মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / বাৰ্ধক্যৰ ৰোগ আলজেইমাৰ্চ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বাৰ্ধক্যৰ ৰোগ আলজেইমাৰ্চ

বাৰ্ধক্যৰ ৰোগ আলজেইমাৰ্চ

পৃথিৱীৰ সকলো জীৱ প্ৰজাতিৰ বাবেই বাৰ্ধক্য এক অনিবাৰ্য প্ৰক্ৰিয়া। চুলি পকা, ছাল শোতোৰা পৰা, সিৰা টান হোৱা, গাঁঠিৰ বিষ হোৱা, দৃষ্টিশক্তি কমা- এইবোৰ বাৰ্ধক্যৰ কিছুমান সাধাৰণ লক্ষণ। বুঢ়া মানুহে প্ৰায়ে স্মৃতি শক্তি কমাৰ কথা কয়। নাম মনত ৰখা আৰু দৰকাৰী শব্দ ভাবি উলিওৱা কষ্টকৰ হৈ পৰে। বয়সৰ লগে লগে নতুন নতুন কথা শিকাও দুৰুহ হৈ পৰে।

বয়সৰ লগে লগে হেৰুওৱা স্মৃতিশক্তিৰ ফলত যি বৌদ্ধিক শক্তিৰ অৱনত৬ই হয়, সিয়ে সামাজিক আৰু বৃত্তিগত জীৱন ধাৰাত বেয়াকৈ প্ৰভাৱ পেলায়। সেয়ে এনে অৱস্থাক ৰোগো বুলিব পাৰি। এনে ধৰণৰ স্মৃতি ভ্ৰংশপ্ৰাপ্ত অৱস্থাতে কোৱা হয় আলজাইমাৰ ৰোগ।

এনে ৰোগীয়ে দূৰ অতীততকৈ বৰ্তমান কালৰ কথা বেছিকৈ পাহৰে। বয়স বঢ়াৰ লগে লগে শিক্ষা গ্ৰহণ প্ৰক্ৰিয়া কমি যায়। বৃদ্ধ কালত এনেয়ে কিছু স্মৃতিশক্তি হ্ৰাস পোৱাটো তেনেই স্বাভাৱিক কথা। কিন্ত কিছুমান লোকৰ স্মৃতিশক্তি আৰু মানসিক ক্ৰিয়া কলাপৰ এনে অৱনতি ঘটে, যিয়ে তেওঁৰ সামাজিক আদান-প্ৰদান আৰু ব্যক্তিত্বক বেয়াকৈ ক্ষতিসাধন কৰে।

আলজাইমাৰ হৈছে গুৰুতৰ ভাৱে স্মৃতিশক্তি হ্ৰাস পোৱা এক প্ৰকাৰৰ মানসিক অৱস্থা। এনে অৱস্থা হ’লে মানুহৰ মানসিক চিন্তাধাৰা বিভ্ৰান্ত হয়। মানুহে নিজৰ অস্তিত্ব আৰু ব্যক্তিত্বক পাহৰি পেলায়। গোটেই ভাৰতবৰ্ষতে বৰ্তমান প্ৰায় তিনি নিযুত আলজাইমাৰ আক্তান্ত লোক আছে। ৬৫ বছৰৰ ওপৰত ৫ ৰ পৰা ১০ শতাংশ লোকৰেই আলজাইমাৰৰ কিছু লক্ষণ প্ৰকাশ পায়।

ডিমেনচিয়া বা স্মৃতিভ্ৰ্ংশ মানে কি?

লেটিন ভাষাত ডিমেনচিয়া মানে অযুক্তিকৰ আচৰণ। ড° ফিলিপ পিনেল নামৰ এজন গৱেষকে ১৭৯৭ চনত প্ৰথম বাৰৰ বাবে এই শব্দটো ব্যৱহাৰ কৰে। মগজুৰ কাৰ্যৰ বিশেষ কিছুমান বিসংগতিত কিছুমান লক্ষণ প্ৰকাশ পোৱাকে Dementia বা স্মৃতিভ্ৰ্ংশ ৰোগ বোলে। এই ৰোগত স্মৃতিশক্তি, সমস্যা সমাধানৰ বুদ্ধিমত্তা, গণনা, কথা কোৱাৰ ক্ষমতা, ৰাস্তা চিনি পোৱা, সমস্যাৰ বিশ্লেষণ আদিৰ লগত জড়িত মানসিক ক্ৰিয়া কলাপত ব্যাপক অৱনতি পৰিলক্ষিত হয়। গতিকে ডিমেনচিয়া হ’লে দৈনন্দিন কাৰ্যক্ৰমণিকাত ব্যাঘাত হয় আৰু কেতিয়াবা দীৰ্ঘকাললৈ চোৱাচিতাৰ দৰকাৰ হয়।

ড° এলোৱা আলজাইমাৰে নামকৰণ কৰা আলজাইমাৰ নামৰ ৰোগ বিধৰ ওপৰত প্ৰথমতে ১৯০৬ চনত পৰীক্ষা মূলক ভাৱে অধ্যয়ন চলায়। তেওঁ মানসিক ৰোগত মৃত্যু হোৱা এগৰাকী মহিলা ৰোগীৰ মস্তিষ্কত এমিলয়ড প্লেকচ (Amyloid Plaques) আৰু পাক খাই থকা স্নায়ু কিছুমান বিচাৰি পায়। এই এমিলয়ড প্লেক আৰু পাক খাই থকা স্নায়ুৱেই আলজেইমাৰ ৰোগৰ প্ৰধান চিন। স্মৃতিশক্তি আৰু অন্যান্য মানসিক ক্ৰিয়া-কলাপৰ বাবে দৰকাৰী মগজুৰ কিছু অংশত স্নায়ু কোষৰ পৰিমাণ কমি যায়। বিভিন্ন কোষৰ মাজত বাৰ্তা, সংবেদন আদি আদান-প্ৰদান হয় কিছুমান বিশেষ ৰাসায়নিক পদাৰ্থৰ দ্বাৰা। আলজাইমাৰ হ’লে এনে পদাৰ্থৰ কাৰ্যকাৰিতা কমি আহে আন্তঃস্নায়ু কোষীয় বাৰ্তা আদান-প্ৰদান প্ৰক্ৰিয়া বাধাপ্ৰাপ্ত হয়। যাৰ ফলত মানসিক ক্ৰিয়া কলাপো বাধা প্ৰাপ্ত বা বিকৃত হয়।

আজিলৈকে আলজাইমাৰৰ উৎপত্তিৰ কাৰণ আৰু চিকিৎসাৰ উপায় উদ্ভাৱন হোৱা নাই। আলজাইমাৰ তথা ডিমেনচিয়াৰ কাৰণ কেইবাটাও। ডিমেনচিয়া সৃষ্টিকাৰী কিছুমান অৱস্থাত ভাল কৰিব পাৰি, কিছুমানত নোৱাৰি ডিমেনচিয়াৰ দুটা প্ৰধান কাৰণ হ’ল আলজাইমাৰ ৰোগ আৰু ভাস্কুলাৰ ডিমেনচিয়া (vascular dementia)। এই ৰোগ দুবিধৰ চিকিৎসা নাই। আনবিধ সংশোধন যোগ্য (Re-versible) স্মৃতিভ্ৰ্ংশ অৱস্থাৰ (Dementia)ৰ্কাৰণ হৈছে তীব্ৰ জ্বৰ, শৰীৰত পানীৰ পৰিমাণ (Dehydration) আৰু ভিটামিনৰ অভাৱ আৰু পুষ্টিকৰ খাদ্যৰ অভাৱ, ঔষধৰ পাৰ্শ্বক্ৰিয়া, থাইৰয়ড গ্লেডৰ সমস্যা, মস্তিষ্কৰ সৰু-ৰুৰা আঘাত আদি। এই অৱস্থাবোৰ বিশেষ গুৰুতৰ ধৰণৰ নহ’লেও এই বিলাকে স্মৃতিভ্ৰ্ংশ হোৱাত অৰিহণা যোগায়। অতিশীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লৈ এই বিলাক দূৰ কৰা দৰকাৰ।

বৃদ্ধ কালত দুখ লাগি থকা, অকলশৰীয়া অনুভৱ কৰা, দুশ্চিন্তা, আমনি লগা আদি অনুভৱ কৰা আদি কিছুমান মানসিক অৱস্থাই দেখা দিব পাৰে। এই বিলাক অৱস্থা, অৱসৰ লগৰীয়াৰ মৃত্যু, প্ৰিয় জনৰ পৰা আঁতৰত থকা আদি দীঘলীয়া কাৰণতো হ’ব পাৰে। গতিকে এনে মানসিক দুৰৱস্থাক ডিমেনচিয়া বুলি ভবা উচিত নহয়।

আলজাইমাৰৰ কোনো কাৰণ এতিয়া লৈকে জনা হোৱা নাই। তথাপি কিছুমান দিশলৈ মনোযোগ দিয়া ভাল, যিবোৰ সঁচাকৈয়ে কিছু আশংকা কঢ়িয়াই আনে।

পৰিয়ালৰ অৱস্থা : আলজাইমাৰ ৰোগীৰ ১-২ শতাংশতকৈ কিছু কম সংখ্যকৰ ৰোগৰ কাৰণ তেওঁলোকৰ বংশগত ভাৱে শৰীৰত প্ৰৱাহ মান ক্ৰুটিপূৰ্ণ জিন।

কম বয়সতে আৰম্ভ : ৬০ বছৰ বয়সতকৈ কম বয়সত আৰম্ভ হোৱা আলজাইমাৰ খুব কম সময়ৰ ভিতৰতে তীব্ৰ ৰুপ লয়। জিনীয় পৰিৱৰ্তনৰ যোগেদিও (Genetic mutation) কম বয়সতে আলজাইমাৰ ৰোগ হ’ব পাৰে।

মস্তিষ্কৰ ক্ষতি : মস্তিষ্কত আঘাত পাই অচেতন হৈ পৰা লোকৰ আলজাইমাৰৰ সম্ভাৱনা বাঢ়ি যায়। বক্সাৰ সকলৰ ক্ষেত্ৰতে তেনে অৱস্থা প্ৰায়ে হয়। উদাহৰণ স্বৰুপে প্ৰসিদ্ধ বক্সাৰ মহম্মদ আলীৰ নাম ল’ব পাৰি। মুষ্টিযুদ্ধৰ ফলত তেওঁ ম্মগজুত দুখ পোৱাৰ ফলত কম বয়সতে আলজাইমাৰ ৰোগত ভুগিছিল।

ডাউনচ ছিনড্ৰোম : দেহৰ কোষ কেন্দ্ৰত ক্ৰমোজমৰ ক্ৰুটি থকা লোক ডাউনচ ছিনড্ৰোমত ভোগে। এনে লোকৰ ৫০-৬০ বছৰ বয়সত ভৰি দিয়াৰ লগে লগে আলজাইমাৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।

আলজাইমাৰ হ’লে কি হয়?

আলজাইমাৰ হৈছে এবিধ স্নায়বিক শাৰীৰিক ৰোগ, যিয়ে আমাৰ মগজুৰ কোষবোৰ, মগজুৰ স্নায়ুবোৰ আৰু স্নায়ুপ্ৰেৰক ব্যৱস্থাবোৰক আক্ৰমণ কৰি ধ্বংস কৰে। এক বিশেষ ধৰণৰ ৰাসায়নিক পদাৰ্থৰ এচিটাইল কলিনৰ উৎপাদন আৰু সৰবৰাহ বাধা প্ৰাপ্ত হয়। স্নায়ু কোষৰ সংবাদ গ্ৰ্হণ আৰু প্ৰেৰণকাৰী কোষীয় শুংবোৰ নষ্ট হয় আৰু ফলত সমগ্ৰ স্নায়ু কোষটোৱেই ধ্বংস হৈ যায়। স্নায়ু কোষৰ এনে ধ্বংসই ডিমেনচিয়াৰ সৃষ্টি কৰে। তেতিয়া মগজুৰ টেম্পৰেল ল’ৰ অংশত ফাঁটৰ সৃষ্টি হয়, নতুন সংবাদ গ্ৰহণ আৰু সঞ্চয়ৰ লগত জড়িত হিপ্প’কেম্পাছ অংশতো তদনুৰুপ ফাঁটৰ সৃষ্টি হয়।

গতিকে আলজাইমাৰ গ্ৰস্ত মানুহৰ স্মৃতি খণ্ড-বিখণ্ড হৈ পৰে। মানসিক ভাৱে দিক্‌ভ্ৰান্ত হয়, বিবুদ্ধিত পৰে, ভাব-চিন্তাৰ একাগ্ৰতা কমে, আঁচনি আৰু বিচাৰ-বিবেচনা ব্যাঘাত হয়। ব্যক্তিত্বৰ পৰিৱৰ্তন হয়, বোধশক্তি, কথাকোৱা আৰু খোজকঢ়াত বিসংগতি, খেলিমেলিয়ে দেখা দিয়ে। শেষ পৰ্যায়ত অন্য কিছুমান শাৰীৰিক ক্ৰিয়া কলাপ যেনে- বস্তু গিলা, শৌচ-প্ৰস্ৰাৱ কৰা আদিৰ ক্ষেত্ৰতো অসুবিধা, খেলিমেলি, ভুল-ক্ৰুটিয়ে দেখা দিয়ে।

এই বেমাৰে আমাৰ ভাষাজ্ঞান, স্মৃতিশক্তি আৰু ভাব-চিন্তাৰ নিয়ন্ত্ৰণ তথা পৰিচালনাকাৰী মগজুৰ অংশক আক্ৰমণ কৰি পংগু কৰে। এই ৰোগ বঢ়নশীল। অৰ্থাৎ কৰ্কট ৰোগৰ দৰে সময়ৰ লগে লগে বাঢ়ি যায়। জীৱনৰ শেষ অৱস্থালৈকে ই বাঢ়ি থাকে। প্ৰথমতে স্বচ্ছন্দ চিন্তাধাৰাক ক্ষতি কৰে, তাৰ পিছতে দৈনন্দিন কাৰ্যক্ৰমণিকাৰ পৰিচালনাত ব্যাঘাত জন্মায় আৰু শেষত সমগ্ৰ আচৰণ, কামতে বেমেজালি, খেলিমেলি, দোষ-ক্ৰুটিৰ পয়োভৰ ঘটায়। মানসিক অৱস্থাৰ অৱনতিৰ বেগ অবশ্যে ব্যক্তিভেদে বেলেগ বেলেগ হয়।

এনে ৰোগীৰ খোৱা-শোৱা, গা-ধোৱাতো খেলিমেলি হয়। টেলিফোন ব্যৱহাৰতো অসুবিধা হয়। মুঠতে এনে ৰোগীৰ কাষত অন্য এজন মানুহৰ প্ৰয়োজন হয়েই। এনে ৰোগৰ শেষ অৱস্থালৈকে তিনিটা অৱস্থাত ভাগ কৰা হয়- নিয়মীয়া, মধ্যমীয়া আৰু অন্তিম অৱস্থা।

নিয়মীয়া আলজাইমাৰৰ সময়ত দেখা দিয়া লক্ষণ

পাহৰণিৰে এনে অৱস্থা আৰম্ভ হয়, স্মৃতিশক্তি হ্ৰাস হয়, ভালদৰে কোনো কথা ক’ব নোৱাৰে, নতুন কথা জ্ঞান শিকিব নোৱাৰে। প্ৰাত্যহিক কাম কিছুমান কৰোতেই বহুত সময় লাগে। কাপোৰ কেনেকৈ পিন্ধিব লাগে তাক পাহৰে। ওচৰৰ প্ৰতিবেশীৰ নাম পৰিবেশ, প্ৰসংগ আদিও পাহৰে। এনে ৰোগীৰ মেজাজ, ব্যক্তিত্বৰ সলনি হয়। অনাৱশ্যক ভাৱে হতাশ বা উত্তেজিত হয়। কেতিয়াবা খঙাল, পৰশ্ৰীকাতৰ বা ভয়াতুৰ হৈও পৰিব পাৰে। হিচাপমতে খাদ্য, ঔষধ গ্ৰহণ কৰিবলৈ পাহৰি যায়। ক’ত আছে, ক’লৈ গৈছে বা যাব, কেনেদৰে আহিলা বা উভতি যাব, তাৰ ভাব-চিন্তাও আলজাইমাৰ ৰোগীৰ নাথাকিব পাৰে। নিজৰ পৰিচিত ঠাইতো দিক্‌ভ্ৰান্ত হ’ব পাৰে। গৰমৰ দিনতো বহুত কাপোৰ বা ঠাণ্ডাৰ দিনতো কম কাপোৰ পিন্ধিব পাৰে। কিছু ৰোগীয়ে দিন-ৰাতিৰ পাৰ্থক্যও পাহৰে।

এনে ৰোগীয়ে সাধাৰণ একোটা অংকও সমাধান কৰিব নোৱাৰে, টকা-পইচা, বিল আদিৰ আদান-প্ৰদানত খেলিমেলি কৰে।

মধ্যমীয়া অৱস্থাৰ আলজাইমাৰ ৰোগীয়ে তলত দিয়া ধৰণৰ লক্ষণ দেখুৱায়

  • স্মৃতি বেছিকৈ কমে। পুৰণা বস্তুৰ নাম-ঠিকনা, চাকৰিৰ কথা পাহৰে।
  • মনোযোগ কমি আহে। বহুতো বস্তু বা কথালৈ আগ্ৰহ কমি আহে।
  • চিন্তাবোৰ সংবদ্ধ কৰাত, গভীৰ কৰাত অসুবিধা পায়।
  • গভীৰ অনুভৱ আৰু যুক্তিযুক্ত বিচাৰ-বিবেচনা, আচৰণ কমি যায়।
  • ভাষাৰ সমস্যাই দেখা দিয়ে। কথা কোৱা, পঢ়া, বুজা আৰু লিখাত অসুবিধা আহে। দৰকাৰী সময়ত উপযুক্ত শব্দ বিচাৰি নাপায়। তেওঁলোকৰ বাক্যবোৰ আনে বুজাত অসুবিধা হয়।
  • নতুন কথা শিকিব নোৱাৰে। নতুন পৰিস্থিতিৰ সন্মুখীন হ’বলৈ বা মোকাবিলা কৰিবলৈ তেওঁলোকৰ ভবৰ উন্মেষ নঘটে।
  • বন্ধু, লগৰীয়া, পৰিয়ালৰ মানুহৰে চিন পাহৰে।
  • কোনো কথা, আচৰণ, প্ৰশ্নৰ পুনৰাবৃত্তি কৰি থাকে।
  • অস্থিৰতা, উত্তেজনা, উদ্বিগ্নতা, কান্দোন অহা, ভাটিবেলা, গধূলি ঘূৰি ফুৰা আদি লক্ষণ আলজাইমাৰ ৰোগীৰ ক্ষেত্ৰত দেখা দিয়ে।
  • ভ্ৰম, সন্দেহ আদিয়ে এনে ৰোগীৰ মনত বাহ লয়।
  • পোছাক-পৰিচ্ছদ, শৰীৰ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ জ্ঞান হেৰুৱায়।
  • অনুপযুক্ত সময়, স্থানত অস্বাভাৱিক আচৰণ কৰে।
  • গা ধোৱা, শৌচ-প্ৰস্ৰাৱ কৰা আদিতো ভূল কৰে বা অসুবিধা পায়।

শেষ বা অন্তিম অৱস্থাৰ আলজাইমাৰ ৰোগীৰ দশা, আচৰণ আদি

আলজাইমাৰ ৰোগৰ শেষ অৱস্থাত মস্তিষ্কৰ স্নায়ু কোষবোৰৰ ব্যাপক ক্ষতি সাধন হয়। ফলত ৰোগীৰ আত্মজ্ঞান, আত্মচেতনা ভালেখিনি বিলুপ্ত হয়। এই সময়তে বহুত যত্নৰ দৰকাৰ হয়। এনে অৱস্থাত ৰোগীৰ তলত দিয়া অৱস্থাবোৰ দেখা যায়।

  • ৰোগীয়ে বস্তু বিলাক উপযুক্ত ঠাইত নথয়। থোৱাৰ পিছতে ক’ত থ’লে পাহৰি যায়।
  • সুগভীৰ, স্বচ্ছন্দ চিন্তা সম্পূৰ্ণ বিলুপ্ত হয়।
  • চিন্তা, অনুভৱ, বিবেচনাৰ অভাৱত মনত কোনো নতুন চিন্তা-ভাব নোহোৱা হয়। ইচ্ছাশক্তি দুৰ্বল হৈ পৰে। নিষ্ক্ৰিয় হৈও পৰে।
  • একে ঠাইতে বহু সময় শুই-বহি থাকে।
  • ভাষাজ্ঞান, চিন্তা, স্মৃতি ব্যাপক ভাৱে হ্ৰাস পায়।
  • ওজন কমে।
  • ছালৰ ৰোগ হয়, বস্তু গিলাচ অসুবিধা পায়।
  • কেকাই-গেঁঠাই থাকে, খক্‌খকাই থাকে, অশ্লীল কথা কয়।
  • বেছিকৈ শুই থাকে।
  • খাবলৈ ইচ্ছা নকৰে।
  • শাৰীৰিক অংগৰ পৰিচালনাত খেলিমেলি হয়।
  • শৌচ-প্ৰস্ৰাৱ প্ৰক্ৰিয়া চম্ভালিব নোৱাৰা হয়।
  • খোৱা, খোজকঢ়া, শৌচ-প্ৰস্ৰাৱ কৰা আদি দৈনন্দিন কামবোৰ বিসংগতি পূৰ্ণ আৰু নিয়ন্ত্ৰণহীন হয়।

এই ৰোগটো বাঢ়ি থাকোঁতে স্বাভাৱিক জীৱন-যাপনত স্বকীয় নিয়ন্ত্ৰণ হেৰুৱায় আৰু আন মানুহৰ সহায়ৰ ওপৰত নিৰ্ভৰ কৰিব লগীয়া হয়। কিন্ত তেওঁলোকৰ কিছুমানে অতীত জীৱনত আহৰণ কৰা অভিজ্ঞতা, দক্ষতা আৰু অনুভৱ শক্তিয়ে তেওঁলোকক পৰিৱেশৰ প্ৰতি কিছু সচেতন হ’বলৈ শিকায়। শাৰীৰিক স্পৰ্শৰ প্ৰতি প্ৰতিক্ৰিয়া দেখুৱায় আৰু কিছু আৱেগ-অনুভূতিও প্ৰকাশ কৰিব পাৰে।

বেমাৰটোৱে কেৱল ৰোগীকে যন্ত্ৰণা বা আমনি নিদিয়ে। ৰোগীৰ লগত থকা আন ব্যক্তি সকলকো যথেষ্ট কষ্ট আৰু আমনি দিয়ে। আগতীয়া আৰু শুদ্ধ পৰীক্ষা-নিৰীক্ষাৰ যোগেদি ৰোগ সৃষ্টিকাৰী পৰিবেশ, কাৰণ ধৰা পেলাই প্ৰতিৰোধৰ ব্যৱস্থা ল’ব পাৰি। এজন আলজাইমাৰ ৰোগীয়ে নিজে ডাক্তৰৰ ওচৰ চাপিব নোৱাৰে বা নাজানে। গতিকে জ্ঞাতি কুটুম্ব, পৰিয়াল-পৰিজনৰ সহায় অপৰিহাৰ্য।

ৰাসায়নিক নাম

ব্যৱসায়িক নাম

কোম্পানী

ড’নেপেজিল (Doneprzil)

Aricept

Eisai & Pfizer.

গেলেণ্টমাইন (Galantamine)

Reminyl

Johnson & Johnson.

ৰিভষ্টিগমাইন (Rivostigmine)

Exelon

Nortis Pharmaceutical.

মিমেণ্টীন (Memantine)

Axura

Germany Campany, Marz.

 

ডিমেনচিয়া হোৱা বুলি সন্দেহ হ’লে মস্তিষ্কৰ স্কেনিং পৰীক্ষাৰ দ্বাৰা মগজুৰ সংকোচন ঘটিছে নেকি ধৰা পেলাব পাৰি। পৰীক্ষাৰ ৮০ ৰ পৰা ৯০ শতাংশই শুদ্ধ প্ৰমাণিত হয়। তেজ পৰীক্ষা, মস্তিষ্কৰ তৰল পদাৰ্থ পৰীক্ষা, ইলেক্ট্ৰ’-এনচিফেল’গ্ৰাফী আৰু আন কিছুমান পৰীক্ষাৰ দ্বাৰা মস্তিষ্কৰ অৱস্থা জানি লোৱা হয়।

লগতে মনোবৈজ্ঞানিক পৰীক্ষা, প্ৰশ্নপত্ৰ বা আন কিছুমান কামৰ দ্বাৰাও ৰোগীৰ দুৰৱস্থাৰ বুজ লোৱা হয়। এনে পৰীক্ষাত সমস্যাবোৰ স্পষ্টকৈ ধৰা পৰে। পৰীক্ষাৰ ফলাফল চাই ৰোগীৰ মনত লাজ আৰু হতাশাৰ উৎপত্তি হ’লে তাক অনুকম্পা আৰু বুদ্ধিৰে চম্ভালিব লাগে।

ৰোগটো ভয়ানক হ’লেও বেমাৰ কেনেকৈ নোহোৱা কৰিব পাৰি, তাৰ বৃদ্ধি কেনেকৈ ৰোধ কৰিব পাৰি, ৰোগৰ পৰৱৰ্তী ক্ষতিবোৰৰ কেনেদৰে পূৰণ কৰিব পাৰি, তাৰ সম্ভেদ বৈজ্ঞানিক সকলে পোৱা নাই। অৱশ্যে কিছুমান ক্ষেত্ৰত নতুনকৈ আৱিষ্কৃত কিছু ঔষধৰ দ্বাৰা ৰোগৰ অগ্ৰগতি আৰু প্ৰাৱল্য কিছু কমাব পৰা গৈছে। মগজুৰ কাৰ্যকলাপৰ উন্নতি ঘটাব পৰা কিছুমান আধুনিক ঔষধো ওলাইছে।

এনে এবিধ প্ৰধান যৌগীক পদাৰ্থ হৈছে কলিন-ইষ্টাৰেজ ইনহিবটৰছ। এই ঔষধবোৰৰ দ্বাৰা আৰু কিছুমান শাৰীৰিক, মানসিক আৰু আৱেগিক উদ্দীপনাময় ব্যৱস্থাৰ যোগেদি কিছু ৰোগীৰ সাময়িক উন্নতি ঘটোৱা হয়। ৰোগৰ প্ৰাৰম্ভিক অৱস্থাত এই ঔষধ বোৰে কিছু কাম কৰে যদিও কিমান দিনলৈকে সুফল দি থাকিব তাৰহে কোনো নিশ্চয়তা নাথাকে। এনে কেইটামান ঔষধ তালিকাত দিয়া হ’ল।

অন্য কিছুমান ঔষধো ডিমেনচিয়াৰ কিছুমান উপসৰ্গ যেনে- নিদ্ৰাহীনতা, অস্থিৰতা নিৰাময়ৰ কাৰণে ব্যৱহাৰ কৰা হয়। কিছুমান নিদ্ৰাকাৰক ঔষধ, বিষ নাশক ঔষধ যেনে- ইব’প্ৰফেন আদিয়ে কিছু কাম দিয়ে বুলি জনা যায় যদিও তাৰ ব্যৱহাৰ সীমিত কৰিব লাগে। নহ’লে ৰোগে জটিল ৰুপ ধাৰণ কৰিব পাৰে।

আলজাইমাৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা যায়নে নাযায়, সেই বিষয়ে বিস্তৰ গৱেষণা চলি আছে। গৱেষণাৰ পৰা জনা যায় যে সুস্থ জীৱনশৈলীয়ে আলজাইমাৰৰ প্ৰাদুৰ্ভাৱৰ সম্ভাৱনা বহুত কমাই ৰাখে।

আলজাইমাৰ ৰোগটো দীৰ্ঘকালীন ক্ৰমশঃ বৃদ্ধি পোৱা স্নায়ু জনিত ৰোগ। গতিকে এন ৰোগীৰ পৰিচৰ্যাও বৰ ব্যয় বহুল। আৰ্থিক ক্ষতিৰ উপৰি বহুতো দম্পতী, নকট সম্পৰ্কীয় লোক আৰু বন্ধু-বান্ধৱে এনে ৰোগীৰ তত্ত্বাৱধান ল’বলগীয়া হয়। বছৰ বছৰজোৰা তত্ত্বাৱধানৰ ফলত আত্মীয় মানুহবোৰ শাৰীৰিক, মানসিক আৰু আৰ্থিক ভাৱে ক্ষতিগ্ৰস্ত হয়। তেওঁলোকৰো দুৰ্ভোগ অবৰ্ণনীয় হয়গৈ।

আলজাইমাৰ এবিধ ধীৰ গতিৰ হোৱা বেমাৰ, যাৰ ফলত পাতলীয়া স্মৃত্তিৰ সমস্যাৰ পৰা মস্তিষ্কৰ ব্যাপক ক্ষতি হ’ব পাৰে। বেমাৰটোৱে কিমান সময় লয় আৰু কিমান বেগেৰে পৰিৱৰ্তন বোৰ ঘটে সেইবোৰ ৰোগীভেদে বেলেগ বেলেগ হয়। গড় হিচাপত ৰোগ ধৰা পৰাৰ পিছতো ৮-১০ বছৰলৈ ৰোগী জীয়াই থাকে। যদি ৰোগীয়ে উপযুক্ত পৰিচৰ্যা পায়, তেনেহ’লে বেমাৰটো ২০ বছৰলৈকে চলি থাক্লিব পাৰে।

লেখক: ভাৰত চন্দ্ৰ বৰা, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top