অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিষ-বিষ-বিষ :

বিষ-বিষ-বিষৰ বিষয়ে লিখা হৈছে ।

আামাৰ হাহি,আন্ন্দ,সুখ এই সকলোবোৰ মুহুৰ্ত্ততে নোহোৱা হৈ যায় যদিহে শৰীৰৰ কোনো অংশত বিষ থাকে। বিষ শব্দটোৱেই ভয়ানক। আমি কোনেও কামনা নকৰো বিষ নামৰ শবদটোক আকোৱালি লবলৈ,কাৰণ বিষ নামৰ শব্দটোৱেই যন্ত্ৰনাদায়্ক বিষাদ্গ্ৰস্ত কাৰক। প্ৰায় সকলো মানুহেই জীৱনত এবাৰ হলেও যিকোনো কাৰণত বিষত আক্ৰান্ত হয়। কিছুমান ৰোগৰ বাবে উৎপ্ন্ন হোৱা বিষৰ যন্ত্ৰনা সহিব নোৱাৰি কিছুসংখ্যক লোকক আত্মঘাতি হোৱাও দেখা যায়।
এই বিষ সৃষ্টিকাৰী এটা ৰোগৰ বিষয়ে সম্যক আলোচনা কৰিবলৈ ওলাইছো।
গৃধ্ৰ্সী বা চায়াটিকা।আধুনিক চিকিৎসা বিজ্ঞানত চায়াটিকা নামেৰে জ্না যায়। এই ৰোগটোক আয়ুৰ্বেদত গৃধ্ৰ্সী নামেৰে জনা যায়। গৃধ্ৰ মানে শগুণ, অৰ্থাৎ শগুণে খোজ কাঢ়িলে যেনেকুৱা দেখা যায় এই ৰোগটো হোৱা ৰোগীজনে খোজ কাঢ়িলে তেনেকুৱাই দেখা যায় সেয়েহে আয়ুৰ্বেদত এই ৰোগটোক গৰিধ্ৰ্সী নামেৰে নামাকৰণ কৰা হৈছে।
চায়াটিকা এটি নাৰ্ভৰ (নাড়িৰ) ৰোগ। এই নাৰ্ভ বা নাড়ি মানুহৰ দুদাল থাকে। এই নাৰ্ভ দুদালেই আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ আৰু দীঘ্ল সংজ্ঞাবাহী নাড়ী। এই নাৰ্ভডাল তপিনাৰ থিক ওপৰৰ অংশৰ পৰা আৰম্ভ হৈ শৰীৰৰ পিছ্ফালেৰে গৈ জংঘা (Thigh) হৈ আঠুৰ পিছপিনেৰে গৈ গোৰোহালৈকে যায়।

কি কি কাৰণত এই ৰোগটো হব পাৰে -

অত্যধিক ওজনৰ বস্তু দঙা বহুদিনলৈ, এনেকুৱা কৰিলে ৰাজহাড়ত থকা সৰু সৰু হাড়বোৰৰ মাজ্ত যদি নাৰ্ভ চেপা খায়, সন্মুখৰ ফালে বা পিছৰপিনে হালি ব্হুদিন ধৰি বা বহুত সময় ধৰি কাম কৰা হয়, যদিহে স্বাস্থ্যৰ অনুপযোগী আহাৰ বহুদিন ধৰি গ্ৰহণ কৰা হয়, যদিহে নাৰ্ভৰ উওেজনা সৃষ্টি হব পৰা যি কোনো কাম ঘনে ঘনে বহুত দিন ধৰি কৰা হয় তেতিয়া নাৰ্ভ দালৰ লগতে ইয়াৰ আশে পাশে থকা মাংস পেশীবোৰৰ শিথিলতা আহি পৰে আৰু তাৎক্ষণিক ভাবে উপযুক্ত চিকিৎসা নাপালে এখন ভৰি আনখনতকৈ চুটি হয়। আয়ুৰ্বেদ সূত্ৰমতে এই ৰোগটো মূখ্যতঃ বাত বিকাৰগ্ৰস্ত হয় যদিও সামাণ্য পৰিমাণে কফ অণুব্ন্ধ হৈ থাকে।

লক্ষণ -

ৰোগীজন অত্যধিক বিষত আক্ৰান্ত হয়, স্বাভাবিক ভাবে খোজ কাঢ়িব নোৱাৰে, ৰোগগ্ৰস্ত ভৰিখন টানি ধৰে, এনেকুৱা অৱস্থা দুয়োখন ভৰিতে হব পাৰে।
চিকিৎসাঃ=ঔষধী চিকিৎসা কৰিবলৈ যোৱাৰ আগত আহাৰ-বিহাৰৰ বিষয়ে অলপ জানো আহক

১= অসাত্ম্য ভোজন ( বিৰুদ্ধ ভোজ্ন),

২= বেছিকৈ ভোজ্ন কৰা আৰু ভোক নলগাতে আকৌ খোৱা,

৩= টেঙা,নিমখিয়া,জ্বলা বেছিকৈ খোৱা।

৪= তেলেৰে প্ৰস্তুত কৰা খাদ্য বেছিকৈ খোৱা।

৫= মাছ, মাংস বেছিকৈ খাব নালাগে।

৬= সঘনে গৰম-ঠান্ডা পৰিবেশত থাকিব নালাগে।

৭= বহুদূৰ খোজ্কাঢ়ি বা দৌৰি আহি লগে-লগে ঠান্ডা পানীৰে গা ধুব নালাগে।

৮= আহাৰ গ্ৰহনৰ পাছ্ত গধুৰ কাম কৰিব নালাগে।

৯= দিনত টোপনী যোৱা বা ৰাতি দেৰিকৈ টোপনী যোৱাৰ পৰা বিৰত থাকিব।

১০= গ্ৰহণ কৰা আহাৰ হজম হোৱাৰ পূৰ্বে ৰতি-কৰ্ম (Intercourse) কৰিব নালাগে। সাধাৰণতে দেখা যায় যে ৰোগটো হোৱাৰ লগে-লগে আক্ৰান্ত হোৱা ৰোগীজন এলোপেথিক চিকিৎসা পদ্ধতিত গৈ বিষৰ দৰব খায়, ইঞ্জেকচন লয় বহুল ভাবে মাহ-মাহ ধৰি, শেষত ঔষধী চিকিৎসাত অসফল হলে শল্যকৰ্ম (Surgery) কৰিবলৈ বাধ্য হয়। পিছলৈ এলোপেথিক দৰব সমুহৰ পাৰ্শক্ৰিয়া সমুহৰ বছৰ-বছৰ ধৰি ভোগ কৰি থাকিব লগা হয়।
আয়ুৰ্বেদ চিকিৎসাৰ জৰিয়তে এই ৰোগটো নিৰাময় হয়, মোৰ চিকিৎসাত এতিয়ালৈ অতি কমেও ৩০০ জন আয়ুৰ্বেদ দৰবৰ জৰিয়তে ভাল হৈছে। গতিকে যি সকল ৰোগীয়ে এই ৰোগটোত ভূগি আছে আয়ুৰ্বেদ চিকিৎসা কৰক ভাল পাব।

আয়ুৰ্বেদ চিকিৎসা -

আম পাচন,শোধন,স্নেহন,স্বেদন,বিৰেচন,বস্তি,অগ্নিকৰ্ম- এই সূত্ৰবোৰৰ মাধ্যমেৰে চিকিৎসা কৰা হয়।
কি কি খালে ভাল- কুলঠি, আমলা,ডালিম,আঙুৰ, কিছমিছ,পটল,গাখীৰ,ঘী, মাংসৰজোল, এৰণ্ডতেল। ৰাতি ১০.০০ বজাৰ আগত শুব লাগে, দিনৰ ১২.০০ বজাৰ আগত গা ধুব লাগে, শৰীৰৰ উওাপৰ সমান পানী পিব লাগে।

ঘৰুৱা বিধান -

১= ১চামুচ আদাৰ ৰস মহামাষ তেলৰ লগত মিহলাই লাহে-লাহে মালিচ কৰিব, পুৱা এবাৰ-সন্ধিয়া এবাৰ, মালিচ তলৰ পৰা ওপৰলৈ কৰিব, এবাৰত ১০ মিনিটৰ কম নকৰিব আৰু আধা ঘন্টাৰ বেছি নকৰিব।

২= তাৰ পাছত লংতেল অলপ নাৰিকল তেলৰ লগত মিহলাই বিষ হোৱা ঠাই খিনিত লগাব। ৩= তাৰ পাছত ১ টুকুৰা(১০ গ্ৰাম) আদা ১ কাপ গৰম পানীত ১০-১৫ মিনিট বুৰাই ৰাখিব পিছতঅলপ ঠাণ্ডা হলে আধা চামুচ মৌ মিহলাই চাহ খোৱাৰ নিচিনাকৈ খাব, এদিনত ৩ বাৰৰ কম নাখাব।

৪= আবেলি ১ চামুচ হালধী গুৰি ১কাপ গৰম গাখীৰত মিহলাই লৈ খাব।

৫= যথেষ্ট পৰিমাণে ভিটামিন-মিনাৰেল যুক্ত আহাৰ গ্ৰহণ কৰিব।

৬=২চামুচ মেঠিগুটি গুৰা কৰি অলপ গাখীৰৰ লগত উতলাই লেপ দিব পৰা অৱস্থালৈ আনি বিষ হোৱা স্থানত লেপ দিব (পাতলকৈ), আৰু যেতিয়া শুকাব গৰম পানীৰে ধুই দিব, এনেদৰে দিনত ২বাৰ কৰিব।

৭= সদায় আধা কাপ ঘৃত কুমাৰীৰ ৰস খাব, ক’লা আঙুৰৰ ৰস আধা কাপ কৈ দিনত দুবাৰ খাব। এই ৰোগটোৰ বাবে সাতোঁৰ বৰ ভাল। ওপৰৰ ফালে মুখ কৰি শুব, প্ৰয়োজন হলে আঠুৰ তলত গাৰু দিব।

লিখকঃ- আয়ুৰ্বেদাচাৰ্য্য- এম. ডি শৰ্মা

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
সম্পৰ্কীয় সামগ্ৰীসমূহ
অধিক ...
Back to top