পুৰুষৰ এক জনন গ্ৰন্থি হ’ল প্ৰোষ্টেট গ্ৰন্থি। ইয়াৰ মুখ্য কাম হ’ল যৌন উত্তেজনাৰ সময়ত এক বিশেষ প্ৰকাৰৰ দ্ৰব্য নি:সৰণ কৰি জননাংগইদি নিৰ্গত কৰোৱা। পুৰুষৰ ৪০ বছৰ বয়স পাৰ হোৱাৰ পিছত এই গ্ৰন্থিৰ আকাৰ স্বাভাবিকভাবেই বৃদ্ধি হ’বলৈ ধৰে। কিছুমান লোকৰ এই গ্ৰন্থি আকাৰত ইমান বৃদ্ধি পায় যে ই মূত্ৰনলী পৰ্যন্ত অৱৰোধ কৰি ৰোগীক বৰ যন্ত্ৰণা দিয়ে।
লক্ষণ
প্ৰোষ্টেট গ্ৰন্থি বৃদ্ধি পোৱা লোকৰ পূৰ্বতকৈ সঘনাই প্ৰস্ৰাৱ কৰিবলগীয়া হয়। বিশেষকৈ ৰাতি মূত্ৰ ত্যাগৰ প্ৰৱণতা বৃদ্ধি পায় আৰু সঘনাই কম কমকৈ প্ৰস্ৰাৱ হয়।
ঘৰুৱা চিকিৎসা
- এই ৰোগত টেঙা আৰু বেছি তেল দিয়া খাদ্য অত্যন্ত হানিকাৰক। গৰুৰ ঘিউ, মাখন আৰু গাখীৰ, নহৰু, আদা আৰু হিং একেৰাহে খালে প্ৰোষ্টেট গ্ৰন্থিৰ ৰোগ প্ৰতিৰোধ হয়।
- প্ৰোষ্টেট গ্ৰন্থি বৃদ্ধি পালে সম্ভোগ কৰা নিষেধ। মূত্ৰবেগ বন্ধ কৰি ৰখাই থোৱাও ক্ষতিকাৰক।
অত্যন্ত পিয়াহ লগা
কাৰণ
যিকোনো কাৰণত শৰীৰত পানীৰ প্ৰয়োজন হ’লেই মানুহৰ পিয়াহ লাগে। অধিক মাত্ৰাত পিয়াহ লগা, সঘনাই পিয়াহ লগা বা পানী খাবলৈ মন যোৱাটো ৰোগৰ লক্ষণ। সময়ত পানী নাখালে ৰোগী মূৰ ঘূৰাই পৰি যাব পাৰে।
ঘৰুৱা চিকিৎসা
- বেছিকৈ সঘনাই পিয়াহ লাগিলে ৰোগীক পকা তেতেলি খাবলৈ দিব লাগে। পকা তেতেলিৰ ৰসত চেনি মিহলাই চৰবৎ তৈয়াৰ কৰি ৰাখিব লাগে। এই চৰবৎ দিনে চাৰিবাৰকৈ ৩০ মি:লি: পৰিমাণত ৰোগীক খুৱালে বেছিকৈ পিয়াহ লগা ৰোগ ভাল হয়।
- সঘনাই বেছিকৈ পিয়াহ লাগি থকা লোকে নাৰিকলৰ পানী খাব লাগে।পিয়াহ লাগিলেই নাৰিকলৰ পানী খালে লাহে লাহে এই ৰোগ আৰোগ্য হয়।
- আমৰ বতৰত এই ৰোগ হ’লে কেঁচা আম এটা পুৰি ভিতৰৰ শাহখিনি চামুচেৰে ৰুকি লৈ তাৰ লগত চেনি আৰু পানী মিহলাই চৰবৎ তৈয়াৰ কৰি খুৱালে পিয়াহ লগা ৰোগ ভাল হয়।
- ইটাৰ টুকুৰা এটা ভালদৰে গৰম কৰি পানীত তিয়াই থওক। পিছত ইটাৰ টুকুৰাটো পেলাই দি পানীখিনি চেকি ৰোগীক খুৱাওক। পিয়াহ নাইকিয়া হ’ব।
- দালিয়া, মগু দাইলৰ চুপ, পকা কল, ডালিম, আমলখি আদি এই ৰোগৰ কাৰণে বিশেষ উপকাৰী। গৰম আৰু বেছি মছলা দিয়া খাদ্য এই ৰোগীৰ কাৰণে অপকাৰী।
বেছিকৈ ঘাম ওলোৱা
- পুৰঠ ধঁতুৰাৰ গুটি পুৰি তাৰ ছাই এক গ্ৰাম পৰিমাণত দিনে এবাৰকৈ একেৰাহে সাত দিন খালে হাত আৰু ভৰিৰ তলুৱা ঘমা ৰোগ ভাল হয়।
- মাটি মাহ শুকানকৈ ভাজি গুৰি কৰি গাত ভস্ম দৰে সানি আধা ঘণ্টাৰ পিছত ধুই পেলাওক। বেছিকৈ ঘমা ৰোগ ভাল হয়।
- ডালিমৰ পাত খুন্দি ৰস উলিয়াই পানীৰ লগত মিহলাই গা ধুব লাগে। একেৰাহে এসপ্তাহ এনেদৰে তৈয়াৰ কৰি লোৱা পানীৰে গা ধুলে ঘামৰ প্ৰকোপ কমে।
- বেছিকৈ ঘামি গাৰ দুৰ্গন্ধ ওলালে তেঁতেলিৰ গুটি আৰু তেঁতেলিৰ ফুল পানীত পিহি লৈ শৰীৰত সানক। শুকালে ধুই পেলাওক। গা ঘমা আৰু দুৰ্গন্ধ ওলোৱা দুয়োটাই বন্ধ হ’ব।
- দুৰ্গন্ধ যুক্ত ঘাম ওলালে বা বেছিকৈ ঘমাৰ কাৰণে গা গোন্ধালে শুকান বেলৰ শাহ আৰু শুকান আমলখি একেলগে গুৰি কৰি পাউডাৰ বনাই লওক। এই পাউডাৰ ৰাতি শোৱাৰ আগতে কাষলতিৰ তলত আৰু শৰীৰৰ অন্যান্য অংশত সানক। কিছুদিন একেৰাহে সানিলে ঘামৰ ফলত হোৱা শৰীৰৰ দুৰ্গন্ধ নাইকিয়া হ’ব। শুকান বেলৰ শাহ আৰু শুকান শিলিখা গুৰি কৰিও সানিবও পাৰে।
পেলু
- বহু ঔষধ খোৱাৰ পিছতো যদি আপোনাৰ ঘৰৰ কাৰোবাৰ পেটৰ পৰা পেলু উলিয়াই শেষ কৰিব পৰা নাই তেনেহ’লে আপুনি তেওঁক কিছুদিন একেৰাহে দিনে তিনি-চাৰিবাৰকৈ দৈৰ পাতল ঘোল খুৱাওক। এই ঘোলত ভাজি লোৱা জিৰাৰ গুড়ি, কেইটামান জালুকৰ গুড়ি আৰু সামান্য নিমখ মিহলাই দিয়ক। এনে ব্যৱস্থা ল’লে মাত্ৰ এসপ্তাহৰ ভিতৰতে পেটৰ পৰা ওলাই আহিব নোখোজা যিকোনো ধৰণৰ পেলু ওলাই আহিব।
- চজিনাৰ সিজোৱা ডাঠ ৰসৰ লগত মৌ মিহলাই দিনে দুবাৰকৈ খুৱালে আটাইতকৈ সূক্ষ্ম কৃমিও ওলাই যায়।
- মূলাৰ ৰসত সামান্য নিমখ মিহলাই পুৱা-গধূলি দিনে দুবাৰকৈ একেৰাহে চাৰিদিন খুৱালে অন্ত্ৰত খামুচি ধৰি ৰৈ থকা যিকোনো প্ৰকাৰৰ কৃমি মলৰ লগত ওলাই যাব আৰু পেট পৰিষ্কাৰ হ’ব।
- পটলৰ পাত আৰু ধনিয়া এৰাতি এগিলাচ পানীত তিয়াই থওক। পুৱা সেই পানী চেকি লৈ তাৰ লগত মৌ মিহলাই তিনিভাগ কৰি পুৱা, দুপৰীয়া আৰু গধূলি খুৱাওক। পেটৰ কৃমি মলৰ লগত ওলাই যাব।
- বৰগছৰ কুমলীয়া পাত, গুটি, গা-গছৰ বাকলি, গছৰ আঠা আৰু সৰু শিপা সম পৰিমাণত লৈ ৰ’দত শুকুৱাই গুৰি কৰি লওক। এই চূৰ্ণৰ আধা চামুচৰ লগত গুড় আৰু চফ গুটিৰ গুৰি মিহলাই পুৱা-গধূলি এচামুচ পৰিমাণত খুৱাওক। তিনি দিন একেৰাহে খুৱালে পেটৰ সকলো ধৰণৰ পেলু(কৃমি) ওলাই শেষ হ’ব।
- কুঁহিয়াৰৰ ৰসত (পুৰণি হ’লে ভাল) ভালদৰে ধুই লোৱা ২৫ গ্ৰাম বুট এৰাতি তিয়াই থওক। এই বুট পিছদিনা পুৱা চোবাই খাওক। পিছৰ আঠ ঘণ্টালৈ একো নাখাব। পেটৰ কৃমি সকলো মৰি মলৰ লগত ওলাই যাব।
উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন।