মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / পুৰুষৰ অপ্ৰজননশীলতা (Male infertility)
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পুৰুষৰ অপ্ৰজননশীলতা (Male infertility)

পুৰুষৰ অপ্ৰজননশীলতা (Male infertility)ৰ বিষয়ে লিখা হৈছে

আগকথা


এক জটিল অথচ লাগতিয়াল বিষয়ৰ ওপৰত কিছু কথা এজন চিকিৎসক হিচাবে আজি লিখিবলৈ মনস্থ কৰিছোঁ ৷ ২০১০ চনৰ লিখিত ‘চিকিৎসকৰ দিনলিপি’ (দ্ৰষ্টব্য -সাহিত্য ডট অৰ্গ ১৪মাৰ্চ ২০১৪) আৰু শেহতীয়াকৈ ‘জীৱন এক প্ৰহেলিকা’ (দ্ৰষ্টব্য -২৭জুন ২০১৭ অসমীয়াত কথা বতৰা) -- মোৰ এই দুই লিখনিৰ মাধ্যমেৰে মানৱ জীৱনৰ এক ভীষণ জটিল আৰু গুৰুতৰ সমস্যাক তেনেই কাষৰ পৰা নিৰীক্ষণ কৰিবলৈ আৰু এক সুত্ৰধাৰৰ ভূমিকাত অৱতীৰ্ণ হবলৈ বাধ্য হৈছোঁ ৷ এই নিবন্ধটো লিখিবলৈ লওঁতে মনত পৰিছে মোৰ কিশোৰ কালৰ কথা - কিদৰে মোৰ মাৰ সহকৰ্মী শিক্ষয়ত্ৰী এগৰাকীৰ স্বামীয়ে আহি আমাৰ ঘৰৰ বেৰৰ পৰা জেঠি পোৱালী ধৰি নিছিল ৷ মাৰ পৰা গম পালোঁ কবিৰাজে হেনো তাৰ পৰা ঔষধ প্ৰস্তুত কৰি সন্তান নোহোৱাৰ চিকিৎসা কৰিব ৷ পিছে মই জনালৈকে চিকিৎসাৰ সুফল দেখা নগ'ল ৷ এইদৰে কিমান শিক্ষিত, অৰ্ধশিক্ষিত, অশিক্ষিত দম্পত্তিয়ে বেজ-কবিৰাজ-সাধু-সন্যাসী- ভুৱা ডাক্তৰ আৰু জ্যোতিষী আদিৰ কবলত পৰি হাবাথুৰি খাইছে তাৰ সীমা সংখ্যা নাই ৷ বহুত দম্পতিয়ে লজ্জাবশত: নাইবা খৰছান্ত হোৱাৰ ভয়ত বিশেষজ্ঞ চিকিৎসকৰ কাষ নাচাপে আৰু এচামে ভাগ্যক ধিয়াই নিজৰ কপালকে দোষ দিয়ে ৷

পুৰুষৰ অপ্ৰজননশীলতাই কি বুজায়-


এহাল বিবাহিত দম্পতিৰ বাবে সন্তান জন্ম দিয়াটো এক স্বাভাৱিক প্ৰক্ৰিয়া ৷ কিন্তু কিছুমান দম্পতিৰ বাবে গৰ্ভধাৰণ আৰু সন্তান জন্ম দিয়াটো বহু যতনৰ পিছতো সম্ভৱপৰ হৈ নুঠে ৷ গৰ্ভধাৰণ সম্ভৱপৰ নোহোৱাৰ কাৰণ (বা কাৰণসমূহ) বিচাৰি ওলিয়াবলৈ চিকিৎসকে পতি আৰু পত্নী উভয়কে খৰচি মাৰি পৰীক্ষা কৰাৰ আৱশ্যক ৷ মহিলাৰ ক্ষেত্ৰত এনে অনুসন্ধান প্ৰক্ৰিয়া কিছু জটিল আৰু দীঘলীয়া ৷ কিন্তু পুৰুষৰ ক্ষেত্ৰত অনুসন্ধান প্ৰক্ৰিয়া সহজ আৰু খৰতকীয়া ৷ পুৰুষৰ শুক্ৰাণু বা বীৰ্য্য পৰীক্ষা কৰিলেই পুৰুষৰ প্ৰজনন ক্ষমতাৰ অৱস্থিতি অনুধাৱন কৰিব পাৰি ৷ গতিকে পুৰুষৰ অপ্ৰজননশীলতা তেতিয়াই চিনাক্ত হয় যেতিয়া দম্পত্তিহালৰ দুয়োজনকে পৰীক্ষা কৰাৰ পিছত পুৰুষৰ শুক্ৰাণুত অস্বাভাৱিকতা পোৱা যায় ৷ আকৌ শুক্ৰাণুৰ অস্বাভাৱিকতা গুণগত, সংখ্যাগত বা এই দুয়ো দিশতে হব পাৰে ৷ আজিৰ আলোচনাত মাথো পুৰুষৰ প্ৰজনন অক্ষমতাৰ ওপৰত আলোকপাত কৰা হব ৷

সংখ্যাগত তথ্যই কি কয়-


পুৰুষৰ অপ্ৰজননশীলতা এক বিশ্বজনীন সমস্যা ৷ নানান ঠাইত এই বিষয়ৰ ওপৰত গৱেষণা অবিৰত চলি আছে ৷
• প্ৰকাশিত তথ্যমতে ১০০জন প্ৰজনন অক্ষম পুৰুষৰ ভিতৰত এজনে বীৰ্য্য নিৰ্গত কৰিবলৈ অসমৰ্থ ৷
• তথ্যমতে ২০জন প্ৰজনন অক্ষম পুৰুষৰ ভিতৰত এজনৰ শুক্ৰাণু নিম্ন মানদণ্ডৰ ৷
• প্ৰতি ৫যোৰা সন্তানহীন দম্পত্তিৰ ভিতৰত এযোৰাৰ সন্তানহীনতাৰ বাবে দায়ী হ'ল পুৰুষ ৷

পুৰুষৰ প্ৰজনন প্ৰণালীৰ বৰ্ণনা-


পুৰুষৰ প্ৰজনন প্ৰণালীৰ ভিতৰত অন্তৰ্ভুক্ত হয় এযোৰা অণ্ডাশয়, তাৰ লগত সংলগ্ন ইপিডিডাইমিচ, ভাচ ডিফাৰেঞ্চ, চেমিনেল ভেচিকল,ইজেকুলেটৰি ডাক্ট, ইউৰেথ্ৰা আৰু শেষত পুৰুষাংগ ৷ মস্তিষ্কৰ ভিতৰত অৱস্থিত পিটুউটৰি গ্ৰন্থি আৰু হাইপোথেলামাচে পুৰষৰ হৰমোন আৰু শুক্ৰাণু উৎপাদন নিয়ন্ত্ৰিত কৰে ৷ পিটুউটৰিৰ পৰা নিৰ্গত হোৱা দুই হৰমোনে (ফলিকুল ষ্টিমুলেটিং হৰমোন আৰু লুটিনাইজিং হৰমোন) অণ্ডাশয়ৰ ওপৰত প্ৰভাৱ বিস্তাৰিত কৰে ৷
ডিম্বাকৃতিৰ অণ্ডাশয় মানৱ শৰীৰৰ নিম্নাংশত অৱস্থিত ৷ ইয়াক স্ক্ৰটামে আৱৰি ৰাখে ৷ অণ্ডাশয়ত টেষ্ট’ষ্টেৰন নামৰ হৰমোনৰ উৎপাদন হয় ৷ অণ্ডাশয় হ'ল বীৰ্য্যৰো উৎপাদনস্থলী ৷ শুক্ৰাণুক পৰিপক্ক হবলৈ ৭০দিন সময় লাগে ৷ পৰিপক্ক শুক্ৰাণুৱেহে স্ত্ৰীৰ ডিম্বানুৰ লগহৈ গৰ্ভাৱস্থাৰ সৃষ্টি কৰিব পাৰে ৷ অণ্ডাশয়ত উৎপন্ন হোৱা শুক্ৰাণুৱে প্ৰায় ১০দিন সময় ইপিডিডাইমিচত থাকি শক্তি আহৰণ কৰে যাতে ই ক্ষিপ্ৰতাৰে দৌৰিব পাৰে ৷ যৌন চৰমাৱস্থাত মাংসপেশীৰ সংকোচনৰ মাধ্যমত অণ্ডাশয়ৰ পৰা কিছু ৰসৰ সৈতে বীৰ্য্য ভাচ ডিফাৰেঞ্চ নলীলৈ আহে ৷ তাৰ পিছত চেমিনেল ভেচিকল আৰু প্ৰষ্টটেৰ পৰা নিৰ্গত হোৱা ৰসে যোগ দিয়ে ৷ এই সকলোৰ মিশ্ৰণ ইউৰেথ্ৰা আৰু পুৰুষৰ জনন অংগৰ অগ্ৰভাগেদি নিৰ্গত হয় আৰুস্ত্ৰীৰ যোনিৰ ভিতৰেদি অগ্ৰসৰ হৈ স্ত্ৰীৰ ডিম্বানুৰ সন্ধানত চেকুৰ দিয়ে ৷
প্ৰতি মিলিলিটাৰ বীৰ্য্য ৰসত ২০নিযুতৰ পৰা ৩০০নিযুত শুক্ৰাণু থাকে ৷ ১৫নিযুতৰ কম হলে সেই অৱস্থাক অলিগ'স্পাৰ্মিয়া (Oligospermia) বোলে ৷ শুক্ৰাণু ৫নিযুতৰ কম হলে অলিগ'স্পাৰ্মিয়াক গুৰুতৰ বুলি গণ্য কৰা হয় ৷ বীৰ্য্য ৰসত শুক্ৰাণুৰ অনুপস্থিতিক এযুস্পাৰ্মিয়া (Azoospermia) বোলে ৷ আকৌ শুক্ৰাণুৰ সক্ৰিয়তাৰে দৌৰাৰ ক্ষমতাক চাৰিটা শ্ৰেণীত বিভক্ত কৰা হৈছে ৷

শুক্ৰাণুৰ সংখ্যা আৰু গুণমান অৱনমিত হোৱাৰ কাৰণ কি কি-


• ইলেকট্ৰমেগনেটিক ফ্ৰিকুৱন্সি আৰু ৰেডিঅ'ফ্ৰিকুৱন্সি ইলেকট্ৰমেগনেটিক ৱেভৰ প্ৰভাৱ - ম'বাইল ফোন, লেপটপ আৰু ৱাই-ফাইৰ সৰঞ্জামৰ পৰা নিৰ্গত হোৱা এই তৰংগসমূহে বীৰ্য্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় ৷ শুক্ৰাণুৰ ডি এন এৰ ক্ষতিসাধন কৰাৰ ফলত এনে হয় ৷ সেয়ে ম'বাইল ফোন পেন্টৰ জেপত আৰু লেপটপ কোলাত লৈ কাম নকৰিব ৷
• ধুম্ৰপাণৰ ফলত বা আনে সেৱন কৰা পৰিবেশত থকাৰ ফলত বীৰ্য্যৰ মান অৱনমিত হয় ৷
• মদ্যপাণৰ ফলত টেষ্টষ্টেৰন হৰমোনৰ উৎপাদন কমে, যৌনাংগ শিথিল হয় আৰু বীৰ্য্যৰ উৎপাদন অৱনমিত হয় ৷
• এনাবলিক ষ্টেৰইডৰ বিপদজনক পাৰ্শ্বক্ৰিয়া - বহু যুৱকে শৰীৰৰ ওজন বঢ়াবলৈ বা মাংসপেশী সুগঢ়ি দেখুৱাবলৈ নিজাববীয়াকৈ বা আনৰ কথা শুনি এনাবলিক ষ্টেৰইড বেজী লবলৈ আৰম্ভ কৰে ৷ ইয়াৰ দ্বাৰা হব পৰা সাংঘাটিক পাৰ্শ্বক্ৰিয়া হ'ল অণ্ডাশয়ৰ সংকোচন আৰু বীৰ্য্যৰ উৎপাদন হ্ৰাস হোৱা ৷
• ড্ৰাগছৰ অপকাৰিতা - কোকেইন, মেৰিজুৱেনা আদিৰ সেৱনে বীৰ্য্যৰ উৎপাদন হ্ৰাস কৰে ৷
• পেষ্টিচাইড আৰু হৰমোনযুক্ত খাদ্য - কিছুমান ডায়েৰী প্ৰডাক্ট,মাংস,ফল-মূল-পাচলি আৰু ৰঙীন শীতল পানীয় আদিয়ে মানৱ দেহৰ হৰমোন প্ৰণালীত বিৰূপ প্ৰভাৱ পেলায় ৷
• প্লাষ্টিকৰ বটল,গিলাচ আদিত গৰম পানী সেৱন কৰিলে জেন্ঠক্ৰম নামৰ ৰাসায়নিক দ্ৰব্যৰ প্ৰভাৱত মানুহৰ হৰমোন প্ৰণালী ক্ষতিগ্ৰস্ত হয় ৷
• অণ্ডাশয়ত বৰ্ধিত উত্তাপৰ কুপৰিণাম - আজিকালিৰ নতুন জীৱন শৈলী অনুকৰণ কৰা বহুলোক
হট বাথ, চাউনা (Sauna ), হট মাছাজ আদিত অভ্যস্ত হৈ পৰিছে ৷ টাইটকৈ পিন্ধা অন্তৰ্বাসেও (জাঙিয়া) উত্তাপ সৃষ্টি কৰে ৷ প্ৰকৃতিয়ে অণ্ডাশয়ৰ স্থান দিলে পেটৰ (Abdomen) বা দেহৰ গৰমহৈ থকা অংশৰ বাহিৰত ৷ বেচি উত্তাপে বীৰ্য্যৰ ক্ষতিসাধন কৰে ৷
• সকলো ধৰণৰ ষ্ট্ৰেচ, মানসিক অস্থিৰতা হৰমোন প্ৰণালীৰ বাবে অহিতকাৰী আৰু বীৰ্য্যৰ উৎপাদনত বাধক ৷
• মেদবহুলতা- অতিশয় শকত লোকসকলৰ প্ৰজনন ক্ষমতা হ্ৰাস পায় ৷ হৰমোনৰ অসন্তুলনৰ ফলত বীৰ্য্যৰ উৎপাদনত বিজুতিয়ে দেখা দিয়ে ৷
• এক্সৰেৰ বিকিৰণে বীৰ্য্যৰ উৎপাদনত স্থায়ীভাবে ক্ষতিসাধন কৰিব পাৰে ৷
• লীড বা আন গধুৰ ধাতু, কল-কাৰখানাৰ ৰাসায়নিক দ্ৰব্য, জাইলিন, কীটনাশক, কিছুমান ৰঙত ব্যৱহাৰ হোৱা ৰাসায়নিক পদাৰ্থৰ প্ৰভাৱ বীৰ্য্য উৎপাদনৰ বাবে হানিকাৰক হব পাৰে ৷


পুৰুষ অপ্ৰজননশীলতাৰ শাৰীৰিক কাৰক কিছুমান-


অণ্ডাশয়ৰ স্থানৰ বিচ্যুতি / Undescended testicles - অণ্ডাশয়ৰ স্বাভাৱিক স্থানৰ পৰিবৰ্তে এটা বা দুয়োটা অণ্ডাশয়েই উদৰস্থিত হব পাৰে ৷
ভেৰিক'চিল -ভেৰিক'চিল হ'ল অণ্ডাশয়ৰ চৌদিশৰ ভেনাচ তেজৰ নলী ফুলি উঠা অৱস্থা যাৰ ফলত অণ্ডাশয়ৰ উত্তাপ বৃদ্ধি পায় আৰু বীৰ্য্যৰ উৎপাদন কমিব ধৰে ৷
সংক্ৰমণ - বীৰ্য্যৰ উৎপাদন বিঘ্নিত কৰাকৈ নানান যৌনব্যাধি এইচআইভি আদিৰ সংক্ৰমণ অণ্ডাশয় নাইবা ইপিডিডাইমিচত হব পাৰে ৷

শুক্ৰাণু বিনাশী এন্টিবডি- কেতিয়াবা এনে অনিষ্টকাৰী এন্টিবডি শৰীৰৰ সুৰক্ষা প্ৰণালীত থাকিব পাৰে ৷
টিউমাৰ ,কেঞ্চাৰ আদি - এনে ৰোগ হলে শুক্ৰাণুৰ বিজুতি ঘটে ৷ -
ৰেট্ৰগ্ৰেড ইজেকুলচন - যৌন উত্তেজনাৰ চৰম মুহূৰ্তত বীৰ্য্যৰস মূত্ৰাশয়ত নিৰ্গত হোৱা অৱস্থাত গৰ্ভধাৰণ সম্ভৱপৰ নহয় ৷ ৰাজহাঁড়ৰ আঘাত, ডায়েবেটিজ, কিছুমান দৰবৰ অপকাৰিতা, জননেন্দ্ৰিয়–প্ৰষ্টেটৰ শল্য চিকিৎসাৰ বিজুতি আদিৰ ফলত এনে হব পাৰে ৷
ভেচেক্টমী অপাৰেচন - ইয়াৰ ফলত বীৰ্য্যৰস সংগমৰ সময়ত স্ত্ৰীৰ যোনিলৈ আহিব নোৱাৰে ৷
হৰমোনৰ বিজুতি-কেবল পুৰুষ হৰমোন টেষটষ্টেৰনেই নহয় হাইপোথেলামাচ, পিটুইটৰি,থাইৰয়েড,এড্ৰিনেল গ্ৰন্থিৰ বিজুতি ঘটিলে প্ৰজনন প্ৰক্ৰিয়া বাধাগ্ৰষ্ট হব পাৰে ৷
Erectile dysfunction (ED) হ'ল এনে এটা অৱস্থা য'ত পুৰুষে লিংগৰ শিথিলতাৰ বাবে স্ত্ৰীৰ সৈতে সংগমত মিলিত হবলৈ অক্ষম ৷ ৪০ৰপৰা৭০বছৰ বয়সৰ অৰ্ধেক পুৰষৰ এনে অৱস্থাই দেখা দিয়ে ৷
সানমিহলি কাৰক - জন্মগত ক্ৰমজমৰ বিসংগতি থকা ৰোগ যেনে ক্লেইনফ্লেটাৰচ চিনড্ৰম, কেমোথেৰাপি, চিলিয়াক ডিজিজ,অস্ত্ৰোপচাৰৰ বিজুতি আদি ৷

পুৰুষৰ অপ্ৰজননশীলতাক কেনেকৈ চিনাক্ত কৰিব-


বহু প্ৰজনন অক্ষম পুৰুষৰ যৌন সংগম দেখাত স্বাভাৱিক ৷ যৌনাংগ সঠিককৈ স্ফিটও হয় আৰু বীৰ্য্যস্খলনো দেখাত স্বাভাৱিক ৷ কিন্তু গৰ্ভধাৰণ নহয়গৈ ৷ কাৰণ খালি চকুৰে দেখাত স্বাভাৱিক যেন লগা বীৰ্য্য ৰস গুণগত আৰু সংখ্যাগত দিশৰ পৰা সঠিক নহবও পাৰে সেয়ে তাক লেবৰেটৰীত পৰীক্ষা কৰাৰ প্ৰয়োজন ৷ প্ৰয়োজনসাপেক্ষে কৰিবলগীয়া আন কিছুমান পৰীক্ষা হ'ল - স্ক্ৰটেল আলট্ৰাচাউণ্ড, ট্ৰান্সৰেক্টেল আলট্ৰাচাউণ্ড, টেষ্টষ্টেৰন আৰু আন হৰমোনৰ পৰিমাণ পৰীক্ষা কৰা, সংগমৰ পিছৰ প্ৰসাবৰ পৰীক্ষা কৰা, জেনেটিক বিসংগতি নিৰূপন কৰা, টেষ্টিকুলাৰা বায়স্পি আদি ৷


অপ্ৰজননশীলতাৰ কি দৰে চিকিৎসা কৰা হয় ?

 

পোনতে অক্ষমতাৰ কাৰণ চিনাক্ত কৰিব লাগিব ৷ থোৰতে চিকিৎসা ব্যৱস্থা এনেধৰণৰ হব :
অস্ত্ৰোপচাৰ - ভেৰিক'চিলৰ ৰোগী, ভেচেক্টমী কৰা লোকৰ পুনৰ নলীৰ সংযোগ কৰা ইত্যাদি ৷
সংক্ৰমণৰ কাৰণ চিনাক্ত কৰি যথোপযুক্ত এন্টিায়টিক ব্যৱহাৰ কৰা ৷
প্ৰয়োজন অনুসৰি হৰমোনৰ যোগান ধৰা ৷
শেহতীয়া সংযোজন হ'ল Assisted Reproductive Technology (ART) যাৰ দ্বাৰা পুৰুষৰ শুক্ৰাণু স্বাভাৱিক বা যন্ত্ৰৰ সহায়ত সংগ্ৰহ কৰি স্ত্ৰীৰ যোনিয়েদি সংস্থাপিত কৰি গৰ্ভধাৰণ কৰোৱা হয় ৷

বীৰ্য্যৰ উন্নয়ন কৰিব পৰা কিছুমান তত্বৰ নাম –


এনথ্ৰচায়ানিন, আলফা লিপইক এচিড,এল-আৰ্জিনিন, এষ্টাজেনথিন,বিটা কেৰটিন, বায়'টিন, এল এচিটাইল কাৰ্নিটিন, কো'বালামিন, কোএনজাইম কিউ ১০,ফলিক এচিড, গ্লোটাথিয়ন, লাইকোপেন, মেজনেচিয়াম, পেন্টস্কিফাইলিন, চেলেনিয়াম,জিংক, ভিটামিন- এ,চি,ই আৰু ভিটামিন-ডি ৷

মোখনিত কমযে "গৰ্ভধাৰণৰ ইটো সিটো " নামৰ লিখনিত (দ্ৰষ্ট্ৰব্য অসমীয়াত কথা বতৰা ৩০মে ২০১৫) সন্তানইচ্ছুক দম্পতিৰ বাবে অনেক পৰামৰ্শ ইতিমধ্যে আগবঢ়াইছোঁ ৷ সময়ত এই নিবন্ধত বাদ পৰি ৰোৱা লাগতিয়াল কথা যোগ দিয়াৰ প্ৰতিশ্ৰতিৰে এতিয়ালৈ বিদায় ললোঁ ৷

 

ডা০ ভূপেন শইকীয়া
ৰচনাকাল ১১জুলাই ২০১৭
ঠিকনা- ডোহা, কাটাৰ
ই মেইল : drbksaikia@gmail.com
ৱাটচএপ আৰু ম'বাইল +৯৭৪৩৩৭৩৮৭২২
ৱেবচাইট www.drbhupensaikia.com

3.03333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top