মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / বহুমুত্ৰ ৰোগ আৰু চকুৰ অসুখ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বহুমুত্ৰ ৰোগ আৰু চকুৰ অসুখ :

বহুমুত্ৰ ৰোগ আৰু চকুৰ অসুখৰ বিষয়ে লিখা হৈছে ।

 

দ্বিতীয় শতিকাত গ্ৰীক চিকিৎসক ইৰিয়াচ আৰু কেপোদচিয়ানে এক বিশেষ ধৰণৰ ৰোগ চিনাক্তকৰণ কৰিছিল। এই ৰোগত প্ৰস্ৰাৱ সঘনাই আৰু বেছিকৈ হয়। মানুহজন দুৰ্বল হৈ যায়। তেওঁলোকে ৰোগটোৰ নাম দিলে ‘ডায়েবেটিছ মেলাইটাছ’। গ্ৰীক শব্দ ডায়েবেটিছৰ অৰ্থ হ’ল ‘ছাইফন’ (Siphon)। মেলাইটাছ (Mellitus) এটা লেটিন শব্দ –যাৰ অৰ্থ ‘মৌ’ (Honey)। ডায়েবেটিছ ৰোগীৰ প্ৰস্ৰাৱত ছুগাৰ বা শৰ্কৰা বাহিৰ ওলায় বাবে ইয়াক ‘ডায়েবেটিছ মেলাইটাছ’ বুলি কোৱা হয়। আন এক ৰোগ হ’ল ‘ডায়েবেটিছ ইনচিপিটাছ’, যি সাধাৰণতে কমকৈ হোৱা দেখা যায়। বহুমুত্ৰ ৰোগ বুলি ক’লে ডায়েবেটিছ মেলাইটাছকে বুজায়।

সাধাৰণতে বহুমুত্ৰ ৰোগ বা ডায়েবেটিছ বুলিলে শৰীৰৰ তেজত থকা ছুগাৰ বা গ্লুক’জৰ পৰিমাণ বেছি হোৱা বুজায় আৰু এই ছুগাৰ প্ৰস্ৰাৱতো ওলাই যায় বাবে প্ৰস্ৰাৱত ছুগাৰ পজিটিভ (+) পোৱা যায়। আমাৰ দেহৰ পেনক্ৰিয়াছ নামৰ গ্ৰন্থি এটাৰ পৰা নি:সৰণ হোৱা হৰম’নে তেজত থকা ছুগাৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। শৰীৰৰ প্ৰতিটো কোষ কাৰ্যক্ষম হোৱা বাবে ছুগাৰ প্ৰয়োজন, যিয়ে মানৱ দেহক শক্তি যোগায়। এই ছুগাৰ আমি গ্ৰহণ কৰা আহাৰৰ পৰাই তেজে গ্ৰহণ কৰে। ইনছুলিন হৰম’নৰ সহায়ত তেজত থকা ছুগাৰ মানৱ কোষৰ ভিতৰত প্ৰৱেশ কৰে। ডায়েবেটিছ ৰোগীৰ ইনছুলিন হৰম’নৰ অভাৱৰ বাবে তেজত ছুগাৰৰ পৰিমাণ বেছি থাকিলেও এই ছুগাৰ মানৱ কোষৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। সেয়েহে কোষবিলাক ছুগাৰৰ অভাৱত ভোগে আৰু ইয়াৰ কাৰ্যক্ষমতা হ্ৰাস পায়।

বহুমুত্ৰ ৰোগ হ’লে দেহৰ বিভিন্ন গুৰুত্বপুৰ্ণ অংগ ,যেণে- হৃদযন্ত্ৰ, বৃক্ক বা কিডনী, স্নায়ুবিলাক লাহে লাহে আক্ৰান্ত হৈ নিয়মিত ক্ৰিয়া –বিক্ৰিয়াত বাধা জন্মায় আৰু ব্যক্তিজন লাহে লাহে অসুস্থ হৈ পৰে। চকুযুৰিও বহুমুত্ৰ ৰোগৰ বাবে অসুস্থ হৈ পৰা দেখা যায়।

বহুমুত্ৰ ৰোগৰ বাবে চকু দুটি তলত দিয়া ধৰণে আক্ৰান্ত হ’ব পাৰে -

প্ৰথমতে বহুমুত্ৰ ৰোগীসকলৰ চকু যিকোনো বীজাণুৰ দ্বাৰা সোনকালে  স্ংক্ৰমিত হয়। যদিহে তেজত থকা ছুগাৰৰ পৰিমাণ নিয়ন্ত্ৰিত হৈ থাকে বা বেছি নাথাকে, তেতিয়া বেক্টেৰিয়া, ভাইৰাছ বা ফাংগাছ আদি বীজাণুৰ দ্বাৰা ইনফেকচন হৈ চকু ৰঙা পৰি পুলি চকুৰ মণিটো বা কৰ্নিয়াত ঘা হৈ যাব পাৰে। তেতিআ ঠিকমতে চিকিৎসা নকৰিলে গোটেই মণিটোৱে ঘা হৈ বগা হৈ যাব পাৰে, যাৰ বাবে ব্যক্তিজন দৃষ্টিহীন হৈ যাব পাৰে। দ্বিতীয়তে, চকুৰ ছানি পৰা ৰোগ বা কেটেৰেক্ট ডায়েবেটিছ  থকা মানুহৰ সোনকালে কম বয়সতে হয়। ছানি পৰা ৰোগ ডায়েবেটিছ থাকিলে প্ৰায় দুগুণ বেছিকৈ হয়। এই ৰোগ হ’লে চকু অস্ত্ৰোপচাৰ কৰি দৃষ্টিশক্তি ঘুৰাই আনিব পাৰি।

দ্বিতীয়তে, ডায়েবেটিছ বা বহুমুত্ৰ ৰোগীৰ ক্ষেত্ৰত গ্লুক’মা দুগুণ বেছিকৈ দেখা যায়। চকুৰ ভিতৰৰ প্ৰস্ৰাৱ বাঢ়ি গৈ গ্লুক’মা হ’ব পাৰে, যাৰ বাবে চকুৰ ভিতৰৰ প্ৰধান স্নায়ু বা নাৰ্ভ লাহে লাহে শুকাই নেদেখা হয়গৈ।

শেষত আটাইতকৈ গুৰুত্বপুৰ্ণ হ’ল, চকুৰ ভিতৰৰ পৰ্দা বা ৰেটিনা লাহে লাহে নষ্ট হ’বলৈ আৰম্ভ কৰে। প্ৰথমতে ৰেটিনাৰ মেকুলা নামৰ অংশটো পানী জমা হৈ ফুলি উঠিব পাৰে বা ৰক্তক্ষৰণ হৈ দৃষ্টিশক্তি কমি যাব পাৰে। ইয়াকে ডায়েবেটিছ মেকুলোপেথী বুলি কোৱা হয়। লাহে লাহে অক্সিজেনেচনৰ অভাৱত ৰেটিনাত থকা তেজৰ সিৰা- উপসিৰাবিলাক ফুলি উঠি ৰেটিনাত পানী জমা কৰে বা ৰক্তক্ষৰণ হৈ ৰেটিনা নষ্ট হ’বলৈ আৰম্ভ কৰে। ঠিকমতে চিকিৎসা নকৰিলে ব্যক্তিজন এই ডায়েবেটিক ৰেটিনোপেথীৰ বাবে সম্পুৰ্ণ অন্ধ হৈ যাব পাৰে।

তলত সাধাৰণতে আমাৰ মনত উদয় হোৱা প্ৰশ্ন কিছুমান আলোচনা কৰা হ’ল -

বহুমুত্ৰ ৰোগীৰ বাবে আটাইতকৈ বেছিকৈ হোৱা চকুৰ জটিল ৰোগ কি?

বহুমুত্ৰ ৰোগীৰ বাবে আটাইতকৈ বেছিকৈ হোৱা ৰোগ আৰু জটিল ৰোগ বুলি ক’লে ৰেটিনোপেথীৰ কথাই মনলৈ আহে, যাৰ বাবে ৰোগী দৃষ্টিহীন হয়।

কোনজন ৰোগীৰ ডায়েবেটিক ৰেটিনোপেথী হোৱাৰ সম্ভাৱনা বেছি?

যিকোনো বহুমুত্ৰ ৰোগীৰে চকুৰে এই জটিলতা হ’ব পাৰে। ডায়েবেটিছ চিনাক্তকৰণ হোৱাৰ পিছৰে পৰা যিমানে বছৰ বাগৰি গৈ থাকে ৰেটিনোপেথী হোৱাৰ সম্ভাৱনাও সিমানে বেছি। প্ৰায় আধাসংখ্যক ডায়েবেটিক ৰোগীয়ে তেওঁলোকৰ জীৱনকালত ৰেটিনোপেথী হৈ কিছু পৰিমাণে হ’লেও দৃষ্টিহীনতাত ভোগে। যিবিলাক ৰোগীৰ তেজত থকা ছুগাৰৰ পৰিঅমণ সঘনে উঠা-নমা হৈ থাকে, অৰ্থাৎ কেতিয়াবা ঠিকে থাকে, হঠাৎ বেছি হৈ আকৌ কমে, সেইবিলাকৰ ৰেটিনোপেথী হোৱাৰ সম্ভাৱনা বেছি।

ডায়েবেটিক চকু ৰোগৰ লক্ষণ কি কি হ’ব পাৰে?

ছানি পৰা ৰোগ বা ৰেটিনোপেথী বা গ্লুক’মা কোনো এটা ৰোগৰ আৰম্ভণিতে ৰোগীয়ে সিমান দৃষ্টিহীনতাত নোভোগে। লাহে লাহে চকুৰে কম দেখা হৈ আহে, বিশেষ বিষ-দুখ নাথাকে। সেয়েহে ডায়েবেটিক ৰোগীয়ে ছমাহ বা এবছৰৰ মুৰে মুৰে নিয়মিতভাৱে চকু পৰীক্ষা কৰা দৰকাৰ। তেতিয়াহে একেবাৰে আৰম্ভণি অৱস্থাতে ইয়াৰ চিনাক্তকৰণ কৰি চিকিৎসা ল’ব পাৰি।

কেনেকৈ ডায়েবেটিক চকু ৰোগ চিনাক্ত কৰিব পাৰি?

চকু চিকিৎসকৰ ওচৰত নিয়মিত চকু পৰীক্ষা কৰিব লাগে। চকুৰ প্ৰেছাৰ, ভিতৰত থকা লেন্সখনত কিবা অস্বচ্ছতা বা ছানি আছে নেকি আৰু ভিতৰৰ ৰেটিনাত ৰেটিনোপেথী আৰম্ভ হৈছে নেকি, এইবিলাক বিশদভাৱে পৰীক্ষা কৰিলে এই ৰোগবিলাক সোনকালে চিনাক্ত কৰিব পাৰি।

ডায়েবেটিছ চকু ৰোগৰ চিকিৎসা কেনেধৰণৰ হ’ব পাৰে -

*চকুৰ ছানি পৰা ৰোগ হ’লে অস্ত্ৰোপচাৰ কৰি দৃষ্টিশক্তি ঘুৰাই আনিব পাৰি, যদিহে ৰেটিনাখন ঠিকে থাকে।

*গ্লুক’মা হ’লে ঔষধৰ দ্বাৰা, লেজাৰ ছাৰ্জাৰী বা অস্ত্ৰোপচাৰৰ দ্বাৰা চকুৰ প্ৰেছাৰ কমাব পাৰি।

ৰেটিনোপেথী হ’লে লেজাৰ চিকিৎসা কৰিব পাৰি, য’ত লেজাৰ ৰশ্মি ভিতৰৰ ৰেটিনাত পেলাই ৰক্তক্ষৰণ হোৱা বা ফুলি থকা তেজৰ সিৰা- উপসিৰাবিলাক সংকুচিত কৰা হয়, যাতে পিছত ৰেটিনাত পানী বা তেজ জমা হ’ব নোৱাৰে। এনেধৰণৰ চিকিৎসাই প্ৰায় শতকৰা ষাঠিভাগ দৃষ্টিহীনতা কমাই ৰাখিব পাৰে। যদিহে ৰেটিনাৰ মেকুলাত লেজাৰ ৰশ্মিৰে চিকিৎসা কৰা হয়, তেতিয়া যিখিনি দৃষ্টিশক্তি কমি আহিছে সেয়া ঘুৰাই আনিব নোৱাৰি, কিন্তু সম্ভাব্য জটিলতাৰ পৰা ইয়াক বচাব পাৰি।

ডায়েবেটিছ ৰেটিনোপেথী প্ৰতিৰোধ কৰাৰ কিবা উপায় আছে নেকি?

সম্পুৰ্ণৰুপে প্ৰতিৰোধৰ কোনো উপায় নাই। কিন্তু তেজত থকা ছুগাৰৰ পৰিমাণ সদায় নিয়মিত ৰাখিলে বা কমাই ৰাখিলে সোনকালে ৰেটিনোপেথী হোৱাত বাধা দিব পাৰি।

বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰি দেখা গৈছে যে তেজত থকা ছুগাৰৰ সঠিক নিয়ন্ত্ৰণে ডায়েবেটিছ ৰোগীৰ চকুৰ বাহিৰেও অন্যান্য অংগ- যেনে হৃদযন্ত্ৰ, বৃক্ক আৰু স্নায়বিক যন্ত্ৰ আদিৰ জটিলতাও কমাই ৰাখিব পাৰি।

বহুমুত্ৰ ৰোগীয়ে দৃষ্টিশক্তি কেনেকৈ অটুট ৰাখিব?

চকু চিকিৎসকৰ দ্বাৰা নিয়মিত চকু পৰীক্ষা কৰি থাকিব লাগে, তেতিয়া একেবাৰে আৰম্ভণিতে ইয়াৰ চিনাক্ত আৰু চিকিৎসা কৰিব পাৰি। চকুৰে কম দেখা, চকু ৰঙা পঅৰ, বিষোৱা আদি যিকোনো অসুবিধা পোৱাৰ লগে লগে চকু চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে, লগতে তেজৰ ছুগাৰৰ পৰিমাণ খালী পেটত আৰু খোৱাৰ ডেৰ ঘণ্টা পিছত পৰীক্ষা কৰিব লাগে। যদি ছুগাৰ বেছি থাকে, ঔষধ আৰু ডায়েবেটিক খাদ্যৰ তেজৰ ছুগাৰৰ পৰিমাণ কমাই ৰাখিব লাগে।

চকু অস্ত্ৰোপচাৰ কৰাৰ ক্ষেত্ৰত ডায়েবেটিছ ৰোগীৰ কি কি সাৱধানতাৰ প্ৰয়োজন ?

চকু অস্ত্ৰোপচাৰ কৰাৰ ক্ষেত্ৰত বিশেষ কিছুমান সাৱধানতাৰ প্ৰয়োজন। কিয়নো, ডায়েবেটিছ ৰোগী যিকোনো মুহুৰ্ততে বেক্টেৰিয়া, ফাংগাছ বা ভাইৰাছ –বীজাণুৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি। দ্বিতীয়তে , শৰীৰৰ যিকোনো টিছ্যুতে হঠাতে বাঢ়ি যোৱা বা একেবাৰে কমি যোৱা তেজৰ ছুগাৰৰ পৰিমাণে বিভিন্ন ধৰণে ক্ৰিয়া কৰি হৃদযন্ত্ৰ, বৃক্ক আৰু স্নায়ুবিলাকত জটিলতাৰ সৃষ্টি কৰিব পাৰে। হঠাতে বাঢ়ি যোৱা ছুগাৰৰ পৰিমাণে চকুৰ ৰেটিনা আৰু ভিট্টিয়াছত পানী জমা কৰিব পাৰে বা ৰক্তক্ষৰণ হ’ব পাৰে। সেয়েহে তেজৰ ছুগাৰৰ পৰিমাণ সঠিকভাৱে নিয়ন্ত্ৰণ কৰাই হ’ল অস্ত্ৰোপচাৰৰ আগত আৰু পিছত ল’ব লগা মুখ্য সতৰ্কতা। অস্ত্ৰোপচাৰৰ পিছত চকু বিষোৱা, ৰঙা পৰা, পানী ওলোৱা, হঠাতে কম দেখা পোৱা আদি যিকোনো অসুবিধা পালে লগে লগে চকু চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। কাৰণ চকুযুৰি বীজাণু সংক্ৰমিত হৈ থাকিব পাৰে। পৰিষ্কাৰ- পৰিচ্ছন্নতা আৰু চকুৰ নিয়মিত ঔষধৰ ব্যৱহাৰ, ডায়েবেটিছৰ ঔসধৰ নিয়মিত সেৱন আদি মানি চলিলে ডায়েবেটিছ ৰোগীৰ অস্ত্ৰোপচাৰ অতি সুকলমে কৰিব পাৰি। সাৱধানতা বা সতৰ্কতাই আপোনাৰ চকুযুৰিৰ লগতে দৃষ্টিশক্তি অটুট ৰখাত সহায় কৰিব।

লেখিকা: ডা: বিজুলী গোস্বামী (জি এনআৰচি স্বাস্থ্য)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top