মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / বয়োজ্যেষ্ঠ লোকৰ ৰোগ আৰু তাৰ প্ৰতিকাৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বয়োজ্যেষ্ঠ লোকৰ ৰোগ আৰু তাৰ প্ৰতিকাৰ

বয়োজ্যেষ্ঠ লোকৰ ৰোগ আৰু তাৰ প্ৰতিকাৰৰ বিষয়ে লিখা হৈছে ।

বাৰ্ধক্যজনিত ৰোগ কি? সৰল ভাষাত ক’বলৈ গ’লে বাৰ্ধক্যজনিত ৰোগ ষাঠি বছৰ বা তাৰ ঊৰ্ধ্বৰ ব্যক্তিৰ হোৱা ৰোগ।

বৃদ্ধাৱস্থা প্ৰতিজন ব্যক্তিৰ এক গুৰুত্বপূৰ্ণ অধ্যায়। বাৰ্ধক্যজনিত ৰোগত কেইবা প্ৰকাৰৰ ৰোগ অন্তৰ্ভুক্ত হৈ আছে।

যেনে-

  • বাতবিষ,
  • শাৰীৰিক দুৰ্বলতা,
  • অনিদ্ৰা,
  • মন অৱসাদ,
  • এলঝেইমাৰ ৰোগ,
  • উচ্চ ৰক্তচাপ,
  • মধুমেহ,
  • হৃদৰোগ,
  • কোষ্ঠকাঠিন্য,
  • ষ্ট্ৰ’ক,
  • ব্ৰংকাইটিছ,
  • এজমা,
  • টিবি,
  • পেটৰ সমস্যা যেনে- ডায়েৰীয়া, ডিছেণ্ট্ৰী, বৃক্কৰোগ।

বাৰ্ধক্যজনিত ৰোগৰ অন্তৰ্ভুক্ত ৰোগবিলাকৰ লক্ষণসমূহ বিৱৰি আলোচনা নকৰি কেৱল আয়ুৰ্বেদিক বিধিৰ দ্বাৰা কিদৰে উপশম পাব পাৰি সেই বিষয়ে আলোচনা কৰিলো।

সেয়েহে এই বিধিসমূহ অৱলম্বন কৰিলে ওপৰত উল্লেখিত ৰোগসমূহক নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি।

লগতে যোগ চিকিৎসাৰ বাৰ্ধক্যজনিত ৰোগত বিশেষ মহত্ত্ব আছে। আলোচনাৰ কৰা বিধিসমূহ তলত উল্লেখ কৰিছে।

বিধিসমূহ -

১) হালধি গুড়ি এচামুচ আৰু আধা গিলাচ কুহুমীয়া পানী নিতৌ দুবাৰকৈ খালে-

-উচ্চ ৰক্তচাপ,

-হৃদৰোগ,

-বাতবিষ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে।

২) এক ফোটা নহৰু, ২ চাহ চামুচ কেঁচা হালধিৰ ৰস আৰু এক গিলাচ কুহুমীয়া পানী নিতৌ দুবাৰকৈ খালে কলেষ্টেৰল নিয়ন্ত্ৰণ হয় আৰু হৃদয়ৰ ৰক্তসিৰা আৰু ধমনীবোৰ বাধা নিদি চলাচল নিয়ন্ত্ৰণ কৰে।

৩) ১ গিলাচ গাখীৰৰ লগত ২ চাহ চামুচ কেঁচা হালধিৰ ৰস নিতৌ পুৱা খালে শাৰীৰিক দুৰ্বলতাৰ পৰা উপশম পায় ।

৪) ৰাতিপুৱা খালী পেটত আধা লিটাৰ পানী পান কৰাৰ পিছত ২ চাহ চামুচ কেঁচা হালধিৰ ৰসৰ লগত ৪০ মি: লি: আমলখিৰ ৰস একেলগে মিলাই সেৱন কৰিলে-

  • কোষ্ঠকাঠিন্য,
  • এচিডিটী,
  • বদহজমৰ পৰা উপশম পায়।

৫) ৪ চামুচ ব্ৰাহ্মী শাকৰ ৰস, ১ চামুচ কলমৌ শাকৰ ৰস, ২ চামুচ হেলঞ্চি শাকৰ ৰসৰ সৈতে একাপ ছাগলীৰ গাখীৰ আৰু এক চামুচ চেনি মিহলি কৰি খালে স্মৃতিশক্তি বৃদ্ধি পায়।

৬) ব্ৰাহ্মী শাক ঘিউত ভাজি সেই খালে স্মৃতিশক্তি বৃদ্ধি হয়।

৭) অৰ্জুন গছৰ ছাল ৰ’দত শুকুৱাই গুড়ি কৰি ২ চামুচ অৰ্জুন গছৰ ছালৰ গুড়িৰ লগত ১ গিলাচ পানীৰ লগত নিতৌ দুবাৰ সেৱন কৰিলে হৃদৰোগৰ পৰা উপশম পায়।

৮) আধাকাপ মানিমুনিৰ ৰস, ১ ফোটা নহৰু আৰু আধা গিলাচ কুহুমীয়া পানীৰ লগত নিতৌ দুবাৰকৈ খালে উচ্চ ৰক্তচাপৰ পৰা উপশম পায় আৰু স্মৃতিশক্তি বৃদ্ধি পায়।

৯) আধাকাপ মানিমুনি পাতৰ ৰস, আধা কাপ ব্ৰাহ্মীৰ ৰস আৰু ২ চাহ চামুচ মৌ নিতৌ দুবাৰকৈ খালে-

-স্মৃতিশক্তি বৃদ্ধি হয় আৰু

এলঝেইমাৰ ৰোগৰ পৰা উপশম পায়।

১০) ১০ খিলা নৰসিংহ পাত পিচি ৰস উলিয়াই পুৱাই খালী পেটত সেৱন কৰিলে মধুমেহৰ পৰা উপশম পায়।

১১) ৰাতি দুই চামুচ মেথি গুটি, ৫ খিলা তেজপাত পৰিষ্কাৰকৈ ধুই ফালি এক গিলাচ পানীত ৰাতি তিয়াই থ’ব। পুৱা সেইখিনি ছেকি খালী পেটত খালে মধুমেহৰ পৰা উপশম পায়।

১২) তিতা-কেৰেলা ১০ টামান পৰিষ্কাৰ পানীত ভালদৰে ধুই কাটি ল’ব। ৫০ টামান তেজপাত, লগতে ১০০ গ্ৰাম মেথি ভালদৰে ধুই ৰ’দত শুকুৱাব।

তাৰ পিছত ভালদৰে গুড়ি কৰি গ্লাছৰ বৈয়ামত ভৰাই থ’ব। নিতৌ দুবাৰকৈ দুই চামুচ, আধা গিলাচ কুহুমীয়া পানীৰ লগত সেৱন কৰিলে মধুমেহৰ পৰা উপশম পায়।

১৩) দুই চাহ চামুচ আমলখিৰ ৰস, আধা কাপ তিতা-কেৰেলাৰ ৰস নিতৌ পুৱা খালে মধুমেহৰ পৰা উপশম পায়।

১৪) ব্ৰাহ্মী শাকৰ ৰস ৪ চামুচ, তুলসী ৰস ৪ চামুচ একেলগে মিহলাই সেৱন কৰিলে মন অৱসাদৰ পৰা উপশম পায়।

১৫) শতাবৰীৰ গুড়ি ২ চামুচ, মৌ, আধা গিলাচ কুহুমীয়া পানীৰ লগত নিতৌ দুবাৰ সেৱন কৰিলে মন অৱসাদৰ পৰা উপশম পায়।

১৬) আধা কাপ মানিমুনি পাতৰ ৰস, আধা কাপ ব্ৰাহ্মী পাতৰ ৰস, দুই চাহ চামুচ মৌ একেলগে মিহলাই সেৱন কৰিলে এলঝেইমাৰ বা স্মৃতিশক্তি নাশ হোৱাৰ পৰা উপশম পায়।

১৭) ১ চামুচ অৰ্জুনৰ গুড়ি, এক চামুচ গুড়, এক গিলাচ কুহুমীয়া পানী নিতৌ খালী পেটত খালে হৃদৰোগৰ পৰা উপশম পায়।

১৮) অৰ্জুন ছালৰ গুড়ি ২ গ্ৰাম, এক গিলাচ কুহুমীয়া পানীৰ লগত নিতৌ দুবাৰ সেৱন কৰিলে এজমাৰ পৰা উপশম পায়।

১৯) অৰ্জুন ছালৰ গুড়ি ২ গ্ৰাম, এক গিলাচ গাখীৰ নিতৌ দুবাৰ সেৱন কৰিলে বীৰ্যহীনতাৰ পৰা উপশম পায়।

২০) তিলপুষ্পীৰ পাউদাৰ বা টেবলেট নিতৌ সেৱন কৰিলে-

  • হৃদৰোগ,
  • বৃক্কৰোগৰ পৰা উপশম পায়।

২১) তিত- ভেঁকুৰীৰ ৰস ২ মি:লি:ৰ পৰা ৪ মি:লি: নিতৌ দুবাৰ সেৱন কৰিলে-

  • হৃদৰোগ,
  • যিকোনো বুকুৰ বিষ,
  • গাঁথিৰ বিষৰ পৰা উপশম পায়।

২২) আঁহত গছৰ পাত ৫-৭ খিলা ৰাতি এক গিলাচ পানীত ভিজাই থ’ব। পুৱা সেইখিনি ছেকি নিতৌ দুবাৰকৈ সেৱন কৰিলে-

  • বুকুৰ ধপধপনি,
  • হৃদৰোগ,
  • আঘাত পালে উপশম পায়।

২৩) তুলসী পাতৰ ক্কাথ ৪০ মি: লি:, ১ চামুচ মৌ আৰু ১ চামুচ আদাৰ ৰস নিতৌ দুবাৰকৈ সেৱন কৰিলে-

  • এজমা,
  • ব্ৰংকাইটিছ আৰু
  • হৃদৰোগৰ পৰা উপশম পায়।

২৪) বৃক্কত যদি পাথৰ থাকে, তেনেহ’লে ১০ খিলা তুলসী পাতৰ ৰস, ১ চামুচ মৌ নিতৌ তিনিবাৰ এক গিলাচ কুহুমীয়া পানীৰ লগত সেৱন কৰিলে উপশম পায়।

২৫) ঘিউত লং ভাজি সেই লংখিনি ভালদৰে পাউদাৰ কৰি গ্লাছৰ বৈয়ামত ভৰাই থ’ব। নিতৌ আধা চামুচ ৰঙৰ পাউদাৰ, এক চামুচ মৌ সেৱন কৰিলে-

  • গেছট্ৰাইটিছ,
  • কোষ্ঠকাঠিন্য,
  • এজমা,
  • ব্ৰংকাইটিছৰ পৰা উপশম পায়।

২৬) ৭ খিলামান বাহকাৰ পাত ভালকৈ পানীত সিজাব। তাৰ পিছত পানীৰ পৰা উঠাই পৰিষ্কাৰ হাতেৰে পাতকেইখিলা মোহাৰি চাটনি বনাব। তাৰ লগত আধা চামুচ মৌৰ লগত নিতৌ দুবাৰ সেৱন কৰিলে-

  • কাহ,
  • চৰ্দি,
  • এজমা,
  • ব্ৰংকাইটিছৰ পৰা উপশম পায় ।

বাৰ্ধক্যজনিত ৰোগত যোগৰ মহত্ত্ব -

যোগ বহু বছৰ আগৰে পৰা চলি অহা এক প্ৰাকৃতিক চিকিৎসা। যোগ সব্দটো ‘য়ুজ’ শব্দৰ পৰা লোৱা হৈছে- যাৰ অৰ্থ হৈছে সমৱেত হোৱা।

যোগ এনে এক চিকিৎসাৰ শাখা বা পদ্ধতি- যাৰ দ্বাৰা মন, আত্মা, শৰীৰ আৰু প্ৰকৃতিৰ লগত মিলন হয় আৰু বিশ্বব্ৰহ্মাণ্ডৰ সৈতে একাত্ম হয়।

যোগৰ মূল উদ্দেশ্য হৈছে শৰীৰ আৰু মনৰ মাজত সামঞ্জস্য স্থাপন কৰা। মহাঋষি পতঞ্জলিৰ মতে চঞ্চলতা দমাই ৰখাটোৱেই হৈছে যোগ।

যোগৰ লাভালাভ :-

১) মনৰ সন্তুলন কৰা

২) শৰীৰৰ সক্ৰিয় শক্তি বৃদ্ধি কৰা

৩) স্মৃতিশক্তি বঢ়োৱা

৪) ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰা

৫) শৰীৰৰ পেশীৰ শক্তি বৃদ্ধি কৰা

৬) হাড় সুৰক্ষিত কৰি ৰখা

৭) শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰা

৮) উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰা

৯) তেজৰ শৰ্কৰাৰ মাত্ৰা কমায়

১০) থাইৰয়ড হৰম’ন নিয়ন্ত্ৰিত কৰা

১১) বিভিন্ন বিষ নিৰাময় কৰা

১২) জীৱনশৈলী সম্বন্ধীয় বিভিন্ন বিকাৰত লাভদায়ক

১৩) শাৰীৰিক অসুস্থতা, মানসিক অৱসাদ, মানসিক চিন্তা, মানসিক চাপ কমোৱা।

যোগ অভ্যাসৰ লগতে উচিত পৰিমাণৰ খাদ্য খোৱাটো খুব আৱশ্যক। যি আহাৰত প্ৰচুৰ পৰিমাণৰ-

  • প্ৰ’টিন,
  • কাৰ্বহাইড্ৰেট,
  • ফেট আৰু
  • ভিটামিন থাকে সেই খাদ্য খোৱাটো খুব আৱশ্যক ।

ইয়াৰ উপৰি কমেও ২.৫ লিটাৰৰ পৰা ৩ লিটাৰ পানী খোৱাটো খুব প্ৰয়োজন।

৬০ বছৰ ওপৰৰ ব্যক্তিয়ে কৰিবলগীয়া যোগ -

১) থিয় হৈ কৰিবলগীয়া যোগ :-

১) গ্ৰীভামুদ্ৰা

২) ভদাসন / প্ৰলস্তি আসন

৩) স্কন্দমুদ্ৰা

৪) হস্তমুদ্ৰা

৫) ত্ৰিকোণ আসন

বহি কৰা আসন :-

১)  অৰ্ধমৎস্যেন্দ্ৰ আসন

২) বক্ৰাসন

৩) মন্দুক আসন

৪) সহাংক আসন

৫) অৰ্ধ উষ্ট্ৰ আসন/ উষ্ট্ৰ আসন

শুই কৰা আসন :-

১) ষষ্ঠীৰাসন

২) মাৰ্জৰাসন

৩) পৱনমুক্তাসন

৪) ভূজংগ আসন

৫) অৰ্ধচালভাসন

প্ৰাণায়াম :-

১) অনুলোন বিলোম

২) সূৰ্যভেদ প্ৰাণায়াম

ওপৰত উল্লেখ কৰা যোগসমূহ নিতৌ ৪৫ মিনিট অভ্যাস কৰিলে বাৰ্ধক্যজনিত ৰোগৰ পৰা উপশম পায় ।

লেখিকা :- ডা: কৰবী হাজৰিকা চৌধুৰী

উৎস :- জি এনআৰচি স্বাস্থ্য

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top