মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / বতৰৰ ৰোগ বসন্ত কি আৰু কেনেদৰে হয়?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বতৰৰ ৰোগ বসন্ত কি আৰু কেনেদৰে হয়?

বতৰৰ ৰোগ বসন্ত কি আৰু কেনেদৰে হয় লিখা হৈছে

শুকান বতৰত বায়ুমণ্ডলত জলীয় ভাপ হ্রাস পাবলৈ ধৰাত ধূলিময় পৰিবেশ এটাৰ সৃষ্টি হয়। যিমানেই ধূলিৰ প্রকোপ বৃদ্ধি পায় সিমানেই ভাইৰাছৰ আক্রমণ তীব্রতৰ হয়। বসন্ত কালত যিবোৰ ভাইৰাছজনিত ৰোগ হয় সেইবোৰৰ ভিতৰত অন্যতম হ’ল বসন্ত ৰোগ বা "আই"। অসমত পৰম্পৰাগতভাবে এইবিধ ৰোগক "আই' বুলি জনা যায়। শীতৰ অন্তৰ লগে লগে সকলোৰে মনত বসন্ত ৰোগ বা ‘আই’ৰ চাপে খুন্দিয়াবলৈ ধৰে। ইতিহাসে ঢুকি নোপোৱা সময়ৰে পৰা মানুহৰ মনত বসন্ত ৰোগৰ আশংকাৰ সৃষ্টি হয়। আগতে বসন্ত ৰোগ বুলি ক’লৈ শংকৰ কাৰণ আছিল। বৰ আইৰ বাবে ১৯৭৭ ত অন্তিমবাৰৰ বাবে বৰ আইত আক্ৰান্ত হোৱাৰ তথ্য পোৱা নাযায়। অর্থাৎ বৰআইৰ ভয়ংকৰ আক্ৰমণৰ পৰা মানৱ জাতিয়ে হাত সাৰিবলৈ সক্ষম হোৱা বাবে সেই ৰোগৰ প্ৰতি শংকা বহুলাংশে হ্রাস পাইছে। বসন্ত ৰোগ কোনো এটা বিশেষ অঞ্চলৰ ৰোগ বুলি ক’ব নোৱাৰি, কাৰণ পৃথিবীৰ সকলো ঠাইতে ইয়াৰ প্ৰাদুৰ্ভাব দেখা যায়। সৰুআই বা মাজু আই সি যি নহওক, এই দুয়োবিধ ৰোগ কিন্তু কেতিয়াবা প্রাণনাশী হ’ব পাৰে। সেয়েহে পৰম্পৰাগত পদ্ধতিৰে চিকিৎসা কৰি নিজৰ বিপদ নিজে চপাই লোৱাতকৈ বিশেষজ্ঞ চিকিৎসকৰ পৰামর্শ গ্রহণ কৰিহে চিকিৎসা কৰা উচিত। এইখিনিতে উল্লেখ কৰা হ’ল যে বহুতে বসন্ত ৰোগ কেৱল বসন্ত কালতহে হোৱা ৰোগ বুলি ভাবে যদিও শীত কালতো এই ৰোগ হোৱাৰ আশংকা নুই কৰিব নোৱাৰি। খাদ্যৰ পৰা আৰম্ভ কৰি থকা ঠাইলৈকে সকলো ক্ষেত্ৰতে সাৱধান নহ’লে ৰোগবিধে যে সময়ত ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে সেয়া দোহাৰাৰ নিশ্চয় প্রয়োজন নাই। সৰুআই বা মাজু আই দুয়োবিধৰে উৎস হ’ল ‘ভাইৰাছ”।

কেনেকৈ সংক্রমণ ঘটে-

 

স্কুললৈ যোৱা কোনো ল’ৰা-ছোৱালী যদি আক্ৰান্ত হয়, তেতিয়াহ’লে স্কুললৈ যোৱাত বাধা দিয়া উচিত। কিয়নো, এজনৰ পৰা আন এজনলৈ ই বিয়পিব পাৰে। সাধাৰণতে হাঁচি, কাঁহ আদিৰ দ্বাৰা এই ৰোগ অতি সহজে বিয়পিব পাৰে আৰু সেইবাবে ইয়াক "ড্রপলেট স্প্রেড' বুলি কোৱা হয়। এজনৰ নিশ্বাসত আন এজনৰ শ্বাস-প্রক্রিয়াত সংক্রমিত হোৱাৰ পূৰামাত্ৰাই আশংকা থাকে। এজনৰ পৰা আন এজনলৈ সংক্ৰমিত হোৱাৰ পিছত যেতিয়া গোটেই শৰীৰত ভাইৰাছ বিয়পি পৰে, তেতিয়া তাক কোৱা হয় "ভাইৰেমিয়া"। শিশু এটাৰ জন্মৰ পিছৰ পৰা তিনি বছৰমানলৈকে এই ৰোগ কম পৰিমাণে হোৱা দেখা যায়।

কাৰণ এই সময়ত শিশুৱে মাকৰ গাখীৰ খায় আৰু মাকৰ গাখীৰত ৰোগ প্ৰতিৰোধী উপাদান বেছিকৈ থাকে। সেই বুলি পৰিয়ালৰ কোনো সদস্য এই ৰোগত আক্রান্ত হ'লে ওচৰত কথাটো অনুচিত। এই ৰোগৰ বীজাণু ঘাইকৈ ৰোগীৰ থু-খেকাৰ আৰু নাকৰ পৰা নির্গত হোৱা পানীত থাকে। পানী লগা ৰোগ হৈ থাকিলে আক্রান্ত ব্যক্তিৰ পৰা অতি সহজে সংক্ৰমিত হ’ব পাৰে। বসন্ত ওলোৱাৰ কিছুদিনৰ পিছত এইবোৰ শুকাবলৈ ধৰাত বহুতৰে ধাৰণা হয় যে বসন্তৰ ভাইৰাছৰ পৰা মুক্ত হৈছে। দৰাচলতে শুকাই যোৱা বসন্তৰ জোলাৰ চোকোৰাত বীজাণু থাকিব পাৰে। সেইবাবে শুকাই যোৱা চোকোৰাবোৰ য’তে-ত’তে পেলাব নালাগে। এই চোকোৰাবোৰ এঠাইত গোটাই লৈ কাগজ আন এজনক আক্ৰমণ কৰাৰ আশংকা নাথাকে।

কি ভাইৰাছৰ পৰা উৎপত্তি হয়-

 

‘মাজুআই’ ক বিভিন্ন নামেৰে জনা যায়। কিছুমানে পানী চামৰি আই বুলি কয়। ইংৰাজীত চিকেন পক্স বুলি কোৱা হয়। মাজুআইৰ মূল উৎস হ’ল ভেৰিচেল্লা জোষ্টাৰ ভাইৰাছ আৰু ই হ’ল হাৰ্পিছ গ্ৰুপৰ ভাইৰাছ, সংক্ষেপে ভেৰিচেল্লা জোষ্টাৰ ভাইৰাছক ভি জেড ভি বুলি কোৱা হয়। এইবিধ ভাইৰাছ প্ৰথমতে শ্বাসনলীত সংক্ৰমণ হয় আৰু তাৰ পিছত লাহে লাহে তেজলৈ বিয়পে। যেতিয়া ‘ভি জেড ভি’ ভাইৰাছে শৰীৰত প্ৰৱেশ কৰে তেতিয়াহে এই ৰোগৰ লক্ষণ প্ৰকাশ পায়। কেতিয়াবা এই ৰোগৰ পৰা সাময়িকভাৱে উপশম লাভ কৰিব পাৰি যদিও এই ৰোগৰ ভাইৰাছ প্ৰথম অৱস্থাত সুপ্ত হৈ থাকে যদিও সুযোগ পালেই ই ‘হাৰ্পিছ’ ৰূপত প্ৰকাশ পায়। হাৰ্পিছো একেই ভাইৰাছৰ দ্বাৰাই সৃষ্টি হয়। বছৰৰ যিকোনো সময়তে মাজু আই হ’ব পাৰে যদিও বসন্ত কাল হ’ল উপযুক্ত সময়। শীতৰ পৰিসমাপ্তিৰ লগে লগে পৰিৱেশ উষ্ণ হ’বলৈ ধৰে। এনে উষ্ণ পৰিৱেশত ভেৰিচেল্লা জোষ্টাৰ ভাইৰাছে শক্তিশালী ৰূপত প্ৰকাশ পাব পাৰে আৰু ইয়াৰ স্থিতিও সুদৃঢ় হয়। যিকোনো বয়সৰ লোককে এই ৰোগৰ ভাইৰাছে আক্ৰমণ কৰিব পাৰে। অৱশ্যে তুলনামূলকভাৱে দহ বছৰমান বয়সৰ ল’ৰা-ছোৱালীক এই সময়ছোৱাত সাৱধানে ৰখা উচিত।

লক্ষণসমূহ কি কি

 

মাজুআই ওলালে শৰীৰৰ উত্তাপ বৃদ্ধি পায়। অৰ্থাৎ জ্বৰ উঠে। অৱশ্যে এই উত্তাপ ১০৩ ডিগ্ৰী ফাৰেনহাইট পৰ্যন্ত হ’ব পাৰে, এনেদৰে অভাৱনীয়ভাৱে উত্তাপ বৃদ্ধি পালেও শংকাৰ কাৰণ নাই। শৰীৰৰ উত্তাপ বৃদ্ধি পায়, তেতিয়া সতৰ্ক নহ’লে পৰৱৰ্তী সময়ত বিপদ হোৱাও দেখা যায়। মাজুআইৰ গুটি ওলোৱাৰ সাত দিনমানৰ ভিতৰত থকা পানীখিনি শুকাবলৈ আৰম্ভ কৰে। যিদিনাৰ পৰা সৰু সৰু গুটি ওলাবলৈ আৰম্ভ কৰে তাৰ দুদিনমানৰ আগতে ভাইৰাছে শৰীৰত আক্ৰমণ কৰে। সৰু সৰু গুটিবোৰত পানী জমা হৈ থকাৰ সময়ত সংক্ৰমণ হয় যদিও যিমানেই শুকনিমুৱা হয় সিমানেই সংক্ৰমণৰ আশংকা হ্ৰাস পায়। মাজুআই হ’লে সাধাৰণতে কিছুমান লক্ষণ ফুটি উঠে। এই ৰোগৰ ভাইৰাছে শৰীৰত প্ৰৱেশ কৰাৰ পিছত জ্বৰভাৱ অনুভৱ হ’বলৈ ধৰে। শিশুৰ পেটৰ বিষ আৰম্ভ হোৱা দেখা যায়। অৱশ্যে সকলোৰে পেটৰ বিষ নহ’বও পাৰে। এই ৰোগ হ’লে প্ৰথম অথবা দ্বিতীয় দিনাই ছালত ৰঙা দাগ ফুটি উঠে। মূৰৰ বিষৰ সমস্যায়ো সমান্তৰালভাৱে গতি কৰে। ৰোগাক্ৰান্ত ব্যক্তিৰ ডিঙিৰ বিষ আৰম্ভ হয়। কেতিয়াবা কাহ হোৱাও দেখা যায়।

মাজুআই হ’লে প্ৰায়ভাগ লোকেই বিষয়টো যদিও গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব নোখোজে, তথাপি ই এক জটিল সমস্যা। সমগ্ৰ বিশ্বতে প্ৰতিবছৰত প্ৰায় কোটি লোক এই ৰোগত আক্ৰান্ত হয়। বিশেষকৈ অনুন্নত আৰু উন্নয়নশীল দেশসমূহত শিশুসকল বেছিকৈ আক্ৰান্ত হয়। আজিকালি বিভিন্ন দেশত মাজুআইৰ ছিটা প্ৰদান কৰা সত্ত্বেও শিশুসকল সম্পূৰ্ণৰূপে ৰোগমুক্ত হোৱা নাই। এই ৰোগ হ’লে ছালত যি ক্ষত বা সৰু ফোঁহা ওলায় সেয়াই হ’ল ৰোগ নিৰ্ণয়ৰ সৰ্বোত্তম নমুনা। সাধাৰণতে মাজুআই ঘামচিসদৃশ ফোঁহাসমূহৰ চাৰিওফালে ৰঙা হ’লে অথবা ফুলি উঠিলে বুজিব লাগিব, সেয়া বেক্টেৰিয়াৰ সংক্ৰমণ। ই ডিঙি আদিত বেছিকৈ ওলায়। অৱশ্যে চকুত ওলোৱাৰ আশংকা কম থাকে। চাৰি-পাচ দিনলৈকে সৰু সৰু গুটিসদৃশ ফোঁহাবোৰ ওলায়েই থাকে।

প্ৰতিষেধকৰ কথা

 

আজিকালি বসন্ত ৰোগ প্ৰতিষেধকৰ বাবে উন্নতমানৰ প্ৰতিষেধক ওলাইছে। সেয়েহে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি শিশুটোক প্ৰতিষেধক দিয়াৰ ওপৰত গুৰুত্ব দিয়া উচিত। এই প্ৰতিষেধক ৯৮ শতাংশৰ ক্ষেত্ৰতে কাৰ্যকৰী হয় বুলি ক’ব পাৰি। এনে প্ৰতিষেধকৰ দ্বাৰা শিশুটোক সুৰক্ষা প্ৰদান কৰিব পৰাটো সম্ভৱ। জন্মৰ পিছত শিশুৱে মাকৰ পৰা ৰোগ প্ৰতিৰোধী ক্ষমতা লাভ কৰে যদিও এবছৰৰ পৰা এই ক্ষমতা ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰে। ‘লাইভ এটেমুৱেটেড ভেকচিন’ৰ সহায়ত বিশ্বৰ প্ৰায়ভাগ দেশত বসন্ত ৰোগ প্ৰতিৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই প্ৰতিষেধক ১,০০০ চি চি আই ডি থাকে। চিকিৎসকসকলে সাৱধানতা অৱলম্বন কৰিহে এম এম আৰ দিয়ে। প্ৰতিষেধক দিয়াৰ লগে লগে ডিপিটি, পলিঅ’, হেপাটাইটিছ-বি আদিৰো প্ৰতিষেধক দিব পাৰি। ই পি আইৰ নিৰ্দেশ অনুসৰি ন মাহত এটা বসন্তৰ প্ৰতিষেধক দিয়া হয়। অৱশ্যে আই এ পিয়ে পোন্ধৰ মাহত মাম্পছ আৰু ৰুবেলাৰ স’তে দ্বিতীয়বাৰৰ বাবে এম এম আৰ হিচাপে বসন্তৰ প্ৰতিষেধক দিয়াৰ অনুমোদন জনাইছে।

হাৰ্পিছ জোষ্টাৰ কি

 

কেতিয়াবা বিশেষ ক্ষেত্ৰত মাজু আইৰ দৰে আন ৰোগো হোৱা দেখা যায়। এনে হ’লে বহুতে ভুলকৈ চিকিৎসা কৰে। হঠাতে সৰু সৰু ফোঁহা হৈ ফুলি উঠা আৰু এই ফোঁহাবোৰত পুঁজ জমা হোৱা মানে বসন্ত নহ’বও পাৰে। এনেয়ে ছালত ষ্টেফাইলোকক্কাছ জাতীয় বীজাণুৰ বংশবৃদ্ধি হ’ব পাৰে। আনহাতে মহ বা মহ জাতীয় পৰুৱা আদিয়ে কামুৰিলেও মাজু আইৰ দৰে সৰু সৰু ঘামচি সদৃশ ফোঁহা ওলায়। সাধাৰণতে বসন্ত কালত এনেধৰণৰ সমস্যাই গা উঠিলে বহুতে মাজু আই ওলোৱা বুলি ভয় কৰে। হাৰ্পিছ জোষ্টাৰ আৰু চিকেন পক্সৰ উৎস একেবিধ ভাইৰাছেই। সেয়েহে মাজু আইত আক্রান্ত হ’লে শতকৰা পোন্ধৰ ভাগৰে হাৰ্পিছ হোৱাৰ আশংকা থাকে। হাৰ্পিছ জোষ্টাৰৰ সৰু সৰু ফোঁহাবোৰো সংক্রামক। অৱশ্যে হাৰ্পিছে আৰু বসন্তৰ ভাইৰাছ একেটা হ'লেও প্রকাশৰ ক্ষেত্ৰত ভিন্নতা দেখা যায়। মূল পার্থক্যৰ উপৰি দাগবোৰৰ ক্ষেত্ৰতো পার্থক্য আছে।  হাৰ্পিছ জোষ্টাৰৰ সৰু সৰু ফোঁহাবোৰ একে ঠাইতে সীমাবদ্ধ থাকে। সাধাৰণতে বুকুত বেছিকৈ ওলায়। ক্ষত স্থানসমূহত মাজু আইৰ ক্ষততকৈ তুলনামূলকভাৱে আৰু আকাৰত সৰু ঘন ঘন। ফোঁহাৰ চাৰিওফালে ৰঙা পৰি উঠে। ট্ৰেইজিমিনেল নাৰ্ভৰ মাধ্যমত চকুতো আক্ৰমণ কৰিব পাৰে। মগজুৰ ক্ষতিসাধন কৰাৰ আশংকা থাকে| এনেবোৰ লক্ষণ সৰু আইৰ ক্ষেত্ৰত দেখা পোৱা নাযায়। এনে হ’লে হঠাতে চকুৰ বিষ হ'বলৈ আৰম্ভ কৰে। পিছত চকু ৰঙা হৈ উঠে আৰু লৰচৰ কৰাত কষ্ট অনুভব কৰে। প্রথম অবস্থাত এই ৰোগৰ ভাইৰাছে স্নায়ুতন্ত্রত বাহ লয়। এইবিধ ভাইৰাছৰ ডাৰ্মাট্রোফিক চৰিত্ৰ বিশেষভাবে মন কৰিবলগীয়া বিষয়। গেংলিয়ন কোষৰ মাজত আশ্ৰয় লৈ তাত বংশ বৃদ্ধি কৰিবলৈ ধৰে। ফলত ৰোগৰ আৰম্ভণিতে ডাৰ্মাটোমৰ জ্বলা-পোৰাৰ যন্ত্রণা আৰম্ভ হয়। দুই-এদিনৰ ভিতৰতে সেই ঠাইত মাজু আইৰ দৰে ক্ষত দাগ আৰম্ভ হ’বলৈ ধৰে।

মাজু আইৰ বিভিন্ন দিশ

 

মাজু আই হোৱাৰ পিছত বিভিন্ন সমস্যাই গা কৰি উঠে। যিহেতু স্কুললৈ যোৱাৰ সময়ত শিশুক এই ৰোগে বেছিকৈ আক্রমণ কৰে সেয়েহে স্কুললৈ যোৱাৰ সময়ত সাৱধানতা অবলম্বন কৰা উচিত। অৱশ্যে বয়ঃসন্ধিৰ সময়ত এই ৰোগ হোৱাসকল বেছি সমস্যাৰ সন্মুখীন হয়। কিয়নো এই বয়সত কেতিয়াবা ফোঁহাবোৰৰ পৰা ৰক্তক্ষৰণ হোৱা দেখা যায়। যেতিয়াই শৰীৰত কোনো ধৰণৰ দাগ বা ক্ষতৰ সৃষ্টি হয়, তেতিয়া বীজাণুৱে সেই ঠাইত বাহ বান্ধিবলৈ এখন উপযুক্ত ক্ষেত্র বিচাৰি পায়। য’ত সৰু সৰু ফোহা আছিল সেই স্থানত ঘা হ’বলৈ আৰম্ভ কৰে। বিশেষকৈ ষ্ট্ৰেপটোকক্কাছ, ষ্টেফাইলোকক্কাছ জাতীয় বীজাণুৱে সংক্ৰমণ ঘটোৱাৰ আশংকা থাকে। ইয়াত পুঁজ আদি জমা হয়। তাৰ পিছত দাগ আদিৰ সৃষ্টি হয়। এনে ধৰণৰ সংক্ৰমণ যাতে সক্রিয় হৈ উঠিব নোৱাৰে তাৰ প্ৰতি সদায় সতৰ্কতা অবলম্বন কৰা উচিত। চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি বিভিন্ন ধৰণৰ মলম আদি লগালেও সুফল পোৱা যায়। এনে ৰোগ হৈ থকা সময়ত যদি দূষিত পানীৰে গা ধোৱে, তেতিয়া হিতে বিপৰীত হ’ব পাৰে।

মাজু আই শেষ হ'লেও সততে যিকোনো মলম আদি ঘঁহিব নালাগে। কিয়নো অসুখ ভাল পালেও স্বাভাৱিকভাৱে দুৰ্বল হৈ থাকে। বেছিকৈ ঠাণ্ডা অথবা বেছিকৈ গাত ৰ’দ লগোৱা অনুচিত। এই ৰোগ ভাল হোৱাৰ এমাহৰ ভিতৰত "পোষ্ট ইনফেক্‌চন এনকেফেলোপেথী' হোৱাৰ শংকাও নুই কৰিব নোৱাৰি। শিশুৱে আগৰ দৰে স্বাভাবিকভাবে কথা-বতৰা নক’ব পাৰে, খিংখিঙীয়া হোৱা আদি লক্ষণে দেখা দিব পাৰে বাবে এনে সমস্যাই গা কৰি উঠাৰ আগতে চিকিৎসকৰ পৰামৰ্শ গ্রহণ কৰা উচিত। স্কুললৈ গ'লে এজনৰ পৰা আন এজনলৈ সহজতে সংক্ৰমিত হ’ব পাৰে বাবে ছালখন সম্পূৰ্ণৰূপে দাগমুক্ত নোহোৱালৈকে স্কুললৈ যাব দিব নালাগে। কোনো ব্যক্তি যদি এবাৰ মাজু আই ৰোগত আক্ৰান্ত হয়, তেতিয়াহ’লে পৰৱৰ্তী সময়ত এই ৰোগে পুনৰ সক্রিয় ৰূপ ধাৰণ কৰাৰ আশংকা নাথাকে। অৱশ্যে এশ শতাংশ এই ক্ষেত্ৰত এয়া প্রযোজ্য বুলি ক’ব নোৱাৰি। অর্থাৎ ভবিষ্যতে আক্ৰমণ কৰিবও পাৰে। কিছুমানৰ শৰীৰত এই ৰোগৰ উৎস থাকি যায় আৰু যেতিয়া শৰীৰ দুৰ্বল হৈ পৰে তেতিয়া এনে ৰোগৰ বীজাণুবে সক্রিয় ৰূপ লয়। অৱশ্যে মাজু আইৰ ৰূপত নহয়, হাৰ্পিছ জোষ্টাৰৰ ৰূপতহে ফুটি উঠে। হাৰ্পিছ জোষ্টাৰ হ’লে শৰীৰত বিষ বেছি হয়। কেতিয়াবা ই বিপদ ঘটাব পাৰে। বিশেষকৈ চকুত হ’লে ৰোগীয়ে চিৰদিনৰ বাবে দৃষ্টিশক্তি হেৰুওৱাৰ শংকা বৃদ্ধি পায়। যেতিয়া বসন্ত ৰোগ হয়, তেতিয়া হাৰ্পিছ জোষ্টাৰ নহয়। অর্থাৎ ই পৰৱৰ্তী পর্যায়ত হোৱা ৰোগ বুলিহে কোৱা হয়। প্রায়ভাগ লোক হাৰ্পিছ জোষ্টাৰ সম্পৰ্কে জ্ঞাত নহয়। বিশেষকৈ গ্রামাঞ্চলত ৰোগবিধৰ সন্দৰ্ভত সচেতনতাৰ অভাৱ। বহুতে এয়া কালিকা লগা ৰোগ বুলি ভাবি জৰা-ফুকাৰ দ্বাৰাহে চিকিৎসা কৰিবলৈ ধৰে।

সৰু আই

 

মাজু আইৰ দৰে সৰু আইৰ প্ৰকোপো হ্ৰাস পোৱা নাই। সৰু আইৰ দুই ধৰণৰ হয়—এবিধ জার্মান মিজলছ আৰু আনবিধ ৰুবেলা। জার্মান মিজলছ আৰু ৰুবেলাৰ মাজত বিশেষ পার্থক্য পৰিলক্ষিত নহয় যদিও মানুহে সহজতে সৰু আইক গুৰুত্ব দিব নোখোজে। তথাপি ইয়াৰ আক্ৰমণে যে সময়ত গুৰুতৰ হ’ব পাৰে সেয়া জনাটো নিতান্তই প্রয়োজনীয়। শৰীৰত প্রবেশ কৰি পৰৱৰ্তী সময়ত চর্দি, হাঁচি, কাঁহ আদিৰ মাধ্যমত এজনৰ পৰা আন এজনলৈ সংক্ৰমণ ঘটে। সৰু আই ওলালে সচৰাচৰ পূৰ্বৰ পৰা বিশেষ লক্ষণে দেখা নিদিয়ে। এই ৰোগৰ ভাইৰাছে আক্ৰমণ কৰাৰ পিছত শৰীৰৰ উত্তাপ বৃদ্ধি পায়।

শৰীৰত বিভিন্ন অংশত বিষৰ আৰম্ভণি হ'বলৈ ধৰে। এই ৰোগত প্রথমতে কপালত বিষ আৰম্ভ হয়। এই বিষৰ প্রকোপ বৃদ্ধি হ’লে ফেৰিংছৰ ভিতৰলৈ সংক্রামিত হ'ব পালে। এনে ৰোগে আক্রমণ কৰিলে চকু ৰঙা পৰাৰ আশংকাও নুই কৰিব নোৱাৰি। চকুৰ পতা ফুলি উঠে। কাম বন কৰিবলৈ মন নাযায়। কিছুমানৰ শুকান কাহ হয়। নাকৰ পৰা পানী ওলায়। প্রথমতে কপালত সৰু সৰু গুটিসদৃশ ফোঁহা ওলায়। শৰীৰৰ গোটেই অংশতে এনে ফোঁহা বিয়পি পৰে। সাধাৰণতে লিম্‌ফোছাইট কণিকা হ্রাস পালে আৰু ৰক্তকণিকা হ্রাস পালে এনে সমস্যাই গা কৰি উঠাৰ আশংকা থাকে। সৰু আইৰ পৰা পৰিত্ৰাণ পাবলৈ কিছুমানে লোচন আদি ব্যৱহাৰ কৰে। দৰাচলতে চিকিৎসকৰ পৰামর্শ অবিহনে কোনো ধৰণৰ লোচন আদি ব্যৱহাৰ কৰাটো অনুচিত। সৰু আইৰ ফলত কৰ্নিয়াত আলচাৰ হোৱাৰ আশংকা নুই কৰিব নোৱাৰি। কৰ্ণিয়াত আলচাৰ হোৱাৰ আশংকা নুই কৰিব নোৱাৰি। কৰ্ণিয়াত আলচাৰ হ’লে ক্ৰমান্বয়ে দৃষ্টিশক্তি লোপ পাবলৈ আৰম্ভ কৰে। হেপাটাইটিছ আদি হোৱাৰো আশংকা থাকে। সৰু আইৰ বাবেই হেনো কোলোটাইটিছ হোৱাৰ আশংকা থাকে। যদিও ডায়েৰীয়া হোৱাৰ আন কাৰণ থাকে তথাপি উপযুক্তভাবে সৰু আইৰ চিকিৎসা নকৰিলে ৰোগীৰ ডায়েৰীয়া হ’ব পাৰে। সেয়েহে ডায়েৰীয়া হ’লে গোটেই শৰীৰত খনিজ পদার্থৰ অভাৱ নঘটে তাৰ প্ৰতি লক্ষ্য ৰখা উচিত।

অৱশ্যে বিভিন্ন ধৰণৰ প্ৰতিষেধকৰ বাবে সৰুআই অথবা মাজু আইৰ প্রকোপ হ্ৰাস পাবলৈ ধৰিছে৷ ই মানৱ জাতিৰ বাবে শুভ সংকেত।

গৰ্ভাৱস্থাত এই ৰোগত আক্ৰান্ত হ’লে মহিলাগৰাকীয়ে বিশেষ সাবধানতা অবলম্বন কৰা উচিত। যদিহে প্ৰসৱৰ পাচ দিন মান আগতে অথবা সস্তান প্ৰসৱৰ দুদিন মান পিছত বসন্ত ৰোগত আক্ৰান্ত হোৱাৰ আশংকা নুই কৰিব নোৱাৰি। যদিহে সতৰ্কতা অবলম্বন কৰা নহয় তেতিয়াহ’লে শতকৰা ৪০ শতাংশৰ ক্ষেত্ৰতে দৈহিক ক্ৰটিয়ে দেখা দিব পাৰে।

কেনে সতৰ্কতা অৱলম্বন কৰিব

 

বসন্ত ৰোগ হ'লে কিছুমান বিষয়ত সতৰ্কতা অবলম্বন নকৰিলে সমস্যাৰ উদ্ভব হ’ব পাৰে। প্রথম কথা হ’ল এই ৰোগত আক্রান্ত ব্যক্তিয়ে সদায় চাফ-চিকুণ হৈ থাকিব লাগে। বগা পোছাক পৰিধান কৰাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই যদিও বেলেগ ৰঙৰ কাপোৰ মলিয়ন হ'লে ধৰিব নোৱাৰি বাবেই পৰম্পৰাগতভাবে বসন্ত ৰোগত আক্ৰান্তসকলে বগা পোছাক পৰিধান কৰে। যদিহে কোনো এগৰাকী পৰিয়ালৰ সদস্যই এই ৰোগত আক্ৰান্ত হয়।

তেন্তে পৰিয়ালৰ আন সদস্যসকলে সতৰ্কতা অবলম্বন কৰা উচিত। বিশেষকৈ সৰু সৰু ল’ৰা-ছোৱালীয়ে যেন আক্ৰান্ত লোকৰ ওচৰত আহি অধিক সময় নকটায় তাৰ প্রতি সতৰ্ক হ'ব লাগে। ৰোগী থকা ঘৰৰ দুবাৰ-খিৰিকী বন্ধ কৰি থ'ব নালাগে। মুকলি বতাহ ঘৰৰ ভিতৰত সোমালেহে ৰোগীয়ে শ্বাস-প্রশ্বাস ভালদৰে ল’ব পাৰে। এই সময়ত পৰাপক্ষত মচলাযুক্ত আহাৰ নোখোৱাটোৱে শৰীৰৰ বাবে মংগলজনক। শিশুটোক সঠিকভাবে টিকাকৰণ কৰাব লাগে। উপযুক্ত সময়ত যদি টিকাকৰণ কৰা নহয়, তেতিয়াহ’লে এই ৰোগৰ লগতে আন বহুতো আনুষংগিক ৰোগে সক্ৰিয় হৈ উঠিবলৈ সুযোগ লাভ কৰিব। ৰোগীয়ে ঘূৰি ফুৰাৰ ক্ষেত্ৰতো সাবধান হ’ব লাগে। বাহিৰলৈ ওলাই গ’লে সংক্ৰমণ হোৱাৰ আশংকা দ্রুতগতিত বৃদ্ধি পায়। শিশুটোক স্কুললৈ যোৱাটো বন্ধ কৰিব লাগে। নহ’লে আক্ৰান্ত শিশুটোৰ পৰা আন শিশুলৈকে এই ৰোগ বিয়পিব পাৰে। ৰোগীয়ে ছিন্থেটিক কাপোৰ পিন্ধিব লাগে। বসন্তৰ সৰু সৰু ঘামচিসদৃশ ফোঁহাবোৰ কেতিয়াও নখেৰে ভাঙি দিয়া উচিত নহয়। কাৰণ নখেৰে ভাঙি দিলে সেই স্থানত বেছিকৈ সংক্ৰমণ হ’ব পাৰে। এই ৰোগৰ বিৰুদ্ধে যুঁজ দি চিকিৎসা বিজ্ঞানীসকলে বিশেষ সাফল্য অর্জন কৰিছে। যদিও এই ৰোগৰ বীজাণু এতিয়াও সম্পূৰ্ণৰূপে ধ্বংস কৰিব পৰা নাই।

লিখক: ডা: হিতেশ বৰুৱা, গণ অধিকাৰ।

3.125
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top