৱে চৰ্বিৰ কাৰণে মুকলি হয়।

পিত্তস্থলীৰ(নিৰাপদ)ৰোগৰ কাৰক -

*কলেচিষ্টাইটিছ(পিত্তস্থলীৰ প্ৰদাহ)

*কলেলিথিয়াছিছ(পিত্ত পাথৰী, gallstones)।

কোনো ব্যক্তিৰ কোনো ধৰণৰ লক্ষণ প্ৰকাশ নোপোৱাকৈ পিত্ত পাথৰী ৰোগ হ’ব পাৰে। এই পিত্ত পাথৰ একোটি বালি কণাৰ সমান সৰু বা একোটা তামোলৰ সমান ডাঙৰ হ’ব পাৰে। যি কি নহওক, যদি পাথৰবোৰ আকাৰত ডাঙৰ হয়, সেইবিলাকে পিত্তস্থলীৰ পৰা ওলাই যোৱা পিত্ত নলীডাল বন্ধ কৰি পেলাব পাৰে।

পিত্ত পাথৰবিলাকক ইয়াৰ ৰাসায়নিক উপাদানৰ ভিত্তিত কেইবাটাও শ্ৰেণীত ভাগ কৰা হৈছে। সেইবিলাক হৈছে- কলেষ্টেৰল পাথৰ, মিশ্ৰিত পাথৰ আৰু ৰংচঙীয়া পাথৰ(cholesterol stonex, missed stone pigment stones)। পিত্ত পাথৰৰ ভিতৰত ৯০ শতাংশই মিশ্ৰিত পাথৰ আৰু এইবিলাকত কলেষ্টেৰলেই হৈছে প্ৰধান উপাদান।

পিত্তপাথৰে বিষ-যন্ত্ৰণাৰ সৃষ্টি কৰে আৰু তাৰ বাবে চিকিৎসাৰ প্ৰয়োজন হয়। প্ৰথমতে এইবিলাকে পিত্ত নলীডাল বন্ধ কৰি দিব পাৰে আৰু পিছত আঁতৰি যায় আৰু মাজে সময়ে বিষ সৃষ্টি কৰে। পিত্ত নলী যদি একেৰাহে বন্ধ হৈ থাকে, তেনেহ’লে জীৱনলৈ সংশয় নমাব পাৰে আৰু পিত্তস্থলীটো অস্ত্ৰোপচাৰ কৰি উঠাই পেলাব লগীয়া হয়। ভাৰতবৰ্ষত এটা কথা মানি লোৱা হৈছে যে পিত্তপাথৰ আৰু পিত্তস্থলীৰ কেন্সাৰ গংগা অববাহিকাৰ উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগ আৰু অসমত সচৰাচৰ দেখা পোৱা গৈছে ৬.১ শতাংশ। পুৰুষৰ মাজত এই হাৰ হৈছে ৩.৩ শতাংশ আৰু মহিলাৰ ক্ষেত্ৰত এই হাৰ ৯.২ শতাংশ। অৱশ্যে অসমত এতিয়ালৈকে এনেধৰণৰ অধ্যয়ন্ চলোৱা হোৱা নাই।

পিত্ত স্থলীত পাথৰ হোৱাৰ কাৰণ কেইবাটাও। তাৰ ভিতৰত প্ৰধান কাৰক হ’ল- বিপাকীয়, সংক্ৰমণাত্মক আৰু পিত্তৰসৰ স্থবিৰতা। পুৰুষতকৈ মহিলাসকলৰ পিত্তপাথৰী ৰোগ হোৱাৰ আশংকা বেছি। যিসকল মহিলাই হৰমোন প্ৰয়োগ চিকিৎসা গ্ৰহণ কৰিছে, তেওঁলোক পিত্তপাথৰীৰ চিকাৰ হোৱাৰ আশংকা বেছি।

ক্লিনিকেল কাৰণবোৰ -

*বিশেষভাৱে আহাৰ খোৱাৰ পিছত বদহজম, গেচ, পেটফুলা, পাকস্থলীত গেছ সৃষ্টি হোৱা, উগাৰ অহা।

*প্ৰধানকৈ পেটৰ উপৰিভাগৰ সোঁফালে, মধ্য-ওপৰ পেটত হোৱা বিষ। এই বিষ পিঠি আৰু বাহুলৈকে বাগৰিব পাৰে।

*আহাৰ খোৱাৰ পিছত বিষ হ’ব পাৰে। তেল চৰ্বিযুক্ত খাদ্য সহ্য কৰিব নোৱাৰা হয়।

*বমিৰ ভাব, বমি।

*খাদ্যৰ প্ৰতি অৰুচি।

পিত্ত পাথৰী ৰোগৰ প্ৰতিক্ৰিয়া আৰু জটিলতা -

ক)পিত্তস্থলীৰ ভিতৰত:

*লক্ষণবিহীন পাথৰ।

*ক্ৰণিক কলেচিষ্টাইটিছ।

*একিউট কলেচিষ্টাইটিছ।

*গেংৰিন(ৰক্ত সঞ্চালন কমি যোৱাৰ বাবে পিত্ত স্থলীৰ বেৰৰ এক বুজন অংশ নষ্ট হৈ পৰে)।

*পিত্ত স্থলীৰ বেৰত ফুটা হয়(পিত্তস্থলীৰ বেৰত ফুটা হোৱাৰ বাবে সংক্ৰমণৰ দ্ৰব্য সেই ছিদ্ৰইদি সৰকি যায়)।

*এম্পাইয়েমা(পিত্তস্থলীৰ ভিতৰত পূঁজ জমা হয়)।

*মিউকোচিল(পিত্তস্থলীৰ ভিতৰত শ্নেষ্মা সঞ্চিত হয়)।

*কাৰ্চিনোমা(পিত্তস্থলীত কেন্সাৰ)।

খ)পিত্তস্থলীৰ বাহিৰত:

পিত্তস্থলীৰ পাথৰে পিত্তনলীৰ বাধাজনিত জণ্ডিচ, চোলাঞ্জাইটিছ(পিত্তনলীত বেক্টেৰিয়াৰ সংক্ৰমণ), একিউট পেনক্ৰিয়াটাইটিছ আৰু একিউট আন্ত্ৰিক প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব পাৰে।

চিকিৎসকৰ পৰা আপুনি কি আশা কৰিব পাৰে -

*যদি আপুনি ভুগিছে, তেনেহ’লে আপোনাৰ পাকস্থলীৰ সোঁফালে ওপৰ অংশত হাত দি চালে কোমল যেন অনুভৱ কৰিব। জণ্ডিচ(ছাল হালধীয়া ৰঙৰ হোৱা) আৰম্ভ হ’ব পাৰে, যদি পিত্তবাহী নলী(লিভাৰ আৰু পাকস্থলীৰ পৰা অন্ত্ৰলৈ থকা নলী) বন্ধ হৈ পৰে। যদি আপোনাৰ পিত্তপাথৰ হৈছে বুলি সন্দেহ কৰে, তেনেহ’লে আপোনাৰ আল্ট্ৰাচাউণ্ড এটা কৰোৱাৰ প্ৰয়োজন হ’ব পাৰে।

আল্ট্ৰাচাউণ্ড কৰিলে শব্দ তৰংগই আপোনাৰ পিত্তস্থলীৰ ছবি তুলিব। এই পৰীক্ষাটো বিষবিহীন আৰু খুব কম সময়ৰ ভিতৰতে এই পৰীক্ষা কৰিব পৰা হয়। যদি বিষ-যন্ত্ৰণাত ভুগি আছে, তেনেহ’লে এই পৰীক্ষা কৰোৱাটো অতি জৰুৰী। আল্ট্ৰাচনোগ্ৰাফী, চিটি আৰু এমআৰআই(MRCP) পদ্ধতিৰ অগ্ৰগতিৰ লগে লগে ৰোগ চিনাক্তকৰণৰ ফলাফলৰ নিশ্চয়তা উল্লেখযোগ্যভাৱে উন্নত হৈছে।

এই পৰীক্ষাৰ সুবিধা সকলো ঠাইতে পাব পৰা তথা নিৰাপদ আৰু সুৰক্ষিত পৰীক্ষাৰ সুবিধাৰ বাবে সন্দেহজনক পিত্তপাথৰী ৰোগৰ ক্ষেত্ৰত আল্ট্ৰাচনোগ্ৰাফী প্ৰাথমিক চিনাক্তকৰণ পৰীক্ষা ৰূপে স্বীকৃত হৈছে।

চিকিৎসাৰ বাছনি -

যিবিলাক পিত্তস্থলীয়ে পিত্ত নলীত প্ৰতিবন্ধকতাৰ ফলত এক প্ৰকাৰৰ বিষ সৃষ্টি কৰে আৰু পিত্তৰসজনিত গুৰুতৰ বদহজম বা একিউট কলেচিষ্টাইটিছ বিকাৰ নাইকিয়া হয়। পিত্তস্থলী উঠাই পেলাবলৈ কৰা অস্ত্ৰোপচাৰক ‘কলেচিষ্টেক্টমি’(Cholecystectomy) বুলি কোৱা হয়।

পিত্তস্থলী সাধাৰণতে ‘মুক্ত কৌশল’ বা লেপাৰোস্কোপিক পদ্ধতিৰে উঠাই পেলোৱা হয়। আজিকালি বেছিভাগ পিত্তস্থলীৰ অস্ত্ৰোপচাৰ লেপাৰোস্কোপ পদ্ধতিৰে কৰা হয়। মুক্ত পদ্ধতিত পাকস্থলীত ৫ৰ পৰা ৭ ইঞ্চি দীঘলকৈ কাটি পিত্তস্থলী উঠাই পেলোৱা হয়।

শৰীৰৰ সোঁফালে বুকুৰ কামিহাড়ৰ নিচেই তলতে এই অস্ত্ৰোপচাৰৰ বাবে কাটি দিয়া হয়। তেনেই কমকৈ কাটি পিত্তস্থলী উঠাই পেলোৱা পদ্ধতিটোক লেপাৰোস্কোপিক কলেচিষ্টক্টমি বা ‘কী হোম ছাৰ্জাৰী’ বুলি কোৱা হয়। এই অস্ত্ৰোপচাৰ পদ্ধতিৰে পিত্তস্থলী উঠাই পেলাবলৈ লেপাৰোস্কোপ নামৰ এবিধ সঁজুলি(এই সঁজুলিবিধৰ যোগেদি ৰোগীৰ পাকস্থলী গহ্বৰৰ ভিতৰখন দেখা পাব পাৰি) ব্যৱহাৰ কৰা হয়।

পেটত এটা মাত্ৰ ডাঙৰ ছিদ্ৰ কৰাৰ সলনি কেইবাটাও সৰু সৰু ছিদ্ৰৰ যোগেদি এই অস্ত্ৰোপচাৰ কৰা হয়। শল্যচিকিৎসকজনে ৰোগীৰ পিত্তস্থলীটো বাহিৰৰ মনিটৰত (কম্পিউটাৰ স্ক্ৰীণ) দেখা পায় আৰু সোঁফালৰ ওপৰ পেটত কৰা তিনিটা ক্ষুদ্ৰ ছিদ্ৰইদি পেটৰ ভিতৰলৈ প্ৰৱেশ কৰোৱা সঁজুলিৰে এই অস্ত্ৰোপচাৰটো সম্পন্ন কৰে। ৰোগীৰ পিত্তস্থলীটো এই ক্ষুদ্ৰ ছিদ্ৰবিলাকৰ ভিতৰৰ এটাৰ মাজেদি বাহিৰলৈ উলিয়াই আনে।

লেপাৰোস্কোপিক কলেচিষ্টেক্টমি পদ্ধতিৰে পিত্তস্থলী উঠাই পেলোৱা অস্ত্ৰোপচাৰৰ পিছত কমকৈ বিষ হয়, হস্পিতালতো কম দিনহে থাকিব লগা হয় আৰু আৰোগ্য হ’বলৈকো কম সময় থাকিব লগা হয় আৰু আৰোগ্য হ’বলৈকো কম সময় লাগে। লেপাৰোস্কোপ পদ্ধতিৰে পিত্তস্থলী উঠাই পেলোৱা অস্ত্ৰোপচাৰত পেটৰ মাংসপেশী বেছিকৈ কটাৰ প্ৰয়োজন নাথাকে।

মুক্ত অস্ত্ৰোপচাৰ পদ্ধতিতহে সেই কাম কৰা হয়। যিহেতু লেপাৰোস্কোপি পদ্ধতিত তেনেই কমকৈ পেটত ছিদ্ৰ কৰা হয়, সেইবাবে আৰোগ্যও সোনকালে হয়।

লেপাৰোস্কোপিক কলেচিষ্টেক্টমি(পিত্তস্থলী উঠাই পেলোৱা অস্ত্ৰোপচাৰ) চিকিৎসাৰ বাবে আপুনি হয়তো হস্পিতালত মাত্ৰ এৰাতিহে থাকিবলগীয়া হ’ব। মুক্ত অস্ত্ৰোপচাৰৰ যোগেদি পিত্তস্থলী উঠাই পেলালে আপুনি হস্পিতালত প্ৰায় তিনিদিনৰ পৰা চাৰিদিন পৰ্যন্ত থাকিব লগীয়া হ’ব। আপোনাক এই অস্ত্ৰোপচাৰৰ বাবে সাধাৰণ সংজ্ঞাহাৰক(Anesthesia) প্ৰয়োগ কৰিবলগীয়া হ’ব আৰু এই সংজ্ঞাহাৰক ডেৰঘন্টা বা তাতকৈ কম সময়লৈ কাৰ্যক্ষম হৈ থাকে।

অস্ত্ৰোপচাৰৰ পিছত লিভাৰত প্ৰস্তুত হোৱা পিত্তৰসৰ সোঁত সাধাৰণ পিত্তনলীয়েদি ক্ষুদ্ৰান্তলৈ ববলৈ ধৰে। অস্ত্ৰোপচাৰ কৰি পিত্ত স্থলী উঠাই দিয়াৰ কাৰণে শৰীৰে দুসাজ আহাৰৰ মাজত পিত্তৰস সঞ্চয় কৰি ৰাখিব নোৱাৰা হয়। অধিকাংশ লোকৰ ক্ষেত্ৰত এই কাৰণে সামান্যভাৱে পাচন ক্ৰিয়াৰ প্ৰভাৱ পৰিব পাৰে বা একেবাৰে প্ৰভাৱ নপৰিবও পাৰে।

লেপাৰোস্কোপিক অস্ত্ৰোপচাৰ কৰিব লগা প্ৰতি ১০০ জন ৰোগীৰ ভিতৰৰে ৫ৰ পৰা ১০ জনৰ ক্ষেত্ৰত শল্য চিকিৎসকে বেছি ডাঙৰকৈ কাটি মুক্ত অস্ত্ৰোপচাৰৰ সিদ্ধান্ত ল’বলগীয়া হ’ব পাৰে। লেপাৰোস্কোপিকৰ সলনি মুক্ত অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ’ল- অবাঞ্চিত প্ৰদাহ, স্কাৰ(ক্ষত), কোষকলা, আঘাত বা ৰক্তক্ষৰণ।

অস্ত্ৰোপচাৰটোত জটিলতাৰ সৃষ্টি কৰিব পৰা কোনো কাৰণ নেথাকিলে সাধাৰণতে লেপাৰোস্কিপিক অস্ত্ৰোপচাৰ ব্যৱহাৰ কৰা হয়। আমাৰ হস্পিতালত এই পদ্ধতিৰে নিয়মীয়াকৈ অস্ত্ৰোপচাৰ কৰা হয়।

যিসকল ৰোগীৰ হৃদৰোগ, অনিয়ন্ত্ৰিত উচ্চ ৰক্তচাপ আৰু ডায়েবেটিচ আছে, ষ্ট্ৰোক হোৱাৰ অতীত ইতিহাস আছে, শাস-প্ৰশ্বাস আদিৰ আনুসংগিক ৰোগ আছে, সেইসকল ৰোগীৰ ক্ষেত্ৰত অস্ত্ৰোপচাৰকালীন আৰু পৰৱৰ্তীকালৰ সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে সুযোগ্য আৰু সঁজুলিসহ এদল চিকিৎসকৰ প্ৰয়োজন হ’ব পাৰে। এনে ধৰণৰ ৰোগীৰ অস্ত্ৰোপচাৰ কালত এনেকুৱা ৰোগগ্ৰস্ত অৱস্থাৰ উদ্ভৱ হ’ব পাৰে।

আমাৰ হস্পিতালত নিয়মীয়াকৈ এনে ধৰণৰ সমস্যা থকা ৰোগীৰ চিকিৎসা কৰি থকা হৈছে। সোনকালে অস্ত্ৰোপচাৰ কৰিলে লক্ষণ আৰু পুনৰ ৰোগে দেখা দিয়াৰ আশংকা সাধাৰণতে নাইকিয়া হয়। অৱশ্যে পিত্তনলীত পুনৰ পাথৰ সৃষ্টি হ’ব পাৰে।

লেখক: ডাঃ কৌশিক বৰুৱা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

2.88235294118
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top