বাৰিষাৰ বতৰ অহাৰ লগে লগে মাখিৰ উৎপাত আৰু খোৱাপানী "দূষিত হ’ব পাৰে। গৰম বতৰত মাখি-মহ আদিৰ প্রাদুর্ভাৱ বেছি হয় আৰু মহ, মাখি আদি বাহক হোৱাৰ ফলত এই বতৰত বেমাৰ-আজাৰৰ সংখ্যা বেছি হোৱা দেখা যায়। যেনে—মহে মেলেৰিয়া জ্বৰ, টাইফয়েড জ্বৰ আদি বিয়পায়। আকৌ মাখিয়ে এঠাইৰ পৰা আন ঠাইলৈ বিভিন্ন ধৰণৰ বেমাৰৰ বীজাণু বিয়পায়। ফলত এই বতৰত নিম্নলিখিত বেমাৰৰ মহামাৰী ৰূপ বিভিন্ন ঠাইত হোৱা দেখা যায়। যেনে—
(১) কলেৰা বা হাইজা ।
(২) গেষ্ট্ৰেএন্টাৰাইটিছ ।
(৩) পেটৰ বিভিন্ন বেমাৰ ।
(৪) ডিফেন্ট্রি বা গ্রহণী।
(৫) সন্নিপাত জ্বৰ।
(৬) মেলেৰিয়া আৰু চেৰিব্রেল মেলেৰিয়া ইত্যাদি।
এই বতৰত এই বেমাৰসমূহৰ পৰা হাত সাৰি থাকিব হ’লে তলত দিয়া ব্যৱস্থাবোৰ গ্ৰহণ কৰিব লাগে।
(১) খোৱাপানী, গাখীৰ আদি ভালদৰে উতলাই চেঁচা কৰি খাব লাগে আৰু উপযুক্ত ঢাকনিৰে ভালদৰে ঢাকি ৰাখিব লাগে।
(২) ঘৰৰ জাবৰ-জোঁথৰ, ৰোগীৰ শৌচ, ল’ৰা-ছোৱালীৰ শৌচবমি আদি ঘৰৰ পৰা দূৰত গাঁত খান্দি পুতি ৰাখিব লাগে আৰু জ্বলাই দিব পৰাখিনি জ্বলাই দিব লাগে, যাতে তাৰ পৰা মহ-মাখিৰ উৎপত্তি হ'ব নোৱাৰে আৰু মহ-মাখিয়ে এইবোৰৰ পৰা বীজাণু বিয়পাব নোৱাৰে।
(৩) খোৱা খাদ্যত মাখি আদি পৰিব নোৱাৰাকৈ ঢাকি ৰাখিব লাগে।
(৪) পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি সদায় নজৰ ৰাখিব লাগে। দুৰ্গন্ধময় লেতেৰা পৰিৱেশৰ পৰা সদায় আঁতৰত থাকিব লাগে।
(৫) অত্যধিক জ্বৰ হ’লে লগে লগে ওচৰৰ চিকিৎসা কেন্দ্ৰলৈ গৈ তেজ পৰীক্ষা কৰাই উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে।
(৬) শৌচ, বমি আদি হ’লে লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।
(৭) প্রত্যেকবাৰ খোৱাৰ আগতে বাচন-বৰ্তন আদি ভালকৈ ধুই ল’ব লাগে।
(৮) য’তে-ত’তে শৌচ কৰিব নালাগে।
(৯) মুকলিকৈ ৰখা দোকানৰ মিঠাই, ভজা বস্তু আদি খাব নালাগে।
(১০) য’তে-ত’তে পানী খাব নালাগে।
(১১) গেলিবলৈ ধৰা ফল আৰু মাছ খাব নালাগে।
(১২) নদী বা পুখুৰীত শৌচ, বমি আদি পেলাব নালাগে।
উৎস: জীৱন আৰু স্বাস্থ্য বিশেষ।