অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পেটৰ বিষ

পেটৰ বিষৰ বিষয়ে লিখা হৈছে

 

সৰু-ডাঙৰ সকলোৰে কম-বেছি পৰিমাণে কেতিয়াবা নহয় কেতিয়াবা পেটৰ বিষ হয়েই।অধিকাংশ লোকৰে আহাৰ খোৱাৰ পিছত পেটৰ বিষ হয়।কিছুমানৰ আহাৰ খোৱাৰ আগতে এই বিষ হয়।

কাৰণ

 

আহাৰ ঠিক মতে হজম নহ’লে ,কোষ্ঠকাঠিন্য হ’লে ,বাৰে বাৰে পাতল পায়খানা হ’লে,শাওঁ পৰিলে,পেটত গেছ জমা হ’লে পেট বিষ হ’ব পাৰে।অমাশয় ৰোগ,পেপটিক আলচাৰ,আন্ত্ৰিক ৰোগ,যকৃৎ আৰু পিত্তাশয়ৰ ৰোগ,কিডনিৰ ৰোগ আদি হ’লেও পেটৰ বিষ হ’ব পাৰে।কোষ্ঠকাঠিন্য আৰু বদহজমৰ বাবে বমি আদি হ’লেও পেটৰ বিষ হ’ব পাৰে।

ঘৰুৱা চিকিৎসা

 

  • শিলিখা দুটামান ঘিউত ভাজি লওক।এই শিলিখা গুৰি কৰি খুন্দি লওক।এই গুৰিৰ দুই চিকুট মুখত লৈ গৰম পানী একাপ খাওক।পেটৰ বায়ু নিৰ্গত হোৱাৰ পিছত বিষ উপশম হ’ব।
  • আদাৰ ৰস এচামুচ সামান্য পৰিমাণে মৌ মিহলাই চেলেকি খাই থাকিলে যিকোনো ধৰণৰ পেটৰ বিষ ভাল হয়।
  • দুচামুচ নেমুৰ ৰসৰ লগত এচিকুট ক’লা নিমখ,জালুকৰ গুৰি আৰু ঘৰতে গুৰি কৰি লোৱা জিৰা আধা চামুচকৈ মিহলাই অকণ কণকৈ খাই থাকিলে পেটৰ বিষ আৰোগ্য হয়।
  • আধা চামুচ জিৰা বটি গুৰি কৰি লওক।তাৰ লগত বিশুদ্ধ মৌ জোল মিহলাই লাহে লাহে চেলেকি খাওক।
  • এচামুচ যনি (আজোৱান)এচিকুট হিং আৰু দুই চিকুট ক’লা নিমখ একেলগে মিহলাই চোবাই খাওক।পিছত একাপ গৰম পানী খাওক।পেটৰ গেছজনিত বিষ  ত্ৎক্ষণাত ভাল পাব।
  • শুকুৱাই থোৱা পদিনাৰ পাত গুৰি কৰি পানীত গুলি তাৰ লগত সামান্য চেনি আৰু এক চিকুট নিমখ মিহলাই খাওক।পেটৰ বিষ উপশম হ’ব।
  • দালচেনি আৰু সামান্য হিং মিহলাই গুৰি কৰি লওক।এই গুৰি একাপ পানীত গুলি খাওক।
  • আধা চিকুট বটি লোৱা শুকান জলকীয়া,সামান্য গুড়ৰ লগত মিহলাই খালে পেটৰ বিষ ভাল হয়।
  • আধা চামুচ জিৰা শুকান তাৱাত ভাজি লওক।সেই জিৰা মিহিকৈ বটি লৈ তাৰ লগত মৌ মিহলাই খাওক।
  • চফ গুটি আৰু সৈন্ধৱ  লৱণ মিহলাই খালেও পেটৰ বিষ ভাল হয়।
  • এচামুচ তুলসীৰ ৰস আৰু এচামুচ আদাৰ ৰস গৰম কৰি খালে পেটৰ বিষ উপশম হয়।
  • মধুৰীআমৰ কুমলীয়া পাত পাচঁটা ভালদৰে ধুই পটাত বটি লৈ পানীত মিহলাই খালেও পেটৰ বিষ ভাল হয়।
  • আধা চামুচ নহৰুৰ ৰস লৈ তাৰ লগত এচিকুট ক’লা নিমখ মিহলাই লওক।এই ৰস অকণ অকণকৈ চেলেকি খাই থাকিলেও পেটৰ বিষ ভাল হয়।
  • মুলাৰ দুচামুচ ৰস,চাৰিটা জালুকৰ গুৰি আৰু সামান্য নিমখ মিহলাই খাওক।
  • বেয়া উগাৰ আহি থাকিলে পিয়াঁজৰ এচামুচ ৰসৰ লগত জালুকৰ গুৰি মিহলাই খাওক।
  • যনিৰ গুৰি পানীৰ লগত মিহলাই পেটৰ ওপৰত লাহে লাহে সানি মালিচ কৰিলে পেটত জমা হৈ থকা বায়ু নিৰ্গত হয় আৰু পেট উখহা বা পেটৰ বিষ ভাল হয়।
  • পকা জামুৰ চৰবৎ খালে পেটৰ বিষ বন্ধ হয়।
  • এচিকুট লৰ গুৰি পানীত গুলি খালে গেছ নিৰ্গত হয় আৰু পেটৰ বিষ ভাল হয়।

পেটৰ বিষত খাদ্য-অখাদ্য

 

পেট বিষাই থাকিলে জলা-মছলা নিদিয়া আৰু সহজে হজম হ’ব পৰা আহাৰ খাব লাগে ।পৰাপক্ষত সিদ্ধ  কিন্তু পুষ্টিকৰ আহাৰ খাব।পাচলি,ফল আৰু আঁহযুক্ত খাদ্য খালে পেট খোলোচা হৈ থাকে।ভুচিসহ ঘেঁহুৰ আটাৰ ৰুটি ভালদৰে চোবাই খাওক।ভাত খালেও কম পৰিমাণে আৰু কোমলকৈ ৰান্ধি খাওক।আহাৰ খোৱাৰ লগে লগে পানী নেখাব।অতি কমেও আধা ঘণ্টাৰ পিছতহে পানী খাব।পেটৰ বিস থাকিলে মাছ-মাংস,কণী আৰু বেছি তেল দিয়া খাদ্য নেখাব।পানী বেছি পৰিমাণে খাব।ৰাতি আহাৰ খোৱাৰ পিছত কিছু সময় খোজ কাঢ়িব।

অজীৰ্ণ ৰোগৰ ঘৰুৱা চিকিৎসা দিহা

 

  • আধা চামুচ কেঁচা অমিতাৰ আঠা লগত সামান্য চেনি মিহলাই খালে অজীৰ্ণৰোগ তৎক্ষণাত ভাল হয়।
  • কেঁচা মুলা টুকুৰাকৈ কাটি তাৰ লগত সৈন্ধৱ লৱণ ,জালুকৰ গুৰি আৰু যনিৰ গুৰি ছটিয়াই লওক।তাৰ ওপৰত আধাডোখৰ নেমু চেপি তাৰ ৰস দি লওক।এই মুলাৰ টুকুৰাবোৰ আহাৰ খোৱাৰ পিছত ভালদৰে চোবাই খাওক।অজীৰ্ণৰ কাৰণে ইয়াতকৈ ভাল ঔষধ আৰু একো নাই।
  • দুটা লং,এটা শিলিখাৰ গুৰি আৰু এক চিকুট সৈন্ধৱ লৱণ একেলগে লৈ ২৫০ মি:লি:পানীত সিজাই ৫০ মি:লি থাকিলে নমাই চেকি লৈ সেই পানী খাওক।
  • পিয়াঁজৰ ৰসত এক চিকুট সৈন্ধৱ লৱণ মিহলাই খালে অজীৰ্ণ বা বদহজম ৰোগ ভাল হয়।

 

উৎস:স্বাস্থ্য

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top