মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / বয়োজ্যেষ্ঠসকলৰ দাঁতৰ যতন:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বয়োজ্যেষ্ঠসকলৰ দাঁতৰ যতন:

বয়োজ্যেষ্ঠসকলৰ দাঁতৰ যতনৰ বিষয়ে লিখা হৈছে

 

জন্মৰ পৰা মৃত্যুলৈকে মানুহৰ জীৱনচক্ৰত সাধাৰণতে তিনিটা ভাগ যেনে- শিশুকাল, যৌৱনকাল আৰু বৃদ্ধকালত ভাগ কৰা হয়। বয়োজ্যেষ্ঠ বুলিলে আমি সৰলাভাৱে বয়সৰ জোখেৰে ষাঠি বছৰ বা তাৰ ঊৰ্ধ্বৰ ব্যক্তিৰ কথাকে বুজো। বৃদ্ধাৱস্থা প্ৰতিজন ব্যক্তিৰ জীৱন-চক্ৰৰ এক গুৰুত্বপূৰ্ণ অধ্যায়।

আধুনিক চিকিৎসা বিজ্ঞানে বিভিন্ন ৰোগৰ কাৰণ, ফলপ্ৰসূ চিকিৎসা আৰু সম্পূৰ্ণ নিৰাময়ৰ উপায় চিনাক্তকৰণত ফলৱতী হোৱাত বৰ্তমান সময়ত ৰোগ নিৰ্মূল, প্ৰতিকাৰ আৰু প্ৰতিৰোধ সহজসাধ্য হৈ পৰিছে। ইয়াৰ লগে লগে বৃদ্ধি হৈছে জনসাধাৰণ(ৰাইজ)ৰ মাজত স্বাস্থ্য সচেতনতা আৰু সজাগতাৰ প্ৰচাৰ আৰু প্ৰসাৰ। ফলত গড় হিচাপে মানুহৰ আয়ুস বৃদ্ধি হৈছে আৰু বৃদ্ধাৱস্থাৰ মাপকাঠীও সলনি হৈছে। আজি কিছু বছৰৰ আগলৈকে আমাৰ ধাৰণা আছিল যে বয়স বাঢ়িলে মানুহ বুঢ়া হয় আৰু বুঢ়া হ’লে মানুহৰ চুলি পকে। অৱশ্যে আজিকালি কম বয়সতে চুলি বগা হোৱা দেখা যায়, দাঁত সৰে, সোলা হয়। চকুৰে কম দেখে, কাণেৰে নুশুনা হয়। খোজ থৰক-বৰক হয়, কথা পাহৰি যায় বা ভালদৰে কথা মনত ৰাখিব নোৱাৰে। পৰিসংখ্যা যিয়েই নহওক কিয় আজি কিছু বছৰৰ আগলৈকে মানুহে ৬০ৰ পৰা ৬৫ বছৰ বয়সৰ ভিতৰত(বিশেষকৈ চাকৰি কৰা লোকসকলে অৱসৰ গ্ৰহণ কৰাৰ পিছত) উপৰিউক্ত লক্ষণবোৰৰ গৰাকী হৈ বৃদ্ধ আখ্যা পাইছিল। কিন্তু আজিকালি যুগৰ অগ্ৰগতিৰ লগে লগে বৃদ্ধাৱস্থাৰ সূত্ৰ সলনি হৈছে।

ব্যক্তিৰ বৃদ্ধাৱস্থাৰ পৰিধি বৰ্তমান চিকিৎসা বিজ্ঞানে তলত দিয়া ধৰণে বিভক্ত কৰিছে-

 

১)৬৫ৰ পৰা ৭৪ বছৰলৈকে তৰুণ বৃদ্ধ

২)৭৫ৰ পৰা ৮৪ বছৰলৈকে মধ্য বৃদ্ধ

৩)৮৫ৰ পৰা ওপৰৰ লোকসকল অতি বৃদ্ধ বা আলৰ বুঢ়া।

কিন্তু যি ধৰণেই বৃদ্ধাৱস্থাৰ সূত্ৰ প্ৰয়োগ নকৰক কিয় ৬৫ বছৰ পাৰ হোৱাৰ লগে লগে ব্যক্তিৰ দেহত কিছুমান শাৰীৰিক পৰিৱৰ্তন আহে আৰু বিশেষকৈ মুখগহ্বৰত নানান সমস্যাই দেখা দিয়ে।

বয়ুজ্যেষ্ঠসকলৰ সাধাৰণতে হোৱা মুখগহ্বৰৰ এটা সমস্যা হৈছে মুখত লেলাৱটিৰ পৰিমাণ কম হোৱা, যাক চিকিৎসা বিজ্ঞানত ‘ড্ৰাই মাউথ’ বা জেৰোষ্টমিয়া’ বোলা হয়। আমাৰ মুখগহ্বৰত থকা ‘ছেলাইভাৰী গ্লেণ্ড’ নামৰ এক বিশেষ লেলাৱটি গ্ৰন্থিবোৰৰ কাৰ্যক্ষমতা কমি আহে আৰু গ্ৰন্থিৰ লেলাৱটি উৎপাদন কাৰকৰ সক্ৰিয়তা কমি আহে। ফলত মুখৰ থুৰ পৰিমাণ কমি যায় আৰু পানীৰ নিচিনা তৰল লেলাৱটিৰ ঘনত্ব বাঢ়ি গৈ ডাঠ, আঁহজাতীয় শ্নেষ্মাৰ নিচিনা হয়গৈ। পাতল, তৰল সঠিক মাত্ৰাত ওলোৱা মুখৰ লেলাৱটিয়ে মুখগহ্বৰৰ প্ৰাকৃতিক প্ৰক্ষালন কৰি দাঁত-মুখ পৰিষ্কাৰ কৰি ৰাখে। কিন্তু মুখত লেলাৱটি ওলোৱা কাৰ্যৰ হেৰফেৰ হ’লে মুখগহ্বৰ অপৰিষ্কাৰ হৈ পৰে। অপৰিষ্কাৰ মুখগহ্বৰ দাঁত-মুখৰ ৰোগৰ প্ৰধান কাৰণ। তদুপৰি বয়স বয়স বৃদ্ধিৰ লগে লগে শৰীৰৰ কোষবোৰৰ কাৰ্যক্ষমতা কমি গৈ ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ৰিয়া অৱনমিত হয়। সেয়েহে বয়োজ্যেষ্ঠ লোকসকল সতকায় বেমাৰত পৰাটো পৰিলক্ষিত হয়। বয়সীয়া লোকসকলে সাধাৰণতে ভোগা কিছুমান মুখগহ্বৰৰ সমস্যাৰ বিষয়ে সংক্ষেপে আলোচনা কৰা হ’ল।

দন্তক্ষয় ৰোগ বা ডেন্টেল কেৰিজ:

 

বয়সৰ লগে লগে দাঁতৰ পৃষ্ঠভাগ, মানে খাদ্যবস্তু চোবাই গুড়ি কৰি খোৱা অংশৰ ক্ৰমশঃ ক্ষয়প্ৰাপ্ত হয়। দাঁতত ৰং ধৰে বা দাঁতৰ বৰণ সলনি হৈ অস্বচ্ছ হৈ পৰে। দন্তবিন্যাসৰ দাঁতবোৰৰ মাজত ফাঁক হয়। এইধৰণে হোৱা দাঁতৰ ফাঁকবোৰত খোৱা বস্তু সোমাই ৰয় আৰু কালক্ৰমত দন্তক্ষয় ৰোগৰ সৃষ্টি হয়।

সাধাৰণতে ষাঠি বছৰৰ ওপৰৰ লোকসকলৰ ৰূট কেৰিজ বা দাঁতৰ শিপাত দন্তক্ষয় ৰোগ বেছিকৈ হোৱা দেখা যায়। বয়সৰ লগে লগে দাঁতৰ মাৰি বা আলু বহি গৈ মুখৰ হনু হাড়ৰ ভিতৰত সোমাই থকা শিপা অংশ ওলাই পৰে। লেলাৱটিৰ পৰিমাণ কমি গৈ মুখগহ্বৰ অপৰিষ্কাৰ হোৱাৰ ফলত মুখগহ্বৰত থকা বেমাৰৰ সৃষ্টি কৰিব পৰা জীৱাণুবোৰ সক্ৰিয় হৈ পৰে আৰু দাঁতৰ মাৰি বা আলু বহি গৈ মুক্ত হৈ পৰা, তুলনামূলকভাৱে এনামেল আৰু ডেন্টিনতকৈ কোমল চিমেন্টাম অংশত সংক্ৰমণ ঘটাই দন্তক্ষম ৰোগৰ সৃষ্টি কৰে।

দাঁতৰ মাৰি বা আলু ৰোগ:

 

বয়োজ্যেষ্ঠসকলৰ দাঁতৰ মাৰি বা আলুৰ ৰোগ সতকায় হোৱা দেখা যায়। লেলাৱটি গ্ৰন্থিৰ থু উৎপাদন কৰিব পৰা ক্ষমতা কমি যোৱাৰ লগে লগে মুখগহ্বৰ অপৰিষ্কাৰ হৈ পৰে। লেতেৰা পৰিৱেশত বীজাণুৱে অনায়াসে বেমাৰৰ সৃষ্টি কৰিব পাৰে। সেয়েহে বেছিভাগ বয়োজ্যেষ্ঠ লোকৰ মুখ বগা, লেকেতীয়া ‘বেক্টেৰিয়েল প্লাক’ৰ সৃষ্টি হয়। ফলত সংক্ৰমণ ঘটি দাঁতৰ মাৰি ফুলি উঠে। দাঁতৰ মাৰিৰ পৰা তেজ ওলায়। ঘাৰ সৃষ্টি হয় আৰু মুখ গোন্ধায়।

তদুপৰি বয়োজ্যেষ্ঠ লোকসকল সাধাৰণতে শৰীৰৰ আন আন অন্ত্ৰ আৰু বিভিন্ন আভ্যন্তৰীণ ৰোগ, যেনে- ডায়েবেটিছ, কিডনীৰ বেমাৰ, পেটৰ বেমাৰ, তেজৰ বেমাৰ, কাহ-কফ বা শ্বাস-প্ৰশ্বাসৰ বেমাৰ আদিত ভোগা দেখা যায়। এনেবোৰ ৰোগত দীৰ্ঘদিন ভুগি থাকিলে শৰীৰৰ প্ৰতিৰোধ ক্ষমতা কমি যায়। তেতিয়া দাঁত আৰু মুখৰ ৰোগ বিশেষকৈ দাঁতৰ মাৰিৰ ৰোগ বা পেৰিয়ডেন্টাইটিছ ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা যায়। পেৰিয়ডেন্টাইটিছ ৰোগ বাঢ়ি গৈ পুৰণা হ’লে দাঁতৰ মাৰি বা আলু বহি যায়। দাঁতৰ গুৰিৰ পৰা তেজ ওলায় আৰু দাঁতবোৰ সঠিকভাৱে ধৰি ৰখা মুখৰ হনু হাড়ৰ ধ্বংসপ্ৰাপ্ত হয়। ফলত দাঁতবোৰ লৰিবলৈ ধৰে আৰু এই ৰোগ বাঢ়ি গৈ থাকিলে এটা সময়ত দাঁতবোৰ একেবাৰে লৰি সৰি পৰে বা এনেধৰণৰ দাঁতে খাদ্যবস্তু চোবোৱাত অসুবিধাৰ সৃষ্টি কৰাৰ বাবে সৰুৱাই পেলাবলগীয়া হয়।

মুখৰ শ্লেষ্মা আৱৰণখনৰ পৰিৱৰ্তন:

 

বয়স বঢ়াৰ লগে লগে মুখৰ ভিতৰত শ্লেষ্মা আৱৰণখন পাতল হৈ পৰে, বেছি মসৃণ হয় আৰু ৰঙা পৰি উঠে। শ্লেষ্মা আৱৰণখন ঢিলা হৈ পৰে আৰু ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা হেৰুৱাই পেলায়। ফলত মুখত ভেঁকুৰজাতীয়, যেনে- কেনডিডা এলবিকানছ সংক্ৰমণ বেছি হ’ব পাৰে।

মুখত সম্পূৰ্ণ বা আংশিকৰূপে দাঁত নথকা:

 

দন্তক্ষয় ৰোগৰ দ্বাৰা আক্ৰান্ত হৈয়ে হওক বা দাঁতৰ মাৰিৰ ৰোগৰ দ্বাৰা পীড়িত হৈয়ে হওক বয়োজ্যেষ্ঠসকলৰ বেছিভাগৰে আংশিক বা কেতিয়াবা সম্পূৰ্ণভাৱে দাঁত সৰুৱাই পেলাবলগীয়া হয়। মুখত দাঁত নাথাকিলে সৌন্দৰ্য হানি হোৱাৰ লগতে খাদ্যবস্তু ভালদৰে চোবাই গুড়ি কৰি খোৱাত অসুবিধা হয়। সেয়েহে খোলা বা সম্পূৰ্ণৰূপে দাঁত নথকা বয়সীয়া লোকসকল সততে পেটৰ বেমাৰ বা বদহজমত ভোগা দেখা যায়। তদুপৰি মুখত ওপৰ-তল দুয়োপাৰি হনুত দাঁত নাথাকিলে মুখৰ লম্বিক দৈৰ্ঘ্য বা কেন্দ্ৰীয় সম্পৰ্কৰ বেমেজালি ঘটি মুখৰ হনুৰ জোৰাত(টেম্পেৰ’মণ্ডিবুলাৰ জয়ন্ট) বিষ হ’ব পাৰে। লম্বিক দৈৰ্ঘ্য আৰু কেন্দ্ৰীয় সম্পৰ্কৰ তাৰতম্যৰ ফলত ওঁঠৰ কোণত ঘা লাগিব পাৰে।

দাঁতৰ সিৰসিৰণি:

 

বিভিন্ন কাৰণত বয়োজ্যেষ্ঠসকলৰ দাঁতৰ কঠিন কলা এনামেলভাগ ক্ষয়প্ৰাপ্ত হৈ জীৱিত কলা ডেন্টিনভাগ মুক্ত হৈ পৰে বা দন্তক্ষয় বা ডেন্টেল কেৰিজৰ দ্বাৰা আক্ৰান্ত হৈ দাঁতৰ ভিতৰৰ কোমল মজ্জা অংশ পাল্পৰ ওচৰ পায়গৈ। এনেকুৱা অৱস্থাত ব্যক্তিয়ে দাঁতত সিৰসিৰণি অনুভৱ কৰে। ঠিক তেনেদৰে দাঁতৰ মাৰি বা আলু ৰোগত আলু বহি গৈ দাঁতৰ ৰূট বা শিপা অংশৰ চিমেন্টাম অংশ মুকলি হৈ পৰাৰ কাৰণে তেওঁলোকে দাঁতত সিৰসিৰণি অনুভৱ কৰে। ঠাণ্ডা, টেঙা, মিঠা আদি খাদ্য খালে বা দাঁতত জোৰকৈ বতাহৰ চাপ লাগিলে এই সিৰসিৰণি বেছি হয়।

মুখৰ ঘা:

 

বয়স বঢ়াৰ লগে লগে মানৱ দেহৰ কোষ, কলা আৰু পেশীবোৰৰ ধাৰণ ক্ষমতা কমি যায় আৰু পেশীবোৰ শিথিল হৈ পৰে। বিভিন্ন আভ্যন্তৰীণ ৰোগু, মানসিক চাপ, হৰম’নৰ তাৰতম্য তথা পৰিৱৰ্তনৰ বাবে বৃদ্ধাৱস্থাত সঘনাই মুখৰ ভিতৰত, যেনে- জিভাৰ কাষত বা তলভাগত, ওঁঠৰ ভিতৰভাগত, ওঁঠৰ কোণত আৰু আলুত ঘা হোৱা দেখা যায়। ভিটামিনৰ অভাৱ, খাদ্যত পৰিপুষ্টিৰ তাৰতম্য নতুবা অপৰিষ্কাৰ মুখগহ্বৰ এনেধৰণৰ ঘাবোৰৰ প্ৰধান কাৰক। বয়োজ্যেষ্ঠ মহিলাসকলৰ, বিশেষকৈ ৰজঃনিবৃত্তিৰ পিছত মুখত জ্বলা-পোৰা কৰা ধৰণৰ ঘা, যেনে- ছাব মিউকাছ ফাইব্ৰছিছ, লাইকেন প্লেনাছ, লিউক’প্লাকিয়া আদি হোৱা দেখা যায়। পুৰুষসকলৰ ক্ষেত্ৰত দীৰ্ঘদিনীয়া ধূমপান আৰু মদ্যপানো এনেধৰণৰ ঘা সৃষ্টিৰ এক মুখ্য হেতু।

বয়োজ্যেষ্ঠসকলৰ দাঁতৰ যতন:

 

বয়স হ’ল বুলিয়েই যে মানুহৰ ডাঢ়ি-চুলি পকি, গলে-মুখে বাৰ্ধক্যৰ আঁচোৰ পৰি, দাঁত সৰি লাপুং বুঢ়া হ’ব লাগিব, তেনে কোনো ধৰা-বন্ধা নিয়ম বা কথা নাই। বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে মানুহে বাৰ্ধক্যক হাতৰ মুঠিত ধৰি ৰাখিবলৈ শিকিছেত। উন্নত জীৱন-যাপন, পৰিপুষ্টিৰে ভৰা খাদ্য, নিয়মিতভাৱে লোৱা স্বাস্থ্যৰ যতনে বৃদ্ধ অৱস্থাতো শৰীৰটোক নিৰোগী কৰি কাৰ্যক্ষম কৰি ৰখাত অৰিহণা যোগাইছে। যিসকলে বয়সিয়াল লোকে দেহটোৰ যতন নিজেই ল’ব পাৰে তেওঁলোক স্বয়ংভাৱে আৰু যিসকলৰ সহায়ৰ প্ৰয়োজন হয় তেওঁলোকৰ ক্ষেত্ৰত পৰিয়ালৰ আন আন সদস্যসকল অকণমান সজাগ-সচেতন হ’লে- এইসকল বয়স্ক লোকে সুন্দৰভাৱে ল’বলগীয়া দাঁত-মুখৰ যতনৰ বিষয়ে উল্লেখ কৰা হ’ল।

দাঁত-মুখ পৰিষ্কাৰ কৰি ৰাখিব লাগে। বয়সিয়াল লোকসকলৰ বাবে দাঁত চাফা কৰা সঁজুলি আৰু ব্ৰাছ উপলব্ধ। বয়সিয়াল লোকৰ বাবে বিদ্যুৎচালিত টুথ ব্ৰাছ বেছি উপকাৰী। ঠিক তেনেদৰে দাঁত ব্ৰাছ কৰা পদ্ধতিও কিছু বেলেগ। অভিজ্ঞ দন্ত চিকিৎসকৰ দ্বাৰা দাঁত ব্ৰাছ কৰাৰ পদ্ধতি শিকি ল’ব লাগে আৰু এই বিষয়ত পৰামৰ্শ ল’ব লাগে। পুৱা-গধূলি দুবাৰকৈ দাঁত ব্ৰাছ কৰা, খাই উঠাৰ পিছত মুখখন ভালদৰে কুলকুলি কৰা, দাঁতৰ ফাঁক বা দুটা দাঁতৰ মাজত সোমাই থকা খাদ্যবস্তুৰ অৱশেষ ডেন্টেল ফ্লছ বা এক বিশেষ ধৰণৰ সূতাৰ ব্যৱহাৰৰ দ্বাৰা পৰিষ্কাৰ কৰাটো অতি দৰকাৰী।

প্ৰতি ছমাহৰ মূৰে মূৰে নিয়মিতভাৱে অভিজ্ঞ দন্ত চিকিৎসকৰ দ্বাৰা দাঁত-মুখ পৰীক্ষা কৰাব লাগে, আৰু কিবা আসোঁৱাহ ধৰা পৰিলে তৎক্ষণাৎ তাৰ প্ৰতিকাৰ কৰাব লাগে।

সুষম খাদ্য খাব লাগে। খাদ্যই কেৱল শৰীৰৰ পৰিপুষ্টিয়েই যোগান নধৰে, খাদ্য আৰু দাঁতৰ সম্পৰ্ক অতি গুৰুত্বপূৰ্ণ। বেছি টান, টেঙা, মিঠা, জলা-মচলা থকা খাদ্য বয়সস্থ লোকসকলে পৰাপক্ষত নোখোৱাই ভাল।

মুখত লেলাৱটিৰ পৰিমাণ কমি যোৱাৰ ফলত বিভিন্ন ৰোগৰ সৃষ্টি হয়। এইক্ষেত্ৰত বিভাগীয় চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতীব প্ৰয়োজনীয়। এনেধৰণৰ অসুবিধা ভোগ কৰিলে পানী বেছিকৈ খাব লাগে।

কৃত্ৰিম দাঁত ব্যৱহাৰ কৰা বয়সস্থ লোকসকলে কৃত্ৰিম দাঁতবোৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাত অধিক গুৰুত্ব দিব লাগে। ঢিলা, মুখৰ হনুত খাপ নোখোৱা, ভগা-ছিগা কৃত্ৰিম দাঁত কেতিয়াও ব্যৱহাৰ কৰিব নালাগে।

মুখত ভগা-ছিগা, ধাৰাল দাঁত থাকিলে সেইবোৰ সৰুৱাই পেলাব লাগে। শৰীৰৰ আভ্যন্তৰীণ ৰোগ থাকিলে সেইবোৰৰ ভালদৰে চিকিৎসা কৰাব লাগে।

সুস্থ দেহত সুস্থ মন। পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকি, আনন্দ-সফূৰ্তিৰে জীৱনটো উদাযাপন তথা উপভোগ কৰাত প্ৰাধান্য দিব লাগিব।

উৎস: জিএনআৰচি স্বাস্থ্য(ডাঃ ৰুবী কটকী)

3.10526315789
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top