মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / বিশ্ব ধৱল ৰোগ দিৱস :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিশ্ব ধৱল ৰোগ দিৱস :

বিশ্ব ধৱল ৰোগ দিৱসৰ বিষয়ে লিখা হৈছে ।

 

সমগ্ৰ বিশ্বতে প্ৰতিবছৰে ২৫ জুন তাৰিখে পালন কৰা হয়- ‘বিশ্ব ধৱল বা শ্বেতী ৰোগ দিৱস’। বিশ্ব ধৱল ৰোগ দিৱসৰ ধাৰণাটো প্ৰকাশ কৰিছিল ষ্টীভ হাৰাগাডন নামৰ এজন নাইজেৰিয়াৰ ধৱল ৰোগীয়ে। তেৱেঁ প্ৰথম ‘ভিটিলিগো ফ্ৰেইণ্ডচ নেটৱৰ্ক’ নাম এটা বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা প্ৰতিষ্ঠা কৰিছিল আৰু এই ধাৰণাটো কাৰ্যকৰী কৰিছিল ওগো মেদুৱেইচি নামৰ আন এজন ধৱল ৰোগীয়ে।

তেওঁ ‘ভিটিলিগো ছাপোৰ্ট এণ্ড এৱাৰনেছ ফাউণ্ডেচন’ নামৰ আন এটি সংগঠনৰ কাৰ্যকৰী সঞ্চালক। ‘বিশ্ব ধৱল ৰোগ দিৱস’ পোন প্ৰথমবাৰৰ বাবে ২০১১ চনৰ ২৫ জুন তাৰিখে পালন কৰা হয় এই দিৱসটোক ‘ভিটিলিগো এৱাৰনেছ ডে’ বা ‘ভিটিলিগো পাৰ্পল ফান ডে’ নামেৰেও জনা যায়।

এই দিৱস পালনৰ প্ৰধান উদ্দেশ্য হৈছে- সমগ্ৰ বিশ্বতে এই ৰোগটোৰ সম্পৰ্কে সৰ্বসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা।

এই ৰোগটো হ’লে যিহেতু লোকজনৰ শৰীৰটো বা আক্ৰান্ত অঞ্চলটো দেখাত বিকৃত হৈ পৰে আৰু ইয়াৰ ফলত ৰোগীজনৰ ওপৰত ঋণাত্মক সামাজিক আৰু মানসিক প্ৰভাৱ পৰে। কাৰণ এই ৰোগটো সম্পৰ্কে বিশ্বৰ সকলো ঠাইতে কিছুমান ভুল ধাৰণা আছে আৰু তাৰ পৰিণতিত ৰোগীজনে মানসিক যন্ত্ৰণাত ভুগিব লগা হয়।

ধৱল ৰোগ(VItiligo) এক প্ৰকাৰৰ স্ব-অনাক্ৰম্য(Autoimmune) ৰোগ আৰু ই কোনো ধৰণৰ ৰোগ বীজাণুৰ দ্বাৰা সংক্ৰমিত নহয়। শৰীৰৰ কোনো কোনো অংশ কোনো অস্পষ্ট অজ্ঞাত কাৰণত শৰীৰৰ ছালত থকা ৰঞ্জক দ্ৰব্য ‘মেলানোচাইট’(Melanocytes) কোষবোৰ নষ্ট হৈ পৰে বা এইবিলাকৰ স্বাভাৱিক কাম-কাজ নিষ্ক্ৰিয় হৈ পৰে। তাৰ ফলত বিশেষভাৱে ছালৰ সেই অংশটো বগা পৰি উঠে।

এই ৰোগটো পৃথিৱীৰ প্ৰায় আটাইকেইখন দেশৰে সকলো জাতি-জনজাতিৰ মাজতে হোৱা দেখা যায়। গড় হিচাপে প্ৰতি এহেজাৰজন লোকৰ ভিতৰত এজনৰ পৰা সৰ্বাধিক ৮০ জন লোকৰ মাজত এই ৰোগ থকা দেখা যায়। সেই হিচাপত এতিয়া সমগ্ৰ বিশ্বতে মুঠ ১০০ নিযুত লোক এই ৰোগত ভুগি আছে।

কাৰ হ’ব পাৰে ধৱল ৰোগ -

ধৱল ৰোগ কোনো জাতি, অঞ্চল বা অৰ্থনৈতিক অৱস্থা নিৰ্বিশেষে সকলো বয়সৰ লোকৰে হ’ব পাৰে। বৰ্তমান বিশ্বৰ ০.৫ৰ পৰা ২ শতাংশ লোক ধৱল ৰোগত আক্ৰান্ত হৈ আছে। ৰোগটো দহ বছৰ বয়সৰ পৰা ৩০ বছৰ বয়সৰ লোকৰ মাজত আৰম্ভ হয় আৰু পুৰুষ-মহিলা উভয়ৰে এই ৰোগ হ’ব পাৰে। শৰীৰৰ যিকোনো অংশতে ৰোগটো দেখা দিব পাৰে। অৱশ্যে বিশেষভাৱে এই অংশবিলাকত বেছিকৈ দেখা দিয়ে-

*ৰ’দত ওলাই থকা অংশ, মুখমণ্ডল আৰু হাতদুখন।

*ভাঁজ খাই থকা ছাল, কিলাকুটি, আঁঠু আৰু তপিনা।

*চকুৰ চাৰিওকাষ, নাকৰ পাহি, পেটৰ ভাঁজ আৰু জননাংগৰ অংশ।

কিছুমান মানুহৰ মুখ গহ্বৰৰ ভিতৰতো বগা দাগ দেখা পোৱা যায় আৰু বহু লোকৰ আকৌ অকালতে মূৰৰ চুলি, চেলাউৰি, চকুৰ নোম আৰু দাড়ি, গোফ আদিও বগা হৈ পৰা দেখা যায়।

ৰশ্মি চিকিৎসা -

ধৱল ৰোগৰ চিকিৎসাত লেজাৰ ৰশ্মি আৰু ফটো থেৰাপি ব্যৱহাৰ কৰা হৈছে। শেহতীয়া নিয়ন্ত্ৰিত অধ্যয়ন গৱেষণাৰ যোগেদি গৱেষক-বিজ্ঞানীসকলে বিভিন্ন তৰংগ দৈৰ্ঘ্যৰ লেজাৰ ৰশ্মি আৰু অন্য ফটো থেৰাপি চিকিৎসাৰ ফলাফল আদি বিশ্লেষণ কৰি ইয়াৰ বাবে উপযুক্ত ৰশ্মি চিকিৎসা পদ্ধতি উদ্ভাৱন কৰিছে। এই ৰশ্মিবিলাকৰ ভিতৰত এক্সিমাৰ লেজাৰ(Axcimer Laser/light), নেৰ’বেণ্ড ইউ.ভি.বি.(Narrowband UVB), ইউ.ভি.এ. আৰু পি.ইউ.ভি.এ.(UVA and PUVA) আদি।

ৰোগীৰ শৰীৰত প্ৰয়োগ কৰা ৩০৮ নেনোমিটাৰ এক্সিমাৰ লেজাৰ আৰু কম খৰচী বিকল্প এন.বি.ইউ.ভি.বি. প্ৰয়োগ চিকিৎসাৰ ফলাফলৰ মাজত বিশেষ কোনোধৰণৰ পাৰ্থক্য দেখা পোৱা নগ’ল।

লেজাৰ ৰশ্মি প্ৰয়োগ কৰিলে বগা পৰা অংশবিলাকলৈ খৰকৈ ৰঞ্জক পদাৰ্থ ঘূৰি আহে অৰ্থাৎ সোনকালেই ছালৰ ৰং স্বাভাৱিক হৈ পৰে। ইউ.ভি.এ. আৰু পি.ইউ.ভি.এ.ৰ প্ৰয়োগৰ ক্ষেত্ৰত দেখা দিয়া পাৰ্শ্বক্ৰিয়াৰ বাবে এই দুবিধ ৰশ্মিৰ প্ৰয়োগ অনুমোদিত নহয়।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

3.42857142857
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top