মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / পুৰুষৰ কেইটিমান ৰোগৰ পুৰ্বাভাস
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পুৰুষৰ কেইটিমান ৰোগৰ পুৰ্বাভাস

পুৰুষৰ কেইটিমান ৰোগৰ পুৰ্বাভাস লিখা হৈছে

 

 

পুৰুষসকলে বেছিভাগ সময়েই ঘুৰা-পকা কৰি বিভিন্ন কামত ব্যস্ত হৈ ঘৰৰ পৰা বাহিৰত থাকে।নিজৰ শৰীৰৰ প্ৰতি মন-কাণ দিবলৈ সময়ৰ অভাৱ।সেয়ে যেতিয়া ৰোগ ধৰা পৰে,তেতিয়া বেছিভাগ সময়তেই ৰোগে তৃতীয় পৰ্যায় পায়গৈ।এনে অৱস্থাত কেতিয়াবা গুৰুতৰ ৰোগ ধৰা পৰে।সম্প্ৰতি পুৰুষৰ ৰোগ সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে ‘মেন হেলথ’নামৰ এখন পত্ৰিকাত পুৰুষৰ কিছুমান ৰোগৰ শাৰীৰিক লক্ষণ উল্লেখ কৰিছে।এই লক্ষণবোৰ কঠিন ৰোগৰ পুৰ্বাভাস হ’ব পাৰে।সেই লক্ষণবোৰ হ’ল-

অতিৰিক্ত কান্তি ভাব-

 

অতিৰিক্ত পৰিশ্ৰমৰ অন্তত কান্তি ভাব অহাটো কিছু স্বাভাৱিক যদিও কেতিয়াবা এনে হয় যে বহি থাকিলেও ভাগৰ লাগে।কিন্তু আপাত:দৃষ্টিত শৰীৰত কোনো ৰোগে দেখা নিদিয়ে।পুষ্টিকৰ আহাৰৰ অভাৱৰ বাবেও এনে হ’ব পাৰে।এইক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।কিয়নো,ডায়েবেটিছ ,লাং কেন্সাৰ আৰু হাৰ্টৰ ৰোগতো মানুহৰ ভাগৰ বেছি হয়।

প্ৰস্ৰাৱ কৰোতে বিষ অনুভৱ কৰা

 

কেতিয়াবা প্ৰস্ৰাৱ কৰোতে মুত্ৰনলীত ব্যথাৰ অনুভুতি হয়।অথবা প্ৰস্ৰাৱৰ লগত তেজ বাহিৰ হয়।এনে অৱস্থাত যিমান সোনকালে পাৰে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।কিয়নো,প্ৰষ্টেট কেন্সাৰৰ ই এটা লক্ষণ।আপোনাৰ নহ’বও পাৰে,কিন্তু অৱহেলা নকৰি চিকিৎসকৰ কাষ চাপক।

শোওঁতে নাক বজা

 

টোপনিত নাকৰ শব্দ হোৱা সমস্যাটো বহুতেই ওপৰুৱাকৈ লোৱা দেখা যায়।এই সমস্যাটো মহিলাতকৈ পুৰুষৰ বেছি।পুৰুষ বা মহিলা যাৰে এই সমস্যাটো থাকে তেওঁলোকে চিকিৎসা গ্ৰহণ কৰা প্ৰয়োজন।কিয়নো,তেওঁলোকৰ লগত শোৱাসকলৰ টোপনিত ব্যাঘাত জন্মে।ইয়াৰ বাহিৰেও কোনো এলাৰ্জী বা স্পিপ এপনিয়াৰ দৰে ই ৰোগৰো ইংগিত দিয়ে।

অণ্ডকোষৰ সমস্যা

 

পুৰুষসকলেও নিয়মীয়াকৈ নিজৰ অণ্ডকোষ হাতেৰে পৰীক্ষা কৰা প্ৰয়োজন।যদিহে অণ্ডকোষৰ ভিতৰত কোনো গোটা টেমুনাৰ অনুভৱ হয়,তেন্তে অনতি পলমে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।কিয়নো,ই অণ্ডকোষৰ কেন্সাৰৰ পুৰ্বাভাস হ’ব পাৰে।

কিছু দুৰ গ’লেই ভাগৰি পৰা

 

সামান্য খোজ কাঢ়িলেই আপোনাৰ শ্বাসকষ্ট আৰম্ভ হয় নেকি?যদিহে হয়,তেন্তে সতৰ্ক হওক-এয়া এনিমিয়া,এজমা বা হাৰ্টৰ ৰোগৰ লক্ষণ হ’ব পাৰে।চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।

বুকুত টেমুনা হোৱা

 

বুকুখন হাতেৰে মোহাৰি মাজে মাজে পৰীক্ষা কৰিব।যদিহে ব্ৰেষ্টত টেমুনা পাইছে তেন্তে চিকিৎসকক দেখুৱাওক।কাৰণ ব্ৰেষ্ট কেন্সাৰৰ লক্ষণ হ’ব পাৰে।মনত ৰাখিব যে ব্ৰেষ্ট কেন্সাৰ কেৱল মহিলাৰে নহয়,পুৰুষৰো হয়।

বাৰে বাৰে প্ৰস্ৰাৱ কৰা

 

প্ৰস্ৰাৱ কৰাৰ কাৰণে যদি সঘনাই টয়লেটলৈ যোৱা হয়,তেন্তে সেই সমস্যাক উলাই কৰি নিদিব।অন্যহাতে কেতিয়াবা প্ৰস্ৰাৱ কৰিবলৈ বহুত সময় লাগে।এইটোও প্ৰষ্টেটৰ ৰোগৰ লক্ষণ।ইয়াৰ কাৰণে চিকিৎসকৰ পৰামৰ্শ লোৱা প্ৰয়োজন।

অকালতে চুলি সৰা

 

সাধাৰণতে পুৰুষতকৈ মহিলাসকলেহে চুলি সৰা সমস্যাক লৈ বেছি সচেতন।পুৰুষসকলে চুলি সৰিলেও বৰ বেছি চিন্তিত হোৱা দেখা নাযায়।এইটোও ঠিক যে এটা নিৰ্দিষ্ট বয়সত মুৰৰ চুলি কম হৈ যোৱাটো প্ৰায় স্বাভাৱিক।কিন্তু কম বয়সতে যদি চুলি সৰিবলৈ আৰম্ভ কৰে,তেতিয়া হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱা প্ৰয়োজন।কিয়নো,ই থাইৰয়ডৰ সমস্যাৰ লক্ষণ হ’ব পাৰে।দীৰ্ঘদিন ধৰি চুলি সৰি থাকিলে এসময়ত টপা বা টকলা হোৱাটো নিশ্চিত।বহুতৰে ধাৰণা থাকে-ছাল,চুলি,নখ আদি লৈ মহিলাসকলহে সচেতন।পুৰুষসকল সচেতন হোৱাৰ কোনো প্ৰয়োজন নাই।প্ৰকৃততে এইটো ভ্ৰান্ত ধাৰণা।পুৰুষ,মহিলা সকলোৱেই বৰ্তমান নিজৰ সৌন্দৰ্য আৰু শৰীৰক লৈ সচেতন হোৱাৰ সময়ত অলপ সচেতনাই বহু ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।

উৎস:জি এন আৰচি স্বাস্থ্য

 

2.875
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top