মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / ফেৰিঞ্জাইটিছ ৰোগৰ ঘৰুৱা দিহা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ফেৰিঞ্জাইটিছ ৰোগৰ ঘৰুৱা দিহা :

ফেৰিঞ্জাইটিছ ৰোগৰ ঘৰুৱা দিহাৰ বিষয়ে লিখা হৈছে ।

 

সকলোৰে চিৰ পৰিচিত বেমাৰ টোৱেই হৈছে ফেৰিঞ্জাইটিছ। সাধাৰণতে প্ৰায়বোৰ মানুহেই কম বেছি পৰিমাণে এই ৰোগত ভোগে। বতৰৰ পৰিৱৰ্তন হলে, ঠাণ্ডা লাগিলে, চৰ্দি, ইনফ্লুৱেঞ্জা আদি হলে ই বৰ আমনিদায়ক হৈ পৰে ভুক্ত ভোগীৰ বাবে।

সাধাৰণতে ভাইৰাছ(virus)বা বেক্টেৰিয়া জনীত ৰোগ। মুখ্য লক্ষণ সমূহ হল- চৰ্দি, কাহ, জিভাত বা ডিঙিত খচখচনী বা বিষ হোৱা, সেপ গিলোতে বিষ হোৱা, কেতিয়াবা মাত বহিও যায়, জ্বৰ অনুভৱ হোৱা আদি। এই ৰোগ ক্ৰনিক(chronic)হলে কিছুমান ঘৰুৱা দিহা আৰু পথ্যৰ দ্বাৰা উপশম পাব পাৰি।

ঘৰুৱা দিহা :-

(১) ডিঙিত ঠাণ্ডা নলগাব। পাৰিলে এখন কাপোৰেৰে ডিঙি মেৰিয়াই থওক। সহ্য কৰিব পৰা গৰম পানীত নিমখ দি কুলিকুলি কৰিলে আৰাম পোৱা যায়। লাল চাহত নিমখ দিওঁ কুলিকুলি কৰিলে সুফল পোৱা যায়।

(২)দোৰোন শাক, পচতীয়াৰ(Vitex negundo) আগ কেইটামান একেলগে নহৰু, জালুক দি কলপাতত সেকি খাব লাগে।নাইবা ভাজি খাব লাগে।

(৩)যষ্টিমধু বা মূলেঠি(licorice, botanical name-Glycyrrhiza Glabra) এডোখৰ খুন্দি এগিলাচ পানীত উতলাই উতলাই আধা গ্লাছ হোৱাৰ পাছত গেছ অফ কৰিব। তাৰ পিছত ঠাণ্ডা হোৱাৰ পাছত এচামুছ মৌ মিহলাই মিশ্ৰণ খিনি সমানে তিনিভাগ কৰি দিনে এভাগকৈ খাওক।এনেকৈ এসপ্তাহ খাওক।

(৪)শুকান আদা এডোখৰ, পিপলি(Piper longum) তিনি টুকুৰা, জালুক কেইটামান খুন্দি এক গ্লাছ পানীত উতলাই আধা গ্লাছ ৰাখি মিশ্ৰণ খিনি সমানে চাৰিভাগ কৰক। দিনে এভাগ কৈ দুবাৰ খাওক।

(৫)ৰাতিপুৱা মুখ ধোৱাৰ আগতে দুখিলা নিম পাত(যাৰ বাবে তিতা অপথ্য তেওঁ নকৰিব) চোৱাই অলপ সময়ৰ পিছত মুখখন ধুই পেলাওক। ৰস খিনি গিলিব নালাগে। নিমৰ বীজাণু নাশক গুণে সুফল দিয়ে।

(৬)শোহণী বনৰ(Spilanthes paniculata) গুটি কেইটামান চোবাই থাকক অলপ সময়। গিলি নিদিব। জিভাখন অলপ দেৰডেৰাব আৰু লেলাৱতী ওলাব। থুই পেলাই থাকিব লাগে অলপ সময়। তাৰ পিছত মুখ খন ধুই পেলাওক।

(৭)মাজে মাজে নিমপাত ভাজি খাওক।

(৮)শেৱালি ফুল নহৰু দি ভাজি খাওক।

(৯)দিনে 5 খিলাকৈ তুলসী পাত চোৱাই খাওক।

(১০)কলখাৰ অলপ কেঁচা মিঠাতেল দি গৰম ভাতৰ লগত খাওক। লগতে তলত দিয়া পথ্য অপথ্য সমূহ মানি চলক।

পথ্য:

*তুলসী পাত,

*মৌ,

*আদা,

*নহৰু,

*জালুক,

*দোৰোন শাক,

*পচতীয়া শাক,

*নৰসিংহ,

*মানিমুনি,

*ভেদাইলতা,

*নিমপাত,

*আমলখি,

*শিলিখা,

*তিতা ফুল,

*কলখাৰ,

*শেৱালি ফুল আদি উত্তম পথ্য।

অপথ্য:

ফ্ৰীজৰ ঠাণ্ডা বস্তু direct নাখাব। বৰা চাউলৰ ব্যঞ্জন, তামোল, হাঁহৰ মাংস, বেঙেনা, উৰহি, মাতিদাইল, ভেন্দি, কচু আদি বিজলুৱা বস্তু নাখাব কেইদিনমান। (এইবোৰ বস্তু খালে কিছুমানৰ এলাৰ্জি হয় আৰু কিছুমানৰ এনেকুৱা ক্ৰনিক বেমাৰ সমুহে পুনৰ উক দিয়ে)|

লেখক: ডাঃ ৰেইনী দেৱী(আয়ুৰ্বেদিক চিকিৎসক)

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং: 7399114617

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top