মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / প্ৰান্তীয় ধমনীৰ ৰোগ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰান্তীয় ধমনীৰ ৰোগ :

প্ৰান্তীয় ধমনীৰ ৰোগৰ বিষয়ে লিখা হৈছে ।

 

প্ৰান্তীয় ধমনীৰ ৰোগ(PAD বুলিও কোৱা হয়) এটা সচৰাচৰ দেখা পোৱা ৰক্ত সঞ্চালন সম্পৰ্কীয় সমস্যা। এই সমস্যা হ’লে ধমনীৰ ভিতৰৰ নলীৰ পৰিসৰ ঠেক হৈ পৰে আৰু ৰোগীৰ প্ৰান্তীয় অংগলৈ(যেনে- ভৰি আৰু হাত) ৰক্ত সঞ্চালনৰ পৰিমাণ হ্ৰাস পায়। যদি কোনো ব্যক্তিৰ এই বিসংগতি আৰম্ভ হয়, তেনেহ’লে ব্যক্তিজনৰ এমূৰীয়া প্ৰান্তীয় অংগ সাধাৰণতে ভৰি দুখন প্ৰয়োজন মতে তেজৰ যোগান নেপায়। এই অৱস্থা হ’লে কিছুমান আনুষংগিক লক্ষণে দেখা দিয়ে। সেইবিলাকৰ ভিতৰত অন্যতম হ’ল- খোজকাঢ়োতে ভৰিত বিষ অনুভৱ কৰে(Intermittent Claudication)। শাৰীৰিক শ্ৰম বা ব্যায়াম কৰিলে সিৰামুৰি ধৰি ভৰিত বিষ হয় আৰু জিৰণি ল’লে বিষ উপশম হয়। বিষ হোৱা ঠাইৰ পেশীবিলাকলৈ তেজৰ চলাচল পৰ্যাপ্ত নোহোৱাৰ ফলতে এনে ধৰণৰ বিষ হয়। এনে ধৰণৰ বিষ(PAD) ব্যক্তি এজনৰ ধমনীত এক বুজন অংশত চৰ্বি জমা হৈ তেজৰ সঞ্চালনাত বাধাৰ সৃষ্টি কৰাৰো অন্যতম লক্ষণ হ’ব পাৰে। এই অৱস্থা হ’লে ব্যক্তিজনৰ হৃদপিণ্ড, মস্তিষ্ক আৰু ভৰিলৈ তেজৰ সঞ্চালন হ্ৰাস হ’ব পাৰে।

প্ৰান্তীয় ধমনীৰ ৰোগ হোৱাৰ আশংকা বৃদ্ধিৰ কাৰকসমূহ -

*ধূমপান।

*উচ্চ ৰক্তচাপ।

*বয়স বৃদ্ধি, বিশেষভাৱে ৫০ বছৰ বয়সত ভৰি দিয়া।

*প্ৰান্তীয় ধমনীৰ ৰোগ হোৱাৰ বুৰঞ্জী পৰিয়ালত থাকিলে।

*ডায়েবেটিছ।

*উচ্চ মাত্ৰাৰ কলেষ্টেৰল।

*মেদবহুলতা।

কাৰণবিলাক:

*প্ৰান্তীয় ধমনীৰ ৰোগ(Peripheral Artery Disease, PAD) ৰোগটো ‘এথেৰোছক্লেৰ’ছিছ’ নামৰ বিসংগতিৰ ফলত প্ৰায়ে হোৱা দেখা যায়। এই ৰোগ হ’লে ধমনীৰ ভিতৰত চৰ্বি(Plaques) জমা হয় আৰু ৰক্ত প্ৰবাহ হ্ৰাস পায়।

*যদি কোনো ব্যক্তিৰ ভৰিৰ অংশত এই ৰোগ আৰম্ভ হয়, তেনেহ’লে তেওঁৰ সমগ্ৰ শৰীৰতে ৰক্তবাহী নলীৰ পৰিসৰ ঠেক হৈ পৰিব পাৰে।

*অন্যান্য কাৰণবিলাক হ’ল- এই প্ৰান্তীয় অংগবিলাকত যদি আঘাত পায়, ধমনীৰ ভিতৰত ডকা বন্ধা তেজ জমা হয় বা কোনো ৰোগৰ সংক্ৰমণ হয়। কিন্তু এথোৰোছক্লেৰ’ছিছ হ’লে বিশেষভাৱে হৃদযন্ত্ৰৰ ওপৰত পৰা এই ৰোগৰ প্ৰভাৱৰ বিষয়ে চিকিৎসকে গুৰুত্ব দিয়ে। কাৰণ এই ৰোগ হ’লে সমগ্ৰ শৰীৰৰ সকলো ধমনীৰে ক্ষতি হ’ব পাৰে। যেতিয়া শৰীৰৰ প্ৰান্তীয় অংগ-প্ৰত্যংগবিলাকলৈ তেজৰ যোগান ধৰা ধমনীত এই ৰোগ আৰম্ভ হয়, লগে লগে প্ৰান্তীয় ধমনীবিলাককো এই ৰোগে আক্ৰমণ কৰে। প্ৰায়ে ৰক্তবাহী নলীৰ প্ৰদাহ আৰম্ভ হোৱা ভৰি-হাত আদি অংগবিলাকত ঘা হোৱা, ভৰি-হাত আদিৰ পেশীৰ অস্বাভাৱিক গঠন বা তেজস্ক্ৰিয় বিকিৰণৰ বাবে উন্মুক্ত হোৱা আদি লক্ষণবিলাক প্ৰান্তীয় ধমনীৰ ৰোগৰ ফলতে প্ৰায়ে দেখা দিয়ে।

প্ৰান্তীয় ধমনীৰ ৰোগৰ লক্ষণবিলাক -

*মাজে সময়ে তপিনাৰ মাংসপেশীত সিৰামূৰিয়ে ধৰি প্ৰচণ্ড বিষ হোৱা, উৰু বা কলাফুলৰ পেশীত খোজকাঢ়িলে বা চিৰি বগাই উঠিলে তীব্ৰ বিষ সহ টানি ধৰা।

*ভৰিৰ পেশী জঠৰ হোৱা বা দুৰ্বল হৈ পৰা, শৰীৰৰ অন্য অংশৰ তুলনাত চেঁচা পৰি যোৱা।

*ভৰিৰ পতাত ঘা বা গভীৰ ক্ষত দেখা দিয়া। ভৰিৰ পতা বা ভৰিত হোৱা এই ঘাবোৰ বৰ লাহে ধীৰে শুকায়।

*ৰোগীৰ ভৰিৰ ৰং সলনি হয়।

*ৰোগীৰ ভৰি আৰু ভৰিৰ অংশত নোম সৰি যায় বা নোমৰ বাঢ়ন অতি লাহে লাহে হয়।

*ৰোগীৰ ভৰিৰ নখো বৰ লাহে লাহে বাঢ়ে।

*ৰোগীৰ ভৰিৰ ছালখন জিলিকি থকাকৈ মিহি হয়।

*ভৰিৰ যিকোনো অংশতে স্পন্দনৰ গতি অতি ধীৰে হয় বা স্পন্দন নাইকিয়া হয়।

*পুৰুষৰ ক্ষেত্ৰত জননাংগৰ উত্থান নাইকিয়া হয়।

প্ৰান্তীয় ধমনীৰ ৰোগৰ তীব্ৰতা বৃদ্ধিৰ লগে লগে, ব্যক্তিজনে জিৰণি ল’লে বা বিছনাত বাগৰি থাকিলেও ভৰিত বিষ অনুভৱ কৰি থাকিব। এই ৰোগৰ ফলত হোৱা বিষৰ বাবে টোপনিতো ব্যাঘাত জন্মিব পাৰে। আপুনি শুই থকা বিছনাখনৰ এমূৰত ভৰিকেইটা ওলোমাই ৰাখিলে বা আপুনি শোৱা কোঠাতে অলপমান খোজকাঢ়িলে সাময়িকভাৱে বিষ যন্ত্ৰণাৰ পৰা হাত সাৰি থাকিব পাৰিব।

ৰোগ চিনাক্তকৰণ -

*শাৰীৰিক পৰীক্ষা:

এই পৰীক্ষাবিলাকৰ দ্বাৰা এডোখৰ ঠেক ধমনীৰ তলফালে তেনেই দুৰ্বল স্পন্দন বা একেবাৰে স্পন্দন নাইকিয়া হোৱা, আপোনাৰ ভৰিত ৰক্তচাপ কমি যোৱা বা ভালদৰে শুকাব নোখোজা ভৰিৰ ঘা আদিয়ে প্ৰান্তীয় ধমনীৰ ৰোগত আক্ৰান্ত হোৱাটো নিশ্চিত কৰে।

*এংকল ব্ৰেকিয়েল ইনডেক্স(ABI):

এই পৰীক্ষাটো প্ৰান্তীয় ধমনীৰ ৰোগৰ বাবে আটাইতকৈ বেছিকৈ কৰা অন্যতম পৰীক্ষা। এই পৰীক্ষাৰ দ্বাৰা আপোনাৰ কিলাকুটিৰ লগত আপোনাৰ বাউসীৰ ৰক্তচাপ তুলনা কৰি চোৱা হয়।

*আল্ট্ৰাচাউণ্ড(ডপলাৰ):

শৰীৰৰ ৰক্ত সঞ্চলন প্ৰক্ৰিয়া পৰীক্ষা কৰি ৰক্ত সঞ্চালন ব্যৱস্থাটো কিমান দূৰ ক্ষতিগ্ৰস্ত হৈছে আৰু সম্পূৰ্ণৰূপে বন্ধ হৈ পৰা বা ঠেক হৈ পৰা ধমনীবিলাক চিনাক্ত কৰিবলৈ শৰীৰত কোনো সঁজুলি অকণো প্ৰৱেশ কৰাব নলগা একপ্ৰকাৰৰ যন্ত্ৰণাবিহীন পৰীক্ষণ ব্যৱস্থা ‘আল্ট্ৰাচনোগ্ৰাফী’ কৰা হয়।

*এঞ্জিওগ্ৰাফী(DSA):

এই পৰীক্ষা কৰিবৰ কাৰণে একপ্ৰকাৰৰ ৰঞ্জক দ্ৰব্যৰ বেজি ব্যৱহাৰ কৰা হয়। আপোনাৰ চিকিৎসকে আপোনাৰ শৰীৰৰ ৰক্ত প্ৰৱাহ ধমনীৰ মাজেৰে কেনেদৰে চলি আছে, চাই থাকিব পাৰিব আৰু সমস্যাযুক্ত অংশটো বিচাৰি উলিয়াব।

*এঞ্জিওগ্ৰাফী(CTA):

একপ্ৰকাৰৰ বিশেষ ধৰণৰ এক্স-ৰে’ মেচিন(C.T. Scan) ৰোগীৰ শৰীৰৰ চাৰিওফালে ঘূৰি শৰীৰৰ ধমনীবিলাকৰ লগতে সেইবিলাকৰ চৌদিশৰ গঠনবিলাক লক্ষ্য কৰিব।

চিকিৎসা পদ্ধতিৰ বাছনি -

ভৰিৰ বিষ, সমগ্ৰ শৰীৰত ক্ৰমাগতভাৱে বিয়পিবলৈ ধৰা ‘এথেৰোছক্লেৰ’ছিছ’ৰ গতি বন্ধ কৰাটোৱেই হৈছে এই ৰোগৰ চিকিৎসা। এই লক্ষণবিলাকে জীৱনশৈলী পৰিৱৰ্তন কৰিব পাৰে।

শাৰীৰিক শ্ৰম বা ব্যায়াম -

ব্যায়াম কৰিলে নতুন ৰক্তবাহী নলী সৃষ্টি হ’ব পাৰে বুলি প্ৰমাণ পোৱা গৈছে। লগতে ব্যায়াম ৰোগীৰ ভৰিলৈ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰিব পাৰে। নিয়মীয়াকৈ শাৰীৰিক শ্ৰম-ব্যায়াম কৰাটো প্ৰান্তীয় ধমনীৰ ৰোগত এটি অন্যতম ফলপ্ৰসূ চিকিৎসা। আপুনি এই ব্যায়াম লাহে-ধীৰে আৰম্ভ কৰিব পাৰে। কিন্তু সাধাৰণভাৱে খোজকঢ়াৰ অভ্যাস, ভৰিৰ ব্যায়াম আৰু ট্ৰেডমিল ব্যায়ামৰ কাৰ্যসূচী সপ্তাহত তিনিবাৰকৈ কৰিলে মাত্ৰ চাৰিৰ পৰা আঠ সপ্তাহৰ ভিতৰতে এই ৰোগৰ লক্ষণবিলাক কম হোৱাৰ দৰে ফলাফল পাব।

আহাৰ -

বহুসংখ্যক ভৰি-হাতৰ ধমনীৰ ৰোগীয়ে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায়। এনে অৱস্থাত বহুক্ষেত্ৰত স্বাস্থ্যসন্মত খাদ্য খালে আপোনাৰ ৰক্তচাপ আৰু কলেষ্টেৰলৰ মাত্ৰা কোনো ধৰণৰ ঔষধ নোখোৱাকৈয়ে কমি আহিব। সংপৃক্ত চৰ্বি একেবাৰে কম থকা খাদ্য, ট্ৰেন্স ফেট আৰু কলেষ্টেৰল কম থকা খাদ্য খাই থাকিলে তেজত কলেষ্টেৰলৰ মাত্ৰা কম কৰাত সহায় কৰিব। কিন্তু শৰীৰত প্ৰয়োজনীয় মাত্ৰাত কলেষ্টেৰল ৰাখিবলৈ কলেষ্টেৰল কম কৰা ঔষধ সেৱনৰ প্ৰয়োজন হ’ব পাৰে।

ধূমপান ত্যাগ কৰক -

আপোনাৰ শৰীৰত ভৰি-হাতৰ ধমনীৰ ৰোগৰ আশংকা ধঁপাত সেৱনে বৃদ্ধি কৰিব পাৰে। লগতে ধূমপানে হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ আশংকাও বঢ়াব পাৰে। ধূমপান নকৰা লোকতকৈ ধূমপানত অত্যস্ত লোকৰ প্ৰান্তীয় ধমনীৰ ৰোগ হোৱাৰ আশংকা চাৰিগুণ বেছি। সেয়ে ধূমপান সেৱনৰ অভ্যাস ত্যাগ কৰক। ধূমপানৰ অভ্যাস ত্যাগ কৰিলে ধমনীৰ ৰোগৰ(PAD) লগতে হৃদযন্ত্ৰৰ ৰোগৰ আগ্ৰাসনৰ গতি মন্থৰ হয়।

ঔষধ সেৱন -

*উচ্চ ৰক্তচাপৰ ঔষধ আৰু কলেষ্টেৰল হ্ৰাস কৰাৰ ঔষধ খাই থাকিব লাগে। আপোনাৰ চিকিৎসকে ঔষধ সেৱনৰ বাবে দিয়া দিহা মতে ঔষধ সেৱন কৰাৰ অভ্যাস নিশ্চিত কৰাটো অতি গুৰুত্বপূৰ্ণ কথা।

*আপোনাৰ চিকিৎসকে দিয়া পৰামৰ্শই আপুনি খোজকঢ়াৰ দূৰত্ব কমোৱা বা বঢ়োৱাত সহায় কৰিব।

*এইবিলাকৰ উপৰি আপোনাৰ চিকিৎসকে আপোনাৰ তেজ গোট মৰা(Blood clot)প্ৰতিৰোধ কৰিবৰ কাৰণে ‘এন্টি-প্লেটলেট’ ঔষধ সেৱনৰ পৰামৰ্শ দিব পাৰে।

চিকিৎসাৰ ব্যৱস্থাবিলাক -

*এণ্ডোভাস্কুলাৰ:

এণ্ডোভাস্কুলাৰ অস্ত্ৰোপচাৰ হ’ল, অতি কমকৈ কাটি কৰা একপ্ৰকাৰৰ অস্ত্ৰোপচাৰ আৰু প্ৰধান ৰক্তবাহী নলীৰ ভিতৰেদি শৰীৰৰ বিভিন্ন অংশলৈকে ঢুকি পোৱাকৈ এইবিধ অস্ত্ৰোপচাৰ পদ্ধতি উদ্ভাৱন কৰা হৈছে।

*এঞ্জিওপ্লাষ্টি ষ্টেনটিং:

মুক্ত অস্ত্ৰোপচাৰ- এবিধ পৰম্পৰাগতভাৱে চলি অহা মুকলিকৈ কৰা একপ্ৰকাৰ অস্ত্ৰোপচাৰ আৰু এইবিধ অস্ত্ৰোপচাৰৰ বাবে দীঘলকৈ কটা-চিঙা কৰি লোৱা হয়। শল্য চিকিৎসকজনে অস্ত্ৰোপচাৰটো স্পষ্টকৈ দেখা পাবৰ বাবে সঁজুলিবিলাক শৰীৰৰ ভিতৰলৈ সুমুৱাই দিবলগা হয়।

*প্লাষ্টিক গ্ৰাফটৰ ছেদন:

মুক্ত বাইপাছ, এণ্ডাৰটেৰেক্ট’মি

চিকিৎসাৰ পৰা লাভ কৰা উপকাৰবিলাক কি কি?

প্ৰান্তীয় ধমনীৰ ৰোগৰ চিকিৎসাৰ দ্বাৰা জীৱন ধাৰণৰ মানদণ্ড বহুখিনি উন্নত হয় আৰু গেংগ্ৰিণ(ভৰিৰ গোৰোহা আৰু ভৰি ক’লা পৰা তথা গোৰোহাত সংক্ৰমণ হোৱা ৰোগ) সৃষ্টি আৰু এই অংশত ঘা হোৱা প্ৰতিৰোধ কৰে।

অস্ত্ৰোপচাৰৰ পৰা কি ফল আশা কৰিব পাৰি?

আপুনি চিকিৎসাৰ বাবে কি পদ্ধতি গ্ৰহণ কৰিছে, তাৰ ওপৰতহে আপোনাৰ ফলাফল নিৰ্ভৰ কৰে। এই বিষয়বিলাক জানিবলৈ বিচাৰিলে আপোনাৰ চিকিৎসকে ভালদৰে বুজাই ক’ব। আপোনাৰ শৰীৰৰ শক্তি সামৰ্থৰ ওপৰত ভিত্তি কৰি আপুনি নিজৰ কামত পুনৰ যোগদান কৰিব পাৰিব আৰু আপোনাৰ বিশেষজ্ঞ চিকিৎসকে আপোনাৰ স্বাস্থ্যৰ অৱস্থা চাই কামলৈ উভতি যাবলৈ পৰামৰ্শ দিব পাৰে।

লেখক: ডাঃ নীতিন ভৰদ্বাজ(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

3.11764705882
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top