মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / ফটা ওঁঠ আৰু ফটা তালু
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ফটা ওঁঠ আৰু ফটা তালু

ফটা ওঁঠ আৰু ফটা তালুৰ বিষয়ে লিখা হৈছে

 

গৰ্ভাৱস্থাত ভ্ৰুণৰ ক্ৰমবিকাশৰ সময়ত গঠন প্ৰক্ৰিয়াৰ আসোঁৱাহ বা খেলিমেলিৰ ফলস্বৰুপে ফটা ওঁঠ বা ফটা তালু লৈ নৱজাতকৰ জন হোৱা দেখা যায়-

 

চিকিৎসা বিজ্ঞানত এনেধৰণৰ ফটা ওঁঠ বা ফটা তালুক ক্লেফট লিপ (cleft lip)বা ক্লেফট পেলেট (cleft palate)বোলা হয়।সাধাৰণতে তলৰ ওঁঠতকৈ ওপৰৰ ওঁঠত এনেধৰণৰ আসোঁৱাহৰ দ্বাৰা বেছিকৈ আক্ৰান্ত হোৱা দেখা যায়।সাধাৰণতে মাতৃগৰ্ভত ভ্ৰুণৰ ক্ৰমবিকাশৰ সময়ত যদি ওঁঠৰ বা মুখৰ ‘গ্লবুলাৰ প্ৰচেছ’নহয় আৰু গঠন প্ৰক্ৰিয়া সুচাৰুৰপে সম্পুৰ্ণ হ’বলৈ প্ৰয়োজন হোৱা অন্তৰ্নিহিত শক্তি (Internal force)ৰ অভাৱত দুয়োফালৰ নাকৰ হাড় যদি মুখৰ হনুৰ হাড়ৰ লগত ভালদৰে খাপ খাই নপৰে,তেতিয়া ওঁঠত ফাট থাকি যায়।ঠিক সেইদৰে মুখৰ দুয়োফালৰ পৰা গঠন হোৱা আলুৰ হাড় যদি প্ৰয়োজনীয় অন্তৰ্নিহিত চাপ বা হেঁচাৰ অভাৱত মুখৰ মাজভাগ বা মধ্যৰেখাত সম্পুৰ্ণৰুপে খাপ খাই নপৰে তেতিয়া ফটা তালুৰ সৃষ্টি হয়।

ফটা ওঁঠ বা ফটা তালুৰ সৃষ্টিত সাধাৰণতে বংশতত্ত্বৰ প্ৰভাৱ থাকে।তদুপৰি গৰ্ভাৱস্থাত ভ্ৰুণৰ ক্ৰমবিকাশৰ সময়ত যদি পৰিপুষ্টিৰ অভাৱ হয়,বিশেষকৈ ভিটামিন-এ আৰু ভিটামিন-বি (ৰাইব’ফ্লেভিন)ৰ অভাৱে ফটা ওঁঠ বা তালুৰ সৃষ্টিত অৰিহণা যোগায় বুলি থিৰাং কৰা হৈছে।ইয়াৰোপৰি ভ্ৰুণৰ ক্ৰমবিকাশৰ সময়ত যদি ৰক্তপ্ৰবাহৰ বেমেজালি হয়,মাতৃগৰাকী যদি কিবা জটিল ৰোগৰ সংক্ৰমণৰ দ্বাৰা সংক্ৰমিত হয়,মাতৃগৰাকীৰ যদি ধুমপান বা মদ্যপান কৰাৰ অভ্যাস থাকে নতুবা ভ্ৰুণৰ অংগ-প্ৰত্যংগ গঠন হ’বলৈ শৰীৰত যি অন্তৰ্নিহিত বা আভ্যন্তৰীণ শক্তি,হেঁচা বা চাপৰ প্ৰয়োজন হয় তাৰ অভাৱ ঘটিলে ওঁঠ বা তালুৰ গঠন সম্পুৰ্ণ নহয়,ফলত ওঁঠ বা তালুৰ সৃষ্টি হ’ব পাৰে।

তথ্যভিত্তিক অধ্যয়ন মতে প্ৰতিদিনে জন্ম পোৱা ৮০০ টি নৱজাতকৰ ভিতৰত এটি শিশু ফটা ওঁঠ বা তালুৰ সৈতে জন্ম গ্ৰহণ কৰে-

 

সাধাৰণতে ২১ বছৰৰ পৰা ২৫ বছৰৰ ভিতৰত গৰ্ভধাৰণ কৰা মাতৃগৰাকীৰ ফটা ওঁঠ বা তালুৰ সন্তান জন্ম দিয়াৰ সম্ভাৱনা অধিক হয়।অনুপাত হিচাপে ছোৱালী সন্তানতকৈ ল’ৰা সন্তান ফটা ওঁঠ বা ফটা তালুৰ সমস্যাত বেছিকৈ আক্ৰান্ত হোৱা দেখা যায়।এনেধৰণৰ আসোঁৱাহত ওঁঠৰ ফাট,ওঁঠৰ ঠিক মাজভাগত বা মুখৰ মধ্যৰেখাত থাকিব পাৰে নতুবা ওঁঠৰ দুই কাষে পাৰ্শ্বীয়ভাৱে থাকিব পাৰে।কেতিয়াবা ফটা ওঁঠ ফটা তালুৰ লগত সংলগ্ন হৈ থাকিব পাৰে।কেতিয়াবা আকৌ এই ফাট ইমান বেছি জটিল হয় যে ই বাঢ়ি গৈ তালুৰ আগভাগৰ পৰা (Premaxith)কোমল তালু (Soft palate)বা আলজিভা Epi glottis ও চোৱেগৈ।

ফটা ওঁঠ বা তালু লৈ সন্তানৰ জন্ম হ’লে পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ অন্য নিকট লোকসকলো নানান মানসিক দুৰ্যোগৰ সন্মুখীন হয়।আগতে ই এক গভীৰ সামাজিক প্ৰত্যাহ্বান আছিল।কিন্তু বৰ্তমান চিকিৎসা বিজ্ঞানৰ প্ৰসাৰ আৰু অগ্ৰগতিৰ লগে লগে বৰ্তমান আধুনিক সমাজ ব্যৱস্থাত ফটা ওঁঠ আৰু তালুৰ সমস্যাটো সাধাৰণ হৈ পৰিছে।আধুনিক চিকিৎসা পদ্ধতিত উন্নতমানৰ শল্য চিকিৎসাৰদ্বাৰা ফটা ওঁঠ জন্মৰ এমাহৰ ভিতৰত অপাৰেচন কৰি ঠিক কৰিব পাৰি।ঠিক তেনেদৰে ফটা তালু জন্মৰ পৰা ওঁঠৰ মাহৰ পিছত যেতিয়া তালুৰ লগতে মুখগহ্বৰৰ অন্য হাড়ৰ গঠন আৰু ক্ৰমবিকাশ সম্পুৰ্ণ হয়,তেতিয়া প্ৰযোজ্য শল্য চিকিৎসা (Plastic Surgery)ৰ দ্বাৰা উপযযুক্ত ব্যৱস্থা গ্ৰহণ কৰি জোৰা লগাব পাৰি।

ফটা ওঁঠ বা ফটা তালুৰে জন্মগ্ৰহণ কৰা শিশুসকলে শাৰীৰিক কষ্ট ভোগ কৰাৰ লগতে মানসিক অন্তৰ্দ্বন্দ্বতো ভোগে।এনে অৱস্থাত ভোগা শিশুসকলে বা ৰোগীসকলে খোৱা-বোৱাত অসুবিধা পায়।বিশেষকৈ মাতৃগৰাকীয়ে স্তনপান কৰোৱাৰ সময়ত নতুবা সন্তানক অন্য খাদ্য খুওৱাৰ সময়ত আহুকালৰ সন্মুখীন হয়।বিশেষকৈ ফটা ওঁঠৰ লগতে ফটা তালু থাকিলে খোৱা খাদ্য খাদ্যনলীৰ উপৰি ফটা তালুৰ জৰিয়তে নাকৰ ভিতৰেৰে গৈ শ্বাসতন্ত্ৰত সোমাই শ্বাস-প্ৰশ্বাসত বিঘিনি ঘটাব পাৰে।ইয়াৰোপৰি ফটা ওঁঠ বা তালুৰ সৈতে জন্মগ্ৰহণ কৰা শিশুসকলে শব্দৰ সঠিক উচ্চাৰণ কৰিব নোৱাৰে বা কথা-বতৰা পাতোতে অসুবিধা ভোগ কৰে।ইয়াৰ ফলত যোগাযোগৰ অভাৱ বা কথা-বতৰাৰ বিনিময়ত বাধাগ্ৰস্ত হৈ তেওঁলোকে হীনমন্যতাত ভোগে আৰু তেওঁলোকৰ ব্যক্তিত্বৰ সঠিক বিকাশ নহয়।ফটা ওঁঠ বা তালুত ভোগা শিশুসকল শৰীৰৰ অন্য অংগ-প্ৰত্যংগৰ আসোঁৱাহতো ভোগা দেখা যায়।ফটা ওঁঠ আৰু তালুৰ লগতে শিশুৰ কেতিয়াবা জিভাখনতো ফাট থকা (Bifid tongue)দেখা যায়।এনে অৱস্থাত ভোগা শিশুসকলৰ শাৰীৰিক তথা মানসিক বিকাশতো বাধা আহি পৰে।নতুবা বিকাশ মন্থৰ হয়।ফটা ওঁঠ বা তালুৰ সৈতে জন্মগ্ৰহণ কৰা শিশুসকলৰ দাঁতৰ গঠনো ক্ৰুটিপুৰ্ণ হয় আৰু দন্তবিন্যাস বেঁকা-বেঁকি,উচলা,উজলা বা অসমান হয়।ব্যক্তিৰ সামুহিক সৌন্দৰ্য ৰক্ষা আৰু ব্যক্তিত্ব গঠনত ফটা ওঁঠ বা তালুৱে বিস্তৰ প্ৰভাৱ পেলায়।কিন্তু আজিকালি,চিকিৎসা বিজ্ঞানৰ বিভিন্ন বিভাগ,যেনে-প্লাষ্টিক ছাৰ্জাৰী,দন্ত চিকিৎসা বিজ্ঞানৰ প্ৰস্থেটিক,অৰ্থডণ্টিকছ আৰু এস্থেটিক ডেণ্টিষ্ট্ৰী বিভাগৰ সমুহীয়া প্ৰচেষ্টাত ফটা ওঁঠ বা তালুৰ চিকিৎসা কৰাই ভুক্তভোগীক নতুন ৰুপ দিব পৰা যায়।তদুপৰি কথা-বতৰা ভালদৰে দৃঢ়তাৰে ক’বলৈ বা বিনিময় কৰিবলৈ,লগতে শব্দৰ সঠিক উচ্চাৰণ কৰিবলৈ স্পীচ থেৰাপিষ্ট বা এই বিষয়ত বিশেষজ্ঞ বা প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ সহায় লোৱা হয়।ইয়াৰোপৰি বৰ্তমান সময়ত চৰকাৰৰ পৃষ্ঠপোষকতাত ‘অপাৰেচন স্মাইল’আঁচনিৰ জৰিয়তে বিশেষ চিকিৎসকৰ দ্বাৰা বিনামুলীয়াকৈ এই অৱস্থাৰ চিকিৎসা কৰা হয় আৰু পৰামৰ্শ আগবঢ়োৱা হয়।অলপমান সজাগতা আৰু অকণমান সচেতনতাৰে এই অৱস্থাৰ জটিলতা বহু পৰিমাণে লাঘৱ কৰিব পাৰি।

লেখিকা:ডা: ৰুবী কটকী (জি এনআৰচি স্বাস্থ্য)

2.88235294118
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top