মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / বহুতো ৰোগৰ কাৰণ হাত দুখন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বহুতো ৰোগৰ কাৰণ হাত দুখন

বহুতো ৰোগৰ কাৰণ হাত দুখনৰ বিষয়ে লিখা হৈছে ।

যিসকল লোকে চকুৰ দৰব ব্যৱহাৰ কৰিব লগা হৈছে, তেওঁলোকে জানে যে চকুৰ দৰবৰ বটলৰ লগত এটা সাৱধানবাণী লিখি দিয়া হয়।

সাৱধানবাণীটো হ’ল-

দৰবৰ বটলৰ মুখখন কেতিয়াও হাতৰ আঙুলিৰে বা আন কোনো বস্তুৰে স্পৰ্শ নকৰিব, কাৰণ তেনে কৰিলে চকুৰ দৰবখিনিত বীজাণু প্ৰৱেশ কৰি তাৰ ৰোগনাশক শক্তি নোহোৱা কৰি পেলাব।

এই সহজ কথাটোৰ পৰাই বুজা যায় যে আমাৰ হাত দুখনত সকলো সময়তে ৰোগৰ বীজাণু লাগিয়েই থাকে।

ঈশ্বৰক বিশ্বাস কৰা লোকসকলে ঈশ্বৰ সৰ্বব্যাপী বুলি কয়। ঈশ্বৰ সৰ্বব্যাপী সেই কথা আমি নাজানো। কিন্তু এটা কথা জানো যে ৰোগৰ বীজাণু সৰ্বব্যাপী।

আমি আচলতে এখন বীজাণু সমুদ্ৰত বাস কৰোঁ- ঠিক যেনেকৈ মাছে পানীত বাস কৰে। যিবোৰ মানৱবিহীন মহাকাশ যান অন্যান্য গ্ৰহলৈ পঠিওৱা হৈছে, সেইবোৰক বীজাণুমুক্ত কৰিবৰ কাৰণে কল্পনাতীত চেষ্টা কৰিব লগা হয়।

গ্ৰহবোৰত জীৱনৰ অস্তিত্ব আছে নে নাই সেই কথা এতিয়াও নিশ্চিতভাৱে জানিব পৰা হোৱা নাই। পৃথিৱীৰ পৰা অন্যান্য গ্ৰহলৈ যোৱা মহাকাশ যানবোৰে যদি পৃথিৱীৰ বীজাণু অন্যান্য গ্ৰহলৈ কঢ়িয়াই লৈ যায়, তেতিয়া সেই গ্ৰহবোৰত জীৱনৰ অস্তিত্ব প্ৰমাণ কৰা অসম্ভৱ হৈ পৰিব।

পৃথিৱীত বীজাণু ইমানেই সৰ্বব্যাপী যে মহাকাশ যানবোৰক বীজাণুমুক্ত কৰিবলৈ সাধাৰণ মানুহৰ কল্পনাই ঢুকি পাব নোৱাৰা বিশেষ চেষ্টা কৰিব লগা হয়।

আমি যদি বীজাণু-সমুদ্ৰতেই বাস কৰোঁ, তেন্তে বীজাণুৱে সৃষ্টি কৰা ৰোগবোৰৰ পৰা আমি মুক্ত হৈ থাকো কেনেকৈ?

থাকো এই কাৰণেই যে সকলো প্ৰাণীয়েই স্বাভাৱিক প্ৰতিৰোধ শক্তি লৈ এই পৃথিৱীলৈ আহে। কিন্তু প্ৰতিৰোধ সীমা পাৰ হৈ গ’লেই আমি ৰোগৰ বীজাণুৰ হাতত পৰাজিত হওঁ। ৰোগক জয় কৰিব নোৱাৰিলে আমি মৃত্যুমুখত পৰোঁ।

সাধাৰণ জ্ঞানেৰেই আমি এটা কথা বুজিব পাৰোঁ যে আমাৰ শৰীৰৰ সকলো অংগৰ ভিতৰত আমাৰ হাত দুখনেই বাহিৰৰ জগতৰ লগত আটাইতকৈ বেছিকৈ সংস্পৰ্শলৈ আহে।

বিভিন্ন প্ৰয়োজনত আমি হাত দুখনেৰেই বিভিন্ন বস্তু স্পৰ্শ কৰোঁ। আমাৰ নিজৰ শৰীৰৰ অংশবোৰকো আমি স্পৰ্শ কৰোঁ হাত দুখনেৰেই। যিহেতু ওপৰত কৈ অহাৰ দৰে ৰোগৰ বীজাণু স্পৰ্শ কৰোঁ।

অৰ্থাৎ সকলো সময়তে আমাৰ হাত দুখনত- বিশেষকৈ আঙুলিকেইটাত- বিভিন্ন প্ৰকাৰৰ ৰোগৰ বীজাণু লাগিয়েই থাকে।

আমি যদি বীজাণুনাশক চাবোনেৰে হাত দুখন পৰিষ্কাৰ কৰি নাৰাখো, তেন্তে সেই বীজাণুৱে শৰীৰৰ বিভিন্ন দুৱাৰেদি আমাৰ শৰীৰত প্ৰৱেশ কৰি নানাবিধ ৰোগৰ সৃষ্টি কৰে।

সকলোৱে সহজে বুজিব পৰা এটা চিনাকি উদাহৰণ হ’ল পানীলগা জ্বৰ। আমি পানীলগা জ্বৰ হোৱা বুলি কওঁ। অৰ্থাৎ আক্ষৰিক অৰ্থতেই আমি পানীলগাৰ বীজাণু হাতেৰে ধৰি তাক নিজৰ শৰীৰত প্ৰৱেশ কৰাওঁ।

আপোনালোক যিসকলে বাছত বা চিটীবাছত ভ্ৰমণ কৰে, তেওঁলোকে বাছত উঠিবলৈ বাছৰ দুৱাৰখনৰ হাতলত ধৰিব লগা হয়।

বাছৰ ভিতৰত থিয় হৈ ভ্ৰমণ কৰা লোকসকলে শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ কিবা এটা বস্তুত খামুচি ধৰিব লগা হয়।

বছৰৰ পিছত বছৰ ধৰি অগণিত যাত্ৰীয়ে সেই হাতল ব্যৱহাৰ কৰাৰ ফলত তাত যে কিমান ৰোগৰ বীজাণু জমা হৈ থাকে সেই কথা আপুনি কল্পনাই কৰিব নোৱাৰে। আপুমি মানুহৰ হাত বাগৰি অহা সেই কাগজৰ নোট বা মুদ্ৰাবোৰে সকলো সময়তে কঢ়িয়াই লৈ ফুৰে অসংখ্য ৰোগৰ বীজাণু।

নিজৰ মটৰ-গাড়ী ব্যৱহাৰ কৰা ধনী মানুহেও দিনটোত বহুবাৰ মটৰ-গাড়ীৰ  দুৱাৰ খুলিব লগা হয়।

প্ৰতিবাৰেই তেওঁ স্পৰ্শ কৰিব লগা হয় ড্ৰাইভাৰে নিজৰ শেঙুন চাফা কৰি পিছমুহূৰ্ততে গাড়ীৰ দুৱাৰত হাত দিয়াৰ ফলত তাত জমা হোৱা ৰোগৰ বীজাণু। বাকীখিনি কথা আপুনি নিজেই কল্পনা কৰি চাওক।

*গোটেই দিনটোত আপুনি নিজৰ ঘৰৰ বা অফিচৰ দুৱাৰ খোলে,

*শৌচাগাৰ বা মূত্ৰাগাৰৰ দুৱাৰ খোলে,

*মটৰ-গাড়ী বা বাছৰ দুৱাৰ খোলে,

*আপুনি নিজে ক’ব নোৱাৰাকৈ আপোনাৰ নিজৰ গা খজুৱায়,

*কেতিয়াবা জানি-শুনিও গা খজুৱায়,

*শিক্ষিত বা অশিক্ষিত উভয় শ্ৰেণীৰ লেতেৰা মানুহেই নাকৰ ভিতৰত আঙুলি সুমুৱাই নাক খজুৱায়- এনেকৈয়ে দিনটোৰ জাগ্ৰত সময়খিনিৰ ভিতৰত আপোনাৰ হাত দুখন আটাইতকৈ ব্যস্ত থাকে এটা কামত: সেইটো হৈছে বিভিন্ন উৎসৰ পৰা বিভিন্ন ৰোগৰ বীজাণু সংগ্ৰহ কৰাৰ কামত।

এতিয়া যদি আপুনি হাত দুখন নোধোৱাকৈ হাতৰ আঙুলিৰে চকু খজুৱায়, তাৰ পৰিমাণত হ’ব আপোনাৰ চকুৰ বেমাৰ। আপুনি যদি আঙুলিকেইটা নাক আৰু মুখৰ ওচৰলৈ নিয়ে, তেন্তে তাৰ পৰিমাণত হ’ব আপোনাৰ পানী লগা জ্বৰ।

আপুনি যদি খোৱাৰ আগতে ভালকৈ হাত নোধোৱাকৈ আহাৰ খায়, তেন্তে আপুনি পেটলৈ পঠিয়াব নানাবিধ ৰোগৰ বীজাণু। মুঠতে বিজ্ঞানীসকলে হিচাপ কৰি পোৱা মতে কমপক্ষেও বিশটামান ৰোগৰ একমাত্ৰ কাৰণ হ’ল আপোনাৰ লেতেৰা হাত দুখন।

আপুনি যদি খোৱাৰ আগতে হাত দুখন বীজাণুনাশক ঔষধেৰে ভালকৈ ধুই লয়, তেন্তে আপুনি কেইবাবিধ পেটৰ বেমাৰৰ পৰা ৰক্ষা পৰি থাকিব পাৰে।

ঠিক সেইদৰে আপুনি যদি বাহিৰৰ জগতত নিজৰ হাত দুখনেৰে বিভিন্ন ৰোগৰ বীজাণু সংগ্ৰহ কৰি ঘৰলৈ অহাৰ পিছত বীজাণুনাশক ঔষধেৰে দিনত অন্ততঃ পাঁচ-ছবাৰকৈ হাত দুখন চাফা কৰে, তেন্তে আপুনি পানীলগা জ্বৰ আৰু নাক আৰু চকুৰ কেইবাটাও ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে।

উৎস: নিয়মীয়া বাৰ্তা

 

4.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top