মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / পেটৰ বিষ আৰু ডায়েৰিয়া হোৱাৰ কাৰণ কি?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পেটৰ বিষ আৰু ডায়েৰিয়া হোৱাৰ কাৰণ কি?

পেটৰ বিষ আৰু ডায়েৰিয়া হোৱাৰ কাৰণ কি? সেই বিষয়ে লিখা হৈছে ।

প্ৰতিজন লোকৰে জীৱনত কেতিয়াবা এবাৰলৈ হ’লে ডায়েৰিয়া হ’ব পাৰে। ডায়েৰিয়া হোৱাৰ লগতে পেটৰ বিষ বা পেট চিকুট মাৰি ধৰা বিসংগতি হ’ব পাৰে। এই ৰোগৰ অন্যতম প্ৰধান কাৰণ হৈছে-

  • খাদ্যৰ প্ৰতি সংবেদনশীলতা বা সহনশীলতা,
  • বেক্টেৰিয়া বা ভাইৰাছৰ সংক্ৰমণ,
  • ঔষধ বা এলকহলৰ ব্যৱহাৰ।

শাৰীৰিক চাপ আৰু অন্ত্ৰৰ উত্তেজনাৰ দৰে ক্ৰণিক লক্ষণৰ ফলতো এই ৰোগ হ’ব পাৰে। এই চুটি প্ৰবন্ধটিত আমি পেটৰ বিষ আৰু ডায়েৰিয়াৰ কেইবিধমান সাধাৰণ কাৰকৰ বিষয়ে আলোচনা কৰিম।

কাৰণবিলাক -

ডায়েৰিয়া ৰোগটো সাধাৰণতে হঠাতে থকা লোকৰ সংস্পৰ্শত থাকিলে সুস্থ লোকজনৰ শৰীৰলৈ সংক্ৰমিত হ’ব পাৰে।

সাময়িক অথবা দীৰ্ঘদিনীয়া ডায়েৰিয়া ৰোগৰ লক্ষণবোৰ কোনো ধৰণৰ চিকিৎসা নোলোৱাকৈ কেইদিনমানৰ ভিতৰতে নাইকিয়া হয়। ৰোগত ভুগি থকা লোকে ঘৰুৱা চিকিৎসা গ্ৰহণ কৰিব পাৰে।

এই চিকিৎসা ব্যৱস্থাবোৰৰ ভিতৰত অন্যতম হ’ল-

  • যথেষ্ট পৰিমাণে পৰিষ্কাৰ আৰু সতেজ পানীয় বা তৰল দ্ৰব্য সেৱন কৰিব লাগে।
  • পৰ্যাপ্ত পৰিমাণে জিৰণি ল’ব লাগে।
  • শৰীৰৰ যন্ত্ৰণা হ্ৰাস কৰিবৰ কাৰণে ফাৰ্মাচিৰ পৰা এই ৰোগৰ তীব্ৰতা ৰোধৰ বাবে ঔষধ কিনি আনি সেৱন কৰিব পাৰে।

কিছুমান পৰজীৱীৰ সংক্ৰমণৰ কাৰণেও হঠাৎ সাময়িক ডায়েৰিয়া হ’ব পাৰে। লগতে পেটৰ বিষো হ’ব পাৰে।

এইবিধ ডায়েৰিয়া হ’লে কেবাসপ্তাহলৈকে ৰোগীক যন্ত্ৰণা দিব পাৰে আৰু পিছলৈ নিজে ৰোগটো নিৰাময় হ’বগৈ পাৰে।

একেৰাহে ৰোগটো হৈ থাকিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

২)খাদ্যৰ প্ৰতিক্ৰিয়া:

মানুহে খোৱা কিছুমান খাদ্য দ্ৰব্যই কেতিয়াবা ডায়েৰিয়া, পেটৰ বিষ আৰু অন্য কিছুমান পেটৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।

লক্ষণবিলাক সাধাৰণতে কম সময়ৰ বাবে দেখা দিয়ে আৰু এই লক্ষণবিলাক কেইঘন্টামানৰ ভিতৰতে নিজে নিজে নাইকিয়া হয়গৈ।

অপকাৰী খাদ্যই ডায়েৰিয়া সৃষ্টি কৰাৰ কাৰণবোৰ হৈছে এনেধৰণৰ -

  • হঠাতে খাদ্যদ্ৰব্য সলনি কৰিলে।
  • বেছি তেল-মছলা দিয়া আৰু বেছি চৰ্বিযুক্ত খাদ্য খালে।
  • খাদ্যৰ প্ৰতি সংবেদনশীলতা।

চেলিয়াক ৰোগ:

ঘেঁহু, সৰিয়হ বা বাৰ্লি আদিত থকা গ্লুটেন নামৰ এবিধ প্ৰোটিন যেতিয়া পাচন তন্ত্ৰই ভাঙিব নোৱাৰে, তেতিয়াই এই ৰোগে দেখা দিয়ে।

কিছুমান গৱেষণাৰ পৰা জানিব পৰা গৈছে যে, শতকৰা ২০ জনতকৈ বেছি লোকে খাদ্যৰ দ্ৰব্যৰ সংবেদনশীলতাত ভোগে।

খোৱাৰ পিছত কিয় ডায়েৰিয়াত ভুগিবলগা হয়, সেই কথা সকলো লোকৰ ক্ষেত্ৰতে জানিব পৰা নেযায়। এই কথা জানিবৰ কাৰণে দৈনিক খোৱা খাদ্যৰ এখন ‘ডায়েৰি’ ৰাখিলেহে এই বিষয়টো পৰীক্ষা কৰিব পৰা যাব।

খাদ্য খোৱাৰ পিছত দেখা দিয়া ডায়েৰিয়াৰ পৰা ৰক্ষা পৰাৰ কাৰণে, আগৰে পৰা খাই থকা খাদ্যৰ সলনি দুই এটা নতুন খাদ্য দ্ৰব্য খাবলৈ ল’ব লাগে আৰু খাই থকা খাদ্য-দ্ৰব্যবোৰ লাহে লাহে সলনি কৰিবলৈ ল’ব লাগে।

কেইবিধমান পুষ্টিকৰ খাদ্য খাবলৈ লওক আৰু পূৰ্বতে যিবিলাক খাদ্যই আপোনাৰ ডায়েৰিয়া ৰোগত ভোগাইছে, তেনে খাদ্য সীমিত পৰিমাণত খাওক বা লাহে লাহে তেনে খাদ্য খোৱাটো একেবাৰে বন্ধ কৰি দিয়ক। যিসকল লোকে চেলিয়াক ৰোগত ভুগি আছে, তেওঁলোকে গ্লুটেনযুক্ত খাদ্য একেবাৰে পৰিত্যাগ কৰক।

৩)বদহজম আৰু অতিভোজন:

অতিমাত্ৰ খাদ্য গ্ৰহণৰ ফলত বদহজম, ডায়েৰিয়া আৰু পাকস্থলীৰ বিষ হ’ব পাৰে, কাৰণ পাকস্থলীত জমা হৈ পৰা অৰিতিক্ত পৰিমাণৰ দ্ৰব্যবোৰ জীণ নিয়াবৰ কাৰণে পাচনতন্ত্ৰই অধিক পৰিমাণে পৰিশ্ৰম কৰিবলগীয়া হয়।

প্ৰাপ্তবয়ষ্ক লোক আৰু শিশুসকলেও অতিভোজনৰ পাৰ্শ্বক্ৰিয়াত ভুগিব লগা হয়, কিন্তু শিশুসকলে এই অৱস্থাত বেছিকৈ কষ্ট ভুগিবলগীয়া হয়। কাৰণ শিশুৱে ভোকলগা আৰু খাই থাকোতে পেট ভৰাৰ অনুভূতিৰ পাৰ্থক্য ধৰিব নোৱাৰে।

অতিভোজনৰ পৰা হাত সৰাৰ উপায় -

  • খোৱা থালত দ্ৰব্য বেছি পৰিমাণে লোৱাৰ প্ৰৱণতা নিয়ন্ত্ৰণ কৰক। থালত খাবলৈ লোৱা খাদ্য দ্ৰব্য বেছি আঁহযুক্ত, কম কেলৰিসমৃদ্ধ হ’ব লাগে। এনে খাদ্য শাক-পাচলি হ’ব পাৰে।
  • খাদ্যবোৰ মুখত ভৰাই ভালদৰে চোবাবৰ কাৰণে অলপ সময় লওক।
  • অতিভোজনৰ পৰা ৰক্ষা পোৱা এটি অন্যতম উপায় হৈছে- মনোযোগ দি খোৱা। মনোযোগেৰে খাদ্য খালে খাদ্যৰ সোৱাদ অনুভৱ কৰিব পাৰি, প্ৰতি গৰাহ খাদ্যত কি খাইছে, সেই কথাও লক্ষ্য কৰিব পাৰি।

মনোযোগেৰে খাদ্য খালে, খাই থাকোঁতে টিভি চাই থকাৰ দৰে অপকাৰী অভ্যাসবোৰৰ পৰাও ৰক্ষা পাব পাৰি।

কেতিয়াবা খাই উঠাৰ পিছত পেট বিষাব পাৰে। পেট বিষোৱাৰ সাধাৰণ কাৰণবোৰৰ বিষয়ে জানি লও আহকচোন।

৪)উত্তেজনাপূৰ্ণ অন্ত্ৰৰ ৰোগলক্ষণ:

দীৰ্ঘদিন ধৰি হৈ থকা ডায়েৰিয়া উত্তেজনাপূৰ্ণ অন্ত্ৰৰ ৰোগৰ লক্ষণ হ’ব পাৰে। এই বিসংগতি হৈ থাকিলে পাচন নলীৰ ক্ষতি নহ’ব পাৰে কিন্তু ইয়াৰ ফলত কিছুমান ৰোগৰ লক্ষণ প্ৰকাশ পাব পাৰে।

ৰোগবিলাক হ’ল-

  • ডায়েৰিয়া,
  • পাকস্থলীৰ বিষযুক্ত সংকোচন,
  • ফুলি উঠা আৰু
  • গেছ হোৱা।

বিভিন্ন অধ্যয়নৰ পৰা জনা গৈছে যে, বিশ্বৰ প্ৰায় ১০ শতাংশ লোকৰ ‘উত্তেজনাপূৰ্ণ অন্ত্ৰৰ ৰোগ’(IBS) আছে আৰু ইয়াৰে অধিক সংখ্যকেই মহিলা।

এই ৰোগটোৰ কোনো নিৰ্দিষ্ট চিকিৎসা নাই। তথাপি এই লক্ষণবিলাকৰ পৰা মানুহে ইচ্ছা কৰিলে হাত সাৰি থাকিব পাৰে।

সেই উপায়বিলাক হ’ল-

  • পাৰ্যমানে মানসিক চাপ কমাই ৰাখক।
  • খাদ্য দ্ৰব্যবোৰ ক্ৰমান্বয়ে সলনি কৰি যাওক।
  • পৰ্যাপ্ত পৰিমাণে ভালদৰে টোপনি যাওক।
  • যথেষ্ট পৰিমাণে তৰল দ্ৰব্য(পানী, ফলৰ ৰস আদি) লওক।
  • নিয়মীয়াকৈ ব্যায়াম কৰক।
  • ছাপ্লিমেন্ট খাওক।
  • ৰোগ লক্ষণৰ কাৰণে ঔষধ খাওক।

৫)প্ৰদাহজনিত(বিষ থকা) তন্ত্ৰৰ ৰোগ:

প্ৰদাহজনিত অন্ত্ৰৰ ৰোগ বুলি পাচন তন্ত্ৰ বা অন্ত্ৰক আক্ৰমণ কৰা কেইটিমান অৱস্থাক বুজোৱা হয়। সেইবিলাকৰ ভিতৰত ‘ক্ৰণছ ৰোগ’(Crohn’s Disease) আৰু অন্ত্ৰত ঘাৰ সৃষ্টি কৰা কলাইটিছ(Ulcerative Colitis) আদি।

কেবালানি অধ্যয়নৰ পৰা জানিব পৰা মতে সমগ্ৰ বিশ্বত প্ৰায় ২০ নিযুত লোক এই ৰোগত আক্ৰান্ত হৈ আছে।

ৰোগটোৰ লক্ষণবিলাক এনেধৰণৰ-

  • ডায়েৰিয়া
  • অলপতে ভাগৰ লগা
  • পাকস্থলীৰ বিষ
  • শৌচৰ লগত তেজ যোৱা
  • শৰীৰৰ ওজন কমি যোৱা।

এই ৰোগ হ’লে পাচন নলীৰ ক্ষতি হ’বগৈ পাৰে। সেয়ে এই ৰোগৰ লক্ষণ দেখা পালেই ৰোগীয়ে সাৱধান হ’ব লাগে আৰু লক্ষণবিলাক নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা ল’ব লাগে।

অন্ত্ৰনলীৰ ক্ষতি কৰিব পৰা বিষ আৰু পাচন ক্ৰিয়া দুৰ্বল কৰা লক্ষণবোৰ নিয়ন্ত্ৰণৰ কাৰণে চিকিৎসা গ্ৰহণ কৰিব লাগে।

এই চিকিৎসাত আছে-

  • ঔষধ সেৱন,
  • ছাপ্লিমেন্ট সেৱন,
  • খাদ্য দ্ৰব্য সলনি কৰা আৰু
  • অস্ত্ৰোপচাৰ।

৬)মানসিক চাপ:

আৰ্ট চিকিৎসা ব্যৱহাৰ কৰি মানসিক চাপ আৰু অস্বস্তি নিৰাময় কৰিব পাৰি। মানসিক আৰু অস্বস্তিয়ে পাচন তন্ত্ৰত মলৰ সঞ্চালনাৰ ওপৰত প্ৰভাৱ পেলায় আৰু মল সঞ্চালনৰ গতি বৃদ্ধি কৰে, ফলত ডায়েৰিয়া হয়গৈ।

মানসিক চাপৰ ফলত ’উত্তেজনাপূৰ্ণ অন্ত্ৰৰ ৰোগ’ সৃষ্টি কৰিব পাৰে আৰু এনে লক্ষণ ক্ৰমে বেয়াৰ ফালে যাব পাৰে।

চিকিৎসা বিজ্ঞানীসকলৰ মতে মানুহৰ মস্তিষ্ক আৰু পাচন প্ৰণালীৰ মাজত এটা সম্পৰ্ক আছে। সেয়ে মানসিক চাপে পাচন প্ৰণালীত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

উদাহৰণস্বৰূপে ক’ব পাৰি যে বৃত্তিগত চাপে গেষ্ট্ৰিক সঁহাৰিক উত্তেজিত কৰে। ৰোগীসকলে মানসিক চাপ এনেবোৰ ব্যৱস্থাৰে কমাই ৰাখিব পাৰে-

  • ধ্যানৰ অভ্যাস আৰু মানসিক সক্ৰিয়তা।
  • নিয়মীয়া ব্যায়াম।
  • গভীৰভাৱে উশাহ লোৱাৰ কৌশল।
  • সংগীত চিকিৎসাৰ প্ৰয়োগ।

যিসকল ব্যক্তিয়ে নিজাববীয়া চেষ্টাৰে মানসিক চাপ কমাব নোৱাৰে, তেওঁলোকে এজন চিকিৎসকৰ বা মানসিক স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শ লৈ ঔষধ সেৱন কৰিব পাৰে বা দুয়োবিধৰে চিকিৎসা বিধি মানি চলি অবিৰত বা তীব্ৰ মানসিক চাপৰ পৰা নিৰাময় পাব পাৰে।

৭)ঔষধ সেৱন আৰু সুৰাসেৱন:

অতিমত্ৰা সুৰাসেৱনে পাচনক্ৰিয়াত বাধাৰ সৃষ্টি কৰে আৰু তাৰ ফলত পেটৰ বিষ, ডায়েৰিয়া, বমি বা অন্য ভালেমান লক্ষণে দেখা দিব পাৰে।

এনে ধৰণৰ লক্ষণবোৰ নাইকিয়া কৰিবৰ কাৰণে সীমিত পৰিমাণে সুৰা সেৱনৰ সিদ্ধান্ত ল’ব পাৰে। বিভিন্ন অধ্যয়ন আৰু পৰীক্ষা-নিৰীক্ষাৰ অন্তত খাদ্য বিশেষজ্ঞসকলে খাদ্য গ্ৰহণৰ কাৰণে পৰামৰ্শ আগবঢ়াইছে এনেদৰে-

  • মহিলাই প্ৰতিদিনে মাত্ৰ এক পেগকৈ খালে পেটৰ এনেধৰণৰ বেমেজালি নহয়।
  • পুৰুষসকলেও সুৰাসেৱনৰ পৰিমাণ দৈনিক মাত্ৰ দুই পেগতে সীমাবদ্ধ কৰি ৰাখিব লাগে।
  • সকলো লোকেই সপ্তাহটোত অতি কমেও দুদিন সুৰা সেৱনৰ পৰা বিৰত থকা উচিত।

কিছুমান ঔষধে মানুহৰ পেটৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। বহুতো ঔষধৰ লেবেলত পাৰ্শ্বক্ৰিয়া হিচাপে ডায়েৰিয়া হ’ব পাৰে বুলি উল্লেখেই থাকে।

যিবিলাক ঔষধে ডায়েৰিয়া সৃষ্টি কৰিব পাৰে, সেইবিলাক ঔষধ হ’ল এনেধৰণৰ-

  • মেগনেছিয়ামযুক্ত এন্টাচিড।
  • এন্টিবায়োটিক।
  • কেমোথেৰাপি ঔষধ।
  • কোষ্ঠকাঠিন্য নিৰাময়ৰ ঔষধৰ অতিমাত্ৰা ব্যৱহাৰ।
  • ষ্টেৰয়ড নথকা বিষনাশক ঔষধ।

কিছুমান নতুন ঔষধ সেৱনৰ পিছত হোৱা ডায়েৰিয়া শৰীৰে ঔষধটো খাপ খুৱাই লোৱাৰ পিছত নিজে নিজে ভাল হয়।

নতুন ঔষধ এটা খোৱাৰ পিছত কেবাদিনলৈকে যদি ডায়েৰিয়া হৈয়েই থাকে, তেনেহ’লে চিকিৎসকৰ ওচৰলৈ গৈ পৰামৰ্শ লওক। তেওঁ আপোনাক কিবা বিকল্প ঔষধৰ পৰামৰ্শ দিব।

৮)গৰ্ভাৱস্থা:

মহিলাসকলে গৰ্ভাৱস্থাত প্ৰায়ে ডায়েৰিয়া আৰু পেটৰ অন্যান্য বিসংগতিত ভোগে। এনেবিলাক বিকাৰ মূলতঃ গৰ্ভাৱস্থাত হৰমোনৰ লগতে শৰীৰৰ গঠনগত পৰিৱৰ্তনৰ ফলতে দেখা দিয়ে।

গৰ্ভাৱস্থাত খাদ্যৰ অভ্যাসৰ পৰিৱৰ্তন আৰু নতুন খাদ্যৰ সংবেদনশীলতাৰ ফলতে ডায়েৰিয়া হয়। গৰ্ভাৱস্থাত একেৰাহে কেইবাদিনলৈকে ডায়েৰিয়া হৈ থাকিলে চিকিৎসক এজনক লগ কৰক আৰু তেওঁৰ পৰামৰ্শ গ্ৰহণ কৰক।

কম গুৰুত্বপূৰ্ণ কাৰণবিলাক -

একেৰাহে বা বেছিকৈ হৈ থকা ডায়েৰিয়া এটা গুৰুত্বপূৰ্ণ স্বাস্থ্যজনিত সমস্যাৰূপে ল’ব লাগে, বিশেষভাৱে যদি ডায়েৰিয়া হৈ থাকোতে পায়খানাৰ লগত তেজ যায়।

ডায়েৰিয়াৰ লগতে পেটৰ বিষ হোৱাৰ অন্য প্ৰধান কাৰণবিলাক হৈছে-

  • এপেণ্ডিচাইটিছ।
  • কেইবিধমান বিশেষ শ্ৰেণীৰ কেন্সাৰ।
  • চিষ্টিক ফিব্ৰ’ছিচ।
  • পাকস্থলীৰ অংগক ক্ষতিসাধন কৰা।
  • অন্ত্ৰত খাজ লাগি ধৰা মল।
  • অন্ত্ৰত সৃষ্টি হোৱা বাধা।

চিকিৎসকক কেতিয়া দেখুৱাব?

পেটৰ বিষৰ সৈতে ডায়েৰিয়া হৈ থাকিলে চিকিৎসকক লগ ধৰক-

  • যদি ডায়েৰিয়া বেছিকৈ হৈছে।
  • ৰোগটো ক্ৰমে বেয়ালৈ গৈ আছে।
  • কেবাদিনো ধৰি হৈ আছে।
  • একেবাৰে কেঁচুৱা, বৃদ্ধ লোক বা ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোকৰ হৈ আছে।
  • বাৰে বাৰে ৰোগটোৱে উক দি আছে।

যদি তলৰ লক্ষণবোৰ দেখা দিছে, তেনেহ’লে তৎক্ষণাত চিকিৎসকক দেখুৱাওক।

  • যদি পায়খানাৰ ৰং ক’লা, আলকাতৰাৰ দৰে বা তেজযুক্ত হৈছে।
  • ৰোগীৰ যদি দৃষ্টিভ্ৰম হৈছে।
  • ৰোগীয়ে কথা ক’বলৈ অসুবিধা হৈছে।
  • ৰোগীৰ যদি জ্বৰ আছে।
  • সঘনাই বমিৰ ভাব বা বমি হৈছে।
  • ৰোগী অৱস্থিৰ হৈছে।
  • জণ্ডিচ, ছাল হালধীয়া হৈছে বা চকুৰ বগা অংশবোৰ হালধীয়া হৈছে।
  • হৃদস্পন্দনৰ গতি বৃদ্ধি পাইছে।
  • মূৰ্চ্ছা গৈছে।
  • শৰীৰ নিৰ্জলা হোৱাৰ লক্ষণ, যেনে- ডাঠ হালধীয়া ৰঙাৰ প্ৰস্ৰাৱ হৈছে, পিয়াহ লাগিছে, মুখ শুকাই গৈছে আৰু ভাগৰুৱা হৈছে।
  • চকুৰে দেখা পোৱাৰ অসুবিধা হৈছে।

প্ৰতিৰোধ ব্যৱস্থা -

স্বাস্থ্যসন্মত খাদ্য খাওক আৰু অতি ভোজন পৰিহাৰ কৰক। তেনে ব্যৱস্থাই পেটৰ বিষ আৰু ডায়েৰিয়া প্ৰতিৰোধ কৰিব।

পেটৰ বিষ আৰু ডায়েৰিয়া সম্পূৰ্ণৰূপে প্ৰতিৰোধ কৰাটো সম্ভৱ নহয়। তথাপি তলত দিয়া উপায়কেইটা মানি চলিলে এই ৰোগৰ লক্ষণবোৰ কমি থাকিব।

  • স্বাস্থ্যসন্মত খাদ্য খাওক।
  • বেছিকৈ তেলত ভজা বা বেছি চৰ্বিযুক্য খাদ্য নেখাব।
  • খাবলৈ মন নোযোৱা বা সহ্য কৰিব নোৱাৰা খাদ্য নেখাব।
  • সুৰা সেৱন সীমিত কৰক।
  • খাদ্য দ্ৰব্য সদায় একেটা জোখত খাবলৈ চেষ্টা কৰক।
  • মনৰ উদ্বেগ কমাওক আৰু পৰ্যাপ্ত মাত্ৰাত শোৱক।
  • শৰীৰটোৰ আৰ্দ্ৰতা ৰক্ষা কৰি প্ৰয়োজনীয় মাত্ৰাত পানী খাই থাকক।
  • পেটৰ অসুখত ভুগি থকা লোকৰ পৰা পৰাপক্ষত আঁতৰি থাকক।
  • খাদ্য প্ৰস্তুত কৰোতে পৰিষ্কাৰ-পৰিচ্ছন্নতা আঁতৰি থাকক।
  • খাদ্য দ্ৰব্যবোৰ ভালদৰে সংৰক্ষণ কৰি ৰাখক।
  • খাদ্যত বিষক্ৰিয়া সঘনাই হোৱা ঠাইবিলাকলৈ ফুৰিবলৈ গ’ল বিশেষভাৱে সাৱধান থাকিব।
  • ঔষধ খাই ডায়েৰিয়া হ’লে চিকিৎসকক জনাওক আৰু বিকল্প ঔষধ লওক।
  • ’ইৰিটেবল বাৱেল চিণ্ড্ৰম’ আৰু আইবিডিৰ দৰে ক্ৰণিক ৰোগৰ চিকিৎসা তৎক্ষণাত লওক।
  • ’ট্ৰেভেলাৰ্ছ ডায়েৰিয়া’ আৰু এন্টিবায়োটিকজনিত ডায়েৰিয়া ‘প্ৰোবায়োটিক ছাপ্লিমেন্ট’ সেৱন কৰিলে প্ৰতিৰোধ হয়।

লেখক: ডাঃ নীলমাধৱ বৰুৱা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top