আজি এনে এটি অতি লাগতিয়াল বিষয়ৰ ওপৰত আলোকপাত কৰিব ওলাইছোঁ যাৰ বিষয়ে মানুহে আলোচনা কৰিবলৈ সংকোচ কৰে নাইবা এইটো এটা সাধাৰণ সমস্যা সহজে নিজে নিজেই ভাল হব বুলি ধৰি লয়৷ বিষয়টো হ'ল প্ৰসাবৰ সংক্ৰমণৰ দ্বাৰা হোৱা ৰোগ৷
প্ৰায় ৫০ শতাংশ মহিলাই নিজৰ জীৱন কালত এবাৰ নহয় এবাৰ প্ৰসাবৰ সংক্ৰমণত ভোগে৷ প্ৰাকৃতিকভাবে শাৰীৰিক গঠনৰ হেতুকে পুৰুষৰ তুলনাত নাৰীৰ প্ৰসাবৰ সংক্ৰমণ সংখ্যাগতভাবে বহুতো বেচি৷
মহিলাই বিশেষকৈ প্ৰজননক্ষম মহিলা যিসকলে নানান গৰ্ভনিৰোধক ব্যৱহাৰ কৰে তেনে আধুনিক জীৱন-শৈলী পালন কৰা মহিলাৰ এনে ৰোগ হোৱাৰ সম্ভাৱনা বেচি৷
থুলমূলকৈ এই ৰোগৰ ক্ষেত্ৰত ১জন পুৰুষৰ বিপৰীতে কমেও ৮গৰাকী মহিলা আক্ৰান্ত হয়৷ আন এটি গবেষক গোটৰ মতে ৫০ বছৰৰ তলৰ পুৰুষৰ ক্ষেত্ৰত বাৰ্ষিক প্ৰতি ১০ হেজাৰৰ ভিতৰত ৫ৰ পৰা ৮ জন পুৰুষৰ প্ৰসাবৰ সংক্ৰমণ হয়৷
কিন্তু ৬০বছৰৰ পিছত পুৰুষৰ প্ৰষ্টেটৰ সমস্যা, বাৰ্ধক্যজনিত শয্যাশায়ী হবলগীয়া অৱস্থা আদি কাৰণত পুৰুষৰো সংক্ৰমণ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷
*দুটিকৈ কিডনি,
*এটি মূত্ৰাশয়(ইউৰিনেৰী ব্লাডাৰ),
*কিডনি আৰু মূত্ৰাশয় সংযোগী দুডালকৈ নলী যাক ইউৰেটাৰ বুলে,
*মূত্ৰাশয়ৰ পৰা প্ৰসাব নিৰ্গত হোৱা এটি নলী ইউৰেথ্ৰা (মূত্ৰ নলী)- এই সকলো মিলাই মূত্ৰ প্ৰণালী গঠিত৷
প্ৰাপ্তবয়স্ক পুৰুষৰ ইউৰেথ্ৰা গড় হিচাবে ৮ইঞ্চি হোৱাৰ বিপৰীতে মহিলাৰ ইউৰেথ্ৰাৰ দৈৰ্ঘ্য ২ইঞ্চি৷ পুৰুষৰ ইউৰেথ্ৰাক মূত্ৰাশয়ৰ দিশে প্ৰষ্টেট নামৰ গ্ৰন্থিয়ে আবৰি ৰাখে৷
প্ৰষ্টেটৰ অসুখ হলে প্ৰসাবৰ প্ৰবাহ বাধা প্ৰাপ্ত হৈ প্ৰসাবৰ সংক্ৰমণৰ সম্ভাৱনা বঢ়ায়৷ আকৌ মহিলাৰ ছুটি ইউৰেথ্ৰাইদি শৰীৰৰ বাহিৰৰ বীজাণু অনায়াসে মূত্ৰ প্ৰণালীত প্ৰবেশ কৰি সংক্ৰমণ ঘটাব পাৰে৷
চিকিৎসকসকলে-
(১) তলৰ অংশৰ মূত্ৰ প্ৰণালীৰ সংক্ৰমণ আৰু
(২) ওপৰৰ অংশৰ মূত্ৰ প্ৰণালীৰ সংক্ৰমণ - এই দুটা শ্ৰেণীত প্ৰসাবৰ সংক্ৰমণক বিভক্ত কৰিছে৷
যেতিয়া প্ৰসাবৰ সংক্ৰমণ মূত্ৰাশয়ৰ পৰা উজাই কিডনিলৈ বিয়পে তেনে ওপৰৰ অংশৰ মূত্ৰ প্ৰণালীৰ সংক্ৰমণক Urosepsis বুলে৷ এয়া এক গুৰুতৰ অৱস্থা পোনতে নিম্নগামী ৰক্তচাপ, শ্বক আদি হয় আৰু জীৱন-মৰণৰ সংকতে দেখা দিব পাৰে৷
হনিমুন চিষ্টাইটিচ হ'ল নতুনকৈ সংগমত লিপ্ত হোৱা মহিলাই প্ৰসাবৰ সংক্ৰমণত ভোগা অৱস্থা৷
সাধাৰতে শৌচদ্বাৰেদি নিৰ্গত হোৱা ই-কলাই (Escherichia coli) নামৰ বেক্টেৰিয়াৰ দ্বাৰা হোৱা প্ৰসাবৰ সংক্ৰমণ আটাইতকৈ বেচিকৈ হোৱা দেখা যায়৷ আন আন বেক্টেৰিয়া কিছুমান হ'ল-
*Klebsiella,
*Proteus,
*Enterobacter,
*Enterococci,
*Streptococci,
*Staphylococci,
*Pseudomonas spp. আৰু
*E. Faecalis,
*S. Agalactiae,
*Proteus mirabilis,
*S. agalactiae ইত্যাদি৷
কেতিয়াবা অস্বাভাবিক বেক্টেৰিয়াই সংক্ৰমণ কৰাও দেখা যায়৷ আকৌ ইউৰেথ্ৰাত Chlamydia আৰু Mycoplasma বেক্টেৰিয়াই সংক্ৰমণ কৰে৷ কাচিৎ ভাইৰাচ আৰু ফাংগাছে আক্ৰমণ কৰিও প্ৰসাবৰ সংক্ৰমণ কৰিব পাৰে৷
*অনিয়ন্ত্ৰিত বহুমূ্ত্ৰ ৰোগ
*বৃদ্ধ বয়স- শাৰীৰিক দূৰ্বলতা, প্ৰষ্টেটে কৰা সমস্যাৰ বাবে
*অপাৰেচন বা ৰোগৰ বাবে দীৰ্ঘকাল শয্যাশায়ীহৈ থকা অৱস্থা
*মেনপোজ- অইষ্ট্ৰজেনৰ অভাৱ
*গৰ্ভাৱস্থা- মাতৃ আৰু গৰ্ভস্থ সন্তান দুয়োৰে বিপদ (সময় পূৰ্বে কম ওজনৰ সন্তান প্ৰসৱ)
*অপৰিষ্কাৰকৈ ৰখা জনন আৰু মূত্ৰ প্ৰণালী
*মূত্ৰনলীত সঘনাই কেথেটাৰ ভৰোৱা
*কণ্ডম, ডাইফ্ৰাম আদিৰ সঘন প্ৰয়োগ
*গৰ্ভনিৰোধক জেলিৰ প্ৰয়োগ
*অনিয়ন্ত্ৰিত আৰু বহুগামী যৌন সম্ভোগ
*এইচ আই ভি ৰোগাক্ৰান্ত লোক
*অন্যান্য কাৰণত শৰীৰৰ ইমিউনিটি হ্ৰাস পোৱা লোক
*প্ৰসাবৰ জ্বলা-পূৰা অনুভৱ হোৱা
*সঘনাই বাৰম্বাৰ প্ৰসাব হোৱা
*প্ৰসাব কৰি উঠাৰ পিছতো প্ৰসাব কৰা অসম্পূৰ্ণ যেন অনুভৱ হোৱা
*প্ৰসাবৰ প্ৰবাহ নিয়ন্ত্ৰণ কৰিব নোৱৰা অৱস্থা হোৱা
*তলপেটত বিষ, কেতিয়াবা শৌচদ্বাৰতো বিষ হোৱা (বিশেষকৈ পুৰুষৰ)
*দূৰ্গন্ধময় প্ৰসাব
*প্ৰসাবৰ বৰণ ৰঙচুৱা,ময়লা বা ঘোলা হোৱা
*ওকালি আৰু বমি হোৱা
*কঁপনি জ্বৰৰ অনুভৱ হোৱা
*শাৰীৰিক ক্লান্তিবোধ
আকৌ কোনোজন ৰোগীৰ ক্ষেত্ৰত ওপৰত উল্লেখিত লক্ষণসমূহ স্পষ্টকৈ দেখা নোযোৱাকৈয়ো থাকিব পাৰে৷ কিন্তু প্ৰসাবৰ পৰীক্ষাতহে ৰোগ ধৰা পৰে৷
বাৰম্বাৰ প্ৰসাবৰ সংক্ৰমণ(Recurrent UTI)- বিশেষকৈ চিকিৎসা আধৰুৱাকৈ এৰিলে নাইবা ডাক্তৰৰ পৰামৰ্শ অবিহনে নিজাকৈ ভুলে-শুদ্ধই দৰব খালে৷ বিপদজনক Urosepsisৰ কথা আগতে উল্লেখ কৰা হৈছে৷
প্ৰসাবৰ ৰুটিন পৰীক্ষা-সদায় প্ৰসাবৰ মাজভাগ পৰীক্ষা কৰিব দিব লাগে৷
*প্ৰসাবৰ কালচাৰ আৰু চেনচিটিভিটি পৰীক্ষা,
*তেজৰ ৰুটিন পৰীক্ষা,
*চুগাৰ, ইউৰিক এচিড পৰীক্ষা; চি
*ষ্টস্কোপি; এক্সৰে পেটৰ(KUB ) আৰু আই ভি পি (Intravenous pyelogram) ;
*আলট্ৰাচাউণ্ড; চিটিস্কেন আৰু এম আৰ আই৷
পোনতেই ৰোগৰ কাৰণ অনুধাৱন কৰিবৰ চেষ্টা কৰা উচিত৷ কাৰণ অনুসৰি চিকিৎসা দিলে সুফল পোৱা যায়৷ উচিত এন্টিবায়টিক প্ৰসাবৰ কালচাৰৰ ৰিপৰ্টমতে প্ৰয়োগ কৰিব পাৰি৷
ভাইৰাচৰ সংক্ৰমণত চিডফ'ভিৰ (Cidofovir) নামক এন্টিভাইৰেল ব্যৱহাৰ কৰা হয়৷ ফাংগাছৰ সংক্ৰমণত এন্টিফাংগেল ঔষধ প্ৰয়োগ কৰা হয়৷
ওপৰ ভাগৰ প্ৰসাবৰ সংক্ৰমণত খোৱা (Oral) এন্টিবায়টিকৰ সলনি তেজৰ নলীয়েদি দিয়া(Intravenous) এন্টিবায়টিক প্ৰয়োগ কৰা আৱশ্যকীয়৷
চিকিৎসাৰ ক্ষেত্ৰত এটি লাগতিয়াল কথা হ'ল এয়েযে এন্টিবায়টিক দৰব আৰম্ভ কৰাৰ ২৷ ৩দিন পাৰ হওতেই ৰোগৰ উপশম ঘটিব ধৰে৷
কিন্তু ৰোগীয়ে যেন কোনো কাৰণতে দৰবৰ ব্যৱহাৰ বন্ধ নকৰি চিকিৎসকৰ পৰামৰ্শমতে ৭/১০ দিনৰ ক'ৰ্চ সম্পূৰ্ণ কৰে৷ আধৰুৱা চিকিৎসাও বাৰম্বাৰ প্ৰসাবৰ সংক্ৰমণৰ এটা কাৰণ৷ আকৌ ড্ৰাগ ৰেজিষ্টেন্সৰ উৎপন্ন হোৱাৰ ইয়ো এক প্ৰমুখ কাৰণ৷
আৰু এটা কথা বিভিন্ন আয়ুৰ্বেদিক দৰব যেনে পূণৰ্নৱা,নিৰি,চিষ্টন আদি সহায়কাৰী ঔষধিহে-এন্টিবায়টিকৰ বিকল্প নহয়৷
*নিয়মিত প্ৰচুৰ পানী সেৱন কৰক৷
*কেনবেৰী ৰসে বাৰম্বাৰ হোৱা প্ৰসবৰ সংক্ৰমণ ৰোধ কৰে৷
*মাদকদ্ৰব্য ব্যৱহাৰ বাদ দিয়ক৷
*সংগম কৰাৰ পিছত প্ৰসাব কৰক আৰু যৌনাংগ পৰিষ্কাৰ কৰক৷
*মলদ্বাৰ আৰু জননাংগ পৰিষ্কাৰ ৰাখক৷
*কপাহী আৰু ঢিলা কাপোৰৰ অন্ত:বস্ত্ৰ পৰিধান কৰক৷
*চিকিৎসকৰ পৰামৰ্শমতে ভেজাইনেল প্ৰ'বায়টিক, অইষ্ট্ৰজেন হৰমোন যাৰ ক্ষেত্ৰত প্ৰযোজ্য হয়
সঠিককৈ ব্যৱহাৰ কৰক৷
আন এটি লক্ষ্যনীয় কথা–
যিসকল পুৰুষে ধৰ্মীয় বা আন কাৰণত পুৰুষাংগৰ ছালৰ অগ্ৰিম অংশ কাটি পেলায় (Circumcision)- তেনে লোকৰ প্ৰসাবৰ সংক্ৰমণ আৰু পুৰুষাংগৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা হ্ৰাস পায়৷
লেখক: ডাঃ ভূপেন শইকীয়া
উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ
ফোন নং: +৯৭৪৩৩৭৩৮৭২২
শেহতীয়া উন্নীতকৰণ: : 6/11/2020