মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / পেপটিক আলচাৰ বা পাকস্থলীৰ ঘা কিয় হয়?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পেপটিক আলচাৰ বা পাকস্থলীৰ ঘা কিয় হয়?

 

খাদ্যনলী আৰু ডিওডেনামৰ মাজৰ অংশক পাকস্থলী(Stomach) বোলে। এই অংশটো খাদ্যনলীৰ পিছৰ প্ৰসাৰিত থলীৰ দৰে। ডায়াফ্ৰামৰ ঠিক তলতেই এই অংশটো অৱস্থিত। খাদ্যনলীৰ পৰা খাদ্যদ্ৰব্য প্ৰথমে পাকস্থলীলৈ আহে। পাকস্থলীৰ কাম হৈছে- এই খাদ্যক কিছু পৰিমাণে হজম বা পৰিপাকৰ ব্যৱস্থা কৰা আৰু পিছত অন্ত্ৰলৈ পঠিয়াই দিয়া। পাকস্থলীৰ ওপৰৰ মুখ খাদ্যনলীৰ লগত যুক্ত হৈ থাকে। আৰু এই দুই অংশ যুক্ত হৈ থকা অংশক Cardiac Orifice বোলে। পাকস্থলীৰ তলৰ মুখ সামান্যভাৱে সোঁফালে বেঁকা হৈ অন্ত্ৰৰ প্ৰথমে অংশ অৰ্থাৎ ডিওডেনামৰ লগত মিলিত হৈছে। সেই অংশটোক Pyloric Orifice বোলে। পাকস্থলীৰ পৰা অৰ্ধজীৰ্ণ খাদ্য এই পথেদিয়েই প্ৰথমে ডিওডেনামত প্ৰৱেশ কৰে। Orifice বুলি ক’লে শৰীৰৰ কোনো গহ্বৰৰ প্ৰৱেশ পথ বা নিৰ্গমন পথক বুজায়।

পাকস্থলীৰ একেবাৰে ওপৰ অংশটোক Fundus বোলে। পাকস্থলীৰ মাজৰ অংশটোক Cardiac বোলে। ইয়াতে খাদ্যনলী আহি পাকস্থলীৰ লগত লগ লাগিছে। পাকস্থলীৰ একেবাৰে শেষৰ অংশটোক কোৱা হয় ‘পাইলোৰাছ’(Pylorus)। ইয়াৰ পিছৰ অংশটোৱেই ‘ডিওডেনাম’(Deodenum)। পাকস্থলীৰ প্ৰৱেশ মুখৰ দুৱাৰখন বেছ ডাঠ আৰু গোলাকাৰ পেশীৰে গঠিত। এই দুৱাৰখনক কোৱা হয় ‘কাৰ্ডিয়াক সফিংকটাৰ’(Cardiac Sphincter) আৰু পাকস্থলীৰ পৰা বাহিৰলৈ ওলাই যোৱা দুৱাৰখনক কোৱা হয় ‘পাইলোৰিক সফিংকটাৰ’(Pyloric Sphincter)। এই দুৱাৰখনো বেছ ডাঠ আৰু গোলকাৰ পেশীৰে গঠিত। পাকস্থলীৰ মাজৰ অংশটোও বেচ ডাঠ আৰু গোলাকাৰ।

এয়াই হ’ল থুলমূলকৈ পাকস্থলীৰ গঠন আৰু ইয়াৰ বিভিন্ন অংশৰ বিৱৰণ। এতিয়া আহোঁ এই পাকস্থলীৰ গঠন আৰু ডিওডেনামত হোৱা ঘাৰ(Peptic Ulcer) সম্পৰ্কে কিছু কথাৰ প্ৰসংগলৈ।

এই ঘা বা আলচাৰ এক প্ৰকাৰৰ মুকলি ঘা আৰু এই ঘা সাধাৰণতে শৰীৰৰ ছাল আৰু ‘শ্লেষ্মা আৱৰণত’(Mucous Membrane) হোৱা দেখা যায়। পাকস্থলী আৰু ডিওডেনামৰ ভিতৰৰ আৱৰণত(Lining) সাধাৰণতে ঘা হোৱা দেখা যায়। এই আৱৰণত ‘পাচক অম্ল’(Hydrochloric acid) আৰু ‘পেপচিন’(Pepsin) থাকে। এনেধৰণৰ ঘাবোৰকে ‘পেপটিক আলচাৰ’(Peptic Ulcer) বুলি কোৱা হয়।

  • ঘাবোৰ যদি কেৱল পাকস্থলীত থাকে, তেনেহ’লে এইবোৰক ‘গেষ্ট্ৰিক আলচাৰ’(Gestric Ulcer) বুলি কোৱা হয়।
  • ঘাবোৰ যদি ডিওডেনামত থাকে, তেনেহ’লে এইবিলাকক কোৱা হয় ‘ডিওডেনাল আলচাৰ’(Deodenal Ulcer)।

কিছুবছৰ আগলৈকে পাকস্থলীৰ ঘাৰ(Ulcer) কাৰণবোৰ মানসিক চাপ আৰু গ্ৰহণ কৰা খাদ্য বুলিয়েই বিশ্বাস কৰা হৈছিল। অৱশ্যে পিছলৈ গৱেষকসকলে বিভিন্ন অধ্যয়নৰ যোগেদি নিশ্চিত কৰিলে যে, পেটত উৎপন্ন হোৱা অম্ল(Stomach Acid) হাইড্ৰ’ক্লৰিক এচিড আৰু পেপচিনেহে পেটত ঘা হোৱাত অৰিহনা যোগায়। শেহতীয়াকৈ গৱেষকসকলে প্ৰমাণ কৰি দেখুৱালে যে, অধিকাংশ অন্ত্ৰৰ ঘা ৮০ শতাংশ গেষ্ট্ৰিক আলচাৰ আৰু ৯০ শতাংশ ডিওডেনামৰ ঘা এবিধ বিশেষ ধৰণৰ বেক্টেৰিয়া(Helicobacter Pylori, H. Pylori)) সংক্ৰমণৰ ফলতহে হয়। অৱশ্যে, জীৱনশৈলী, এচিড আৰু পেপচিন তথা এইছ-পাইলোৰি নামৰ বেক্টেৰিয়াৰ সংক্ৰমণে অন্ত্ৰত ঘা হোৱাত বিশেষ ভূমিকা লয় বুলি বিশ্বাস কৰা হয়।

পেপটিক আলচাৰ্ হোৱাৰ কাৰকবোৰ:

  • হেলিকোৰেক্টাৰ পাইল’ৰি:

বিভিন্ন গৱেষণাত প্ৰমাণিত হৈছে যে, ‘হেলিকোবেক্টাৰ পাইল’ৰি’(H. Pylori) নামৰ বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত অধিকাংশ ঘাৰ সৃষ্টি হয়। এইবিধ বেক্টেৰিয়াই পাকস্থলীৰ প্ৰতিৰক্ষা শ্লোষ্মা আৱৰণ দুৰ্বল কৰিব পৰা এবিধ দ্ৰব্য উৎপাদন কৰে আৰু ফলত এই আৱৰণত এচিড আৰু পেপচিনৰ ক্ষতিকাৰক আক্ৰমণৰ প্ৰৱণতা বৃদ্ধি কৰে আৰু এচিডৰ নিঃসৰণ বঢ়াই তোলে।

  • ধূমপান:

অধ্যয়নবিলাকে প্ৰমান কৰিছে যে, ধূমপানৰ অভ্যাসে আলচাৰ সৃষ্টি হোৱাৰ আশংকা বৃদ্ধি কৰেত। লগতে পূৰ্বৰ পৰা থকা আলচাৰ নিৰাময় হোৱাৰ প্ৰক্ৰিয়াও মন্থৰ কৰে আৰু এই অভ্যাসে পাকস্থলীত পুনৰ আলচাৰ হোৱাৰ আশংকাও বৃদ্ধি কৰে।

  • কেফেইন:

চাহ আৰু কফিত থকা কেফেইনে পাকস্থলীত এচিড নিঃসৰণৰ প্ৰক্ৰিয়াক উত্তেজিত কৰে আৰু তাৰ ফলত পূৰ্বৰে পৰা থকা পাকস্থলীৰ আলচাৰৰ বিষ বৃদ্ধি পায়। অৱশ্যে পাকস্থলীৰ এচিড নিঃসৰণ প্ৰক্ৰিয়াক উৎসাহিত কৰাৰ বাবে একমাত্ৰ কেফেইনকে দায়ী কৰিব নোৱাৰি।

  • এলকোহল:

এলকোহল বা সূৰা সেৱনৰ লগত পেপটিক আলচাৰৰ প্ৰমাণিত সম্পৰ্ক পোৱা হোৱা নাই, তথাপি লিভাৰ চিৰোচিছত ভুগি থকা লোকৰ মাজত পাকস্থলীত আলচাৰ হোৱা দেখা যায়। বেছিকৈ সুৰা সেৱন কৰাৰ সৈতে ‘লিভাৰ চিৰোচিছ’ৰ সম্পৰ্ক আছে।

  • মানসিক চাপ:

যদিও মানসিক চাপ বা আবেগিক চাপক পাকস্থলীৰ আলচাৰ বা ঘাৰ প্ৰধান কাৰণ বুলি ধৰি লোৱা নহয়, তথাপি আলচাৰত ভুগি থকা লোকে প্ৰায়ে কোৱা শুনা যায় যে, আবেগিক চাপে আলচাৰৰ বিষ বৃদ্ধি কৰে। শাৰীৰিক চাপে বিশেষভাৱে পাকস্থলীত ঘা সৃষ্টি কৰাৰ আশংকা বৃদ্ধি কৰিব পাৰে। উদাহৰণ স্বৰূপে, যিসকল ব্যক্তি পূৰ্বতে অধিক মাত্ৰাত অগ্নিদগ্ধ হৈছে বা গুৰুতৰ ধৰণৰ অস্ত্ৰোপচাৰ কৰাইছে, তেওঁলোকে আলচাৰ আৰু আলচাৰৰ জটিলতা প্ৰতিৰোধ কৰাৰ বাবে দীঘলীয়াকৈ চিকিৎসা ল’বলগীয়া হয়।

  • এচিড আৰু পেপচিন:

পাকস্থলীয়ে যদি শক্তিশালী পাচন ৰস, হাইড্ৰক্ল’ৰিক এচিড আৰু পেপচিনৰ পৰা নিজকে ৰক্ষা কৰিব নোৱাৰে, তাৰ পৰিণতিত পাকস্থলীত আলচাৰ সৃষ্টি হয় বুলি বিশ্বাস কৰা হয়।

  • ষ্টেৰয়ড বিহীন প্ৰদাহ নাশক ঔষধ(NSAIDS):

এই শ্ৰেণীৰ ঔষধবিলাকে(যেনে- এছপিৰিণ, ইবুপ্ৰ’ফেন আৰু নেপ্ৰোজেনছবিয়াম) পাকস্থলীক এচিড আৰু পেপচিনৰ ক্ষতিকাৰক প্ৰভাৱৰ বাবে উন্মুক্ত কৰি দিয়ে। এইবিলাক ঔষধীয় উপাদান, জ্বৰ, মূৰ কামোৰণি, সৰু-সুৰা বিষ-যন্ত্ৰণা আৰু বিষৰ ঔষধৰ লগতো সন্নিবিষ্ট হৈ থাকে।

লক্ষণ:

পাকস্থলীত আলচাৰ হ’লে কিছুমান যন্ত্ৰণাদায়ক লক্ষণে দেখা দিয়ে। অৱশ্যে আলচাৰত ভোগা প্ৰতিজন লোকে ভোগা লক্ষণবোৰ বেলেগ বেলেগ হ’ব পাৰে যদিও প্ৰতিজন লোকৰে আলচাৰৰ লবাবে কোনো লক্ষণ নোলাব পাৰে। কিন্তু আলচাৰ থাকিলে সাধাৰণতে দেখা দিয়া লক্ষণবোৰ হ’ল- বুকুৰ কামিহাড় আৰু নাভিৰ মাজ অংশৰ পেটত জলা-পোৰা কৰা বিষ হ’ব পাৰে। এই বিষ কেতিয়াবা দুসাজ আহাৰৰ মাজৰ সময়খিনিত বা ৰাতিপুৱাৰ অলপ আগে আগে দেখা দিব পাৰে। বিষটো কেইমিনিটমানৰ পৰা কেবা ঘন্টালৈকে থাকিব পাৰে। সচৰাচৰ দেখা নিদিয়া অৰ্থাৎ ছেৰ্গা-চোৰোকাকৈ দেখা দিয়া আলচাৰৰ লক্ষণবোৰ হ’ল-

  • সঘনাই উগাৰ আহি থকা
  • ওকালি বা বমিৰ ভাৱ
  • বমি
  • ভোক নলগা
  • শৰীৰৰ ওজন কমা
  • অলপতে ভাগৰ লগা বা দুৰ্বল অনুভৱ কৰা।

পাকস্থলী আৰু ডিওডেনামৰ ঘাৰ ফলত দেখ দিয়া লক্ষণবিলাক পাচনতন্ত্ৰৰ অন্য অৱস্থাৰ লক্ষণৰ সৈতে প্ৰায় একে ধৰণৰ হ’ব পাৰে। সেয়ে ৰোগটো নিৰ্ণয় কৰিবৰ কাৰণে কোনো অভিজ্ঞ চিকিৎসকৰ ওচৰ চাপক।

জটিলতা:

পাকস্থলীত আলচাৰ থকা লোকে বিভিন্ন ধৰণৰ জটিলতাত ভুগিব পাৰে। যদি তেওঁলোকে সময়ত চিকিৎসা নেপায়, তেনেহ’লে জটিলতা আৰু বৃদ্ধি হ’ব পাৰে। সচৰাচৰ হৈ থকা সমস্যাবোৰ হ’ল-

    ৰক্তস্ৰাৱ:

কাৰণ পাকস্থলীত হোৱা ঘাবোৰে পাকস্থলীৰ পেশীবোৰ নষ্ট কৰে বা ক্ষয় নিয়ায় বা ডিওডেনামৰ বেৰ, ৰক্তবাহী নলী আদিও ক্ষতিগ্ৰস্ত হ’ব পাৰে। এই ক্ষতৰ পৰা ৰক্তপাত হ’ব পাৰে।

    পাকস্থলীৰ বেৰত ছিদ্ৰ:

কেতিয়াবা আলচাৰৰ আগ্ৰাসনৰ তীব্ৰ্তা ইমান বেছি হয়গৈ যে, পাকস্থলীৰ বেৰত বাল ডিওডেনামৰ বেৰত ফুটা বা ছিদ্ৰৰ সৃষ্টি কৰিব পাৰে। এই ছিদ্ৰইদি বেক্টেৰিয়া বা অৰ্ধজীৰ্ণ হোৱা খাদ্যৰ কিছু অংশ এই ফুটাইদি বাহিৰলৈ ওলাই গৈ নিৰপেক্ষ পাচন তন্ত্ৰৰ গহ্বৰত(Peritoneum) প্ৰৱেশ কৰে আৰু তাৰ ফলত ‘পেৰিট’নাইটিছ’ নামৰ পাচনতন্ত্ৰৰ গহ্বৰৰ লগতে ইয়াৰ বেৰত যথেষ্ট বিষ-যন্ত্ৰণা অনুভৱ কৰায়।

    পাচন তন্ত্ৰৰ নলীৰ পৰিসৰ কমাই দিয়ে:

ডিওডেনাম সংলগ্ন হোৱা পাকস্থলীৰ শেষ অংশত যদি আলচাৰ থাকে, তেনেহ’লে সেই অংশটো ফুলি উঠে আৰু পাকস্থলীৰ পৰা বাহিৰলৈ যোৱা ছিদ্ৰটো সংকুচিত অথবা বন্ধ কৰি পেলাব পাৰে। এনেধৰণৰ প্ৰতিবন্ধকতাৰ ফলত পাকস্থলীৰ পৰা অৰ্ধজীৰ্ণ খাদ্য ওলাই যোৱাত বাধাপ্ৰাপ্ত হয় আৰু ক্ষুদ্ৰান্ত্ৰলৈ এই খাদ্যবোৰ প্ৰৱেশ কৰিব নোৱাৰা হয়। ফলত পাকস্থলীত থকা খাদ্যবোৰ বমি কৰি উলিয়াই দিবলগা হয়।

আলচাৰ কেনেকৈ চিনাক্ত কৰা হয়:

যিহেতু বেলেগ বেলেগ ধৰণৰ আলচাৰৰ কাৰণে চিকিৎসা পদ্ধতিও বেলেগ বেলেগ ধৰণৰ হয়। চিকিৎসা আৰম্ভ কৰাৰ আগতেই আলচাৰ ৰোগ আৰু এইচ পাইলোৰিৰ সংক্ৰমণ নিশ্চিতভাৱে নিৰ্ণয় কৰি লোৱাটো অতি দৰকাৰী। উদাহৰণস্বৰূপে ষ্টেৰয়ডবিহীন এণ্টিইনফ্লেমেটৰি ঔষধ(NSAIDS) সেৱনৰ ফলত হোৱা আলচাৰ আৰু এইচ. পাইলোৰি বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত হোৱা আলচাৰৰ চিকিৎসা ব্যৱস্থাৰ মাজত যথেষ্ট পাৰ্থাক্য আছে।

আজিকালি আলচাৰ নিৰ্ণয় কৰিবৰ কাৰণে আৰু এইচ পাইলোৰিৰ পৰীক্ষাৰ কাৰণেও ভালেমান উন্নত পদ্ধতি ওলাইছে। এই ৰোগ নিৰ্ণয়ৰ পদ্ধতিবিলাক এনেধৰণৰ-

১)আপাৰ জি.আই(গেষ্ট্ৰো ইনটেষ্টিনেল) চিৰিজ:

অ’ছ’ফেগাছ, পাকস্থলী আৰু ডিওডেনামৰ যিকোনো আলচাৰ নিশ্চিত কৰিবলৈ এখন এক্স-ৰে’ কৰোৱা হয়। এই এক্স-ৰে’ কৰোৱাৰ আগতে ৰোগীক বেৰিয়াম নামৰ এবিধ তৰল দ্ৰব্য সেৱন কৰোৱা হয় আৰু এইবিধ দ্ৰব্যৰ ফলতে এক্স-ৰে’ৰ ছবিৰ আলচাৰ দৃশ্যমান হৈ পৰে।

২)এণ্ডোস্কোপি(Endoscopy):

এটা মূৰত কেমেৰা থকা যেনি-তেনি বেঁকা কৰিব পৰা(Flexible) এবিধ সূক্ষ্ম সঁজুলি ৰোগীৰ মুখেদি প্ৰৱেশ কৰোৱাই অ’ছ’ফেগাছ, পাকস্থলী আৰু ডিওডেনামলৈ লৈ যোৱা হয় আৰু পাচন তন্ত্ৰৰ সম্পূৰ্ণ ওপৰ অংশৰ ভিতৰখন পৰ্যবেক্ষণ কৰা হয়।

৩)ৰক্ত, শ্বাস-প্ৰশ্বাস আৰু পাকস্থলীৰ পেশীৰ পৰীক্ষা:

এই আটাইকেইটা নমুনাকে তন্ন তন্নকৈ পৰীক্ষা কৰি এইচ পাইলোৰি বেক্টেৰিয়া বীজাণুৰ উপস্থিতি অনুসন্ধান কৰা হয়।

চিকিৎসা:

তলত উল্লেখ কৰা তথ্যবিলাকৰ ওপৰত ভিত্তি কৰি, আপোনাৰ বাবে কি পদ্ধতি প্ৰয়োজন হ’ব, সেই কথা চিকিৎসকে নিশ্চিত কৰিব।

  • ৰোগীৰ বয়স, সামগ্ৰিক স্বাস্থ্য আৰু পূৰ্বতে গ্ৰহণ কৰা চিকিৎসাৰ ইতিহাস।
  • ৰোগটো কিমান দূৰলৈ বিয়পিছে।
  • বিশেষ ঔষধ, চিকিৎসা পদ্ধতি আৰু চিকিৎসাৰ প্ৰতি আপোনাৰ সহনশীলতা।
  • ৰোগটোৰ বৰ্তমান অৱস্থা চাই নিৰাময়ৰ সম্ভাৱনীয়তা।
  • আপোনাৰ মতামত বা বাছনি।

মনোনীত চিকিৎসা:

  • জীৱনশৈলী সলনি কৰা:

আগৰ দিনত চিকিৎসকসকলে আলচাৰ ৰোগীক মছলাযুক্ত, চৰ্বিযুক্ত বা বেছি তেলেতীয়া বা অম্ল খাদ্য পৰিহাৰ কৰি চলিবলৈ পৰামৰ্শ দিছিল। কিন্তু আলচাৰৰ চিকিৎসা বা আলচাৰ প্ৰতিৰোধক ক্ষেত্ৰত মৃদু বা মছলাবিহীন খাদ্য বিশেষ ফলপ্ৰসূ নহয়। অধিকাংশ আলচাৰ ৰোগীৰ কাৰণে কোনো এবিধ বিশেষ খাদ্যই সহায়ক নহয়। যদি কোনো এবিধ খাদ্যই ৰোগীৰ পাকস্থলীত অস্বস্তি সৃষ্টি কৰে, তেনেহ’লে এই সমস্যাটোৰ বিষয়ে চিকিৎসকৰ সৈতে আলোচনা কৰা উচিত।

একেদৰে ধূমপানৰ অভ্যাসেও আলচাৰ নিৰাময়ৰ গতি মন্থৰ কৰে আৰু পুনৰ আলচাৰ হোৱাৰ আশংকা বৃদ্ধি কৰে। সেয়ে আলচাৰত ভোগা ৰোগীয়ে ধূমপান কৰা উচিত নহয়।

ঔষধ প্ৰয়োগ:

চিকিৎসকে পাকস্থলী আৰু ডিওডেনামৰ আলচাৰৰ চিকিৎসাৰ বাবে ভালেকেইবিধ ঔষধ প্ৰয়োগ কৰে। সেইবিলাক হ’ল-

  • H2-blockers:

পাকস্থলীত এচিড নিঃসৰণ বৃদ্ধি কৰিব পৰা এবিধ শক্তিশালী উত্তেজক দ্ৰব্য ‘হিষ্টামিন’ৰ উৎপাদন বন্ধ কৰি পাকস্থলীত এচিড নিঃসৰণৰ হাৰ হ্ৰাস কৰাৰ বাবে এইবিধ ৰাসায়নিক প্ৰয়োগ কৰা হয়। সেইবিলাক হ’ল- Rantec, Zinetaa, Famocid, Blocacid, Fadine, Famotin, Famtaa, Topcid, Aciloc, Ranitin, Histac, Rotane, Zorpex আদি এইধৰণৰ ঔষধ।

  • এচিড পাম্প ইনহিবিৰ্টছ:

পাকস্থলীৰ এচিড পাম্প বন্ধ কৰি পাকস্থলীৰ এচিড নিঃসৰণ প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে বাধা দিয়াৰ কাৰণে এইবিধ ৰাসায়নিক ঔষধ ব্যৱহাৰ কৰা হয়। তেনেধৰণৰ ঔষধবিলাকৰ ভিতৰত আছে- Ocid, Omez, Lomac, Omepraz, Wincid, Lan, Lancid, Lanpro, Lanzol, Zes-30, Pantocid, Rantodac আদি।

  • এণ্টাচিড/শ্লৈষ্মিক প্ৰতিৰক্ষামূলক এজেন্ট:

পাকস্থলীৰ বেৰৰ ভিতৰফালে থকা শ্লৈষ্মিক আৱৰণ(Lining) যাতে এচিডে নষ্ট কৰিব নোৱাৰে, আৱৰণৰ প্ৰতিৰক্ষাৰ কাৰণে এইবিধ ঔষধ ব্যৱহাৰ কৰা হয়। এই ঔষধে কিন্তু এচিড নিঃসৰণ বন্ধ কৰিব নোৱাৰে। এই উদ্দেশ্যে ব্যৱহাৰ হোৱা ঔষধবিলাক হ’ল- Sucralfate, Digene, Gelusil, Aciguard, Nilcid, Polycrol Forte, Relcer, Riflux, Solacid ইত্যাদি। কিন্তু যদি এইচ, পাইলোৰিৰ চিকিৎসা কৰিবলগা হয়, তেনেহ’লে এইবিলাক ঔষধৰ লগত এণ্টিবায়োটিক সেৱনৰ পৰামৰ্শ দিয়া হয়।

  • এণ্টিবায়োটিক:

পাকস্থলীৰ আলচাৰ আৰু এইচ. পাইলোৰিৰ সম্পৰ্ক আৱিষ্কাৰ হোৱাৰ পিছত এইচ. পাইলোৰিৰ ৰোগীৰ চিকিৎসাত সম্ভৱতঃ এক নতুন চিকিৎসা বিকল্প চিকিৎসা হৈছে এনে ৰোগীক প্ৰয়োগ কৰা। এনে ৰোগীক প্ৰয়োগ কৰা এণ্টিবায়োটিক ঔষধকেইটা হ’ল- Amoxycillin, Metronidazole আদি।

শল্য চিকিৎসা:

অধিকাংশ ক্ষেত্ৰতে আলচাৰ প্ৰতিৰোধী ঔষধে খুব সোনকালেই আলচাৰ নিৰাময় কৰে। আৰু এইচ. পাইলোৰি বেক্টেৰিয়াও নিৰ্মূল কৰে। বেক্টেৰিয়া নিৰ্মূল হ’লে যিকোনো ধৰণৰ আলচাৰ পুনৰ হোৱাত বাধা দিয়ে। অৱশ্যে যিবিলাক ৰোগীৰ আলচাৰ ঔষধে নিৰাময় কৰিব নোৱাৰে বা যিসকল ৰোগীয়ে বেছি জটিলতাত ভোগে, তেওঁলোকক অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয়।

আজিকালি আলচাৰ চিকিৎসাৰ বাবে লেপাৰোস্ক’পিক অস্ত্ৰোপচাৰ কৰা হয়। সেইবিলাক হ’লে এনেধৰণৰ-

  • ভেগোটমি(Vagotomy):

মগজুৰ পৰা পাকস্থলীলৈ বাৰ্তা বহন কৰা ‘ভেগাছ’ নামৰ স্নায়ুডালৰ কিছু অংশ কাটি পেলোৱা অস্ত্ৰোপচাৰকে ‘ভেগোট’মি বুলি কোৱা হয়। এই নাৰ্ভৰ অংশবিশেষ কাটি পেলাই মগজুৰ পৰা অহা বাৰ্তাৰ পৰিবহন বিচ্ছিন্ন কৰি দিয়া হয়। যাতে এচিডৰ নিঃসৰণ হ্ৰাস পায়।

  • এনট্ৰেকট’মি(Antrectomy):

পাকস্থলীৰ নিম্নাংশই(Antrum) এবিধ হৰমোন নিঃসৰণ কৰে আৰু এইবিধ হৰমোনে পাকস্থলীক পাচক ৰস উৎপাদন কৰিবলৈ উত্তেজিত কৰে। এনেট্ৰেকট’মি নামৰ এই অস্ত্ৰোপচাৰ কৰি পাকস্থলীৰ নিম্নাংশ কাটি আঁতৰাই পেলোৱা হয়।

  • পাইল’ৰ’প্লাষ্টি(Pyloroplasty):

ভেগোটমি অস্ত্ৰোপচাৰৰ লগতে একেলগে এই অস্ত্ৰোপচাৰো কৰিব পৰা যায়। এই অস্ত্ৰোপচাৰৰ দ্বাৰা ডিওডেনাম আৰু ক্ষুদ্ৰান্তলৈ সোমোৱা দুয়োটা ছিদ্ৰই বহল কৰি দিয়া হয়, যাতে পাকস্থলীৰ পৰা অৰ্ধজীৰ্ণ খাদ্য-দ্ৰব্য অধিক মুক্তভাৱে পাৰ হৈ যাব পাৰে। ভৱিষ্যতে লেপাৰোক্স’পিক পদ্ধতিয়ে এনেধৰণৰ জটিল অস্ত্ৰোপচাৰ মানদণ্ডযুক্ত চিকিৎসাৰূপে পৰিগণিত হ’বলৈ।

লেখক: ডাঃ শৈল্যধৰ বৰুৱা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

2.89655172414
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top