অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিভিন্ন ধৰণৰ ব্ৰেইন টিউমাৰ :

বিভিন্ন ধৰণৰ ব্ৰেইন টিউমাৰ :

 

ব্ৰেইন টিউমাৰৰ উদ্ভৱ হয় মগজুৰ কোষৰ সহায়ক কোষৰ পৰা। মগজুৰ মৌলিক স্নায়ুকোষ নিউৰন কোষবোৰৰ কেতিয়াও বিভাজন নঘটে।

নিউৰন কোষৰ সহায়কাৰী কোষবোৰৰ পৰাহে ব্ৰেইন টিউমাৰ উদ্ভৱ হোৱা দেখা যায়। এনেধৰণৰ টিউমাৰবোৰ তলত আলোচনা কৰা হ’ল।

ক)এষ্ট্ৰ’চাইট’মা:

এষ্ট্ৰ’চাইট নামৰ কোষৰ পৰা উদ্ভূত এইবিধ টিউমাৰ সবাতোকৈ বেছি হোৱা দেখা যায়। এষ্ট্ৰ’চাইট হ’ল মগজুৰ মুখ্য কোষৰ সহায়কাৰী কোষ। এষ্ট্ৰ’চাইট’মা টিউমাৰক চাৰিটা মাত্ৰা বা খলপত বিভক্ত বিভক্ত কৰা হৈছে।

মাত্ৰা অনুযায়ী টিউমাৰবোৰ মাৰাত্মক হোৱাৰ সম্ভাৱনা বাঢ়ে বা কমে। মাত্ৰা বা খলপ-১ জাতীয় টিউমাৰৰ আশী শতাংশই নিৰাময় কৰিব পাৰি। শল্য চিকিৎসাৰ পৰা গোটেই টিউমাৰটো আঁতৰ কৰিলে ই নিৰ্মূল হয়। খলপ-৪ সবাতোকৈ মাৰাত্মক টিউমাৰ।

ইয়াক সম্পূৰ্ণৰূপে নিৰাময় কৰিব নোৱাৰি। শল্য চিকিৎসাৰ পাছত ৰেডিঅ’-কেম’থেৰাপী ব্যৱহাৰ কৰিলেও এনে টিউমাৰত আক্ৰান্ত লোক ন মাহৰ পৰা এবছৰৰ ভিতৰত মৃত্যুমুখত পৰে। মগজুৰ এনে মাৰাত্মক টিউমাৰক কোৱা হয় গ্লাইব্লাষ্টমা মাল্টিফৰ্মি।

বৰ্তমান প্ৰচলিত চিকিৎসাৰ পৰা সুফল লাভ কৰা পাইলচাইটিক এষ্ট্ৰ’চাইট’মা সাধাৰণতে বিশ বছৰৰ তলৰ বয়সৰ লোকৰ হোৱা দেখা যায়।

কেৱল শল্য চিকিৎসাৰ সুবাদত এনে টিউমাৰত আক্ৰান্ত লোকৰ আশী শতাংশই দহ বা পোন্ধৰ বছৰলৈ জীয়াই থাকিব পাৰে।

খ)অলিগ’ডেণ্ড্ৰগ্লাঅ’মা:

এইধৰণৰ টিউমাৰত ৰেডিঅ’-কেম’থেৰাপী প্ৰয়োগ কৰি প্ৰশংসনীয় সুফল পোৱা যায়। আক্ৰান্ত ৰোগীৰ পঞ্চাশ শতাংশ পাঁচ বছৰলৈকে জীয়াই থাকিব পাৰে।

গ)এপেনডাইমমা:

এইবিধ টিউমাৰ মগজুৰ ভিতৰত ভেণ্ট্ৰিকুল নামৰ অংশত হোৱা দেখা যায়। শল্য চিকিৎসাৰ সহায়ত সম্পূৰ্ণৰূপে আঁতৰোৱাৰ পাছত এনে ৰোগত আক্ৰান্ত লোকৰ আশী শতাংশই পাঁচ বছৰলৈকে জীয়াই থকা দেখা যায়।

ঘ)জাৰমিন’মা:

এনেধৰণৰ টিউমাৰ মগজুৰ ভেন্ট্ৰিকুলৰ আশে-পাশে থকা কোষবোৰৰ পৰা উদ্ভৱ হয়। সাধাৰণ এনে টিউমাৰ দহ-বিশ বছৰীয়া যুৱক-যুৱতীৰ বেছিকৈ হোৱা দেখা যায়।

শল্য চিকিৎসা আৰু ৰেডিঅ’-কেম’থেৰাপী প্ৰয়োগৰ সুফল হিচাপে এনে টিউমাৰত আক্ৰান্ত লোকৰ ৭৫ শতাংশ লোক পাঁচ বছৰলৈকে জীৱিত থকাৰ আশা কৰিব পাৰি।

ঙ)লিম্পফমা:

সচৰাচৰ যিবোৰ লোকৰ দেহৰ প্ৰতিৰক্ষা ক্ষমতা কম থাকে, তেনে লোকৰ ক্ষেত্ৰত মগজুৰ লিম্পফমা দেখা যায়। এই এইডছ ৰোগত আক্ৰান্ত লোকৰ এনেধৰণৰ টিউমাৰ হোৱা দেখা যায়। ব্ৰেইন লিম্পফমাত আক্ৰান্ত ৰোগী ১০-২০ মাহতকৈ বেছিদিন জীয়াই থকাৰ উদাহৰণ বিৰল।

চ)পিটুইটেৰী এডেন’মা:

এনেধৰণৰ টিউমাৰ মগজুৰ কৰ্কট ৰোগৰ ভিতৰত নপৰে। পিটুইটেৰী এডেন’মা মগজুৰ এক অন্তৰ্নিহিত গ্ৰন্থিৰ পৰা উদ্ভৱ হয়। এনেধৰণৰ টিউমাৰে চকুৰ ৰশ্মি আৰু শৰীৰৰ গাঁথনিৰ ওপৰত প্ৰভাৱ পেলায়। ভুক্তভোগী লোকসকলে চকুৰ ৰশ্মি কমি যোৱা অনুভৱ কৰে।

প্ৰাৰম্ভিক অৱস্থাত ধৰা পেলাব পাৰিলে এনে টিউমাৰ সম্পূৰ্ণৰূপে নিৰাময় কৰিব পাৰি। আজিকালি পিটুইটেৰী টিউমাৰত এণ্ডস্ক’পিক স্নায়ু-শল্য চিকিৎসা আৰু অণু স্নায়ু-শল্য চিকিৎসাৰ দৰে প্ৰযুক্তিগত চিকিৎসাৰে সম্পূৰ্ণৰূপে নিৰাময় কৰিব পাৰি।

যথেষ্ট ডাঙৰ টিউমাৰৰ ক্ষেত্ৰত শল্য চিকিৎসাৰ দ্বাৰা সম্পূৰ্ণ আঁতৰ কৰিব নোৱাৰিলে ৰেডিঅ’থেৰাপী ব্যৱহাৰ কৰা হয়।

ছ)মেনিনজিঅ’মা:

প্ৰকৃততে ই মগজুৰ কোষৰ পৰা প্ৰত্যক্ষভাৱে উদ্ভত টিউমাৰ নহয়। এনে টিউমাৰ মগজুৰ আৱৰণৰ পৰা সৃষ্টি হৈ লাহে লাহে ডাঙৰ হয় আৰু চাপ সৃষ্টি কৰি মগজুৰ কোষবোৰ বিনষ্ট কৰিবলৈ আৰম্ভ কৰে। শল্য চিকিৎসাৰ সহায়ত এনে টিউমাৰ সম্পূৰ্ণৰূপে আঁতৰাব পাৰিলে ৰোগীয়ে সম্পূৰ্ণ আৰোগ্য লাভ কৰে।

জ)শ্বৱান’মা(SCHWANNOMA):

এইবিধ টিউমাৰ মগজুৰ কোষৰ পৰা উদ্ভৱ নহয়, ই উদ্ভৱ হয় স্নায়ুতন্ত্ৰৰ পৰা। সাধাৰণতে ইয়াৰ অৱস্থিতি মগজুৰ পশ্চাৎ অংশত দেখা যায়। সচৰাচৰ এইবিধ টিউমাৰ কৰ্কট ৰোগৰ অন্তৰ্গত নহয়। এনে টিউমাৰক শল্য শল্য চিকিৎসাৰ জৰিয়তে সম্পূৰ্ণৰূপে নিৰাময় কৰিব পাৰি।

ঝ)বিৰল গোত্ৰৰ ব্ৰেইন টিউমাৰ:

বিৰল গোত্ৰৰ বহু ধৰণৰ ব্ৰেইন টিউমাৰ হোৱা দেখা যায়। এইবোৰ টিউমাৰ মগজুৰ কোষৰ পৰা উদ্ভৱ নহয়। সেয়ে এইবোৰক অকৰ্কটীয় টিউমাৰ বুলি কোৱা হয়। এনেধৰণৰ টিউমাৰবোৰ হ’ল-

ক)এপিডাৰময়ড টিউমাৰ

খ)ডাৰময়ড চিষ্ট

গ)ক্ৰেনিঅ’ফেৰিন জিঅ’মা

ঘ)ক’লয়ড চিষ্ট

ঙ)নিউৰ’চাইট’মা

এইবোৰৰ প্ৰধান চিকিৎসা হ’ল শল্য চিকিৎসা, অৰ্থাৎ শল্য চিকিৎসাৰ সহায়ত টিউমাৰবোৰ আঁতৰ কৰা।

অণুশল্য চিকিৎসাৰ সহায়ত এনে টিউমাৰ সম্পূৰ্ণৰূপে আঁতৰাব পাৰিলে ৰোগীয়ে আৰোগ্য লাভ কৰে। এনে টিউমাৰত ৰেডিঅ’-কেম’থেৰাপীৰ কাম খুবেই সীমিত।

ব্ৰেইন টিউমাৰৰ উপসৰ্গসমূহ -

ব্ৰেইন টিউমাৰ আৰু মগজুৰ কৰ্কট ৰোগৰ মাজত যথেষ্ট পাৰ্থক্য আছে। ব্ৰেইন টিউমাৰ মানেই মগজুৰ কৰ্কট ৰোগ নহয়।

অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ সহায়ত আজিকালি ব্ৰেইন টিউমাৰৰ ৬৫-৭০ শতাংশ নিৰাময় কৰিব পৰা হৈছে। ৩০-৩৫ শতাংশ টিউমাৰহে নিৰাময় কৰিব পৰা হোৱা নাই। নিৰাময় অসম্ভৱ এনেধৰণৰ টিউমাৰবোৰক মগজুৰ কৰ্কট ৰোগৰ ভাগত ৰাখিব পাৰি।

মগজুৰ টিউমাৰ ৰোগীৰ ক্ষেত্ৰ তিনিধৰণৰ উপসৰ্গই গা কৰি উঠে। যেনে-

ক)শৰীৰৰ কোনো অংশ ক্ৰমাগতভাৱে শক্তিহীন হোৱা।

খ)মৃগী ৰোগীৰ দৰে সাময়িক বা স্থায়ী শক্তিহীন হোৱা।

গ)সাধাৰণতে উপসৰ্গবোৰ যেনে- মূৰৰ বিষ হ’ব পাৰে, সৰ্বশৰীৰ দুৰ্বল লাগিব পাৰে, স্মৃতিশক্তিৰ পৰিৱৰ্তন হ’ব পাৰে, মানসিক ভাৰসাম্যতাৰ পৰিৱৰ্তন হ’ব পাৰে আৰু শৰীৰৰ ভাৰসাম্যত অসুবিধা হ’ব পাৰে।

ব্ৰেইন টিউমাৰ হৈছে কোষৰ এক অস্বাভাৱিক বৰ্ধন প্ৰক্ৰিয়া। অৰ্থাৎ টিউমাৰ-কোষবোৰ তীব্ৰগতিত বাঢ়ি মগজুত টিউমাৰাৰ সৃষ্টি কৰে আৰু এই টিউমাৰৰ চাপত কোষ বিনষ্ট হ’বলৈ ধৰে।

আমাৰ মগজুত শৰীৰৰ সকলো অংশৰ বাবে নিৰ্দিষ্ট এলেকা থাকে। অৰ্থাৎ চকু-হাত, কাণ, ভৰিৰ বাবে পৃথক পৃথক এলেকা আছে। সাধাৰণতে মগজুৰ যিটো এলেকাত টিউমাৰৰ সৃষ্টি হয়, সেই এলেকাৰ নিয়ন্ত্ৰণত থকা শৰীৰৰ অংগটো শক্তিহীন হ’বলৈ আৰম্ভ কৰে।

উদাহৰণস্বৰূপে চকু নিয়ন্ত্ৰণ কৰা এলেকাত টিউমাৰ হ’লে দেখাত অসুবিধা হয়, হাত বা ভৰিৰ এলেকাত হ’লে বা ভৰি দুৰ্বল হ’বলৈ লয়।

মগজুৰ কোনো অংশত টিউমাৰ হ’লে শৰীৰৰ একোটা অংগত(হাত, ভৰি, মুখমণ্ডলত) স্বতঃসফূৰ্তভাৱে অস্বাভাৱিক গতি সঞ্চাৰিত হ’ব পাৰে, যাক ৰোগীয়ে কোনোপধ্যে নিয়ন্ত্ৰণ কৰিব নোৱাৰে। চিকিৎসা বিজ্ঞানত ইয়াক ছেইজাৰ বা ফ’কেল এপিলেপচি বুলি কোৱা হয়। ফ’কেল ছেইজুৰৰ লগতে কেতিয়াবা ৰোগী সংজ্ঞাহীনো হ’ব পাৰে।

ব্ৰেইন টিউমাৰৰ আৰু এটা প্ৰধান লক্ষণ হৈছে অকস্মাৎ সংজ্ঞাহীন হোৱা। এনে সংজ্ঞাহীনতা সাময়িক বা স্থায়ী হ’ব পাৰে। বহু সময়ত সংজ্ঞা ঘূৰি অহাৰ পিছত ৰোগীয়ে ভীষণ শাৰীৰিক দুৰ্বলতা অনুভৱ কৰে। বহুতেই ভাৱে যে মূৰৰ বিষেই হ’ল ব্ৰেইন টিউমাৰৰ প্ৰধান লক্ষণ।

পিছে, কথাটো আচলতে সঁচা নহয়। মূৰৰ বিষৰ সচৰাচৰ কাৰণ হৈছে মাইগ্ৰেইন নামৰ ৰোগবিধহে, ব্ৰেইন টিউমাৰ নহয়। ব্ৰেইন মটিউমাৰৰ বাবে সৃষ্ট মূৰৰ বিষৰ ধৰণ সাধাৰণ মূৰৰ বিষতকৈ বেলেগ। টিউমাৰ হ’লে ৰোগীয়ে প্ৰথম অৱস্থাত গোটেই মূৰটোত ক্ষন্তেক সময়ৰ বাবে মূৰটোত ক্ষন্তেক সময়ৰ বাবে সামান্য বিষ অনুভৱ কৰে।

সময়ৰ লগে লগে বিষৰ প্ৰকোপ এসপ্তাহ পিছত বহুগুণে বৃদ্ধি পাব। এনেকুৱাও হ’ব পাৰে যে এসপ্তাহ আগত দহ-পোন্ধৰ মিনিটৰ বাবে আৰম্ভ হোৱা মূৰৰ বিষটো এসপ্তাহ পিছত এঘন্টাজুৰি স্থায়ী হ’ব পাৰে।

ব্ৰেইন টিউমাৰজনিত মূৰৰ বিষ বজাৰত উপলব্ধ সাধাৰণ বিষনাশকে নিৰাময় কৰিব নোৱাৰে। এনে দৰব খালে হয়তো ১০-১৫ মিনিট সময় বিষমুক্ত হ’ব, কিন্তু পুনৰ মূৰৰ বিষ আৰম্ভ হয়।

মূৰৰ বিষৰ লগে লগে সংজ্ঞাহীন হোৱা ব্ৰেইন টিউমাৰৰ অন্যতম লক্ষণ। এনে ক্ষেত্ৰত মূৰৰ বিষৰ লগতে প্ৰচুৰ পৰিমাণে বমিও হ’ব পাৰে।

কেতিয়াবা বমিৰ পাছত মূৰৰ বিষৰ প্ৰকোপ কমি যাব পাৰে। মূৰৰ বিষৰ লগে লগে ৰোগীৰ দৃষ্টিশক্তি হ্ৰাস হ’বলৈ আৰম্ভ কৰে।

মুখৰ স্নায়ুবোৰৰ কাম-কাজাত বিশৃংখলা ঘটি মুখমণ্ডলৰ আকৃতি বেঁকা হ’ব পাৰে। ব্ৰেইন টিউমাৰৰ ক্ষেত্ৰত সচৰাচৰ এনে উপসৰ্গবোৰ দেখা দিলে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

মনত ৰখা উচিত যে উল্লিখিত লক্ষণৰ উপৰি স্মৰণশক্তি ক্ষয় হোৱা, খোজৰ ভাৰসাম্য হেৰুওৱা আদি উপসৰ্গবোৰ ব্ৰেইন টিউমাৰজনিত কাৰণত হ’ব পাৰে।

লেখক: ডাঃ নিতু কুমাৰ দাস(নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 3/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate