মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / ফ্লেচাৰিজম ওজন হ্ৰাসৰ পদ্ধতি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ফ্লেচাৰিজম ওজন হ্ৰাসৰ পদ্ধতি :

ফ্লেচাৰিজম ওজন হ্ৰাসৰ পদ্ধতিৰ বিষয়ে লিখা হৈছে ।

বৰ্তমান সময়ত মেদবহুলতাই এক তীব্ৰ ৰূপ ধাৰণ কৰিছে। পৃথিৱীৰ মুঠ ৭৫৩ কোটি জনসংখ্যাৰ ভিতৰত ১৯০ কোটি লোকেই মেদবহুলতাত আক্ৰান্ত। পুৰুষৰ কঁকালৰ জোখ যদি ৩৬ ইঞ্চি পাৰ হৈছে, তেন্তে মেদবহুলতাৰ কবলত পৰিছে। মহিলাৰ এই জোখ হৈছে ৩২ ইঞ্চি।

মেদবহুলতা ভয়াৱহ ৰোগ নহয় যদিও ইয়ে-

  • হৃদৰোগ,
  • ডায়েবেটিছ,
  • উচ্চ ৰক্তচাপ,
  • আৰ্থাইটিছ আদি বহুবোৰ ভয়াৱহ ৰোগক আমন্ত্ৰণ দিয়ে।

মেদবহুলতাৰ প্ৰধান কাৰণ হ’ল অতিভোজন। যাৰ বাবে শৰীৰত প্ৰয়োজনতকৈ অধিক কেল’ৰি জমা হয়।

কিছু ক্ষেত্ৰত থাইৰয়ড নাইবা পেটুইটেৰী গ্ৰন্থিৰ অসন্তুলনৰ বাবেও শৰীৰ স্থূলকায় হৈ পৰে। এনেক্ষেত্ৰত কম কেল’ৰিযুক্ত আহাৰ গ্ৰহণ কৰিলেও ক্ৰমান্বয়ে শকত হ’বলৈ ধৰে।

মেদবহুলতাৰ পৰা মুক্তি পোৱাৰ একমাত্ৰ উপায় হ’ল সঠিক আহাৰ আৰু ব্যায়াম নাইবা যোগাসন। ‘ফ্লেচাৰিজম’ হ’ল আহাৰ চিকিৎসাৰ দ্বাৰা ওজন হ্ৰাস কৰাৰ এক প্ৰামাণিক পদ্ধতি। ১৮৯৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘হৰেক ফ্লেচাৰ’ নামৰ ব্যক্তিজনে এই পদ্ধতি আৱিষ্কাৰ কৰিছিল।

সেই সময়ত ফ্লেচাৰৰ বয়স আছিল ৪০ বছৰ। ওজন নিৰ্দিষ্ট পৰিমাণতকৈ ৫০ পাউণ্ড বেছি আছিল। তেওঁ প্ৰায়ে অজীৰ্ণতাত ভুগিছিল। অনবৰতে ভাগৰুৱা অনুভৱ কৰি আছিল আৰু ক্ৰমান্বয়ে এজন বৃদ্ধ লোকৰ দৰে হৈ পৰিছিল।

লগতে মধুমেহ আৰু উচ্চ ৰক্তচাপ আছিলেই। নিজৰ উন্নতিৰ উপায় বিচাৰি ফ্লেচাৰে বিভিন্ন গ্ৰন্থ গভীৰভাৱেহ অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে আৰু এটা গুৰুত্বপূৰ্ণ তথ্য আৱিষ্কাৰ কৰিলে। তেওঁৰ নাম অনুসতি এই সূত্ৰক কোৱা হয় ’ফ্লেচাৰিজম’।

এই সূত্ৰ পালন কৰি ফ্লেচাৰে নব্বৈ বছৰৰো অধিক কাল স্বাস্থ্যৱান হৈ জীয়াই আছিল। তেওঁৰ এই সূত্ৰৰ ওপৰত এখন গ্ৰন্থ প্ৰকাশ কৰিলে।

এই গ্ৰন্থখনে বিক্ৰীৰ অভিলেখ ভংগ কৰি বহু ভাষালৈ অনূদিত হ’ল। FLETCHERISM What it is নামৰ গ্ৰন্থখনত তেওঁ সু-স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয় তলত দিয়া চাৰিটা নিয়ম বান্ধি দিলে।

১)গোটা আহাৰ একেবাৰে লুপথুপীয়া নোহোৱালৈকে চোবাই থাকিব লাগে। গাখীৰ আদি খাওঁতে অলপ অলপকৈ মুখত কিছু সময় ৰাখিহে গিলিব লাগে।

২)ভোক নালাগিলে কেতিয়াও ভোজন কৰিব নালাগে।

৩)প্ৰতি গৰাহ খাদ্যকে গিলি নিদিয়ালৈকে উপভোগ কৰিব লাগে।

৪)খং, চিন্তা, উদ্বিগ্নতা, খুব ভাগৰুৱা অনুভৱ কৰি থকা নাইবা মনলৈ কিবা বেয়া ভাব আহি থাকিলে কেতিয়াও আহাৰ খাব নালাগে।

ফ্লেচাৰে প্ৰমাণ কৰিছিল যে সম্পূৰ্ণৰূপে আহাৰ চোবোৱাটোৱেই হ’ল সু-স্বাস্থ্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নিয়ম। তেওঁ অনুভৱ কৰিছিল যে ৩৩ বাৰ নোচোবালে চবন ক্ৰিয়া সম্পূৰ্ণ নহয় আৰু তেওঁ সিদ্ধান্ত হ’লে যে প্ৰতি গৰাহ খাদ্য তেত্ৰিশ বাৰ চোবাবই।

ফ্লেচাৰে সেই নিয়ম একেৰাহে পাঁচ মাহ পালন কৰি ৫০ পাউণ্ড ওজন হ্ৰাস কৰিলে। লগতে নিজৰ বয়সো বিশ বছৰ কমি যোৱাৰ দৰে অনুভৱ কৰিলে। ফ্লেচাৰে তেওঁৰ খাদ্য তালিকাত কাৰ্ব’হাইড্ৰেটৰ পৰিমাণ পাৰ্যমানে কমাই আনিছিল।

খাদ্য চিকিৎসা আৰম্ভ কৰোঁতে গুৰুত্বপূৰ্ণ কথাটো হ’ল যে মেদবহুল ব্যক্তিজনে তালিকাখন এনেভাৱে তৈয়াৰ কৰিব লাগিব যে সপ্তাহত ১ পাউণ্ড নাইবা ১৫ দিনত ১ কিলো ওজন হ্ৰাস পায়। এইটোৱে ব্যক্তিজনক নতুন খাদ্য তালিকা গ্ৰহণ কৰিবলৈ শক্তি দিব। এমাহত ২ কিলোকৈ ওজন হ্ৰাস হ’লে ছমাহত ১২ কিলো হ্ৰাস হ’ব।

তলত ফ্লেচাৰৰ দ্বাৰা তৈয়াৰী খাদ্য তালিকাৰ লগতে যৌগিক আসন আৰু প্ৰাণায়াম সংযোগ কৰি এক দিনচৰ্যা প্ৰস্তুত কৰি দিয়া হৈছে। দৃঢ় ঐকান্তিক প্ৰচেষ্টাৰে এই কাৰ্যক্ৰম মানি চলিলে নিশ্চিতভাৱে ছমাহত দেহৰ ওজন হ্ৰাস পোৱাৰ লগতে সুস্বাস্থ্য প্ৰাপ্তি হ’ব।

পুৱা ৫ বজাত: দুগিলাচ বা তিনি গিলাচ কুহুমীয়া পানীত এফাল নেমু চেপি খাব। প্ৰাতঃকৃত্য সম্পন্ন কৰি আধা ঘন্টা তীব্ৰ গতিত খোজ কাঢ়িব লাগে।

৬-৭ বজাত যোগাসন(সূৰ্য নমস্কাৰ ১৩ বাৰ)

উত্তান পাদাসন

৩ বাৰ

নৌকাসন

২ বাৰ

শৱাসন

৩ মিনিট

ধনুৰাসন

২ বাৰ

পশ্চিমোত্তাসন

৪ বাৰ

কপালভাটি

১০ মিনিট(৬০০ বাৰ)

অনুলোম বিলোম

১০ মিনিট

৮.৩০ বজা(জলপান):

গজালি ওলোৱা শস্য যেনে- মগু, বুট, ঘেঁহু আৰু একাপ সৰবিহীন গাখীৰ নাইবা এটা ফল।

১০.৩০ বজা:

ফলৰ ৰস এগিলাচ(কমলা, মাটিকঁঠাল, নাইবা গাজৰৰ ৰস)।

দুপৰীয়া ১২.৩০ বজা:

এবাটি কেঁচা চালাদ, এবাটি সিজোৱা পাচলি আৰু এগিলাচ দৈৰ ঘোল অৰ্থাৎ আধা কাপ দৈ+আধা কাপ পানী ভালদৰে ফেটি দিব। দুখন বা তিনিখন ৰঙা আটাৰ ৰুটী।

আবেলি ৪ বজাত:

নাৰিকলৰ পানী বা এগিলাচ যিকোনো ফলৰ ৰস(আপেল বাদ দি) বা পাচলিৰ চুপ।

সন্ধ্যা ৬-৭(যোগাভ্যাস):

সূৰ্য নমস্কাৰ(যোগমুদ্ৰা) ৮ বাৰ।

৮ বজাত ৰাতিৰ আহাৰ:

সিজোৱা বা ভাপত দিয়া পাচলিৰ লগত এখন বা দুখন ৰুটী।

এই নিয়মৰ লগতে সপ্তাহত এদিন সৰ্বাংগ মালিচ আৰু পাৰিলে বাষ্পস্নান কৰিলে অতি উত্তম ফল লাভ কৰিব পাৰি।

লেখক: পৰশমণি বৰা(নিয়মীয়া বাৰ্তা)

4.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top