অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বসন্ত ৰোগ ( Chicken Pox ):

বসন্ত ৰোগ ( Chicken Pox ):

 

বিশেষকৈ অসমত এই ৰোগক আই ওলোৱা বুলিয়েই জনা যায় l বসন্ত ঋতুত এই ৰোগ বেছিকৈ হয় বাবে ইয়াক বসন্ত ওলোৱা বুলিও কয় l মানুহৰ মাজত এক অন্ধবিস্বাস আছে যে আই মাননি বা আই সকাম পাতিলেই এই বেমাৰ ভাল হয় , সেয়েহে কোনো চিকি্তচকৰ কাষ নাচাপে আচলতে এই বসন্ত ৰোগ কি ভালকৈ জানো আহক ।
এই ৰোগক চিকি্তসা শাস্ত্ৰত Chicken Pox বুলি কোৱা হয় l Vericella Zoster নামৰ এবিধ ভাইৰাছ ৰ দ্বাৰা এই ৰোগ হয় l এই ৰোগ অতিকৈ সংক্ৰামক হয় আৰু সেয়েহে ঘৰৰ এজনৰ হ'লে বাকী সদস্যৰো হোৱা আশংকা বেছি l বিশেষকৈ ৰোগীৰ থু -খেকাৰ ;উষাহ নিষাহ বা ৰোগীৰ সংষ্পৰ্ষত থাকিলে এই ৰোগ বেছিকৈ বিয়পে l

Symptoms -

1) এই ৰোগ হ'লে প্ৰথমে দুৰ্বল ,মুৰবিষ আৰু অলপ অলপ জ্বৰ অনুভব হয় ।
2) শৰীৰত সৰু সৰু ফোহাঁ ওলাই আৰু তাত বিষ অনুভব হয়l প্ৰথমে হাত ভৰি আৰু মুখত ওলাই তাৰ পাছত সৰ্বশৰীৰত ওলোৱা দেখা যায় ।
3) 2 - 3 দিনৰ পাছত ফোহাঁবোৰ পকিবলে ধৰে আৰু 6 - 7 দিন মান পাছত লাহে লাহে শুকাবলৈ আৰম্ভ কৰে ।

ৰোগৰ উপদ্ৰৱ -

কেতিয়াৱা এই ৰোগ বেছি দিনলৈকে থাকিলে Secondary bacterial infection হৈ Septicemia , Cellulities ,Osteomylities ,primary variceller pneumonia আদি জটিল ৰোগ হ'ব পাৰে l
নাৰ্ভৰ গুৰিত infection হৈ গোটেই গাটো বিষ অনুভব হ'ব পাৰে (Post Herpies Neuralgia)
চিকিৎসা (Treatment)

এই ৰোগ 6 - 7 দিনৰ মুৰত নিজে নিজে ভাল হয় যদিও বহুতৰ বাবে Anti Viral medicine ব্যবহাৰ কৰাৰ প্ৰয়োজন হয় l

আয়ুৰ্বেদিক চিকি্ৎসা:

আয়ুৰ্বেদ শাস্ত্ৰত এই ৰোগক লঘু মচুৰিকা বুলি কোৱা হয় ।
শাস্ত্ৰীয় ঔষধ  Eladyarista 3 চামুচ কৰি দিনে দুবাৰ
Swarnamakshik bhasma 100 mg tab দিনে এটাকৈ দুবাৰ খাব পাৰে l
ইয়াৰ উপৰিও 1gm হালধি গুৰি 2 চামুচ তিতা কেৰেলা পাতৰ ৰসৰ লগত দিনে দুবাৰ খাব পাৰে।
আহাৰ বিহাৰ -

সাধাৰন আৰু লঘু আহাৰ খোৱা উচিত l মাছ মাংস খাব নালাগে l যঠেষ্ট পৰিমানে ফল আৰু ফলৰ ৰস খোৱা উচিত l
মহানিমৰ পাত সিজাই চেকি লৈ সেই পানীৰে গা ধুব লাগে l
নিমযুক্ত চাবুনেৰে গা ধুব লাগে l

ডাঃ দিলীপ বৰা

উৎস:  স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate