অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ফিছাৰ :

ফিছাৰ ৰোগৰ বিষয়ে লিখা হৈছে ।

 

হোমিও চিকিৎসাৰে নিৰাময় হয় :

ফিছাৰ(Fissure) ৰোগত গুহ্যদ্বাৰৰ চাৰিওফালে ফাটি ঘা হয়। তাৰ পৰা ৰস, তেজ, পূঁজ, বৈ থাকে। শৌচ কৰিবৰ সময়ত আৰু শৌচ কৰাৰ পিছত প্ৰচণ্ড জ্বলা-পোৰা কৰা বিষ হয়, শৌচ কঠিন হ’লে যন্ত্ৰণা বাঢ়ে। নৰম শৌচ হ’লে যন্ত্ৰণা কিছু কম হয়।

এই ৰোগ সাধাৰণতে শৌচ অতিৰিক্ত কঠিন থকা লোকসকলৰ হয়। কোষ্ঠকাঠিন্য থাকিলে অতিৰিক্ত জোৰ দি শৌচ কৰিব লাগে। তাৰ ফলত গুহ্যদ্বাৰৰ ছাল ফাটে আৰু প্ৰথমে কিছুমান শৌচৰ লগত তেজ মিহলি হৈ ওলায়। পিছত এনেদৰে ফটা ঘাবোৰত ঘঁহনি খাই ক্ৰমান্বয়ে বেছিকৈ ফাটি যোৱা ঠাইবোৰ ডাঙৰ ঘাত পৰিণত হয়। এই ৰোগত আভ্যন্তৰীণ হোমিও ঔষধ খোৱা, শাক-পাচলি, ফল-মূল আদি বেছি পৰিমাণে খোৱা, দৈনিক দুই-তিনি মাইল খোজকঢ়া আৰু আঠ-দহ গিলাচ পানী খোৱাৰ অভ্যাস কৰিলে সকলো ফিছাৰ ৰোগত আক্ৰান্ত ৰোগী সম্পূৰ্ণ আৰোগ্য হয়। এই ৰোগ আৰোগ্য হ’বলৈ কিছু অধিক দিন লাগে।

হোমিও চিকিৎসা -

  • Arsenic Album 30:

ফিছাৰ ৰোগৰ বাবে প্ৰস্ৰাৱ কৰাৰ সময়ত ফিছাৰত অতিৰিক্ত যন্ত্ৰণা হ’লে এই ঔষধ বিশেষভাৱে ব্যৱহাৰ হয়।

  • Calcarea Fluor:

শৌচ কঠিন থকা বা দুই-চাৰি দিন শৌচ নোহোৱা লোকসকলৰ ফিছাৰ ৰোগত এই ঔষধ বিশেষভাৱে ব্যৱহাৰ হয় আৰু এনে ধৰণৰ ফিছাৰ ৰোগ এই ঔষধৰ দ্বাৰা অধিকাংশই আৰোগ্য হয়। নৰম শৌচ হোৱা লোকসকলৰ বাবে Calcarea Flour 30 উপযোগী নহয়।

  • Thuja Occid 30:

এই ঔষধ ফিছাৰ ৰোগত ব্যৱহাৰ কৰাৰ বিশেষ লক্ষণ হ’ল, গুহ্যদ্বাৰত কাপোৰৰ ঘঁহনি খালে বা হাতেৰে চুলে অসহ্য বিষ হয়। ফিছাৰৰ লগত চেপেটা কাঠ আচিনাই থাকে বা এক ধৰণৰ ৰস ওলাই থকা গাখীৰৰ চামনিৰ দৰে চৰ্মৰোগ থাকে।

  • Graphitis 30:

শকত-আৱত লোকসকলৰ বিশেষকৈ মহিলাসকলৰ শৌচৰ আকাৰ অতিৰিক্ত ডাক্তৰ হ’লে আৰু বৃহৎ আকাৰৰ শৌচত ইটোৰ পিছত সিটো আঙুলিৰ দৰে গাঁঠি থাকিলে, গাঁঠিবোৰত শাওঁৰ দৰে বগা পদাৰ্থ জড়িত থাকিলে, এই ঔষধ ব্যৱহাৰ কৰিব লাগে। ৰোগ থাকিলেও ৰোগী শকত হৈ গৈ থাকে।

  • Silicea 30:

কিছুসংখ্যক লোকৰ কিছুদিন নৰম শৌচ হয়, কিছুদিন টান শৌচ হয়। এইদৰে পৰিৱৰ্তন হৈ শৌচ হোৱা লোকসকলৰ ওপৰত এই ঔষধ বিশেষভাৱে ব্যৱহাৰ হয়।

  • Sulphur 30:

খৰ, খজুৱতি বা আন চৰ্মৰোগৰ দ্বাৰা আক্ৰান্ত হোৱা ৰোগীৰ বা কুঁজা গঠনৰ লোকসকলৰ ফিছাৰ ৰোগ হ’লে এই ঔষধ ব্যৱহাৰ হয়। Sulphur ব্যৱহাৰ কৰা ৰোগীৰ শৌচৰ আকাৰ কিছু ডাঙৰ থাকে আৰু শৌচ কৰিবৰ সময়ত, শৌচ কৰাৰ পিছত গুহ্যদ্বাৰত বহু সময়লৈকে জুয়ে পোৰাৰ দৰে জ্বলা-পোৰা কৰা বিষ থাকে।

  • Acid Nitric:

মুখত ঘা হোৱা বা পানী লাগি থকা, হঠাৎ অতিসাৰ হোৱা ৰোগীৰ ফিছাৰ হ’লে এই ঔষধ ব্যৱহাৰ কৰিব লাগে। Acid Nitric সাধাৰণতে যিসকল লোকৰ নৰম শৌচ হয় আৰু হঠাৎ অতিসাৰ হয়, তেনে ধৰণৰ লোকসকলৰ ওপৰত ব্যৱহাৰ কৰা হয়।

  • Ratanhia 30:

এই ঔষধ ফিছাৰ ৰোগত ব্যৱহাৰ কৰিবলগীয়া ৰোগীৰ শৌচ অতিৰিক্ত কঠিন থাকে আৰু অতিৰিক্ত জোৰ দি শৌচ কৰিবলগীয়া হয়। শৌচ কৰিবৰ সময়ত আৰু শৌচ কৰাৰ পিছত বহু সমলৈকে কটা-ছিঙা কৰাৰ দৰে গুহ্যদ্বাৰত বিষ থাকে। Ratanhia ব্যৱহাৰ হোৱা কিছুমান ৰোগীৰ তসকলো সময়তে প্ৰস্ৰাৱ কৰাৰ ভাব হয় কিন্তু প্ৰস্ৰাৱ নহয়, কেৱল জ্বলা-পোৰা কৰে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top