মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / প্ৰজনন প্ৰণালীৰ অংগ-প্ৰত্যংগৰ ৰোগ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰজনন প্ৰণালীৰ অংগ-প্ৰত্যংগৰ ৰোগ

প্ৰজনন প্ৰণালীৰ অংগ-প্ৰত্যংগৰ ৰোগ

পুৰুষৰ ৰোগ

স্বপ্নদোষ

বিভিন্ন কাৰণত শুক্ৰ পাতল হোৱাৰ কাৰণে স্বপ্নদোষ হয়। শুক্ৰকোষত যি পৰিমাণৰ শুক্ৰ ধৰে তাতোকৈ বেছি উত্পাদন হ’লে স্বপ্নদোষ হ’ব পাৰে। ই বিশেষ ক্ষতি নকৰে। কিন্তু অন্যান্য কাৰণত সঘনে স্বপ্নদোষ হ’লে, সি ৰোগত পৰিণত হ’ব পাৰে। অনবৰত যৌন বিষয়ক চিন্তা, যৌন বিষয়ক কথা, অশ্লীল কিতাপ পঢ়া, অশ্লীল ছবি চোৱা, কথাছবি চোৱা আদিৰ পৰা মৈথুনৰ ইচ্ছা প্ৰবল হৈ থকাৰ ফলত স্বপ্নদোষ হ’ব পাৰে। স্বপ্নদোষ এইবোৰ কাৰণত হ’লে হৈ থকা হয়। সম-মৈথুন, সুপ্ত মৈথুন কৰিলেও স্বপ্নদোষ হয়। অতিপাত মছলাযুক্ত খাদ্য খোৱা, বেছিকৈ টেঙা খোৱা, শৌচ-প্ৰস্ৰাৱৰ নিয়মিত গতিবেগ ৰোধ কৰিলে বা গুৰুপাকী বস্তু খালেও স্বপ্নদোষ হয়।

ৰোগৰ লক্ষণ

প্ৰথম অৱস্থাত মৈথুন উত্তেজক পৰিবেশ সপোনত দেখা পায় বা আকাংক্ষিত সংসৰ্গীক লগ পায় আৰু সপোনত বীৰ্যস্খলন হয় বা হ’বলৈ ধৰে আৰু টোপনি ভাঙে। শৰীৰ দিনে দিনে দুৰ্বল হয়। চকু দুটা কোটৰলৈ সোমায় যায়। মনৰ উত্সাহ-উদ্দীপনা নোহোৱা হ’বলৈ ধৰে, স্মৃতিশক্তি হ্ৰাস পায়। অবিবাহিত ডেকা ল’ৰাৰ মাহত দুই-এদিন হ’ব পাৰে, তাৰ পৰা বিশেষ ক্ষতি নহয়। কিন্তু ঘনাই হ’ব ধৰিলে, সপ্তাহতে দুই-তিনিবাৰ হ’ব ধৰিলে ৰোগত পৰিণত হয়। ইয়াৰ ফলত লিংগ ঢিলা হৈ যায় আৰু পাছলৈ ধ্বজভংগ (বীৰ্যহীন) ৰোগ হয়। মানুহ অকামিলা হয়। বীৰ্যহীনৰ মনৰ ইচ্ছা প্ৰবল হ’ব পাৰে আৰু মানুহ পাগলো হৈ যাব পাৰে। মানুহৰ অকাল মৃত্যু হয়। কিন্তু বেছিভাগ ৰোগীয়েই ধ্বজভংগ বা পুৰুষত্বহীনতা ৰোগত ভোগে।

অতিৰিক্ত বীৰ্য বা ধাতু ক্ষয় হ’লে বীৰ্য পাতল হৈ যায়। স্বপ্নদোষৰ বাহিৰেও মুক্তভাৱে বীৰ্যৰ ক্ষতি কৰিলেও একেই ফল ভুগিব লাগে। ডেকা ল’ৰাৰ অশুভ নাৰীৰ সংসৰ্গলৈ যোৱাৰ ফলত কেতিয়াবা কম বয়সতে বেছি বীৰ্যপাত হ’লে, ধৰক ২০ বছৰ বয়সৰ আগতে স্ত্ৰী-সংগমত বৰকৈ লিপ্ত হৈ পৰিলে অতিপাত বীৰ্যক্ষয় হয় আৰু তাৰ ফলতো বীৰ্য পাতল হৈ যায়। বীৰ্য পাতল হ’লে স্ত্ৰী-সংগমৰ সুখ একো নাথাকে। বিশ্বপিতাৰ সৃষ্টিৰ যি পৰম আনন্দ তাৰ উপলব্ধিয়ে নোহোৱা হয়। যৌনক্ৰিয়া খুব খন্তেকীয়া হয় আৰু বীৰ্যধাৰণ কৰি ৰাখিব নোৱাৰে। স্ত্ৰী সংস্পৰ্শলৈ অহাৰ ক্ষন্তেক পাছতেই বীৰ্যস্খলন হয়। প্ৰথমতে বিশৃংখল জীৱন আৰম্ভ কৰি স্বপ্নদোষ আদি ৰোগত ভুগিলে পাছত বৈবাহিক জীৱন অশান্তিময় হয়। স্ত্ৰী সংসৰ্গ অশান্তিময় হয়। স্ত্ৰীও অসুখী হয়। প্ৰকাশ্যে নকলেও সেই পুৰুষলৈ শ্ৰদ্ধা-ভক্তি নোহোৱা হয়। সাংসাৰিক অশান্তিৰো ইয়েই প্ৰকৃত কাৰণ হৈ থাকে যদিও প্ৰকাশ্যে কাজিয়া-পেচাল অন্য কাৰণতে হয়। কাৰণ সেই পুৰুষৰ দ্বাৰা স্ত্ৰী ৰতি তৃপ্তিৰ পৰা সদায় বঞ্চিত হৈ থাকে। যিটো এটা জীৱনৰ বাবে বৰ সহজ কথা নহয় আৰু তাৰ বাবেই সমাজত ভ্ৰষ্টাচাৰৰ সৃষ্টি হয়।

পুৰুষৰ শৰীৰৰ তেজৰ সাৰ ভাগৰ পৰা বীৰ্য তৈয়াৰ হয়। বীৰ্য পাতল হ’লে তেজৰ গুণাগুণ কমি যাব পাৰে। ফলত বীৰ্যৰো গুণাগুণ নষ্ট হয় আৰু তেওঁৰ সন্তান নহ’বও পাৰে।

পুৰুষৰ যৌন দুৰ্বলতা

পুৰুষৰ যৌন দুৰ্বলতা সাংসাৰিক জীৱনত এক অভিশাপ স্বৰূপ। ঈশ্বৰৰ সৃষ্টিৰ স্বৰ্গীয় সুখ-আনন্দৰ পৰা তেওঁ বঞ্চিত হয়। সৃষ্টিৰ প্ৰধান উদ্দেশ্য হৈছে সন্তান জন্ম দিয়া। কাৰণ জীৱন অস্থায়ী। সেইবাবে প্ৰাণীৰ জাতিবোৰক চিৰস্থায়ীকৈ ৰাখিবলৈ বিশ্বপিতাই প্ৰজননৰ ব্যৱস্থা ৰাখিছে। ইয়াৰ সৈতে অপাৰ আনন্দ, সুখ সংযোজিত কৰি ৰাখিছে যাতে সন্তান জন্মদানৰ প্ৰতি সকলোৱে আকৰ্ষিত হয়। নিষ্কলুষিত স্বামী-স্ত্ৰীৰ মিলনে প্ৰতি ৰজনীৰ অন্ততে তেওঁলোকৰ জীৱনলৈ উদ্দীপ্ত নতুন জীৱন আৰু উত্সাহ প্ৰদান কৰে। সন্তানহীন নাৰীয়ে কি মনোবেদনাৰে জীৱন কটায় তাক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। তাকে লৈয়ে কিমান নাট, সাহিত্যৰ সৃষ্টি হৈছে। মাতৃত্বই মহিলাক শান্ত, উদ্যমী আৰু সাহসী কৰি তোলে। যৌন শক্তি দুৰ্বল হ’লে পুৰুষ-স্ত্ৰী সম্ভোগৰ পৰম তৃপ্তিৰ পৰা বঞ্চিত হয়।

নপুংসকতা বা পুৰুষত্বহীনতা

ক্ৰমাগত সহবাসৰ ইচ্ছা বা কামেচ্ছা থকা সত্ত্বেও, প্ৰিয়তমা পত্নী কাষত থকা সত্ত্বেও, তেওঁ লিংগ শিথিলতাৰ বাবে সেই সুখ উপভোগ কৰিবলৈ নাপায়। লিংগৰ দ্বাৰা সামান্য যৌন স্পৰ্শ হ’লে বীৰ্যস্খলন হয়। লিংগ দৃঢ় নোহোৱাৰ বাবে হয়তো লিংগৰ যোনিৰ অন্তৰ্প্ৰৱেশেই সম্ভৱ নহয় আৰু পৰমপিতাৰ সৃষ্টিৰ হৃদয় কঁপাই তোলা অপাৰ আনন্দৰ পৰা বঞ্চিত হয়। অসুস্থ পৰিৱেশত অসুস্থ জীৱন-যাপনৰ বাবে সুস্থ জ্ঞান আৰু সতৰ্কতাৰ অভাৱত বহু নৱযুৱক এই অশান্তময় জীৱনত নিপতিত হয়। পুৰুষৰ এই অৱস্থাকে নপুংসকতা বোলে।

স্বপ্নদোষাদিৰ কুফল ৰোধৰ চিকিৎসা

শুকান আমলখিৰ গুটি পেলাই গুড়ি কৰি লওক। ইয়াৰ লগত ইয়াৰ দুগুণ মিছিৰি গুড়ি কৰি মিহলাওক। ৰাতি ১৪-১৫ দিন মান শোৱাৰ আধা ঘণ্টা আগতে এই মিহলি চূৰ্ণ ২ চামুচকৈ খাবলৈ দিয়ক। স্বপ্নদোষৰ বাবে হোৱা বীৰ্য পাতল হোৱা, বীৰ্য সোনকালে পতন হোৱা আদি অসুবিধা দূৰ হ’ব। স্বপ্নদোষ বন্ধ হ’ব। স্বপ্নদোষ নাথাকিলেও এই চূৰ্ণ খালে শৰীৰৰ বীৰ্যশক্তি বৃদ্ধি হ’ব, শৌচ কচা আৰু জণ্ডিচ ৰোগতো উপকাৰ হয়। বীৰ্যনাশৰ বাবে হোৱা দুৰ্বল শৰীৰত পুনৰ উদ্দীপনাৰ সৃষ্টি কৰিব। বীৰ্য ঘন (ডাঠ) হ’লে স্বপ্নদোষ নহয়।

আমলখিৰ ৰস বা চূৰ্ণৰ লগত মৌ মিহলি কৰি ২ চামুচকৈ প্ৰতিদিনে ৰাতি শোৱাৰ আগত খালেও স্বপ্নদোষ নাশ হয়।

৫০ গ্ৰাম ৰঙা পিঁয়াজ ৬০ গ্ৰাম ঘিউ আৰু ২৫০ গ্ৰাম গৰুৰ গাখীৰ মিহলাই গৰম কৰি, উতলি ঘন হ’লে তাত মিছিৰি মিহলাই পুৱা এমাহ খালে উপকাৰ হয়।

নুপুংসকতা দূৰ কৰাৰ চিকিৎসা

বগা পিঁয়াজৰ ৰস ১০ মিলিলিটাৰ (২ চামুচ), মৌ ২ চামুচ, আদাৰ ৰস ২ চামুচ আৰু ঘিউ ২ চামুচ একেলগে মিহলি কৰি একেৰাহে ২১ দিন পুৱা খালে নপুংসকতা দূৰ হ’ব, পুৰুষত্ব প্ৰাপ্ত হৈ নৱজীৱন লাভ কৰিব। ঔষধ খাই থকাৰ সময়ত ৰতি ক্ৰিয়া বা তেনে পৰিৱেশ সম্পূৰ্ণ বন্ধ কৰিব লাগিব যাতে যৌন উত্তেজনাৰ সৃষ্টি নহয়।

১৫ টা ভাল (পোকে নোখোৱা) বেলপাত, ৬ টা বাদাম আৰু ২৫০ গ্ৰাম চেনি আৰু অলপ পানী (২০০ মিলিলিটাৰ) মিহলাই উতলাওক। পানী উতলি যেতিয়া এক চতুৰ্থাংশ পৰিমাণ হয় তেতিয়া জুইৰ পৰা নমাই থওক আৰু প্ৰতিদিনে এক চামুচ পৰিমাণত খাবলৈ দিয়ক। ভাল নোপোৱালৈ কিছুদিন খাওক। বীৰ্যবল বৃদ্ধি হ’ব।

পালেং শাকৰ গুটি গুড়ি কৰি পাতল কাপোৰেৰে ছেকি চূৰ্ণ কৰি লওক। ২ বা ২.৫ গ্ৰাম এই চূৰ্ণ দিনে তিনি বাৰকৈ একাপ একাপ গাখীৰৰ লগত খাবলৈ দিয়ক। ডেৰ মাহ খাওক, পুৰুষত্বহীনতা ৰোগ দূৰ হ’ব। কিন্তু এই ডেৰ মাহে সাত্বিক আহাৰ খাব লাগিব। যৌনক্ৰিয়া বা যৌন উত্তেজনাৰ পৰিৱেশৰ পৰা আঁতৰত থাকিব লাগিব।

২০০ গ্ৰাম নহৰু বটি ৬০০ মিলিলিটাৰ মৌৰ লগত মিহলাই এমাহ ৰাখক। এমাহৰ পাছত উলিয়াই আনি প্ৰতিদিনে ১০ গ্ৰামকৈ খাবলৈ দিয়ক। একেৰাহে নিয়মিতভাৱে ৪০ দিন খালে নপুংসকতা দূৰ হ’ব। যৌনশক্তি বৃদ্ধি পাব। এই ৪০ দিনত যৌনক্ৰিয়া বা যৌন উত্তেজক পৰিৱেশৰ পৰা আঁতৰত থাকিলে ভাল ফল পাব।

ধাতু দুৰ্বল অৱস্থাৰ চিকিৎসা

আমি আগতে উল্লেখ কৰিছোঁ যে পুৰুষৰ ধাতু দুৰ্বল বা বীৰ্য পাতল হ’লে, যৌনশক্তি দুৰ্বল হ’লে, স্ত্ৰী-পুৰুষৰ সংসাৰ চলি থাকিলেও ভিতৰি ভিতৰি বহু অশান্তি থাকে। বহু ক্ষেত্ৰত স্ত্ৰীয়ে নিজৰ স্বামীৰ অক্ষমতাৰ বাবে পৰপুৰুষৰ প্ৰতিও আকৰ্ষিত হয়। এই ধাতু দুৰ্বলতা দূৰ কৰিবলৈ তলত উল্লেখ কৰা চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

যদি বীৰ্য পাতল হয় ৫০ গ্ৰাম তুলসীৰ গুটি আৰু ৫০ গ্ৰাম মিছিৰি মিহলাই তাৰে ১০ গ্ৰাম চূৰ্ণ দিনে এবাৰকৈ ১০ দিন খাওক। বীৰ্য ঘন হৈ আহিব। ঔষধ খাবৰ সময়ত স্ত্ৰী সংগম নকৰিব।

বৰ সঘনে সহবাস কৰিলে বীৰ্য পাতল হৈ যায়। শুক্ৰকীটবোৰো দুৰ্বল হয়, বীৰ্যৰ পৰিমাণো কমি যায়। এনে অৱস্থাত দালচেনি গুড়ি কৰি লৈ পুৱা আৰু গধূলি ২ গ্ৰামকৈ খাবলৈ দিয়ক। বীৰ্যৰ পৰিমাণ বাঢ়িব আৰু শুক্ৰকীটবোৰো সবল হ’ব।

জাইফলৰ গুড়ি ১ গ্ৰাম বিশুদ্ধ পানী অলপৰ সৈতে পুৱা একোবাৰ খালে কেইদিনমানৰ ভিতৰতে ধাতুৰ দুৰ্বলতা কমি যাব আৰু সংগমত বীৰ্যধাৰণ শক্তি বাঢ়ি যাব।

২০০ মিলিলিটাৰ গৰুৰ গাখীৰত এক চামুচ মৌ মিহলাই খাবলৈ দিয়ক, বীৰ্যৰ অভাৱ দূৰ হ’ব।

হস্ত মৈথুন আৰু পায়ু (গুহ্যদ্বাৰ) মৈথুন কৰাৰ ফলত পাছলৈ কাৰোবাৰ কেতিয়াবা বীৰ্য এনেয়ে যোৱা হয়। ইয়াক ধাতুস্ৰাৱ বোলে। অত্যধিক শৌচ কচা বা নাৰীৰ সৈতে যৌন লিপ্সা ৰাখি বৰ মিলা-মিছা কৰি বা বৰকৈ জননেন্দ্ৰিয় পিটিকি ঘৰ্ষণ কৰি থকাৰ ফলতো বীৰ্য এনেয়ে গৈ থকা হয়। ই শৰীৰক দুৰ্বল কৰি আনে। এনে অৱস্থাত ২০ মিলিগ্ৰাম কেঁচা আমলখি সিজোৱা আৰকত (দুটামান আমলখিৰ) অলপ মৌ মিহলাই খালে ধাতুস্ৰাৱ বন্ধ হ’ব।

৫০ গ্ৰাম এলাচি, ১০ গ্ৰাম মিছিৰি আৰু ১৫ মিলিলিটাৰ তুলসী পাতৰ ৰস মিহলাই অলপ পানীত সিজোৱা আৰক নিয়মিতভাৱে কেইদিনমান খাবলৈ দিয়ক। ই বীৰ্য আৰু ৰতিশক্তি বঢ়াব।

ৰঙালাউৰ গুটি ২৫ গ্ৰামকৈ দিনে ৩ বাৰ খালে কামোত্তেজনা অতি সোনকালে বাঢ়ে।

শৰীৰৰ শক্তিবৰ্ধক ঔষধঃ বিশেষ কোনো অসুখ নাথাকিলেও সপত্নীক অৱস্থাত মানুহৰ বল, বীৰ্যৰ বৰ আৱশ্যক। তেতিয়াহে স্বামী-স্ত্ৰীৰ সম্পৰ্ক মধুৰ হয়। তাৰ বাবে তলৰ ঔষধবোৰ ব্যৱহাৰ কৰিব পাৰে।

অশ্বগন্ধা চূৰ্ণ, মিছিৰি আৰু মৌ প্ৰতিটোৰে ৭ গ্ৰামকৈ লৈ তাতে অলপ গৰুৰ ঘিউ মিহলাই পুৱা আৰু আবেলি খাওক। শাৰীৰিক বল শক্তি বৃদ্ধি হ’ব।

আমলখি শুকাই গুড়ি কৰি ৰাখক। সেই আমলখি চূৰ্ণ ৫০ গ্ৰাম আৰু মৌ আৰু ঘিউ (সমান মাত্ৰাত নিষিদ্ধ) বিষম মাত্ৰাত (এবিধ ১ চামুচ আনবিধৰ দুই বা আধা চামুচ) লৈ চেলেকি চেলেকি খাওক, নিষ্প্ৰাণ শৰীৰতো প্ৰাণ ঘূৰাই পাব। পৰিপুষ্টিসহ যৌনশক্তি লাভ কৰিব।

পুৱা পানী খোৱাৰ সময়ত এগিলাচ বিলাহীৰ ৰসত সামান্য মৌ মিহলাই খালে শৰীৰৰ শক্তি বৃদ্ধি হয়। ৰক্ত বৃদ্ধি হয় আৰু অন্ত্ৰৰো বল বৃদ্ধি হয়।

ঔষধবোৰৰ বাহিৰেও কেইটামান যোগাসন কৰিলে, ধাতু দুৰ্বল, স্বপ্নদোষ আদি অসুখত উপকাৰ হয়। সৰ্বাংগাসন, ভুজংগাসন, পদ্মাসন, সিদ্ধাসন, বজ্ৰাসন আদি কৰিলে উপকাৰ হয়।

অশ্বিনী মুদ্ৰাঃ আমি শৌচ কচা ৰোগৰ বিষয়ে আলোচনা কৰোঁতে পায়ুৰ মাংসপেশী (গুহ্যদ্বাৰৰ মাংসপেশী) এবাৰ ভিতৰলৈ টানি আৰু এবাৰ বাহিৰলৈ ঠেলি দি কৰা কচৰতৰ কথা কৈ আহিছোঁ। ইয়াক অশ্বিনী মুদ্ৰা বোলে। এই কচৰত ২৫ বাৰ ভিতৰলৈ টানি আৰু ২৫ বাৰ বাহিৰলৈ ঠেলি, মাংসপেশী ভিতৰলৈ টানি তাৰ পাছত বাহিৰলৈ ঠেলি কৰিব লাগে। ইয়াৰ ফলত শৌচ খোলোচা হোৱাৰ উপৰিও স্বপ্নদোষ বন্ধ হয়, মহিলাৰ গৰ্ভাশয়ৰ বৰ্হিগমন আৰু মলদ্বাৰৰ মাংসপিণ্ড বাহিৰ ওলাই অহা অসুখ নিৰাময় হয়। এইখিনিতে মন কৰিবলগীয়া কথা হ’ল যে যেতিয়া মাংসপেশী ভিতৰলৈ টনা হয় তেতিয়া দুই হাতেৰে হাত মুঠি মাৰি ধৰিব লাগে আৰু মাংসপেশী বাহিৰলৈ ঠেলিলে হাতৰ মুঠি এৰি দিব লাগে। তেতিয়া কচৰতটো বেছি জোৰদাৰ হয়। এই কচৰত খালী পেটতহে কৰিব লাগে। পুৱা কৰিলেই ভাল। ইয়াৰ ফলত পুৰুষৰ প্ৰষ্টেট গ্ৰন্থিৰ বৃদ্ধি আৰু অণ্ডকোষ বৃদ্ধি আদি অসুখো নহয়।

যৌনদুৰ্বল কৰা ৰোগবোৰৰ পথ্যাপথ্য

শৌচ খোলোচা ৰাখিবলৈ চেষ্টা কৰিব। তুলসী, আমলখি, তিতাভেকুঁৰি, শিলিখা, ব্ৰাহ্মীশাক, অৰহৰ, বুটৰ দাইল, মৌ, আঙুৰ, সুমথিৰা টেঙা, ভীমকল, গৰুৰ গাখীৰ, পকা ফল, সেউজীয়া শাক, দ্ৰোণ শাক, মহানিম আদি উপকাৰী। জলকীয়া, মছলা, গুৰুপাকী বস্তু, মাদক দ্ৰব্য আদি খোৱা নিষেধ। খাদ্যতকৈও যৌন উত্তেজনাৰ অশুভ পৰিৱেশ, অৰ্ধনগ্ন ভূষণ পৰিহিতা সুন্দৰী আৰু নাৰীৰ তেনে ছবিলৈ নাচাব। অশ্লীল কিতাপ নপঢ়িব। ছোৱালী বা নাৰীৰ লগত বৰ হলিগলি নকৰিব। দুৰ্গা, কালী, লক্ষ্মী, সৰস্বতী আদি দেৱীৰ চৰণলৈ লক্ষ্য কৰি সেৱা, প্ৰণাম জনাব। ঈশ্বৰৰ সৃষ্টিৰ তাত্পৰ্য উপলব্ধি কৰিবলৈ মনোনিবেশ কৰিব। আমাৰ মা পিতা কোন আছিল ? আমি (স্বামী-স্ত্ৰী থাকিলে) কোন ? আমাৰ সন্তান, জীয়ৰী, বোৱাৰী এইবোৰ কোন ? তাৰ পাছত আকৌ কোন আহিব ? এই জীৱ জগতৰ ধাৰাবাহিকতাত আমাৰ ক্ষমতা কিমান ? সৌজন্যহীন বিশৃংখল জীৱন-যাপন কৰিলে ক্ষতিয়েই বাৰু হ’ব কাৰ ? আদি চিন্তা কৰি নিজকে শৃংখলিত পথলৈ আনিবলৈ চেষ্টা কৰিব, সঘনে মন্দিৰ-নামঘৰলৈ যাব।

ডেকা ল’ৰাবোৰে (বিবাহিত বা অবিবাহিত সকলোৱে, ব্ৰহ্মচাৰীৰ বাহিৰে) পুৰুষৰ ৰোগৰ এই কথা মনোযোগ দি পঢ়িব।

সিৰাৰোগ বা অণ্ডকোষ বৃদ্ধি

লক্ষণঃ পুৰুষৰ, ল’ৰাৰো, অণ্ডকোষত পানী জমা হৈ কেতিয়াবা অণ্ডকোষৰ বৃদ্ধি হয়। বাৰিষা বৰষুণীয়া বতৰত এই ৰোগ বিশেষকৈ হোৱা দেখা যায়। অলপ বিষাব পাৰে আৰু খোজ কঢ়াত অসুবিধা হয়।

চিকিত্সাঃ এটা শিলিখা, ২ টা পিপলি আৰু অলপ সৈন্ধৱ লোণ মিহলাই অলপ এৰা গুটিৰ তেলত ভাজি দিনে এবাৰকৈ ৮-১০ দিন খালে ভাল হয়।

চজিনাৰ ছাল পানীৰে বটি লৈ অণ্ডকোষত প্ৰলেপ দিলে সিৰা আৰোগ্য হ’ব। চজিনাৰ ছাল সৰিয়হ মিহলাই বটি প্ৰলেপ দিলেও আৰোগ্য হ’ব।

বট গছৰ শিপা আৰু সৰিয়হ বটি অণ্ডকোষত প্ৰলেপ দিলেও আৰোগ্য হয়।

বিশেষ জটিল অৱস্থাত অস্ত্ৰোপচাৰ কৰি আৰোগ্য কৰা হয়।

পথ্যাপথ্য

সহজতে হজম হোৱা খাদ্য খাব। গুৰুপাকী খাদ্য, জলা, মছলা দিয়া খাদ্য অপকাৰী।

লিংগত ঘা

বিভিন্ন কাৰণত লিংগত ঘা হ’ব পাৰে। স্ত্ৰী-পুৰুষ উভয়ৰে বা এগৰাকীৰ যৌনাংগ অপৰিষ্কাৰ হোৱাৰ বাবেও লিংগত ঘা লাগিব পাৰে। অথবা কৰবাত সাধাৰণ আঘাত লাগিও ছাল এৰিব বা ঘা লাগিব পাৰে। এইবোৰ সাধাৰণ ঔষধ-পাতি ব্যৱহাৰ কৰিলে চাফ চিকুণ বা ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখিলেও এনেয়ে আৰোগ্য হৈ যায়।

চিকিৎসা

৮ মিলিলিটাৰ কেঁচা হালধিৰ ৰসৰ সৈতে অলপ পানী মিহলি কৰি দিনে তিনিবাৰকৈ খালে উপকাৰ হয়।

অনন্তমূলৰ ৰস উলিয়াই সেই ৰসেৰে গা ধুলে ঘা শুকাই যায়।

টুবুকী লতাৰ শিপাৰ চূৰ্ণ ঘাত লগালে ঘা সোনকালে শুকায়।

গনোৰিয়া বা উপদংশ বা ছিফিলিজ ৰোগ

লিংগত ঘা অন্য কাৰণতো হয়। অবৈধ স্ত্ৰী সংগমৰ ফলত বীজাণু সংঘটিত মাৰাত্মক ৰোগ হ’ব পাৰে। ইয়াক প্ৰমেহ বা গনোৰিয়া বুলি জনা যায়। এই ৰোগাক্ৰান্ত কোনো ব্যক্তিৰ সৈতে সহবাস কৰিলে এই ৰোগে আক্ৰমণ কৰে। সংগম কৰাৰ তিনিদিনৰ পৰা সাতদিনৰ ভিতৰত এই ৰোগৰ লক্ষণে দেখা দিব পাৰে।

প্ৰমেহৰ ৰোগৰ লক্ষণ

প্ৰথমতে মূত্ৰনলী খজুৱায়। প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা কৰে। সোনকালে চিকিৎসা নল’লে মূত্ৰনলীত ঘা লাগে। পাছলৈ মূত্ৰনলী বন্ধ হৈ প্ৰস্ৰাৱ কৰাত অসুবিধা হয়। প্ৰমেহ ৰোগৰ বীজাণু শৰীৰত সোমাই শৰীৰৰ সকলো অংগলৈকে যায়। শৰীৰৰ জোৰাবিলাক আক্ৰান্ত হয়। প্ৰমেহ ৰোগত আক্ৰান্ত হোৱা তিৰোতা মানুহৰ যোনিত এই ৰোগৰ বীজাণু থাকিব পাৰে আৰু কোনো পুৰুষ তেওঁৰ সংসৰ্গলৈ (যৌন সংযোগ) গ’লেই তেওঁ আক্ৰান্ত হয়। সেই তিৰোতাৰ সন্তান জন্ম হ’লেও সন্তানৰ চকুত সেই বীজাণু লাগি আহিব পাৰে আৰু সন্তানৰ চকু নষ্ট কৰিব পাৰে। সেইবাবেই শিশুৰ জন্ম হোৱাৰ লগে লগে বিশুদ্ধ পানীৰে চকু ভালকৈ ধুই চাফ কৰাৰ নিয়ম আৰু চকুত ঔষধি মলম দিয়া হয়। এই ৰোগীৰ মূত্ৰনলীৰে পনীয়া ৰস ওলাই থাকে। তিৰোতা মানুহৰ প্ৰমেহ হ’লে প্ৰস্ৰাৱ কৰোঁতে বৰ জ্বলা-পোৰা কৰে। প্ৰস্ৰাৱ দ্বাৰেদি বগা, বগা-হালধীয়া ৰঙৰ স্ৰাৱ হৈ থাকে। তিৰোতা বন্ধ্যা হ’ব পাৰে আৰু এই ৰোগৰ যাতনা বছৰ বছৰ ধৰি ভোগ কৰি থাকে।

উপদংশ বা ছিফিলিজৰ লক্ষণ

অবৈধ স্ত্ৰী সংগমৰ ফলত এই ৰোগ হয়। সহবাসৰ প্ৰায় পাঁচ সপ্তাহৰ ভিতৰত (যদি সেই তিৰোতাৰ উপদংশ ৰোগ থাকে) আক্ৰান্ত লোকজনৰ গাত ৰোগৰ লক্ষণে দেখা দিয়ে। ৰোগৰ বীজাণু লিংগৰ বা য’তে লাগে তাত এটা সৰু ফোঁহাৰ দৰে হয় আৰু সামান্য ঘা লাগে। পাছত ফোঁহাটোৰ ওপৰৰ ছালখন এৰাই গৈ ঘা হয়। কৰঙণৰ চুকত গাঙঠি উঠে। জননেন্দ্ৰিয়ত ঘা দেখা দিয়াৰ সাত সপ্তাহৰ পাছত ৰোগীৰ শৰীৰৰ ছালত সৰু সৰু গুটি ওলায়। পাছত কাষলতিৰ তলত আৰু গুহ্যদ্বাৰৰ ওচৰত পূজ ওলাই থকা ঘাও হ’ব পাৰে। মূৰৰ চুলি সৰিবলৈ ধৰে। অৱশ্যে সকলো ছিফিলিজ ৰোগীৰে সকলোবোৰ লক্ষণে দেখা নিদিবও পাৰে। ৰোগীৰ এইভাৱে কেইমাহ বা কেইবছৰমান যোৱাৰ পাছত তৃতীয় অৱস্থাত শৰীৰৰ নানা অংগ-প্ৰত্যংগত বেছ দ আৰু ডাঙৰ ঘা হয়। ছিফিলিজ ৰোগতো কুষ্ঠৰ দৰে মুখ, নাকৰ আগ আৰু মূৰৰ বা শৰীৰৰ আন আন অংশৰ ঠাই আৰু হাড় পচি নষ্ট হয় আৰু নানা ধৰণৰ ৰোগ উত্পন্ন হয়। পুংলিঙ্গ সৰু হৈ যায়।

ছিফিলিজ আকৌ কেৱল সংগমৰ পৰাই নহয়, তাৰ উপৰিও ছিফিলিজ আক্ৰান্ত লোকৰ সৈতে মিলা-মিছা কৰিলে, চুমা খালে, কোনো অংশ হাতেৰে চুলে, আধা খোৱা বিড়ি-চিগাৰেট আদি খালে, একে বাচন-বৰ্তনত ভাত-পানী খালেও এই ৰোগৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে।

চিকিৎসা

গনোৰিয়া, ছিফিলিজ ৰোগত খোৱা ঔষধৰ প্ৰভাৱ কম, পেনিচিলিন ইনজেকছনৰ দ্বাৰাহে ৰোগক কিছু নিয়ন্ত্ৰণলৈ আনিব পৰা হয়। গতিকে সন্দেহ হলেই অভিজ্ঞ চিকিত্সকৰ দ্বাৰা অতি সোনকালে চিকিৎসা কৰাব লাগে।

বনদৰৱ শতমূলৰ ৰস ২৫ মিলিলিটাৰ, ২০০ মিলিলিটাৰ গাখীৰত সিজাই দিনে এবাৰকৈ হ’লেও খালে পুৰুষে উপকাৰ পাব পাৰে। ইয়াৰ ফলত যৌনাংগৰ শিথিলতা দূৰ হয়।

দৈনিক ২০ গ্ৰামকৈ কলমৌ শাক কেইদিনমান একেৰাহে খাব পাৰি।

কটা বেঙেনাৰ শিপা এক ইঞ্চি গুড়ি কৰি ঠাণ্ডা পানীৰ লগত কিছুদিন খালে গৰ্মীৰোগৰ ঘা শুকাই যাব পাৰে।

৫০ গ্ৰাম কেঁচা হালধিৰ লগত সামান্য গুৰ আৰু আখৈ মিহলি কৰি ১ সপ্তাহমান খালে উপকাৰ হ’ব পাৰে।

হেলেচি শাকৰ ৫০ মিলিলিটাৰ ৰস দৈনিক এবাৰকৈ ৭ দিন খাব পাৰি। উপকাৰ হয়।

১০০ মিলিলিটাৰ কলমৌ শাকৰ ৰস আৰু আধা লিটাৰ গাখীৰ (গৰুৰ) মিহলি কৰি খালে ৰোগ ভাল হয়। কেইদিনমান খালে ভাল পাব।

পাতেগজাৰ পাতৰ ৰস ২৫ মিলিলিটাৰকৈ এসপ্তাহ খালে ভাল পাব পাৰে।

দিনে ৪ টাকৈ কেঁচা আমলখি খালে উপকাৰ হয়।

ৰোগ পুৰণি হ’লেও খুটুৰা শাকৰ ৰস ১২ মিলিলিটাৰ, কেঁচা হালধিৰ ৰস ১২ মিলিলিটাৰ, সামান্য যখাৰ মিহলাই অলপ পানীৰে খালে উপকাৰ পাব।

পথ্যাপথ্যশিলিখা, তুলসী, শতমূল, নহৰু, হালধি, বুট, মগুমাহ, কুঁহিয়াৰ, কলমৌ শাক, নাৰিকল, তিল উপকাৰী খাদ্য। লাউ, কোমোৰা, মছলা, মাদক দ্ৰব্য খোৱা নিষেধ। ৰাতি উজাগৰে নাথাকিব। যৌনক্ৰিয়া পৰিহাৰ কৰিব।

প্ৰকৃতাৰ্থত অবৈধ স্ত্ৰী গমন এক নিকৃষ্ট কাৰ্য। স্ত্ৰী-পুৰুষৰ সংগম সুখ ভগৱানে প্ৰজননৰ আৱশ্যকতাৰ বাবে সৃষ্টি কৰিছে আৰু সন্তান লালন-পালন কৰি ডাঙৰ কৰিবলৈ স্ত্ৰী-পুৰুষৰ বাবে, ই এক নাকিজৰি। জন্তুৰ মাজত এই সুখ সদায় নাথাকে, কাৰণ সিহঁতৰ সন্তান ডাঙৰ কৰোঁতে মানুহৰ দৰে কষ্ট ঈশ্বৰে ৰখা নাই। কিন্তু মানুহে এই সংগম সুখৰ অপপ্ৰয়োগ কৰে। সাধু সন্তসকলে, সন্তান কামনা নকৰিলে স্ত্ৰী সংগমেই নিষেধ কৰিছে। গতিকে অবৈধ স্ত্ৰী গমন এক নৈতিক পাপ আৰু তাৰ শাস্তিৰ বাবেই ভগন্দৰ, ছিফিলিজ আদিৰ দৰে মহাযাতনাৰ ৰোগৰ উদ্ভৱ হৈছে।

মহিলাৰ ৰোগ

মাহেকীয়া স্ৰাৱৰ বিসংগতি

ছোৱালীসকলৰ ১২-১৬ বছৰৰ পৰাই মাহেকীয়া স্ৰাৱ হোৱা আৰম্ভ হয় আৰু প্ৰায় ২৮ দিনৰ মূৰে মূৰে মাহেকীয়া স্ৰাৱ হ’ব লাগে। কিন্তু ছোৱালীৰ এণ্ডোক্ৰাইন গ্ৰন্থিৰ কামত কোনো বাধাৰ সৃষ্টি হ’লে মাহেকীয়া স্ৰাৱ আৰম্ভ হওঁতে  সময়মতে (১২ বছৰত) নহৈ পলম হ’ব পাৰে। যৌনাংগৰ বিকাশ ঠিকমতে নহ’লেও এই বিসংগতি হ’ব পাৰে।

চিকিৎসা

৩ চামুচ (চাহ চামুচ) বগা তিল আৰু জালুকৰ গুড়ি এচিকটা (দুটা আঙুলিৰ আগেৰে টিপা মাৰি ধৰিলে যিমান আহে) এক গিলাচ পানীত লৈ উতলাওক। পানী শুকাই আধামান হ’লে তাৰ লগত সামান্য গুৰ মিহলাই দিনে দুবাৰকৈ ১০-১৫ দিন খাবলৈ দিয়ক। সুফল পাব।

এগিলাচ পানীত ২ চামুচ ফেনুগ্ৰীক বীজ মিহলাই ভালকৈ উতলাওক। পানী আধা হ’লে জুইৰ পৰা নমাই চেঁচা হ’লে ছেকি দিনে ২ বাৰকৈ ৮-১০ দিন খালে উপকাৰ পাব।

এদিন গৰম পানীৰে পুৱা আৰু ৰাতি, কটি স্নান (কঁকাল তল যোৱাকৈ), পাছৰ দিনা ঠাণ্ডা পানীৰে একেদৰে পুৱা আৰু ৰাতি কটি স্নান, আকৌ পাছৰ দিনা গৰম পানীৰে, তাৰ পাছৰ দিনা ঠাণ্ডা পানীৰে এনেকৈ অন্ততঃ এমাহ কটি স্নান কৰালে উপকাৰ পাব।

অত্যধিক স্ৰাৱ

সাধাৰণতে মাহেকীয়া স্ৰাৱ, নিৰোগী তিৰোতাৰ ৫-৭ দিন চলি থাকে। প্ৰথম দুই দিন কিছু বেছি আৰু তাৰ পাছৰ তিনি দিন কমভাৱে স্ৰাৱ হয়। পাছলৈ কমি গৈ থাকে। কাৰোবাৰ কেতিয়াবা ৭ দিন যদি সমানেই বেছিকৈ স্ৰাৱ হয় তেনেহ’লে কোনো ৰোগৰ লক্ষণ বুলি ভাবিব লগা হয়। কেতিয়াবা এই নিৰ্দ্দিষ্ট সময়ৰ বাহিৰতো ঋতুস্ৰাৱ হয়, অথবা নিৰ্দ্দিষ্ট সময়ৰ আগত বা পাছতো মাহেকীয়া স্ৰাৱ হৈ থাকে আৰু স্ৰাৱৰ পৰিমাণ বেছি হয়। তেতিয়া চিকিৎসা ব্যৱস্থা ল’ব লগা হয়। অন্যথা মহিলাগৰাকী ৰক্তহীনতা ৰোগত ভোগাৰ সম্ভাৱনা থাকে।

চিকিৎসা

জৰায়ুৰ অসুখত তুলসী পাতৰ ৰস অত্যন্ত ফলপ্ৰদ। ২ চামুচ তুলসীৰ পাতৰ ৰসৰ সৈতে অলপ মৌ বা মিছিৰি গুড়ি মিহলাই ৰোগীক খাব দিলে স্ৰাৱৰ যিকোনো ধৰণৰ বিসংগতি নিৰ্মূল কৰে। অত্যধিক স্ৰাৱ হ’লে স্ৰাৱৰ সৈতে ব্যথা থাকিলে, এই মিশ্ৰণে বিশেষ কাম দিয়ে। মাহেকীয়া স্ৰাৱ নহ’লেও অথবা সময়মতে নহ’লে তাকো নিৰাময় কৰে, স্ৰাৱ সময়ত হয়। প্ৰতিদিনে আধা গিলাচ বেদানাৰ ৰসৰ সৈতে পুৱা খাবলৈ দিব লাগে।

স্ৰাৱৰ সময়ত কোনো যোগাসন কৰিব নালাগে। গৰম পানীত কটি স্নান (কঁকাললৈ পানী অহাকৈ) আৰু এবাৰ গৰম পানী পাছতে ঠাণ্ডা পানী আকৌ গৰম পানীৰে ৩-৪ বাৰ কটি স্নান কৰিলে উপকাৰ হয়। অন্য সময়ত সুপ্ত বজ্ৰাসন, সৰ্বাংগাসন কৰিলে উপকাৰ হয়।

মাহেকীয়া স্ৰাৱৰ সময়ত অত্যন্ত বিষ, বেদনা, চুৱা কামোৰণি

মাহেকীয়া স্ৰাৱৰ সময়ত সাধাৰণ ব্যথা- ভৰিত, কৰঙণৰ মাংসপেশীত টানি ধৰা, কঁকালৰ তল ভাগত বিষ, পেটত অলপ বিষ বা পেট টানি ধৰা আদি থাকেই। এইবোৰতে মনলৈ ভয় আনিব নালাগে বা তাৰ বাবে বেছি চিন্তান্বিত হৈ পৰিবও নালাগে। টেনছন বেছি হ’লে বিষ-বেদনাও বাঢ়ে, মাংসপেশীৰ স্বাভাৱিক কৰ্মপদ্ধতিত বাধা হয়। বিষ বাঢ়ি গ’লে মূৰ ঘূৰাবও পাৰে। বুকু ধৰফৰাবও পাৰে। বেদনাত মাটিত বাগৰি ফুৰা অৱস্থা হয়।

চিকিৎসা

যনীৰ গুড়ি পাতল কাপোৰত ছেকি চূৰ্ণ কৰি লওক। এই চূৰ্ণ এক চামুচ পৰিমাণ এগিলাচ গৰুৰ অলপ গৰম গাখীৰৰ সৈতে দিনে ২ বাৰকৈ খাব দিয়ক। ঋতুস্ৰাৱৰ ব্যথা আঁতৰিব।

ক’লা তুলসীৰ পাত দিনে দুবাৰ ২০০ গ্ৰামকৈ খাব। বিষ কমিব।

দিনত গৰম পানীৰে গা ধুব। ৰাতি এবাৰ গৰম পানীৰ পাছতে এবাৰ চেঁচা পানী (শীতৰ দিনত একেবাৰে চেঁচা পানী নিদিব) আকৌ গৰম পানী- তেনেকৈ ৩-৪ বাৰ কটি স্নান কৰাব। পদ্মাসন কৰিলে উপকাৰ পাব।

বগা স্ৰাৱ হোৱা ৰোগ

যোনিৰে কেতিয়াবা বগা স্ৰাৱ নিৰ্গত হয়। যদি সাধাৰণভাৱে বগা বা অলপ হালধীয়া স্ৰাৱ হয় তেতিয়া বৰ চিন্তা কৰাৰ আৱশ্যক নাই। ইয়াত মিউকাছ বা পাছ (পূজৰ দৰে বস্তু) থাকে। কিন্তু বগা স্ৰাৱ নিয়মিতভাৱে আৰু বেছিকৈ হ’বলৈ ধৰিলে, লগতে যোনিত খজুৱতি থাকিলে বা জ্বলা-পোৰা থাকিলে তেতিয়া লিউকোৰিয়া ৰোগৰ লক্ষণ হ’ব পাৰে। যোনিৰ ভিতৰত কোনো ইনফেকছন (বীজাণু সংক্ৰমণ) হ’লে, বা ডিম্বকোষত কোনো ইনফেকছন হ’লে বা যৌনাংগৰ শোথ হ’লে এই ৰোগ হয়। কেতিয়াবা ছেক্স হৰম’ন বেছিকৈ নিঃসৃত হোৱাৰ ফলতো বগা স্ৰাৱ হয়। বেছি স্ৰাৱ হ’লে, দুৰ্বল হোৱা যেন লাগে, ভাগৰ ভাগৰ লাগে, মূৰ ঘূৰাব পাৰে, বুকু ধৰফৰ কৰে। মেজাজ খিটখিটিয়া হয়।

চিকিৎসা

আমলখিৰ ৰস ৭-৮ চামুচ হালধিৰ গুড়া আধা চামুচ আৰু অলপ মৌ মিহলাই দিনত এবাৰকৈ দুই-এদিন খালেই বগা স্ৰাৱ বন্ধ হ’ব।

অনন্তমূলৰ শিপাৰ ৰস ৩৫ মিলিলিটাৰকৈ দিনে ২ বাৰকৈ একেৰাহে ৪-৫ দিন খালেই উপকাৰ পাব।

কৰবী গছৰ ফুল মিঠা তেলত ভাজি সেই তেল যোনিত মালিচ কৰিব পাৰে।

এচামুচ জিৰা ভাজি, গুড়ি কৰি লৈ তাত অলপ চেনি লৈ দিনে ৩ বাৰকৈ খাবলৈ দিয়ক, আৰাম পাব। জিৰা কিন্তু খাবৰ সময়ত বাৰে বাৰে (পুৱা, দুপৰীয়া, আবেলি) ভাজিব লাগিব।

এমুঠা বুট ভাজি, গুড়ি কৰি, তাৰ লগত অলপ মিছিৰি গুড়ি কৰি আধাকাপমান গৰুৰ গাখীৰৰ সৈতে খাবলৈ দিয়ক। সামান্য গৰুৰ ঘিউ লগতে মিহলাবও পাৰে। ইয়াৰ পৰা উপকাৰ পাব।

এক চামুচ শুকান আমলখিৰ গুড়া দুই চামুচ মৌৰ লগত নিয়মিতভাৱে পুৱা একেৰাহে কেইদিনমান খালে বগা স্ৰাৱ দূৰ হ’ব।

৪ চামুচ কেঁচা হালধিৰ ৰসৰ লগত ৪ চামুচ দূবৰিৰ ৰস খাব পাৰে। অসুখ গুচিব।

পুৱা আৰু ৰাতি (শোৱাৰ আগত) শীতল পানীৰে কটি স্নান কৰাব পাৰে। উপকাৰ পাব।

পদ্মাসন কৰিলেও উপকাৰ হয়।

পানী নিতৌ দুই লিটাৰতকৈ বেছিকৈ খাবলৈ দিব। মিঠাই, মাদক দ্ৰব্য, মছলাযুক্ত খাদ্য খোৱা নিষেধ।

ৰাতি ৫ গ্ৰাম আমলখি পানীত ভিজাই ৰাখি ৰাতিপুৱা খালে ভাল পাব।

যোনিৰ খজুৱতি ৰোগঃ

মহিলাসকলৰ যোনিৰ যিমান ৰোগ আছে তাৰ ভিতৰত যোনিৰ খজুৱতি হ’ল এটি সাধাৰণতে দেখা ৰোগ। কেতিয়াবা বৰ খজুৱায় আৰু ছালো এৰি যায়। যেতিয়াই তেতিয়াই য’তে নাথাকক কিয় কাপোৰৰ ওপৰেৰে খজুৱাবলৈ বাধ্য হয় বা অন্য ঠাইলৈ (আঁৰ-বেৰৰ ঠাইলৈ) গৈ খজুৱাবলৈ বাধ্য হয়।

ইয়াৰ মূল কাৰণ হৈছে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱ। ইয়াৰ উপৰিও যাৰ প্ৰমেহ আদি উপদংশ ৰোগ থাকে তেওঁলোকৰো খজুৱতি থাকে। অসুখীয়া ক্ষীণকায়া মহিলাৰ যোনিৰ খজুৱতি ৰোগ বেছিকৈ হোৱা দেখা যায়।

চিকিৎসা

আমলখিৰ ৰস আৰু মিছিৰিৰ গুড়ি মিহলাই তাৰ লগত পকা কল খালে যোনিৰ খজুৱতি কমে।

যদি বগা স্ৰাৱ থাকে আৰু লগতে বৰকৈ খজুৱায় তেতিয়া ৰাতিপুৱা আৰু গধূলি ৫ গ্ৰাম আমলখিৰ গুড়ি চেনি আৰু মিছিৰি মিহলাই খালে, বগা স্ৰাৱ আৰু খজুৱতি দুয়োটাই নোহোৱা হ’ব।

ভালবিধৰ মদ বা এলকহলেৰে যোনি ধুলে খজুৱতি কমে।

তুলসীৰ ৰস যোনিত প্ৰলেপ (যত খজুৱায় তাত) দিলেও খজুৱতি কমে।

নাৰিকলৰ তেলত কৰ্পূৰ মিহলাই যোনিত (খজুৱতিৰ ঠাইত) প্ৰলেপ দিলে যোনিৰ খজুৱতি, কুট্-কুট্ কৰা দূৰ হয়।

সকলো সময়তে যোনিত আঙুলি সুমুৱাই ঘঁহি পিহি চাফ কৰিব। ভাল সৰিয়হৰ তেল যোনিৰ ভিতৰত মচি কাচি দিব পাৰি। শৌচ কচা হ’বলৈ দিব নালাগে। হ’লে ৪ চামুচ এৰাৰ তেল ৰাতিপুৱা খালি পেটতে, গৰম পানীৰে খাই শৌচ খোলোচা কৰাব।

গৰ্ভাৱস্থাৰ বমি

গৰ্ভধাৰণৰ দ্বিতীয় আৰু পঞ্চম মাহৰ ভিতৰত সাধাৰণতে গৰ্ভৱতী নাৰীৰ বমি হয়, বমি বমি ভাব হয়, অথবা, ওকালি আহে আৰু প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণ কৰা মহিলাৰ এয়া বেছিকৈ হয়। এবাৰ দুবাৰ গৰ্ভধাৰণ হোৱাৰ পাছত এই সমস্যা বেছি নাথাকে। বমি যদি বেছি ঘন ঘনকৈ নহয় তেনেহ’লে গৰ্ভস্থ সন্তান আৰু মাতৃৰ বিশেষ ক্ষতি নহয়। কিন্তু যদি বৰ ঘন ঘনকৈ বমি হয় তেনেহ’লে গৰ্ভস্থ সন্তান আৰু গৰ্ভৱতীৰ স্বাস্থ্যৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। তেতিয়া চিকিৎসাৰ ব্যৱস্থা লোৱাৰ আৱশ্যক হয়।

চিকিৎসা

গৰ্ভৱতী মহিলাৰ যেতিয়া খুব ঘন ঘনকৈ বমি হৈ থাকে তেতিয়া বুটৰ ভজা ছাতুগুড়ি খাবলৈ দিলে তত্ক্ষাণাত্ বমি বন্ধ হয়।

ৰাতিপুৱা শুই উঠাৰ পাছত মুখ ধোৱা হ’লেই খালি পেটত অলপ গৰম পানীৰে নেমু টেঙাৰ ৰস কিছুদিন খোৱা কৰিলে বমি হোৱা বন্ধ হয়।

দুটা লং মিছিৰিৰ সৈতে গুড়ি কৰি আধা কাপ অলপ গৰম পানীৰে খালে বমি বা বমি বমিৰ ভাব বন্ধ হ’ব।

পথ্যাপথ্য

সহজতে হজম হোৱা খাদ্য খাব। টান খাদ্য নাখাব। ফলৰ ৰস, মৌচম্বী, নেমুটেঙাৰ ৰস, ডাব-নাৰিকলৰ পানী উপকাৰী। যদি গৰমৰ দিনত এই অৱস্থা হয়, বৰফ দিয়া ঠাণ্ডা পানী খালে বমি বমি ভাব কমিব। গুৰুপাকী খাদ্য নাখাব।

গৰ্ভৱতীৰ যতন

গৰ্ভৱতী মহিলাই নাৰিকল আৰু মিছিৰি চোবাই খাই থাকিলে সন্তানৰ চকু সুন্দৰ হয়, ডাঙৰো হয়।

দুই চামুচকৈ মৌ দিনে খালে গৰ্ভৱতীৰ তেজৰ অভাৱ নঘটে। শেষৰ তিনিমাহত গাখীৰৰ সৈতে মৌ খাই থাকিলে সন্তান স্বাস্থ্যবান আৰু সুন্দৰ হয়।

গৰ্ভাৱস্থাত নিয়মিত বাদাম খালে গৰ্ভস্থ সন্তানৰ বৃদ্ধি সুন্দৰ মতে হয়। বাদাম গুড়ি কৰি লৈ গাখীৰৰ লগত খাব লাগে।

গৰ্ভৱতীয়ে যদি পঞ্চম মাহৰ পৰা নিমখ খাবলৈ এৰি দিয়ে প্ৰসৱৰ বেদনা আধামান কমি যাব।

গৰ্ভৱতীয়ে যদি দিনে দুটাকৈ কমলা টেঙা খায়, সন্তান স্বাস্থ্যবান হ’ব।

গৰ্ভৱতীৰ কেতিয়াবা গৰ্ভাশয় তলৰ ফালে নামি যায়। ফলত গৰ্ভপাত হোৱাৰ ভয় থাকে। এনে অৱস্থাত ক’লা বুট ৰাতি ভিজাই থৈ ৰাতিপুৱা সেই পানী উতলাই বুটৰ ক্কাথ (আৰক) তৈয়াৰ কৰি খুৱালে গৰ্ভপাতৰ আশংকা দূৰ হ’ব আৰু নিৰাপদে প্ৰসৱ হ’ব। এনে সমস্যা দেখা দিয়াৰ পৰা প্ৰসৱৰ আগলৈকে খুৱাই থাকিব।

বেলৰ মোৰব্বা গৰ্ভৱতীৰ বাবে বৰ উপকাৰী। সাতমাহৰ পৰা দুপৰীয়া খোৱাৰ পাছত প্ৰতিদিনে বেলৰ মোৰব্বা খালে প্ৰসৱৰ সময়ত কোনো কষ্ট নহয়, সন্তানো হৃষ্টপুষ্ট হয়।

নিৰাপদ প্ৰসৱৰ উপায় (আগতীয়া যতন)

২০০ মিলিলিটাৰ পানীত ৫০ গ্ৰাম কেঁচা বা শুকান আমলখি সিজাওক। উতলি উতলি পানী যেতিয়া ৮০ মিলিলিটাৰমান থাকিব জুইৰ পৰা নমাই খাব পৰা হ’লে মৌ মিহলি কৰি গৰ্ভৱতীক এই পানী খুৱাওক। এইধৰণে ক্কাথ তৈয়াৰ কৰি এদিন বা দুদিনৰ পাছে পাছে প্ৰসৱৰ সময়ৰ আগলৈ খুৱাই থাকিলে কষ্ট নোহোৱাকৈ নিৰাপদে প্ৰসৱ হ’ব।

প্ৰসৱৰ পাছৰ যতন

প্ৰসৱৰ সময়ত মহিলাৰ ৰক্তক্ষৰণ হয়। গতিকে বহু প্ৰসূতিয়ে ৰক্তহীনতা ৰোগত ভুগে। তাৰ প্ৰতিৰোধৰ বাবে তলৰ ব্যৱস্থাবোৰ লওক।

শুঁঠ চূৰ্ণ তৈয়াৰ কৰি (গুড়ি কৰি পাতল কাপোৰেৰে ছেকি) ঘিউত ভাজি তাত গুৰ মিহলাই শুকান হালুৱাৰ দৰে কৰি প্ৰসূতিক খাবলৈ দিয়ক, খুৱাই থাকক যেতিয়ালৈ কিছু সবল অনুভৱ নকৰে। প্ৰসূতিৰ তেজৰ অভাৱ পূৰ্ণ হ’ব। ই এটি অতি পুষ্টিকৰ ঔষধি আৰু আহাৰ।

প্ৰসৱৰ পাছত প্ৰসূতিয়ে পেটৰ বিষ অনুভৱ কৰে। কোনো কোনোৰ বিষ বেদনা বেছি হয় আৰু সহ্য কৰিব নোৱৰা হয়। তেনে অৱস্থাত নাৰিকল ৰুকি তাত গুৰ মিহলাই কেইদিনমান খাবলৈ দিয়ক। প্ৰসূতিয়ে প্ৰসৱ বেদনাৰ পৰা সোনকালে মুক্তি পাব।

যোনি সংকোচনঃ

মহিলাৰ যোনি অতি গোপনাংগ। ইয়াৰ অসুখ-বিসুখৰ বিষয়ে মহিলাসকলে নিজৰ মাতা-পিতা দূৰৰ কথা ডাক্তৰকো ক’বলৈ লজ্জাবোধ কৰে। আনকি মহিলা ডাক্তৰকো ক’বলৈ লাজ পায়। কিন্তু ই অতি আৱশ্যকীয় অংগ। সন্তানৰ জন্মৰ পাছতেই প্ৰস্ৰাৱ ইয়াৰেই বহিৰ্গমন হয়। পাছলৈ যৌনক্ৰিয়া সম্পাদিত হয়। গতিকে ইয়াৰ স্বাভাৱিক অৱস্থা অটুট থকাটো নিতান্তই আৱশ্যক। কিন্তু যোনি বহল হৈ থকা বা যোনি সংকুচিত হৈ যোৱা অৱস্থা সাধাৰণতে হয়। তাৰ বাবে তলৰ ব্যৱস্থাবোৰ লওক।

আমলখি গছৰ ছাল ২৪ ঘণ্টা পানীত ভিজাই ৰাখক। তাৰ পাছত ছেকি লৈ এই পানীৰে যোনি কেইদিনমান ধুবলৈ দিয়ক। যোনি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব।

দালচেনি, জায়ফল আৰু ফিটকিৰি অলপ অলপ মিহলাই বড়ি কৰি লওক আৰু সেই বড়ি যোনিত ৰাখি থ’লে (দুই দিনমান) যোনি সংকোচন হোৱাৰ সম্ভাৱনা নাথাকে।

ফিটকিৰি ৩ ভাগ, মাজুফল (লা, ওক আদি গছত উত্পন্ন হোৱা আঠা) ১ ভাগ বটি মখমল কাপোৰৰ নুৰা কৰি তাত লগাই, ৰাতি যোনিত ৰাখিলে যোনিৰ সংকোচন নহয়।

গৰ্ভপাত ৰোধৰ উপায়

নানা কাৰণত কোনো কোনো ক্ষেত্ৰত গৰ্ভৱতীৰ গৰ্ভপাত হোৱা দেখা যায়। আগতে এই ধৰণে গৰ্ভপাত হোৱা মহিলাই ৫ গ্ৰাম ওজনৰ হিঙৰ বড়ি তৈয়াৰ কৰি প্ৰতিদিনে পানীৰে খাব লাগে। হিঙত সৈন্ধৱ লোণ মিহলাব পাৰে। গৰ্ভধাৰণ হোৱা বুলি জনাৰ পৰা খুৱাবলৈ আৰম্ভ কৰিব লাগে। অন্ততঃ আগৰ বাৰ যিমান মাহত গৰ্ভপাত হৈছিল তেতিয়ালৈ খুৱাব লাগে। যদি আগৰ গৰ্ভপাতৰ সময় সঠিকভাৱে জনা নাথাকে তেনেহ’লে প্ৰসৱ নোহোৱালৈকে প্ৰতিদিনে এটা বড়ি খুৱাই থাকিব লাগে। কিন্তু গৰ্ভৱতীৰ যদি পিত্তৰ প্ৰকোপ থাকে হিং খোৱা উচিত নহয়। অন্যথা গৰ্ভপাত ৰোধত হিং সেৱন এক নিশ্চিত ব্যৱস্থা।

মাতৃদুগ্ধৰ সমস্যা

বহু সময়ত মাকৰ গাখীৰ কমি যোৱাৰ ফলত নৱজাত সন্তান মাকৰ গাখীৰৰ পৰা বঞ্চিত হয়। মাতৃৰ কোনো ৰোগৰ বাবে বা সন্তান জন্মৰ সময়ৰ ৰোগ আৰু কিছুমান ঔষধ ব্যৱহাৰৰ বাবে মাকৰ বুকুৰ গাখীৰ শুকাই যায়।

চিকিত্সাঃ বগা জিৰা, গুৱা-মৰি আৰু মিছিৰি প্ৰতিবিধকে বেলেগে বেলেগে গুড়ি কৰি প্ৰতিবিধৰে তিনি বা চাৰি চামুচকৈ মিহলি কৰি লওক। এতিয়া এই মিশ্ৰণ চূৰ্ণৰ এক চামুচ এক কাপ গৰুৰ গাখীৰৰ লগত দিনে ৩ বাৰকৈ খাবলৈ দিয়ক। মাকৰ বুকুৰ গাখীৰ বাঢ়িব।

গাজৰৰ ৰস আৰু কেঁচা পিঁয়াজ খালেও মাতৃৰ দুগ্ধ বৃদ্ধি হয়।

প্ৰসৱৰ সময়ত অত্যধিক ৰক্তক্ষৰণ হ’লে কেইদিনমান একেৰাহে আঙুৰ খাবলৈ দিয়ক। সতেজ আঙুৰৰ ৰসে শৰীৰৰ তেজৰ ৰক্তকণিকা বৃদ্ধি কৰে। আঙুৰৰ পৰিৱৰ্তে কিচমিচো খাব দিব পাৰি। কিন্তু এমাহমান খাব দিব লাগে।

গছত পকা অমিতা প্ৰতিদিনে এটাকৈ ৰাতিপুৱা খালি পেটতে ২০ দিনমান বা এমাহ খালে মাতৃৰ বুকুৰ গাখীৰ বৃদ্ধি হয়।

ফলৰ ৰস নিয়মিতভাৱে খাই স্তনত এবাৰ তেল মালিছ কৰিলেও বুকুৰ গাখীৰৰ পৰিমাণ বাঢ়ে।

প্ৰসূতিক পুষ্টিকৰ আহাৰ দিব লাগে। স্বাস্থ্য সোনকালে ঘূৰি আহে আৰু বুকুৰ গাখীৰ বাঢ়ে।

সন্তানৰ গাৰ ৰং বগা আৰু সুন্দৰ স্বাস্থ্য লাভৰ উপায়

মাতা-পিতা দেখাত অসুন্দৰ হ’লেও বা মাতা-পিতাৰ গাৰ ৰং ক’লা বা মলিন হলেও সুদৰ্শন সন্তান লাভৰ আশা সকলোৱে কৰে। গৰ্ভধাৰণৰ পাছত সামান্য যত্ন ল’লে অথবা খাদ্যবস্তুৰ কিছু বাছ-বিচাৰ কৰি খালে তেনে দেখাত শুৱনি আৰু সুস্বাস্থ্যৱান সন্তান লাভৰ সম্ভাৱনা থাকে।

চিকিত্সাঃ গৰ্ভধাৰণৰ প্ৰথম মাহৰ পৰাই ৮ মাহ পৰ্যন্ত প্ৰতিদিনে দুপৰীয়া খোৱাৰ পাছত এটাকৈ কমলাটেঙা খালে সন্তান সুন্দৰ আৰু গৌৰবৰ্ণ হয়।

গৰ্ভধাৰণৰ পাছত ৮-৯ মাহ প্ৰতিদিনে দুপৰীয়া খোৱাৰ পাছত মৌৰি চোবাই খালেও সন্তান গৌৰবৰ্ণ হয়।

গৰ্ভধাৰণৰ পাছৰ পৰা প্ৰতিদিনে পানী খোৱাৰ সময়ত একোটাকৈ আমলখিৰ মোৰব্বা (আমলখিৰ পৰা বনোৱা ঔষধি বস্তু) খালেও সন্তান গৌৰবৰ্ণ হয়, মাতৃৰো শৰীৰ ভালে থাকে।

গৰ্ভৱতী মহিলাক নিয়মিত আঙুৰ খুৱালেও সন্তান স্বাস্থ্যৱান হয়, গৌৰবৰ্ণ হয় আৰু মাতাৰো স্বাস্থ্যৰ দুৰ্বলতা দূৰ হয়।

মিছিৰিৰ লগত নাৰিকল চোবাই খালেও উপকাৰ হয়।

পুত্ৰসন্তান লাভৰ উপায়

মহিলাৰ মাহেকীয়া স্ৰাৱ ২৮ দিনৰ মূৰে মূৰে হ’ব লাগে। তাৰে ৪ দিনত স্ৰাৱ বেছি হৈ থাকে আৰু পাছলৈ ক্ৰমাত্ কম হৈ যায়। স্ৰাৱ হোৱাৰ অৰ্থই হ’ল জৰায়ুলৈ, ডিম্বকোষৰ পৰা ডিম্ব আহিছিল কিন্তু শুক্ৰকীটৰ সৈতে সেই ডিম্বৰ মিলন নোহোৱাত গৰ্ভধাৰণ নহ’ল। ডিম্বকোষৰ পৰা ঠিক কোন দিনাখন ডিম্ব পুনৰ ওলাই আহিব সঠিককৈ জনাৰ সহজ উপায় নাই। কিন্তু বিশেষজ্ঞসকলে অনুমান কৰিব খোজে যে মাহেকীয়া আৰম্ভ হোৱাৰ পৰা ১৪ দিনমানত পুনৰ ডিম্বকোষৰ পৰা ডিম্ব নিঃসৃত হ’ব পাৰে। বিভিন্ন কাৰণত ১৪ দিন বুলি খাটাং কৰিব নোৱাৰি, কিন্তু ১৩-ৰ পৰা ১৬ দিনৰ ভিতৰত ডিম্ব নিঃসৰণ হৈ ফেল’পাইন টিউব বা ডিম্ববাহী নলীত পৰিব পাৰে। এই হিচাপ আকৌ যদি ঋতুস্ৰাৱ ঠিক ২৮ দিনৰ মূৰত হয়। যদি ২৬ দিনত হয়, ২ দিন আগবাঢ়িব। যদি ৩০ দিনত হয়, ২ দিন পিছুৱাই ১৩ নহৈ ১৫ দিনত হ’ব। এই সকলো কথা পুংখানুপুংখ ৰূপে বিচাৰ কৰি বিশেষজ্ঞসকলে ঋতুস্ৰাৱ দেখা দিয়াৰ ৮ দিনাখনৰ পৰা ২১ দিনলৈ সেই মহিলাৰ সৈতে পুৰুষৰ সংগম হ’লে গৰ্ভধাৰণ হয় বুলি ঠাৱৰ কৰিছে। ই হ’ল সন্তান গৰ্ভস্থ হোৱাৰ বৈজ্ঞানিক ভিত্তি।

গতিকে সন্তান কামনা কৰিলে এই দিনবোৰৰ ভিতৰত ৰতি সংযোগ হ’ব লাগে। প্ৰজনন পদ্ধতিত আমি পাই আহিছোঁ, সন্তান জন্মৰ বাবে পুৰুষৰ শুক্ৰকীট বলবান হ’ব লাগে। বীৰ্যৰ তাৰল্যৰ কথা আলোচনা কৰোঁতে আমি পাই আহিছোঁ পুৰুষৰ যৌনশক্তি দুৰ্বল হ’ব নালাগে। গতিকে পুত্ৰসন্তান জন্ম হ’ব লাগিলে পুৰুষৰ শুক্ৰকীট সংখ্যাধিক আৰু বলবান হ’ব লাগিব। কাৰণ সন্তান ল’ৰা নে ছোৱালী হ’ব সেইটো পুৰুষৰ শুক্ৰকীটৰ ওপৰতে নিৰ্ভৰ কৰে।

মহিলাৰ ডিম্ব আৰু পুৰুষৰ শুক্ৰকীটৰ সন্তান জন্ম দিয়াৰ যি শক্তি তাক ক্ৰম’জম বোলে। ক্ৰম’জম দুই প্ৰকাৰৰ- এক্স ক্ৰম’জম আৰু ওৱাই ক্ৰম’জম। এই ক্ৰম’জম মহিলাৰ ডিম্বত মাত্ৰ এবিধ থাকে (এক্স)। পুৰুষৰ ক্ষেত্ৰত দুয়োবিধ থাকিব পাৰে (এক্স আৰু ওৱাই)। বংশগত লক্ষণ আদি বিভিন্ন কাৰণত এক্স ক্ৰম’জম কম-বেছি পৰিমাণে থাকে। সংগমৰ পাছত যি শুক্ৰকীটে ডিম্ব নিষিক্ত কৰে সেই শুক্ৰকীটত যদি এক্স ক্ৰম’জমহে থাকে তেতিয়া কন্যাসন্তান হ’ব আৰু যদি ওৱাই ক্ৰম’জমো থাকে তেতিয়া ল’ৰাসন্তান হয়। শুক্ৰৰ ঘনত্বৰ ওপৰত ওৱাই ক্ৰম’জম থকাৰ সম্ভাৱনা বেছি বুলি সাধাৰণতে অনুমান কৰা হয়। মাত্ৰ এযোৰ ক্ৰম’জমৰ পৰাই সন্তান হয় আৰু স্বামী-স্ত্ৰীৰ পৰা এক্স-ওৱাই আহিলে সিহঁত লগ লাগি যায়।

এতিয়া যদি কোনো দম্পতীৰ কন্যাসন্তান আছে আৰু ল’ৰাসন্তান কামনা কৰে তেওঁলোকে এটা ব্ৰত পালন কৰিব লাগিব। পুৰুষজনে ৩ মাহ স্ত্ৰী সংগমৰ পৰা বিৰত থাকিব লাগিব। তাৰ পাছত পত্নীৰ মাহেকীয়া হোৱাৰ ৮ দিনৰ পৰা যুগ্ম দিনত (৮, ১০, ১২, ১৪, ১৬, ১৮, ২০) সহবাস কৰিলে পুত্ৰসন্তান হ’ব আৰু অযুগ্মবাৰত সংঘটিত হ’লে কন্যাসন্তান হ’ব। কিন্তু ১২ দিনৰ পৰা ১৬ দিনৰ ভিতৰত সন্তান গৰ্ভস্থ হোৱাৰ আশা প্ৰবল হৈ থাকে। গতিকে ১২, ১৪, ১৬ দিন প্ৰশস্ত সময়। সমৰাত্ৰি পুৰুষৰ বীৰ্য বলবান হয় বুলি হিন্দুধৰ্ম বিশ্বাসত আছে।

হিন্দুশাস্ত্ৰত আছে- ‘ষোড়শতু নিশাৰ স্ত্ৰীণাং তাসু যুখাসু সম্বিশেত্।‘ অৰ্থাত্ ঋতুদৰ্শনৰ পৰা ১৬ দিনৰ প্ৰথম ৪ দিন বাদ দি বাকী যুক্ত দিনত শুভক্ষণত স্ত্ৰী সহবাস কৰিলে পুত্ৰসন্তান হয়। শুভক্ষণ বিচাৰ কৰোঁতে, পুং গ্ৰহবাৰত (ৰবি, মংগল, বৃহস্পতি), শুভ লগ্নত, ৰিক্তা তিথি (চতুৰ্থী, নৱমী, চতুৰ্দশী দুয়োপক্ষৰে) বাদ দি শুভযোগ, শুভকৰণ আৰু পুৰুষৰ চন্দ্ৰ শুদ্ধি থকা দিনৰ মধ্যৰাতি প্ৰশস্ত সময়। দিনত বা আগৰাতিৰ সংগমত গৰ্ভধাৰণ হ’লে সন্তান অল্পায়ু হয়। মঙ্গলবাৰ অশুভ।

ইয়াৰ পাছত পুত্ৰসন্তান আকাংক্ষী মাতৃয়ে গৰ্ভস্থ সন্তান পুত্ৰসন্তান বুলি মনেৰে ধৰি ল’ব। ঘৰত কৃষ্ণৰ ল’ৰাকালৰ ছবি ৰাখিব, অন্যান্য ল’ৰাৰ ছবি, কেলেণ্ডাৰৰ ছবি ঘৰত আঁৰিব আৰু বিভিন্নভাৱে ল’ৰাৰ কথা কল্পনা কৰিব। তিনিমাহৰ ভিতৰতে বালভোজন (৫ টা ল’ৰাক) কৰাব। তেওঁলোকক যিভাৱে পাৰে আনন্দিত কৰিব। পুত্ৰসন্তান লাভ হ’ব। ই এটি প্ৰমাণিত উপায়। গৰ্ভস্থ সন্তানৰ চতুৰ্থ মাহত অংগ-প্ৰত্যংগ প্ৰকাশিত হয়। গতিকে তৃতীয় মাহতে বালভোজন কৰাব।

মহিলাৰ মাহেকীয়া স্ৰাৱজনিত কঁকালৰ বিষ

বহু মহিলাই ঋতুস্ৰাৱৰ সময়ত কঁকালৰ বিষ-বেদনাত ভোগে। কেতিয়াবা ইমান বিষ হয় যে কঁকাল লৰাব-চৰাবলৈও অসুবিধা হয়।

চিকিত্সাঃ আমলখি, শিলিখা, শুকান পদিনাৰ পাত, পিপৰাৰ শিপা (এবিধ ঔষধি গুল্ম), শুঠ (শুকান আদা), জেতুকাৰ পাত প্ৰতিবিধৰ ১০ গ্ৰামকৈ লৈ ভালকৈ খুন্দি পাতল পৰিষ্কাৰ কাপোৰেৰে ছেকি চূৰ্ণ কৰি লওক। ১০ গ্ৰাম গুগুল, ৫ গ্ৰাম নিমখ আৰু ৫ মিলিলিটাৰ নহৰুৰ ৰস মিহলি কৰি গুড়ি কৰি লৈ আগৰ চূৰ্ণৰ সৈতে মিহলাওক। প্ৰতিদিনে ৰাতিপুৱা আৰু গধূলি এই ঔষধৰ ৪০ গ্ৰাম এবাৰকৈ লৈ দুবাৰত খাওক। কঁকালৰ বিষ সাতদিনৰ ভিতৰত নোহোৱা হ’ব লগতে শৰীৰৰো বল বৃদ্ধি হ’ব।

তাৰপিনৰ তেল আৰু তিলৰ তেল সমান সমান মাত্ৰাত লৈ কঁকালত মালিছ কৰিলেও কঁকালৰ বিষ নোহোৱা হ’ব।

তিচি আৰু বগা সৰিয়হ (ৰাই) বটি অলপ গৰম কৰি পুলটিচ কঁকালত বান্ধিলে কঁকালৰ বিষ যাব।

গৰ্ভপাত

সাতমাহৰ আগতে গৰ্ভ নষ্ট হ’লে তাক গৰ্ভপাত বোলে। পেটত আঘাত পালে, স্বামীৰ লগত মাদক দ্ৰব্য খালে, উত্তেজক ঔষধ খালে, শোক-তাপ, ভয় পালে গৰ্ভপাত হয়।

ৰোগৰ লক্ষণ

ঘনে ঘনে বমি হয়, তলপেটত বিষ হয়, স্তন শিথিল হয় আৰু গৰ্ভস্ৰাৱ হয়।

চিকিৎসা

গৰ্ভপাত হোৱাৰ আশংকা থাকিলে বগা অপৰাজিতাৰ ৪ আঙুল শিপা কঁকালত বান্ধিলে গৰ্ভপাত নহয়।

পদুমফুলৰ চকা নিয়মীয়াকৈ খালে পুনৰ গৰ্ভপাত নহয়।

গৰ্ভপাত হওঁতে তেজ বেছি ওলালে বচ গছৰ ৰস খাবলৈ দিব।

গৰ্ভপাত হোৱাৰ পাছত ৬০ গ্ৰাম চফগুটি গুড়ি কৰি গোলাপ ফুলৰ গছৰ ডাল খুন্দি মিহলি কৰি অলপ পানীৰে দিনত এবাৰকৈ একেৰাহে ৭ দিন খালে অসুখবোৰ দূৰ হয়।

গৰ্ভপাতৰ সময়ত পেটত বিষ আৰু ৰক্তস্ৰাৱ হ’লে এক চতুৰ্থাংশ পৰিমাণৰ চামুচ ফিটকিৰি পিহি একাপ গৰুৰ গাখীৰৰ সৈতে খালে, পেটৰ বিষ আৰু ৰক্তস্ৰাৱ বন্ধ হ’ব। গৰ্ভস্ৰাৱ (গৰ্ভপাতো) বন্ধ হ’ব পাৰে।

গৰ্ভনিৰোধৰ উপায়

নিজৰ ব্যক্তিগত স্বাৰ্থত আৰু দেশৰ সামাজিক সুপৰিৱেশ ৰক্ষাৰ খাতিৰত আজি একৈশ শতিকাত এটা বা দুটাতকৈ অধিক সন্তান কাৰো বাবে কাম্য নহয়। অতীতত নাৰীৰ কাম, স্বামীক তেওঁৰ কামত পাৰিলে সহায় কৰা, ভাত-পানী তৈয়াৰ কৰি যোগোৱা আৰু ল’ৰা-ছোৱালী, কেঁচুৱাৰ আলপৈচান ধৰা, লালন-পালন কৰাই প্ৰধান কাম আছিল। আজি সময়ৰ পৰিৱৰ্তন হৈছে। সুস্থ, উন্নত সমাজ গঠনত আধাভাগ জনসংখ্যাই বাদ পৰি থকটো এক দুৰ্ভাগ্যজনক পৰিস্থিতি। নাৰী জাতি আজি শিক্ষা-দীক্ষা লাভ কৰি সমাজৰ উন্নতি সাধনত নামি পৰিছে। শিক্ষা সম্প্ৰসাৰণৰ দিশ স্কুল-কলেজবোৰত চাকৰি কৰি বিশেষ বা পুৰুষৰ সমানেই অৰিহণা যোগাইছে। প্ৰশাসনিক দিশ আৰু ৰাজনীতিতো নামি পৰিছে। এনে পৰিস্থিতিত গৰ্ভধাৰণ প্ৰক্ৰিয়া হেঙাৰ স্বৰূপ হৈ পৰে। সেইবাবে স্বামী, সন্তানৰ প্ৰতি উদাসীন হৈ পৰাটোও উচিত নহয়। ই এক বিৰূপ মানসিকতা। ঘৰখনত অশান্তিৰ সৃষ্টি হ’ব পাৰে। কাৰণ মানৱ জাতিটো জীয়াই ৰখাৰ বাবেই তেওঁৰ সৃষ্টি। তেওঁ সন্তান জন্ম দিব লাগে। সন্তানৰ সুৰক্ষাৰ বাবে, কল্যাণৰ বাবে ঘৰখনো ধৰি ৰাখিব লাগিব। অবোধকালত শিশুৱে মাতৃৰ মুখলৈ যি আনন্দ আৰু আশ্ৰয়ৰ আশাৰে চায় তেনেকৈ আৰু কালৈকো নাচায়। কেৱল নিজৰ আত্মগৌৰৱৰ বাবেই মাতৃয়ে ঘৰ-সংসাৰ জলাঞ্জলি দিব নোৱাৰে। কিন্তু সন্তান কম (এটা বা দুটা) হ’লে নিজৰ তথা সমাজ বা মানৱ সেৱাৰ দুয়োটা দিশেই চম্ভালিব পৰা হৈ থাকে। গতিকে জন্ম নিৰোধৰ আৱশ্যক হয়।

স্থায়ী উপায়

আমি প্ৰজনন প্ৰণালীৰ বিষয়ে আলোচনা কৰোঁতে পুৰুষৰ শুক্ৰবাহী নলী আৰু মহিলাৰ ডিম্ববাহী নলীৰ কথা উল্লেখ কৰি আহিছোঁ। জন্ম নিয়ন্ত্ৰণৰ স্থায়ী ব্যৱস্থা হিচাপে পুৰুষ বা মহিলাৰ অস্ত্ৰোপচাৰ কৰি এই নলী (প্ৰত্যকৰে দুটাকৈ থাকে) বান্ধি দিয়া হয়। তেতিয়া আৰু সন্তান হোৱাৰ ভয় একেবাৰে নাথাকে।

অস্থায়ী ব্যৱস্থাঃ পুৰুষে নিৰোধ ব্যৱহাৰ কৰি সন্তান জন্মত বাধা দিব পাৰে। মহিলাৰ বাবে খোৱা বড়ি আছে। মাহেকীয়া স্ৰাৱ হোৱাৰ প্ৰথম চাৰিদিন বাদ দি প্ৰতিদিনে একোটাকৈ বড়ি খাব লাগে। এইবোৰ চৰকাৰীভাৱে অনুমোদিত ব্যৱস্থা। চৰকাৰী হাস্পতালবোৰত এইবোৰ বিনামূলীয়াকৈ দিয়া হয়। মহিলাৰ বাবে কপাৰ-টি বুলি এবিধ লুপ গৰ্ভাশয়ত সোমাই (অস্থায়ীভাৱে) থোৱাৰ ব্যৱস্থাও আছে। ইয়াক হাস্পতাললৈ গৈ ল’ব লাগে।

নিৰাপদ সময়

আমি পুত্ৰসন্তান লাভৰ উপায় সম্পৰ্কে ব্যাখ্যা কৰোঁতে মহিলাৰ ঋতুস্ৰাৱৰ সৈতে সম্বন্ধিত সন্তান জন্মৰ সম্ভাৱ্য দিনবোৰৰ কথা উল্লেখ কৰিছোঁ। তাত কোৱা হৈছে যে ঋতুদৰ্শনৰ প্ৰথম সাতদিন আৰু ২২ দিনৰ পৰা পুনৰ ঋতুস্ৰাৱ নোহোৱালৈকে এই দিনবোৰত সংগম হ’লে নাৰীয়ে গৰ্ভধাৰণ কৰাৰ সম্ভাৱনা নাই। এইবোৰেই নিৰাপদ সময়। এইক্ষেত্ৰত মাহেকীয়া স্ৰাৱ হোৱাৰ যি চক্ৰ (ঋতুস্ৰাৱ চক্ৰ) সি সদায় নিয়মিতভাৱে ২৮ দিনৰ মূৰে মূৰে হ’ব লাগিব। সাধাৰণতে যিটো হোৱা দেখা নাযায়। আকৌ প্ৰথম ৪ দিন বা ৫ দিন স্ৰাৱ হৈ থাকে। আকৌ হিচাপ ৰখাটোও সকলোৰে বাবে সম্ভৱ নহয়। গতিকে ই বৰ নিৰ্ভৰযোগ্য ব্যৱস্থা নহয়। কিবা হেৰফেৰ হ’লেই গৰ্ভধাৰণ হ’ব পাৰে।

চিকিৎসাৰ উপায়

ৰাতিপুৱা টোপনিৰ পৰা উঠি মুখ নোধোৱাকৈ এটা বা দুটা লং মাহেকীয়া স্ৰাৱ হোৱাৰ পাছত প্ৰতিদিনে খালে গৰ্ভধাৰণ নহয়।

মাহেকীয়া স্ৰাৱৰ পাছত মহানিমৰ তেল খালেও গৰ্ভধাৰণ নহয়। আজিকালি নিমৰ তেলৰ পৰা গৰ্ভ নিৰোধক ইঞ্জেকছন তৈয়াৰ হৈছে। ইয়াৰ কোনো পাৰ্শ্ব প্ৰতিক্ৰিয়া নাই।

৪ টা লং, ৪ টা জালুক আৰু কেইটুকুৰামান পাণৰ কোমল ঠাৰি একেলগে বটি মাহেকীয়া স্ৰাৱৰ সময়ত ৭ দিন খালে গৰ্ভধাৰণ বন্ধ হ’ব।

বন্ধ্যাত্ব (বাঁজি) ৰোগ নিৰাময়

স্বামীৰ অক্ষমতা, পত্নীৰ জৰায়ুৰ দোষ, জৰায়ু সৰু হ’লে, বগা স্ৰাৱ হৈ থকা ৰোগ থাকিলে, ডিম্ববাহী নলীত টিউমাৰ আদি হ’লে, বাধক ৰোগ থাকিলে সন্তান নহয়। চিকিৎসা দুয়োজনৰে কৰাব লাগে।

চিকিৎসা

ৰক্তবেৰেলা, শ্বেতবেৰেলা, নাগেশ্বৰৰ শিপা, যষ্টিমধু প্ৰতিবিধৰ গুড়ি ৫ গ্ৰাম মিহলাই তাতে ২ চামুচ মৌ, ২ চামুচ চেনি আৰু ২৫০ মিলিলিটাৰ গাখীৰ মিহলাই প্ৰতিদিনে ৰাতিপুৱা একেৰাহে ৪৫ দিন খাওক। স্ত্ৰীৰ শাৰীৰিক দুৰ্বলতাৰ বাবে সন্তান নহ’লে শুভ ফল পাব।

স্ত্ৰীৰোগ, যৌনৰোগ বিশেষজ্ঞৰ দ্বাৰাই স্বামী-স্ত্ৰীৰ বাধক ৰোগ নিৰ্ণয় কৰি চিকিৎসা কৰাব লাগে। সন্তান লাভ হ’ব পাৰে।

নাৰী বন্ধ্যা হ’লে অশ্বগন্ধাৰ ক্কাথ, ঘিউ মিহলাই ৩-৪ চামুচ প্ৰতিদিনে খালে সন্তান হ’ব পাৰে।

স্তন ৰক্ষাৰ উপায়

স্তন মহিলাৰ সৌন্দৰ্য আৰু আকৰ্ষণৰ প্ৰতীক। দৌলাকৃতিৰ সুস্থ আৰু উন্নত স্তন সকলোৰে বাবে মনোৰঞ্জক আৰু কাম্য বস্তু। দৰ্শনীয় হোৱাৰ উপৰিও ই সুলক্ষণৰো পৰিচায়ক। গতিকে স্তন ৰক্ষাৰ বাবে যত্ন লোৱাৰ আৱশ্যক।

উপায়ঃ প্ৰথম ঋতুৰ (আদ্যঋতুৰ) প্ৰথম দিনৰ ৰক্ত স্তন দুয়োটাতে লগালে (প্ৰলেপ দিলে) স্তন পিৰামিডৰ দৰে হৈ থাকে।

অলিভ অইল গা ধোৱাৰ আগত আৰু ৰাতি শোৱাৰ আগত দিনত দুবাৰ, স্তনত মালিছ কৰিলে স্তন সুদৌল আৰু পুষ্ট হৈ থাকে।

গুৱা-মৰি, মৌ, যষ্টিমধু, শতবৰী আৰু বিদাৰি (ঔষধি গুল্ম) সমান সমান পৰিমাণত বটি, পাতল কাপোৰেৰে ছেকি চূৰ্ণ কৰি লৈ সেই চূৰ্ণ ২-৫ গ্ৰাম দৈৰ লগত খাবলৈ দিয়ক। স্তন সুৰক্ষিত হৈ থাকিব, স্তনৰ আকাৰ ডাঙৰ হ’ব। ই অত্যন্ত গুণকাৰী ঔষধ। গৰ্ভাৱস্থাত খালে স্তনৰ গাখীৰ বাঢ়িব।

স্তন ঢিলা হৈ গ’লে, প্ৰতিদিনে নহৰুৰ ৩-৪ টা কোঁহ (এটা কোঁহৰ হ’লে দুই কোঁহ) খালী মুখত লৈ বা মুড়ি লগত লৈ চোবাই খাওক। শিথিল স্তন দৃঢ় হৈ উঠিব।

বেদানাৰ বাকলি সাতদিনৰ পাছে পাছে শোৱাৰ আগত (ৰাতি) স্তনত প্ৰলেপ দিয়ক, স্তন দৃঢ় আৰু আকৰ্ষণীয় হ’ব।

বটগছৰ ঠোৰ বা ডালৰ আগৰ কোমল অংশ পাতসহ আনি ছাঁত শুকাওক। তাৰ পাছত পানী দি বটি স্তনত প্ৰলেপ দিয়ক। ওলমি পৰা স্তনো দৃঢ় হৈ পৰিব, পুষ্ট হৈ উঠিব।

স্তনৰ কৰ্কট ৰোগ

কৰ্কট ৰোগক এক মাৰাত্মক ৰোগ বুলিয়ে জনা যায়। কৰ্কট ৰোগ মানৱ সমাজত থকা এক অতি পুৰণি ৰোগ। অথৰ্ববেদ আৰু অন্যান্য পুৰণি গ্ৰন্থতো এই ৰোগৰ উল্লেখ আছে। কিন্তু দুৰ্ভাগ্যৰ কথা যে ইয়াৰ প্ৰতিৰোধ বা নিৰাময়ৰ নিশ্চিত উপায় এতিয়ালৈও উদ্ভাৱন হোৱা নাই। শৰীৰৰ বিভিন্ন ঠাইত কৰ্কট ৰোগ হয়। মহিলাসকলৰ স্তনতো কৰ্কট ৰোগ বেছিকৈ হোৱা দেখা যায়।

ৰোগৰ লক্ষণ

স্তনত কৰ্কট ৰোগ বা কেনচাৰ হ’লে স্তন অস্বাভাৱিকভাৱে ফুলি উঠে। গৰম অনুভৱ হয়। স্তনৰ আকাৰ গোল বা চেপেটা ধৰণৰ হৈ টান হৈ যায়, যন্ত্ৰণা, বিষ-বেদনা থাকে। ৰোগীয়ে অস্বস্তি বোধ কৰে। স্তনত নতুন কোষ বাঢ়ি গাঠি-গাঠি হ’বও পাৰে বা টিউমাৰো হ’ব পাৰে। কিন্তু গাঠি গাঠি হ’লেই বা টিউমাৰ হ’লেই কেনচাৰ বুলি ভয় খাব নালাগে। গাঠি গাঠি বা টিউমাৰ ৰূপত কেনচাৰ আৰম্ভ হয় যদিও সকলো টিউমাৰ বা গাঠি গাঠি অৱস্থাই কেনচাৰ নহয়। কেনচাৰ হয় নে নহয় খাটাংকৈ জানিবৰ উপায় হিচাপে বায়’পছি টেষ্ট কৰা হয় আৰু আধুনিক পদ্ধতিৰে পৰীক্ষা কৰি এই ৰোগৰ চিকিৎসা কৰা হয়। বহু ক্ষেত্ৰত অপাৰেছন কৰি সেই বাঢ়ি অহা কোষবোৰ আঁতৰাই দিলে ৰোগী আৰোগ্য হয়।

কি কাৰণত এই ৰোগ হয় সঠিককৈ কোৱা টান। কিন্তু বাহী খাদ্য খোৱা, অত্যধিক মাছ-মাংস খোৱা, বিড়ি-চিগাৰেট, পাণ-তামোল খোৱাৰ বাবেও হ’ব পাৰে বুলি ভবা হয়। এইবোৰ নোখোৱা মানুহৰো হ’ব পাৰে, কিন্তু সম্ভাৱনা কম থাকে। অসমান বিছনাত শুলে, স্তনত আঘাত লাগিলে আৰু দুগ্ধবাহী নলীত বাধাৰ সৃষ্টি হ’লেও কেনচাৰ হ’ব পাৰে।

চিকিৎসা

স্তনৰ এই ধৰণৰ অসুখ হোৱা যেন অনুভৱ হ’লেই অভিজ্ঞ ডাক্তৰৰ সহায় লৈ চিকিৎসা কৰিব লাগে। অস্ত্ৰোপচাৰেই বিশেষভাৱে আৰোগ্যদায়ক হয়।

পুঁইশাকৰ পাত বটি প্ৰলেপ দিলে বা বান্ধি ৰাখিলে, প্ৰথম অৱস্থা কেনচাৰ হ’লেও দূৰ হয়। অন্য ৰোগ হ’লেও উপকাৰ পাব।

১০ গ্ৰাম ধঁতুৰাৰ পাত আৰু ১০ গ্ৰাম আদা বটি স্তনৰ ওপৰত প্ৰলেপ দিলে স্তনৰ ফুলি উঠা, সিৰ ৰঙা পৰি উঠা, ভীষণ বিষ-বেদনা হোৱা আদি ৰোগ আৰোগ্য হয়।

পথ্যাপথ্য

গাখীৰ, পনীৰ, ফল, বাদাম আৰু পাতশাক-পাচলি সুখাদ্য। চাহ, কফি, বিড়ি, চিগাৰেট, মদ বৰ্জন কৰিব।

মহিলাৰ ৰজোসমাপ্তি আৰু তাৰ সৈতে জড়িত ৰোগঃ

মহিলাসকলৰ ৪৫-ৰ পৰা ৫০-৫৫ বছৰ বয়সত মাহেকীয়া স্ৰাৱ হোৱাটো স্থায়ীভাৱে বন্ধ হৈ যায়। ১২-১৩ বছৰ বয়সত আৰম্ভ হৈ জীৱনৰ স্বাভাৱিক গতিধাৰাৰ পৰিৱৰ্তন হোৱাত মহিলাগৰাকীৰ মনত এক চিন্তাকুল পৰিৱেশৰ সৃষ্টি হয়। আনহাতে পৌঢ়ত্বপ্ৰাপ্ত হোৱাৰ ধাৰণাও মনলৈ আহে আৰু ক্ৰমাগত শাৰীৰিক দুৰ্বলতাৰ ইংগিতসূচক হয়। এই ৰজোনিবৃতি কিছুমানৰ হঠাতে হয় আৰু কিছুমানৰ শেষৰ ফালে মাহেকীয়া ৰজঃচক্ৰবোৰত স্ৰাৱ কমি গৈ থাকি শেষত একেবাৰে বন্ধ হৈ যায়। মাহেকীয়া স্ৰাৱ এই ধৰণে বয়সত বন্ধ হৈ যোৱাই ৰজোসমাপ্তি বা মেন’পজ।

বহুক্ষেত্ৰত এই ৰজোসমাপ্তি অকলে নাহে। এই সময়ত ছেক্স হৰমোন নিঃসৰণ হোৱাটো বন্ধ হৈ যায়। গৰ্ভাশয় সংকুচিত হৈ যায় আৰু যৌনক্ৰিয়া কৰ্মৰ প্ৰতি আগ্ৰহ নথকা হয়, ঘৃণা ওপজে। সন্তান জন্মদানৰ কাৰণেই স্ত্ৰী-পুৰুষৰ সৃষ্টি আৰু সেই সন্তানৰ লালন-পালনৰ বাবেই যৌনজীৱন উপভোগৰো ক্ৰিয়া হিচাপে ভগৱানে ৰচনা কৰিছে। সেয়েহে নাৰীয়ে যেতিয়া জন্মদানৰ ক্ষমতা হেৰুৱায় যৌনক্ৰিয়াৰ প্ৰতিও আগ্ৰহ নোহোৱা হয়। পুৰুষৰো একেই কথা। অণ্ডকোষত শুক্ৰৰ উত্পাদন বন্ধ হ’লে লিংগোত্থান বন্ধ হয়। কিন্তু বয়সৰ ক্ষেত্ৰত পুৰুষৰ ৭০-৭৫ বছৰ বয়সলৈ বা তাতোকৈ বেছি বয়সলৈ কাৰোবাৰ কেতিয়াবা যৌনাকাংক্ষা থাকিব পাৰে। সেয়েহে বহু ক্ষেত্ৰত এই বয়সৰ স্বামী-স্ত্ৰীৰ মাজত সংঘাতৰ সৃষ্টি হয়। তেতিয়া দুয়োজনৰে জ্ঞানৰ আৱশ্যক হয় ইজনে সিজনক বুজি পোৱাৰ বাবে। অন্যথা সংসাৰ অশান্তিময় হ’ব পাৰে।

এইবোৰৰ উপৰিও মানসিক আৰু শাৰীৰিক অন্যান্য লক্ষণেও দেখা দিয়ে। মেজাজ খিটখিটিয়া হয়, সহ্য কৰাৰ ক্ষমতা কমি যায়। ক্ৰোধ অত্যধিক বাঢ়ে আৰু দুশ্চিন্তা আৰু টেনছনৰ বাবে ভাল টোপনি নোহোৱা হয়। ভোক কমি যায় অথবা ভোক বাঢ়ে। ওজনো কমি যাব পাৰে বা অত্যধিক বেছিও হ’ব পাৰে। দিনত কেতিয়াবা বৰ গৰম লাগে অথবা বৰ ঠাণ্ডা লাগে। ইয়াৰ বাবেও ৰাতি কেতিয়াবা ভাল টোপনি নহয়। প্ৰকাৰান্তৰে ৰজোসমাপ্তি হোৱাৰ পাছত মানসিক অস্থিৰতা বেছি হ’ব পাৰে। যাৰ বাবে উত্সাহ তথা মনোবল বঢ়োৱা আৱশ্যক। চিকিৎসা হিচাপে ৰজোসমাপ্তিৰ কোনো চিকিৎসা নাই। যি ৰোগৰ লক্ষণ প্ৰকট হয় তাৰ চিকিৎসা কৰিলেই সুস্থবোধ কৰিব।

প্ৰসৱৰ সৈতে জড়িত ৰোগ

প্ৰসৱৰ সময়ত জৰায়ুৰ সংকোচন হোৱাৰ বাবে এই ৰোগ হয়।

ৰোগৰ লক্ষণ

প্ৰসৱৰ সময়ত তলপেটত বিষ হয়। বমি বমি ভাব হয়। কেতিয়াবা ৰক্তস্ৰাৱ হৈ ৰোগী একেবাৰে দুৰ্বল হৈ পৰে। প্ৰসৱ হওঁতে কষ্ট হয়। এনে ৰোগীক তত্ক্ষাণাত হাস্পতাললৈ নি তাত প্ৰসৱ কৰোৱাৰ ব্যৱস্থা কৰাব লাগে।

চিকিৎসা

টুবুকী লতাৰ ১০০ গ্ৰাম শিপা পানীত তিয়াই বটি যোনিত প্ৰলেপ দিব। প্ৰসৱ বেদনা কমিব, প্ৰসৱ হ’বও পাৰে।

প্ৰসৱৰ সময়ত বমি বমি ভাব হ’লে চিৰতা চূৰ্ণ ১০০ গ্ৰামৰ লগত মৌ বা মিছিৰি মিহলি কৰি খুৱালে বমি দূৰ হ’ব। ২ টা লং খুন্দি মৌৰ লগত খালেও বমি বন্ধ হয়।

বাহকা (বাসক) ফুলৰ শিপা খুন্দি (বটি) নাড়ীত প্ৰলেপ দিলে কষ্ট নোহোৱাকৈ প্ৰসৱ হয়।

সোনকালে প্ৰসৱ হোৱাৰ বাবে মজাঠি, ৰঙা মৰিছা শাকৰ শিপা আৰু ছালকুঁৱৰীৰ আগ ২০০ গ্ৰাম (সকলো মিলাই) তামোলৰ লগত খালে সোনকালে প্ৰসৱ হয়।

অমিতাৰ আঠা গৰ্ভৱতীৰ যোনিৰ বাহিৰ ফালে প্ৰলেপ দিলে সোনকালে গৰ্ভস্ৰাৱ হয়।

প্ৰসৱৰ পাছত মিথি গুটি খুন্দি যিকোনো আহাৰৰ লগত খালে ভোক লাগে। শৌচ পৰিষ্কাৰ হয় আৰু গৰ্ভাশয় (জৰায়ু) ভালে থাকে।

ৰোগী মূৰ্চ্ছা গ’লে আদাৰ ৰস খুৱাব।

পথ্যাপথ্য

লঘু আহাৰ খুৱাব। অমিতা, শিলিখা, আনাৰস, কঁঠাল খাবলৈ নিদিব। বিড়ি, চিগাৰেট নিষেধ।

মগজু আৰু স্নায়ুমণ্ডলীৰ ৰোগ

মূৰৰ বিষ

অতিৰিক্ত পৰিশ্ৰম কৰা, শৌচ কচা, শ্লেষ্মা, স্নায়বিক দুৰ্বলতা আৰু ৰাতি উজাগৰে থাকিলে, চকুৰ ওপৰত চাপ পৰিলে, লঘোনে থাকিলে, ঠাণ্ডা লাগিলে, এলাৰ্জি থাকিলে, টেনছন থাকিলে, ক্ৰোধ, দুশ্চিন্তা থাকিলে, ঋতু পৰিৱৰ্তনৰ সময়ত, খোৱাৰ গোলমাল হ’লে, বদহজম, পেটত গেছ হ’লে মূৰ বিষায় আৰু কিছুমান বিশেষ পৰিস্থিতিতো মূৰৰ বিষ হয়।

বদহজমৰ বাবে হোৱা মূৰৰ বিষ

কেতিয়াবা বেছিকৈ আহাৰ খোৱাৰ বাবে হজম নহ’লে মূৰ বিষায়। মদ বেছিকৈ খালেও মূৰ বিষাব পাৰে। কিন্তু কেইবাৰমান বমি হ’লে, শৌচ হ’লে এই বিষ কমি যায়।

ঠাণ্ডা লাগিলে ছাইনাছৰ বাবে হোৱা বিষ

ঠাণ্ডা লাগিলে মূৰৰ বিষ প্ৰায় সকলোৰে হয়। কিছুমানৰ নাকৰ ভিতৰত মিউকাছ ঝিল্লিত শোথ (ছাইনাছ) থাকে বা ফুলি থাকে। তাৰ বাবেও বিষ হয়। এই ক্ষেত্ৰত ঠাণ্ডা লাগি হোৱা মূৰৰ বিষত কপাল, ভ্ৰূ, নাকত ব্যথা হয়। কিন্তু বহু সময়ত কেইবাৰমান হাঁচি মাৰিলে অসুখ বহু কমি যায়।

টক্সিক দোষত মূৰৰ বিষঃ

ইয়াক সাধাৰণতে হ্যাং-অভাৰ বুলি জনা যায়। বেছি মদ খালে, বেছি চাহ-কফি খালেও এই হ্যাং-অভাৰ হয়। মানুহে মূৰ বিষালে চাহ খাই অলপ ভাল পোৱা যেন অনুভৱ কৰে যদিও বেছি (পৰিমাণত) খালে অপকাৰহে হয়। মূৰৰ বিষ স্থায়ী হৈ পৰে।

ৰিউমেটিক (বাতজনিত) মূৰৰ বিষঃ

বহু মানুহৰ ঋতু পৰিৱৰ্তন সহ্য নহয়। গৰমৰ পৰা ঠাণ্ডা, ঠাণ্ডাৰ পৰা গৰম সহ্য নহয়, মূৰ বিষায়। কিন্তু ৰ’দত থাকি কাম-কাজত লাগিলে বিষ আঁতৰে।

স্নায়ুঘটিত মূৰৰ বিষঃ

বেছি উত্তেজিত হ’লে, খং উঠিলে, বৰ চিঞৰি চিঞৰি কথা কোৱাৰ ফলত, ভয়, আতংক, শোক আদি পালে মূৰ বিষায়।

সিৰৰ ওপৰত চাপ পৰি মূৰৰ বিষঃ

চকু, গালত কোনো কষ্ট হ’লে, ভাল টোপনি নহ’লেও মূৰ বিষায়।

ৰক্তহীনতাত মূৰৰ বিষঃ

ৰক্তহীনতা ৰোগত ভুগিলে সাধাৰণ মূৰৰ বিষ প্ৰায় থাকেই। মহিলাসকলৰ ঋতুস্ৰাৱৰ সময়ত, ৰক্তহীনতাত ভুগি থাকিলে মূৰৰ ব্যথা হয়, মূৰ ঘূৰাবও পাৰে।

চিকিত্সাঃ সমান মাত্ৰাত গাজৰৰ ৰস, বিটৰ ৰস আৰু পালেং শাকৰ ৰস সকলো মিলাই এক গিলাচ, ৰাতিপুৱা পানী খোৱাৰ সময়ত খালে মূৰৰ যন্ত্ৰণা নাশ হয়।

আধা গিলাচ গৰম পানীত ১ চামুচ নেমুটেঙাৰ ৰস, ১ চামুচ আদাৰ ৰস, ১ চামুচ মৌ মিহলাই অলপ অলপকৈ লাহে লাহে খাওক, যিকোনো মূৰৰ বিষেই আৰোগ্য হ’ব।

নহৰুৰ ৰস নস্যৰ দৰে নাকেৰে টানিলেও মূৰৰ বিষ নোহোৱা হয়।

ক’লা জিৰা মোহাৰি নাকেৰে শুঙিলে মূৰৰ বিষ কমে। বকুল গছৰ শুকান ফুল নাকেৰে শুঙিব লাগে, মূৰৰ বিষ নাইকিয়া হয়। বকুলৰ গুটি বটি নাকেৰে শুঙিলেও বিষ দূৰ হয়।

সৰ্বদা ক্লান্তিবোধঃ

কোনো কথা মনোযোগেৰে শুনিবৰ অনিচ্ছা, চাবৰ অনিচ্ছা, অনবৰতঃ ভাগৰ ভাগৰ লাগে। চকুৰ দুৰ্বল দুৰ্বল ভাব আৰু মূৰৰ যন্ত্ৰণা অনুভৱ হয়।

চিকিৎসা

পাণৰ লগত এটা লং চোবাই খালে ক্লান্তিৰ ভাব, টোপনি টোপনিৰ ভাব দূৰ হ’ব।

ৰাতি বেছিকৈ পঢ়া-শুনা কৰাৰ বাবে যদি মূৰৰ ব্যথা হয়, মূৰ গধুৰ গধুৰ লাগে, তেনেহ’লে লাল চাহত নেমুটেঙাৰ ৰস দি খাওক যাৰ ফলত মানসিক চাপ, মূৰ গধুৰ গধুৰ লগা আৰু অৱসাদ দূৰ হ’ব।

অনিদ্ৰাঃ

৩ গ্ৰাম পদিনাৰ পাত ২০০ মিলিলিটাৰ পানীত ২ মিনিট উতলাওক আৰু ছেকি লওক আৰু গৰম থাকোঁতেই এই পদিনাৰ আৰকত ২ চামুচ মৌ লৈ ৰাতি শোৱাৰ আগত খাওক, গভীৰ টোপনি আহিব। ৩-৪ সপ্তাহ খালে ৰোগেই আঁতৰিব।

সাধাৰণ গৰম পানীৰে ভৰি ধুই শুলে (ৰাতি) ভাল টোপনি আহে।

যাৰ মানসিক অশান্তি, উদ্বেগ, চিন্তা, টেনছন আদিৰ বাবে টোপনি নাহে তেওঁলোকে এটা কাম কৰিব পাৰে। শুই লৈ ১০০-ৰ পৰা ১ লৈ (১০০-৯৯-৯৮-৯৭ ইত্যাদি ক্ৰমে) গণক। টোপনি আহিব। গণি থাকোঁতে ভুল হ’বলৈ ধৰিলে জানিব টোপনি আহিব খুজিছে।

যাৰ টোপনি নাহে ইফালে-সিফালে বাগৰি থাকিব লাগে, তেওঁলোকে ৰাতিৰ সাজ আহাৰৰ সৈতে কেৱল পিঁয়াজৰ চালাদ (আধা কাপমান) খাব। টোপনি আহিব পাৰে।

ৰাতি শুবৰ সময়ত সৰিয়হৰ তেল সামান্য গৰম কৰি দুই কাণত দি শুলে ভাল টোপনি হয়।

জ্ঞান মুদ্ৰাঃ জ্ঞান মুদ্ৰা কৰিলে টোপনি আহে। হাতখন (সোঁ হাতখন) মেলি ধৰক। এতিয়া তৰ্জনী আঙুলিটোৰ মূৰটো (আগটো) তললৈ ঘূৰাই বুঢ়া আঙুলিটো তাৰ ওপৰত দীঘলীয়াকৈ ৰাখক। হাতখন মেলখাই থকা অৱস্থাতে থাকিব। এয়ে জ্ঞান মুদ্ৰা। দুয়ো হাতেৰে এই জ্ঞান মুদ্ৰা কিছু সময় প্ৰতিদিনে কৰিলে শুভ ফল পোৱা যায়। দিনত কেবাবাৰো কৰিব লাগে। কৰাটো সহজ কাৰণ বহি, শুই যিকোনো অৱস্থাতে য’তে ত’তে এয়া কৰিব পাৰি। ইয়াৰ ফলত অকল অনিদ্ৰাই নহয়, ক্ৰোধ, দুৰ্বল স্মৰণশক্তি, পাগলামি স্বভাৱ সকলো আঁতৰে। ২-৩ দিনমান কৰিলেই সুফল পোৱা যায়।

মেদেলুৱা গছৰ (সৰু জোপোহা গছ) কুমলীয়া পাত ৩-৪ টা মান বটি ৰাতি শোৱাৰ আগতে খালে ভাল টোপনি হয়। পিপলিৰ গুড়ি ২০ গ্ৰাম অলপ গুৰ মিহলি কৰি খালে ভাল টোপনি হয়।

৫ চামুচ ৰঙা পিঁয়াজৰ ৰসেই অনিদ্ৰা আৰোগ্য কৰিব পাৰে। ৰাতি শোৱাৰ আগতে খাব।

মূৰ ঘূৰণি

স্নায়বিক দুৰ্বলতা, নিম্ন ৰক্তচাপ, আদি নানা কাৰণত মূৰ ঘূৰণি ৰোগ হয়।

চিকিৎসা

যিবোৰ ৰোগৰ বাবে মূৰ ঘূৰণি হয় সেইবোৰ ৰোগৰ চিকিৎসা কৰিব লাগিব।

যিকোনো দুৰ্বলতাৰ বাবে হ’লে ৬ গ্ৰাম আমলখি (গুটি বাদ দি), ৬ গ্ৰাম ধনিয়া, আধা ভাগ কৰি ৰাতি ২৫০ মিলিলিটাৰ পানীত ভিজাই থওক। ৰাতিপুৱা ভালকৈ ছেকি সেই পানীত ১-২ চামুচ মিছিৰি মিহলাই খাবলৈ দিয়ক। ৩-৪ দিনৰ ভিতৰতে মূৰ জিন্ জিন্ কৰা, মূৰ ঘূৰোৱা বন্ধ হ’ব।

গুটি হৈ নুঠা কোমল ডিমৰু দূবৰিবনৰ ঠাৰি মিহলাই খুন্দি ঘিউত ভাজি খালে মূৰ ঘূৰণি অসুখ দূৰ হয়।

মাইগ্ৰেন

মাইগ্ৰেন বা হেমিক্ৰেনিয়া শব্দ দুটা শুনিলে ৰোগটো ভয়ংকৰ বুলি ভয় খাবৰ একো নাই। এইবোৰ ডাক্তৰী নাম। আচলতে ই আদকপালী মূৰৰ বিষ। কেতিয়াবা কপালৰ সোঁফালে আকৌ কেতিয়াবা কপালৰ বাঁওফালেও বিষাব পাৰে। কেতিয়াবা কাৰোবাৰ এফালেই বিষাই থাকিব পাৰে। বিশেষভাৱে মনোনিৱেশ কৰি পঢ়া-শুনা কৰা বুদ্ধিজীৱী লোকৰ এই ৰোগ বেছিকৈ হয়। পঢ়া-শুনা কৰা ল’ৰা-ছোৱালীৰো হ’ব পাৰে। আকৌ সাধাৰণভাৱে পঢ়া-শুনা কৰা মানুহৰো কেতিয়াবা, শৰীৰ দুৰ্বল হ’লে হ’ব পাৰে। অথবা মানুহৰ টেনছন্ থাকিলেও আদকপালী বিষ হ’ব পাৰে।

খুব মনোযোগ দিয়াৰ ফলত বা খুব টেনছনত থকাৰ ফলত মস্তিষ্কৰ সিৰ-উপসিৰত চাপ (হেঁচা) পৰে। কাৰণ শৰীৰৰ সাধ্যতকৈ যেতিয়া বেছি কাম কৰা হয় ৰক্তবাহী নাড়ীবোৰত চাপ পৰে, নাড়ীবোৰ টান হৈ উঠে, চলাচল কৰি থকা তেজত চেপা খায়, তেজ যথাস্থানলৈ কমকৈ যাবলৈ ধৰে, গতিকে তাত বিষ হয়। আকৌ চিন্তা এৰি দিলেই নাড়ীবোৰ পূৰ্বৰ দৰে হয়, বিষ কমি যাব ধৰে। কিন্তু এনেধৰণৰ শ্ৰম চলি থাকিলে ই গৈ ৰোগত পৰিণত হয়। মাংসপেশীৰ বাবে তেজ, গাড়ীৰ পেট্ৰ’ল-ডিজেলৰ দৰে। কামৰ একচেলেটৰ বঢ়ালে কামৰ ঠাইত তেজ বেছি লাগে। নাপালে মাংসপেশীৰ চিত্কাৰ (বিষ) হয়। মনপুতি লগা অধ্যয়ন বা মানসিক টেনছন্ হ’লে ৰক্তবাহী নাড়ী টান হৈ পৰাত (নাড়ীৰে বহন কৰিব পৰা ক্ষমতাতকৈ শ্ৰম বেছি হোৱাৰ বাবে) তেজৰ যোগান কম হয় আৰু মূৰ বিষাবলৈ ধৰে। খোৱা-লোৱাৰ বাবে, কলেষ্টেৰল বেছি থকা খাদ্য, মছলা যুক্ত খাদ্য খোৱাৰ ফলত পাচন প্ৰক্ৰিয়াত জোৰ পৰাৰ ফলতো মাইগ্ৰেন হ’ব পাৰে।

ৰোগৰ লক্ষণ

মাইগ্ৰেনৰ মূৰৰ বিষ ১ সপ্তাহমান থাকিব পাৰে বা তাতোকৈ বেছি দিনো থাকিব পাৰে। কাৰো কাৰো ক্ষেত্ৰত ১-২ দিনো হয়। বিষ এক নিয়মিত ব্যৱধানত হয়। হয়তো ৰাতিপুৱা সূৰ্য উদয়ৰ পাছৰ পৰাই আৰম্ভ হ’ল, কেইঘণ্টামান থাকিল আৰু তাৰ পাছত লাহে লাহে কমি যায় আৰু সদায় সেই সময়তে আৰম্ভ হয়। অথবা দুপৰীয়া আৰম্ভ হয় আৰু সদায় সেই সময়তে আৰম্ভ হয়। আকৌ অসুখ সকলোৰে একেধৰণে নহয়, মানুহজনে প্ৰতি বা ভিন ভিন মানুহৰ ভিন ভিন লক্ষণ হ’ব পাৰে।

মূৰৰ বিষ হোৱাৰ আগে আগে কিছুমানৰ জিভা, ওঁঠ, মুখ শুকাই যায়। মুখেৰে কথা স্পষ্টকৈ উচ্চাৰণ কৰিব নোৱৰা অৱস্থা হয়। কিছুমানৰ গা বমি বমি ভাব হয়, সূৰ্যৰ পোহৰ সহ্য নহয়। ভোক কমি যায়, মেজাজ খিটখিটিয়া হয়। ঘনে ঘনে হামি আহে, হামিৰ লগে লগে বিষ-বেদনাও বাঢ়ে। পাচন প্ৰক্ৰিয়াৰ গোলমালত মূৰ বিষালে বমি হয়েই। কেতিয়াবা কাৰোবাৰ চকুৰ আগত লাইটৰ পোহৰ দপদপকৈ জ্বলি থকা যেন দেখায়, অথবা জলক-তবক দেখে, নতুন ৰঙীন পোহৰো দেখিব পাৰে। মূৰৰ বিষ উঠাৰ পাছত শৰীৰ ভীষণ দুৰ্বল হৈ পৰে।

চিকিৎসা

চিকিৎসাৰ বাবে বিশেষ মন কৰিবলগীয়া কথা হ’ল যে মগজুৰ স্নায়ুমণ্ডলীৰ ওপৰত সহিব পৰাতকৈ মানসিক কাৰ্য বেছি হ’লে এই ধৰণৰ মূৰৰ বিষ হয়। গতিকে মূৰৰ বিষ আঁতৰাবলৈ প্ৰথমতে মানসিক চাপ, টেনছন্ কমাব লাগিব। দ্বিতীয়তে সেই ধৰণৰ মানসিক কাৰ্যৰ চাপ সহন কৰিব পৰাকৈ স্নায়ুমণ্ডলীক সবল কৰিব লাগিব। অৰ্থাত্ শৰীৰৰ পৰিপুষ্টি বঢ়াব লাগিব। গতিকে দুই-এপালি ঔষধ খাই একেধৰণে কাম-কাজ চলাই যাব পৰা ধৰণৰ চিকিৎসা নাই অথবা দীঘলীয়াকৈ ঔষধ খাই আৰোগ্য হ’ব লগা বেমাৰো নহয়। যদি পাচন প্ৰক্ৰিয়াৰ গণ্ডগোলৰ বাবে হয়, তেতিয়া খাদ্য বাছি-বিচাৰি খাব লাগিব। হজম হোৱা খাদ্য খাব লাগিব। মানসিক কামৰ চাপৰ বাবে হ’লে খাদ্য খাই কৰা চিকিৎসাৰে মগজুৰ শক্তি বঢ়াব লাগিব। এই ব্যৱস্থাই পাচন প্ৰক্ৰিয়াৰ বাবে হোৱা অসুবিধাও দূৰ কৰিব। তাৰ বাবে তলত দেখুওৱা ধৰণে ১০-১৫ দিন মানলৈ খাদ্য খোৱাৰ ব্যৱস্থা লওক। মাইগ্ৰেন আঁতৰিব।

ৰাতিপুৱা শুই উঠি খালি পেটত দুই গিলাচ বিশুদ্ধ পানী খাওক। ১৫-৩০ মিনিট পাছত এক গিলাচ কমলাৰ ৰস খাওক। তাৰ দুই ঘণ্টামান পাছত সতেজ ফল, আপেল, আনাৰস আৰু এগিলাচ গাখীৰ খাওক। তাৰ ৩ ঘণ্টামান পাছত গজালি মেলা মুগ, বুট, চয়াবিন, এগিলাচ দৈ আৰু তৰি-তৰকাৰীৰ সিজোৱা জোল একাপমান খাওক। তাৰ আঢ়ৈ ঘণ্টামান পাছত দুপৰীয়া দুখন ৰুটি বা পুৰণি চাউলৰ ভাত (সেই পৰিমাণৰ) খাওক। লগতে সিজোৱা তৰকাৰী আৰু কেঁচা তৰকাৰীৰ চালাদ (আধা কাপমান) খাওক। চালাদখিনি প্ৰথমতেই খাব। তাৰ পাছত (৩ ঘণ্টামান) আবেলি ফল আৰু ফলৰ ৰস খাওক। ৰাতি এটা ৰুটি, সিজোৱা দুই-তিনিবিধ তৰকাৰী আৰু চালাদ খাওক। দিনটোৰ ভিতৰত ৬-৮ গিলাচ পানী খাব।

খোৱা বস্তুবোৰ ভালকৈ চোবাই খাব। এবাৰতে পেট ভৰাকৈ নাখাব। ৰোগ সোনকালেই আৰোগ্য হ’ব। গৰমৰ দিনত এই সমস্যা হ’লে ৰোগ অতি সোনকালেই ভাল হয় আৰু সম্পূৰ্ণৰূপে দূৰ হয়।

আদকপালী বিষত অপৰাজিতাৰ ফল, পাত আৰু শিপা ১০ গ্ৰামকৈ লৈ তাক বটি বা থেতেলাই তাৰ ৰস খালে বিষ কমিব। তত্কালিক উপশমৰ বাবে এই ঔষধ খাব পাৰে।

অধিক টোপনি

চিকিৎসা

চজিনাৰ গুটি, নাহৰ ফুল আৰু মেটেকাৰ ফুল বটি চকুত লগালে উপকাৰ হয়।

স্মৃতিশক্তি হ্ৰাস

ই এবিধ মস্তিষ্কৰ ৰোগ।

চিকিৎসা

৭ টা বাদাম গধূলি আইনাৰ বাচনত পানীত ভিজাই থওক। ৰাতিপুৱা বাদামৰ ৰঙা বাকলি গুচাই বটি লওক। যদি চকুৰ দৃষ্টিশক্তিও দুৰ্বল ইয়াৰ লগত চাৰিটা জালুক বটি মিহলাওক। এতিয়া ২৫০ মিলিলিটাৰ গাখীৰ উতলাওক। তাতে এই মিশ্ৰণখিনি দি ৩ বাৰ গাখীৰ উতলি উতলি আহিবলৈ দিয়ক আৰু তাৰ পাছত জুইৰ পৰা নমাওক। তাত ১ চামুচ ঘিউ দিয়ক আৰু ২ চামুচ মিছিৰিও দিয়ক আৰু খাব পৰা গৰমতে দিনে এবাৰকৈ ১৫-৪০ দিন (গাৰ দুৰ্বলতা অনুসৰি) খাওক। স্মৃতিশক্তি বাঢ়িব। বীৰ্যবল বৃদ্ধি হ’ব। চকুৰ দৃষ্টিশক্তিও উন্নত হ’ব।

এই গাখীৰ ৩-৪ দিন ৰাতিপুৱাই খালে আদকপালী ৰোগো দূৰ হয়।

এই বাদাম-গাখীৰ যিসকলে মস্তিষ্কৰ কাম কৰে, পঢ়া-শুনা বেছিকৈ কৰে, ছাত্ৰ-ছাত্ৰী আদিৰ বাবে অত্যন্ত ফলপ্ৰদ। এই গাখীৰ খোৱাৰ দুই ঘণ্টা পাছলৈ অন্য কোনো খাদ্য বা পানীয় খোৱা নিষেধ।

৭ টা বাদাম বাকলি পেলাই ৪ টা জালুক মুখত দি ভালকৈ চোবাই খাই অলপ গৰম গাখীৰ এগিলাচ খালেও একেই ফল পাব। যদি ওপৰত কোৱাৰ দৰে গাখীৰ বনাবলৈ অসুবিধা পায় এইদৰেও খাব পাৰে। স্মৃতিশক্তি, দৃষ্টিশক্তি বাঢ়িব। কিন্তু ভালকৈ চোবাব, ঘপ্ কৈ গিলি নথব।

৩০ মিলিলিটাৰ পানীত ৮ টা জালুক খুন্দি মিহলাই খালেও উপকাৰ হয়।

স্নায়ৱিক দুৰ্বলতাঃ

স্নায়ুৱে আমাৰ দেহৰ বিভিন্ন অংগ-প্ৰত্যংগৰ পৰা মগজুলৈ আৰু মগজুৰ পৰা বিভিন্ন অংগ-প্ৰত্যংগলৈ অবিৰতভাৱে বাৰ্তা বহন কৰি থাকে। কেৱল টোপনি আহিলে স্নায়ুবোৰে ক্ষন্তেক জিৰণি পায়। এই স্নায়ুবোৰ বিভিন্ন কাৰণত দুৰ্বল হৈ পৰা দেখা যায়। যি কাৰণতেই নহওক, স্নায়ু দুৰ্বল হ’লে শৰীৰৰ কামবোৰ সুচাৰুৰূপে পৰিচালনা কৰাত বাধা হয়।

ৰোগৰ লক্ষণ

স্নায়ু দুৰ্বল হ’লে হাত-ভৰি জিন জিনায়। বিষ হয়। কেতিয়াবা হাত-ভৰি একেবাৰে অকামিলা হৈ পৰিব পাৰে। জ্বৰ অনুভৱ হয়। মূৰ ঘূৰায়। আনকি স্নায়বিক দুৰ্বলতাৰ বাবে মস্তিষ্কই ভাৰসাম্য হেৰুৱাবও পাৰে। আন ৰোগ হোৱাৰো সম্ভাৱনা সূচিত হয়। একাংগী, মৃগী আদিও স্নায়ুৰ দুৰ্বলতাৰ বাবেই হয়।

চিকিৎসা

আমলখিৰ মোৰব্বা ১২ গ্ৰাম (সৰু ল’ৰা-ছোৱালী হ’লে ৬ গ্ৰাম) ৰাতিপুৱা খালি পেটত ভালকৈ চোবাই চোবাই খালে স্নায়ুতন্ত্ৰ সবল হয়। মোৰব্বা খোৱাৰ পাছত এক ঘণ্টা পৰ্যন্ত কোনো বস্তু বা পানী খোৱা নিষেধ। এই মোৰব্বা বিশেষ নিয়মেৰে তৈয়াৰ কৰা হয়। আমলখিৰ মোৰব্বা খালে শাৰীৰিক বল, স্ফূৰ্তি বৃদ্ধি হয়। গাৰ ছালৰ ৰঙো উজ্জল হৈ উঠে। মূৰৰ বিষ, মূৰ ঘূৰণি দূৰ হয়। চকুৰ বাবেও ই উপকাৰী। ই তেজ পৰিষ্কাৰ কৰে, গাৰ জ্বালা বা পোৰণি দূৰ কৰে, হৃত্পিণ্ড, মস্তিষ্ক, যকৃত, অন্ত্ৰবোৰ, পাকস্থলী আদিৰ বল বৃদ্ধি কৰে। মানসিক দুৰ্বলতা নাশ কৰে, মূৰৰ বিষ আৰু মূৰ ঘূৰণি ৰোগ নাশ কৰে। যিসকলে মস্তিষ্কৰে কাম বেছিকৈ কৰে, পঢ়া-শুনা বেছি কৰে, তেওঁলোকৰ বাবে, স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অত্যন্ত উপকাৰী ঘৰুৱা চিকিৎসাৰ টনিক।

আমলখিৰ মোৰব্বা বনোৱাৰ নিয়মঃ ৫০০ গ্ৰাম পৰিমাণৰ কেঁচা আমলখি খুন্দি ভাঙি, তাৰ পৰা গুটিৰ টুকুৰাবোৰ আঁতৰ কৰি এটা আয়নাৰ বাচন বা বয়ামত ভৰাওক। তাত আমলখিৰ ভগা টুকুৰাবোৰ তল যোৱাকৈ মৌ ঢালি দিয়ক (বহুত নহয়, মাত্ৰ তল যোৱাকৈ)। তাৰ পাছত একেৰাহে ১০ দিন ৰ’দত দিয়ক। কমেও ৪-৫ ঘণ্টা দিনে ৰ’দ লগাব। দ্বাদশ দিনৰ পৰা ই খোৱাৰ বাবে উপযোগী হৈ উঠিব। দুদিন ৰখিব।

খোৱাৰ নিয়ম

ৰাতিপুৱা খালি পেটত দিনে ১০-১২ গ্ৰাম (২ চামুচ) আৰু সৰু ল’ৰা-ছোৱালীয়ে ৫-৬ গ্ৰাম (১ চামুচ) নিয়মিতভাৱে ৩-৪ সপ্তাহ খাব। বিশেষকৈ চ’ত মাহ আৰু আহিন মাহত খোৱা দৰকাৰ। গোটে বছৰটোৱে বিশেষ কোনো অসুবিধা নোহোৱাকৈ পাৰ হৈ যাব। আৱশ্যক বোধে অন্য সময়তো (চ’ত-আহিনৰ বাহিৰে) ৰাতিপুৱা খালী পেটতে খাব পাৰি। সাধাৰণতে ৰাতিপুৱা যিটো সময়ত পানী খোৱা হয় সেই সময়ত খাব। মোৰব্বা খোৱাৰ ১ ঘণ্টা পাছত পানী খাব।

আমলখিৰ মোৰব্বাত ভিটামিন চি, এ, কেলচিয়াম আৰু লো থাকে। ১০০ গ্ৰাম আমলখিত (গুটি এৰোৱা) ৭২০ মিলিগ্ৰাম ভিটামিন চি, ১৫ আই.ইউ ভিটামিন এ, ৫০ গ্ৰাম কেলচিয়াম আৰু ১২ গ্ৰাম লো থাকে। আমলখি এটা বিশেষ ফল যিটো শুকালে বা সিজালে (ৰান্ধিলে তৰকাৰিত) তাৰ ভিটামিন আদি গুণবোৰ নষ্ট নহয়। আমলখি কুটি টুকুৰা কৰি মৌৰ লগত খালেও পুৰণি কোষ্ঠকাঠিন্য আৰু পেটৰ ৰোগ নিৰাময় হয়।

ৰাতিপুৱা ৭ টা বাদাম খাই উঠি ১০০ মিলিলিটাৰ গাজৰৰ ৰস ৫০০ মিলিলিটাৰ গাখীৰ মিহলি কৰি কিছু দিন খালে স্নায়বিক দুৰ্বলতা আৰোগ্য হয়।

দিনে দুটাকৈ পকা আম ব দুটা পকা আমৰ ৰস খালেও স্নায়বিক দুৰ্বলতা আঁতৰে। কেইদিনমান একেৰাহে খাব লাগে।

এই ৰোগত কোমোৰাৰ আঞ্জা বা কোমোৰা কেঁচাই খালে যথেষ্ট উপকাৰ হয়। কোমোৰাৰ গুটি খুন্দি বা বটি মৌৰ লগত খালে ভাল ফল দিয়ে।

আমলখি ৪-৫ টা মানৰ ৰস উলিয়াই মিছিৰিৰ সৈতে দিনে এবাৰকৈ, কিছুদিন খালে স্নায়বিক দুৰ্বলতা দূৰ হয়।

দৈনিক একোঁহৰ নহৰু দুটা (অন্য নহৰুৰ ৬-৮ কোঁহ) কেঁচাই খালে উপকাৰ হয়।

পথ্যাপথ্য

নাচপতি, গুৰ, মৌ, খেজুৰ, খুতুৰা শাক, পদিনা, ফুলকবি, মগুমাহ, সৰিয়হৰ শাক, আতলচ, গাখীৰ, কিচমিচ, চয়াবিন, চজিনা, চজিনাৰ পাত, বিলাহী, সুমথিৰা, আনাৰস, সকলো পাতশাক উপকাৰী খাদ্য। অতিৰিক্ত মছলা দিয়া খাদ্য, মৈথুনক্ৰিয়া, মাদকদ্ৰব্য সেৱন আৰু অতি বেছি মানসিক কাৰ্য, শাৰীৰিক পৰিশ্ৰম (অতি বেছি) নিষেধ।

একাংগী

স্নায়ুৰ দুৰ্বলতাৰ বাবে এই ৰোগ হয়। দীৰ্ঘদিনীয়া উচ্চ ৰক্তচাপ, বহুমূত্ৰ আদি ৰোগৰ বাবেও একাংগী হ’ব পাৰে।

ৰোগৰ লক্ষণ

শৰীৰৰ কোনো অংশ প্ৰথমে অৱশ হৈ আহে। পাছত স্নায়ুবিলাক ইমান দুৰ্বল হয় যে সেই অংগবোৰৰ অনুভূতি বা গম নোহোৱা হয়। সেই অংগ-প্ৰত্যংগৰ কাম কৰাৰ ক্ষমতা নোহোৱা হয় আৰু অকামিলা হৈ পৰে।

চিকিৎসা

নহৰু ১৪৪ গ্ৰাম, খোৱা হিং, জিৰা, সৈন্ধৱ লোণ, শুকান আদা, পিপলি আৰু জালুক প্ৰত্যেকবিধৰে ৫ গ্ৰামকৈ মিহলাই, এৰা গছৰ শিপাৰ ক্কাথৰ (আৰক) লগত আকৌ মিহলি কৰি দিনে ১ বাৰকৈ ১ সপ্তাহমান খালে উপকাৰ হয়।

নহৰু ৪-৫ কোঁহ অলপ মাখনৰ সৈতে দিনে এবাৰকৈ কেইদিনমান খালে যথেষ্ট উপকাৰ হয়।

ভেদাইলতাৰ পাতৰ তৰকাৰী উপকাৰী। ইয়াৰ শিপাৰ ৰস উলিয়াই মালিছ কৰিলে ভাল ফল দিয়ে।

বচৰ তেলেৰে দিনে ৩ বাৰকৈ মালিছ কৰিলে যথেষ্ট আৰাম পোৱা যায়।

মুখমণ্ডলত পেৰালাইছিছ হ’ব খুজিলে ৪-৫ কোঁহ নহৰুৰ ৰস মিঠাতেলৰ লগত মিহলি কৰি মালিছ কৰিলে ৰোগ সোনকালে আৰোগ্য হয়।

পথ্যাপথ্য

লঘু আহাৰ খাব। ভেদাইলতাৰ পাতৰ তৰকাৰী উপকাৰী। মাদকদ্ৰব্য, ধঁপাত, বৰা চাউল, বৰালী মাছ অপকাৰী।

মৃগীৰোগ

স্নায়ুৰ দুৰ্বলতাৰ বাবেই মৃগীৰোগ হয়।

ৰোগৰ লক্ষণ

আকস্মিকভাৱে সংজ্ঞাহীন হৈ পৰে। মুখেৰে ফেন ওলায়, গো-গোৱনি, অবুজ শব্দ বাহিৰ হয়। হাতেৰে যি পায় তাকে ধৰিব খোজে। জিভা কামুৰি ধৰে। কেতিয়াবা জিভাত কামোৰ লাগি তেজ ওলাবও পাৰে। কিছুমানে দেহাত তত্ নোপোৱা হয়, মাটিত বা য’তে থাকে তাতে বাগৰি পৰে আৰু বাগৰি ফুৰে। জ্ঞানহীন হয়। পাছত জ্ঞান ঘূৰি আহে। তেতিয়া বৰ ভাগৰ লাগে, ৰোগী দুৰ্বল হৈ পৰে আৰু দিনে দিনে বেছি দুৰ্বল হৈ যায়।

চিকিৎসা

পিঁয়াজৰ ৰস ৫০ গ্ৰামকৈ ৰাতিপুৱা পানীৰ লগত নিতৌ খাবলৈ ল’লে ৰোগ আৰোগ্য হয়।

২-৩ চামুচ জেতুকা পাতৰ ৰস ১০০ মিলিলিটাৰ গাখীৰৰ লগত মিহলাই খুৱালে যথেষ্ট উপকাৰ হয়।

ব্ৰাহ্মী নাইবা মানিমুনিৰ ৰস ৫০ মিলিলিটাৰ আৰু কুড় বা তেলকুড়ৰ গুড়া ১০ গ্ৰামৰ লগত মৌ মিহলি কৰি খালে উপকাৰ হয়।

অনন্তমূলৰ শিপা ধাৰণ কৰিলে সৰু ল’ৰা-ছোৱালীৰ মৃগীৰোগ ভাল হয়।

বকফুলৰ পাতৰ গুড়ি, জালুকৰ গুড়ি, গৰুৰ মূতৰ লগত মিহলাই নাঙেৰে শুঙিলে মৃগীৰোগ ভাল হয়।

দেওবাৰে মহানিমৰ শিপা এডোখৰ আনি ৰঙা সূতাৰে হাতত বান্ধিলে মৃগীৰোগ আৰোগ্য হয়।

কেঁচা হালধি পুৰি তাৰ ধোঁৱা নাকেৰে শুঙিলে মৃগীৰোগ ভাল হয়।

নহৰু খুন্দি তাৰ ৰস নাকেৰে টানিলে জ্ঞান ফিৰি আহে।

পথ্যাপথ্য

চজিনা, পুৰণি ঘিউ, দূবৰিবনৰ ৰস, জিকা, গৰম ৰুটি, কাছৰ মাংস, বচ গছৰ ৰস, ফল, সেউজীয়া শাক-পাচলি উপকাৰী। সপ্তাহত দুদিন উপবাসে থাকিব লাগে, বহু উপকাৰ হয়। কেৰেলা জ্বলা-পোৰা বস্তু, মছলা, বিড়ি, চিগাৰেট, মদ, ভাং, ধঁপাত, ড্ৰাগছ্, উৰহী, মাটিমাহ, বৰাচাউল, পাতত নিমখ খোৱা নিষেধ। স্ত্ৰী সহবাসৰ পৰা বিৰত থাকিব।

মূৰ্চ্ছা যোৱা ৰোগ

ইও এক মানসিক ৰোগ। পুৰুষতকৈ নাৰীৰ বেছিকৈ হয়। স্নায়ু বিকৃত হোৱাৰ বাবেই এই ৰোগ হয়। অধিক চিন্তা, মানসিক অশান্তি, অত্যন্ত কাম ভাব, অনিয়মীয়া ঋতুস্ৰাৱ, জৰায়ুৰ দোষ, শাৰীৰিক দুৰ্বলতা, অতিপাত মৰম আদিৰ কাৰণে এই ৰোগ হয়।

ৰোগৰ লক্ষণঃ মূৰ ঘূৰায়, চকুৰে ধোঁৱা-কোঁৱা দেখে। কপাল ঘামি যায়, শ্বাস কষ্ট হয়। কেতিয়াবা দাঁতত দাঁত লাগি যায়। হঠাতে মাটি বা য’তে থাকে ত’তে বাগৰি পৰে। হঠাত্ কান্দিব বা হাঁহিবও পাৰে। হাত-ভৰি অৱশ হয় আৰু সাধাৰণ জ্ঞান লোপ পায়। কিছুমানৰ মুখেৰে ফেন ওলায় আৰু কিছুমানৰ নোলাবও পাৰে। কিন্তু ফিট হোৱাৰ যন্ত্ৰণা মৃগী ৰোগীতকৈ কিছু কম হয়।

চিকিৎসা

পিঁয়াজৰ ৰস ৫০ গ্ৰামকৈ ৰাতিপুৱা পানীৰ লগত নিতৌ খাবলৈ ল’লে ৰোগ আৰোগ্য হয়।

২-৩ চামুচ জেতুকা পাতৰ ৰস ১০০ মিলিলিটাৰ গাখীৰৰ লগত মিহলাই খুৱালে যথেষ্ট উপকাৰ হয়।

ব্ৰাহ্মী নাইবা মানিমুনিৰ ৰস ৫০ মিলিলিটাৰ আৰু কুড় বা তেলকুড়ৰ গুড়া ১০ গ্ৰামৰ লগত মৌ মিহলি কৰি খালে উপকাৰ হয়।

অনন্তমূলৰ শিপা ধাৰণ কৰিলে সৰু ল’ৰা-ছোৱালীৰ এই ৰোগ ভাল হয়।

বকফুলৰ পাতৰ গুড়ি, জালুকৰ গুড়ি, গৰুৰ মূতৰ লগত মিহলাই নাঙেৰে শুঙিলে এই ৰোগ ভাল হয়।

দেওবাৰে মহানিমৰ শিপা এডোখৰ আনি ৰঙা সূতাৰে হাতত বান্ধিলে এই ৰোগ আৰোগ্য হয়।

কেঁচা হালধি পুৰি তাৰ ধোঁৱা নাকেৰে শুঙিলে এই ৰোগ ভাল হয়।

নহৰু খুন্দি তাৰ ৰস নাকেৰে টানিলে জ্ঞান ফিৰি আহে।

নহৰু ৪-৫ কোঁহ পিহি তাত তিল তেল ১২ মিলিলিটাৰ মিহলি কৰি দিনে ২ বাৰকৈ খালে উপকাৰ হয়। ছমাহ খালে (একেৰাহে) ৰোগী সম্পূৰ্ণ আৰোগ্য হ’ব।

শতমূলৰ ৰস ১৫ চামুচ, আধা গিলাচ গৰুৰ গাখীৰৰ লগত দিনে এবাৰকৈ ছমাহ খালে ৰোগী আৰোগ্য হ’ব।

আমলখিৰ ৰস ১৫ মিলিলিটাৰ সম পৰিমাণৰ মৌৰ সৈতে খালে বিশেষ উপকাৰ হয়।

পথ্যাপথ্য

তিতা বস্তু, চেনি, পদিনা, কলডিল (কলফুল), নাৰিকল, পুৰৈশাক, পটল, গাখীৰ, আমলখি, পুৰণি কোমোৰা, মটৰমাহ, ডালিম, শিলিখা আদি উপকাৰী বস্তু। বিড়ি, চিগাৰেট, তামোল, ধঁপাত, মাদকদ্ৰব্য, ড্ৰাগছ্ খোৱা নিষেধ। কামোত্তেজনাৰ বাবে হিষ্টেৰিয়া হ’লে, বিবাহৰ পাছত আৰোগ্য হোৱা দেখা যায়।।

উন্মাদ ৰোগ

মানসিক অসুস্থতাৰ ৰোগ। স্নায়বিক দুৰ্বলতাৰ কাৰণেও উন্মাদ হ’ব পাৰে। বংশগতভাৱেও এই ৰোগ হোৱা দেখা যায়।

ৰোগৰ লক্ষণ

মানসিক ভাৰসাম্য হেৰুৱায়। মগজুৰ স্থিৰতা নাথাকে। ভুল বকে আৰু শাৰীৰিকভাৱে বৰ দুৰ্বল হয়।

চিকিৎসা

কোমোৰাৰ গুটি ৪-৬ টা বটি মৌৰ লগত খালে উপকাৰ হয়।

পালেং শাকৰ ৰস ১৫০ মিলিলিটাৰ দৈনিক এবাৰকৈ কিছুদিন খালে উপকাৰ হয়।

ব্ৰাহ্মী শাকৰ ৰস ৫০ মিলিলিটাৰ, কুড়ৰ চূৰ্ণ ২০ গ্ৰাম আৰু মৌ ১২ মিলিলিটাৰ (৩ চামুচ) মিহলাই দিনত এবাৰকৈ একেৰাহে কিছুদিন খালে উন্মাদ ৰোগ আৰোগ্য হয়। ইয়াত ব্ৰাহ্মী শাকৰ পৰিৱৰ্তে মানিমুনি শাকো ব্যৱহাৰ কৰিব পাৰি।

সৰ্পগন্ধাৰ শিপাৰ চূৰ্ণ ২০ গ্ৰাম আহাৰ খোৱাৰ পাছত (আধা ঘণ্টা) খালে উন্মাদ ৰোগ ভাল হয়।

পথ্যাপথ্য

পুৰণি ঘিউ, নাৰিকল, বেল, মগুমাহৰ দাইল, গাখীৰ, ছালকুঁৱৰীৰ ৰস উপকাৰী। গৰম উত্তেজক বস্তু, জলকীয়া, বিড়ি, চিগাৰেট, মাদকদ্ৰব্য, ড্ৰাগছ্, উৰহী আদি খোৱা নিষেধ। এই ৰোগত পানী বেছিকৈ খাব নালাগে।

অত্যধিক ক্ৰোধ

মানুহ মাত্ৰেই ক্ৰোধ বা খং থকাটো স্বাভাৱিক। কিন্তু অতি বেছি হ’লে, কেৱল উত্তেজনাতে থাকিব খুজিলে সিও এক ৰোগৰে লক্ষণ হয়। ই এক মস্তিষ্কৰ বিকাৰ আৰু স্নায়বিক দুৰ্বলতাৰ বাবে হোৱা ৰোগ।

ৰোগৰ লক্ষণ

ক্ৰোধৰ বশৱৰ্তী হৈ স্ত্ৰী আৰু ল’ৰা-ছোৱালীক গালি দিয়ে, চিত্কাৰ কৰে, মাৰ-ধৰ কৰে, বয়-বস্তু ভাগে বা বাচন-পত্ৰ দলিয়াই পেলায়। সকলোতে উত্তেজিত স্বভাৱ প্ৰদৰ্শন কৰে। এইবোৰো এক প্ৰকাৰ ৰোগৰে (মানসিক) লক্ষণ। ঔষধ খালে স্বভাৱৰ পৰিৱৰ্তন হয়।

চিকিৎসা

মিঠা আপেলত এনেকুৱা বস্তু আছে যাৰ ফলত ক্ৰোধ সম্বৰণ হয়। ৰাতিপুৱা খালী পেটতে এটা মিঠা আপেল পৰিষ্কাৰকৈ ধুই লৈ বাকলি সহিতে লাহে লাহে, চোবাই চোবাই খালে অত্যধিক ক্ৰোধ প্ৰশমিত হয়। যাৰ মস্তিষ্ক আৰু স্নায়ু দুৰ্বল, ছাত্ৰ-ছাত্ৰীৰ মুখস্থ শক্তি নাথাকে, ৰাতিপুৱা পঢ়িলে আবেলিলৈ পাহৰি যায় বা আবেলি সন্ধ্যা পঢ়িলে ৰাতিপুৱালৈ পাহৰি যায়, তেনে অৱস্থাত খালী পেটতে আপেল চোবাই চোবাই খাবলৈ দিয়ক, কথাবোৰ মনত থকা হ’ব। মস্তিষ্কৰ দুৰ্বলতা, স্নায়বিক দুৰ্বলতা দূৰ হ’ব।

প্ৰতিদিনে ১-২ চামুচ আমলখিৰ মোৰব্বা খালেও বিশেষ ফল পোৱা যায়।

শৰীৰৰ মেৰুমজ্জা আৰু তাৰ সৈতে সংযোজিত সিৰৰ ৰোগ

স্নায়বিক প্ৰণালীৰ মগজু আৰু মেৰুমজ্জাই হ’ল কেন্দ্ৰস্থল। মেৰুমজ্জা হৈছে মেৰুদণ্ডৰ আশ্ৰয়েৰে মগজুৰ মেডুলা অবলংগটাৰ পৰা তললৈ নামি যোৱা মোটা (আকাৰত ডাঙৰ) সিৰডাল, যিডালে ৰাজহাড়ৰ ভাৰ্টেব্ৰাবোৰৰ মাজেৰে পাৰ হৈ ৰাজহাড়ৰ শেষাংশলৈ গৈছে আৰু মাজখণ্ডত ভাৰ্টেব্ৰাবোৰত থকা ফুটাৰে ঠাল-ঠেঙুলি উলিয়াই শৰীৰৰ বিভিন্ন অংশলৈ পঠাইছে। ৰাজহাড় বা মেৰুদণ্ডৰ নেজাংশত মেৰুমজ্জা বা স্পাইনেল কৰ্ডডাল দুভাগ হৈ দুয়োখন ভৰিৰ কৰঙণৰ কাষেৰে নামি গোৰোহালৈ গৈছে আৰু তাৰ পৰা ঠাল-ঠেঙুলি ভৰি পতাৰ বিভিন্ন অংশলৈ পঠাইছে।

আমাৰ ৰাজহাড়ডাল (মেৰুদণ্ড) এডাল হাড় নহয়। গলৰ পৰা গুহ্যদ্বাৰৰ ওপৰলৈ মুঠ ৩৩ ডাল পৃথক পৃথক হাড়ৰ গাঠিৰে (কাপৰ দৰে) ৰাজহাড় ডাল গঠিত বা সংযোজিত। এই বাটিবোৰৰ মাজেদি ফুটা আছে আৰু তাৰ মাজেদি মেৰুমজ্জাডাল পাৰ হৈ যায় আৰু কাষেৰে ছেণ্সৰী নাৰ্ভ আৰু মটৰ নাৰ্ভবোৰ হাত, পিঠি আদিৰ বিভিন্ন অংশলৈ যায়। তেনেকৈ কৰঙণ আৰু ভৰি পতালৈও বিয়পি আছে।

এই বাটিবোৰক ভাৰ্টেব্ৰা বোলে আৰু দুটা ভাৰ্টেব্ৰাৰ মাজত বিস্কুটৰ আকাৰৰ একোখন কুছন দিয়া আছে। এইবোৰক ‘ভাৰ্টেব্ৰেল ডিস্ক’ বোলে। এই ভাৰ্টেব্ৰা, গলৰ খণ্ডতে ৭ টা আছে। তাৰ তলৰ পিঠিৰ অংশত ১২ টা, তাৰ তলত লাম্বাৰ অংশত ৫ টা, ইয়াৰ তলত ৫ টা আৰু তাৰ তলৰ নেজৰ নিচিনা অংশত ৪ টা মুঠ ৩৩ টা ভাৰ্টেব্ৰাৰে ৰাজহাড়ডাল গঠিত। এইবোৰৰ বাবেই আমি গাটো একা-বেকাঁকৈ লৰাব-চৰাব পাৰোঁ।

বিভিন্ন কাৰণত ভাৰ্টেব্ৰাৰ মাজেৰে ওলাই যোৱা নাৰ্ভ বা সিৰবোৰত চেপা লাগিব পাৰে। ভাৰ্টেব্ৰেল ডিস্কবোৰ লৰ-চৰ হ’ব পাৰে, ক্ষয় যাব পাৰে। ফলত কোনো সিৰত যদি চেপা লাগি ধৰে সেই ঠাইত বিষ হয়। এইবোৰ বিষ সাধাৰণতে বয়স হ’লেই হয়। বহু বছৰ ধৰি ভাৰ্টেব্ৰাবোৰ লৰ-চৰ কৰি থাকোঁতে এই পৰিস্থিতিৰ উদ্ভৱ হয়।

গল আৰু পিঠিৰ ঠৰঙা অৱস্থা বা স্পনডিলাইটিছ ৰোগ

গলৰ অংশৰ ভাৰ্টেব্ৰাবোৰৰ (৭ টাৰ) তলৰ তিনিটাক চাৰভাইকেল ভাৰ্টেব্ৰা বোলে। কেতিয়াবা বিশেষকৈ এই তিনিটা ভাৰ্টেব্ৰাৰ ভাৰ্টেব্ৰেল ডিস্ক কোনোবাটো একাষৰীয়া হৈ যোৱাৰ ফলত বা ডিস্ক ক্ষয় যোৱাৰ ফলত অথবা সেই ভাৰ্টেব্ৰাৰ হাড় বৃদ্ধি হোৱাৰ ফলত সেই ভাৰ্টেব্ৰাৰ মাজেৰে ওলাই অহা সিৰত হেঁচা পৰে বা চেপা লাগে। ফলত তাত বিষ হয়। তাৰ মাংসপেশীও ফুলিব পাৰে। গলত, কান্ধত, পিঠিত বিষ অনুভৱ হয়। ইয়াকেই স্পনডিলাইটিছ বোলে। লিখা-পঢ়া কৰোঁতে বহাৰ দোষতো এই ৰোগ হয়।

ৰোগৰ লক্ষণ

গল, কান্ধ, পিঠিত বিষ হয়। গল আৰু কান্ধৰ ওচৰত ফুলিও উঠিব পাৰে। কেতিয়াবা গলটো লৰাব-চৰাব নোৱৰা হয়। গলটো পোনাই ৰাখিব নোৱৰাও হ’ব পাৰে। গলৰ, কান্ধৰ বিষ কেতিয়াবা বাহুলৈ সম্প্ৰসাৰিত হয়। হাতৰ কনিষ্ঠা আঙুলিটো টিং টিং কৈ বিষাব পাৰে। এই ৰোগৰ জটিল অৱস্থাক এনকিল’টিং স্পনডিলাইটিছ বোলে। এই অৱস্থাত গোটেই ৰাজহাড়ডালেই জঠৰ হৈ পৰে। শৰীৰটো ইফালে-সিফালে হলাব নোৱৰা হয়।

চিকিৎসা

চাৰভাইকেল ভাৰ্টেব্ৰাৰ বৃদ্ধিৰ বাবে বিষ হ’লে এক্সৰে ফটো লৈ ধৰিব পাৰি। হাড় বৃদ্ধি হ’লে স্পনডিল’ছিছ হোৱা বুলি কয়। তেতিয়া শল্য চিকিৎসাৰ দ্বাৰা অপাৰেছন কৰি আৰোগ্য কৰিব লগা হয়। বৃদ্ধি হোৱা হাড়ৰ অংশ কাটি সিৰডাল মুকলি কৰি দিলে বিষ দূৰ হয়।

যদি ভাৰ্টেব্ৰেল ডিস্ক লৰ-চৰ হৈ বা ক্ষয় গৈ সিৰ চেপা খাই হয় তেতিয়া অপাৰেছন নকৰাকৈও ভাল হ’ব পাৰে। গলটো (মূৰটো) পোনাই ৰাখিব নোৱৰা হ’লে, মূৰটো ধৰি ৰখা কলাৰ্ছ (এবিধ আহিলা) ব্যৱহাৰ কৰিলে আৰাম পোৱা যায়। চিকিত্সকৰ উপদেশমতে ল’ব লাগে।

স্পনডিলাইটিছৰ যিকোনো অৱস্থাতে নহৰু ৪ কোঁহ (বাকলি গুচাই), ৬ চামুচ (৩০ মিলিলিটাৰ) সৰিয়হৰ তেল আৰু আধা চামুচ যনী সকলো মিহলাই গৰম কৰক। যনীবোৰ ক’লা হৈ উঠিলে তেল জুইৰ পৰা নমাই থৈ অলপ ঠাণ্ডা হ’লে ছেকি লওক। এই তেল অলপ অলপ গৰম কৰি বিষ থকা ঠাইত মালিছ কৰক, আৰাম পাব। এই তেল গাৰ যিকোনো ঠাইৰ বিষতো মালিছ কৰিব পাৰে, উপকাৰ হয়।

ৰোগীৰ যিমান বয়স সিমানটা মিথি গুটি খালী পেটতে চোবাই খালেও বিষ কমিব। ছায়েটিক নাৰ্ভ আৰু অন্য যিকোনো জোৰাৰ বিষতো খাব পাৰে, উপকাৰ হ’ব। আবেলি খালে পানী অলপ খাব।

কিন্তু সিৰৰ বিষৰ নিশ্চিত নিবাৰণৰ উপায় হৈছে কচৰত, যোগাসন। সদায় যদি কিছুমান কচৰত কৰিবলৈ লোৱা হয়, এই অসুবিধাবোৰ আৰু গলৰ, কান্ধৰ জঠৰতা আৰু বিষ-যন্ত্ৰণা দূৰ হৈ যায়। ভৱিষ্যতেও হোৱাৰ ভয় নাথাকে। অৱশ্যে ৰোগ বেছি হৈ গ’লে কচৰত কৰিব নালাগে, তেতিয়া বেছি ক্ষতি হোৱাৰহে ভয় থাকে। কিন্তু কচৰতবোৰ এইবোৰ ৰোগক বাধা দি নোহোৱাকৈ ৰখাৰ বাবে উত্তম উপায়। স্পনডিলাইটিছ ৰোগৰ আৰম্ভণিতে কচৰতবোৰ কৰিলে সেই ৰোগৰ পৰাও আৰোগ্য লাভ হয়। লক্ষণবোৰ নোহোৱা হয়। কচৰতবোৰ তলত দিয়া ধৰণে কৰিব লাগে।

কচৰত বা অংগ-চালনাৰ পদ্ধতিঃ

(১)হাত দুখন মূৰৰ দুয়ো কাষেৰে ওপৰলৈ তুলি পোনাই থিয় হওক। উশাহ এৰক আৰু আগৰ ফালে মূৰটো তললৈ হলাই নি দুয়ো হাতৰ আঙুলিৰে, সোঁহাতৰ আঙুলিৰে সোঁপালৰ আৰু বাঁওহাতৰ আঙুলিৰে বাঁওফালৰ ভৰিৰ বুঢ়া আঙুলিত খামুচি ধৰক। এতিয়া উশাহ লওক আৰু উশাহৰ লগে লগে এক দুই কৈ বাৰলৈ গণক। মূৰটো পাৰিলে আঁঠুত লগাবলৈ চেষ্টা কৰিব। নোৱাৰিলেও নাই। উশাহ লৈ লৈ মূৰ আৰু হাত পূৰ্বৰ অৱস্থালৈ আনক। এই কচৰতটো ৫ বাৰ কৰক। এইবাৰ আকৌ আগৰ দৰে হাত ওপৰলৈ নি পিঠিৰ ফালে হলাই দিয়ক। পাৰিলে হাতৰ আঙুলিৰে ভৰিৰ গোৰোহা বা মাটি চুবলৈ চেষ্টা কৰক, নোৱাৰিলে নাই। সেই অৱস্থাত, যি অৱস্থালৈ আপুনি হালিব পাৰে তাতে ৰওক, সংখ্যা ১২ লৈ গণক আৰু উশাহ লৈ হাত মূৰ আগৰ অৱস্থালৈ আনক। এইয়া আগৰ ফালে আৰু তাৰ বিপৰীত পিঠিৰ ফালে ৰাজহাড় হলাই কৰা এবিধ কচৰত সম্পূৰ্ণ হ’ল।

(২)আকৌ আগৰ দৰে হাত মূৰত লগাই ওপৰলৈ তুলি থিয় হওক। সোঁহাতৰ আঙুলিৰে বাঁওহাতৰ আঙুলিবোৰ খামুচি ধৰক। উশাহ এৰি এৰি হাত দুখন তেনেকৈ ৰাখিয়ে বাঁওফালে হালক, মূৰটো যিমান পাৰে তললৈ নমাওক। উশাহ লওক, ১২ লৈ গণক আৰু আগৰ অৱস্থালৈ ঘূৰি আহক। আকৌ উশাহ এৰক আৰু সোঁফালে যিমান পাৰি তললৈ হালি যাওক। উশাহ লওক, ১২ লৈ গণক আৰু উশাহ লৈ আগৰ অৱস্থালৈ আহি হাত নমাই আনক। এইবাৰ বাঁওফালে, সোঁফালে হলাই অন্যটো কচৰত কৰা হ’ল।

এতিয়া ওপৰত অংগ সঞ্চালনৰ যিবোৰ স্থিতি বা পজিছন ব্যাখ্যা কৰা হ’ল এইবোৰ হৈছে শুদ্ধ মাত্ৰাৰ স্থিতি বা পজিছন। আপুনি পাৰিলে সম্পূৰ্ণ পজিছন লৈ অংগ সঞ্চালন কৰি কচৰত কৰিব, নোৱাৰিলেও নাই। আৰম্ভণিতে ৰাজহাড় ভাজ লগাটোৱেই কচৰত কৰা হ’ব। কেইমাহমানৰ পাছলৈ দেখিব এইবোৰ সহজ হৈ পৰিছে। ৰাজহাড়ডাল ভাজ লগাব খোজাটোৱেই ৰাজহাড়ৰ বাবে উপযোগী কচৰত। ইয়াৰ পাছত তলত দেখুওৱা ধৰণে প্ৰাণায়াম এটি কৰিব।

(৩)পদ্মাসনত বহক। উশাহ লৈ লৈ মূৰটো ওপৰলৈ ঘূৰাওক। ঠিক মূৰৰ ওপৰৰ আকাশখনলৈ চাওক। উশাহ সম্পূৰ্ণ কৰক। ১২ লৈ গণক আৰু তললৈ মূৰ ঘূৰাওক, নিশাহ ৰাখি ৰাখি এৰক (একে লেঠাৰিয়ে নহয়) আৰু মূৰটো তলৰ ফালে নি থুঁতৰিটো গলৰ তলৰ বুকুৰ ওচৰত লগাবলৈ চেষ্টা কৰক, লগতে নিশাহ ত্যাগ কাৰ্যও সম্পূৰ্ণ কৰিব। উশাহ লৈ মূৰ ওপৰলৈ উঠাওঁতে ১ আৰু নিশাহ এৰি থঁতৰি গলত লগাওঁতে ২, তেনেকৈ গণক আৰু ৩০ সংখ্যা বা তাতোকৈ যিমান পাৰে বেছিকৈ গণি প্ৰাণায়ামটো কৰক। ইয়াৰ উপৰিও সৰ্বাংগাসন, মত্স্যাসন, উষ্ট্ৰাসন, শশাংগাসন কৰক। স্পনডিলাইটিছ বা গল বা পিঠিৰ বিষ দূৰ হ’ব। কিন্তু অসুখ গুৰুতৰ ধৰণৰ হ’লে চিকিত্সকৰ সহায় ল’ব লাগিব। হয়তো অপাৰেছনৰ আৱশ্যক হৈ যাব পাৰে। সাধাৰণ অসুখ হ’লে ইয়াতেই আৰোগ্য লাভ কৰিব। এইবোৰ কচৰত কৰি থকা লোকৰ স্পনডিলাইটিছ কোনো দিনেই হ’ব নোৱাৰে। আমাৰ দৈনন্দিন কাৰ্যাৱলী কৰোঁতে আমি সদায় মূৰটো আগৰ ফালে হলাইয়ে থাকোঁ, সেয়েহে বয়স বাঢ়ি বাৰ্ধক্যকাল পালে মূৰটো আগৰ ফালে হালি পিঠিত ভাঁজ লাগিব খোজে। গতিকে বিপৰীত ধৰণৰ কাৰ্য, এই কচৰতবোৰ কৰিলে, ৰাজহাড়ত থকা অবিৰত হেঁচা কিছু পৰিমাণে কমে, ৰাজহাড়ে সকাহ পায়। দুটা, তিনিটা বা বৰ ডাঙৰ গাৰু মূৰত লৈ শুব নালাগে। তেতিয়া দেখাত আৰাম যেন লাগিলেও ভাৰ্টেব্ৰাবোৰত জোৰহে পৰে। টান বিছনাত শুব লাগে। গাৰু নল’লে আৰু ভাল।

কান্ধ আৰু হাতৰ বিষ

ই মধ্যবয়সৰ লোকৰ প্ৰায় সকলোৰে সমস্যা। ই স্পনডিলাইটিছ ৰোগৰ দৰে কঠিন নহয় যদিও কিছু কষ্ট আৰু আমনিৰ সৃষ্টি কৰে। ই সিৰৰ দুৰ্বলতাৰ কাৰণে হয়।

ৰোগৰ লক্ষণঃ কিছুমানে আপত্তি কৰে যে তেওঁলোকে হাত এখন বেছি ওপৰলৈ উঠাব নোৱাৰে, কান্ধ বিষায় আৰু কোনোবাই হয়তো কৈছে যে তেওঁ সোঁহাতখন বা বাঁওহাত লৰ-চৰ কৰিবকে নোৱাৰে, কান্ধ বিষায়।

চিকিৎসা

নহৰু ৪ কোঁহ (বাকলি গুচাই ল’ব), ৬ চামুচ সৰিয়হৰ তেল আৰু আধা চামুচ যনী, সকলোবোৰ মিহলাই গৰম কৰি যনীবোৰ কলা পৰিলে জুইৰ পৰা নমাই বটলত ভৰাই থওক। সামান্য গৰম কৰি বিষোৱা ঠাইত মালিছ কৰক। বিষ কমিব। কিন্তু নিশ্চিত আৰোগ্য লাভৰ বাবে তলৰ কচৰতবোৰ কৰক।

কচৰত

পোনাই থিয় হওক। ভৰিৰ পতা দুখন কিছু আঁতৰত ৰাখি, হাত দুয়োখন কান্ধৰ সমানে চিধাকৈ টানি ধৰক। আঙুলিবোৰ লগ লগাই পোনাই মেলি দিয়ক। দুয়োখন হাত, আঙুলিৰ আগলৈ মাটিৰ পৰা সমান্তৰালভাৱে থাকিব। দুয়োখন ভৰি কিছু আঁতৰত ৰাখিব। এতিয়া দুয়োখন হাত সেই অৱস্থাৰে আঙুলিৰ ফালে বৃত্তাকাৰে (ক্লকওৱাইজ, সোঁফালৰ গতিত) ঘূৰাওক। কান্ধৰ ওচৰৰ বাহুৰ গুৰি বৰকৈ নলৰে কিন্তু আঙুলিৰ আগ এটা বৃত্তৰ পৰিধিত ঘূৰিব। অৰ্থাত্ মধ্যমা আঙুলিৰ আগটো যদি পেণ্সিল হ’লহেঁতেন, আৰু ই যদি এখন কাগজত ঘঁহনি লগাই ঘূৰিলেহেঁতেন তাত এটা বৃত্ত অংকিত হলহেঁতেন। তেনেকৈ ১৫ বাৰ ঘূৰাওক। তাৰ পাছত বিপৰীত গতিত (এণ্টি ক্লকওৱাইজ, বাঁওফালৰ গতিত) ১৫-২০ বাৰ ঘূৰাওক। দুয়োফালে সমান সংখ্যাত ঘূৰাব।

কেই ছেকেণ্ডমান জিৰাওক। আগৰ দৰে থিয় হওক। এতিয়া বৃত্তটো ডাঙৰকৈ হাত-বাহু ঘূৰিব পৰা বহল পৰিধিত ঘূৰাওক। তেনেকৈ প্ৰথমে ক্লকওৱাইজ ১২-২০ বাৰ আৰু পাছত এণ্টি ক্লকওৱাইজ সিমানবাৰ ঘূৰাওক।

ইয়াৰ পাছত হাত দুয়োখনৰ এবাৰ ইখন, পাছৰবাৰ সিখনকৈ মুঠি মাৰি লৈ ঘুচিয়াওক। ৫ বাৰকৈ ঘুচিয়াওক। ঘোচা জোৰকৈ মাৰিব যাতে হাতত বল প্ৰয়োগ হয়।

এই কচৰতবোৰ প্ৰথমতে লাহে লাহে আৰম্ভ কৰক। প্ৰথমতে বৰ জোৰ প্ৰয়োগ কৰিব নোৱাৰিলে পাছলৈ বঢ়াব। তেতিয়া হাতৰ সিৰবোৰৰ ইলাষ্টিচিটি (বাঢ়ি দীঘল হোৱা ক্ষমতা) বাঢ়িব। ৩-৪ দিন এই কচৰত কৰাৰ পাছতে বিষ নোহোৱা হ’ব। সপ্তাহত মাজে মাজে ৪-৫ দিন কৰি থাকিলে আৰু কোনোদিনেই এই অসুখ নহয়।

কঁকালৰ বিষ

মধ্যবয়সীয়া আৰু বয়সিয়াল লোকৰ কঁকালৰ বিষ এটা সততে দেখা দিয়া অসুখ। পিঠিৰ ফালে কঁকালৰ উপৰভাগত বেদনা প্ৰায় সকলো লোকেই অনুভৱ কৰে বুলি ক’লেও বোধহয় বেছি কোৱা নহয় বিশেষকৈ বয়সিয়াল লোকৰ ক্ষেত্ৰত। ইয়াক লাম্বাৰ পেইন বুলিও কোৱা হয়। স্পনডিলাইটিছ ৰোগৰ বিষয়ে কওঁতে ওপৰত, ৰাজহাড়ডাল, ইয়াৰ ভাৰ্টেব্ৰাবোৰ, ইয়াৰ ইণ্টাৰ ভৰ্টেব্ৰেল ডিস্কবোৰ আৰু স্পাইনেল কৰ্ডৰ বিষয়ে আলোচনা কৰি আহিছোঁ। বয়সিয়াল লোকৰ ক্ষেত্ৰত, লাম্বাৰ ভাৰ্টেব্ৰাৰ তলত যি ৫ টা (ইয়াক ছেক্ৰাল ভাৰ্টেব্ৰা বা হিপ ভাৰ্টেব্ৰাও বোলে) আৰু এই ৫ টাৰ তলত ৰাজহাড়ৰ নেজাংশত (ইয়াক ককিজিয়েল বা টেইল-এণ্ড্ ভাৰ্টেব্ৰাও বোলে) যি ৪ টা ভাৰ্টেব্ৰা থাকে এইবোৰ নিজে নিজে মিলি গৈ ছেক্ৰাল ভাৰ্টেব্ৰা ৫ টাৰ ঠাইত এটা আৰু ককিজিয়েল ৪ টা ভাৰ্টেব্ৰাৰ ঠাইত ১ টা হয়গৈ। গতিকে মুঠ ভাৰ্টেব্ৰা ৩৩-ৰ ঠাইত ২৬ হয়গৈ। ই শৰীৰৰ পৰিচালন কাৰ্যাৱলীৰ প্ৰাকৃতিক নিয়মৰ অন্তৰ্ভুক্ত। ৰাজহাড়ৰ ভাৰ্টেব্ৰাবোৰৰ ওপৰত যে কি ধৰণৰ হেঁচা পৰে ইয়াৰ পৰা তাক সহজেই অনুমান কৰিব পাৰি।

কঁকালৰ বিষ হ’লে, লাম্বাৰ ভাৰ্টেব্ৰা বা ছেক্ৰাল ভাৰ্টেব্ৰা অথবা দুয়োবিধ ভাৰ্টেব্ৰাই কিবাভাৱে আক্ৰান্ত হয় অথবা এইবোৰৰ কিবা পৰিৱৰ্তন ঘটে। এই পৰিৱৰ্তন নানা কাৰণত হ’ব পাৰে। কোনো গধুৰ বস্তু তুলিবলৈ গৈ হঠাত্ কঁকালত লগা জোকাৰণিৰ ফলতো ভাৰ্টেব্ৰা আঘাতপ্ৰাপ্ত হ’ব পাৰে। অথবা চকীত বহোঁতে অৱস্থানভংগীৰ দোষত ভাৰ্টেব্ৰাত আঘাত লাগিব পাৰে। এই ঠাইৰ কোনো ভাৰ্টেব্ৰাৰ বৃদ্ধি বা স্পনডিল’ছিছ অসুখৰ বাবেও কঁকালৰ বিষ হ’ব পাৰে। স্পনডিল’ছিছ হ’লে এক্সৰে ফটো ল’লে জানিব পৰা যায় আৰু সেইমতে আৱশ্যকীয় চিকিৎসা-ব্যৱস্থা ল’ব পৰা হয়। কঁকালৰ বিষ আকৌ ভাৰ্টেব্ৰাক আৱৰি থকা মাংসপেশীৰ বাত বিষ বা বাতজনিত গাঁঠি বিষৰ বাবেও হ’ব পাৰে। অথবা হাড়ৰ অন্য কোনো ৰোগ থাকিলে, ৰাজহাড়ৰ তলত ফোঁহা বা টিউমাৰ থাকিলে বা ভাৰ্টেব্ৰেল ডিস্ক একাষৰীয়া হ’লে বা ডিস্কৰ অৱনত অৱস্থাপ্ৰাপ্ত হ’লেও কঁকালৰ বিষ হয়। সি যি কি নহওক অসুখ বাঢ়ি বেছি হ’লে কঁকালৰ অঞ্চল জঠৰ হ’ব খোজে, বিষ বেছি হয় আৰু লৰ-চৰ কৰাত কষ্ট হয়। এই অসুখত আক্ৰান্ত লোকে সেয়েহে সাৱধানে, লাহে লাহে খোজ কাঢ়িবলৈ বাধ্য হয়।

বিষ সাধাৰণতে জিৰণি ল’লে আৰু বিষ খোৱা ঔষধ অৰ্থাত্ এনালজেছিক জাতীয় ঔষধ খোৱাৰ পাছত কমে। কিন্তু অসুখ বেছি হ’লে ৰোগী সম্পূৰ্ণ ‘বে’ডৰেষ্ট’ত থাকিব লাগে আৰু টান বিছনাত ৰাজহাড়ডাল পোন হৈ সমানে পৰি থকাকৈ শুব লাগে। বহোঁতে, থিয় হওঁতে, লৰ-চৰ কৰোঁতে ৰাজহাড়ত যাতে জোৰ নপৰে তেনে শুদ্ধ স্থিতি অৱলম্বন কৰিব লাগে। চিকিৎসা খোৱা ঔষধ, ট্ৰেকছন্ আদিৰেই কৰা হয়। যদি এইবোৰত কাম নহয় শল্য চিকিত্সকে অপাৰেছন কৰি নাৰ্ভ আৰু ভাৰ্টেব্ৰাৰ জঁট আঁতৰাই দিয়ে। পিছলি ওলাই যোৱা ভাৰ্টেব্ৰেল ডিস্কৰ অনাৱশ্যক অংশ কাটি, টিউমাৰ আদি থাকিলে, ভাৰ্টেব্ৰাত কোনো জখম আদি থাকিলে অপাৰেছনৰ দ্বাৰা সেইবোৰ চাফ কৰি দিয়া হয়। কিন্তু এইবোৰ বৰ জটিল পৰিস্থিতি আৰু ব্যয়বহুল কাম। ৰাজহাড়ৰ কচৰত আৰু মালিছ, কঁকালৰ বিষ আৰু সাধাৰণ জঠৰতা বা ‘ষ্টিফনেছ’ গুচোৱাত বিশেষভাৱে সহায়ক হয়। অসুখৰ আৰম্ভণিতে নিয়মিতভাৱে সদায় কিছুমান কচৰত কৰিলে ৰোগ আৰু নাবাঢ়ে, সম্পূৰ্ণ আৰোগ্য হয় আৰু ভৱিষ্যতেও এই ৰোগ হৈ জটিল অৱস্থা সৃষ্টি কৰাৰ ভয় আৰু নাথাকে।

চিকিৎসা

ৰাতি ৬০ গ্ৰাম গম পানীত তিয়াই থওক। ৰাতিপুৱা এই ভিজোৱা গমৰ সৈতে ৩০ গ্ৰাম খচ্ খচ্ (নলখাগৰি জাতীয় গছৰ গুটি) আৰু ৩০ গ্ৰাম ধনিয়া মিহলাই বটি লওক। পাছত গাখীৰত সিজাই পায়সৰ দৰে কৰি লওক আৰু এই পায়স ১-২ সপ্তাহ প্ৰতিদিনে ১ বাৰকৈ নিয়মিভাৱে খালে কঁকালৰ বিষত আৰাম পাব। নাইবা,

কেৱল খচ্ খচ্ আৰু মিছিৰি মিহলাই গুড়ি কৰি লৈ ২ চামুচকৈ দিনত দুবাৰকৈ খালেও উপকাৰ পাব। এই ঔষধ খোৱাৰ পাছত অলপ গাখীৰ (একাপমান) খাব।

ৰাতিপুৱাই উঠি চাহপানী খোৱাৰ আগতেই এগিলাচ গৰম পানীত ১ চামুচ মৌ বা গ্লুক’জ মিহলাই খাওক, আৰাম পাব।

প্ৰতিদিনে খালী পেটত ৩-৪ টি আখৰোটৰ ভিতৰৰ অংশ চোবাই খালেও উপকাৰ হয়। ১-২ সপ্তাহ খাব লাগে। ইয়াৰ ফলত কঁকালৰ বিষ, আঁঠুৰ বিষ, বাত বিষ আদি ৰোগত উপকাৰ হয়।

গৰম পানীত ৪ টা তুলসীৰ পাত অথবা এলাচি ডাঙৰ হ’লে ১ টা আৰু সৰু হ’লে ২ টা বটি মিহলাই খালেও কঁকালৰ বিষত আৰাম পায়।

কঁকালৰ বিষত তাৰপিন তেল মালিছ কৰিলেও আৰাম পোৱা যায়।

গৰম সেক দিলেও কঁকালৰ বিষ কমে।

সহ্য কৰিব পৰাকৈ অংগসঞ্চালন কৰিলে, খোজ কাঢ়িলে কিছু আৰাম পোৱা যায়। কিন্তু কঁকালৰ বিষ জটিল হৈ উঠাৰ আগতেই কিছুমান কচৰত আৰু যোগাসন কৰিলে এই ৰোগৰ পৰা সম্পূৰ্ণ আৰোগ্য হ’ব পাৰি বুলি আমি আগতে উল্লেখ কৰিছোঁ। এই কচৰতবোৰ কৰাৰ পদ্ধতিবোৰ তলত দেখুওৱা হ’ল।

কঁকালৰ বিষত অংগসঞ্চালন পদ্ধতিঃ গল আৰু পিঠিৰ বিষত উল্লেখ কৰা কচৰত নং ১ আৰু ২ নিয়মিতভাৱে সদায় অভ্যাস কৰক। তাৰ উপৰিও ভুজংগাসন আৰু নৌকাসন কৰিব। তাৰ বাবে এই ধৰণে আৰম্ভ কৰকঃ

(১)মাটিত ডাঠ কাপোৰ বা কম্বল পাৰি লওক। পকা ভেটিকো ইয়াত মাটি বুলিয়ে ধৰা হৈছে। অৰ্থাত্ পালেং বা বিছনাত নহয়। বুকুখন, নাকটো মাটিত লগাই দীঘল হৈ শুই পৰক। এইবোৰ মাটি মানে অভিধানৰ অৰ্থ মতে মাটি নহয়। কাপোৰৰ ওপৰত বুকুখন থাকিলেও মাটিত থকা বুলিয়ে বুজিব। মাটিত মানে, মাটি আৰু আকাশৰ প্ৰভেদ। ভৰিৰ বুঢ়া আঙুলিও মাটি চুই থাকিব। এতিয়া নিশাহ এৰক আৰু লাহে লাহে মূৰটো উঠাই ওপৰলৈ চাওক। হাতৰ তলুৱাৰে মাটিত হেঁচা দি মূৰটো যিমান পাৰে পাছলৈ ঘূৰাই আপোনাৰ মূৰৰ ওপৰৰ আকাশৰ অংশটোলৈ চাওক। উশাহ লওক। এক, দুই কৈ ১২ সংখ্যালৈ গণক। মূৰটো তললৈ নমাওক আৰু সোঁফালৰ কুমটো মাটিত লগাই মূৰটো থওক। এনে ধৰণে ৫ বাৰ কচৰত্ কৰক। প্ৰথমবাৰ মূৰটো নমাই সোঁগালখন মাটিত থওক। দ্বিতীয়বাৰ মূৰটো নমাই আনি বাঁও গালখন মাটিত থওক। তেনেকৈ এবাৰ ইফালে এবাৰ সিফালে মুখখন ঘূৰাই কচৰতটো ৫ বাৰ কৰক। হঠযোগ মতে ইয়াৰ নাম ভুজংগাসন। ইয়াৰ পাছত নৌকাসন কৰাৰ আগতে এবিধ লিংকিং কচৰত কৰক।

(২)আকৌ আগৰ দৰে মাটিত নাক-মুখ লগাই ভৰি সটানকৈ লৈ শোৱক। সোঁগালখন মাটিত লগাওক। হাত দুখন মুঠি মাৰি ধৰি, গাৰ দুয়োকাষে ৰাখি মাটিত হেঁচা প্ৰয়োগ কৰক আৰু বাঁও ভৰিখনেৰেও মাটিত হেঁচা দি সোঁ ভৰিখন উঠাওক। এক দুই কৈ ১২ সংখ্যালৈ গণক। ভৰিখন নমাই আনক। এই কচৰতটো ৫ বাৰ কৰক। তাৰ পাছত আকৌ বাঁও ভৰিখন একে ধৰণে যিমান পাৰি ওপৰলৈ উঠাওক। ১২ সংখ্যালৈ গণক। এইবাৰ দুয়োখন হাতৰ সৈতে সোঁ ভৰিখনেৰে মাটিত হেঁচা প্ৰয়োগ কৰিব। ভৰিখন নমাই আনক। উশাহ-নিশাহ সুবিধামতে লৈ থাকিব। ভৰি উঠাওতে নিশাহ এৰিব। এইযা নৌকাসনলৈ সংযোজন কচৰত সম্পূৰ্ণ হ’ল। ইয়াক একপদ শলভাসন বুলিবও পাৰি।

(৩)আকৌ মাটিত পেট আৰু বুকু লগাই শুই পৰক। ভৰি সটানকৈ ৰাখিব। হাত দুয়োখন মুঠি মাৰি লৈ গাৰ দুয়োকাষত ৰাখক। এতিয়া নিশাহ এৰি মূৰ আৰু ভৰি ওপৰলৈ উঠাওক। এই অৱস্থাত উশাহ লৈ থাকিব নোৱাৰিলে নাই। এক দুই কৈ ১২ সংখ্যালৈ গণক। মূৰ, ভৰি নমাওক। সাধাৰণ অৱস্থাতে লোৱাৰ দৰে উশাহ-নিশাহ লওক। শৰীৰটো নৌকাৰ দৰে ভাঁজ লয় বাবে কোনো কোনোৱে এই কচৰতটোক নৌকাসন বোলে। এই আসনটো ৫ বাৰ কৰক।

ইয়াৰ লগতে সৰ্বাংগাসন, মত্স্যাসন, উষ্ট্ৰাসন আৰু শশাংগাসনো কৰিব পাৰে।

এই আসন আৰু কচৰতবোৰে ৰাজহাড় দোষমুক্ত কৰি ইয়াক সবল কৰি তুলিব। ৰাজহাড়ৰ গাঁঠিবোৰত ইউৰিক এচিডৰ দৰে বিষাক্ত বস্তু থাকিলে সেইবোৰ আঁতৰ কৰিব। ইণ্টাৰ ভাৰ্টেব্ৰেল ডিস্কবোৰক যথাস্থানত ৰাখিব আৰু নাৰ্ভবোৰৰ কিবা জঁট থাকিলে তাক দূৰ কৰিব। অৱশ্যে পৰিপুষ্টিৰ অভাৱ দূৰ কৰিবলৈ মাজে মাজে ভিটামিন এ, ডি আৰু ই-ৰ কেপচুল খাব পাৰি। শৰীৰৰ বাবে লাগতিয়াল পুষ্টিকাৰক খাদ্য সদায় ব্যৱহাৰ কৰিব। কঁকালৰ বিষ থাকিলে গৰম পানীৰে গা ধুব। ঠাণ্ডা লাগিলে (তাপৰ অভাৱত) বিষ বেছি হয়। কঁকালত সহ্য হোৱা গৰম পানী ঢালিব। সহ্য হোৱা মানে আৰাম লগা গৰম পানী ব্যৱহাৰ কৰিব, বেছি গৰমৰো আৱশ্যক নাই।

ছিয়াটিক নাৰ্ভৰ বিষঃ

মেৰুদণ্ডৰ আশ্ৰয়েৰে থকা মগজুৰ সৈতে সংযোজিত মেৰুমজ্জা আৰু তাৰ শাখা-প্ৰশাখাৰ কথা আলোচনা কৰোঁতে আমি ৰাজহাড়ৰ নেজাংশত মেৰুমজ্জা বা স্পাইনেল কৰ্ডডাল দুভাগ হৈ কৰঙণৰ আশ্ৰয়েৰে তললৈ নামি ইয়াৰ শাখা-প্ৰশাখা ভৰি পতালৈ বিস্তৃত কৰিছে বুলি উল্লেখ কৰিছোঁ। দুয়োখন ভৰিৰ কাষেৰে তললৈ নামি যোৱা এই মোটা সিৰ দুডালক ছিয়াটিক নাৰ্ভ বোলে। শৰীৰৰ মোটা বা ডাঙৰ সিৰবোৰৰ ভিতৰত এই দুডালো পৰে। আমাৰ শৰীৰটো লৰাই-চৰাই লৈ ফুৰোৱাৰ সকলো শক্তি এই দুডাল নাৰ্ভৰ ওপৰতে নিৰ্ভৰ কৰে।

এই ছিয়াটিক নাৰ্ভক আৱৰি থকা মাংসপেশীৰ জ্বলনেই ছিয়াটিক ৰোগ বা ছিয়াটিক নাৰ্ভৰ বিষ। মেৰুদণ্ডৰ নেজাংশক ককিক্স বোলে। আমি আগতেই উল্লেখ কৰিছোঁ যে গলৰ অংশত ৭ টা ভাৰ্টেব্ৰা আছে। তাৰ তলত পিঠিত ১২ টা, তাৰ তলত ৫ টা (কঁকালৰ কিছু ওপৰত) আছে। এই পাঁচ টাক লাম্বাৰ ভাৰ্টেব্ৰা বোলে। ইয়াৰ তলত ৫ টা ভাৰ্টেব্ৰা আছে, ইয়াক ছেক্ৰাল ভাৰ্টেব্ৰা বোলে। ইয়াৰ তলত নেজাংশত ৪ টা আছে, ইয়াক ককিজিয়েল ভাৰ্টেব্ৰা বোলে আৰু এই ককিজিয়েল ভাৰ্টেব্ৰাৰ ওচৰৰ পৰা ছিয়াটিক নাৰ্ভ দুডাল ওলাই তললৈ গৈছে। এতিয়া ইণ্টাৰ ভাৰ্টেব্ৰেল ডিস্কৰ বিশেষকৈ নিম্ন লাম্বাৰ অংশৰ বা অলপ তলৰ ছেক্ৰাল ভাৰ্টেব্ৰাৰ (ইয়াক হিপ ভাৰ্টেব্ৰাও বোলে) ডিস্কৰ অৱনত অৱস্থাপ্ৰাপ্ত হ’লে বা বহিৰ্গমন হ’লে অৰ্থাত্ ভাৰ্টেব্ৰাৰ মাজৰ পৰা ওলাই আহিলে বা একাষৰীয়া হৈ কিছু পৰিমাণে ওলালে, যিটোক শ্লিপ ডিস্ক বুলি কোৱা হয়, তেতিয়া ছিয়াটিক নাৰ্ভৰ গুড়িৰ অংশত চেপা খাই ধৰে আৰু ছিয়াটিক নাৰ্ভত বিষ হয়।

ৰোগৰ লক্ষণ

অসুখৰ আৰম্ভণি হঠাতেই হ’ব পাৰে। কিবা গধুৰ বস্তু ওপৰলৈ উঠাওতে বা খোজ কাঢ়োঁতেই কিবাকৈ পাক খাই গলে, গাত ঢকা লাগি, বিষৰ আৰম্ভণি হ’ব পাৰে। বিষ প্ৰথমতে লাম্বাৰ অংশতে অনুভৱ হয়। পাছত ভৰিৰ গাঁঠি আৰু পতালৈ যায়। শীতৰ প্ৰভাৱত বিষ বেছি হয়। কম বয়সৰ অৰ্থাত্ ২২-৪০ বছৰ বয়সীয়া লোকৰো ছিয়াটিক পেইন হ’ব পাৰে।

শ্লিপ ডিস্ক্ থকা ঠাইতে তীব্ৰ বিষ আৰম্ভ হয় বা আক্ৰান্ত ছিয়াটিক নাৰ্ভৰ যি অংশতে টান পৰে তাতেই বিষাব পাৰে আৰু তাৰ বাবে পীড়িত লোকজনে পোনাই থিয় হ’ব নোৱৰা হয়। বিষৰ বাবে লৰ-চৰ কৰা অসহনীয় হয়। কিছুমানে শুবও (টোপনি যাবও) নোৱৰা হয়। বহু সময়লৈ আক্ৰান্ত ভৰিখন পোনাইও ৰাখিব নোৱাৰে, বেঁকাকৈও ৰাখিব নোৱৰা হয়। ফলত মানুহজনৰ ভাল টোপনি নহয়। অৱশ্যে ভিন ভিন জনৰ বিষৰ যন্ত্ৰণা, ভিন ভিন ভাবে অনুভৱ হয়।

মহিলাসকলৰ গৰ্ভাৱস্থাত বা তাৰ পাছতো কেতিয়াবা কেতিয়াবা ছিয়াটিক নাৰ্ভৰ ওপৰত চাপ পৰে আৰু ছিয়াটিক নাৰ্ভৰ বিষ হয়। ইণ্টাৰ মাছকুলাৰ ইঞ্জেকছন দিওঁতে ভুলতে যদি বেজি ছিয়াটিক নাৰ্ভত লাগে গৈ তেতিয়াও এই নাৰ্ভত বিষ হ’ব পাৰে।

ছিয়াটিক নাৰ্ভৰ আশে-পাশে মাংসপেশীত শোথ হ’লে বা ফুলিলে, বাতৰ বিষৰ দৰে বিষ হ’ব পাৰে। বেছি শকত মানুহৰ বিষ বেছি হয়। কেতিয়াবা কেতিয়াবা বিষৰ ঠাইখিনি অৱশ হোৱা যেন লগাও হ’ব পাৰে।

চিকিৎসা

ৰোগৰ প্ৰৱল অৱস্থাত ‘বেড্ ৰেষ্ট’ অতি আৱশ্যক। ই আৰোগ্য লাভত সহায় কৰে। গৰম সেক দিনত এবাৰ বা দুবাৰ দিলে বিষৰ যন্ত্ৰণা লাঘৱ হয়। সাধাৰণতে খোৱা ঔষধ আৰু ইঞ্জেকছন দিয়েই বিষৰ চিকিৎসা কৰা হয়। নেৰা-নেপেৰাকৈ লাগি থকা বিষত শল্য চিকিৎসা অৰ্থাত্ অপাৰেছনৰ আৱশ্যকো হয়।

যিমান বয়স সিমানটা মিথি গুটি ৰাতিপুৱা খালী পেটত চোবাই খালে, ছিয়াটিক তথা অন্যান্য বিষত আৰাম পোৱা যায়। আবেলি খালে খিন্তু অলপ পানী খাব।

বিষোৱা ঠাইত নহৰুৰে বনোৱা তেল মালিছ কৰিব পাৰি। নহৰুৰ ৪ কোঁহ (বাকলি গুচাই লৈ) ৬ চামুচ মিঠাতেলত গৰম কৰক। তাত আধা চামুচ যনী গুটিও দিব। যনীবোৰ গৰম কৰোঁতে ক’লা হৈ উঠিলে জুইৰ পৰা নমাই থ’ব লাগে। অলপ গৰম থাকোঁতেই (চুব পৰা হ’লে) বিষোৱা ঠাইত মালিছ কৰিব লাগে। আৰাম পোৱা যায়, প্ৰতিবাৰ মালিছ কৰোঁতে সামান্য গৰম কৰি ল’ব।

যিমান গৰম সহ্য কৰিব পাৰি সিমান গৰম পানীৰে কটি স্নান কৰালে আৰাম পোৱা যায়।

কিন্তু ছিয়াটিক নাৰ্ভৰ নিশ্চিত আৰোগ্যৰ উপায় হৈছে কচৰত আৰু যোগাসন।

অসুখে জটিল ৰূপ ধাৰণ কৰাৰ আগতেই নিয়মিতভাৱে কচৰত কৰিবলৈ ল’লে এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰি আৰু ভৱিষ্যতে হোৱাৰো সম্ভাৱনা নাথাকে। আৰু যিসকলে কচৰত কৰা অভ্যাস কৰে তেওঁলোকে ছিয়াটিক নাৰ্ভৰ বিষত কোনো দিনেই নোভোগে। ছিয়াটিকা প্ৰতিৰোধ আৰু আক্ৰান্ত হ’লে আৰোগ্যৰ বাবে তলত দিয়া যোগাসন আৰু কচৰতবোৰ কৰিব লাগে।

প্ৰথমতে ভুজংগাসনেৰে আৰম্ভ কৰক। ইয়াৰ পাছত লিংক কচৰত কৰিব আৰু তাৰ পাছত নৌকাসন কৰিব। এই আসনকেইটা লাম্বাৰ আৰু ছেক্ৰাল ভাৰ্টেব্ৰাৰ শুধৰণিৰ বাবে বিশেষভাৱে উপকাৰী। ইয়াৰ পাছত সৰ্বাংগাসন, মত্স্যাসন, মত্সায়েন্দ্ৰ আসন, উষ্ট্ৰাসন, শশাংগাসন আৰু প্ৰাণায়াম এটা হ’লেও কৰিব। প্ৰথমতে ভুজংগাসন, লিংক কচৰত আৰু নৌকাসন কৰিবলৈ চেষ্টা কৰিব। তাৰ পাছত যি সম্ভৱ হয় কৰিব আৰু পাছলৈ বঢ়াই নিব। ইয়াৰ উপৰিও ভৰিৰ কচৰতবোৰ কৰিব। এইবোৰৰ বিষয়ে ইয়াৰ পাছত, আঁঠুৰ বিষৰ বিষয়ে কওঁতে ব্যাখ্যা কৰা হৈছে। ছিয়াটিকাৰ বাবে ভৰিৰ কচৰত বা খোজ কঢ়া আদিও সমানেই উপকাৰী। একো কৰিব নোৱাৰিলে খোজকাঢ়িয়ে কচৰত আৰম্ভ কৰিব।

আঁঠুৰ বিষ

ৰোগৰ লক্ষণ

আঁঠু মানুহৰ শৰীৰৰ ডাঙৰ জোৰা। ইয়াত ইউৰিক এচিড জমা হোৱাৰ ফলতে সাধাৰণতে বিষ হয়। ই বাত বিষৰে এটা লক্ষণ। আঁঠুৰ জোৰাত জোৰা পিছলকৈ ৰখা ৰসৰ অভাৱতো সেয়া হ’ব পাৰে। আকৌ গাঁঠি বাত ৰোগত আক্ৰান্ত হৈও আঁঠুৰ জোৰা ৰঙা পৰি উঠিব পাৰে, আঁঠু গৰম হৈ ফুলিবও পাৰে আৰু বিষায়। বাতজনিত গাঁঠি বিষ জোৰাৰ বিষৰ অন্য এটা লক্ষণ- যেতিয়া জোৰাটো আৱৰি থকা পাতল চিন’ভিয়ামখন আক্ৰান্ত হয়, লাহে লাহে নষ্ট হ’বলৈ ধৰে, বিকৃত ৰূপ লয় আৰু লৰ-চৰ কৰিব নোৱৰা অৱস্থাপ্ৰাপ্ত হয়। এই অসুখ আৰম্ভণিতে চিকিৎসা কৰিলে আৰোগ্য হয়। কিন্তু চিন’ভিয়াম বা জোৰাৰ আৱৰণখন সম্পূৰ্ণ নষ্ট হ’লে ভাল হোৱাৰ আশা ক্ষীণ হৈ পৰে। তিৰোতা মানুহৰ মাহেকীয়া বন্ধ হোৱাৰ পাছত বাতজনিত গাঁঠি বিষ হোৱাৰ সম্ভাৱনা থাকে আৰু আঁঠুও আক্ৰান্ত হয়। কিন্তু এই গাঁঠি বিষ সাধাৰণতে আঙুলিৰ জোৰা, হাতৰ জোৰা, ভৰিৰ জোৰা যেনে ৰিষ্ট, এংকোল আৰু কেতিয়াবা কান্ধৰ জোৰাতো হয়।

চিকিৎসা

ৰোগৰ অৱস্থা তেজ পৰীক্ষা কৰি জানিব পাৰি। সাধাৰণতে প্ৰজ্বলন আৰু জ্বালা-যন্ত্ৰণা বিষ কমোৱা ঔষধ খুৱাই চিকিৎসা কৰা হয়। আৱশ্যক হ’লে বেজি দি ৰোগৰ লক্ষণৰ উপশম কৰোৱা হয়।

ৰাতিপুৱা প্ৰতিদিনে ১-২ চামু মিথিৰ গুড়া মুখত দি পানী অলপ খালে আঁঠুৰ বিষত আৰাম পোৱা যায়। বয়সিয়াল লোকৰ ক্ষেত্ৰত বিশেষ উপকাৰ হয়। ইয়াৰ ফলত গোৰোহাৰ গাঁঠিৰ বিষতো আৰাম পোৱা যায়। আৱশ্যক হ’লে ১-২ মাহ প্ৰতিদিনে এবাৰকৈ খাব লাগে। কডলিভাৰ অইল বা মাছৰ তেল উপকাৰী। মিথিয়েও মাছৰ তেলৰ দৰেই কাম কৰে। মিথিৰ চূৰ্ণ ২ চামুচ প্ৰতিদিনে গাখীৰৰ সৈতে ৰাতিপুৱা খালে বিশেষ উপকাৰ হয়। ই আঁঠুৰ বিষ, স্নায়ুৰ ৰোগ, বহুমূত্ৰ, ৰক্তহীনতা আৰু শৰীৰ ক্ষীণ হৈ যোৱা আদি ৰোগতো উপকাৰ দিয়ে।

ৰাতিপুৱা খালী পেটতে ৩-৪ টা আখৰোটৰ গুটিৰ ভিতৰৰ অংশ খালে অলপ দিনৰ ভিতৰতে আৰাম পোৱা যায়।

নাৰিকল ৰোকা খালেও উপকাৰ হয় বুলি ভবা হয়।

কিন্তু ৰোগৰ পৰা সম্পূৰ্ণ আৰোগ্য লাভ কৰিবলৈ হ’লে জোৰাত থকা ইউৰিক এচিড দূৰ কৰিব লাগিব আৰু জোৰা পিছলকৈ ৰসা ৰস উত্পন্ন কৰা গ্ৰন্থিবোৰক সবল কৰি তুলিব লাগিব। তাৰ বাবে সেই জোৰালৈ ৰক্তস্ৰোত বৃদ্ধি হ’ব লাগিব আৰু তাৰ বাবে ফলপ্ৰদ উপায় হৈছে কচৰত, যোগাসন। শাৰীৰিক অংগসঞ্চালনৰ দ্বাৰা মাংসপেশীৰ সংকোচন আৰু শিথিলকৰণ কৰি তাত ঘৰ্ষণৰ উত্পন্ন কৰিব পাৰি আৰু তেতিয়া তাত ৰক্তসঞ্চালন বাঢ়ে, তেজৰ যোগান বৰ্দ্ধিত হয়। তেজৰ যোগান আৰু সঞ্চালন বাঢ়িলে ইউৰিক এচিডবোৰ এৰুৱাই লৈ যায়, গ্ৰন্থি আৰু মাংসপেশীবোৰ সবল হৈ উঠে আৰু ঠিকমতে কাম কৰিবলৈ ধৰে। বিষ-বেদনা নোহোৱা হয়।

তাৰ বাবে তলত দিয়া কচৰতবোৰ কৰিব পাৰি। প্ৰথমতে সৰ্বাংগাসন কৰিব। যোগী মহাৰাজসকলে ইয়াক ‘সৰ্বব্যাধিনাশক’ বুলি কৈছে। ইয়াৰ উপৰিও এইবোৰ আসন কৰক-

(১)মাটিত (পকা ঠাই হলেও মাটি বুলিয়ে বুজিব) কম্বল বা মোটা কাপোৰ (তুলি নহয়) পাৰি লৈ পিঠিখন মাটিৰ ফালে কৰি শুই পৰক। ভৰি সটানকৈ ৰাখিব, গোৰোহা দুটা লগ-লগাই ৰাখক আৰু হাতৰ আঙুলিবোৰ মুঠি মাৰি ধৰি গাৰ দুয়োকাষে ৰাখক। এতিয়া নিশাহ এৰক আৰু নিশাহ এৰি এৰি ভৰি দুখন মাটিৰ পৰা ৩০ ডিগ্ৰী ওপৰলৈ উঠাওক (৩০ ডিগ্ৰী নহ’লেও যিমান পাৰে)।   উশাহ (পাৰিলে) লওক আৰু এক দুইকৈ ১২ সংখ্যালৈ গণক, ভৰি নমাওক। দুবাৰ সাধাৰণ অৱস্থাৰ সময়ৰ দৰে উশাহ-নিশাহ লওক। এই কচৰতটো ৫ বাৰ কৰিব। এই কচৰতৰ দ্বাৰা কঁকালৰ তলৰ হাড়ৰ বাকচৰ দৰে অৱয়ৱটো বা পেলভিছৰ হাড়বোৰ সংলগ্ন মাংসপেশী আৰু সিৰবোৰৰ ওপৰত ঘৰ্ষণৰ সৃষ্টি কৰি সেই সকলোবোৰকে সবল কৰি ৰাখিব। এই কচৰতৰ ফলত সকলো ধৰণৰ অৰ্শ ৰোগো আৰোগ্য হয়।

(২) দ্বিতীয়টো কচৰতৰ বাবে আগৰ দৰে ওপৰ ফালে মুখ কৰি শুই পৰক। নিশাহ এৰি এৰি ভৰি দুখন লগ লগাই লৈ আগৰ দৰে ওপৰলৈ উঠাওক। পাৰিলে ৯০ ডিগ্ৰী কোণলৈ নিয়ক। হাতৰ তলুৱাৰে তপিনাত হেঁচা দি ভৰি দুখনক ওপৰলৈ উঠাওক। এতিয়া উশাহ লওক। ১২ সংখ্যালৈ গণক। ভৰি দুখন লাহে লাহে নমাই আনক আৰু লগ লগাই মাটিৰ ওপৰত ৰাখক। দুবাৰ উশাহ-নিশাহ লওক। এই কচৰতটো ৫ বাৰ কৰক। ই কঁকাল সবল কৰি তুলিব।

(৩)আকৌ আগৰ দৰে শুই পৰক। নিশাহ এৰক আৰু নিশাহ এৰি এৰি ভৰি দুখন মূৰৰ ওপৰেৰে নি বুঢ়া আঙুলিৰ আগেৰে মাটি চুবলৈ চেষ্টা কৰক। হাত দুখন গাৰ কাষত ৰাখি মাটিত হেঁচা দি ভৰি ওপৰলৈ নিব। উশাহ লওক। ১২ সংখ্যালৈ গণক। ভৰি দুখন আগৰ অৱস্থালৈ (মাটিলৈ) আনক। কচৰতটো ৪-৫ বাৰমান কৰক। ইয়াক হলাসন বোলা হয়। ই ছিয়াটিক নাৰ্ভৰ বাঢ়ি যোৱা ক্ষমতা বৃদ্ধি কৰে।

(৪)আকৌ আগৰ দৰে শোৱক। নিশাহ এৰক আৰু ভৰি দুখন ৯০ ডিগ্ৰী ওপৰলৈ উঠাওক। এতিয়া ভৰি দুখন ইখনৰ পৰা সিখন অলপ আঁতৰ কৰি আঁঠুত ভাঁজ লগাই চাইকেল চলোৱাৰ দৰে ভৰি দুখন ঘূৰাওক আৰু ২৫ বাৰ চাইকেল পেডেল মৰাৰ দৰে কৰক। এইবোৰ কৰি থাকোঁতে উশাহ-নিশাহ সাধাৰণভাৱেই লৈ থাকিব। ই আঁঠুৰ গাঁঠিৰ, মাংসপেশীৰ, জোৰাৰ ইউৰিক এচিড দূৰ কৰিব, জমা হ’বলৈ নিদিয়ে। গাঁঠিৰ আৱৰণখন সুস্থ আৰু সবল কৰি তুলিব। আঁঠুৰ জোৰা পিছলকৈ ৰখা ৰসৰ উত্পাদন নিয়মিতকৈ ৰাখিব।

এইবোৰ কিছুমান প্ৰকৃত ফলপ্ৰদ ভৰিৰ কচৰতৰ কথা উল্লেখ কৰা হ’ল। এইবোৰে আমাৰ ভৰিৰ গাঁঠিবোৰৰ কৰ্মক্ষমতা অটুট ৰাখে। আঁঠু সবল হৈ থাকে। অত তত সাধাৰণ বিষ, বেদনা অনুভৱ হ’ব পাৰে। এইবোৰ প্ৰাকৃতিক প্ৰভাৱৰ ফল। কাম-বন কৰি ফুৰিলে শাকীৰিক কষ্টৰ প্ৰতিক্ৰিয়া যি হয় তাক এৰাব নোৱাৰি, বুঢ়া হৈ দুৰ্বল হৈ যোৱাটো কোনেও বন্ধ কৰিব নোৱাৰে। কিন্তু কচৰতবোৰ কৰি থাকিলে কোনেও বিশেষ অসুবিধাত পৰিব লগা নহয়। এতিয়া এইবোৰেই একমাত্ৰ কচৰত নহয়। মূল কথাটো হৈছে শৰীৰৰ অংগ-প্ৰত্যংগৰ, মাংসপেশীবোৰৰ সংকোচন আৰু শিথিলকৰণ ঘটাই ঘৰ্ষণৰ সৃষ্টি কৰি ৰক্ত চলাচল নিয়মিত কৰা। তাৰ বাবে বিভিন্নজনে বিভিন্ন প্ৰণালী উদ্ভাৱন কৰিব পাৰে আৰু নানা অনুষ্ঠান, প্ৰতিষ্ঠানত ভিন ভিন কচৰতৰ প্ৰচলন হৈছে। তাৰ বাবে বিশেষ চিন্তাৰ কাৰণ নাই। নিজৰ সুবিধামতে এইবোৰ পৰিৱৰ্তন সাধনো কৰিব পাৰি। কেৱল মৌলিক তত্ত্ব-কথাটো অটুট ৰাখিব লাগিব- ঘৰ্ষণৰ উত্পত্তি সাধন কৰা।

খোজ কঢ়াতো উত্তম অংগচালনা বা ব্যায়াম বুলি বহুতেই কয়। কেবল ভৰিৰ বাবেই নহয় গোটেই শৰীৰটো সুস্থকৈ ৰখাৰ বাবেও ই উত্তম উপায় বুলি বহুতে ভাবে। আজিকালি ৰাতিপুৱা বাট-পথলৈ ওলালেই বহু পুৰুষ-মহিলাক ৰাস্তাত খোজ কাঢ়ি ফুৰা দেখা যায়। এই মন্তব্যৰ সত্যতা আছে আৰু বৃদ্ধাৱস্থাত ই সকলোৰে বাবেই নিত্য কৰ্তব্য হোৱা উচিত। বিশেষকৈ যিসকলে কোনো ধৰণৰ কচৰত নকৰে। অথবা যিসকলে শাৰীৰিক দুৰ্বলতা বা বাৰ্ধক্যজনিত কাৰণত কোনো কচৰত কৰাটো সম্ভৱ নহয়। নহ’লে খোজ কঢ়াটো কচৰতৰ ঠাই পূৰাব পৰা অংগচালনা নহয়। খোজ কাঢ়িলে ভৰি, কঁকাল আৰু তলপেটৰ মাংসপেশীৰ কচৰত হয়। কিন্তু উচিত পৰিমাণৰ কচৰত হ’বলৈ প্ৰায় ৪ কিঃমিঃ (যোৱা-অহা মিলাই) খোজ কাঢ়িব লাগে। অৱশ্যে অতি বয়সিয়াল লোকৰ বাবে কিছু কম হ’লেও (অলপ ভাগৰ লগা যেন হ’লেই) হয়। খোজ কঢ়া কামটোৱে ৰাজহাড়ৰ যিবোৰ কচৰতৰ কথা ইয়াত উল্লেখ কৰা হ’ল তাৰ সমান সুফল নিদিয়ে। খোজ কাঢ়োতে ৰাজহাড়ৰ ওপৰ অংশৰ স্পাইনেল কৰ্ডত বিশেষ প্ৰভাৱ নেপেলায়। গলৰ চাৰভাইকেল ভাৰ্টেব্ৰাবোৰত, বিশেষকৈ তলৰ তিনিটাত, য’ত অস্বাভাৱিক অৱস্থাৰ সৃষ্টি হোৱাৰ ফলত স্পনডিলাইটিছ ৰোগ হয়, তাত কোনো প্ৰভাৱ নেপেলায়, যেতিয়ালৈ মূৰটো (গলটো) আগলৈ, পাছলৈ, সোঁ কাষলৈ, বাঁও কাষলৈ ঠেলি লৰ-চৰ কৰা নহয়। ৰাজহাড়ৰ বাবে ইয়াত উল্লেখ কৰা নানা কচৰতৰ ফলত শৰীৰটো সহজে ঘূৰাব মিলাব পৰা হৈ থাকে, সুস্থ আৰু কৰ্মক্ষম হৈ ৰয়। আনকি যৌন ক্ষমতাও বৃদ্ধি হয়। খোজ কাঢ়িলে অৱশ্যে ৰাতিপুৱাই বিছনা এৰা সু-অভ্যাসটো গঠিত হয়, ৰাতিপুৱাৰ মলয়া বতাহ শৰীৰৰ বাবে বৰ উপকাৰী। লগতে ৰাতিপুৱা পলমকৈ শুই থাকি নানা ৰোগক আতিথ্য জনাবলৈ ৰৈ থকা ‘ৰিচেপছনিষ্ট’ৰ কামটোৰ পৰাও অব্যাহতি পায়। ভৰিৰ অসুখ যেনে, আঁঠুৰ বিষ, ভৰি পতাৰ ওপৰৰ গাঁঠিৰ বিষ, ছিয়াটিক নাৰ্ভৰ বিষ আদিৰ বাবে খোজ কঢ়াতো প্ৰাথমিক আৰু উত্তম উপায়।

ভৰিৰ গাঁঠিৰ বিষ

ৰোগৰ লক্ষণ

মানুহৰ এৰিব নোৱৰা দুৰ্ভাগ্য হৈছে বৃদ্ধাৱস্থা। এই অৱস্থাটো প্ৰকৃতিৰ নিৰ্দেশ মতেই হয়। শৰীৰৰ অৱনতি হৈ আহে। বাৰ্ধক্যৰ লক্ষণ শৰীৰত দেখা দিলে ইও ৰোগৰ দৰেই বাঢ়ি থাকে। বয়স বাঢ়ি আহিলে মানুহে ভৰিৰ গাঁঠিত দুৰ্বলতা অনুভৱ কৰে। গাঁঠি ঢিলা হোৱা যেন লাগে আৰু বিষাবও পাৰে। জীৱনৰ প্ৰায় ৭৫ বছৰ বয়সত ভৰিৰ গাঁঠিৰ শিথিলতাই দেখা দিয়ে আৰু শেষত মানুহে ঢলং পলং কৈ খোজ কাঢ়িব লগা হয়।

ইয়াৰ কাৰণ হৈছে বৃদ্ধাৱস্থাত মাংসপেশীবোৰ দুৰ্বল হৈ পৰে। বাৰ্ধক্যৰ দুৰ্বলতাৰ প্ৰধান কাৰণ হৈছে শৰীৰৰ অদৰকাৰী, পেলনীয়া বস্তু যেনে ফছফেট্ অব লাইম, মেগনেছিয়া আৰু খুব সাধাৰণভাৱে মাটিৰ আঁচ আৰু অলপ চলপ ছালফেট অব লাইম শৰীৰৰ গাঁঠিবোৰত জমা বান্ধে, ৰক্তবাহী সিৰবোৰত (আৰ্টেৰী আৰু ভেইন) চামনি লাগি ধৰে। এইবোৰ জমা হোৱাৰ বাবে শৰীৰৰ নানা অংগ ডাঠ হৈ যায় আৰু শাৰীৰিক দুৰ্বলতা আৰম্ভ হয়। আন বহুত কাৰণ থাকিলেও গাঁঠিবোৰত ইউৰিক এচিড জমা হোৱাৰ বাবেই, গাঁঠিবোৰত, শৰীৰৰ জোৰাবোৰত বিষ হয়।

চিকিৎসা

প্ৰতিদিনে ৰাতিপুৱা ১-২ চামুচ মিথিৰ গুটিৰ গুড়া মুখত লৈ অলপ পানীৰে খালে ভৰিৰ গাঁঠিৰ বিষত আৰাম পোৱা যায়। বয়সিয়াল লোকৰ ক্ষেত্ৰত ই ভাল কাম দিয়ে।

নহৰুৰে বনোৱা তেল মালিছ কৰিলেও উপকাৰ হয়। ৪ কোঁহ (বাকলি গুচাই লৈ) ৬ চামুচ মিঠাতেলত গৰম কৰক। তাত আধা চামুচ যনীৰ গুটিও দিব। যেতিয়া যনীবোৰ ক’লা পৰিব জুইৰ পৰা নমাই থব। সামান্যভাৱে গৰম হৈ থাকোঁতে ভৰিৰ গাঁঠিত মালিছ কৰিব। আৰাম পাব। মালিছ কৰাৰ আগতে প্ৰতিবাৰে অলপ গৰম কৰি ল’ব লাগে।

কেইটামান কচৰত কৰিলে বিশেষভাৱে উপকাৰ হয় আৰু ভৰিৰ গাঁঠিৰ বিষ নোহোৱা হয়। কচৰতবোৰ তলত দিয়া ধৰণে কৰিব লাগে।

(১)সমান ঠাইত বা ঘৰৰ বাৰান্দাত বা ঘৰৰ ছাদৰ ওপৰত কুকুৰ দৌৰ দিয়াৰ নিচিনাকৈ দৌৰক। কিন্তু একে ঠাইতে থাকিব। দৌৰোঁতে ভৰিৰ খোজবোৰ এক দুইকৈ গণক ১০০-৩০০-৫০০ লৈ (যিমান পাৰি) সোঁ ভৰি পাতিলে এক, বাঁও ভৰি পাতিলে দুই, আকৌ সোঁ ভৰি পাতিলে তিনি বাঁও ভৰি পাতিলে চাৰি, তেনেকৈ একে ঠাইতে থাকি গণি থাকক।

(২)ইয়াৰ পাছত জগিং কৰক। জগিং কৰোঁতে গোৰোহা মাটিত নেপেলাব। গোৰোহা (দুয়ো ভৰিৰে একেলগে) ওপৰতে ৰাখি ভৰি পতাৰ আগ ভাগ (আঙুলিলৈকে) মাটিত লগাই সাধাৰণভাৱে জঁপিয়াওক। দুয়োখন ভৰি অলপ আঁতৰত ৰাখি, কিন্তু একেলগে একে মোচনত জঁপিয়াওক আৰু গণক ১-২-৩ কৈ ১০০ লৈ বা পাৰে যদি আৰু অলপ বেছি।

(৩)একেবাৰে নিশ্চিত হ’বলৈ আন এটি কচৰত কৰক। সৰ্বাংগাসনত থাকক। দুয়োখন ভৰিৰ আগ ভাগ (ভৰিৰ গাঁঠিৰ পৰা আগলৈ আঙুলি সহিতে) আগলৈ ঠেলি দিয়ক (টানকৈ, যিমান পাৰি) আকৌ গাৰ ফালে হলাই টানি (টানকৈ, যিমান পাৰি) আনক। আগলৈ ঠেলিলে ১, গা লৈ টানিলে ২ কৈ গণক- ৫০-৬০ লৈকে। ভৰিৰ গাঁঠিৰ এই কচৰতটো বিছনাত বা সমান যিকোনো ঠাইত বহিও কৰিব পাৰে। ভৰিৰ গাঁঠিৰ বিষ ৩ দিনত নোহোৱা হ’ব। তাৰ পাছতো সপ্তাহত ৪-৫ দিন কৰি থাকিব, পাছলৈ আৰু কোনো দিনেই নহয়।

যদি এইবোৰ কৰিব নোৱাৰে ৰাতিপুৱা খোজ কাঢ়িব।

বাত বিষ

শৰীৰৰ মাংসপেশী আৰু ডাঙৰ গাঁঠিত যেতিয়া বিষ হয় তাক বাত বেমাৰ বোলে। বেছি সময় গৰম বা চেঁচা পৰিবেশত উন্মুক্ত হৈ থাকিলে বা সেমেকা পৰিবেশত থকাৰ ফলত গাৰ বিষ বা বাত বেমাৰ হয়। ই সাধাৰণতে মাংসপেশীকহে আক্ৰমণ কৰে। কিন্তু বিষটো মাংসপেশীৰ নে সিৰৰ বুজিব নোৱৰা হৈ থাকে।

বাত বিষ সাধাৰণতে বয়সিয়াল লোকৰে বেমাৰ। কম বয়সৰ বা ল’ৰা-ছোৱালীৰ যে হ’ব নোৱাৰে তেনে কথা নাই। কিন্তু বয়সিয়াল লোকৰ মাজত আক্ৰান্ত লোকৰ সংখ্যা সৰহ। বৃদ্ধকালত শৰীৰৰ জোৰাবোৰত ইউৰিক এচিড জমা হোৱাৰ বাবে বিষাবলৈ ধৰে। বহুতে কান্ধৰ বিষৰ কথা কয়। ইয়াক চিকিত্সকসকলে ‘ছ’লজাৰ ফ্ৰিজ’ বোলে। তেনেকৈ শৰীৰৰ সৰু সৰু গাঁঠিবোৰত যেনে আঙুলিৰ গাঁঠি (হাতৰ, ভৰিৰ) আদিত ইউৰেট অব্ ছডিয়াম জমা হয়, ফলত সেই গাঁঠিবোৰ ফুলি উঠে আৰু বিষায়। এইবোৰক গাঁঠি-বাত বোলে। ভৰিৰ বুঢ়া আঙুলি তেনেকৈ আক্ৰান্ত হ’লে তাক ‘পদাগ্ৰা’ হোৱা বোলে। কিন্তু পদাগ্ৰা বাতৰোগ প্ৰায় বংশগত বুলি ভবা হয় বা বংশগত কাৰণতে হয়। শৰীৰত ইউৰেটৰ পৰিমাণ বেছি হ’লে ই বৃক্ক গ্ৰন্থি বা কিডনিত পাথৰ জমা কৰে। অনুপযোগী খাদ্য আৰু কৃত্ৰিম পানীয়ও ইয়াৰ কাৰণ হ’ব পাৰে। ৰঙা মাংস আৰু যৱ সুৰাও এই ধৰণৰ ৰোগৰ কাৰক হ’ব পাৰে। ক্ৰনিক লিড্ পয়জনিঙো এই ৰোগৰ কাৰণ হয়।

ৰোগৰ লক্ষণ

এই ৰোগৰ প্ৰধান লক্ষণ হৈছে বিষ। আক্ৰান্ত মাংসপেশী নৰম হয় আৰু বৰকৈ বিষায়। কেতিয়াবা বিষোৱা ঠাইত চুবই নোৱৰা অৱস্থা হয়। অসুখ বেছি হ’লে জ্বৰ থাকিবও পাৰে, ১০০ ফাৰেনহাইট বা তাৰো বেছি থাকিব পাৰে। এই ধৰণৰ কষ্টৰ সময় কেই ঘণ্টামান বা এদিন বা দুদিনো থাকিব পাৰে। আক্ৰান্ত মাংসপেশীৰ নাম অনুসৰি গাৰ বিষৰ অসুখৰ নামো বেলেগ বেলেগ হয়। লম্বাগো, টৰটিকলিচ, প্লেউৰডিনিয়া আদি ভিন ভিন নামেৰে ৰোগ প্ৰকাশ কৰা হয়। সাধাৰণতে দেখা ৰোগ কিছুমান এই ধৰণৰ-

আৰথ্ৰাইটিছ গাঁঠিৰ বাত বিষ। কিন্তু প্ৰদাহিক অৱস্থা বেছি থাকে। এটা বা বহুত গাঁঠি ফুলি উঠে, ৰঙা পৰে, জ্বলন হয়। ৮০ ৰো অধিক আৰথ্ৰাইটিছ ৰোগ আছে।

অছষ্টে’ আৰথ্ৰাইটিছ, শৰীৰৰ জোৰাৰ আৱৰণ আক্ৰান্ত হোৱা এটা অৱস্থা। ইয়াৰ ফলত এই আৱৰণৰ তলত থকা হাড়ৰ ক্ষতি হয় আৰু বিষায়, এই ৰোগ বিশেষকৈ তপিনা, আঁঠু আৰু হাতৰ বুঢ়া আঙুলিৰ গাঁঠিত হয়। ইয়াক এক্সৰে’ কৰি ধৰিব পাৰি।

ৰিমেটইড আৰথ্ৰাইটিছ, ই হাতৰ আঙুলিৰ গাঁঠি আৰু ভৰিৰ আঙুলিৰ গাঁঠি আক্ৰমণ কৰে। কেতিয়াবা তপিনাৰ জোৰা বা কান্ধৰ জোৰাতো হয়। যদি চিকিৎসা কৰি ৰোগ আৰোগ্য কৰা নহয়, তেতিয়াহ’লে এটাৰ পাছত এটাকৈ আক্ৰমণ কৰি যায় আৰু দাঁতৰ মাৰি আৰু ৰাজহাড়ৰ স্তম্ভ পায়গৈ। বাহু আৰু ভৰি স্থিৰ হৈ পৰে (স্থায়ীভাৱে)। আঙুলিবোৰ আৰু ভৰিৰ বুঢ়া আঙুলি এফালে বেঁকা হৈ যায় আৰু শেষত গৈ মানুহজন এটা মূৰ্তিৰ দৰে স্থিৰ হৈ পৰে। শৰীৰৰ অংগ-প্ৰত্যংগ লৰ-চৰ কৰিব নোৱৰা হয়। ভৰি আৰু আঁঠু ভীষণভাৱে ফুলে, শাৰীৰিক আকৃতিৰ পৰিৱৰ্তন হৈ যায়। আক্ৰান্ত ঠাইৰ ছাল ফাটে, ঘা হয়। কিন্তু এই অসুখত কেৱল জোৰাবোৰহে আক্ৰান্ত হয়, ফাটে। বাকী অংগ-প্ৰত্যংগৰ কোনো ক্ষতি নহয়। ৰোগীৰ সাধাৰণ অসুখতে বহু বছৰ পাৰ হৈ যাব পাৰে, শাৰীৰিক বিকৃতিও নঘটে। আকৌ কিছুমানৰ ক্ষেত্ৰত কেইমাহমানৰ ভিতৰতে ৰোগ ভাবিব নোৱৰাকৈ বৃদ্ধি হৈ ৰোগীক অসহায় অৱস্থাত পেলাই দিব পাৰে। এই ৰোগৰ অতি বেছি হোৱা অৱস্থাটোৰ নাম ‘আৰথ্ৰাইটিছ ডিফৰমেনছ’। ৰোগৰ কাৰক বীজাণুৰ আক্ৰমণতে আৰথ্ৰাইটিছ ডিফৰমেনছ হয়। শেষত এনকিল’ছিছ অৱস্থাৰ ৰোগী আৰোগ্য হোৱাৰ কোনো আশাই নাথাকে। মাত্ৰ চিকিৎসা কৰি যন্ত্ৰণাৰহে কিছু উপশম কৰিব পাৰি।

চিকিৎসা

বাত বা গাঁঠিৰ বিষত কেঁচা বেথো শাকৰ ৰস ২৫ মিলিলিটাৰ প্ৰতিদিনে ৰাতিপুৱা খালী পেটত আৰু আবেলি ৪-৫ টা মান বজাত খালী পেটত খালে বিশেষ উপকাৰ হয়। কিন্তু লগত লোণ বা চেনি খাব নালাগে।

ৰুটি বনাওঁতে বেথো শাক মিহিকৈ কুটি আটাৰ লগত মিহলি কৰি ৰুটি বনাই খালেও উপকাৰ হয়।

অশ্বগন্ধাৰ শিপা (মূল) আৰু মিছিৰি সমপৰিমাণে লা গুড়ি কৰি (কাপোৰেৰে ছেকি) বয়াম বা কোনো ভাল পাত্ৰত ৰাখক। প্ৰতিদিনে ৰাতিপুৱা আৰু আবেলি ৪-৬ গ্ৰাম এই চূৰ্ণ অলপ গাখীৰৰ সৈতে খাবলৈ দিয়ক। ৩-৬ সপ্তাহ খালেই বাত বিষৰ পৰা আৰাম পাব। বিষ যি ধৰণৰে নহওক উপকাৰ হ’ব। কঁকালৰ বিষ, হাত-ভৰিৰ বিষ, কৰঙণৰ বিষ আঁতৰিব, আনকি শাৰীৰিক দুৰ্বলতাও দূৰ হ’ব। শীতৰ সময়ত খালে বেছি ভাল ফল দিয়ে। অশ্বগন্ধাৰ গুড়ি ২ চামুচ ঘিউ আৰু গুৰ মিহলাই হালুৱা বনাই খালে জোৰাৰ বিষ নাশ হয়। ৰাতিপুৱা খালী পেটতে খাব লাগে। ১৫ দিনমান খালেই ঠিক হৈ যায়।

এল’পেথিক চিকিৎসা মতে জ্বলনৰোধক আৰু বিষনাশক (পেইনকিলাৰ) ঔষধ খাবলৈ দিয়া হয়। এই বিষনাশক ঔষধ বিশেষ সাৱধানতাৰে খাব লাগে। বহুদিন বেছিকৈ খাই থাকিলে পাকস্থলীৰ বিশেষ ক্ষতি হোৱাৰ ভয় থাকে।

গাঁঠি-বাত বা বাত বেমাৰৰ ৰোগী এজনক খাদ্য নিয়ন্ত্ৰণ আৰু প্ৰাকৃতিক চিকিৎসাৰ দ্বাৰাও ভাল কৰিব পাৰি। শৰীৰৰ পৰা ইউৰিক এচিড বাহিৰ কৰি দিবলৈ কমলাটেঙাও ভাল ঔষধ স্বৰূপ হয়। ৪ টাকৈ কমলাটেঙা দিনত ৩-৪ বাৰ খালে বা কেৱল কমলাটেঙা খাই থাকিলে ১-২ মাহৰ ভিতৰতে বাত ৰোগী আৰোগ্য হ’ব পাৰে। সকলো ধৰণৰ মাছ, মাংস, সুৰা, মটৰ-উৰহী আদি খাদ্য মিঠাই, চক’লেট, কঢ়া চাহ, কফি আদিয়ে ইউৰিক এচিড উত্পন্ন কৰে। এইবোৰ খাদ্য কমকৈ খাব লাগে। দৈনিক আঢ়ৈ লিটাৰৰ পৰা তিনি লিটাৰ পানী খালে, ইউৰিক এচিড শৰীৰৰ পৰা বাহিৰ হৈ যোৱাত সহায় হয়।

নিয়মিতভাৱে কেইবিধমান কচৰত আৰু যোগাসন কৰিলেও গাঁঠি-বাত আদি ৰোগৰ কষ্টবোৰ দূৰ হয়। আক্ৰান্ত জোৰাত সংকোচন আৰু শিথিলকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা ঘৰ্ষণৰ সৃষ্টি কৰিলে, গাঁঠিত জমা হোৱা ইউৰিক এচিডবোৰে এৰা দিয়ে। ইফালে ঘৰ্ষণৰ ফলত সেই ঠাইত ৰক্তসঞ্চালন বাঢ়ে, আক্ৰান্ত ঠাইলৈ তেজৰ সোঁত বাঢ়ি যায়। ফলত ইউৰিক এচিডবোৰ তেজে উটুৱাই নিয়ে আৰু শৰীৰৰ নিষ্কাষণ পদ্ধতিৰে প্ৰস্ৰাৱৰ লগত এইবোৰ শৰীৰৰ পৰা বাহিৰ ওলাই যায়।

আমাৰ শৰীৰত শুই থকা সময়ৰ বাহিৰে অন্য সময়ত শাৰীৰিক শ্ৰমৰ বাবে শৰীৰৰ বিভিন্ন অংগৰ সংকোচন আৰু শিথিলকৰণ হ’বই লাগিছে আৰু তাৰ ফলত সেই সেই ঠাইত ঘৰ্ষণৰো উত্পত্তি হৈছে। আনহাতে শৰীৰত তেজৰ সোঁত প্ৰবাহিত হ’বই লাগিছে আৰু এই প্ৰাকৃতিক নিয়মৰ বাবেই শৰীৰৰ অনাৱশ্যকীয় বস্তুবোৰ প্ৰস্ৰাৱৰ লগত বাহিৰ ওলাই গৈ আছে। সকলো কথা ঠিকে থাকিলে কোনো অসুবিধাই নাছিল, প্ৰাকৃতিক নিয়মেৰেই শৰীৰ সুস্থ হৈ থাকিলহেঁতেন। কিন্তু প্ৰকৃত ক্ষেত্ৰত সকলোৰে ব্যতিক্ৰম ঘটে। কাৰোবাৰ শৰীৰত হয়তো তেজ কম আছে, কোনোবাই হয়তো শাৰীৰিক পৰিশ্ৰম লগাতকৈ কমকৈ কৰে বা মুঠেই নকৰে, আকৌ কাৰোবাৰ শৰীৰলৈ খাদ্যৰ সৈতে ইউৰিক এচিড আদি বেছিকৈ সোমাই যায়। আকৌ বাৰ্ধক্য আহিলে সকলো কামেই (শৰীৰৰ) কম হৈ যাব ধৰে। ফলত নানাজনে নানাভাৱে নানা ৰোগৰ দ্বাৰা আক্ৰান্ত হয়। আমি আগতে আলোচনা কৰা মতেই শৰীৰৰ গাঁঠিবোৰত ইউৰিক এচিড জমা হ’বলৈ ধৰে আৰু গাঁঠি-বাত ৰোগ হয়। সেইবাবে আমি বাহিৰৰ পৰা ঘৰ্ষণৰ সৃষ্টি কৰি শৰীৰৰ আভ্যন্তৰীণ প্ৰাকৃতিক কাৰ্য পদ্ধতিক অলপ সহায় কৰি দিয়াৰ আৱশ্যক হয়। সাধাৰণ কচৰত আৰু সহজ-সৰল যোগাসন কিছুমান কৰি বাত বিষ, গাঁঠি বিষৰ পৰা ৰক্ষা পাব পাৰি। মহিলাসকলৰ বাবে গাঁঠি-বাত ৰোগত কাপোৰ চিলাই কৰা (হাত চিলাই) অভ্যাস উপকাৰী আৰু উত্কৃষ্ট চিকিৎসা। পদ্মাসন গাঁঠি বাতৰোধক। গাঁঠিবাতৰ অন্যান্য আসনবোৰ হৈছে সন্তোলাসন, ত্ৰিকোণাসন, বীৰাসন, গোমুখাসন, বৃক্ষাসন আৰু শৱাসন।

শৱাসনৰ বাহিৰে এইবোৰ কিছু পৰিমাণে জটিল আসন আৰু অভিজ্ঞ লোকৰ সহায়ত কৰাৰ আৱশ্যক।

মেদ বৃদ্ধি (শৰীৰ শকত হোৱা) ৰোগ

শৰীৰ শকত হ’লেই বহু ধৰণৰ সমস্যাই আহি পৰে। সাধাৰণতে শকত মানুহেই বহুমূত্ৰ, হৃত্পিণ্ডৰ পীড়া, বৃক্ক গ্ৰন্থিৰ পীড়া, উচ্চ ৰক্তচাপ আদি ৰোগৰ দ্বাৰা আক্ৰান্ত হয়। শৰীৰত চৰ্বী জমা হৈ শকত হৈ আহিলে মানুহৰ আয়ুস কমি যায়। তুলনামূলকভাৱে চালে দেখা যায় শকত মানুহতকৈ ক্ষীণ মানুহ বেছি দিন জীয়াই থাকে।

মানুহৰ হাড়ৰ গঠন অনুপাতে মাংসপেশী থকা উচিত, তাতোকৈ ক্ষীণ হ’লে শাৰীৰিক শক্তিত দুৰ্বল হয়। বেছি হ’লেও ৰোগাক্ৰান্ত হয়, অসুখী হয়। মানুহ এজন শকত নে ক্ষীণ তাক ওজন অনুসৰি বিচাৰ কৰা হয়। ওজন লগাতকৈ বেছি হ’লে শকত বুলি কোৱা হয়। গাৰ গঠনত লগাতকৈ দুই-চাৰি কেজি ওজন বেছি হ’লেও স্বাস্থ্য ৰক্ষাৰ বিচাৰৰ ফালৰ পৰা বিশেষ অসুবিধা নাই। কিন্তু পাঁচ কেজিতকৈ সদায় বেছি থাকিলে শকত বুলি ধৰিব লাগিব। প্ৰকৃত বিচাৰ মতে আমি কাক শকত বুলি কম ? কাৰণ প্ৰতিজন মানুহৰ শৰীৰ বয়স একে হলেও, সমান নহয়। কোনোবাজন ওখ, আকৌ কোনোবোজন চুটি-চাপৰ, হয়তো বয়স একেই। গতিকে মানুহ এজনৰ প্ৰকৃত ওজন কিমান হোৱা উচিত তাক জানিবলৈ হ’লে শৰীৰৰ উচ্চতাৰ সৈতে সমতা ৰক্ষা কৰি বিচাৰ কৰিব লাগে। কাৰণ উচ্চতা অনুসৰি, বয়স অনুসৰি ওজনৰ আৱশ্যকতা কম বেছি হয়। চিকিৎসা বিজ্ঞানীসকলে মানুহৰ বয়স অনুসৰি, উচ্চতা অনুসৰি, স্ত্ৰী-পুৰুষ ভেদে কাৰ ওজন কিমান হোৱা উচিত সেয়া নিৰ্দ্ধাৰণ কৰি দিছে। সেই অনুসাৰে, তলত, মানুহৰ ষ্টেণ্ডাৰ্ড ওজনৰ তালিকা দিয়া হ’ল।

গড় হিচাপত পুৰুষৰ উচিত ওজনৰ তালিকা

বয়স অনুসৰি, শৰীৰৰ উচ্চতা অনুসৰি খালী ভৰি আৰু গাত গধুৰ কাপোৰ নথকা অৱস্থাত কেজি হিচাপত ওজন

মিটাৰ

(ফুট-ইঞ্চি)

১৫-১৯ বছৰ

২০-২৪ বছৰ

২৫-২৯ বছৰ

৩০-৩৪ বছৰ

৩৫-৩৯ বছৰ

৪০-৪৪ বছৰ

৪৫-৪৯ বছৰ

৫০-৫৪ বছৰ

৫৫-৫৯ বছৰ

১০

১১

১.৫২

১.৫৫

১.৫৭

১.৬০

১.৬৩

১.৬৫

১.৬৮

১.৭১

১.৭৩

১.৭৫

১.৭৮

১.৮০

১.৮৩

১.৮৫

১.৮৮

৫-০

৫-১

৫-২

৫-৩

৫-৪

৫-৫

৫-৬

৫-৭

৫-৮

৫-৯

৫-১০

৫-১১

৬-০

৬-১

৬-২

৫১.২৫

৫২

৫৩.৫

৫৫

৫৬

৫৮

৬০

৬১.৬৮

৬৩.৫০

৬৫

৬৭

৬৯.৪

৭১.৬৬

৭৪

৭৬

৫৪

৫৫

৫৬

৫৮

৫৯.৪

৬১

৬৩

৬৪.৪

৬৬

৬৮

৭০

৭১.৬৬

৭৪

৭৬

৭৮.৪৫

৫৬

৫৭

৫৮

৫৯.৪

৬০.৭৮

৬২.৬

৬৪.৪

৬৬.৪

৬৮

৭০

৭১.৬৬

৭৪

৭৬.৬৪

৭৯

৮২

৫৮

৫৮.৫

৫৯.৪

৬০.৭৮

৬২

৬৪

৬৫.৭৬

৬৭.৫৭

৭০

৭১.৬৬

৭৪

৭৬

৭৯

৮১.৬

৮৪

৫৮.৫

৫৯.৪

৬০

৬১.৬৮

৬৩.৫

৬৫

৬৭

৬৯

৭১

৭৩.৫

৭৫.৭৪

৭৮

৮০.৭

৮৩.৪৫

৮৬.৬

৬০

৬০.৭৮

৬১.৬৮

৬২

৬৪.৪

৬৬

৬৮

৭০

৭২

৭৪

৭৬.৭৪

৭৯

৮২

৮৫

৮৮

৬০.৭৮

৬১.৬৮

৬২.৫৮

৬৪

৬৫

৬৭

৬৯

৭০.৭৫

৭৩

৭৩

৭৭.৫৫

৮০

৮৩

৮৬

৮৯

৬১

৬২

৬৩

৬৪.৪

৬৫.৮

৬৭.৬

৬৯.৪

৭১

৭৩.৫

৭৩.৫

৭৮

৮০

৮৩.৪৫

৮৬.৬

৮৯.৮

৬১.৬৮

৬২.৫৮

৬৩.৫

৬৫

৬৬

৬৮

৭০

৭১.৬৬

৭৪

৭৮

৭৮.৪৫

৮১

৮৪

৮৭

৯০

 

গড় হিচাপত মহিলাৰ উচিত ওজনৰ তালিকা

বয়স অনুসৰি, শৰীৰৰ উচ্চতা অনুসৰি খালী ভৰি আৰু গাত গধুৰ কাপোৰ নথকা অৱস্থাত কেজি হিচাপত ওজন

 

মিটাৰ

(ফুট-ইঞ্চি)

১৫-১৯ বছৰ

২০-২৪ বছৰ

২৫-২৯ বছৰ

৩০-৩৪ বছৰ

৩৫-৩৯ বছৰ

৪০-৪৪ বছৰ

৪৫-৪৯ বছৰ

৫০-৫৪ বছৰ

৫৫-৫৯ বছৰ

১০

১১

১.৫২

১.৫৫

১.৫৭

১.৬০

১.৬৩

১.৬৫

১.৬৮

১.৭১

১.৭৩

১.৭৫

১.৭৮

১.৮০

১.৮৩

৫-০

৫-১

৫-২

৫-৩

৫-৪

৫-৫

৫-৬

৫-৭

৫-৮

৫-৯

৫-১০

৫-১১

৬-০

৪৯

৫০

৫১

৫২.৬

৫৪

৫৫.৫

৫৭

৫৯

৬১

৬২.৬

৬৪.৪

৬৬.৭

৬৮

৫২

৫৩

৫৪.৮

৫৫.৮

৫৭

৫৮.৫

৬০

৬২

৬৪

৬৫.৮

৬৭.৬

৬৯.৪

৭১

৫৩.৫

৫৪.৪

৫৫

৫৬.৭

৫৮.৫

৬০

৬১.৭

৬৩.৫

৬৫

৬৭

৬৯

৭০

৭২

৫৫

৫৫.৪

৫৬.৭

৫৮

৬০

৬১.৭

৬৩.৫

৬৭.৫৭

৬৫

৬৯

৭০

৭১.৭

৭৩.৫

৫৬

৫৭

৫৮.৫

৬০

৬১.৭

৬৩.৫

৬৫

৬৭

৬৯

৭০.৭৫

৭২ ৭৩.৫ ৭৪.৮

৫৮

৫৯

৬০.৫

৬১.৭

৬৩

৬৫

৬৬.৭

৬৮.৫

৭০

৭২

৭৩.৫

৭৫

৭৬.৬

৫৯.৪

৬০

৬১.৭

৬৩

৬৪

৬৬

৬৮.৫

৭০

৭২

৭৪

৭৫

৭৭

৭৮.৫

৬০

৬১

৬২.৫

৬৪

৬৫

৬৭

৬৯

৭১

৭৩.৫

৭৫.৩

৭৭

৭৯

৮০

৬০.৭৮

৬২

৬৩.৫

৬৫

৬৬

৬৮

৬৯.৪

৭১.৭ ৭৪

৭৫.৭

৭৮.৫

৮০

৮২.৫

ৰোগৰ লক্ষণ

যিকোনো লোকৰ এই ষ্টেণ্ডাৰ্ড ওজনতকৈ স্থায়ীভাৱে বেছি ওজন থাকিলে শকত হোৱা বুলি ধৰি ল’ব আৰু অধিক ওজন (চৰ্বী) কমাবলৈ যত্নপৰ হ’ব লাগিব। শকত হোৱা মানুহৰ কোনো অংগত লগাতকৈ চৰ্বী বেছি জমা হয়। মহিলাৰ তপিনা আৰু কৰঙণত আৰু পুৰুষৰ তলপেটত চৰ্বী জমা হ’বলৈ আৰম্ভ কৰে আৰু পাছলৈ গৈ গোটেই শৰীৰতে মঙহৰ ভাৰ পুৰুষ আৰু মহিলা উভয়ৰে বেছি হৈ গৈ থাকে। শৰীৰত মঙহ বেছি হোৱা মানেই মাংসপেশীবোৰত কলেষ্টেৰল জমা হোৱাৰ লক্ষণ আৰু এই লক্ষণ মানুহৰ ৪০-৪৫ বছৰমান বয়সৰ পৰাই আৰম্ভ হয়।

চিকিৎসা

১২৫ মিলিলিটাৰ বিশুদ্ধ পানী গৰম কৰি অলপ গৰম থাকোঁতে তাত ১৫ মিলিলিটাৰ বা এটা কাগজি নেমুটেঙাৰ ৰসৰ আধা আৰু আধা চামুচ মৌ মিহলাই ৰাতিপুৱা খালী পেটত এমাহ খালে মেদ বৃদ্ধি নাশ হয়। আৱশ্যক বুলি ভাবিলে দুমাহ খাব পাৰে। শৰীৰৰ সৌন্দৰ্যও বৃদ্ধি হয়। এইখিনিতে মন কৰিবলগীয়া কথা হ’ল যে নেমুটেঙাৰ পানীত মৌ দি খালে মেদ নাশ হয়। কিন্তু মৌ নিদিয়াকৈ খালে মেদ বৃদ্ধি হ’ব পাৰে। নেমুটেঙাৰ পানী খাওঁতে যদি কোনোবাদিন মৌ ঘৰত নাথাকে সিদিনা নেমুটেঙাৰ পানী খোৱাটোকে বন্ধ কৰিব লাগিব। মৌ নোহোৱাকৈ নাখাব।

আহাৰ খোৱাৰ পাছত এক কাপ গৰম পানী (চাহ খোৱা দি খাব পৰা গৰম পানী) চাহ খোৱা দি খালে শৰীৰৰ মেদ বা চৰ্বী কমি যায়। কিন্তু ভাত খাই শেষ কৰাৰ পাছতে খাব লাগিব আৰু দুপৰীয়াৰ আহাৰ খোৱাৰ পাছত খালেই হয়। এই ধৰণে গৰম পানী একেৰাহে দুমাহৰ বেছি খাব নালাগে। শীতৰ দিনত ১৫ দিন বা ১ মাহ খালেই হয়।

দুপৰীয়াৰ আহাৰ খোৱাৰ পাছত গৰম পানী খোৱাৰ অভ্যাসৰ ফলত শৰীৰৰ চৰ্বী কমি যোৱাৰ উপৰিও-

(১)নিয়মিত পায়খানা হয়, কোষ্ঠকাঠিন্য হ’ব নোৱাৰে।

(২)প্ৰস্ৰাৱৰ পৰিমাণ বাঢ়ে আৰু শৰীৰৰ পৰা ইউৰিক এচিডৰ দৰে বিষাক্ত পদাৰ্থ বাহিৰ হৈ যায়।

(৩)পাকস্থলীৰ দুৰ্বলতা নাশ হয়, পেট ফুলা, পাকস্থলীৰ শোথ ৰোগ, পেট কামোৰা, আমাশয় আদি নাথাকে। অত্যধিক গেছ হোৱা আৰু অজীৰ্ণ ৰোগ দূৰ হয়।

(৪)যকৃত সবল হয়।

(৫)চকুৰ তলৰ ফালে ক’লা পৰা দূৰ হয়। মুখৰ সৌন্দৰ্য বাঢ়ে।

(৬)শকত মানুহৰ জোৰাৰ বিষ কমে।

(৭)মহিলাৰ অনিয়মিত মাহেকীয়া নিয়মিত হয়।

এইবোৰৰ উপৰিও শৰীৰৰ চৰ্বী কমাবলৈ হ’লে কেইটিমান কচৰত আৰু যোগাসন কৰিব পাৰিলে নিশ্চিত হ’ব পাৰি। লগতে কিন্তু খোৱা খাদ্যৰ প্ৰতিও সচেতন হ’ব লাগিব। শৰ্কৰা আৰু কাৰ্ব’হাইড্ৰেট খাদ্য কমাই খাব লাগিব। মাজে মাজে লঘোন দিব লাগে। লঘোন দিলে শৰীৰৰ চৰ্বী কমি যায়। কিন্তু ই দুৰ্বলতাও আনে। গাখীৰ, ঘিউ, মাখন আৰু মাংস বাদ দিলে শকত হোৱাটো নিয়ন্ত্ৰণলৈ আহিব। কিন্তু এইবোৰ একেলগে বাদ দিলে হৃত্পিণ্ড দুৰ্বলো হৈ পৰিব পাৰে। আকৌ কোনো ক্ষেত্ৰত দেখা যায় শৰীৰৰ আভ্যন্তৰীণ কৰ্মপদ্ধতিৰ ফলত আপোনা-আপুনিয়েই শৰীৰ শকত হৈ আছে। গতিকে কেৱল খাদ্যৰ ওপৰতেই নিৰ্ভৰ নকৰে। কিন্তু শৰীৰৰ মেদ বৃদ্ধিৰ খাদ্যই মুখ্য কাৰণ। এই সকলো কথালৈ লক্ষ্য ৰাখি কেতিয়া লঘোন দিব আৰু কি কি খাদ্য নাখাব তাক ঠিক কৰিব লগা হয়।

খাদ্যবস্তুৰ বিচাৰ কৰোঁতে কেলৰি শক্তি বেছি থকা বস্তু কমকৈ খাব লাগিব। শৰ্কৰা জাতীয়, চৰ্বী জাতীয় খাদ্য, চেনি, মাংসই শৰীৰত বেছি উত্তাপ আৰু শক্তিৰ সৃষ্টি কৰে। ফল-মূল, পাচলিয়ে এইবোৰৰ সমানে নকৰে। গতিকে খাদ্যৰ তালিকাত ফল-মূল আৰু পাচলি বেছি হ’ব লাগিব। তেতিয়া শৰীৰৰ আৱশ্যকীয় শক্তি আহৰণৰ বাবে শৰীৰত জমা থকা চৰ্বী কমি যাব। মাজে মাজে লঘোন দিব। শৰীৰৰ ওজন কমিব। কিন্তু সপ্তাহত ডেৰ কিল’তকৈ ওজন বেছি কমা উচিত নহয়। হঠাত্ ওজন বেছিকৈ কমি গ’লে হৃত্পিণ্ডৰ ক্ষতি হয়। ইফালে খাদ্যৰ পৰিমাণৰ বিচাৰ কৰোঁতে চাব লাগে যাতে মানুহজন ভোকাতুৰ অৱস্থাত নাথাকে, অন্যথা দুৰ্বল হৈ পৰিব। এজন নিৰোগী মানুহে প্ৰতিদিনে ২৪০০-ৰ পৰা ২০০০ কেলৰি, অলপ শকত মানুহে ১৮০০-ৰ পৰা ১৫০০ কেলৰি আৰু শকত বুলি গণ্য মানুহে ১২০০ কেলৰি বা তাতোকৈ সামান্য কম খাদ্য খাব লাগে। শকত মানুহে ক্ৰীম, মাখন, ঘিউ, ম’হৰ গাখীৰ, তেল, তেলত ভজা বস্তু, চেনি, মিঠাই, কল, আলু, আপেল আৰু মদ খোৱা নিষেধ। অন্যান্য খাদ্যবস্তু যেনে শাক-পাচলি, নেমুটেঙাৰ ৰস, জুলীয়া কোনো চুপ, স্কিমড মিল্ক, মাছ আৰু ফল খাব পাৰে। চেনিৰ পৰিৱৰ্তে গুৰ খাব। দৈ খাব, দৈয়ে হৃত্পিণ্ডত চৰ্বী জমা হোৱাটো বন্ধ কৰে। খাদ্য বাছি-বিচাৰি খোৱাৰ উপৰিও কেইটামান কচৰত আৰু যোগাসন কৰিলে শৰীৰৰ স্থূলতা সোনকালেই নোহোৱা হ’ব। ভূজংগাসন, শলভাসন, সন্তোলাসন, পবন মুক্তাসন, সূৰ্য নমস্কাৰ, পশ্চিম উত্তানাসন, গুপ্ত বজ্ৰাসন, মত্স্যেন্দ্ৰাসন আৰু উত্তানপদাসন আদি কিছুমান যোগাসন কৰিলে শৰীৰৰ চৰ্বী কমি যাব।

কচৰত

আমি আগতেও আলোচনা কৰি আহিছোঁ যে শৰীৰ অংগচালনা বা কচৰতৰ দ্বাৰা আৱশ্যকীয় অংগ-প্ৰত্যংগত ঘৰ্ষণৰ সৃষ্টি কৰি চৰ্বী জমা হোৱাটো বন্ধ কৰিব পাৰি। শকত মানুহৰ, পুৰুষৰ প্ৰথমতে তলপেট আৰু মহিলাৰ প্ৰথমতে তপিনা আৰু কৰঙণত চৰ্বী জমিবলৈ ধৰে বুলি আমি উল্লেখ কৰিছোঁ। গতিকে এই ঠাইবোৰত মাংসপেশীৰ সংকোচন আৰু শিথিলকৰণৰ দ্বাৰা ঘৰ্ষণৰ সৃষ্টি কৰিব লাগে। ওপৰত উল্লেখ কৰা যোগাসনবোৰ কৰিলে বিজ্ঞানসন্মতভাৱে সেইবোৰ অংগ-প্ৰত্যংগত ঘৰ্ষণৰ সৃষ্টি হ’ব। আসনবোৰৰ বাহিৰেও আৰু কিছুমান সহজ কচৰতৰ দ্বাৰাও ঘৰ্ষণৰ সৃষ্টি কৰিব পাৰি।

(১)মাটিত শুই পৰক, ইয়াত মাটিৰ অৰ্থ আকাশ আৰু মাটিৰ প্ৰভেদ। মাটি মানে পকা ভেটি হ’লেও মাটি বুলি ধৰিব। পকা ভেটিত ডাঠ কাপোৰ বা কম্বল পাৰি ল’ব। আচল মাটিত হ’লে, পাটি বা ঢাৰি পাৰি তাৰ ওপৰত কম্বল পাৰি ল’ব। এতিয়া মাটিত (পালেং বা খাট আদি ওখ ঠাইত নহয়) ওপৰলৈ মুখ কৰি, ভৰি সটান কৰি পোনাই লৈ, দুয়োখন হাত দুয়ো ফালে গাৰ কাষত লা শুই পৰক। এতিয়া বাঁও হাতখনৰ তলুৱা তলপেটত লগাই ৰাখক, সোঁ হাতৰ তলুৱা বাঁও হাতৰ পিঠিত (বা কাষত) ৰাখক, নিশাহ লাহে লাহে এৰক আৰু হাতেৰে হেঁচা দি পেট ৰাজহাড়ৰ ফালে ঠেলি দিয়ক। নিশাহ শেষ হ’লে, লাহে লাহে উশাহ লওক আৰু পেটটো যিমান পাৰে ফুলাই দিয়ক। হাত দুখন আঁতৰ কৰিব অথবা পেটত কোনো হেঁচা প্ৰয়োগ নকৰিব। এই কচৰতটো ২০ বাৰ কৰক। পেটত হেঁচা দি মালিছ কৰক। এই কচৰত নিতৌ খালী পেটে ৰাতিপুৱা বা গধূলি কৰিব। দুয়ো সময়তে, আৱশ্যক বুলি ভাবিলে কৰিব পাৰে।

(২)আগৰ দৰে আকৌ শোৱক। হাত দুখন এইবাৰ মূৰৰ ফালে গাৰ সমান্তৰালকৈ থওক। নিশাহ লাহে লাহে এৰক আৰু হাত দুখন মূৰৰ ফালৰ পৰা নি সোঁহাতৰ আঙুলিৰে সোঁ ভৰিৰ বুঢ়া আঙুলিত আৰু বাঁও হাতৰ আঙুলিৰে বাঁও ভৰিৰ বুঢ়া আঙুলিত ধৰিবলৈ কঁকালৰ ওপৰ অংশ ওপৰলৈ উঠাওক আৰু ভৰিও আগুৱাই আনি হাতেৰে বুঢ়া আঙুলিত পাৰিলে ধৰক, নোৱাৰিলে চেষ্টা কৰক। নিশাহ এৰিব আৰু নোৱাৰিলে উশাহ ল’বলৈ আৰম্ভ কৰক আৰু হাত ভৰি নমাই আগৰ ঠাইলৈ নিয়ক। ইয়াৰ দ্বাৰা শৰীৰটো বেঁকা কৰি তলপেটত হেঁচা দিব খোজা হৈছে। এই কচৰতটো ৬-৭ বাৰ মান কৰিব।

(৩)নিতৌ ৰাতিপুৱা খোজ কাঢ়ক, বেগাই খোজ কাঢ়ক বা দৌৰক। কুকুৰ দৌৰ দিয়ক। বয়সিয়াল মানুহৰ কাৰণে কষ্টকৰ আসন বা কচৰত উপযোগী নহয়। বিশেষকৈ ৬০ বা ৬৫ বছৰমান বয়সৰ পৰা কঠিন আসন বা কচৰত নকৰাই ভাল। কিন্তু খোজ কঢ়া, দৌৰা বা জগিং কৰা (গা জোকাৰি লাহে লাহে দৌৰা) আদি কচৰত সকলোৱে কৰিব পাৰে। বাহিৰৰ মুকলি ঠাইত দৌৰিবলৈ অসুবিধা পালে আপোনাৰ ঘৰৰ ভিতৰতে বা বাৰান্দাত দৌৰাৰ দৰে ভৰি চলাওক কিন্তু খোজটো এক ঠাইতে বা ওচৰে-পাঁজৰে দিয়ক। বেছি আগুৱাই নাযাব। খোজবোৰ এক দুই কৈ গণক আৰু ৫০০ বাৰ মান খোজ চলাওক। খোজ কাঢ়িলে কমেও যোৱা অহা ৪ কিল’মিটাৰ হ’ব লাগে। শৰীৰত ভাগৰ লগা যেন হ’ব লাগে। ইয়াত সময়ো অলপ বেছি লাগে।

কেৱল এবিধ কচৰত বা এবিধ আসন কৰিলে নহয়। কমেও তিনি-চাৰিবিধমান কৰিলে নিশ্চয় সুফল লাভ কৰিব। এই কচৰত আৰু দৌৰ আদিত তলপেট, কঁকাল, তপিনা আৰু কৰঙণৰ মাংসপেশীত ঘৰ্ষণৰ সৃষ্টি হয়। সেইবোৰ ঠাইলৈ তেজৰ চলাচল বাঢ়ে। যেতিয়া তেজৰ লগত যোৱা অক্সিজেন, চৰ্বীত থকা কাৰ্বন-ডাই-অক্সাইডৰ সৈতে লগ লাগে, চৰ্বীবোৰ জ্বলি যায়। তেজৰ চলাচল বাঢ়ি যোৱাৰ ফলত চৰ্বীবোৰ সোনকালে নোহোৱা হৈ আহে। উদাহৰণস্বৰূপে যদি ৩০০ পাউণ্ড (বা ১৩৬ কেজি) এজন মানুহে ৩ মাইল (বা ৪.৮ কিল’মিটাৰ) এদিনত দৌৰে তেওঁ তেওঁ শৰীৰৰ ৩০০ কেলৰি শক্তি শেষ কৰিব আৰু ফলস্বৰূপে শৰীৰৰ ওজন ডেৰ আউণ্স (৪২.৫ গ্ৰাম) কমিব।

চকুৰ অসুখ

মানুহৰ গুৰুত্বপূৰ্ণ আৰু অতি প্ৰয়োজনীয় অংগ হৈছে চকু। কিন্তু চুলি, নাক, মুখৰ ছাল, নখ আদিৰ যিভাৱে যত্ন লোৱা হয় তাৰ তুলনাত চকুৰ ওপৰত অত্যাচাৰ বেছি কৰা হয়। যেনে টি.ভি চোৱা। জুই, বেছি পোহৰ চকুৰ বাবে অসহনীয়। গতিকে টি.ভি বৰ ওচৰৰ পৰা চাব নালাগে, চালে চকুত জোৰ পৰে। কিন্তু এই কথালৈ কোনে ভ্ৰূক্ষেপ কৰে ? সৰু ল’ৰা-ছোৱালীয়েতো বুজিয়ে নাপায়। গতিকে এই যুগত চকুৰেই অপব্যৱহাৰ বেছি হয়।

চকুৰ খচখচনি অসুখ

চিকিৎসা

২ ৰতি বা ৩৬০ মিলিগ্ৰাম (১০০০ মিলিগ্ৰামত ১ গ্ৰাম, ১০০০ গ্ৰামত ১ কিল’গ্ৰাম বা কেজি) ফিটকিৰি গুড়ি কৰি তাৰ লগত ৬ চামুচ (৩০ মিলিলিটাৰ) গোলাপজল মিহলাওক। পৰিষ্কাৰ ড্ৰপাৰেৰে দুয়োটা চকুতে দুই টোপকৈ দিয়ক। চকুৰ খচখচনি, চকু ৰঙা পৰা, চকুৰে ফেচকুৰি ওলোৱা, চকু উঠা আদি সকলো অসুখতে উপকাৰ হয়। কষ্ট দূৰ হয়। গোলাপজল যদি নাপায়, ডিষ্টিলড্ ওৱাটাৰ ব্যৱহাৰ কৰিব পাৰে। তাকো নাপালে পৰিষ্কাৰ পানী ১৫ মিনিট উতলাই চেঁচা কৰি সেই পানী গোলাপজলৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিব পাৰে।

যদি চকু ভাল লগা নাই, বা চকু উঠিব খুজিছে, বা ভালকৈ চকুৰ অসুখ ধৰিব পৰা হোৱা নাই, তেনেহ’লে যিটো চকুৰ কিবা অসুখ হ’ব খুজিছে, সাধাৰণভাৱে খচখচাইছে, সেইফালৰ কাণত তুলা সুমুৱাই সোপা দিয়ক। যদি দুয়োটা চকুত হ’ব খুজিছে, দুয়োখন কাণতে তুলাৰে সোপা দিয়ক। ২-৩ ঘণ্টাৰ ভিতৰতে আৰাম পাব।

চকু ৰঙা পৰা অসুখ

চিকিৎসা

পৰিষ্কাৰ তুলা [তুলা প্ৰথমতে ১৫ মিনিট পানীত উতলাওক। গৰম পানীখিনি পেলাই দি যেতিয়া তুলাখিনি হাতেৰে চুব পাৰি (পৰিষ্কাৰ হাতেৰে) হাতেৰে তুলাখিনি চেপি পানী সম্পূৰ্ণৰূপে বাহিৰ কৰি দিয়ক] গাখীৰত তিয়াওক। তুলাখিনি অলপ চেপি তুলাত গাখীৰ ৰাখি চকুৰ ওপৰত ৰাখক। দিনে ৪-৫ বাৰ মান দিয়ক। চকু ঠাণ্ডা পৰিব, ৰঙ পৰা অসুখ দূৰ হ’ব।

গোলাপ ফুলৰ ৰস চকুত দিলে, চকু ৰঙা পৰা অসুখ দূৰ হয়। গোলাপ ফুৰ পৰিষ্কাৰকৈ ধুই ল’ব। হাত চাবোনেৰে ধুই পৰিষ্কাৰ কৰি ল’ব। পৰিষ্কাৰ পাত্ৰত ফুল থেতেলাই পৰিষ্কাৰ কাপোৰেৰে ছেকি ৰস উলিয়াব। চকুত দিওঁতে, চকুৰ তলৰ পিৰঠিতো তললৈ টানিলে চকুটো মেল খাব আৰু তাতে ঔষধ বা এই গোলাপ ফুলৰ ৰস দিব। ৰঙা পৰা দূৰ হ’ব। চকুৰ ৰঙা পৰা ৰোগ বৰ সংক্ৰামক, পৰাপক্ষত কালৈকো নাচাব। ক’লা চছমা ব্যৱহাৰ কৰিব।

মহানিমৰ পাত ৪-৫ টা মান খুন্দি (গোলাপ ফুলত কোৱাৰ দৰে) ৰস উলিয়াই চকুত দিলে চকৰ ৰঙা পৰা ৰোগ সম্পূৰ্ণ আৰোগ্য হয়।

চকু নমা ৰোগ

ৰোগৰ লক্ষণ

চকু খচ্ খচ্ কৰে, যেনিবা চকুত বালি পৰিছে। চকু ৰঙা পৰে। চকু খজুৱাই থাকে। চকু ফুলি যায়। চকুৰ অসুখৰ বাবে মূৰো বিষায়। চকুৰ নিমিষ (পলক) মাৰিবলৈ কষ্ট হয়। চকুৰ্ ফেচকুৰি ওলায়। ৰাতিপুৱা টোপনিৰ পৰা উঠি চকু মেলিব নোৱৰা হয়। পোহৰ সহ্য নহয়। চকু মুদিব লগা হয়। চকুৰে অস্পষ্ট দেখে। কেতিয়াবা চকুৰে পানী ওলায় আৰু কেতিয়াবা চকু শুকান হৈ উঠে।

চকুৰ এই ৰোগটোও বৰ সংক্ৰামক। এটা চকুত হ’লে আনটো চকুটো হয়। ঘৰৰ এজনৰ হ’লে, প্ৰায় সকলোৰে হয়। চকু নমা হোৱা মানুহৰ সংস্পৰ্শলৈ আহিলে অহাজনৰো হয়। চকুত আঘাত লাগিলে, চকুত বৰ ৰ’দ লাগিলে বা ৰ’দৰ পৰা আহিয়ে চেঁচা পানীৰে গা ধুলে বা চকুত বেছি ধোঁৱা লগালেও চকু নমা ৰোগ হ’ব পাৰে। ক’লা চছমা ব্যৱহাৰ কৰিব।

চিকিৎসা

ৰাতি গুৰ ১০০ গ্ৰাম মান পানীত তিয়াই থওক। ৰাতিপুৱা সেই পানী পৰিষ্কাৰ কাপোৰেৰে ৪-৫ বাৰ মান ছেকি (মনত ৰাখিব এবাৰ ছেকি নহয় ৪-৫ বাৰ) খাবলৈ দিয়ক। গুৰ যিমানবাৰ ছেকে সিমান বেছি শীতল হৈ যায় আৰু যিমানেই শীতল হয় চকুৰ বাবে বেছি উপকাৰী হয়।

বগা ধনিয়া খুন্দি বা বটি তাৰ ৰস পৰিষ্কাৰ কাপোৰেৰে ছেকি সেই ৰস দুই টোপকৈ চকুত দিলে, চকু নমাৰ সকলো কষ্ট দূৰ হ’ব। চকুত ঔষধ দিওতে তলৰ পিৰঠি তললৈ টানিলে চকু মেল খায় আৰু তাতে ঔষধ পেলাই চকুত ঔষধ দিয়াৰ নিয়ম। ওপৰৰ পিৰঠি টানিব নালাগে।

চকু নমা ৰোগত এৰাৰ পাত এটা জুইত সেকি তাৰ ৰস চকুত দিলে আৰাম পোৱা যায়।

শিলিখা গুড়ি কৰি তাৰ ১০ গ্ৰাম আৰু গুলঞ্চি (চম্পা ফুল) ২০ গ্ৰ্ৰাম মিহলাই তাতে অলপ মৌ দি খালে (দিনে দুবাৰ) সকলো প্ৰকাৰৰ চকুৰ ৰোগ আৰোগ্য হয়।

চকুৰ আচিনাই

চিকিৎসা

তেঁতেলি টেঙাৰ গুটিৰ ভিতৰৰ সাহ (সাৰ অংশ) বা কোমল বীজখিনি পৰিষ্কাৰ পটাত (শিলত) মিহিকৈ বটি লওক (মছলা বটা পটাত নকৰিব)। একেবাৰে চন্দনৰ দৰে কৰি আনি আচিনাইত লগাই দিয়ক। লগে লগে ঠাণ্ডা পৰিব আৰু এঘণ্টামানৰ ভিতৰতে আচিনাইৰ কষ্ট দূৰ হ’ব। তাৰোপৰি আচিনাই আৰু কোনো দিনেই নহয়। তেঁতেলিৰ গুটি তিনি দিনমান আগৰে পৰা পানীত তিয়াই ৰাখিলে ভাল হয়। নহ’লে এৰাতি হ’লেও ৰাখিব।

তেঁতেলিৰ গুটিৰ সাহ বটি, চন্দনৰ দৰে কৰি, বিছাই ডকা ঠাইত লগালেও, শুকাই লাগি ধৰে আৰু ভিতৰৰ বিষ টানি আনে।

ত্ৰিফলা (আমলখি, শিলিখা, ভঁইৰা) গুড়ি কৰি মিহলাই (পৰিমাণ আমলখি ৪০ ভাগ, ভঁইৰা ২০ ভাগ আৰু শিলিখা ১০ ভাগ) ৰাতিপুৱা আৰু গধূলি তিনি গ্ৰামকৈ ত্ৰিফলা চূৰ্ণ গাখীৰৰ সৈতে ১-২ সপ্তাহ খালে বাৰে বাৰে আচিনাই ওলোৱা বন্ধ হ’ব।

চকুৰে পানী ওলাই থকা অসুখ

চকুৰ পতাৰ গুৰিৰ ফালে ভিতৰত অশ্ৰুস্থলী আছে আৰু অন্তৰত কোনো দুখৰ ভাব হ’লে সৰু নলীৰে সেই পানী চকুলৈ আহে আৰু চকুৰ পানী ওলায়। কিন্তু এই পদ্ধতিত কোনো বিঘিনি ঘটিলে চকুৰ পানী এনেয়ে ওলাই থকা হয়।

চিকিৎসা

২৫-৩০ টা মান মনাক্কা (কিচমিচ) ৰাতি পানীত তিয়াই থওক আৰু ৰাতিপুৱা সেই কিচমিচকেইটা চোবাই খাওক আৰু শেষত পানীখিনিও খাওক।

ৰাতি ত্ৰিফলা পানীত তিয়াই থওক আৰু ৰাতিপুৱা পানীখিনি পৰিষ্কাৰ কাপোৰেৰে ছেকি লৈ সেই পানী চকুত ছটিয়াওক, চকুৰে পানী পৰা বন্ধ হ’ব, চকুৰ জ্যোতিও বাঢ়িব।

ৰাতি ৪-৫ টা মান জালুক চোবাই খাই এগিলাচ গৰম গাখীৰ খালে (নিয়মিতভাৱে ১ সপ্তাহ) চকুৰে পানী ওলোৱা বন্ধ হ’ব।

নহৰুৰ এটা কোঁহ (এক কোঁহৰ নহৰু ১ কোঁহ, সৰু হ’লে ২ কোঁহ) ৬০ মিলিলিটাৰ সৰিয়হৰ তেলত ভাজি সেই তেল বুকু, গল আৰু কাণৰ আশে-পাশে মালিছ কৰিলে চকুৰে পানী ওলোৱা বন্ধ হয়।

৪-৫ টা বাদাম ৰাতি অলপ পানীত তিয়াই ৰাখি ৰাতিপুৱা বাদামকেইটা চোবাই খাই সেই পানীখিনি খালে চকুৰ পৰা পানী ওলোৱা বন্ধ হ’ব। চকুৰ যিকোনো অসুখত আৰাম পাব।

ধনিয়া আৰু পদিনা পাতৰ চাহ কৰি তাত অকণমান নিমখ দি খালে উপকাৰ হয়।

দুটা এলাচি গুড়ি কৰি, এগিলাচ গাখীৰত উতলাই খালেও চকুৰ পানী ওলোৱা বন্ধ হ’ব।

কুকুৰীকণা ৰোগ

দেহত খাদ্যপ্ৰাণ আৰু প্ৰোটিনৰ অভাৱ হ’লে এই ৰোগ হয় বুলি ভবা হয়। কফৰ প্ৰভাৱতো হ’ব পাৰে।

ৰোগৰ লক্ষণ

প্ৰথমতে চকুৱে জলক-তবক কৰে। ৰাতি বা কম পোহৰত বস্তু দেখা নোপোৱা হয়। দিনৰ পোহৰত দেখে কিন্তু দিনৰ পোহৰ কমি আহিলে কম দেখা হৈ আহে আৰু সন্ধ্যা নেদেখা হয়। ৰাতি অন্য পোহৰৰ তীব্ৰতানুসাৰে কম বা বেছি দেখে। সেইবাবে ইয়াক কুকুৰীকণা বোলে।

চিকিৎসা

জিৰা গুড়ি কৰি ৰাতিপুৱা আৰু গধূলি ১ চামুচকৈ মিছিৰিৰ লগত খালে কুকুৰীকণা ৰোগ ভাল হয়।

শতমূলৰ পাত ঘিউত ভাজি খালেও উপকাৰ হয়।

বকফুলৰ পাত বা ফুল ১০০ গ্ৰাম ঘিউত ভাজি দিনে এবাৰকৈ এসপ্তাহ খালে কুকুৰীকণা ৰোগ ভাল হয়।

চজিনাৰ তৰকাৰী কৰি ১০০ গ্ৰামকৈ দিনে দুবাৰ খালে উপকাৰ হয়। একেৰাহে ১৫-২০ দিন খালে চকুৰে কম দেখা মানুহৰো দৃষ্টিশক্তি বাঢ়ে।

ৰাতিপুৱা আৰু আবেলি একোটাকৈ বিলাহীৰ ৰস খালে কুকুৰীকণা ৰোগ দূৰ হয়। চকুৰ জ্যোতি বাঢ়ে।

পথ্যাপথ্য

গাজৰ, বিলাহী আৰু সেউজীয়া শাক-পাচলিৰ তৰকাৰী সুখাদ্য। বিলাহীৰ চালাদহে খাব। শাকৰ আঞ্জাৰ চৰুত জমা হোৱা পানী নিয়মিত খালে উপকাৰ হয়। কফ বা শ্লেষ্মা উত্পন্ন হোৱা খাদ্য খাব নালাগে, কাৰণ শ্লেষ্মা জাতীয় আৱৰণে দৃষ্টিৰ পথত বাধা দিব পাৰে বুলিও ভবা হয়।

চকুৰ ছানি ৰোগ

চকুৰ ছানি, অলপ বয়সিয়াল লোকৰ ৰোগ। বয়স বেছি হৈ আহিলে চকুত ছানি পৰিবলৈ ধৰে। সাধাৰণ কথাত জাল পৰা বুলি কোৱা হয়। লাহে লাহে চকুৰ পৰ্দা বা লেণ্সখন মলিয়ন বা ঘোলা হৈ আহে। গতিকে দৃষ্টিত বস্তুবোৰ অস্পষ্ট হয় আৰু পাছলৈ নেদেখাও হ’ব পাৰে। চকুৰ মণিৰ আগৰ ফালে থকা স্বচ্ছ আৱৰণখনক কৰ্নিয়া বোলে। কৰ্নিয়াৰ তলত চকুৰ মণিটো আৰু তাৰ তলত এখন লেম্স আৰু তাৰ পাছত এটা সুৰংগ আছে। সুৰংগটোৰ মুখতে চকুৰ মণিটো আছে। তাৰ পাছফালে গোটেই আইবলটো আগুৰি এখন আৱৰণ আছে, তাক ৰে’টিনা বোলে। সূৰ্যৰ পোহৰ বা যিকোনো পোহৰ কোনো বস্তুৰ ওপৰত পৰিলে সেই পোহৰ চকুৰ মণিলৈ প্ৰতিফলন হয় আৰু সেই পোহৰ কৰ্নিয়া আৰু লেণ্সখনৰ মাজেৰে পাৰ হৈ চকুৰ মণিত পৰি ৰে’টিনাত পৰেগৈ। ৰে’টিনাত ছবিবোৰ প্ৰতিবিম্বিত হয় আৰু আমি বস্তুবোৰ দেখা পাওঁ। এই কৰ্নিয়া স্বচ্ছ আৰু গোলাকাৰ। কৰ্নিয়াৰ তলৰ লেণ্সখনো স্বচ্ছ। কিন্তু এই লেণ্সখনৰ স্বচ্ছতা বয়স হৈ আহিলে নানা কাৰণত কমি আহে। কেতিয়াবা ধোঁৱা বৰণীয়া হয় বা বগা বা আচ্ছাদনযুক্ত হয় আৰু তেতিয়াই চকুত ছানি পৰা বুলি কোৱা হয়।

বয়স বেছি হৈ আহিলে শৰীৰৰ কিছুমান বস্তু হাড়ৰ দৰে টান হৈ যাব খোজে। সেইবাবেই শৰীৰৰ বিভন্ন অংশ টান টান ভাব বা কঠিনতা প্ৰাপ্ত হয়। শৰীৰৰ নমনীয় ভাব কমি যায়। একেদৰেই চকুৰ এই পৰ্দা বা লেণ্সখনো টান হৈ যাব পাৰে বা অস্বচ্ছ হ’বলৈ ধৰে। এইয়া হ’ল বাৰ্ধ্যক্যৰ ছানি। কিছুমান চকুৰ ছানি বংশগত কাৰণত হয়। কিছুমান শৰীৰৰ উপাদানবোৰ খাদ্যবস্তুৰ পৰা কৰি লোৱা প্ৰক্ৰিয়াত হোৱা বিজুতিৰ বাবে দেখা দিয়া ৰোগৰ বাবেও হয়। বহুমূত্ৰ ৰোগ, গেলাক্ট’ছেমিয়া, হাইপ’কেলছিমিয়া আদি এই ধৰণৰ ৰোগ হ’লে চকুত ছানি পৰিব পাৰে। কিছুমান ছানি ৰোগ প্ৰত্যক্ষ বা পৰোক্ষভাৱে চকুত পোৱা আঘাতৰ বাবেও হয়। ফলত কম বয়সৰ লোকৰো চকুত ছানি পৰিব পাৰে।

ৰোগৰ লক্ষণ

দৃষ্টিশক্তি কমি যায়। দৃষ্টিত বস্তুবোৰ অস্পষ্ট হয়। বেছি হ’লে অলপ আঁতৰত থকা চিনাকি মানুহকো ধৰিব নোৱৰা হয়। কাষেৰে পাৰ হৈ যোৱা মানুহক ভালকৈ দেখা নাপায়। পাছলৈ নেদেখাও হ’ব পাৰে।

চিকিৎসা

বগা পিঁয়াজৰ ৰস ১০ গ্ৰাম (দুই চামুচ), খাটি মৌ দুই চামুচ আৰু বিশুদ্ধ কৰ্পূৰ দুই গ্ৰাম মিহলাই ৰাতি শোৱাৰ আগে আগে ড্ৰপাৰেৰে ১-২ টোপ চকুত দিলে ছানি পৰা বন্ধ হয়। ছানি পৰিলেও পৰিষ্কাৰ হয় বুলি কোৱা হয়। ভাল কৰ্পূৰ নাপালে পিঁয়াজ আৰু মৌ মিহলায়ো ব্যৱহাৰ কৰিব পাৰি।

স্বমূত্ৰ চাহ খোৱা গিলাচেৰে আধা গিলাচ ৰাতিপুৱা খালী পেটতে খালে আৰু চকু ধুলে (দিনে দুবাৰ) ছানি পৰা বন্ধ হয় বা ছানি পৰিলেও আৰোগ্য হয় বুলি কোৱা হয়। এসময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মোৰাৰজী ভাই দেছায়ে ইয়াকে খাই আৰু চকু ধুই আৰোগ্য হৈছিল বুলি লিখা মই পঢ়িছোঁ। কিন্তু কেৱল চকু ধুলেই ছানি আৰোগ্য নহয়, লাহে লাহে বৃদ্ধি হৈ থাকে। কিন্তু স্বমূত্ৰৰে ধুই থাকিলে চকুৰ কোনো ৰোগেই নহয়।

একমাত্ৰ নিৰ্ভৰযোগ্য চিকিৎসা হৈছে অস্ত্ৰোপচাৰ। অস্ত্ৰোপচাৰ কৰি- লেণ্সখন আঁতৰাই কৃত্ৰিম লেণ্স লগাই দিয়া হয় আৰু দৃষ্টিশক্তি পুনৰ লাভ হয়।

ট্ৰেক’মাঃ

ৰোগৰ লক্ষণ

চকু নমা অসুখৰ তীব্ৰতৰ অৱস্থা। ক্লেমিডিয়া ত্ৰাক’মাটিজ নামৰ বীজাণুৰ দ্বাৰা আক্ৰান্ত হৈ এই ৰোগ হয়। ই অতি সংক্ৰামক ৰোগ। চকুৰ পৰা পানী ওলায়, খজুৱায় আৰু চকু ৰঙা পৰে। চকুৰ শ্লৈষ্মিক আৱৰণত সৰু সৰু গুটি গুটি ওলায়। কেইমাহমানৰ পাছত চকুৰ পতাখন বেঁকা হৈ ভিতৰলৈ সোমাই যায়। চকুৰ মণিত ঘা হয়, চকু বগা পৰি চকু অন্ধ হয়। চকুত এই লক্ষণৰ অসুখ হ’লেই তত্ক্ষাণাত অভিজ্ঞ এল’পেথিক চিকিত্সক বা চকু বিশেষজ্ঞৰ দ্বাৰা চিকিৎসা কৰাব লাগে।

চিকিৎসা

কেৱল টেট্ৰাচাইক্লিনৰ দ্বাৰাই ট্ৰেক’মা আৰোগ্যৰ চিকিৎসা কৰা হয় (এতিয়ালৈ)।

চকুৰ দৃষ্টিশক্তি কম

চকুৰ দৃষ্টিশক্তি বৰ্ধক চিকিত্সাঃ বাদাম, গুৱা-মৰি, মিছিৰি সমান পৰিমাণত লৈ গুড়ি কৰি লওক আৰু পৰিষ্কাৰ কাপোৰেৰে ছেকি চূৰ্ণ কৰি লওক। প্ৰতিদিনে ৰাতি শুবৰ সময়ত ২৫০ মিলিলিটাৰ গাখীৰৰ সৈতে দুই চামুচ এই চূৰ্ণ খাওক, দৃষ্টিশক্তি বাঢ়িব। কৰ্মক্ষমতা বাঢ়িব। দুৰ্বল মস্তিষ্ক, মূৰ গৰম হোৱা, স্মৃতিশক্তি হ্ৰাস সকলো দূৰ হ’ব। সৰু ল’ৰা-ছোৱালীক খুৱালে আধা পৰিমাণত খুৱাব। এই গাখীৰ খোৱাৰ দুই ঘণ্টা পাছলৈ পানী নাখাব।

ৰাতিপুৱা মুখ ধুবৰ সময়ত মুখ ভৰাই পানী ৰাখক আৰু চকুত ঠাণ্ডা পানী ছটিয়াওক। এনেকৈ দিনত তিনিবাৰ দিয়ক, চকু ভালে থাকিব।

আমলখি, শিলিখা আৰু ভঁইৰা সমান মাত্ৰাত লওক (গুটি গুচাই লব)। তিনিওবিধ একেলগে গুড়ি কৰি লৈ বটলত ৰাখক। প্ৰতিদিনে ৰাতি এটা আয়নাৰ (বা মাটিৰ) গিলাচত পানী লৈ তাত এক চামুচ এই ত্ৰিফলা চূৰ্ণ পেলাই থওক। ৰাতিপুৱা পানীখিনি ভালকৈ গুলি লৈ কাপোৰেৰে ছেকি লওক আৰু এই পানীখিনি চকুত ছটিয়াওক। চকুৰ দৃষ্টিৰ কোনো দুৰ্বলতা থাকিলে দূৰ হ’ব। চকুৰ ভাল অৱস্থাত লৈ থাকিলেও দৃষ্টিশক্তি অটুট থাকিব। সাধাৰণ অসুখ, চকু ৰঙা পৰা, জ্বালা কৰা, সাধাৰণ অৱস্থাৰ চকুৰ ছানিও আৰোগ্য হ’ব।

গা-ধোৱাৰ আগতে ভৰিৰ তলুৱাত আৰু ভৰিৰ আঙুলিৰ আগত সৰিয়হৰ বা গাত ঘঁহা তেল দিলে চকু ভালে থাকে, দৃষ্টিশক্তি বাঢ়ে আৰু চকুৰ ৰোগ নহয়।

স্বমূত্ৰৰে চকু দিনে দুবাৰকৈ ধুলেও চকু ভালে থাকে, অন্য ৰোগ নহয়। কিন্তু ১০-১৫ মিনিটমান পাছত চকু পানীৰে ধুই পেলাব লাগে।

চকুৰ বাবে পথ্যাপথ্য

আপেল, আঙুৰ, কমলা, আনাৰস, অমিতা, আমলখি আদিৰ কোনো কোনো এবিধ ফল (বা একাধিক) প্ৰতিদিনে খাব লাগে। বন্ধা কবি, পালেং শাক, মিথি শাক আৰু অন্যান্য পাত শাক আৰু মূলাৰ তৰকাৰী খোৱা আৱশ্যক। মাটিৰ তলৰ তৰকাৰীজাতীয় বস্তুও উপকাৰী যেনে আলু, গাজৰ, বিট, পিঁয়াজ। এইবোৰ, খাদ্যত থাকিব লাগে। আখৰোট, খেজুৰি, কিচমিচ, ডিমৰু চকুৰ বাবে উপকাৰী। গাখীৰ, মাখন আৱশ্যকীয় খাদ্য। মৌ খাব পাৰি।

চেনি, জাম, জেলি, টান আৰু শুকান খাদ্য, আচাৰ, ঠাণ্ডা পানীয়, আইচক্ৰিম, কে’ক্, পেষ্ট্ৰী, ঘিউ, চেনিৰে তৈয়াৰী মিঠাই আৰু বেছনৰ মিঠাই চকুৰ বাবে ভাল নহয়। গুৰেৰে তৈয়াৰী মিঠাই খাব পাৰি।

ইয়াৰ উপৰিও কেইটিমান ব্যায়াম বা অংগসঞ্চালন (কচৰত) কৰিলে চকুৰ দৃষ্টি ভালে ৰাখিব পাৰি।

চকুত ছয় প্ৰকাৰৰ মাংসপেশী থাকে আৰু এইবোৰে চকু নানাভাৱে লৰ-চৰ কৰাত সহায় কৰে।

এইবোৰ হৈছে-

(১)মাংসপেশী যিবোৰে ওপৰলৈ চোৱাত চকু ঘূৰাই দিয়ে।

(২)মাংসপেশী যিবোৰে তললৈ চোৱাত চকু ঘূৰাই দিয়ে।

(৩)মাংসপেশী যিবোৰে সোঁফালে চোৱাত চকু ঘূৰাই দিয়ে।

(৪)মাংসপেশী যিবোৰে বাঁওফালে চোৱাত চকু ঘূৰাই দিয়ে।

(৫)মাংসপেশী যিবোৰে চকু বৃত্তাকাৰে বাঁওফালে ঘূৰাই দিয়ে।

(৬)মাংসপেশী যিবোৰে চকু বৃত্তাকৰে সোঁ ফালে ঘূৰাই দিয়ে।

এই ছয় প্ৰকাৰৰ মাংসপেশী নমনীয় হৈ থাকিলে, মাংসপেশীবোৰলৈ ৰক্ত চলাচল সঠিকভাৱে হৈ থাকিলে মাংসপেশীবোৰ সজীৱ হৈ থাকে আৰু চকুৰ দৃষ্টিশক্তিও ভালে থাকে। গতিকে এই মাংসপেশী সকলোতে যাতে সঠিকভাৱে ঘৰ্ষণৰ সৃষ্টি হয় তেনেকৈ কচৰত কৰিব লাগে।

চকুৰ কচৰত

মূৰটো পোনাই লৈ বহক বা দীঘল হৈ ওপৰলৈ মুখকৈ শুই পৰক। চকু দুটা লৰাই এবাৰ ওপৰলৈ আৰু এবাৰ তললৈ চাওক। শুই থাকিলে তালুৰ পোনে পোনে থকা কোনো বস্তু বা সেই দিশলৈ চাওক আৰু পাছৰবাৰ ভৰিৰ দিশৰ ফালে চাওক। যদি আপুনি বহি আছে মূৰটো সটানকৈ চিধাকৈ ৰাখিব। মূৰৰ ওপৰৰ ফালে চালে এক আৰু ভৰিৰ ফালে চালে দুই, আকৌ মূৰৰ ফালে চালে তিনি আৰু ভৰিৰ ফালে চালে চাৰি কৈ ৪০-৫০ বাৰ গণক।

এইবাৰ মূৰটো তেনেকৈয়ে ৰাখি আপোনাৰ বাঁওফালে থকা কোনো বস্তুলৈ চাওক বা বাঁও দিশলৈ চাওক, গণক ১, আকৌ সোঁ দিশলৈ চাওক গণক ২, তেনেকৈ আকৌ বাঁও দিশলৈ চাওক আৰু গণক ৩, তাৰ পাছত সোঁ দিশলৈ চাওক আৰু গণক ৪। তেনেকৈ ৪০-৫০ বাৰ চকু ঘূৰাওক।

এইবাৰ চকু দুটা বাঁও ফালৰ পৰা আৰম্ভ কৰি বৃত্তাকাৰে সোঁ ফালৰ আগৰ দৃষ্টিপটলৈ চকু ঘূৰাই আনক আৰু তেনেকৈ ২০-২৫ বাৰ চকু ঘূৰাওক। তাৰ পাছত বিপৰীত দিশেৰে (সোঁ ফালৰ পৰা বাঁও ফাললৈ) এই নিয়মেৰে ২০-২৫ বাৰ চকু ঘূৰাওক।

ইয়াৰ পাছত দুয়ো হাতৰ তলুৱাৰে চকু দুটা মুদি লৈ কিছুসময় (১ মিনিটমান) ঢাকি ৰাখিব। ইয়াৰ ফলত চকু দুটা জুৰ পৰিব। ঘৰ্ষণৰ পাছত শিথিল হৈ পৰিব।

কাণৰ ৰোগঃ

বিভিন্ন কাৰণত কাণৰ ৰোগ হয়। টনচিল বাঢ়ি গ’লে, শুনাৰো বাধাৰ সৃষ্টি হয়। তেনেকৈ বসন্ত, মাম্পছ আদি হ’লেও কাণৰ অসুখ হ’ব পাৰে। শব্দ প্ৰদূষণৰ বাবে বা বৰ জোৰে হাঁচি মাৰিলেও কাণৰ অসুখ হ’ব পাৰে। আকৌ পোক, পিপৰা আদি সোমালেও কাণৰ অসুখ হয়। তলত কাণৰ সাধাৰণতে হোৱা অসুখ আৰু নিবাৰণৰ উপায় উল্লেখ কৰা হ’ল।

কাণৰ বিষঃ

চিকিৎসা

নহৰুৰ কোঁহ দুটা বাকলি পেলাই, এটা পাত্ৰত ২ চামুচমান সৰিয়হৰ তেলত লৈ জুইত গৰম কৰক। নহৰুৰ কোঁহ ভজা গৈ ক’লা পৰিবলৈ ধৰিব। জুইৰ পৰা নমাই কিছু চেঁচা হ’লে গাৰ সমান গৰম থাকোঁতে, বিষোৱা কাণখনত দিয়ক। এডাল কাঠীত অলপ তুলা বান্ধি সেই তেলত জোবোৰাই আনি কাণত ২-৩ টোপ পেলাই দিয়ক। কাণৰ বিষ নোহোৱা হ’ব। কোনো পোক-পৰুৱা কাণত সোমালেও এই তেল দিলে পোক বা পৰুৱা মৰি ওলাই আহিব।

পিঁয়াজৰ ৰস ২-৩ টোপ সামান্য গৰম কৰি দিলেও কাণৰ বিষ দূৰ হয়। পিঁয়াজ এটা থেতেলাই অলপ গৰম কৰি পৰিষ্কাৰ পাতল কাপোৰেৰে চেপি ছেকি ২-৩ টোপ দিব লাগে। পিঁয়াজৰ ৰস দিলে কাণত সোমোৱা পোক-পৰুৱা মৰি ওলাই আহিব। প্ৰতিদিনে এবাৰ আৰু লাগিলে ২-৩ দিন দিব পাৰি।

তুলসীৰ পাতৰ ৰস (পিঁয়াজৰ দৰে তৈয়াৰ কৰি) কাণত ৪-৫ টোপ দিলে কাণৰ বিষ কমিব। কাণ ফুলিলেও ভাল হয়। প্ৰতিদিনে এবাৰ, লাগিলে ১-২ দিন দিব।

কাণৰ লগতে গলতো বিষ থাকিলে গৰম পানীত নিমখ মিহলাই দিনত ২-৫ বাৰ ভালকৈ গাৰ্গল কৰিলে আৰাম পোৱা যায়।

কাণ পকা ৰোগঃ

ৰোগৰ লক্ষণ

কাণৰ ভিতৰত ফোঁহা হৈ সেই ফোঁহা পকি পূজ বাহিৰ হৈ থাকে আৰু কাণেৰে কম শুনা হয়। কাণ কলাও হ’ব পাৰে।

ৰোগৰ কাৰণ

কাঠী, মাৰি, পেঞ্চিল আদিৰে কাণ খুচৰি থকাৰ ফলত কাণত ঘা লাগিব পাৰে। কাণত জোৰেৰে চৰ মৰাৰ বাবেও কাণ উখহি উঠে, বীজাণু দ্বাৰা আক্ৰান্ত হ’লে ঘা হৈ পূজ ওলাই থকা হ’ব পাৰে। কেতিয়াবা কাণত পোক-পৰুৱা সোমাইও কাণৰ পৰ্দাৰ ক্ষতি কৰে আৰু বীজাণুৰ দ্বাৰা আক্ৰান্ত হৈ ৰস, পূজ ওলাই আহিব পাৰে। টনচিল হ’লেও কাণৰ অসুখ হৈ পূজ ওলাব পাৰে।

চিকিৎসা

তিৰোতা মানুহৰ স্তনৰ গাখীৰৰ লগত মৌ মিহলাই কাণত সৰু বটলৰ মুখেৰে টোপ ধৰি বা ড্ৰপাৰেৰে ৩-৪ টোপ দিলে কাণেৰে পূজ, ৰস পৰা বন্ধ হয়। ই অতি ফলপ্ৰদ আৰু নিৰ্ভৰযোগ্য।

মেথি গুটি খোৱা তেলত সিজাই গাখীৰৰ লগত মিহলি কৰি অলপ গৰম খাকোঁতে কাণত ২-৩ টোপ দিলে বিশেষ উপকাৰ হয়।

পিঁয়াজৰ ৰস অলপ গৰম কৰি কাণত ২-৩ টোপ দিলে কাণ পকা ৰোগ আৰোগ্য হয়।

কাণৰ বিষত কোৱাৰ দৰে নহৰুৰ তেল তৈয়াৰ কৰি কাণত দিলেও (২ টোপকৈ) কাণৰ ঘা, কাণেৰে পূজ পৰা বন্ধ হয়।

কাণ পকা, কাণেৰে নানা শব্দ শুনা, কাণৰ বিষ হ’লে ৪-৫ টা মান কপাহৰ পাত আনি খুন্দি তাৰ ৰস অলপ গৰম কৰি, সামান্য গৰম থকাত কাণত ২-৩ টোপ দিলে উপকাৰ হয়।

তুলসী পাতৰ ৰস, অলপ গৰম কৰি কাণত ২-৩ টোপ দিলেও বিষ কমেষ পকিলেও শুকায়।

কলা কচুৰ ঠাৰি সৰিয়হৰ তেলত লগাই অলপ গৰম কৰি কাণত সোমাই কাণ খৰকিয়ালেও কাণ পকা ৰোগ ভাল হয়।

মূলা অলপ গৰম কৰি তাৰ ৰস উলিয়াই কাণত ২-৩ টোপ দিলে কাণ পকা, পূজ ওলোৱা বন্ধ হয়।

কাণত পোক হ’লে পদিনাৰ পাতৰ ৰস ২-৩ টোপ দিলে পোক মৰি যায়।

২ চামুচ পিঁয়াজৰ ৰস, ২ চামুচ নহৰুৰ ৰস মিহলাই অলপ গৰম কৰি, ২ টোপকৈ কাণত, দিনে ৩ বাৰ দিলে, কাণৰ সকলো যন্ত্ৰণা কমিব।

কাণেৰে কম শুনা হোৱা অৱস্থাঃ

শ্ৰৱণহীনতা অৱস্থা প্ৰায় তিনি প্ৰকাৰে হয়। কিছুমানে কম শুনে। এনে লোকক অলপ ডাঙৰকৈ ক’লে শুনে। আৰু কিছুমান লোকক জোৰকৈ ক’লেহে শুনে বা কাণৰ কাষত কথা ক’লে শুনে। তৃতীয় শ্ৰেণীৰ অৱস্থাৰ লোক হ’ল তেওঁলোকে একেবাৰেই নুশুনে বা এওঁলোক শ্ৰৱণ প্ৰতিবন্ধী।

ৰোগৰ কাৰণ

কেতিয়াবা টাইফয়েড, মাম্পছ, ছিফিলিজ আদি ৰোগৰ কু-প্ৰভাৱৰ ফলত মানুহে কম শুনা হয়। কাণৰ ভিতৰত বা বাহিৰ ফালে ফুলিলে, ফোঁহা হ’লে অথবা কাণৰ ভিতৰত পোক-পৰুৱা সোমাই কাণৰ পৰ্দাৰ ক্ষতি কৰিলেও মানুহে কম শুনা হয়। কাণত পানী সোমালে, কাণ পকি থাকিলে, কাণেৰে ৰস, পূজ ওলাই থকা হ’লে, কাণেৰে কম শুনে। এই ৰোগবোৰৰ সুচিকিৎসা নহ’লে এই শ্ৰৱণহীনতা ৰোগ হয়। কাণত আঘাত লাগিলে অথবা কাণৰ কাষত ভয়ংকৰ জোৰে কোনো শব্দ বা বিষ্ফোৰণ আদি হ’লেও মানুহে নুশুনা হৈ যাব পাৰে।

কাণত মলি জমা হ’লেও সাধাৰণভাৱে নুশুনা হয়।

চিকিৎসা

মূলাৰ ৰস, মৌ আৰু সৰিয়হৰ তেল সমান মাত্ৰাত মিহলাই ২-৩ টোপ দিলে উপকাৰ হয়। শ্ৰৱণশক্তি বাঢ়ে।

আদাৰ ৰস, মৌ আৰু সামান্য লোণ মিহলাই ২-৪ টোপ কাণত দিলে নিশ্চিতভাৱে এই ৰোগ দূৰ হয়।

কাণেৰে নুশুনা হ’লে গোলনেমুৰ ৰস ২০০ মিলিলিটাৰত অলপ চেনি দি, দিনত ৫ বাৰমানকৈ কিছুদিন খালে কলা মানুহেও শুনা হ’ব।

৪-৫ টোপ ৰাইৰ (বগা সৰিয়হৰ) তেল কাণত দিলে ভাল ফল পোৱা যায়।

তুলসীৰ পাতৰ ৰস নিয়মিতভাৱে, অলপ গৰম কৰি, দিনে ২-৪ ফোটা কাণত দিলে উপকাৰ হয়।

কাণেৰে বিভিন্ন শব্দ শুনাঃ

কাণেৰে আমি বাহিৰৰ শব্দ শুনোঁ। বাহিৰৰ ভাল-বেয়া, কৰ্কশ-সুললিত ধ্বনি সকলো আমাক শুনোৱাই কাণৰ কাম। কিন্তু কাণৰ ভিতৰৰ যন্ত্ৰত কোনো বিজুতি ঘটিলে কাণৰ মাজতেই চি-চি, কুঁ-কুঁ, ভোঁ-ভোঁ আদি নানা শব্দ শুনা যায়। এই শব্দই মানুহক বৰকৈ বিৰক্ত কৰে।

ৰোগৰ কাৰণ

চিকিৎসাশাস্ত্ৰমতে কাণত ময়লা জমা হ’লে, কেতিয়াবা জোৰকৈ কোনো আঘাত লাগিলে, মেলেৰিয়া, টাইফয়েড, জণ্ডিচ, উচ্চ ৰক্তচাপ, খুব টান জ্বৰ, অন্তঃ বা বহিঃকৰ্ণ ফুলা আদি অসুখৰ বাবে কাণৰ ভিতৰত বিভিন্ন শব্দ হ’ব পাৰে আৰু এইবোৰ অবিৰতভাৱে বাজি থাকিলে অসহ্য লাগে।

চিকিৎসা

বহু সময়ত ৰোগবোৰ আৰোগ্য হ’লে কাণৰ আৱাজ আপোনা-আপুনিয়ে ভাল হৈ যায়।

প্ৰতিদিনে ৰাতিপুৱা একাপ গাখীৰত এচামুচ ঘিউ লৈ কিছুদিন খালে উপকাৰ হয়।

মূৰত তিল বা নাৰিকলৰ তেল ঘঁহিলেও সুফল পোৱা যায়।

অপামাৰ্গ (অপাং নামৰ গছৰ) তেল ৫ টোপকৈ ৰাতি শোৱাৰ সময়ত কাণত দি শুলে উপকাৰ হয়।

পানী লাগি অসুখ হোৱাৰ বাবে এই শব্দ হ’লে সৰিয়হৰ তেলত এক কোঁহ নহৰু ভাজি এই তেল তুলাত লৈ কাণত ২-৩ টোপ দিলে উপকাৰ হয়।

তথ্য সংগ্ৰহ: ব্ৰজনাথ শৰ্মা।

3.27272727273
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
বিচিত্ৰ May 30, 2018 05:47 AM

কথাটো বৰ ভাল লিখিছে।

জিতুমণি Apr 21, 2018 11:28 AM

লৰাৰ গুপ্তাংগত বিষ কিয় হয় ?

ৰাকেশ Aug 20, 2017 08:16 PM

প্ৰথম যৌন মিলন সময়ত গৰ্ভধাৰন হোৱাৰ সম্ভৱনা থাকে নেকি?

শোভন Jul 20, 2017 06:44 PM

অতিকৈ গুৰুত্ব পূৰ্ণ কথা লিখিছে । যৌন শিক্ষাৰ বিষয়ে আৰু লিখিবছোন

মুনু Apr 08, 2017 10:08 AM

ব্ৰজনাথ শৰ্মা ডাঙৰীয়া এই লেখনিৰ কিছু অংশ মই ভিডিঅ' বনাই YouTube ত প্ৰকাশ কৰিব বিছাৰো । আপোনাৰ তাত কিবা দ্বিমত আছেনেকি জনাব ।

অনুপ দাস Jun 03, 2016 09:00 PM

শিক্ষাই মানুহক এন্ধাৰৰ পৰা পোহৰলফৈ উলিয়াই আনে।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top