মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / প্ৰাকৃতিক চিকিৎসা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰাকৃতিক চিকিৎসা

প্ৰাকৃতিক চিকিৎসাৰ বিষয়ে লিখা হৈছে

 

আমাৰ দেশত প্ৰাকৃতিক চিকিৎসাৰ পৰম্পৰা অতিশয় প্ৰাচীন-

 

দৰাচলতে আদিম যুগৰ পৰাই ৰোগ নিৰাময়ৰ বাবে মানুহৰ মনত কিছুমান চিন্তাৰ উদ্ৰেক হৈছিল।সেই চিন্তা-ভাবনাৰ পৰিণতি হিচাপেই ঔষধৰ আৱিষ্কাৰ।সেই সময়ৰ মানুহৰ জ্ঞান সীমিত আছিল বাবে তেওঁলোকে প্ৰকৃতিৰ দান মাটি আৰু পানীৰ দ্বাৰা ৰোগৰ চিকিৎসা কৰিছিল।কিছুমান বিচক্ষণ লোকে পশু-পক্ষীৰ জগতখন লক্ষ্য কৰি দেখিলে যে সিহঁতৰ ৰোগ আৰোগ্য পদ্ধতিবিলাক প্ৰকৃতিৰ সম্পৰ্কিত।ইহতৰ প্ৰাণীৰ ৰোগাৰোগ্য পদ্ধতি অনুসৰণ কৰিয়ে সেই সময়ৰ লোকে প্ৰাকৃতিক চিকিৎসা প্ৰণালী আৱিষ্কাৰৰ প্ৰেৰণা লাভ কৰে।ফলত আতপস্নান,জলচিকিৎসা,বাষ্পস্নান প্ৰভৃতি চিকিৎসা পদ্ধতিৰ প্ৰচলন হয়।বৈদিক সাহিত্যতো প্ৰাকৃতিক চিকিৎসাৰ বৰ্ণনা পোৱা যায়।প্ৰাচীন কালৰ ঋষিসকলে সংযম ৰক্ষা,অহিংসা আৰু মৈত্ৰী ভাবৰ দৰে মানৱীয় গুণৰ অধিকাৰী হ’বলৈ উপবাসৰ মাধ্যমেৰে প্ৰাকৃতিক চিকিৎসা অৱলম্বন কৰিছিল।গৃহচিকিৎসা হিচাপে পৰিগণিত হৈছিল প্ৰাকৃতিক চিকিৎসা।আজিও এই প্ৰণালী বহু ভিতৰুৱা অঞ্চলত গৃহচিকিৎসা হিচাপে প্ৰয়োগ কৰা দেখা যায়।প্ৰাকৃতিক চিকিৎসা পদ্ধতিৰ অংগস্বৰুপ উপবাস,জলধৌতি,বোকামাটিৰ প্ৰলেপ,আতপস্নান আদিৰ জৰিয়তে কিছুমান ৰোগ আৰোগ্য হয়।জাপান,আমেৰিকালৈকে বৰ্তমান এই পদ্ধতি সম্প্ৰসাৰিত হৈছে।ভাৰতৰ বিভিন্ন ঠাইতো প্ৰাকৃতিক চিকিৎসা কেন্দ্ৰ স্থাপন হৈছে আৰু সেই চিকিৎসা কেন্দ্ৰবিলাকত গৱেষণা কৰি পোৱা গৈছে যে যোগ চিকিৎসাৰ লগতে যদি প্ৰাকৃতিক চিকিৎসা পদ্ধতি প্ৰয়োগ কৰা হয়,তেন্তে ৰোগীয়ে কম খচৰত আৰোগ্য লাভ কৰিব পাৰে।অসমতো প্ৰণালীবদ্ধভাৱে যোগ আৰু প্ৰাকৃতিক চিকিৎসা কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাটো শুভ লক্ষণ।এই কেন্দ্ৰসমুহত বহুমুত্ৰ,হৃদৰোগ,হাপানী,কোষ্ঠকাঠিন্য,সন্ধিবাত,অম্লৰোগ,স্নায়ুৰোগ,ৰক্তচাপ আদিৰ চিকিৎসা সেৱা আগবঢ়োৱা হয়।

প্ৰাকৃতিক চিকিৎসা প্ৰদান বা গ্ৰহণৰ পুৰ্বে ইয়াৰ প্ৰয়োগবিধি সম্বন্ধে জ্ঞান থকাটো প্ৰয়োজনীয়।প্ৰকৃততে প্ৰাকৃতিক চিকিৎসাৰ সাফল্য নিৰ্ভৰ কৰে ইয়াৰ নিৰ্ভুল প্ৰয়োগৰ ওপৰত।কেইটামান প্ৰয়োগবিধি আৰু উপকাৰিতা সম্বন্ধে তলত আলোচনা কৰা হ’ল।

প্ৰাকৃতিক চিকিৎসা কিদৰে প্ৰয়োগ কৰিব?

 

আতপস্নান(Sun Bath):মুৰটো আগতে ধুই লৈ মুৰটো ভিজা টাৱেলেৰে ঢাকি ৰাখি সুৰ্যৰ তাপ গ্ৰহণ কৰিব লাগে।প্ৰথম অভ্যাসৰ সময়ত কম সময় সুৰ্যৰ তাপ গ্ৰহণ কৰি অনুক্ৰমে পিছলৈ সময় বৃদ্ধি কৰিব পাৰি।এই আতপস্নান প্ৰাকৃতিক চিকিৎসাৰ এটা অংগ।আতপস্নানে আমাৰ শৰীৰৰ প্ৰত্যেকটো অংগত শক্তি যোগায় আৰু সমস্ত দেহটোকে যথেষ্ট উদ্দীপনাময় কৰি তোলে।আতপস্নানে লোমকুপেৰে দেহৰ ভিতৰ পৰা যথেষ্ট দুষিত পদাৰ্থ বাহিৰ কৰি দিয়ে,ফলত কোষ্ঠবদ্ধতা,ডায়েবেটিছ ৰোগ উপশম কৰাত সহায় কৰে।

উষ্ণপাদ স্নান (Hotfoot Bath):ভৰি দুখন আঁঠুৰ তললৈ কুহুমীয়া গৰম পানীত ডুবাই (গৰম পানীখিনি বাল্টি এটাত ল’ব)ডিঙি পৰ্যন্ত কম্বল ঢাকি বহি ল’ব লাগে।এই সময়ত মুৰটো ভিজা টাৱেলৰ দ্বাৰা আবৃত ৰাখিব লাগে।তাৰ পাছত নাতিশীতোষ্ণ পানীৰ দ্বাৰা শৰীৰটো ধুই মচি ঠাণ্ডা কৰা আৱশ্যক।ইয়াক Steam Bath বুলিও কোৱা হয়।অম্লৰোগ,অজীৰ্ণ আদি ৰোগত ইয়াক প্ৰয়োগ কৰা হয়।জ্বৰ কমোৱাতো সহায় কৰে।

উপবাস (Fasting):উপবাস প্ৰাকৃতিক চিকিৎসাৰ এটা অংশ।একমাত্ৰ উপবাসৰ দ্বাৰাই বিভিন্ন ৰোগ আৰোগ্য কৰিব পাৰি।উপবাসৰ সময়ত নেমুৰ ৰসৰ লগত প্ৰচুৰ পানী পান কৰা উচিত।উপবাসৰ সময়ত এইদৰে পানী খালে দেহ প্ৰকৃতিয়ে এই পানীৰ দ্বাৰা গোটেই দেহক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি দেহ সঞ্চিত ৰোগ –বিষ আৰু ৰোগ বীজাণু দেহৰ পৰা বাহিৰ কৰি দিয়ে।ফলত দেহ ৰোগমুক্ত হয়।উপবাস কেৱল দৈহিক ৰোগাৰোগ্যৰে সহায়ক নহয়,ই মানসিক আৰু বৌদ্ধিক উন্নতিৰো সহায়ক।ৰক্ত শীতল হয়,স্নিগ্ধ হয়,সংযমী হোৱাত সহায় কৰে।

শুকান মালিচ (Dry Friction):এখন বিছনাৰ চাদৰ দুই হাতে ধৰি আৰু দেহৰ বিভিন্ন অংশৰ ওপৰত ৰাখি দুয়োখন হাতেৰে টনাটনি কৰি শৰীৰ গৰম কৰি লোৱাটোকে শুকান মালিচ বোলে।শুকান মালিচৰ উপৰি দেহত অভিজ্ঞ লোকৰ সহায়ত অন্য মালিচ কৰাটোও প্ৰাকৃতিক চিকিৎসাৰ ভিতৰত পৰে।গা ধোৱাৰ আগমুহুৰ্তত শৰীৰত মৃদু মালিচ কৰিলে জীৱনীশক্তি আৰু পুষ্টিগ্ৰহণ ক্ষমতা বিশেষভাৱে বৃদ্ধি পায়।মালিচ সদায় খাটি সৰিয়হৰ তেলেৰে কৰা আৱশ্যক।কাৰণ শুকান ছালৰ বাবে এই তেল অত্যন্ত ফলদায়ক।শীতকালত সদায় ৰাতিপুৱা সুৰ্যৰ তাপ লৈ মালিচ কৰিলে ভাল ফল পোৱা যায়।

পেটৰ পটি:পেটৰ পটি প্ৰয়োগ কৰিলে পেটত এটা তাপৰ সঞ্চাৰ হয়।আৰু কোষ্ঠ পৰিষ্কাৰ কৰাৰ লগতে পেটৰ যন্ত্ৰবিলাক সবল কৰি দেহ দোষমুক্ত কৰে।

উপৰিউক্ত প্ৰয়োগবিধিৰ উপৰি ভৰিৰ পটি,বুকুৰ পটি,বাষ্পস্নান,মুত্ৰযন্ত্ৰৰ পটি আদি প্ৰাকৃতিক চিকিৎসা পদ্ধতি আছে।এই চিকিৎসা পদ্ধতিত থকা চিকিৎসাবিধিসমুহ মানুহৰ দেহত হোৱা বিভিন্ন ৰোগ নিৰাময়ৰ বাবে ৰোগবিশেষে প্ৰয়োগ কৰা হয়।এই প্ৰাকৃতিক চিকিৎসা পদ্ধতিসমুহ বৰ্তমান সময়ত প্ৰয়োগ কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে।কিন্তু দুখৰ বিষয় আমি আজি পুৰণি চিকিৎসা প দ্ধতিসমুহক পাহৰি আধুনিক চিকিৎসাৰ প্ৰতি বেছি আসক্ত হৈ পৰিছো।কিন্তু এই পুৰণি প্ৰাকৃতিক চিকিৎসা পদ্ধতি বৰ্তমান বিজ্ঞানসন্মত চিকিৎসা পদ্ধতি হিচাবে পৰিগণিত হৈছে আৰু জনপ্ৰিয়ও হৈছে।সময় সাপেক্ষে আধুনিক চিকিৎসাও গ্ৰহণ কৰিব লাগিব,কি ন্তু প্ৰকৃতিৰ দান সুৰ্য,মাটি আৰু পানীৰ দ্বাৰা কৰা এই প্ৰাকৃতিক চিকিৎসা পদ্ধতি আমি কোনোদিনে এৰাই চলিব নোৱাৰো।যিহেতু তাপ,মাটি আৰু পানীৰ মাজতে আমাৰ জীৱন।এই প্ৰকৃতিৰ লগত মিলি চলিব পাৰিলেহে আমি বহুতো ৰোগৰ পৰা মুক্ত হৈ থাকিব পাৰো।

লেখক:বসন্ত মজুমদাৰ (জিন এনআৰচি স্বাস্থ্য)

2.73684210526
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top