অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বদহজমৰ সমস্যা :

বদহজমৰ সমস্যাৰ বিষয়ে লিখা হৈছে ।

 

আমাৰ মুখৰ পৰা অন্ত্ৰলৈকে সমগ্ৰ প্ৰক্ৰিয়াটোত বিভিন্ন এনজাইম, হৰম’ন আৰু ৰাসায়নিক দ্ৰব্য সক্ৰিয় হৈ থাকে। আহাৰ গ্ৰহণ কৰাৰ সময়ত দাঁতে খাদ্যবস্তুবোৰ টুকুৰা কৰি পেটলৈ প্ৰেৰণ কৰে। এই খাদ্য অণু-পৰামাণুত ভাঙি অৱশেষত তেজৰ লগত মিহলি হোৱালৈকে এইবিলাক ৰাসায়নিক কাৰ্য। এই কাৰ্য ভালদৰে সম্পন্ন হ’লেহে খাদ্য হজম হয়। অন্যথা বদহজমৰ সমস্যাই দেখা দিয়ে। বদহজম হ’লে খাদ্যৰ কোনো পুষ্টি, উপাদান শৰীৰত তেজে গ্ৰহণ কৰিব নোৱাৰে। ফলত নিয়মীয়াকৈ এই সমস্যা হৈ থাকিলে শৰীৰৰ প্ৰয়োজনীয় উপাদানৰ অভাৱ দেখা যায়। অৰ্থাৎ দৈনন্দিন আহাৰ গ্ৰহণ থকাৰ পিছতো শৰীৰত তেজ কমি যোৱা, ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱ, হাড় ক্ষয় যোৱা ইত্যাদি বিভিন্ন সমস্যাই দেখা দিয়ে।

নানান কাৰণত এই সমস্যা হ’ব পাৰে। যিহেতুকে আমাৰ শৰীৰত অগ্ন্যাশয়ৰ পৰা হজমৰ মুল এনজাইমবোৰ নি:সৰণ হয়, সেয়ে অগ্ন্যাশয়ৰ ঘা বা পাথৰ, টিউমাৰে হজম শক্তিত বাধা প্ৰদান কৰে। অৱশ্যে কোনো ব্যক্তিৰ শৰীৰত বিশেষ কিছুমান এনজাইমৰ কাৰ্যকাৰিতা কম থাকিব পাৰে। উদাহৰণস্বৰুপে যিসকলৰ লেক্ট’জ ইনটলাৰেন্স আছে তেওঁলোকে গাখীৰ বা গাখীৰৰ পৰা উৎপাদিত দ্ৰব্য হজম কৰিবলৈ অসুবিধা পায়। অন্যহাতে যদি কাৰোবাৰ পাকস্থলী বা অন্ত্ৰৰ এটা অংশৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছে, তেন্তে হজম শক্তি কমি যাব পাৰে। ইয়াৰ উপৰি অন্ত্ৰত নানা ধৰণৰ সংক্ৰমণ হ’লেও বদহজমৰ সমস্যাই দেখা দিব পাৰে। চিলিয়াক ডিজিজ নামৰ এবিধ ৰোগ আছে- যি ৰোগত খোৱাৰ বিপৰীতে এণ্টিবডী তৈয়াৰ হয় আৰু হজমত বাধা প্ৰদান কৰে।

কেতিয়াবা এলাৰ্জীৰ কাৰণতো বদহজম হ’ব পাৰে। ডায়েৰীয়া, পাইখানা অনিয়মীয়া, দিনে দিনে ওজম হ্ৰাস পোৱা, মুখৰ ভিতৰৰ ঘা, ছালৰ উজ্জ্বলতা কমি যোৱা- এইবোৰ বদহজমৰ লক্ষণ। শিশুৰ ক্ষেত্ৰত বদহজম ঘনাই হৈ থাকিলে মুখলৈ অৰুচি অহাৰ লগতে শাৰীৰিক বৃদ্ধিও ব্যাহত হয়। বদহজম সাময়িকভাৱে হ’লে কেতিয়াবা নিজে নিজে ভাল হৈ যোৱাও দেখা যায়। কিন্তু দীৰ্ঘদিন এই সমস্যা হৈ থাকিলে চিকিৎসকৰ পৰামৰ্শ লোৱা প্ৰয়োজন।

উৎস: জি এনআৰ চি স্বাস্থ্য

2.95454545455
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top