মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / প্ৰস্ৰাৱতন্ত্ৰৰ সংক্ৰমণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰস্ৰাৱতন্ত্ৰৰ সংক্ৰমণ :

প্ৰস্ৰাৱতন্ত্ৰৰ সংক্ৰমণৰ বিষয়ে লিখা হৈছে ।

সাধাৰণতে প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰত বাৰে বাৰে হৈ থকা প্ৰস্ৰাৱতন্ত্ৰৰ সংক্ৰমণ বৃক্ক নষ্ট হোৱাৰ কাৰণ নহয়।

প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰত UTI বৃক্ক নষ্ট হোৱাৰ কাৰণ হ’ব পাৰে,

  • যদিহে পাথৰ,
  • প্ৰস্ৰাৱ বন্ধ হোৱা বা
  • প্ৰস্ৰাৱ নিৰ্গমনৰ পথ ঠেক হৈ পৰা আৰু
  • জেনিট প্ৰস্ৰাৱতন্ত্ৰৰ যক্ষ্মা ৰোগৰ নিচিনা আগতীয়াকৈ প্ৰভাৱিত কৰা কাৰকসমূহ নিৰাময় কৰা নহয়।

তদুপৰি শিশুৰ ক্ষেত্ৰত বাৰে বাৰে হৈ থকা প্ৰস্ৰাৱতন্ত্ৰৰ সংক্ৰমণৰ পলমকৈ কৰা তথা ক্ৰটিপূৰ্ণ চিকিৎসা ব্যৱস্থা বিকশিত বৃক্কৰ পুনৰুদ্ধাৰ কৰিব নোৱাৰা অনিষ্টৰ কাৰণ হ’ব পাৰে।

এই অনিষ্টই জীৱনৰ পৰৱৰ্তী কালত বৃক্কৰ কাম-কাজ হ্ৰাস কৰা আৰু উচ্চ ৰক্তচাপৰ পৰ্যায়লৈ লৈ যাব পাৰে।

গতিকে প্ৰাপ্তবয়স্ক লোকৰ তুলনাত শিশুৰ ক্ষেত্ৰত প্ৰস্ৰাৱতন্ত্ৰৰ সংক্ৰমণৰ সমস্যা অধিক জটিল।

প্ৰস্ৰাৱতন্ত্ৰৰ সংক্ৰমণ আৰু ইয়াৰ জটিলতা নিশ্চিত কৰিবলৈ বহুতো পৰীক্ষা-নিৰীক্ষা সম্পন্ন কৰা হয়।

জটিল বা বাৰে বাৰে প্ৰস্ৰাৱতন্ত্ৰৰ সংক্ৰমণ হৈ থকা এজন লোকৰ আগতীয়াকৈ প্ৰভাৱিত কৰা বা বিপদ কাৰকসমূহ নিশ্চিত কৰিবলৈ বিভিন্ন ধৰণৰ পৰীক্ষা সম্পন্ন কৰা হয়।

১)UTI ৰ বাবে অতি গুৰুত্বপূৰ্ণ স্ক্ৰীনিং টেষ্টটো হৈছে ৰুবিন ইউৰিনেলিছিছ। এই পৰীক্ষাৰ বাবে ধলপুৱাৰ প্ৰস্ৰাৱৰ নমুনাক অগ্ৰাধিকাৰ দিয়া হয়।

প্ৰস্ৰাৱৰ অণুবীক্ষণিক পৰীক্ষাত নিৰ্দিষ্ট শ্বেতৰক্ত কণিকাৰ উপস্থিতিয়ে UTIৰ ইংগিত বহন কৰে।

প্ৰস্ৰাৱত শ্বেতৰক্ত কণিকাৰ উপস্থিতিয়ে প্ৰস্ৰাৱতন্ত্ৰৰ জ্বলা-পোৰাৰ ইংগিত বহন কৰে, কিন্তু ইয়াৰ অনুপস্থিতিয়ে UTI নথকাৰ কথা নুবুজায়।

স্পেচিয়েল ইউৰিন ডিপাষ্টিক(লিউক’চাইট ইষ্টেৰেজ আৰু নাইট্ৰাইট) পৰীক্ষাসমূহ UTIৰ বাবে উপযোগী স্ক্ৰীনিং টেষ্ট, যাক কৰ্মক্ষেত্ৰ বা ঘৰ দুয়ো ঠাইতে কৰিব পাৰি।

ইউৰিন ডিপষ্টিক টেষ্টৰ ফলাফল ধনাত্মক হ’লে UTI থকা বুলি বুজায় আৰু তেনে ৰোগীক অতিৰিক্ত মূল্যায়নৰ প্ৰয়োজন হয়।

প্ৰস্ৰাৱৰ ৰং সলনি হোৱাৰ প্ৰৱণতা হৈছে প্ৰস্ৰাৱত বেক্টেৰিয়াৰ পৰিমাণৰ সমানুপাতিক UTIৰ বাবে ইউৰিন ডিপষ্টিক টেষ্ট ভাৰতবৰ্ষত ব্যাপকভাৱে উপলব্ধ নহয়।

২)UTI ৰোগ নিৰ্ণয়ৰ বাবে অতি উত্তম মান হৈছে ইউৰিন কালচাৰ টেষ্ট আৰু ইয়াক এন্টিবায়’টিক চিকিৎসা কৰিবলৈ আৰম্ভ কৰাৰ আগেয়েই সম্পন্ন কৰা উচিত।

প্ৰস্ৰাৱতন্ত্ৰৰ সংক্ৰমণৰ নিদানিক ৰোগ নিৰ্ণয়ৰ নিশ্চয়তাৰ বাবে জটিল বা প্ৰতিৰোধী UTI আৰু কিছুমান ক্ষেত্ৰতহে এটা ইউৰিন কালচাৰ পৰীক্ষা কৰাবৰ বাবে অনুমোদন দিয়া হয়।

ইউৰিন কালচাৰ টেষ্টে প্ৰায় ৪৮-৭২ ঘন্টা পৰ্যন্ত সময় লয়। নমুনা সংগ্ৰহ আৰু প্ৰতিবেদনৰ উপলব্ধতাৰ মাজৰ নিৰ্দিষ্ট বিলম্বিত সময় হৈছে এই পৰীক্ষাৰ ডাঙৰ দুৰ্বলতা।

ইউৰিন কালচাৰত অৰ্গেনিজমৰ বিকাশৰ প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি সংক্ৰমণৰ জটিলতাৰ লগতে ইয়াৰ উপস্থিতি আৰু দায়ীৰ অৰ্গেনিজমবোৰৰ প্ৰকাৰ নিৰূপণ কৰা হৈছে।

ইউৰিন কালচাৰে সংক্ৰমণৰ কাৰণস্বৰূপ নিৰ্দিষ্ট বেক্টেৰিয়াবিধ চিনাক্ত কৰে আৰু ইয়াৰ চিকিৎসাৰ বাবে কেনেধৰণৰ এন্টিবায়’টিক ব্যৱহাৰ কৰা উচিত তাক নিৰ্ণয় কৰে।

এই প্ৰস্ৰাৱৰ নমুনা প্ৰদূষিত নহ’বলৈ ৰোগীৰ জননেন্দ্ৰিয়ৰ এলেকাটো পৰিষ্কাৰ কৰি এটা বীজাণুমুক্ত কন্টেনাৰত প্ৰস্ৰাৱৰ মাজৰখিনি সংগ্ৰহ কৰিবলৈ পৰামৰ্শ দিয়া হয়।

ইউৰিন কালচাৰৰ অৰ্থে নমুনা সংগ্ৰহৰ বাবে ব্যৱহৃত অন্যান্য পদ্ধতিসমূহ হৈছে-

  • ছুপাৰ পিউবিক এছপিৰেচন,
  • কেথেটাৰ স্পেচিমেন ইউৰিন আৰু
  • বেগ স্পেচিমেন ইউৰিন।

৩)UTI ত সাধাৰণতে সম্পন্ন কৰা তেজ পৰীক্ষাসমূহ হৈছে-

  • হিম’গ্লবিন,
  • মুঠ তথা ব্যৱধানিক শ্বেতৰক্ত কণিকাৰ হিচাপ,
  • ব্লাড ইউৰিয়া,
  • ছিৰাম ট্ৰিয়েটিনিন,
  • ব্লাড ছুগাৰ আৰু
  • ট্ৰৰিয়েক্টিভ প্ৰ’টিন।

যদিহে চিকিৎসাৰ ফলত সংক্ৰমণ ভাল নহয় বা সংক্ৰামণ পুনৰ হয়, তেন্তে গোপন হৈ থকা আগতীয়াকৈ প্ৰভাৱিত কৰা বিষয় বা বিপদ কাৰকসমূহ নিৰ্ণয় কৰিবলৈ তলত উল্লেখ কৰা অতিৰিক্ত পৰীক্ষা-নিৰীক্ষাসমূহৰ প্ৰয়োজন হয়:

১)পেটৰ আল্ট্ৰাছাউণ্ড বা এক্স-ৰে।

২)পেটৰ চিটি স্কেন বা এম আৰ আই।

৩)ভই ডিং চিষ্ট’ৰেথ্ৰ’গ্ৰাম- VCUG(মাইক’ছিউৰেটিং চিষ্ট’ৰেথ্ৰ’গ্ৰাম-MCU)।

৪)ইন্ট্ৰাভেনাছ ইউৰ’গ্ৰাফী(IVU)।

৫)যক্ষ্মা ৰোগৰ বাবে প্ৰস্ৰাৱৰ আণুবীক্ষণিক পৰীক্ষা।

৬)চিষ্ট’স্ক’পী: ই হৈছে চিষ্ট’স্ক’প বুলি কোৱা এটা বিশেষ সঁজুলিৰ সহায়ত ইউৰ’লজিষ্টে ব্লাডাৰৰ ভিতৰখন চোৱাৰ এক প্ৰক্ৰিয়া।

৭)স্ত্ৰীৰোগ বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা।

৮)ইউৰ’ডাইনেমিকছ।

৯)ব্লাড কালচাৰ্ছ।

ক)প্ৰতিদিনে যথেষ্ট পৰিমাণৰ(৩-৪ লিটাৰ) পানীয় পান কৰক। ইয়ে প্ৰস্ৰাৱৰ গাঢ়তা হ্ৰাস কৰে আৰু ব্লাডাৰ তথা প্ৰস্ৰাৱতন্ত্ৰৰ পৰা বেক্টেৰিয়া প্ৰক্ষালিত কৰাত সহায় কৰে।

খ)প্ৰতি দুইৰ পৰা তিনি ঘন্টাৰ মূৰে মূৰে প্ৰস্ৰাৱ কৰক। প্ৰস্ৰাৱগাৰলৈ যোৱাটো বাতিল নকৰিব।

ব্লাডাৰত দীৰ্ঘ সময় ধৰি প্ৰস্ৰাৱ ধৰি ৰখাটোৱে বেক্টেৰিয়া বিকাশত হৈ উঠাত সুবিধা প্ৰদান কৰে।

গ)প্ৰস্ৰাৱ অম্লীয় কৰি তুলিবলৈ খাদ্যপ্ৰাণ C, এছকৰ্বিক এচিড বা কেনবেৰীৰ ৰস খাওক, যিয়ে বেক্টেৰিয়াজনিত বিকাশ হ্ৰাস কৰে।

ঘ)কোষ্ঠকাঠিন্য হ’বলৈ নিদিব বা ইয়াৰ ততালিকে চিকিৎসা কৰক।

ঙ)মহিলা আৰু ছোৱালীবোৰে প্ৰস্ৰাৱগাৰলৈ যোৱাৰ পিছত সন্মুখৰ পৰা পিছফাললৈ(পিছৰ পৰা আগলৈ নহয়) মোহাৰি পেলাওক।

এই অভ্যাসে গুহ্যদ্বাৰৰ আশে-পাশে থকা বেক্টেৰিয়াবোৰ যোনি বা ইউৰেথ্ৰালৈ বিয়পি যোৱাত প্ৰতিৰোধ কৰে।

চ)যৌন সংগমৰ আগত আৰু পিছত জননেন্দ্ৰিয় আৰু গুহ্যদ্বাৰৰ এলেকাটো পৰিষ্কাৰ কৰি থওক।

যৌন সংগমৰ আগত আৰু পিছত প্ৰস্ৰাৱ কৰক আৰু সংগমৰ ঠিক পিছতে এগিলাচ পানী খাওক।

ছ)মহিলাসকলে কেৱল কপাহী অন্তৰ্বাসহে পৰিধান কৰা উচিত, যাৰ মাজেৰে বায়ু চলাচল কৰিব পাৰে।

টাইট ফিটিং পেন্ট আৰু নাইলনৰ অন্তৰ্বাস পৰিধান কৰাটো পৰিহাৰ কৰক।

ঝ)মহিলাৰ ক্ষেত্ৰত যৌনকৰ্মৰ পিছত বাৰে বাৰে প্ৰস্ৰাৱতন্ত্ৰৰ সংক্ৰমণ হোৱাসকলে যৌন সম্পৰ্কৰ পিছত এপালি এন্টিবায়’টিক ঔষধ সেৱন কৰি ইয়াক সাৰ্থকভাৱে প্ৰতিৰোধ কৰিব পাৰে।

যথেষ্ট পৰিমাণে পানী খাওক। যদিহে এজন মানুহ অতি অসুস্থ হয়, ডি-হাইড্ৰেটেড হয় বা বমিৰ বাবে পৰ্যাপ্ত পৰিমাণৰ জুলীয়া খাদ্য খাব নোৱাৰে, তেন্তে তেওঁক চিকিৎসায়লত ভৰ্তি কৰোৱা উচিত আৰু IV ফ্লুইড প্ৰয়োগ কৰা উচিত।

বৃক্ক, প্ৰস্ৰাৱবাহী, ব্লাডাৰ আৰু ইউৰেথ্ৰাৰে গঠিত হৈছে প্ৰস্ৰাৱতন্ত্ৰ। প্ৰস্ৰাৱতন্ত্ৰৰ সংক্ৰমণ(UTI) হৈছে এক বেক্টেৰিয়াজনিত সংক্ৰমণ।

যিয়ে প্ৰস্ৰাৱতন্ত্ৰৰ যিকোনো অংশতে প্ৰভাৱ পেলায়। UTI হৈছে শৰীৰত হোৱা সংক্ৰমণসমূহৰ দ্বিতীয় অতি সাধাৰণ প্ৰকাৰ।

সংক্ৰমণৰ জটিলতা, বয়স আৰু ব্যৱস্থাটোত সংক্ৰমণৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি প্ৰস্ৰাৱতন্ত্ৰ সংক্ৰমণৰ লক্ষণসমূহ ভিন্ন ভিন্ন হ’ব পাৰে।

  • প্ৰস্ৰাৱ কৰোঁতে জ্বলা-পোৰা আৰু বিষোৱা।
  • সঘনাই প্ৰস্ৰাৱ ত্যাগ কৰা আৰু একেৰাহে প্ৰস্ৰাৱ কৰিবলৈ লাগি থকা।
  • জ্বৰ আৰু অসুস্থ অনুভৱ।
  • দুৰ্গন্ধময় তথা ঘোলা বৰণৰ প্ৰস্ৰাৱ।
  • তলপেটত অসুবিধাই দেখা দিয়া।
  • কম পৰিমাণে সঘনাই বেদনাযুক্ত প্ৰস্ৰাৱ ত্যাগ।
  • শৰীৰৰ পাৰ্শ্বৱতী মঙহাল অংশৰ বিষ নোহোৱাকৈ সাধাৰণতে কম তাপমাত্ৰাৰ জ্বৰ।
  • প্ৰস্ৰাৱত তেজ।
  • পিঠিৰ ঊৰ্ধ্বংশ আৰু শৰীৰৰ পাৰ্শ্বৱতী মঙহাল অংশৰ বিষ।
  • ঠাণ্ডাৰ সৈতে উচ্চ তাপমানৰ জ্বৰ।
  • ওকালি অহা, বমি, দুৰ্বল, অনুভৱ, তন্দ্ৰাচ্ছন্ন আৰু সাধাৰণতে অসুস্থ অনুভৱ।
  • বৃদ্ধ লোকৰ ক্ষেত্ৰত মানসিক পৰিৱৰ্তন বা বিভ্ৰান্তি।

সঘনাই বা বাৰে বাৰে হৈ থকা প্ৰস্ৰাৱতন্ত্ৰ সংক্ৰমণৰ গুৰুত্বপূৰ্ণ কাৰকসমূহ হৈছে-

১)বিভিন্ন অন্তৰ্নিহিত কাৰণ, যিয়ে প্ৰস্ৰাৱতন্ত্ৰক বাধাগ্ৰস্ততাৰ পৰ্যায়লৈ লৈ যায়, যাৰ ফলত বাৰে বাৰে UTI হ’ব পাৰে।

২)ইউৰেথ্ৰা বেছি চুটি হোৱা বাবে মহিলাসকল পুৰুষতকৈ বেছি আক্ৰান্ত হয়।

৩)যিসকল মহিলাৰ যৌন জীৱন অধিক সক্ৰিয়, তেওঁলোক নিস্ক্ৰিয় মহিলাসকলতকৈ অধিক পৰিমাণে প্ৰস্ৰাৱতন্ত্ৰৰ সংক্ৰমণত ভোগে।

৪)বৃক্ক, ইউনেটৰাৰ বা ব্লাডাৰৰ পাথৰে প্ৰস্ৰাৱৰ প্ৰৱাহ বন্ধ কৰিব পাৰে আৰু UTIৰ বিপদৰ আশংকা বৃদ্ধি কৰে।

৫)কেথেটাৰৰ সৈতে জীৱন ধাৰণ কৰা লোকৰ UTI হোৱাৰ বিপদৰ আশংকা বেছি।

৬)ভেচিক’ৰেটেৰেল ৰিফ্লাৰ নিচিনা কনজেনিটেল এন’মেলিজ(ব্লাডাৰ)ৰ পৰা প্ৰস্ৰাৱ ওপৰৰ ইউটেৰাৰলৈ উভতি যোৱাৰ পৰিস্থিতি আৰু প’ষ্টেৰিঅ’ৰ ইউৰেথ্ৰেল ভেলভৰ UTI হোৱাৰ আশংকা বেছি।

৭)৬০ বছৰ বয়সৰ ওপৰৰ লোকৰ প্ৰ’ষ্টেটৰ আকাৰ বৃদ্ধি হোৱাৰ(বিনাইন প্ৰ’ষ্টেটিক হাইপাৰপ্লাছিয়া, BPH)ৰ বাবে হোৱাৰ প্ৰৱণতা থাকে।

৮)ডায়েবেটিছ, এইচ আই ভি আৰু কৰ্কট ৰোগীৰ UTI হোৱাৰ আশংকা অতি বেছি।

৯)ইউৰেথ্ৰা বা ইউটেৰাছ সংকীৰ্ণ হৈ পৰা জেনিট প্ৰস্ৰাৱতন্ত্ৰৰ যক্ষ্মা ৰোগ, নিউৰ’জেনিক ব্লাডাৰ আৰু ব্লাডাৰ ডাইভাৰটিকিউলাম।

জ্বৰ বা বিষ কমাবৰ বাবে ঔষধ সেৱন কৰক। তপত পেডৰ ব্যৱহাৰে বিষ কমায়।

  • কফী,
  • মাদক দ্ৰব্য,
  • ধুমপান আৰু
  • মছলাযুক্ত আহাৰ পৰিহাৰ কৰক।

এই সকলোবোৰে ব্লাডাৰক বিৰক্ত কৰে। প্ৰস্ৰাৱতন্ত্ৰৰ সংক্ৰমণৰ সকলোবোৰ প্ৰতিৰোধী মান অৱলম্বন কৰক।

এগৰাকী কম বয়সীয়া মহিলাৰ ক্ষেত্ৰত সাধাৰণতে তিনি দিনৰ বাবে হ্ৰস্বকালীন এফন্টিবায়’টিকেই যথেষ্ট।

কিছুমান চিকিৎসকে এটা সাদিনীয়া ক’ৰ্ছক অগ্ৰাধিকাৰ দিয়ে। নিয়ম মতে এন্টিবায়’টিকৰ এটা পালিয়েই ব্যৱহাৰ কৰা হয়।

UTI থকা প্ৰাপ্তবয়স্ক লোকৰ ৭ৰ পৰা ১৪ দিনৰ বাবে এন্টিবায়’টিকৰ প্ৰয়োজন হয়।

সাধাৰণতে ব্যৱহৃত মুখেৰে সেৱন কৰা এন্টিবায়’টিকসমূহ হৈছে-

  • ট্ৰাইমেথ্ৰ’প্ৰিম,
  • চেফাল’ছ’প’ৰিনছ,
  • নাইট্ৰ’ফিউৰেনইন বা ফ্ল’ৰ’কুইন’লনছ।

অলপীয়াৰ পৰা গুৰুতৰ পৰ্যায়ৰ জটিল বৃক্ক সংক্ৰমিত ৰোগী, যিসকলৰ লক্ষণবোৰ গুৰুতৰ বা অসুস্থ ৰোগীসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা প্ৰয়োজন।

ইয়াৰ কাৰণস্বৰূপ বেক্টেৰিয়াবিধক চিনাক্ত কৰিবলৈ আৰু এন্টিবায়’টিকৰ সঠিক বাছনিৰ বাবে চিকিৎসা কৰাৰ আগেয়ে প্ৰস্ৰাৱ আৰু ব্লাড কালচাৰ সম্পন্ন কৰা হয়।

কেইবা দিনৰ বাবে IV ফ্লুইড আৰু ইন্ট্ৰাভেনাছ এন্টিবায়’টিকেৰে চিকিৎসা কৰা ৰোগীসকলক লগতে ১-১৪ দিনৰ মূৰে মূৰে সেৱন কৰা এন্টিবায়’টিকো প্ৰদান কৰা হয়।

যদিহে IVI এন্টিবায়’টিকে অতি দুৰ্বল সঁহাৰি আগবঢ়ায়(লক্ষণবোৰ আৰু জ্বৰ যদি ধাৰাবাহিকভাৱে বাহাল থাকে, বৃক্কৰ কাম-কাজৰ অধিক অৱনতি ঘটে), তেন্তে ইমেজিঙৰ প্ৰয়োজন হ’ব পাৰে।

চিকিৎসা ব্যৱস্থাৰ ফলাফল জানিবৰ বাবে ফল’-আপ ইউৰিন টেষ্ট অপৰিহাৰ্য।

বাৰে বাৰে UTI হোৱা ৰোগীৰ ক্ষেত্ৰত ইয়াৰ অন্তৰ্নিহিত কাৰণটোৰ সঠিক চিনাক্তকৰণ অপৰিহাৰ্য।

ইয়াৰ অন্যৰ্নিহিত কাৰণ অনুসৰি নিৰ্দিষ্ট ঔষধীয় বা অস্ত্ৰোপচাৰজনিত চিকিৎসাৰ আঁচনি যুগুত কৰা হয়।

এই ৰোগীসগকলে ফল’-আপ, প্ৰতিৰোধী মানসমূহৰ প্ৰতি কঠোৰ আনুগত্য আৰু দীৰ্ঘকালীন প্ৰতিৰোধী এন্টিবায়’টিক চিকিৎসাৰ প্ৰয়োজন।

UTI -

এজন UTI ৰোগীয়ে ততালিকে চিকিৎসকৰ লগত যোগাযোগ কৰা উচিত যদিহে-

  • প্ৰস্ৰাৱৰ পৰিমাণ কমি যায় বা প্ৰস্ৰাৱ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।
  • একেৰাহে

-বেছি জ্বৰ,

- ঠাণ্ডা লাগে,

-পিঠিৰ বিষ হয় আৰু

-প্ৰস্ৰাৱ ঘোলা হয় বা প্ৰস্ৰাৱত তেজ পৰে।

  • গুৰুতৰভাৱে বমি হোৱা সকলো ৰোগী, গুৰুতৰভাৱে দুৰ্বল হ’লে নাইবা ৰক্তচাপ কমি গলে।
  • UTI হোৱা সকলো শিশুৱে।
  • এটা বৃক্কবিশিষ্ট সকলো ৰোগী আৰু পাথৰজনিত ৰোগৰ পূৰ্বৰ ইতিহাস থাকিলে।
  • চিকিৎসাৰ ২ৰ পৰা ৩ দিন পৰ্যন্ত এন্টিবায়’টিকৰ প্ৰতি কোনো সঁহাৰি নজনালে।

লেখক: ডাঃ ৰমেন কুমাৰ বৈশ্য(নিয়মীয়া বাৰ্তা)

1.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top