মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / বিকল্প পদ্ধতিৰে চিকিৎসা আৰু মধুমেহ ৰোগ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিকল্প পদ্ধতিৰে চিকিৎসা আৰু মধুমেহ ৰোগ

বিকল্প পদ্ধতিৰে চিকিৎসা আৰু মধুমেহ ৰোগৰ বিষয়ে লিখা হৈছে ।

বৰ্তমান সময়ত মানৱ প্ৰজাতি যিটো ৰোগৰ বাবে শংকিত হৈ পৰিছে সেই ৰোগটোৰ নামেই হ’ল মধুমেহ বা ডায়েবেটিছ । বৰ্তমানে সমগ্ৰ বিশ্বৰ ভিতৰতে ভাৰততে এই ৰোগত ভুগি থকা লোকৰ সংখ্যা আটাইতকৈ বেছি । মধুমেহ ৰোগ কোনো বীজাণুৰ দ্বাৰা সংক্ৰমিত ৰোগ নহয় ই হ’ল জীৱন ধাৰণৰ পৰা হোৱা এই ৰোগ । এই ৰোগক সহজতে বাধা দিব পৰা যায় বা নিয়ন্ত্ৰণ কৰিবও পৰা যায় তাৰ বাবে মাথোঁ সজাগতা আৰু স্বাস্থ্য জ্ঞানৰ প্ৰয়োজন ।

প্ৰথমতেই আমি মধুমেহ ৰোগনো কি তাক জানি ল’ব লাগিব । আমি যি খাদ্য খাওঁ সেই খাদ্যবোৰত মূলত: তিনিটা উপাদান থাকে, শৰ্কৰা- (Glucose), চৰ্বি (Fats) আৰু প্ৰ’টিন (Protien) । ইয়াৰোপৰি বিভিন্ন ভিটামিন, খনিজ দ্ৰব্য আৰু আন বহুতো পদাৰ্থ কম বেছি পৰিমাণে থাকে । ইয়াৰে ভিতৰত শৰ্কৰা বা গ্লুকজ অংশ হ’ল শৰীৰৰ ইন্ধন স্বৰুপ । এই গ্লুকজ হজম হোৱাৰ পিছত তেজত মিহলি হয় আৰু প্ৰতিটো কোষকে শক্তি যোগান ধৰে । তেজত মিহলি হৈ থকা এই শৰ্কৰাকে ৰক্ত শৰ্কৰা বা Blood Sugar বুলি কোৱা হয় । শৰীৰৰ কোষবোৰে এই ৰক্ত শৰ্কৰাৰ পৰাই শক্তি আহৰণ কৰে আৰু কাৰ্যক্ষম হৈ থাকে । কোষবোৰক ক্ল’কজখিনি ব্যৱহাৰ কৰাত সহগায় কৰে, ইনচুলিন (Insulin) নামৰ এবিধ হৰমোনে । এই ইনচুলিন নামৰ হৰমোন বিধৰ ব্যৱহাৰ কৰিব নোৱাৰে আৰু তেজত গ্লু’কজৰ পৰিমাণ বাঢ়ি যায় । ফলত শৰীৰৰ কোষবোৰে প্ৰয়োজনীয় শক্তি নাপায় আৰু বৃক্কই এই অতিৰিক্ত গ্লুকজখিনি প্ৰস্ৰাৱৰ লগত বাহিৰ কৰি দিব লগীয়া হয় । তাৰ ফলত প্ৰস্ৰাৱতো গ্লুকজ ধৰা পৰে । প্ৰকৃততে যেতিয়া আমি আহাৰ খাওঁ তেতিয়া আমাৰ পাকস্থলীক পিছফালে যকৃতৰ ওচৰত থকা অগ্ন্যাশয় (Pancreas) নামৰ গ্ৰন্থিয়ে সঠিক পৰিমাণৰ ইনচুলিন নি:সৰণ কৰে আৰু এই ইনচুলিনে গ্লুকজক তেজৰ পৰা কোষলৈ যোৱাত সহায় কৰে । যিসকল লোকে মধুমেহ ৰোগত ভোগে তেনে লোকৰ অগ্ন্যাশয়ে সঠিক মাত্ৰাত ইনচুলিন উৎপন্ন কৰিব নোৱাৰে । সেয়েহে তেজত যি গ্লুকজ উৎপন্ন হয় সেয়া প্ৰস্ৰাৱৰ বাহিৰ হৈ যায় ।

মধুমেহ ৰোগ তিনি প্ৰকাৰৰ -

১) প্ৰ্থম প্ৰকাশ (Type-1)

২) দ্বিতীয় প্ৰকাৰ (Type-2)

৩) তৃতীয় প্ৰকাৰ (Type-3)

প্ৰথম প্ৰকাৰ (Type-1)মধুমেহ :- এইবিধ ৰোগ যিকোনো বয়সত নাইবা বংশানুক্ৰমেও হ’ব পাৰে । এইবিধ মধুমেহ ৰোগৰ লক্ষণসমুহ হ’ল প্ৰস্ৰাৱ ঘন ঘনকৈ লাগে, ভোক ঘনকৈ লাগে, শৰীৰৰ ওজন কমে, ভাগৰ লাগে, পিয়াহ লাগে আৰু চকুৰ দৃষ্টিশক্তি কমিবলৈ ধৰে ।

দ্বিতীয় প্ৰকাৰ (Type-2)মধুমেহ :- এই প্ৰকাৰৰ মধুমেহ ৰোগ মানুহৰ মাজত বেছিকৈ দেখা পোৱা যায় । বয়স বৃদ্ধি, শৰীৰৰ ওজন বঢ়া, বংশানুক্ৰমে হোৱা বা কম শাৰীৰিক পৰিশ্ৰমেই হ’ল এই ৰোগৰ অন্যতম কাৰক । কিছুমান লোকৰ ক্ষেত্ৰত ইনচুলিন বেছিকৈ শৰীৰত উৎপন্ন হয়, কিন্তু শৰীৰে ধৰি ৰাখিব নোৱাৰে আৰু বহু বছৰৰ পিছত ইনচুলিন উৎপন্নৰ হাৰ কমি আহে । ভাগৰ লগা, ওজন কমা, ঘনাই প্ৰস্ৰাৱ লগা, পিঁয়াহ লগা আদি এই ৰোগৰ লক্ষণ । এইসকল ৰোগীৰ ক্ষেত্ৰত দৰব ব্যৱহাৰৰ দ্বাৰা অগ্ন্যাশয়ৰ পৰা ইনচুলিন উৎপন্ন কৰাব পাৰিব আৰু ৰোগীয়ে এটা সময়লৈ ইনচুলিন নোলোৱাকৈ থাকিব পাৰিব ।

তৃতীয় প্ৰকাৰ (Type-3) মধুমেহ :- এই প্ৰকাৰৰ মধুমেহ ৰোগ সাধাৰণতে মানুহৰ গৰ্ভধাৰণৰ সময়ত দেখা দিয়ে । এইখিনি সময়ত ঔষধ ব্যৱহাৰ কৰাতকৈ পৰিপুষ্টি বিশেষজ্ঞ আৰু চিকিৎসকৰ পৰামৰ্শ মতে খাদ্য নিয়ন্ত্ৰণ আৰু ব্যায়ামৰ দ্বাৰাই ইনচুলিনৰ সঠিক পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰিলে ভাল । গৰ্ভধাৰণৰ সময়ত যি হৰম’ন উৎপন্ন হয় তাৰ প্ৰভাৱত ইনচুলিন কমি আহে আৰু তাৰ পৰাই এইবিধ মধুমেহ ৰোগৰ উৎপত্তি হয় । ঠিক সেইদৰে প্ৰস্ৰাৱৰ পিছত লাহে লাহে এই ৰোগ নিয়ন্ত্ৰণলৈ আহে যদিও খাদ্য আৰু ব্যায়াম আদি নিয়ন্ত্ৰিত কৰি জীৱন ধাৰণ কৰিলে ভৱিষ্যতে এই ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি ।

মধুমেহ ৰোগ কেনেকৈ নিয়ন্ত্ৰণ কৰিব -

প্ৰথম প্ৰকাৰৰ মধুমেহ ৰোগত ইনচুলিন লোৱাটোৱেই প্ৰধান উপায় । লগতে সুষম খাদ্য, শাৰীৰিক পৰিশ্ৰম আদি প্ৰয়োজনীয় । ইনচুলিন লোৱাটো চিকিৎসকৰ পৰামৰ্শ লৈ লগতে নিজৰ খাদ্য আৰু দৈনিক কামৰ ওপৰত নিৰ্ভৰ কৰি লোৱাটোও দৰকাৰ । মধুমেহ ৰোগীয়ে নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো দৰকাৰ । কাৰণ কেতিয়াবা তেজত চেনিৰ মাত্ৰা জোখতকৈ কমি যাব বা বাঢ়ি যাব পাৰে । তেজত চেনিৰ মাত্ৰা জোখতকৈ কমি গ’লে তাক হাইপ’ছেমিয়া বুলি কোৱা হয় । এনে অৱস্থাত ৰোগীৰ স্নায়ৱিক দুৰ্বলতা হয়, হাত ভৰি কঁপিবলৈ ধৰে বা কথাৰ খেলিমেলি হ’বলৈ ধৰে । তেনে ৰোগীয়ে লগত চেনি বা চকলেট, মৰ্টন আদি ৰাখিব লাগে কাৰণ চেনিৰ মাত্ৰা অত্যধিক কমি গ’লে ৰোগী মূৰ্ছা যাব পাৰে ।

মধুমেহ ৰোগত ভোগা ৰোগীয়ে তলত দিয়া মতে স্বাস্থ্যৰ যতন ল’ব লাগে -

১) এজন মধুমেহ ৰোগৰ বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে ।

২) এজন ডায়েবেটিচিয়ানৰ পৰামৰ্শ মতে খাদ্য গ্ৰহণ  কৰিব লাগে ।

৩) ভৰিৰ যত্ন লোৱাৰ বাবে ভৰিৰ ৰোগ বিশেষজ্ঞ বা পেডিয়াট্ৰিছৰ বা পৰামৰ্শ ল’ব লাগে ।

৪) এজন চকু বিশেষজ্ঞ আৰু হৃদৰোগ বিশেষজ্ঞৰ পৰামৰ্শ প্ৰয়োজন অনুসৰি ল’ব লাগে ।

৫) মহিলাসকলৰ গৰ্ভাৱস্থা বা প্ৰসৱৰ সময়ত স্ত্ৰীৰোগ বিশেষজ্ঞৰ লগত পৰামৰ্শ লোৱা উচিত ।

৬) মধুমেহ ৰোগী সকলে দৈনন্দিন বা মাজে সময়ে ৰক্তৰ চেনিৰ মাত্ৰা, ৰক্তচাপ, ব্লাড কলেষ্টেৰল আৰু এজন পৰীক্ষা কৰি থাকিব লাগে ।

৭) এইবোৰৰ উপৰি মধুমেহ ৰোগক নিয়ন্ত্ৰণত ৰাখিবৰ বাবে বিকল্প চিকিৎসা পদ্ধতিৰ সহায় ল’ব লাগে । বিকসল্প চিকিৎসা পদ্ধতি যেনে-যোগ, আকুপ্ৰেচাৰ , চুম্বক চিকিৎসা, বনৌষদি চিকিৎসা আদি । এইবোৰ চিকিৎসা পদ্ধতি পাৰ্শ্বক্ৰিয়াহীন আৰু মধুমেহ ৰোগ নিয়ন্ত্ৰনত যথেষ্ট ফলপ্ৰসু ।

যোগ চিকিৎসা মধুমেহ ৰোগীৰ বাবে অতি দৰকাৰী । যোগ চিকিৎসাৰ ভিতৰত প্ৰাণায়াম বা শ্বাস-প্ৰশ্বাসৰ ব্যায়াম, হাত ভৰিৰ ব্যায়াম, শশংকসন, নৌকাসন, পৱন মুক্তাসন, সূৰ্য নমস্কাৰ, পদহস্তাসন, ভুজাংগসন, পৰ্বতাসন, ধনুৰাসন, অৰ্ধমৎস্যন্তাসন, পশ্চিমোত্তাসন, উষ্ট্ৰোসন, ময়ুৰাসন, সৰ্বাংগসন, মৎসাসন, উজ্জীৱন বন্ধ মুদ্ৰা, অগ্নিসাৰ মুদ্ৰা, নৌলি ক্ৰিয়া, বিপৰীত কৰণী আৰু অশ্বিনী মুদ্ৰা আদি উপকাৰী । যোগাভ্যাস কৰাৰ আগতে প্ৰশিক্ষিত যোগ প্ৰশিক্ষকৰ পৰামৰ্শ ল’ব লাগে ।

ঠিক সেইদৰে আকুপ্ৰেচাৰ চিকিৎসকৰ সহায় লৈ অগ্ন্যাশয় সুস্থ ৰাখিব পৰা স্নায়ৱিক বিন্দুবোৰ শিকি লৈ সময় মতে প্ৰয়োগ কৰিলেও কিছু পৰিমাণে সুস্থতা লাভ কৰিব পাৰি । এই চিকিৎসা অতি সহজ আৰু খৰচবিহীন ।

চুম্বক চিকিৎসা মধুমেহ ৰোগীৰ বাবে প্ৰয়োজনীয় । চুম্বকীয় পানী সময় মতে গ্ৰহণ কৰিব লাগে আৰু চুম্বকযুক্ত বেল্ট অগ্ন্যাশয় অংশত পৰিধান কৰিলে অগ্ন্যাশয়ত ৰক্ত সঞ্চালন বৃদ্ধি হ’ব আৰু ইনচুলিনৰ নি:সৰণ বৃদ্ধি পাব । চুম্বকযুক্ত চেণ্ডেল আৰু জোতাৰ ব্যৱহাৰ কৰিলে ভৰিৰ তলুৱাত ৰক্ত সঞ্চালন বৃদ্ধি হয় আৰু ভৰিৰ সমস্যাৰ পৰা আঁতৰি থাকিব পাৰি । চকুত দৈনিক কিছু সময় চুম্বকীয় বেল্ট পৰিধান কৰিলে চকুতো ৰক্ত সঞ্চাৰন বৃদ্ধি হ’ব আৰু চকুৰ সমস্যাৰ পৰা আঁতৰি থাকিব পৰা যাব । কিন্তু উপযুক্ত চুম্বক চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিলে এই চিকিৎসা ফলপ্ৰসু হ’ব ।

ঘৰুৱা বন দৰৱৰ ব্যৱহাৰে মধুমেহ ৰোগীক যথেষ্ট সহায় কৰিব পাৰে । বন দৰৱৰ ব্যৱহাৰে তেজত চেনিৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে আৰু শাৰীৰিক সুস্থতা বৃদ্ধি কৰে । তলত উল্লেখ আৰু বন দৰৱখিনি ব্যৱহাৰ কৰিব পাৰে ।

১) মানিমুনিৰ ৰস পুৱা খালী পেটত ২-৩ চামুচ খাব লাগে ।

২) মেথিগুটি ১০ টা মান পানীত তিয়াই থৈ ৰাতিপুৱা সেই পানী আৰু গুটিখিনি খালে উপকাৰ পাব ।

৩) টেঙেচি টেঙা পাতত দি খাব লাগে ।

৪) ক’লা জামু গছৰ ছাল বা গুটি পানীত তিয়াই লৈ তাৰ ৰস উলিয়াই দৈনিক ২-৩ চামুচ খাব পাৰিলে ভাল ।

৫) প্ৰতিদিনে ৫-৬ টা আমলখি চোবাই খালে ভাল ।

৬) তুলসীৰ পাতৰ ৰস মধুমেহ ৰোগীৰ বাবে উপকাৰী ।

৭) নৰসিংহৰ পাত সদায়ে দাইল বা খাদ্যৰ লগত মিহলাই খালে উপকাৰ হয় ।

৮) আধাপকা অমিতা, মধুৰি, নাচপতি কাটি দিনে দুই তিনিবাৰ খালে উপকাৰ পাব ।

৯) অৰ্জুন গছৰ ছাল শুকুৱাই গুৰি কৰি ডালিমৰ পাতৰ লগত সিজাই পুৱা-গধুলি খালে মধুমেহ ৰোগত উপকাৰ পাব ।

১০) কাঠ বাদাম ৮-১০ টা ৰাতি পানীত তিয়াই থৈ ৰাতিপুৱা খালে তেজৰ কলেষ্টেৰলৰ মাত্ৰা ঠিকে থাকে ।

প্ৰাকৃতিক চিকিৎসাৰ দ্বাৰায়ো মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি । প্ৰাকৃতিক চিকিৎসা কিছুমান পদ্ধতি তলত দিয়া হ’ল-

১) মাটিৰ টোপোলাৰ দ্বাৰা প্ৰলেপ (Mud poultics) :- মাটিৰ প্ৰলেপ পেটৰ ওপৰত দি বা মাটি টোপোলা পেটৰ ওপৰত আৰু কপালৰ ওপৰত দি ২০ মিনিট সময় ৰাখিব লাগে । ইয়াৰ ফলত তলপেট আৰু তলপেটৰ তলৰ হাড়ৰ মাজেদি থকা ৰন্ধ্ৰ, যকৃত আৰু অগ্ন্যাশয় (liver & Pancreas) ৰ কাৰ্যক্ষমতা বৃদ্ধি হয় ।

২) বিভিন্ন ধৰণৰ জল চিকিৎসা যেনে- অৱগাহন স্নান, জলপাত্ৰত স্নান, চাকনৈয়া স্নান, চৌনা পানীৰ চিকিৎসা জেকুইজি, মাছাজ, বৃহদান্ত্ৰৰ চিকিৎসা, হিপ বাথ আদি মধুমেহ ৰোগত উপকাৰী । উপযুক্ত প্ৰাকৃতিক চিকিৎসা কেন্দ্ৰত প্ৰশিক্ষণ লৈহে এই চিকিৎসাবোৰ কৰা উচিত ।

এনেদৰে আধুনিক চিকিৎসা পদ্ধতিৰ লগত বিকল্প চিকিৎসা পদ্ধতিৰ সমন্বয় ঘটাই চিকিৎসা কৰিলে মধুমেহ ৰোগক নিয়ন্ত্ৰণ কৰি এক সফল জীৱন যাপন কৰা সম্ভৱ ।

লেখক :- হেমন্ত কলিতা

উৎস :- জি এনআৰচি স্বাস্থ্য

 

 

4.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top